ৰিচাৰ্ডচন্ চাহাবে মানক বৰপেটাৰ পৰা খেদি সেই নিশাৰ নিমিত্তে বৰপেটাৰ মেটুয়াকুচি পথাৰত বাহৰ কৰিলে। মান পলাই যোৱা শুনি বৰপেটাৰ মানুহবিলাক হাবি বননিৰ পৰা ওলাই আহিল। গোটেইবিলাক মানুহে যেতিয়া আকৌ বৰপেটা চাপিলহি তেতিয়া গোটেইখন বৰপেটাতে কান্দোনৰ ৰোল উঠিল। জীয়াই থকা মানুহবিলাকে মৰা মানুহবিলাকৰ নিমিত্তে আৰাৱ কৰিবলৈ ধৰিলে – “বোপাই কলৈ গলি ঔ ? ককাই কলৈ গলি ঔ ?” সিহঁতৰ বিননিত গছৰ পাতবিলাকেও যেন বিনাবলৈ ধৰিলে। মৰা মানুহৰ আত্মীয়-কুটুম্ববিলাকে তেওঁবিলাকৰ মৰা আত্মীয়-কুটুম্ববিলাকৰ শৱবিলাক বিচাৰি বিচাৰি নি নৈৰ পাৰত সৎকাৰ কৰিবলৈ ধৰিলে। ঘৰ- দুৱাৰবিলাক পুৰি যোৱাত লৰাতিকতাবিলাকে কান্দি কান্দি আলিয়ে পছলিয়ে পৰি ৰ'ল ।
বদন চৌধাৰীৰ ঘৰ বৰপেটা সত্ৰৰ অলপ বাহিৰত থকাৰ নিমিত্তে জুইত পোৰা নগল । মান যোৱাৰ পিছতে অনাথ চৌধাৰী শাস্তিৰাম ভকত এওঁবিলাক দুইও লক্ষ্মীকান্ত আৰু বদনৰ শৱ দুটা বিচাৰিবলৈ ধৰিলে। ভালেখিনি পৰ বিচাৰি বিচাৰি তেওঁবিলাক দুয়ো দুয়োজন বীৰৰে দেহ ছটা পালে । প্ৰথমতে তেওঁবিলাক দুইও মৰা যেন অনুমান হ'ল। অনাথ চৌধাৰীয়ে কান্দিবলৈ ধৰিলে; কিন্তু সুচতুৰ শান্তিৰামে ছুইওটাকে লাৰিচাৰি দেখিলে যে তেওঁবিলাকৰ কাৰো গলত ঘা লগ৷ নাই। নাকত হাত দি চাই দেখিলে যে হুইৰো অলপ অলপ নিশাই বই আছে। তেতিয়াই শাস্তিৰাম ভকতে অনাথ চৌধাৰীক নিজৰ মনৰ ভাব কৈ চাৰি পাঁচ জনমান মানুহ মাতি আনি ধৰাধৰি কৰি দুইও বীৰকে ঘৰলৈ লোৱালে । তাত নি দুইকো ছখন খাটত শুৱাই কান্ধৰ ঘা পানীৰে ধুৱাই তাত অলপ ঔষধ দি ঘা ছডোখৰ বান্ধিলে । তাৰ পিছত ছুকুৰা জুই আনি ছইওঞ্জনকে সেকিলে। এই দৰে ওৰে নিশা দুইকো সেৱা-শুশ্রূষা কৰাত ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে দুইও বীৰে গাত তত পালে । চকু মেলি ছইও ভোক লাগিছে বুলি কলে । তেতিয়াই বদনৰ মাকে আৰু গাভৰু তিনিজনাই লগ লাগি এফেৰা মন্দ পগাই খুৱালে। এই দৰে পতিপাল কৰাত তাৰ পিছ দিনা দুইও মাত কথা দিব পৰা হ'ল। কিন্তু তেতিয়াও দুইও সম্পুর্ণ আৰোগ্য নোহোৱাত আকৌ ছয়-সাত দিনলৈ শয্যাতে পৰি থাকিল ।
