shabd-logo

চতুর্দশ অধ্যায় মানহঁতৰ দেওপুজ৷—প্রতিমা বিসর্জ্জন

2 November 2023

0 দৰ্শন কৰা হৈছে 0

পিছদিনা ৰাতি পুৱাল ৷ মানহঁতৰ সকলোৱেই মুখ হাত ধুই চেলুৱই খাই দহোটা মান সিহঁতৰ সেনাপতি মিঙ্গিমাহা ক্যাডেউঙৰ ওচৰলৈ গ'ল আৰু সেনাপতিক ক'লে – “ সেনাপতি। কাইলৈ আমাৰ যুঁজলৈ যাব লাগিব নহয় ?” সেনাপতিয়ে ক'লে— “এৰা ।” মানহঁতে ক'লে—“তেন্তে আমাৰ আজি দেও পূজা করা যুগুত।” সেনাপতি—“এৰা কৰিব লাগে।” সেনাপতিৰ এই আদেশ পাই মানহঁতে সিহঁতৰ বাহৰৰ ওচৰতে নৈৰ পাৰত এখন খোলা কৰিলে; সেই খোলাৰ ভিতৰতে এটা ভেটি কৰিলে। সেই ভেটিটোৰ ওপৰত দহবাৰখন গোমচেঙ্ কাপোৰ পাবিলে; ওপৰত সাত তৰপীয়া কৰি চন্দ্ৰাতপ আঁৰিলে আৰু ভেটিটোত সিহঁতৰ পেৰা এটাৰ পৰা এহাত মান ওখ এজনা বুদ্ধৰ মূৰ্ত্তি থাপনা কৰিলে। মিঙ্গিমাহাই তেতিয়া নিজে গেকৱা কাপোৰ পিন্ধি সেই মূৰ্ত্তিৰ ওচৰলৈ আহিল । বুঢ়াভগীয়া বাৰ্টা মানেও সেইদৰে গেৰুৱা কাপোৰ পিন্ধি পূজাৰ আলপইচান কৰিবলৈ ধৰিলে। ডেকা মানহঁতে ওচৰৰ বাৰী- বিলাকৰ পৰা ভাল ভাল ফুল আনিলে । মিঙ্গিমাহাই সেই ফুলেৰে আৰু মদে-ভাতে সিহঁতৰ ইষ্ট দেৱতা বুদ্ধক পূজা কৰিলে । প্ৰথমেই মানহঁতে মলাত কৰি ধূনা ধূপ লগাই পৱিত্ৰ বুদ্ধ মূৰ্ত্তিৰ চাৰিউফালে ঘূৰিবলৈ ধৰিলে। ৰণবাত্য বজোৱা মানহঁতে তাৰ লগে লগে ৰণবাদ্য বজালে । ডেকা ডেকা মান- বিলাকে বাঁহী, গগনা, বীণ লৈ গাই বজাই মূৰ্ত্তিৰ চাৰিউফালে ঘূৰিলে। চাই থাকোঁতে থাকোঁতে সেই ঠাইডোখৰত অসংখ্য মান গোট খালে। ষোড়শ উপচাৰে বুদ্ধ মূৰ্ত্তিৰ পূজা হ'ল । মূৰ্ত্তি পুজি উঠি মানহঁতে সিহঁতৰ এটাইবিলাক অস্ত্ৰ আনি মূৰ্ত্তিৰ আগত থলে । তেতিয়া মিঙ্গিমাহাই সেই বুদ্ধ মূৰ্ত্তিক সাষ্টাঙ্গে প্ৰণিপাত কৰি যুঁজ জিকাবলৈ তুতি কৰিলে । আন আন মানবিলাকেও সেই মূৰ্ত্তিৰ আগত পৰি পৰি সেৱা কৰিলে । হায়! প্রশান্ত বুদ্ধ মূৰ্ত্তিয়ে আজি মানহঁতক অন্যায় কৰি নৰ- হত্যা কৰিবলৈ বৰ দিব লগাত পৰিল। অসভ্য পৰ্ব্বতীয়া মানৰ হাতত বুদ্ধদেৱৰ পৱিত্ৰ ধৰ্ম্ম কলঙ্কিত হ'ল। যি শাক্য- সিংহই মানুহৰ জৰা, মৃত্যু, ৰোগ, ছখ, ক্লেশ দেখিব নোৱাৰি ৰাজমুকুট আৰু ৰাজসিংহাসন এৰি পৃথিবীতে সামান্য ধৰ্ম্ম প্ৰচাৰকৰ বেশে “অহিংসা পৰমোধৰ্ম্ম” এনে মত প্ৰচাৰ কৰিছিল ; অসভ্য মানহঁতৰ হাতত পৰি তেওঁৰ পৱিত্ৰ আত্মাই আজি স্বৰ্গৰ পৰা এই পৰ্ব্বতীয়া মান কেইটাক অসমীয়াৰ বংশ লোপ কৰিবলৈ বৰ দিব লগাত পৰিল ৷

