(ক)
নৰাছিগা বিহু যাবৰ আজি দুমাহ হল। সেই ৰাতি জন্মিয়ে সৈতে কথা বতৰা হবৰে পৰা পানেইৰ
আৰু আগৰ ভাব, আগৰ কথা-বতৰাবিলাক নোহোৱাত পৰিল। তাইৰ মুখত আৰু আজি- কালি বৰ বেছিকৈ ৰং-ধেমালিৰ
চিনবিলাকে নেখেলে। বৰং মাজে মাজে ভাই মুখ কলা ডাৱৰেহে ঢাকি ধৰে।
ভাইৰ
বাস্তৱিকতে তাহানি সৰুকালতে আহুতলিত টঙি ৰখি থাকোঁতে ভালুকৰ ভয়ত পলাবৰ দিন ধৰি জঙ্কিলৈ
কি এটা অভূতপূর্ব ভাব হৈছিল। সেই ছোৱালী কালতো তাইৰ সদায় জঙ্কিক দেখিবলৈ ভাল লগাত
পৰিছিল। জঙ্কিক লগত লৈ ধেমালি কৰিবলৈ নাপালে ভাই একো ধেমালিয়েই ভাল নালাগিছিল। জঙ্কিলৈ
তাইৰ কিয় এনেকুৱা এটা ভাব হৈছিল তাক তাই নিজেও কব নোৱাৰিছিল আৰু নিজৰ মনকো সুধি ঠিক
কৰিব পৰা নাছিল। আঠ-নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে প্ৰকৃততে কি ভালোপোৱাৰ মোল বুজিব
পাৰে? তথাপি যে জঙ্কিলৈ তাইৰ এনেকুৱা এটা আগ্রহ হৈছিল ইয়াৰ কাৰণ কি? তাইও নাজানে আৰু
পাঠক। আমিও এতিয়ালৈকে বিশেষকৈ ভূ নাপালোঁ। হঠাত্ প্ৰণয়? তাকো বুজিবলৈকেতো সিহঁত দুয়ো
লৰা-ছোৱালী। তাই নও বছৰ বয়সীয়া-সি চৈধ্য বছৰীয়া, সিহঁতৰ ভিতৰত কেনেকৈ উপকথাত লেখা
প্ৰণয়ৰ প্ৰণয় হৱ পাৰে? জঙ্কিলৈ বাধ্যতা ভাব? সিটোও নহয়। মিৰি জাতি এতিয়াও ইমান
উন্নত হোৱা নাই, আঠ-নও বছৰ বয়সীয়া ছোৱালী এজনীয়ে বাধ্য-বাধকতাৰ মোল পাব, তেন্তে
কি? আমিও তাকেছে সোধোঁ প্রকৃত কথাটোনো কি? অনেক বিচাৰি চালোঁ, নাপাই ইয়াকে মনত থিৰ কৰিছোঁ যে অকল মাথোন বাল্য-স্বভাবসুলভ ৰং - ধেমানিত সৰুৰে
পৰা দুটা লৰা লগৰী হেল পৰস্পৰৰ ভিতৰত যি ভাব হয় সেই ভাবেই দুযোৰো হৃদয়ত খেলিছিল।
পানেই জমিয়ে সদায় একেলগে গৰু ৰাখিছিল। সিহঁত দুয়ো একেলগে হাতত ধৰা-ধৰি কৰি সোৱণশিৰীৰ
বালিত ধেমালি কৰি ফুৰিছিল। পানেই জঙ্কি দুর্যো একেলগে নাও খেলি ফুৰিছিল। সিহঁত দুয়ো