এই ছয় সাত দিনে শান্তিৰাম ভকত, অনাথ চৌধাৰী, পমীলা, মনোমতী, তিলোত্তমা সকলোৱে ছইও বীৰকে পতিপাল কৰিবলৈ বাকী নেৰিলে। ভাল ভাল ঔষধৰ বলত দুইৰো ঘা শুকনিমুৱা ধৰিলে। কিন্তু তেওঁবিলাকৰ গাৰ পৰা ভালেমান তেজ যোৱাত তেওঁবিলাক বহুদিনলৈকে দুর্ব্বল হৈ থাকিল ৷ এই অৱস্থাতে তুইও বীৰে এদিন দুপৰীয়া শুই আছে। বদনৰ মাকে আৰু পমীলাই বদনক শুশ্রূষা কৰিছিল। মনোমতী আৰু তিলোত্তমাই লক্ষ্মীকান্তক শুশ্রূষা কৰিছিল। সেই সময়তে লক্ষ্মীকান্তই কিবা এটা সপোন দেখিয়েই হবলা টোপনিতে বকিলে — “মানহঁতেনো মনোমতীক ভালে ৰাখিছেনে ?” মনোমতীয়ে লক্ষ্মীকান্তৰ এই প্ৰলাপ নিজ কাণে শুনি তেতিয়াই চকু চলচলীয়া কৰিলে। তিলোত্তমাই মনোমতীৰ ভাব বুজি তললৈ মূৰ কৰিলে। এনেতে লক্ষীকান্তই সাৰ পাই উঠি “মনোমতী” বুলি মাতিলে । তেওঁ সাৰপোৱা দেখি মনোমতী লৰালৰিকৈ উঠি গ'ল। আৰু শোৱা খোটালিত সোমাই বিছনাত পৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে। ইফালে পমীলাইও বদন চৌধাৰীৰ ওচৰৰ পৰা কিবা এটা সকামত উঠি ভিতৰলৈ আহিল আৰু পমীলাই মনোমতীৰ শোৱা খোটালিত সোমাই দেখিলে মনোমতীয়ে উচুপি উচুপি কান্দিব লাগিছে । পমীলাই মনোমতীক সাট মাৰি ধৰি সুধিলে— “সখি! সখি! তুমি আজি কান্দিছা কেলেই ?” মনোমতীয়ে কলে – “সখি! মোৰ আজি সাতো ভাৰস্তৰ কথা মনত পৰিছে। মোৰনো আই দেউতা কলৈ গ'ল ? মোৰনো আশ্রয়দাতা বৰুৱা বৰুৱানীৰ কি হ'ল ? আমাৰনো সুখৰ ঘৰবাৰী কলৈ গ'ল ? ঈশ্বৰে নো মোক জীয়াই ৰাখিলে কেলেই ?” পমীলা – “সখি! ছিঃ ! তুমি কেলেই আকৌ সেইবিলাক কথাকে মনত কৰিছা ? আমাৰ বৰুৱানী তেওঁৰ পুতেকে সৈতে যেনে তেনে ক'ৰবাত আছে। ” মনোমতী—“সখি ! ঈশ্বৰে মোৰ কপালত সুখ - লেখা নাই হবলা !” পমীলা—“তোমাৰ কপালতনো সুখ লেখা নাই বুলি কেনেকৈ জানিলা ?” মনোমতী— “জানিবৰ আছে।”—পমীলা “ডেকা বৰুৱাই তোমাক কিবা কলেনে কি ?” মনোমতী— “সখি ! তেওঁ মোৰ চৰিত্ৰত সন্দেহ কৰে। মোৰনো তেন্তে আৰু জীয়াই থকাৰ সকাম কি ?” পমীলা —“সখি ! তোমাৰ এইটোহে দুখনে? তুমি এই অলপ কথাতেই নিৰাশ হৈছানে ? নিৰাশ নহবা। ৰোগ চাই ঔষধ আছে ৷ চুঙা চাই শোপা আছে। ডেকা বৰুৱাৰ মনৰ ভ্ৰম গুচাব পৰা ঔষধ এপালিও মোৰ হাতত আছে, তুমি চিন্তা নকৰিবা।” পমীলাৰ এই কথাত মনোমতী শান্ত হ'ল। তেওঁৰ মুখত আকৌ হাঁহিয়ে দেখা দিলে। মনোমতীয়ে পমীলাক টানি নি ডিঙিত সাট মাৰি ধৰি চুমা এটা খাই কলে – “সখি ! বাৰু ঈশ্বৰে যদি কৰে তোমাকো এদিন সোৱৰাম।”