মানহঁতৰ পূজা দিয়া হ'ল । এটাইবিলাক মানেই পূজাৰ প্রসাদ মদ-ভাত খালে। বেলি দেড়পৰ হোৱাত মানহঁতে বুদ্ধ মূৰ্ত্তিক আসনৰ পৰা নমালে আৰু আগৰ দৰে ভালকৈ জপাৰ ভিতৰত সুমুৱাই থলে। ইয়াৰ পিছতে মানহঁতে সেই মেলতে বন্দীহঁতক কি কৰিব এইটো আলচ কৰিবলৈ ধৰিলে। বুঢ়া কামডেঙ, নামেৰে মানটোৱে মিঙ্গিমাহাক ক'লে— “ সেনাপতি ! এই বন্দীবিলাকক নো কি কৰা হ'ব ?” মিঙ্গিমাহাই ক'লে— “তোমালোক দহোটাই যি ভাল দেখা তাকে কৰিম।” সেনাপতিৰ এই কথা শুনি কামডেঙে ক'লে— “তেন্তে সকলো সমজুৱাকে সোধা যাওক” এই বুলিয়েই কামডেঙে সমজুৱা - বিলাকলৈ চাই সুধিলে— “ভাইহঁত ! আমি কালি প্রাতসতে খুঁজলৈ যাম । যাম। আজিয়েই বন্দীবিলাকক যি হয় এটা কৰা যাওক । তোমালোকেনো কি কৰিব খোজা ?” কামডেঙৰ এই কথাত ডেকা ডেকা কিছুমান মানে উত্তৰ কৰিলে – “সিহঁতক কাটি পেলোৱা যাওক।” বুঢ়া বুঢ়া কেতখিনি মানে ক'লে—“সিহঁতক হাদিৰালৈ লৈ যোৱা যাওক। তাতে যি হয় কৰা যাব।” দুইও দলৰ এই মত শুনি কামড়েঙে ক'লে— “তহঁত দুজাকে দুৰকম মত দিলি । আমাৰ এই বন্দীবিলাকক ইয়াৰ পৰা লৈ যাব লাগিলে সিহঁতক ৰখ পৰ দি নিওঁতে আমাৰ কেতখিনি মানুহ লাগিব । চন্দ্ৰকান্ত ৰজাই বা কিমান ৰণুৱা গোটাইছে তাৰ ঠিকনা নাই। সেই দেখি মোৰ মনেৰে হ'লে সিহঁতক ইয়াতে শেহ কৰি যোৱা ভাল। তহঁতে বা কি কওৱ।” কামডেঙৰ এই কথাত সকলোবিলাক মানেই অলপ পৰ জিৰাই সতাই ভাবি একেমুখে ক'লে—“তেন্তে বন্দীহঁতক ইয়াতে মাৰি পেলোৱা যাওক।” মানহঁতৰ এই দৰে একেমত হোৱাত কামডেঙ, আৰু মিঙ্গিমাহাই বন্দীবিলাকক এজন এজন কৰি উলিয়াই আনিবলৈ আদেশ দিলে। মানহঁতেও একে একে বন্দীবিলাকক উলিয়াই আনিবলৈ ধৰিলে। চাৰিজন মানে প্রথমেই চণ্ডী বৰুৱাক আনি উলিয়ালে। সেনাপতি মিঙ্গিমাহাই চণ্ডী বৰুৱাক তাৰ আগত থিয় কৰি সুধিলে— “অহম ! তই কেলেই আমাৰ লগত যুঁজ কৰিছিলি ?” চণ্ডী বৰুৱাই বুজিলে যে মানহঁতৰ পৰা তেওঁৰ ৰক্ষা পোৱা টান। আৰু মৰিবৰ সময়ত কাপুৰুষৰ দৰে মৰাতকৈ সাহেৰে সৈতে মৰাই ভাল। ইয়াকে ভাবি আৰু মৰণকে সাৰোগত কৰি নিৰ্ভয় চিত্তে উত্তৰ কৰিলে – “মই তহঁতৰ লগত যুঁজ কৰিবলৈ নেপালোঁ । বিধতা মোলৈ অপ্রসন্ন হ'ল।” মিঙ্গিমাহাই সুধিলে—“ভালকৈ যুঁজ কৰা হলেনো কি কৰিলি- হেতেন ?” চণ্ডী বৰুৱাই ক'লে— “ভালকৈ মই সৈন্য-সামন্ত গোটাই যুঁজিব পৰা হলে তোৰে সমন্বিতে তোৰ মানক থুকুচি থুকুচি কাটিলোহেতেন। কিন্তু বিধতা মোলৈ অপ্রসন্ন হ'ল।” মিঙ্গিমাহাই হাঁহি হাঁহি ক'লে— “অহম ! তোৰ যদি এতিয়াও যুঁজ কৰিবলৈ হাবিলাষ আছে তেন্তে তই মোৰ দোৱনীয়া হ আৰু হাদিৰাচকিৰ যুঁজলৈ ওলা।” চণ্ডী বৰুৱা — “হাদিৰাত কাৰ লগতনো যুঁজ কৰিবলৈ ?” মিঙ্গিমাহা — “চন্দ্ৰকান্ত ৰজাৰ লগত।” চণ্ডী বৰুৱা—“ইটো প্রাণ থাকোতে মই ৰজাৰ বিপক্ষে অস্ত্ৰ ধৰিব নোৱাৰোঁ।” মিঙ্গিমাহা – “তোৰ ৰজা কোন অ?” চণ্ডী বৰুৱা— “মোৰ ৰজা চন্দ্ৰকান্ত সিংহ।” মিঙ্গিমাহা —“তোৰ ৰজা এতিয়াও চন্দ্ৰকান্তই আছেনে? মইনো তেন্তে কি ?” চণ্ডী বৰুৱা— “মোৰ ৰজা এতিয়াও চন্দ্রকান্তই । তই অধৰমী, পশু, পিশাচ মান।” চণ্ডী বৰুৱাৰ এই কথাত মিঙ্গি- মাহা খঙতে ৰঙা পৰি তৎক্ষণাৎ তাৰ তৰোৱাল উলিয়াই তেওঁৰ মূৰত ঘা মাৰি দিলে ; এনেতে আৰু চাৰি পাঁচোটা মানে তেওঁৰ ওপৰত ওপৰাউপৰি কৰি তৰোৱাল মাৰি চণ্ডী বৰুৱাক ইহ জনমৰ যাতনাৰ পৰা মুক্ত কৰিলে । মানৰ হাতত এইদৰে ছকুৰি বছৰ বয়সত মইনবৰি গাৱঁত চণ্ডী বৰুৱাই তেওঁৰ জীৱলীলা সামৰিলে ।