একেলগে মাঘ আৰু বহাগৰ বিহুত নাচিছিল গৈ। পানেই জঙ্কি দুযো একেলগে নগৰলৈ গৈ বিহু পাতিছিল।
এই যে লগে ফুৰা, লগে খোৱা ইত্যাদি কখাযে দুইৰো ভিতৰত পৰস্পৰৰ পৰস্পৰলৈ সৰুৰে পৰা এটা
ভাল পোৱা ভাব জন্মাইছিল।
যদি
এনেকুৱা ভাৰ দৃঢ়ৰূপে স্থাপিত হোৱাৰ আগেযে পানেই জঙি দুয়ো আঁতৰা আতৰি হৈ থাকিলেহেঁতেন
তেন্তে কিজানি দুয়ো দুযোলৈকে পাহৰিলেহেঁতেন। কিন্তু ঈশ্বৰে কি উদ্দেশ্যেনো সিহঁতক
একেলগে ৰাখিল তাক আমি কব নোৱাৰিলো। কালক্ৰমত দুযো যৌৱনত ভৰি দিলে। কিন্তু দুয়োলৈকে
দুইৰো ভাব আগৰ দৰেই থাকিল। যৌৱনত ভৰি দি উঠাৰ পাছতো পানেইৰ সৰুকালিৰ স্বভাৱ নগল। মূকলিমূৰীয়া
পানেৰে আজিকালিও ভাইৰ সৰুকালিৰ লগৰী জঙ্কিৰ লগতহে ধেমালি কৰিব ধৰিলে। সিহঁত দুইৰো হৃদয়ত
ইটোৰ সিটোলৈ সিটোৰ ইটোলৈ ভালপোৱা ভাব দৃঢ় ৰূপে বহিল। কিয় ভাইৰ সেই গাভৰু বয়সতো জঙ্গিকে
ভাল পাবলৈ ইচ্ছা যায়। আৰু জমি। জঙ্কি হৃদয়তো তেনেবিলাক ভাবেই খেলিছিল। কিন্তু জঙ্কি
মতা মানুহ। সি অৱশেষত তাৰ নিজৰ ভাব নাগি বিহুৰ অলপ আগৰে পৰা বুজিব পাৰিছিল। যি মূত্ততে
ৰাতি নৰাছিগা বিহুত জঙ্গিয়ে সোৱণশিৰীৰ পাৰত পানেইক নিজৰ মনৰ ভাব জনালে তেতিয়াই বহু
দিনৰে পাৰ ভুঁহজুইত জ্বলি থকা জুইৰ ফিৰিঙতি পানেইৰ বুকুত দপ দপ কৰি জ্বলিল। আজলী (নিলাজী?) মিৰি জীয়ৰীয়ে সৰল
প্ৰাণেৰে কার্চিং কাটানক সাথী কৰি অম্বিক নিজৰ হৃদয়ত অতি যতনেৰে থাপিলে। ডাক তাই কথা
দিলে। আৰু সেইদিনাৰে পৰা ডঙ্কিলৈ তাইৰ ভালপোৱা আৰু বেছি হৱলৈ ধৰিলে। কেতিয়ানো ভাই
তাইৰ হৃদয়ৰ দেৱভাৰ লগত একেলগে মিলি পৰিব এই চিন্তাতে তাই বল।
জঙ্কিয়েও
তাৰ পিছদিনাৰে পৰা বৰ যতন কৰি খেতি-বাতি কৰিবলৈ ধৰিলে। আনবাৰ সি যদি এপুৰা মাটিৰ সৰিয়হ
ভাঙিছিল সেইবাৰ সি তিনি পুৰা মাটি ভাঙিলে। প্ৰণয়ৰ এনে বল।
সেই
নিশা অঙ্কিয়ে সৈতে কথা বতৰা হবৰে পৰা পানেয়ে মাক- বাপেকৰ কথা-বতৰা বেছিকৈ শুনাত পৰিল।
