হেম বৰুণা, অসম গৌৰৱ শিক্ষাবিদ, শিক্ষাব্রতী সাহিত্যিক আৰু সংসদী ৰাজনীতি বিশাৰদ এজন আগশাৰীৰ অসমীয়া লোক বুলি বৰেণ্য আৰু স্বীকৃত হৈছে। হেম বৰুৱাৰ গুৱাহাটীয়া কাৰ্য্যকালৰ বিদ্যায়তনিক পৰিবেশৰ ১৯৪৪ চনৰ প্ৰথম দলৰ অন্যতম ছাত্রৰূপে জহৰ বন্ধব বিবতিৰ পিছত বি. বৰুৱা কলেজৰ পুৰণি কামৰূপ একাডেমীৰ দখিণ ফলীয়া কোঠাত কুৰিজন মাত্র ছাত্রই (ছাত্রী তেতিয়া নাই) সন্ধিযা পেট্রোমাক্স লাইটব পোহবত কলিকতা বিশ্ববিদ্যালয়ৰ আই-এ মহলাৰ ইংৰাজী নাটক মাইল ষ্টোন জ খন পড়া দৃশ্যটি শু'রবিটো। লগতে ১৯৫১ চনৰ ছেপ্টেম্বৰৰ এক তাৰিখে সেইখন বি. বকরা কলেজতে (তেতিয়াও নৈশ মহা- বিদ্যালয় ৰূপে চলি থকা) পুবণি কামৰূপ একাডেমী ভরনতে অধ্যক্ষ হেম বৰুৱাৰ নিজহাতে টাইপ কৰা নামখোদিত লিপি- পত্ৰৰ নিযুক্তি পত্র মতে উত্তৰফলীয়া সমুখৰ কোঠাটিত শিক্ষক ৰূপে মোৰ যোগদানৰ কথাও মনলৈ আহিছে। ইতিপূর্বে বৰুৱা ছাৰ ঢুকাবৰ দিনাৰে পৰা লিখাৰ চেষ্টা সততে কৰিও সফল হব পৰা নাছিলো: মাজতে 'কি ফুলে ফুলালা'ৰ অবে এৰিলেও কর্পটিয়ে নেৰা মৰমৰ অত্যাচাৰ আৰু এতিয়া অসম সাহিত্য সভাৰ আগ্রহভৰা অনুৰোধৰ তাড়নাত বিসঙ্গতিৰ মাজত এয়া লিখিলোঁ। দায়-দোষ মৰিষণৰ আশাবে: পক্ষীসর উবয় পথা অনুসাৰে। ব্যক্তিগত উল্লেখবোৰৰ অহমিকা ৰীতি সাপেক্ষে নর্ধর্তব্য।
গুরাহাটী তেতিয়া নগৰী: মহানগৰীৰ স্বপ্ন দেখা নাই। দাঁখলীপুখুৰীয়ে আহোম ৰাজঘৰীয়া স্মৃতিকে বহন কৰি দ্বিতীয় মহাযু জৰ জাপানী-মার্কিণ আৰু নিগ্রো সামৰিক বতাহো কম- বেছি পৰিমাণে অনুভৱ কৰিছে। পাণবজাৰৰ হেজাৰ সন্ধিয়াত ব্লেক আউটে বেমেজালি পাতিছে। জাঁপ কাৰত উঠি অলিয়ে- গলিয়ে ধর্ষিতা বনিতা মিলিটেৰা আৰু তেওঁলোকৰ দালালৰ কৰায়ত্ত হোরা সর্বসাধাৰণ কাহিনীবোৰ নোকোরাই ভাল। এফালে যুদ্ধৰ বজাৰ, বস্তুৰ জুই-ছাই দাম; লগে লগে কন্টল, কোপাৰেটিভ, ষ্টোৰঃ এম্-ই-এছ, গেৰিছন থিয়েটাৰ, এ-আৰ-পি, ট্রেঞ্চ, ট্রেক্টৰ আৰু এন্টি-এয়াবক্রেফট গান, বন্দুক-বাৰুদ, বেডক্ৰছ, ভাম্........