চণ্ডী বৰুৱাক কাটি উঠি মানহঁতে হলকান্ত আৰু লক্ষ্মীকান্ত বৰুৱাক আনিবলৈ গ'ল। মানহঁতে তেওঁবিলাকৰ ঘৰৰ ভিতৰত সোমাই তেওঁবিলাকৰ কাকো নেপাই উলটি আহি সেনাপতিক জনালে যে বন্দী পলাইছে। মিঙ্গিমাহাই সিহঁতৰ এই কথা শুনি খঙতে ৰঙা পৰিল আৰু তেওঁবিলাকক নেপাই পমীলাহঁতৰ পৰীয়া মানটোক আনিবলৈ দিলে। মানহঁতে গৈ সেই দুৱাৰৰখা মানটোক আনিলে । সি আহি আগত থিয় হোৱা মাত্ৰকে মিঙ্গিমাহাই চকু পকাই পকাই সুধিলে—“ তোৰ বন্দী দুজনী কি হ'ল ? টেঙ্গুলা কালি কেনেকৈ মৰিল ?” পৰীয়াটোৱে ক'লে —“জানো সিহঁতৰ কি হ'ল কব নোৱাৰোঁ। টেঙ্গুলাক কোনোবা মানুহে আহি মাৰিলে।” মিঙ্গিমাহা— “তই সঁচা কথা ক। টেঙ্গুলা মৰা, বন্দী দুজনী পলোওৱা ইয়াত ভালেমান কথা থাকিব পায় । সঁচা নকওর যদি তোক আজি কাটি পেলাম।” পৰীয়াটোৱে তেওঁৰ এই কথাত এবাৰ কামডেঙৰ চকুৰ ফালে চাই ক'লে— “সেনাপতি ! ম‍ই সঁচা কব লাগিলে দোষ তোমাৰ গাতেই উলটি পৰিব।” পৰীয়াটোৰ এই কথাত মিঙ্গিমাহা খঙতে ৰঙা পৰি ক'লে— “কি ! তোৰ ইমান সাহ ! তই মোক মুখে মুখে উত্তৰ দিয়!” পৰীয়াটোৱে তেতিয়া সমজুৱাহঁতলৈ চাই ক'লে— “ভাইহঁত ! তহঁতে ন্যায় বিচাৰ কৰ। সেনাপতিয়ে ম্যায় বিচাৰ কৰিব নোখোজে।” পৰীয়াটোৰ এই কথাত মান- হঁতে টিপোৱাটিপি কৰি হাঁহিবলৈ ধৰিলে। অৱশেহত কামড়েঙে ক'লে— “বাৰু ! তোৰ আমি উচিত বিচাৰ কৰোঁ। তই কি কব খোজ ক।” পৰীয়াটোৱে ক'লে— “বাৰু মই যি কওঁ কম । কিন্তু সেনাপতিৰ সেই তিৰুতাজনীক সমাজৰ ভিতৰলৈ আনিব লাগে।” মিঙ্গিমাহা—“মই তাইক কেতিয়াও আনিব নিদিওঁ।” কামডেঙ—“ভাই সেনাপতি! দোষীক দণ্ড দিয়াৰ আগেয়ে বিচাৰ কৰা উচিত। তাইতো আমাৰ মানৰ তিৰোতা নহয় । তাই অসমীয়া, আদেশ কৰা তাইক আনো।” মিঙ্গিমাহাই কামডেঙৰ এই কথা এৰাব নোৱাৰি ক'লে— “বাৰু ! তেন্তে আন।” সেনাপতিৰ এই কথাত কামডেঙে নিজে গৈ পছমীক মাতি আনিলে । পদুমী আহি সমাজৰ মাজত থিয় দিলে । তেতিয়া কামডেঙে সুধিলে—“পৰীয়া! তই কি কব খোজ ক।” পৰীয়াটোৱে ক'লে— “ভাইহঁত ! তহঁতে তাইক সোধ তাই সেনাপতিক খাটি বন্দী এটা এৰি দিছে নে নাই।” তাৰ এই কথাত মিঙ্গিমাহাৰ মনক খঙে আৰু লাজে বেঢ়ি ধৰিলে। সি মাতিব নোৱাৰাত পৰিল । একে থৰে ৰ' লাগি পহুমীৰ ফালে চাই ৰ'ল ৷ পছমীয়ে উত্তৰ কৰিলে “হয়! মই এটা বন্দীক সেনাপতিক খাটি মোকলাই দিছো।” কামডেঙে ক'লে— “কিয় মোকলাই দিলি ?” পছমী—“সি ওলাই গৈ ইবিলাক বন্দীকে বুধি কৰি পলুৱাই নিবলৈ।' কামডেঙে ক'লে— “সেনাপতি ! শুনা তোমাৰ এই কি কয়।” সেনাপতিয়ে তবধ মনেৰে শুনিবলৈ ধৰিলে। কামডেঙে সুধিলে— “সিহঁতক পলুৱালি কেলেই ?” পহুমী—“সিহঁতৰ জাতকুল, প্ৰাণ ৰক্ষা কৰিবলৈ ।” কামডেঙ— “আমাৰ হাতত থকাতনো সিহঁতৰ কি বেয়া হৈছিল ?” পদুমী— “পিশাচৰ হাতত থাকিলে যদি মানুহৰ একো বেয়া নহয় তেন্তে সিহঁতৰো একো বেয়া হোৱা নাছিল। মই নুবুজিহে কৰিলোঁ।” কামডেঙ— “পিশাচ কোন অ?” পদুমী—“অধৰ্মী মান।” পদুমীৰ এই কথাত সকলোবিলাক মানেই জিকজিকাই উঠিল। এনেতে মিঙ্গিমাহাই সিফালৰ পৰা ক'লে— “ পদুমী ! তই গা বুজি সমজুৱাৰ আগত কথা ক। তোৰ বেয়া হব। মই ৰাখিব নোৱাৰিম।” পহুমী—“মিঙ্গিমাহা ! আজি মই ভয় নকৰোঁ। তোৰে মোৰে সম্পর্ক ছিগিল। সেই দেখি মোৰ দোষ ক্ষমা কৰিবি।” পদুমীৰ এই কথাত মিঙ্গি- মাহাই সমজুৱা আৰু কামডেঙলৈ চাই ক'লে— “ভাইহঁত ! দোষেই হইছে বা গুণেই হইছে এইক আৰু একো কথা মুহুধিবি। এইক এৰি দে। মইও পৰীয়াটোক এৰিলোঁ।” সমজুৱাহঁতে ক'লে—“সেনাপতি! তোমাৰ মুখলৈ চাই এইক এৰিলেও এৰিব পাৰোঁ—কিন্তু আমাৰ মানলৈ এইৰ ঘিণ কিমান চোৱাচোন । এইৰ দোষতে টেঙ্গুলা মৰিছেনে নাই ভাবি চোৱাচোন । আমি এইক আৰু কেই আষাৰমান কথা সোধোঁ । এই যদি মুখ ৰাখি কথা কয় তেন্তে ভাল। নচেৎ এইক শুদাই নেৰোঁ৷” সিহঁতৰ এই কথাত মিঙ্গিমাহাই পছমীক ক'লে— “বুকৰ জীউ ! তই আজি বৰকৈ মদ খাইছিলি হবলা। তই সমজুৱাহঁতক সেৱা কৰি ক্ষমা প্ৰাৰ্থনা কৰ । মুখ ৰাখি কথা ক।” পছমীয়ে ক'লে— “মিঙ্গিমাহা ! মই মদ ফটিকা খোৱা নাই । মোৰ আৰু জীৱলৈকে৷ বাঞ্চা নাই। তোক মই ভাল পাইছিলোঁ। সোণা ৷ মোক বিদায় দে। তোৰ এই পিশাচহঁতে মোক কাটি পেলাওঁক।” পছমীৰ এই কথাত মিঙ্গিমাহা বৰ বিমৰিষ হ'ল। কামডেঙৰ চকুলৈ চাই চকুৰেই কাবৌ-মিনতি জনালে । কামডেঙে তিলোৱাৰ ভাব বুজি মৰম লাগি পদুমীক ক'লে— “ পদুমী! তই মদ খাইছ হবলা । ভালকৈ কথা ক। বাৰু কচোন টেঙ্গুলা কেনেকৈ মৰা পৰিল।” পদুমী – “টেঙ্গুলাই পাপৰ পৰাচিত কৰিলে। সি পিশাচে আৰু এই পিশাচে তুইও লগ লাগি সিহঁতৰ জাত মাৰিবলৈ গৈছিল। ঈশ্বৰে তাৰ প্ৰতিফল দিলে । এতিয়া তহঁত পাষগুহঁতে মোক কাটি পেলা।” পদুমীৰ এই কথাত এইবাৰ সমজুৱাহঁতৰ ভিতৰৰ এটা ডেকা মানে থিয় হৈ কবলৈ ধৰিলে। “ভাইহঁত ! চা। এই তিৰোতাজনীয়ে আমাক কেনেকৈ গালি পাৰে । সেনাপতিৰ তিৰুতা হ'ল বুলি আমাক ইমান গালি পাৰিব লাগেনে? চাচোন এইৰ দোষতে আমাৰ টেঙ্গুলা মৰিল । এই আহিবৰে পৰা আমাৰ কিমান বন্দী পলুৱাই দিলে। এইয়ে আমাৰ সেনাপতিক এজন সাহিয়াল বীৰ গুচাই এটা ভেড়া কৰিলে ৷ এই আমাৰ প্ৰধান শত্ৰু নহয়নে ? এইক জীয়াই জীয়াই পুৰিব নেলাগেনে ? এইৰ মঙ্গহ কাউৰ শগুনক দিব নেলাগেনে ?” মানটোৰ এই কথাত সমজুৱাবিলাক জ্বলি উঠিল আৰু একে মুখে ক'লে— “এইক ধৰ। জীয়াই জীয়াই পোৰ” এই বুলিয়েই কুড়িটা সমজুৱাই পছমীলৈ খেদা মাৰি আহিল। মিঙ্গিমাহাই সিহঁতক খেদা মাৰি অহা দেখি একেচাবে উঠি গৈ পহুমীক আঁকোৱালি ধৰি ক'লে— “বুকৰ জীউ ! তই কথা নকবি । সমজুৱাহঁতৰ ভৰিত দীঘল দি পৰ।” পছমীয়ে ক'লে— “মিঙ্গিমাহা ! চাওঁ তই মোক এৰি দে” এই বুলি কৈয়েই আজোৰ মাৰি তাৰ হাতৰ পৰা ওলাই মানহঁতৰ আগত থিয় হৈ হেপাহ পলুৱাই নির্ভয় চিত্তে ক'লে— “পিশাচহঁত ! পাষণ্ডহঁত ! ৰাক্ষসহঁত! তহঁতে মোক কাটি পেলা । মোৰ মঙ্গহ কাউৰ শগুনক দে। তেও তহঁতৰ হাতৰ পৰা সাৰোঁ। নৰকীহঁত ! অধৰমীহঁত ! তহঁতে মোক কি কৰিবলৈ নথলি। মোৰ আই, বোপাই, ভাই, ককাই সকলোকে মাৰিলি । মোৰ জাত মাৰিলি ৷ মোৰ সতীত্ব হৰণ কৰিলি ৷ যদি এজন ঈশ্বৰ আছে, যদি পৃথিবীত ধৰ্ম্ম আছে তেন্তে নিশ্চয় নিশ্চয় তহঁতে ইয়াৰ প্ৰতিফল পাবি । ঈশ্বৰে কৰে তহঁতৰো লৰা তিৰুতাই আমাৰ দৰেই কান্দিব। ঈশ্বৰে কৰে তহঁতৰো লৰা তিৰুতাৰ আন কোনোবাই এইদৰে জাতকুল মাৰিব।” পছমীৰ এই কথাত মানহঁত খঙতে জ্বলি আহিল। দহোটা মানে আহি পহুমীক বান্ধিবলৈ ধৰিলে। মিঙ্গিমাহাই চকুৰ লো টুকিবলৈ ধৰিলে। পাচোটা মানে আৰু কামডেঙে তাক আহি আগুৰি ধৰিলে। কামডেঙে কলে— “সেনাপতি! ক্ষমা কৰিবা। শোক নকৰিবা । তাই মৰক ৷ তাই তোমাৰ নিচিনা বীৰ এটাকো কাপুৰুষ কৰি পেলালে। ভাল হ'ল আমাৰ আপদ খণ্ডিল । কাইলৈ আমি হাদিৰালৈ যাম । পৰীয়াটোৱে আহি আঠু লৈ ক'লে—বীৰ ! তাই ভ্ৰষ্টাও । তাইত সঁজাত নাই ৷ ” সিহঁতৰ কথা শুনি সেনাপতি মনে মনে থাকিল । পহুমীক মানহঁতে বান্ধি ছাতি নি বৰনগৰৰ পৰা ধৰি অনা বন্দীবিলাকৰ লগত একেটা ঘৰতে সুমুৱাই বাহিৰৰ পৰা সেই ঘৰটোৰ দুৱাৰ বান্ধি ঘৰটোত জুই লগাই দিলে। হুম্ হুম্ শবদেৰে অগ্নি জ্বলি উঠিল । বন্দীহঁতে “আইঔ পুৰি মৰিলে৷ ঐ” বুলি চিঞৰিবলৈ ধৰিলে। চাই থাকোঁতে থাকোঁতে অভ্রং লেহী অগ্নি শিখা জ্বলি উঠিল। জুইৰ হুম্‌হুমনিত হতভগীয়া বন্দীহঁতৰ মাত ক্ৰমে নিজম্ পৰি গ'ল । এইদৰে সেই মইনবৰি গাৱঁতে পাষণ্ডহঁতে এনেকুৱা ভীষণ নিষ্ঠুৰতা আচৰণ কৰি সিহঁতৰ পিশাচ প্ৰকৃতিৰ চিনাকি দি পিছ দিনা হাদিৰালৈ যাত্ৰা কৰিলে । 

