পাঠক সকল! বিশেষ মোৰ বৰপেটীয়া বন্ধু সকল ! আপনালোকক এটি কথাৰ বাবে খাটিবলগীয়াত পৰিলোঁ। উপাখ্যান বা উপন্যাসৰ অনুৰোধত পৰি আজি আমি এফো কথা লিখিবলৈ ওলালোঁ। আপোনাসকলে কিজানি সেই কথাৰ বাবে আমাক বেয়াকে পায়। কিন্তু আমি কি কৰিম । প্রায় গ্ৰন্থকাৰৰ কপালত ঈশ্বৰে সুখ নেলেখে। এজনে যি কোনো এটা কথা ভাল পায়, আনজনে আকৌ সেইটোকে বেয়। পায়; অথচ উপাখ্যানত সেই কথা এৰি গলেও উপাখ্যানৰ অঙ্গ সম্পুর্ণ নহয়। এইবিলাক কাৰণে আজি আমি এটা মহা লেঠাত পৰিলো। নিচগাৰ লিখাত যেন কেৱে দোষ নধৰে। আমি আজিকালিৰ কথা লিখা নাই। মানৰ দিনত কেনে আছিল তাকেহে লিখিবলৈ ওলালোঁ ।
মহাপুৰুষীয়া সত্ৰবিলাকৰ ভিতৰত বৰপেটাৰ থানেই হেনো প্ৰধান। আজি কালিৰ দৰে সেই সময়তো বৰপেটাবাসী মানুহৰ থানৰ ওপৰত প্ৰগাঢ় শ্রদ্ধা, প্রগাঢ় ভক্তি আছিল। অসমৰ সকলো ঠাইৰে পৰা সেই সময়তো অসংখ্য যাত্ৰী বৰপেটাৰ থানত সেৱা কৰিবলৈ যাতায়াত কৰিছিল আৰু থানৰ উৎপনো যথেষ্ট আছিল। কিন্তু আন আন সত্ৰৰ দৰে বৰপেটাৰ থানৰ নীতি নিয়ম একো নাছিল। সত্ৰৰ থাপনাকাৰী মহাপুৰুষ বৈকুণ্ঠী হবৰ সময়ত, ভকতৰ সমূহকে আৰু ৰাইজকে থানৰ গৰাকী পাতি থৈ যায়। এই কাৰণে বৰপেটা সত্ৰৰ স্বত্ব প্ৰজাতন্ত্ৰৰ ওপৰত আছিল। কিন্তু স্বপ্নটো প্রজাতন্ত্র থাকিলেও যেয়ে বলী, যেয়ে বুদ্ধিমান আৰু বিচক্ষণ সেয়ে লাভৰ ভাগ সৰহকৈ খাবলৈ চেষ্টা কৰিছিল। আৰু এইদৰে স্বাৰ্থৰ বশবৰ্ত্তী হৈ সকলোৱে সদায় হাই দন্দ, কাজিয়া আৰু দলাদলি কৰিছিল। যাৰ স্বাৰ্থ যিফালে সি সেইফালে টানিছিল। অজলা ৰাইজক চূনটেপা আৰু পানখিলা দি মুখিয়াল কেইজনে সদায় বৰ চৰুটো আত্মসাৎ কৰিবলৈ অভিপ্ৰায় কৰিছিল । যেয়ে বুধিয়ে কৌশলে পাৰ্গত সেয়ে আন দহোটাৰ অধিপতি হৈ লাভৰ ভাগ সৰহকৈ খাই- ছিল। এইদৰে সেই সময়তো কীৰ্ত্তন ঘৰৰ লাভৰ হিম্বা লৈ বৰপেটীয়৷ মানুহে এনে বিবাদ কৰিছিল যে কাৰো কোনো কথাত এটা মত নাছিল । কোনো সৎকর্ম্ম শীঘ্ৰে হৈ মুঠিছিল । সেই দিনাখন সত্ৰীয়াৰ আদেশ পাই কেৱলীয়া ভকতসকলে খাই-বই উঠি থানৰ ভাগ খাওঁতা মূৰি মানুহবিলাকৰ ঘৰে ঘৰে গ'ল আৰু সকলোকে আবেলি কীৰ্ত্তন ঘৰলৈ যাবলৈ কলে। কেৱলীয়া সকলৰ কথাত দুই চাৰিজন থানৰ ভাগ খাওঁতা মূৰি মানুহে কলে – “অমুক অমুক ভাগ খাওঁতাহঁতক মতা নাইনে ?
