জঙ্কিয়ে আজি চাৰিদিনে পানেইক
বিচাৰিবলৈ কম নকৰিলে। দিনে-ৰাতিয়ে লঘোণ-ভোক থাটিও হাবিয়ে-বননিয়ে, গাঁৱে-ভূঁইয়ে
ভাইক বিচাৰিলে; কিন্তু
কতো তাইৰ বাতৰি নাপালে। হাবি সালেই সি একো একোবাৰ আলচিব ধৰিলে যে সি নিজৰ দেহটো
এৰাই ভাল; কিন্তু
তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহল; সানেইৰনো কি হল এই কথাফাকি জানিহে ভাৰো এক দফা কৰা উচিত সি এইটো বিবেচনা
কৰিবলৈ ধৰিলে।
এই বিবেচনাকে মনত সাৰোগত কৰি সি
বিচাৰিবলৈকে ধৰিলে। অৱশেষত কি তড়িত শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল
তাতে সিও চাপিলগৈ। আৰু গৈয়েই খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ
এজনী গাভৰু সি পোৱাৰ দুদিনৰ আগেয়ে ভালৈকে গৈছিল। নিশা সিহঁতৰ ঘৰতে আছিল। তাৰ
পাছভনো কলৈ গল সিহঁতে কব নোৱাৰে। সিহঁতৰ এই কথাত জঙ্কিৰ পানেইক পাবৰ আশা অলপ বলবতী
হল। সিও ৰাতি চাৰিদাৰ সেই মানুহৰ ঘৰতে থাকিল আৰু ৰাতি পুৱালতে উত্তৰ ফাললৈ মুখ কৰি
ভেবেলিচুকৰ (ক) ফাললৈ গল। গোগা-মুখলৈ যাবলৈ মন কৰি তেবেলিচুকৰ হাবি সোমাইছে মাথোন, এনেতে কৰ পৰা
কেনেকৈ পাঁচোটা গাছি মিৰিয়ে তাক বেঢ়ি পেলালে। মুখত সোপা দি কঁকালত ডোল লগাই টানি
লৈ গল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাব
ধৰিলে। পাঠক। এইবাৰ যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই এটাব নোৱাৰি। সি ভাবিলে সি
নো কি জগৰ লগালে যে পৰ্বতীয়া গাছি মিৰিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হল, এজোপা গছৰ তলত
গাছিহঁত নিশা থাকিল আৰু সিহঁতে ওৰে নিশাটো জষ্মিক বেঢ়ি থাকিল। ভাৰ হাতত যি
টকা-কাড়ি আছিল ডাকো আত্মসাত কৰিলে।
পিছদিনা গাছি মিৰিহঁতে তাক পৰ্বতৰ
ওপৰলৈ তুলিলে। দুর্গম দুর্গম বাটেৰে নিবলৈ ধৰিলে। ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ
সাঁকোৰে পাৰ কৰালে। তাৰ পাছত পৰ্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ লৈ গল। এইদৰে তিনি দিন
তিনি নিশা অনাহাৰে গৈ চতুর্থ দিনা পৰ্বতৰ ওপৰত এখন গাওঁ দেখিলে। সি অনুমানতে বুজিব
পাৰিলে সেইখন গাছি মিৰিৰ দেশ। সেই মানুহ পাঁচজনে তেতিয়া জঙ্কিৰ হাতৰ বান্ধ
মোকোলাই দিলে। তাৰ পিছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গল । প্ৰাণৰ আশাঙ্কাত সিও
পাছে পাছে গল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে আৰু বিৰিং বাৰাং
মাতেৰে সেই মানুহ ঘৰৰ আন আন মানুহবিলাকে সৈতে কখন মখন কৰি তাক বহিবলৈ ইঙ্গিত
কৰিলে। সি বহিল। তাৰ পাছত কেভখিনি সিজুৱা আলু- কচু, কেডোখৰমান শুকান মঙ্গহেৰে সৈতে তাৰ আগত দিলে।
মনত বৰ দুখ থাকিলেও পেটৰ পোৰণিত
অথিৰ হৈ ভাৰে কেতখিনি আলু-কচু থাই পৰি থাকিল। গোটেই নিশা তাৰ চকুলৈ টোপনি নাহিল।