57
প্ৰবন্ধ
মনোমতী
0.0
অসমৰ তৃতীয়খন অসমীয়া চিনেমাৰ নাম মনোমতী (মনোমতি)। ইয়াৰ প্ৰযোজনা আৰু পৰিচালনা ৰোহিনী কুমাৰ বৰুৱাই। ১৯৪১ চনত মুক্তি পোৱা এই চিনেমাখন ১৯০০ চনত ৰাজনী কান্ত বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আছিল মনোমোটি। ঐতিহাসিক কল্পকাহিনী গ্ৰন্থ মনোমোটিৰ কাহিনীভাগ অসমৰ আহোম ক্ষমতাৰ অন্তিম কেইটামান বছৰত সংঘটিত হৈছে। চিনেমাখনত মূল চৰিত্ৰত অভিনয় কৰিছিল মোহিনীয়ে। মনোমাটিৰ সংগীতৰ তদাৰক কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে।
1

আৰম্ভণ

13 October 2023
0
0
0

 আৰম্ভণ     আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখন পৱিত্ৰ ঠাই। ইয়াত এখন ডাঙৰ মহাপুৰুষীয়া সত্র আছে। এই সত্ৰ শঙ্কৰদেৱৰ প্ৰিয়শিষ্য মাধৱদেৱে থাপনা কৰা। ইয়াৰ শিষ্য আৰু ভকতৰ সংখ্যাও অনেক। ইয়াৰ কীৰ্ত্তনঘ

