পমীলা — মনোমতী—মিলিমাহা
মানহঁতে পমীলাকে
আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল । ৰাঙ্গধালী পমীলাই
মনোমতীক নানা তৰহৰ কথা-বতৰা কৈ উছাহ দি আছিল ; আৰু সেই বিপদৰ সময়তো খুহুতীয়া কথা কৈ মনোমতীৰ জঁয় পৰা
মনত অলপ ৰঙ লগাইছিল ।
মইনবৰি গাৱঁতো
পমীল৷ মনোমতীৰ আজি দুদিন নিৰাহাৰ । মানহঁতে তেওঁবিলাকৰ জাতকুল মাৰিবৰ অভিপ্ৰায়ে
তেওঁ- বিলাকক সিহঁতৰ বন্ধা ভাত আনি আনি দিছিল। চতুৰী পমীলাই ঘৰৰ ভিতৰতে নিজৰ কঁকালত থকা
হাচতিৰ কটাৰী এখনেৰে গাত এটা খানি লৈ মানহঁতৰ ভাতবিলাক সেই গাতত পেলাই পেলাই দিছিল; আৰু ভোকে লঘোনে
তেওঁবিলাকে দুদিন দুৰাতি কটাইছিল । এতিয়া গধূলি হোৱাত দুইও সখীয়েকে চুক এটাত পৰি
ডিঙিত ধৰাধৰি কৰি কথা-বতৰা পাতি মনৰ দুখ মনতে সামৰিছিল।
মনোমতীয়ে কৈছিল—“সখি ! আমাকনো কিহে পালে ?” পমীলা – “আন একো নহয় সখি! আমাক কালেহে পাইছে।” মনোমতী—“সখি
! ইহঁতে আমাৰ দেউতাকনো কলৈ নিলে ? কি কৰিলে ? প্ৰভুৱেনো আমাৰ কপালত ইয়াকেহে লিখিছিলেনে ?” পমীলা —“সখি ।
ইয়াকে নিলিখিলেনো আমাৰ এনেকুৱা বিলাই কেলেই
হ'লহেঁতেন ?” মনোমতী— “সখি ! এই
পিশাচহঁতে আমাকনো কি কৰিব
মনোমতী
খুজিছে ?” পমীলা –“ইহঁতে
হেনো বুঢ়ী আৰু ছোৱালীবিলাকক কাটি পেলায়। ভাল ভাল গাভৰুবিলাকৰ হেনো জাতকুল মাৰে।”
মনোমতী—“সখি ! পিশাচহঁতে আমাক ইয়াকে কৰিবলৈহে ৰাখিছেনে ?” পমীলা – “এৰা !
তোমাৰ ওপৰত মানৰ সেনাপতি তিলোৱাৰ চকু পৰিছে। মোৰ ওপৰত বা বিশেষকৈ কাৰ চকু পৰিছে কব
নোৱাৰোঁ। বাক ! তোমাক এটা কথা সোধোঁ । তুমিনো মানৰ ভাত খাব পাৰিবানে ?” মনোমতী—“জীউটো
গলেও মই পিশাচৰ তিৰুতা হব নোৱাৰিম।” পমীলা — “যদি বল কৰি সেনাপতিয়ে তোমাৰ গাত ধৰে
তেন্তেনো কি কৰিবা ?” মনোমতী—( কাপোৰৰ
তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই ) “এই ক্ষুৰেৰে হয় তাৰ ডিঙিত নহয় মোৰ নিজৰ
ডিঙিত ৰেপ দিম।” পমীলা— “তোমাৰ নিজৰ ডিঙিত ৰেপ দিয়া ভাবটো এৰা। পাৰিলে পিশাচৰ
ডিঙিত ক্ষুৰখন বহুৱাবা।” মনোমতী—“বাৰু তাকে হলেও কৰিম কিন্তু কোৱাচোন সখি! তুমি নো
কি কৰিবা ?” পমীল৷—“সখি ! মই
পিশাচক বান্দৰৰ দৰে নচুৱাম। ছটাক নচুৱাইছে৷ দেখিছাই । কেৱল সেনাপতিক নচুৱাব পৰা
নাই।” এইদৰে দুইও সখীয়েকে কথা-বতৰা পাতি থাকোঁতেই মিঙ্গিমাহা আহি ঘৰৰ ভিতৰত সোমাল
। সি ঘৰৰ ভিতৰত সোমোৱা মাত্রেই মনোমতী ভয়তে চুকত সোমালগৈ । চতুৰী পমীলাই মিচিক
কৰি হাঁহি এটি মাৰি আগবাঢ়ি আহি মিঙ্গি- মাহাক কলে—“সেনাপতি! আজি আমাৰ কি ভাগ্য যে
পমীলা — মনোমতী—মিঙ্গিমাহা -
আপুনি আমাৰ ঘৰলৈ
আহিল ।” মিঙ্গিমাহা — “তোমালোক কেনে আছা, মই তাকে চাবলৈ আহিছোঁ।” পমীলা— “সেনাপতিৰ আমালৈ বৰ মৰম।”