সিহঁতেনো এতিয়া কি কৰিছে ?” ভকত সকলে এই কথাৰ
উত্তৰত কৈছিল—“ তেওঁবিলাককে। মতা গৈছে। এই টো
দলাদলিৰ মেল নহয় সকলোৰে একেমত হৈ কৰাহে কাম।”
কেৱলীয়া সকলে এইদৰে হুপৰীয়া জান দিয়াৰ পিছত সেই দিনাখন ভাটীবেলিয়া গোটেইখন বৰপেটাতে উখল মাখল লাগিল। দূৰৈ ঠাইৰ পৰা পলাই অহা মানুহবিলাকৰ মুখে মান উজাই অহা কথা শুনি বৰপেটাৰ সকলোবিলাক সাধাৰণ মানুহেই ভয়তে আতুৰ হৈ জুমাজুমি কৰি তেওঁবিলাকৰ দলৰ মুখিয়াল মানুহসকলৰ ঘৰে ঘৰে গৈ দিহা পৰামৰ্শ সুধিলে । মুখিয়ালসকলে সাধাৰণ মানুহৰ মুখে এইবিলাক কথা শুনি আকৌ সাত ভাৰস্তৰ দলাদলি মেলহে উলিয়ালে। সমুখৰ ঘোৰ বিপদত যে কি কৰা যুগুত তাৰ একো পৰামৰ্শ দিব নোৱাৰিলে ।
আমাৰ লক্ষ্মীকান্ত আৰু অনাথ চৌধাৰী যাৰ ঘৰত আছিল সেই সময়ত তেৱোঁ বৰপেটাৰ দলৰ এজন প্রধান নায়ক আছিল । তেওঁ অৰ্থাৎ বদনাম হাদিৰা চকিৰ ৰণত মৰা বীৰ কৃষ্ণৰাম কলিতাৰ পুতেক আছিল। বাপেকৰ দৰে বদনৰামৰ গাতো বল, হৃদয়ত সাহ আৰু নিজৰ দেশলৈ মৰম আছিল ।
মান যেতিয়া গুৱাহাটীলৈ আহে সেই সময়ত তেওঁৰ বাপেক বীৰ কৃষ্ণৰাম কিবা এটা সকামত গুৱাহাটীলে গৈছিল। তেওঁ তাতে থকাতেই নতুনকৈ পতা বৰফুকনৰে আৰু মানৰে ৰণ লাগে। বীৰ কৃষ্ণৰামে সেই যুঁজত ৰজাৰ ফলীয়া হৈ যুঁজিছিল। গুৱাহাটীত মানৰ যুঁজত হাৰি তেওঁ ৰজাৰ লগতে পলাই গৈ ৰজাৰ ফলীয়া হৈ আকৌ হাদিৰাত মানে সৈতে যুঁজিছিল। সেই যুঁজত তেওঁ প্ৰাণত্যাগ কৰিছিল । তেওঁৰ পৰিয়ালৰ ভিতৰত মুঠেই তেওঁৰ সহধর্মিণী আৰু পুতেক বদনৰাম আছিল। বাপেকৰ দৰে বদনৰামো সকৰে পৰা মালযুঁজ কৰা, তৰোৱাল খেলা ইত্যাদি বিদ্যা শিকিছিল। তেওঁৰ ঘৰত ভালেমান যুদ্ধৰ অস্ত্ৰও আছিল।
আন আন মুখিয়াল মানুহৰ ঘৰলৈ যোৱাৰ দৰে সেই দিনা তেওঁৰ ঘৰলৈকো তেওঁৰ ফলীয়া মানুহবিলাক গৈছিল আৰু তেওঁৰ পৰামৰ্শ সুধিলে। সমুখত মহৎ বিপদ দেখি বদন চৌধাৰীয়ে অনাথ চৌধাৰী আৰু লক্ষ্মীকান্ত বৰুৱাক দিহা সুধিলে । শান্তশীল অনাথ চৌধাৰীয়ে আন আন বুঢ়াৰ দৰে বদনৰামক কেৱল ঈশ্বৰৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলৈ কলে। গাত তেজ থকা ডেকা লক্ষ্মীকান্তই কিন্তু বদন চৌধাৰীক মানৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ দিহা দিলে আৰু তেৱোঁ মানৰ লগত যুঁজিব বুলি কলে। ডেকা বদনে ডেকা লক্ষ্মীকান্তৰ উপদেশকে উচিত যেন বিবেচনা কৰি মানৰ লগত যুঁজ কৰাটোকে থিৰ কৰি বৰপেটীয়া ডেকাবিলাকক আৰু তেওঁৰ দলৰ মানুহবিলাকক উত্তেজিত কৰিলে। লক্ষ্মীকান্তয়ো কনৰা আৰু আন আন বাজে গাৱঁৰ ডেকাবিলাকক উত্তেজিত কৰি মানৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ সাজু কৰিলে। আৰু তেওঁবিলাক দুয়ো লগলাগি বৰপেটাৰ মুখিয়াল মানুহসকলক উত্তেজিত কৰি ফুৰিবলৈ ধৰিলে। তেওঁবিলাকৰ উত্তেজিত বাক্যত কিন্তু মেলুৱই সকলে হয়ভৰ নিদিলে। কিন্তু বৰপেটাৰ ভাল সাহিয়াল সাহিয়াল দুশমান ডেকা তেওঁবিলাকৰ লগ লাগিল । তেওঁবিলাকে কীৰ্ত্তন ঘৰৰ মেললৈ গ'ল আৰু পাৰিলে তাতে মেলুৱই সকলক উত্তেজিত কৰি আৰু কেত- খিনি মানুহ গোটাবলৈ অভিপ্ৰায় কৰি বৰপেটাৰ কীৰ্ত্তন ঘৰৰ মেললৈ বাট চাই ৰ'ল ।