2

প্রথম অধ্যায়

13 October 2023
0
0
0

 মনোমতী     প্রথম খণ্ড     প্রথম অধ্যায়   বৰপেটাৰ কীৰ্ত্তনঘৰত     ফাগুন মাহ। ভৰ দুপৰীয়া ৷ আকাশ ধুৱলি-কুৱঁলি । পশ্চিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে। বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে ৷

3

দ্বিতীয় অধ্যায়

14 October 2023
0
0
0

 নৈৰ বুকত         কীৰ্ত্তনঘৰৰ পৰা ওলাই আমাৰ এই ৰূপহী গাভৰুজনী লগৰ আন আন গাভৰু আৰু বুঢ়ীয়ে সৈতে পোনেই উত্তৰলৈ মুখ কৰি গ'ল ৷ আমাৰ এই ডেকাজনো প্ৰায় দুকুৰিজন মানুহে সৈতে তেওঁৰ পাছে পাছে গ'ল। এইদৰে

4

তৃতীয় অধ্যায়

14 October 2023
0
0
0

 বৰনগৰীয়া বৰুৱা   আৰু হলকান্ত বৰুৱ|      মতা জাকৰ নাওঁ   দুখান যত চাপিছিল সেই ঠাই ডোখৰৰ নাম “যুগীৰ পাম ৷” এই ঠাই ডোখৰ মানাহ নদীৰ পাৰতে -বৰপেটাৰ পৰা চাৰি মাইল মান দূৰ ৷ আজিকালি ( ১ ) ইয়াত কুৰিঘৰ বৰ

5

চতুর্থ অধ্যায়

16 October 2023
0
0
0

মনোমতী         বৰনগৰীয়া চণ্ডীবৰুৱাৰ ঢোলটো আজিকালি “বৰুৱাবাৰি” বোলা ঠাই ডোখৰত মানাহ নদীৰ পাৰত আছিল। তেওঁৰ টোলটোৰ চাৰিউফালে প্ৰায় চাৰিহাত ওখ চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড়। সেই গড়ৰ ঘাই দুৱাৰম

6

পঞ্চম অধ্যায়

16 October 2023
0
0
0

 বাপেক পুতেক       হলকান্ত বৰুৱা গুৱাহাটীৰ বৰফুকনে পতা যোগকান্ত বৰুৱাৰ পুতেক।— গদাধৰ সিংহৰ দিনতে তেওঁৰ বাপেক ৰঙ্গপুৰৰ পৰা পলাই আহে আৰু বৰফুকনক মচলমানৰ যুঁজত সহায় কৰি বৰুৱা বিষয় পায়। হলকান্ত সৰ

7

সপ্তম অধ্যায়

16 October 2023
0
0
0

 জটীয়া (১) বাবাজীৰ মন্ত্ৰণা      সেই দিনাখন পুতেকে সৈতে কথাবতৰা পাতি উঠি হলকাস্ত বৰুৱাই বেলি অলপ লহিৱাত নিজৰ ঘৰৰ পৰা ওলাই তেওঁৰ হাউলিৰ অলপ আঁতৰত থকা এটি সন্ন্যাসীৰ আধাৰালৈ আহিল ; আৰু সন্ন্যাসীজন

8

ষষ্ঠ অধ্যায়

16 October 2023
0
0
0

 দুই সখী   মনোমতীৰ হাতত যিজনী গাভৰুৱে ধৰিছিল সেই গাভৰু - জনীৰ নাম পমীলা । পমীলা মনোমতীতকৈ ছয় সাত বছৰমানে ডাঙৰ। সকৰে পৰা মনোমতীক তেওঁ নিজৰ ভনীৰ দৰে চেনেহ কৰিছিল। মনোমতীৰে সৈতে তেওঁৰ এক গল এক নল আছ

9

অষ্টম অধ্যায়

17 October 2023
0
0
0

 পশীলা     সেই নিশা সখীয়েকে সৈতে কথা বতৰা পাতি তাৰ পাছদিনা দুপৰীয়া পমীলাই ভাত-পানী খাই বই উঠি মনোমতীৰ মূৰ- শিতানত থকা চালপিৰাখনৰ জপা এটা মেলিলে আৰু এযোৰ ভাল নিকা মুগাৰ ৰিহামেখেলা উলিয়ালে । এখন

10

নৱম অধ্যায়

17 October 2023
0
0
0

 হলকান্ত বৰুৱাৰ যুদ্ধযাত্রা      সেইদিনা সন্ন্যাসীয়ে সৈতে কথা বতৰা হৈ যোৱাৰ দুদিনৰ পিছত হলকান্ত বৰুৱাই দুপৰীয়া খাই বৈ উঠি তেওঁৰ মাল ঘৰতে খাট এখনত পাটি পাৰি বহি আছিল আৰু মনে মনে অলপ কিবাকিবি গুণ

11

দশম অধ্যায়

17 October 2023
0
0
0

 শান্তিৰাম ভকত  বৰনগৰীয়া চণ্ডীবৰুৱাৰ হাউলিৰ ভিতৰত শাস্তিৰাম নামে এজন কেৱলীয়া ভকত আছিল । মানুহজনৰ বয়স দেড়কুৰি বছৰমান হৈছিল। তেওঁ বৰণত তেজগোৰা । তেওঁৰ মুখখন চকলা, মূৰত পাহৰখা চুলি। মানুহজন বৰ ওখ

12

ত্রয়োদশ অধ্যায়

18 October 2023
1
0
0

 টেঙৰে টেঙৰে        বাপেক এইদৰে যুঁজলৈ যোৱাৰ পিছ দিনা—ইফালে লক্ষ্মী- কান্তই দুপৰীয়া খাই বৈ উঠি তেওঁৰ ফৈদৰ ৰণুৱাবিলাকৰ দুটা মুখিয়াল মানুহক মতাই আনিলে আৰু সিহঁতক ৰণুৱাবিলাকক সাজু ৰাখিবলৈ কলে । সি

13

দ্বাদশ অধ্যায়

18 October 2023
0
0
0

 হলকান্ত বৰুৱা           হলকান্ত বৰুৱাই সেইদিনা ৰণুৱা দুহেজাৰ লৈ “যুগীৰপাম” এৰি চাউলখোৱা মানাহ নদী পাৰ হৈ বেলি ছদাড়মান থকাত চেঙ্গা গাওঁ পালেগৈ। তাতে তেওঁ সেই নিশা থাকিবলৈ মন কৰি চাউলখোৱা নৈৰ পাৰ

14

ত্রয়োদশ অধ্যায়

18 October 2023
0
0
0

 পমীলাৰ দৌত্য         শাস্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যুগীৰ পামত দেখি আহিবৰ পিছদিনা পমীলাই দুপৰীয়া খাই বৈ উঠি মনোমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া ধুনীয়া কানিকাপোৰ বিলাক উলিয়াই পিন