মিঙ্গিমাহা—“এৰা, বৰ মৰম । আমি
তোমালোকৰ নিচিনা গাভৰুক বৰ ভাল পাওঁ নহয়নে ? বাৰু তোমালোক কেনে আছা?” পমীলা- “সেনাপতিৰ অনুগ্ৰহত আমি এই ঘৰৰ ভিতৰতে বজাৰ ঘৰত থকা
যেন পাইছোঁ।” মিঙ্গিমাহা— “তোমালোকৰ খোৱা লোৱাত একো দুখ হোৱা নাইনে ? পমীলা – “
সেনাপতি! তোমালোকৰ ভাতবিলাক বৰ মিঠা। কিন্তু সেই ফটিকাবিলাকহে দেখোন কেনেবা কেচে
মাকেচেম্ গোন্ধায়।” মিঙ্গিমাহা—“তুমি এতিয়াও ফটিকাৰ সোৱাদ বুজিব পৰা নাই। এবাৰ
ফটিকাৰ সোৱাদ পালে বুজিবা ফটিকা কেনে ভাল বস্তু। এবাৰ ফটিকাত মুখ বহিলে সদায় আমাৰ
ফটিকা খাবলৈহে মন কৰিবা।” পমীলা— “হব পাৰে। আপোনালোকৰ নিচিনা দিগ্বিজয়ী বীৰ সকলে
যেতিয়া ফটিকা ইমান ভাল বস্তু বুলি কৈছে তেতিয়া ফটিকানো কেনেকৈ বেয়া হব পাৰে ? আমাৰ খাৰ খোৱা
জীভাত ভাল নালাগিলেই এনে দেৱতাৰ দুৰ্ল্লভ বস্তু বেয়া হব পাৰেনে ?" মিঙ্গিমাহা—
“হয়। তুমি যথার্থ কথা কৈছা । বাৰু কোৱাচোন তোমাৰ লগৰ সিজনী কলৈ গ'ল ?” পমীলা—“তাই ভয়
খাই সৌ চুকত সোমাইছেগৈ।” মিঙ্গিমাহা (হাঁহি হাঁহি ) – “কিহৰনো ভয়! আমি কিবা বাঘনে, তাইক খাই পেলাম ?” পমীলা —“সেনাপতি!
তাই ন ছোৱালী। একোকে নেজানে।
মনোমতী
সেই দেখি তাই
আপোনাক অহা দেখি ভয়তে মুচকচ্ গৈ চুকত সোমাইছে।” মিঙ্গিমাহা— “একো ভয় নাই। তাইক
এবাৰ ইফালে আহিবলৈ কোৱা । মিঙ্গিমাহাৰ এই কথাত পমীলাই সখীয়েকক মাতি কলে – “সখি!
এবাৰ ইফালে নাহা কেলেই ?”
পমীলাৰ এই কথাত
মনোমতীয়ে একো উত্তৰ নিদি আৰু কুচি- . মুচি চুকত সোমাল ; এনেতে
মিঙ্গিমাহাই এখোজ দুখোজ কৰি মনোমতীৰ ফাললৈ গ'ল আৰু তেওঁৰ ওচৰ চাপি কবলৈ ধৰিলে— “তুমি ভয় কৰিছা কেলেই ?” মনোমতীয়ে
কলে—“সেনাপতি ! তোমাৰ যদি অলপো ধৰ্ম্মৰ ভয় আছে তেন্তে তুমি মোৰ ওচৰ নাচাপিবা।
কাবৌ কৰিছোঁ মোক এৰি দিয়া।” মিঙ্গিমাহা— “মইনা! তোমাক এৰি দিব নোৱাৰোঁ। তোমাক মই
বৰ ভাল পাওঁ। তোমাৰ ৰূপত মই তেনেই ভোল গৈছোঁ।” মনোমতী— “ সেনাপতি! আপুনি বীৰ।
আপুনি ডাঙৰ মানুহ । আপুনি আপোনাৰ স্বদেশীয় ৰূপৱতীবিলাকক মৰম কৰকগৈ। আমাৰ নিচিনা
দুৰ্ভগীয়া আপোনাৰ মৰমৰ যোগ্যা নহওঁ। বিশেষ আপুনি আমাৰ শত্ৰু । আপোনাক কেতিয়াও আমি
ভাল পাব নোৱাৰিম।” মিঙ্গিমাহা — “বুকৰ জীউ ! তুমি যিহকে ভাল পোৱা মই তাকে কৰিম।
তোমাৰ পিতাৰাক এৰি দিম ; আৰু আন আন যাকে
এৰি দিবলৈ কোৱ৷ তাকে
এৰি দিম । মোত তুমি ভজা।” মনোমতী—“বীৰ ! আপোনাৰ যদি দৰাচলতে মোলৈ কৃপা আছে তেন্তে
অনুগ্ৰহ কৰি আমাৰ এটাইবিলাককে এৰি দিয়ক। আমাক মাৰিনো
আপোনাৰ কি লাভ হব ? আপুনি
পমীলা—মনোমতী—মিঙ্গিমাহা
আমাক এৰি দিয়ক।
আমি আপোনাৰ অক্ষয় কীৰ্ত্তি গাম।” মিঙ্গিমাহা—“তোমালোকৰ এটাইবিলাককে বাৰু মই এৰি