সি তাৰ আগৰ অৱস্থা, এতিয়াৰ
অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো কত আছে, সিনো কি মন্দ ভাগ্যত পৰ্বতীয়া মিৰিৰ দেশ পালেহি এইবিলাক
চিন্তি আকুল হল। একো একোবাৰ ভাবিবলৈ ধৰিলে যে ভাৰ মৰাই বাল কিন্তু পানেইৰনো কি হল
ইয়াৰ শেষ কথা নজনাকৈ মৰিবৰো ইচ্ছা নহল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল।
পেটে পেটে আলচিলে যে সুযোগ পালেই
সি পলাব। পিছদিনা ৰাতি পুৱাল;
সেই পৰ্বতীয়া মিৰিঘৰে ভাৰ কানি- কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই
এটা বেতৰ টুপী, একোছা
বেতৰ কোধাৰি, এটা
কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ খুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন
কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে
তাৰ চাৰিমাহ সময় গল। কপাল মূৰ খুকি পৰ্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে; কিন্তু সিহঁতৰ
চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে।
জঙ্কিয়ে এইদৰে গাছি মিৰিৰ বেশ ধৰি
এদিন পৰ্বতৰ ওপৰত ভাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে।
এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি
বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাছিহঁতে আন এখন
পৰ্বতীয়া মিৰি গাঁৱৰ পাৰ চুৰ কৰি বা ডকা দি আনিচে। অলপ কৌতূকিত হৈ সিহঁতলৈ চাব
ধৰিলে । দেখে যে সেই পৰ্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেই ও আছে। তাৰ
হৰ্ষ-বিষাদ সমান হল। যি পানেইক সি ভৈয়ামত চিকুণ চিকুণ ৰিহা-মেখেলাৰে সজ্জিত দেখি
চকুৰ তৃপ্তি লভিছিল সেই পানেইৰ গাত আজি গাছি মিৰিয়নীৰ সাজ। লগত কেতবোৰ পৰ্বতীয়া
মণি, কঁকালত
মুঠেই এহাতমান বহল এডুখৰি কাপোৰ।
পানেয়েও জঙ্কিক সেইদৰে গাছি মিৰিৰ
সাজ পিন্ধা দেখি মনে মনে দুখিত হল। তাইৰ চকুৰ পৰা আপোনা আপুনি লো বলে।
কিন্তু যাহক চাৰি চকুৰ মিল হোৱাত
দুয়ো মনতে আনন্দ লভিলে। অঙ্কিয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে।
চতুৰী পানেয়ে তেনেকুৱা ভাব দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল।
কিন্তু আলেখ লেখ ৰাখিলে সিহঁতনো কলৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে
পানেয়ো আহিছে আৰু সদায় সেই গাঁৱতে থাকিব তেতিয়া তাৰ মনত বৰ ৰং লাগিল । সি পেটে
সমন্বিতে ভাবিলে ঈশ্বৰ কিজানি এভেদিনে সিহঁতলৈ প্ৰসন্ন হল। মনতে সেই নজনা জনক
ধন্যবাদ দিবলৈ ধৰিলে। কিন্তু পানেয়ে সৈতে কথা বতৰা পাতিবৰ একো সুবিধা কৰিব
নোৱাৰিলে। যাহক সাদায় সি আৰু পানেয়ে চল চাবলৈ কম নকৰিলে।
চতুর্দশ অধ্যায়ৰ
মিৰি ভাষাৰ শব্দৰ ভাঙনি (ক) এই
নামেৰে লক্ষীমপুৰ বৰদলনী মৌজাৰ উত্তৰ ফালে এডোখৰ ঠাই আছে।