মাক বাপেকে যিহকে ভাল পায় ভাই তাকে কৰে। বিহুলৈ বৰকৈ নোযোৱাত পৰিল। যাতে ভাই মাক বাপেকক
সন্তোষ দিব পাৰে ইয়াতে ভাই যত্নৱতী হল।
পানেইৰ
মাকৰ নাম “নিমা” আৰু বাপেকৰ নাম “তামেদ” আছিল। সিহঁত দুয়ো মিৰিৰ ভতৰত দুখীয়া। সিহঁতৰ আন লৰা-ছোৱালী
নাই। অকল মুঠেই পানেই। সেইদেখি সৰুৰে পৰা সিহঁতে পানেইক বৰ মৰম কৰিছিল।
আজিকালি
পানেইৰ স্বভাৱত মাক বাপেক অলপ আচৰিত হব ধৰিলে। সিহঁতে বুজিব পাৰিলে যে পানেযে পূর্ণ
যৌৱনত ভৰি দিলে আৰু তাইক বিয়া দিবৰ সময় হল ।
ইয়াৰ
আগেয়ে এদিন কমুদ বুলি সেই গাঁৱৰে এটা (খ) গামৰ
লৰাই পানেইক বিয়া কৰাবৰ প্ৰস্তাৱ জনাইছিল। তামেদ আৰু নিৰমায়ে সেই কথাকে পেটে পেটে
আলচিছিল; কিন্তু কোনো সমিধান দিয়া নাছিল। এতিয়া পানেইৰ মনৰ ভাৰবিলাক দেখি সিহঁতে
এইটো থিৰ কৰিলে যে পানেইক বাস্তৱিকতে বিয়া দিবৰ সময় হল। এতদিনে তাই বিয়া নোহোৱাত
থাকিছে বেজাৰ কৰিছে।
এইদৰে
এদিন গধূলি বুঢ়া-বুঢ়ী দুয়ো চাঙত (গ) বহি জুইৰ কাষত কথা পাতিছে। পানেয়ে ডেভিয়া
পানী আনিবলৈ ঘাটলৈ গৈছিল। নিৰমায়ে কলে:-
“আজিকালি পানেই ডাঙৰ হল। তাইক এঠাইত বিয়া
দিবলৈ দিহা কৰিব লাগে।”
তামেদ-এৰা
মইও সেই কথাকে মনে মনে আলচিছোঁ। পানেইক নো কাক দিম?
নিৰমা-কেলেই,
সেই অঙ্কি বুলিবৰ লৰাটোক পানেইলৈ চপালে বাৰু নহয় জানো? ভাৰ দেখোন কেৱে নাই।
তামেদ
তাৰ কেৱে নাই দেখিযেইতো পানেইক মোৰ ভালৈ দিব ইচ্ছা নাই। সেই টোকোনাটোক দিলেনো কি হৱ?
নিমা-কিয়?
আমাৰ লৰা-ছোৱালী নাই, সিয়ে বেটা হৈ
থাকিব।
তামেদ-বেটা
হৈ থাকিলে (ঙ) জনো পেট ভৰিব?
নিৰমা-তেন্তেনো
ভই ভাইক কালৈ দিবলৈ মন কৰিছ?
তামেদ-মোৰ
বিবেচনাৰে তাইক সেই কমুদলৈকে দিয়া ভাল, সি নমেন গামৰ পুতেক। নমেন গামেও নিজে মোক এবাৰ
কৈছিল। মই ভালৈকে দিম।
নিৰমা
কিন্তু ভালৈ দিবলৈ থিৰ কৰাৰ আগেয়ে আমি এবাৰ পানেইক সুধি-পুছি চোৱা জানো ভাল নহয়
?