দিম ! কিন্তু তুমি কোৱাচোন মোক তুমি ভাল পাবানে ?” মনোমতী— “আপুনি যদি আমাৰ এটাইবিলাককে এৰি দিয়ে
ভেস্তে আপোনাক মই পিতৃৰ দৰে ভাল পাম।” মনোমতীৰ এই কথাত মিঙ্গিমাহাৰ মুখ ক'লা পৰিল । নিৰস
মনেৰে কলে – “তুমি মোক পিতৃৰ দৰে মৰম কৰিব নেলাগে ৷ তোমাৰ গোলাম বুলিহে মৰম কৰিব
লাগে।” মনোমতী—“মই আপোনাৰ নিচিনা বীৰ এজনক গোলাম বুলিবলৈ কি সাহ আছে ?” মিঙ্গিমাহা—“তোমাৰ
তেন্তে স্বামী বুলি মৰম কৰিবা।” মনোমতী—“আপুনি যেতিয়াই ইমান বিলাক বীৰৰ স্বামী, তেনেস্থলত মই
স্বামী বুলিলেহে আপুনি স্বামী হবনে ?” মিঙ্গিমাহা—“মই সেই ভাৱত স্বামী বুলিবলৈ কোৱা নাই৷ মই
কৈছোঁ তুমি মোৰ তিৰুতা হবা নে ?” মনোমতী—“মই কেতিয়াও তোমাৰ তিৰুতা হব নোৱাৰোঁ।” মিঙ্গিমাহা—
“লাহৰি ! তুমি
ফুল ! মই ভোমোৰা ৷ তুমি যদি মোক তোমাৰ ফুলৰ মৌ স্বইচ্ছাতে খাব নিদিয়া তেন্তে মই
বল কৰি খাম।” মনোমতী—“আপোনাৰ চিৰকাললৈকে কলঙ্ক ৰব। ” মিঙ্গিমাহা—“মোৰ কলঙ্ক হলেও
তোমাক মই মোৰ মনৰ পৰা বাজ কৰিব নোৱাৰিম। কোৱাচোন তুমি মোৰ হবানে ?” মনোমতী—“এই জীউটো
গলেও মই তোমাৰ হব নোৱাৰিম।” মনোমতীৰ এই কথাত মিঙ্গিমাহাই চকু দুটা ৰঙা কৰি বাহু
আফালি “বাৰু তোকনো কোনে
ৰাখে চাওঁ” এই বুলিয়েই
মনোমতী
সি মনোমতীক খেদা
মাৰি গ'ল । মনোমতীয়েও
বিপদত ধৈর্য্য নেহেৰুৱাই ততালিকে কাপোৰৰ তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই
কলে—“পিশাচ ! আহ । এই ক্ষুৰ তোৰ ডিঙিতে বহুৱাম !” মিঙ্গিমাহায়ো তৎক্ষণাৎ কঁকালৰ
খাপৰ পৰা তৰো- ৱালখন উলিয়াই দেখুৱাই কলে – “তোক এই তৰোৱালেৰে একে কোবে কাটিম।”
মনোমতী—“তই মোক তবোৱালেৰে কাট। মোৰ পক্ষে সিও ভাল । তেও মই তোক মোৰ গা চুব
নিদিওঁ।” মিঙ্গিমাহাই মনোমতীৰ সাহ দেখি আৰু কথা শুনি তৰোৱালখন সুমাই থৈ কলে—“বাৰু
! আজিলৈ তোক এৰিলোঁ। কিন্তু মই চাম তইনো মানৰ ভাত খাৱনে নেখার।” ইয়াৰ পাছতে সি
পমীলাক চকুৰ আগতে দেখি কলে – “তই বৰ দুষ্টা ! তয়েই তাইক এনেবিলাক বুধি দিছ।”
পমীলা – “সেনাপতি! আপুনি পুৰুষ হৈ এজনী তিৰুতাকে বশ কৰিব নোৱাৰিলে ৷ এতিয়া মইহে
দোষী হলো ?” মিঙ্গিমাহা –
“তোক আৰু মই তাইৰে সৈতে একেলগে নথওঁ।” পমীলা – “ ভাল। কিন্তু তুমি মোক অকলৈ এঠাইত
থলে তোমাৰ ৰণুৱা দুটাই কটাকটিকৈ মৰিব।” মিঙ্গিমাহা—“মই তোকো কাকো নিদিওঁ । তইও
মোৰে হবি ৷ বাৰু ! আজিলৈ মই যাওঁ।” এই বুলি মিঙ্গিমাহা ঘৰৰ ভিতৰৰ পৰা ওলাল।
ওলায়েই তেওঁ সমুখতে এটা ৰঙা পাগুৰিৰে সৈতে মানুহ পালে। সেই মানুহটোৱে মিঙ্গিমাহাৰ
হাতত এখন চিঠি দিলে। মিঙ্গিমাহাই সেই চিঠিখন লৈ মানুহটোক বিদায় দি নিজৰ বহালৈ গ'ল ।