বেলি ভাটী দিলে । বৰপেটাৰ কীৰ্ত্তন ঘৰলৈ গাৱঁৰ মুখিয়াল মেলুৱইবিলাক গ'ল। উৎসৱ হোৱা যেন দেখি গাৱঁৰ সৰু সৰু লৰা-ছোৱালীবিলাকো কীৰ্ত্তন ঘৰলৈ লৰ ধৰিলে । গোটেইবিলাক মেয়েই গৈ ঢাৰি-কঠ পাৰি মাধৱদেৱৰ মঠৰ আগত বহিল।
এই দৰে মেলুৱই সকলে যাৰ যি আসন তাত বহা হ'লত সত্ৰীয়াই ৰাইজৰ আগত কমল আতৈয়ে দেখা সপোনৰ কথা কলে ; আৰু এনে সপোন যে বেয়া এই কথাটো বুজাই তাৰ কি প্ৰতিকাৰ কৰা উচিত সুধিলে। কমল আতৈৰ সপোনৰ কথা শুনি অনেক মেলুৱয়ে হাঁহি উৰুৱালে। কেৱে কেৱে মুখখন অলপ গম্ভীৰ কৰিলে ; কেৱে কেৱে নিজকে পণ্ডিত দেখুৱাই দীঘল দীঘলকৈ স্বপ্ন আধ্যা ব্যাখ্যা কৰিলে। সপোনৰ কথা আলচ কৰোঁতেই দলাদলিৰ মেলে৷ আহি ওলাল। কথায়-বতৰায় বাক্-বিতণ্ডায় সাজ গঢ়ি গ'ল । তেতিয়া মেলুৱই সকলে অলপ গাত গম পোৱাদি পাই বৰসবাহ কৰাই যুগুত বুলি ঘৰাঘৰি যাবলৈ ওলাল। এনেতে বদন চৌধাৰীয়ে থিয় হৈ ৰাইজৰ আগত কলে – “বাপ সকল! আপোনালোকক এটি কথা নিৱেদন কবে।। অৱশ্যে হৰিৰ নামে সকলো বিঘিনি নাশ কৰে । বৰসবাহ কৰাটো যে সজ কাম তাক আমি নহয় নোবোলোঁ।
কিন্তু কেৱল ঈশ্বৰৰ দোহাই দি হাত সাবটি বহি থাকিলে কৰ্ম্ম নিসিজে । আমাৰ বৰপেটাৰ ঘোৰ বিপদৰ সময় উপস্থিত হৈছে৷ হেজাৰ হেজাৰ মানে হাতত মুকলি তৰোৱাল লৈ বৰপেটাৰ ফালে আহিব লাগিছে । সিহঁত আহি পালেই আমাৰ বিলই-বিপত্তিৰ ঠাই নোহোৱা হব। আমাৰ লৰা-তিকতাক মানে নানান দুর্গতি কৰিব। সেই দেখি আপোনাসকলক জনাওঁ যাতে এই মানৰ হাতৰ পৰা তেওঁবিলাকক ৰক্ষা পৰিব পাৰি আমাৰ তাকে কৰা যুগুত। মোৰ বিবেচনাৰে হলে মৰিব লাগিলে আমাৰ মানৰ লগত যুঁজি মৰাই ভাল । আপোনালোকৰ খেলে প্রতি আমাক এশ ছশ কৰি ডেকা দিয়ক। আমি সেই ডেকাবিলাকক লৈ মানক গণককুচিতে আগভেটি ধৰোঁগৈ ।”
বীৰ আৰু প্ৰকৃত দেশহিতৈষী বদনৰ কথাত বুঢ়া আৰু মেলুৱইসকলৰ গাৰ লোমেই নলৰিল। মেলুৱইহঁতে কলে — “ৰাম ! ৰাম ! মানৰ লগত যুঁজিব নোৱাৰি। আমাৰ কলীয়া ঠাকুৰৰ মাহাত্ম্য আছে যদি আমাক তেওঁ মানৰূপী সমুদ্ৰৰ পৰা উদ্ধাৰ কৰিব।” এই বুলি বুঢ়া বুঢ়া কীৰ্ত্তন ঘৰৰ ডাঙৰ ডাঙৰ ভাগখাওঁতা মেলুৱই সকল ঘৰাঘৰি গ'ল। কিন্তু বদন আৰু লক্ষ্মীকান্তই তেওঁবিলাক যোৱাৰ পিছতো বৰপেটীয়া ডেকা- বিলাকক উত্তেজিত কৰিবলৈ ধৰিলে। বদনৰ কথাত উত্তেজিত হৈ প্রায় দুশ তিনিশ ডেকা বদন আৰু লক্ষ্মীকান্তৰ লগ লাগিল ।