15

চতুর্দ্দশ অধ্যায়

19 October 2023
0
0
0

 অহম-বঙাল        হলকান্ত বৰুৱাক মানহঁতে নি যেতিয়া সিহঁতৰ সেনাপতিৰ আগ কৰিলে তেতিয়া মানৰ সেনাপতি মিঙ্গিমাহাই তাৰ চকু দুটা ওৰফুল যেন ৰঙা কৰি হলকান্তক সুধিলে— “তই কোন ? কেলেই মোৰ নাওখন ৰাখিবলৈ কৈছিল

16

পঞ্চদশ অধ্যায়

19 October 2023
1
0
0

 ৰাজধানী পমীলা      কদম গছৰ তলৰ পৰা পমীলা, শান্তিৰাম ভকত, আৰু লক্ষ্মীকান্ত ডেকা বৰুৱা, তিনিও আহি প্ৰায় সাজ লাগোঁতে বৰুৱাৰ হাউলি পালে। তাতে শাস্তিৰাম ভকতে আৰু পমীলাই আলচ কৰি লক্ষ্মীকান্ত ডেকা বৰ

17

ষোড়শ অধ্যায়

20 October 2023
0
0
0

 নাৱত      মানহঁত সেই নিশা চেঙ্গা গাৱঁতে থাকি তাৰ পাছ দিনা ৰাতিপুৱাই আকৌ নাৱত উঠি চাউলখোৱা নৈৰে ভটিয়াবলৈ ধৰিলে। মিঙ্গিমাহাই হলকাস্তুক নারত তুলি ললে আৰু সুধিলে—“সখি! এই নৈৰে গৈ আমিনো ক'ত উঠিম ?” হ

18

সপ্তদশ অধ্যায়

20 October 2023
0
0
0

 ডেকা-গাভৰু      বৰনগৰীয়া বৰুৱানীৰ অনুমতি লৈ পমীলা মনোমতী দুয়ো হাতত ধৰাধৰি কৰি ফুলনি পালেগৈ । তাত দুয়ো জোনৰ পোহৰত পুখুৰীটোৰ পাৰত বহি পুখুৰীৰ পানীলৈ, নিৰ্ম্মল আকাশলৈ আৰু ফুলগছ বিলাকলৈ চাবলৈ ধৰিল

19

অষ্টাদশ অধ্যায়

20 October 2023
0
0
0

 যুগীৰ পাম      যুগীৰ পামৰ পৰা  ডেকা-বৰুৱা বৰনগৰলৈ  যাবৰ  দিনাই গধূলি চেঙ্গা গাৱঁৰ হলকান্ত বৰুৱাই পঠোৱা সেই মানুহ কেইটা আহি “যুগীৰ পাম” পালে আৰু বৰুৱানীৰ আগত মান  যে ভটিয়াই আহিব লাগিছে এই কথাটো

20

ঊনবিংশ অধ্যায়

21 October 2023
1
0
0

 বনগৰ আক্ৰমণ      পমীলাই মনোমতীৰ তাৰ পৰা ওলাই আহি ফুলনিত বহি অলপ পৰ শোক কৰি নিজৰ মনক প্রবোধ দি চণ্ডী বৰুৱাৰ চৰাঘৰলৈ আহিল । পমীলা যেতিয়া এইদৰে আহিছিল তেতিয়া চণ্ডী বৰুৱাই চৰাঘৰত বৰ ওখ গাৰু এটাৰে

21

দ্বিতীয় খণ্ড প্রথম অধ্যায়

21 October 2023
0
0
0

 দ্বিতীয় খণ্ড  প্রথম অধ্যায়  নাৱেৰে     এইদৰে মিঙ্গিমাহা ক্যাডেউঙে বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰি আৰু বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰি তাৰ পিছদিনা বাতি পুৱাই হলকান্ত বৰুৱাক ক্ষন্তেকো জিৰা

22

দ্বিতীয় অধ্যায়

23 October 2023
0
0
0

 মইনবৰি গাৱঁত         বৰপেটা মহকুমাৰ পৰা প্ৰায় পঁচিশ মাইল পশ্চিমে বগুৰিবাৰি মৌজাৰ ভিতৰত মইনবৰি নামে এখন গাওঁ আছে। এই গাওঁখন চাউলখোৱা নৈৰ পাৰত উত্তৰা-দক্ষিণাভাৱে আছে। গাৱঁৰ সমুখতে এখন মুকলি সৰু

23

তৃতীয় অধ্যায়

23 October 2023
0
0
0

 মিজিমাছা আৰু পাছুমী         মইনবৰি গাৱঁত মানৰ সেনাপতি মিঙ্গিমাহা যিটো হাউলিত আছিল সেই হাউলিটো ডাঙৰ । তাৰ সমুখতে এখন চোতাল, সেই চোতালৰ দুইওকাষে উত্তৰে আৰু দক্ষিণে দুখন ডাঙৰ বাৰী । হাউলিটোৰ সোঁ

24

চতুর্থ অধ্যায়

23 October 2023
0
0
0

 পমীলা — মনোমতী—মিলিমাহা      মানহঁতে পমীলাকে আৰু মনোমতীকে একেলগে থোৱাত মনোমতীৰ দুখতো অলপ সুখ হৈছিল । ৰাঙ্গধালী পমীলাই মনোমতীক নানা তৰহৰ কথা-বতৰা কৈ উছাহ দি আছিল ; আৰু সেই বিপদৰ সময়তো খুহুতীয়া ক

25

পঞ্চম অধ্যায়

25 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

26

পঞ্চম অধ্যায়

25 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

27

ষষ্ঠ অধ্যায়

25 October 2023
0
0
0

 শান্তিৰাম ভৰুত        মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শাস্তিৰাম ভকত থকা থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দ

28

সপ্তম অধ্যায়

25 October 2023
0
0
0

 মানৰ মেল     সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলা- ককে বহিবলৈ দিলে । সিহঁতে দিহ

29

অষ্টম অধ্যায়

25 October 2023
0
0
0

 মোহিনী পছমী     সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ

30

অষ্টম অধ্যায়

25 October 2023
0
0
0

 মোহিনী পছমী     সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ

31

পঞ্চম অধ্যায়

26 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

32

পঞ্চম অধ্যায়

26 October 2023
0
0
0

 মানৰ উপদ্ৰৱ        বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছ দিনা মিঙ্গিমাহাৰ আদেশ মতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী, চক্‌চকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাট কবি মানহঁতে ৰূপসীব

33

ষষ্ঠ অধ্যায়

26 October 2023
0
0
0

 শান্তিৰাম ভৰুত        মিঙ্গিমাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল। আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শাস্তিৰাম ভকত থকা থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দ

34

সপ্তম অধ্যায়

26 October 2023
1
0
0

 মানৰ মেল     সেই নিশা মানহঁতৰ বাহৰত এইবিলাক ঘটনা হৈ যোৱাৰ পিছদিনা ৰাতিপুৱা সকলোবিলাক মানেই শুই উঠি মুখহাত ধুই চেলুৱই খাই মিঙ্গিমাহাৰ ঘৰলৈ আহিল। মিঙ্গিমাহাই এটাইবিলা- ককে বহিবলৈ দিলে । সিহঁতে দিহ