তামেদ
জীয়ৰীকনো কোনোৱাই কৰবাত সুধি বিয়া দিয়েনে? তাই কব মই এটা গাছি মিৰিলৈ যাম সেয়ে
হব লাগিব নেকি? মই ভাইক কমুদলৈকেহে দিম। তাই তালৈকে যাব লাগিব, মই কমুদৰ বাপেকক কথা
দিছোঁ।
নিমা
বাৰু তেন্তে। তাইক কমুদলৈকে দিয়া যাওঁক।
তামেদ-এৰা
মোৰ মন সেইয়ে। তই আজিৰ পৰা মাজে মাজে পানেইৰ আগত কমুদ্ৰৰ কথা কবলৈ ধৰ। আৰু দুমাহৰ
মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব।
বুঢ়া
তামেদে এই সিদ্ধান্ত শেষ কৰোঁতে নৌ-কৰোঁতেই পানেয়ে পানী লৈ ঘৰ পালে। কিন্তু ঘৰৰ ভিতৰত
নৌ-সোমাওঁতেই বাপেকৰ মুখৰ পৰা আৰু দুমাহৰ মূৰতে কমুদ জোঁৱাই খাটিবলৈ আহিব এই কথা ফাকি
শুনিলে । তত্ক্ষণাত্ কথাৰ ঢাল বুজিব পাৰিলে। তেতিয়াই মোৰ আজলী মিৰি জীয়ৰীৰ মূৰত
এহেজাৰ বজ্ৰ পৰাৰ দৰে পৰিল। যাহক কিজানি কৈ মেলি মাক বাপেকক পোনাবলৈ পাৰে এই মনত সাৰোগত
কৰি মনে মনে থাকিল; কিন্তু এটা অফুট অব্যক্ত ভারত পানেইৰ হৃদয় কঁপিল । তাইৰ হৃদয়ৰ
অভ্যন্তৰে কান্দিলে।
চতুর্থ
অধ্যায়ৰ মিৰি ভাষাৰ শব্দৰ ভাঙনি
(ক)
নৰাছিগা বিহু আগৰ অধ্যায়ত যিবিলাক ক্ৰিয়াৰ বিৱৰণ দিয়া গৈছে সেই এটাইবিলাকক নৰাছিগা
বিহু বোলে। মিৰিহঁতৰ নৰাছিগা বিহুৱেইহে ঘাই বিহু।
(খ)
আমাৰ অসমীয়া মানুহৰ ভিতৰত চৌধাৰী বা মৌজাদাৰ যেনে মিৰিৰ ভিতৰত “গামো” তেনেকুৱা। মিৰিহঁতৰ খেলে খেলে একোটা “গাম” থাকে।
(গ)
মিৰিহঁত চাঙ ঘৰত থাকে। মাটিত ঘৰ গ্রামে নাসাজে; কিন্তু গোলাঘট, যোৰহাটৰ ফালে কেতবোৰ
মিৰিয়ে আজিকালি চাঙঘ এৰিছে। একেবাৰে অসমীয়া হৈছে।
(ঘ)
আমি আগেয়ে কৈছো মিৰি দুবিধ। এবিধ ভৈয়ামৰ, এবিধ পৰ্বতৰ। পৰ্বতৰ মিৰিহঁতক প্ৰায়ে সৰু
আবৰ বোলে। আৰু আমাৰ ভৈয়ামৰ চায়েঙীয়া, অয়ঙীয়া, দামুকীয়াল, টীয়া, দৈতীয়াল, ময়ঙীয়া
ইত্যাদি গোটেইবিলাক মিৰিয়ে বৰ বংশ বুলি পৰিচয় দিয়ে।
(ঙ)
পাঠক সকলে এই পুথিত মিৰিহঁতৰ বিয়াৰ নিয়ম জানিব পাৰিব। মুঠতে এতিয়া এইটো কথা জনাওঁ
যে মিৰিহঁতে জীয়ৰীৰ গা-ধন প্ৰায় তিনিকুৰিৰে পৰা দুই-তিনিশলৈকে লয়। ইয়াত বাদেও যালৈ
দিব সেই মানুহটোৱে শহুৰেকৰ ঘৰত দুবছৰ খাটি দিব লাগে। ইয়াকে জোঁৱাই এটা বোলে। মিকিৰৰ
ভিতৰতো জোঁৱাই এটা নিয়ম আছে।