35

অষ্টম অধ্যায়

26 October 2023
0
0
0

 মোহিনী পছমী     সেই দিনা গধূলি হ'লত মিঙ্গিমাহা সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল। পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খ

36

নৱম অধ্যায়

26 October 2023
0
0
0

 কৰ্ম্মকুশলা পদুমী        শাস্তিৰাম ভকতক পলুৱাই দিয়েই পছমী ঘৰৰ ফাললৈ আহি হাতত সাৰে, ভৰিত সাৰে মিঙ্গিমাহাৰ ওচৰ চাপি চালে মিঙ্গিমাহা শুইছে নে সাৰে আছে। তেওঁ দেখিলে যে মিঙ্গিমাহাৰ দুৰ্ঘোৰ নিদ্ৰা আহ

37

দশম অধ্যায়

26 October 2023
1
0
0

 মানৰ উদ্যোগ      এইবিলাক ঘটনা হৈ যাবৰ পিছদিনা অর্থাৎ মানহঁতে মইনবৰি পাবৰ চতুৰ্থ দিনা মিঙ্গিমাহা সেনাপতিয়ে হাদিৰাৰ যুদ্ধৰ নিমিত্তে সকলোবিলাক মানক লগ কৰিবলৈ চাৰিউফালে কটকী পঠালে । প্রায় দুশ মান

38

একাদশ অধ্যায়

2 November 2023
0
0
0

দক্ষিণ পাৰৰ পৰা উলটি আহি সেই নিশা টেঙ্গুলাই পমীলা মনোমতীৰ পৰীয়া মানটোক লগ ধৰি ছইও কিবাবিকি আলচ কৰি সেই নিশালৈ টেঙ্গুলা শুই থাকিল । সেই নিশাও সিহঁত ছুইও সিহঁতৰ অসদ্ অভিপ্ৰায় সিদ্ধ কৰিবলৈ নোৱাৰিলে ।

39

দ্বাদশ অধ্যায়

2 November 2023
0
0
0

এইবিলাক ঘটনা হৈ যোৱাৰ পিছ দিনা অর্থাৎ মানহঁত মইনবৰিত থাকিবৰ তেৰ দিনৰ দিনা মানৰ বাহৰত আকৌ মহা আনন্দ উৎসৱ মিলিল ৷ লগৰ এটাই কেউজাক মান আহি পোৱা দেখি মিঙ্গিমাহাই সেই দিনা বৰভোজ এটা পাতিবলৈ আয়োজন কৰিলে ।

40

ত্রয়োদশ অধ্যায় বন্দীশাল—শালে শিঙিয়ে

2 November 2023
0
0
0

বৰভোজৰ আগদিনা মিঙ্গিমাহাই যি মুহূর্ততে হলকান্ত বৰুৱাক বন্দী কৰালে সেই মুহূর্ততে হলকান্ত বৰুৱাৰ জ্ঞানচকু মুকলি হ'ল। তেতিয়াতে তেওঁ বিশদরূপে বুজিলে তেওঁ কেনে গর্হিত কাম কৰিছে ৷ তেতিয়াহে তেওঁ বুজিলে স্ব

41

চতুর্দশ অধ্যায় মানহঁতৰ দেওপুজ৷—প্রতিমা বিসর্জ্জন

2 November 2023
0
0
0

পিছদিনা ৰাতি পুৱাল ৷ মানহঁতৰ সকলোৱেই মুখ হাত ধুই চেলুৱই খাই দহোটা মান সিহঁতৰ সেনাপতি মিঙ্গিমাহা ক্যাডেউঙৰ ওচৰলৈ গ'ল আৰু সেনাপতিক ক'লে – “ সেনাপতি। কাইলৈ আমাৰ যুঁজলৈ যাব লাগিব নহয় ?” সেনাপতিয়ে ক'লে—

42

পঞ্চদশ অধ্যায় কলৰা গাওঁ

2 November 2023
0
0
0

মইনবৰি গাৱঁৰ পূব-দক্ষিণ কোণত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় মইনবৰিৰ পৰা এবেলাৰ বাটত কনৰা নামে এখন গাওঁ আছিল। সেই গাৱঁত মানৰ শেষ আক্ৰমণৰ সময়ত প্ৰায় চাৰিকুৰি ঘৰ মানুহ আছিল। সেই গাওঁখন মানৰ উপদ্ৰৱৰ পৰা ৰক্ষা

43

ষোড়শ অধ্যায়

3 November 2023
0
0
0

আজি মাঘ মাহৰ পঞ্চমী তিথি । ৰাতি পুৱাইছে মাথোন । সূৰুয দেৱতাই পূৱৰ ফালৰ পৰা টল্‌বলীয়া হৈ একুৰা জুইৰ দৰে ৰঙা হৈ ওলাইছে। আকাশ নিৰ্ম্মল। ক'তো এফেৰিও মেঘৰ চিন নাই। কেৱল সূৰুয দেৱতাৰ দুইওকাষে পূৱৰ ফালে ছচট

44

সপ্তদশ অধ্যায় - অনাথ চৌধাৰীৰ ঘৰত

3 November 2023
0
0
0

নিশা হ'লত শান্তিৰাম ভকতে অনাথ চৌধাৰীয়ে সৈতে আলচ যুগুতি কৰি মানুহ দুনুহ লৈ আকৌ মইনবৰিলৈ আহিল । হলকান্ত বৰুৱাক অসঁজাতি ভাবি শাস্তিৰামে তেওঁক কই মেলি এৰি থলে। লগত নানিলে। হলকান্ত বৰুৱাইও পুতেকৰ বেমাৰ টা

45

অষ্টাদশ অধ্যায় - মানৰ শেষ কাল

3 November 2023
0
0
0

হাদিৰাত কোঠ মাৰি অসভ্য মানহঁত তাতে এমাহ মান ৰ'ল আৰু সিহঁতে আজি কালি কৰি ওচৰৰ গাওঁভূই বিলাক লুটপাট কৰি, মানুহ দুনুহ মাৰি দেশ উপাত্ত কৰিলে। সিহঁতৰ অত্যাচাৰত হাদিৰা চকিৰ পৰা ইফালে সাৰগাৱলৈকে মানুহ নোহোৱা

46

ঊনবিংশ অধ্যায়

3 November 2023
0
0
0

অনাথ চৌধাৰীয়ে এইদৰে লক্ষ্মীকান্তৰ প্ৰতিপাল আৰু শুশ্রূষাৰ ঠিকঠাক কৰি আৰু হলকান্ত বৰুৱাক বঢ়াই-বুজাই খুৱাই সুকীয়াকৈএটা খোটালিত শুৱাই থৈ তেৱোঁ নিশা হ'লত নিশ্চিন্ত মনে শুলেগৈ। তেওঁৰ আদেশমতে পমীলা, মনোমত

47

বিংশ অধ্যায় - মান ভঙনি

3 November 2023
0
0
0

এইবাৰ দুৰ্ব্বল অসমীয়া জাতিৰ কৰুণ আৰাও ঈশ্বৰে যেন কাণ পাতিহে শুনিলে । নিচলা অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ কৰুণাময় পৰমেশ্বৰে এইবাৰ তেওঁৰ অনুগৃহীত বৃটিশ সিংহৰ হৃদয়ত খুন্দিয়ালে। বহু ছথ যাতনাৰ শেষত পিশাচ

48

একবিংশ অধ্যায়

3 November 2023
0
0
0

কনৰ৷, জৈনা চাপৰি ইত্যাদি গাৱঁৰ মানুহবিলাক ভাঙি বৰপেটাত গৈ আশ্ৰয় লোৱাৰ পিছদিনা ৰাতি পুৱাই বৰপেটাৰ কেৱলীয়াহাটীৰ দুই চাৰিজনকৈ ভকতে হাত-মুখ ধুই গা-পা তিয়াই তেওঁবিলাকৰ নিত নিয়ম অনুসৰি বৰপেটাৰ কীৰ্ত্তন

49

দ্বাবিংশ অধ্যায় - বৰপেটীয়া মেল

4 November 2023
1
0
0

পাঠক সকল! বিশেষ মোৰ বৰপেটীয়া বন্ধু সকল ! আপনালোকক এটি কথাৰ বাবে খাটিবলগীয়াত পৰিলোঁ। উপাখ্যান বা উপন্যাসৰ অনুৰোধত পৰি আজি আমি এফো কথা লিখিবলৈ ওলালোঁ। আপোনাসকলে কিজানি সেই কথাৰ বাবে আমাক বেয়াকে পায়।

50

ত্রয়োদশ অধ্যায় - উল্‌টা বুঝিলি ৰাম।

4 November 2023
0
0
0

পাঠক! আমি আমাৰ কাহিনীৰ মাজতে এটা কথা কবলৈ ওলালোঁ। তাহানিখন হেনো এজন সন্ন্যাসীয়ে বাটে দি গৈ থাকোঁতে খোজ কঢ়াত ভাগৰ লাগি ভাবিলে ডাঙৰ ডাঙৰ মানুহবিলাকে ঘোঁৰাৰে ফুৰে। তেওঁবিলাকে সেই ঘোঁৰাব ওপৰত উঠি ফুৰাৰ

51

চতুর্বিংশ অধ্যায় - দুখৰ শেষে

4 November 2023
0
0
0

ৰিচাৰ্ডচন্ চাহাবে মানক বৰপেটাৰ পৰা খেদি সেই নিশাৰ নিমিত্তে বৰপেটাৰ মেটুয়াকুচি পথাৰত বাহৰ কৰিলে। মান পলাই যোৱা শুনি বৰপেটাৰ মানুহবিলাক হাবি বননিৰ পৰা ওলাই আহিল। গোটেইবিলাক মানুহে যেতিয়া আকৌ বৰপেটা চা

52

পঞ্চবিংশ অধ্যায় - “ধীৰে সমীৰে যমুনাতীৰে বসতি বলে বনমালী”

4 November 2023
0
0
0

আজি কালি কৰি দুমাহ সময় হৈ গ'ল। মহাত্মা ডেভিড স্কট চাহাবৰ অনুগ্ৰহত দেশত শাস্তি স্থাপিত হ'ল। লক্ষ্মীকান্ত আৰু বদন দুইও বীৰ সম্পূৰ্ণ আৰোগ্য হ'ল। চাৰিউফালে মানুহবিলাকে নিজ নিজ বিষয় কৰ্ম্মত মন দিবলৈ ধৰিল

53

সামৰণি

4 November 2023
0
0
0

শাস্তিৰাম ভকত বদনৰ ঘৰৰ পৰা নিৰুদ্দেশ হবৰে পৰা পমীলাৰ মুখত আৰু আগৰ সেই হাঁহিমাত নোহোৱা হ'ল । সদায় হা হুমুনিয়াহুতে তেওঁৰ দিন যাবলৈ ধৰিলে। মনোমতীয়ে সখীয়েকৰ দুখ বুজি তেওঁক বৰকৈ যতন কৰিবলৈ ধৰিলে আৰু মা

54

টীকা প্রথম খণ্ড প্রথম অধ্যায়

4 November 2023
0
0
0

হেৰুতীয়া যাহ দিলে—এই ক্রিয়াটো ভাহানিখন কৃষক তেওঁৰ লগৰীয়া গোৱালসকলে গৰু চাৰোঁতে বনফল আনি দিয়া শ্ৰুতিৰ আহি লৈ কৰা হয় । তৃতীয় অধ্যায় ১। আজিকালি — অর্থাৎ ১৮৯৭ চনৰ ভূমিকম্প হোৱাৰ আগেয়ে । ১৮৯৭ চন

55

দ্বিতীয় খণ্ড দ্বিতীয় অধ্যায়

4 November 2023
0
0
0

দ্বিতীয় খণ্ড দ্বিতীয় অধ্যায় (১) ইংৰাজ গবর্ণমেণ্টে কিয় চন্দ্ৰকান্ত ৰজাক সহায় নকৰিলে এই বিষয়ে জোনাকীত ৰত্নেশ্বৰ মহন্তৰ "অসমত মান" এই প্ৰৱন্ধ চাৰ । ৰত্নেশ্বৰ মহন্তে প্রত্নতত্ত্ব বিষয়ে ভালেমান অন

56

চপলাৰ উপন্যাসৰাজি

4 November 2023
0
0
0

মনোমতী ৰাজর্ষি কৃষ্ণকান্তৰ উইল বিদ্রোহী সংসাৰ চিত্ৰ আনন্দ মঠ বিদায়ৰ আকৰ্ষণ পৰিণীতা দেৱী চৌধুৰাণী আজিৰ মানুহ জীৱনৰ গতি সপোন যেতিয়া ভাজে দেৱদাস ধুমুহাৰ পাছত দুজন বেকাৰ আজিৰ সমাজ কামিনী

57

চপলাৰ বিবিধ সংগ্রহ

4 November 2023
0
0
0

নাৰীৰত্ব পপীয়া ভৰা গল্পগুচ্ছ ছোৰাৰ ৰুপ্তম ভেঁকো ভাৱনা কাব্যভুমি মৰুভূমিৰ ফুল সুখৰ সপোন মাটিৰ মোহ তপোবন ৰামায়ণৰ ৰহঘৰা নগা কোঁৱৰ বিসর্জ্জন চিত্রাঙ্গদা মেৱাৰ সন্ধ্যা কথা দশম কাব্য কাহিন

---

এখন কিতাপ পড়ক