আন ফালে বিয়াল্লিছৰ গণ বিপ্লৱৰ ঢৌ, উখল-মাখল তথা অন্তনিহিত ফন্তুৰ দৰে হিংসাত্মক কায্য, পশ্চাদ্ঘাত, পুলিচ মিলিটেৰীব দমন নীতিমূলক গুলী-চালনা, গ্রেপ্তাৰ, আত্ম-গোপন: নেতাজী সুভাষচন্দ্র বস্তুৰ নেতৃত্বত আজাদ হিন্দ ফৌজ গঠনৰ ৰহস্যময় কাহিনী আৰু উত্তৰ-পূব ভাৰতৰ কহিমা, মণিপুৰ আদিত চাঞ্চল্যকৰ প্রবেশ, বোমা বর্ষণ আদিয়ে প্রাক্ স্বৰাজ কালৰ গুৱাহাটী তথা অসম আৰু ভাৰতবৰ্ষৰ জন-জীৱন মহাত্মা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছৰ গৰিমাবে বৃটিছ সিংহৰ লঘিমা সাধনতে সততে ব্রতী আৰু ছলে-বলে-কলে-কৌশলে ভাৰতবৰ্ষৰ মুক্তি লাভৰ বাবে কম-বেছি পৰিমাণে উঠি অহা ছাত্র-ছাত্রী আৰু প্রবীণ নেতাসকল বন্ধ-পৰিকৰ। এই যুগৰ চিত্ৰ পিছৰ বহু ৰচনাত সাহিত্যিক স্বীকৃতি পাইছে যদিও এয়া প্রাক্ স্বৰাজ যুদ্ধকালীন যুগটি বাস্তবি-কাকত আৰু আলোচনীৰ ফালৰপৰা কন্দা-কটা নিষ্পেষণৰ সুহুৰিহে। পণ্ডিত কমল নাৰায়ণ দের, চক্রেশ্বৰ ভট্টাচার্য্য, ভবানন্দ দত্ত, অমৃত ডেকা আদিৰ যত্নত বিহুগী কবি ৰঘুনাথ চৌধাৰী আতাব 'জয়ন্তী' যুগৰ সাহিত্য-চর্চা ক্ষীণভারে গুরাহাটীত চলি আছিল। এনে পটভূমিত ১৯৪২ চনৰে পৰা শ্রেণী আৰম্ভ কৰিবলৈ লৈও দ্বিতীয় মহাৰণৰ বিননিত এবছৰ পিছুরাই, কলিকতা বিশ্ববিদ্যালয়ৰ অনুমতিক্রমে সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি যুগ- মীয়া কৰিবলৈ তেওঁবে পৰিয়ালৰ কেশৱকান্ত বৰুৱাৰ দানৰ ওপৰত ভিত্তি কৰি কামৰূপ একাডেমীত ১৯৪৩ চনত বি. বৰুৱা কলেজৰ আই-এ (কমার্চ) শ্ৰেণীৰ প্ৰথম বার্ষিক প্রায় একুবি ছাত্রবে (লোকপ্রিয়) গোপীনাথ বৰদলৈৰ সন্মানিত অধ্যক্ষ তথা পৰিচালক সভাৰ সভাপতিৰ যুটীয়া দায়িত্বৰ মণি-কাঞ্চন সংযোগত শুভাৰম্ভ হয় জহৰ বন্ধৰ পিছৰ এটি বসাল সন্ধিয়াত হেছাক লেম্প আৰু পেট্টমাক্সৰ যৌথ প্রচেষ্টাত। ১৯৪৪ চনত বৰদলৈদেৱে কাৰাবাসৰ পৰা নবাগত হেম বৰুৱাক ইংৰাজীৰ অধ্যাপনা আৰু উপাধ্যক্ষ তথা কাৰ্য্যবাহী অধ্যক্ষৰ কাম চলাবলৈ আনে: ইয়াৰ আগতে হৰ গোবিন্দ শর্মাদের আৰু শুবেন্দ্রমোহন দাস ডাঙৰীয়াই অন্যান্য শিক্ষক প্রেমধৰ চৌধুৰী, ৰমেশচন্দ্র দত্ত, দেৱেশ্বৰ পাঠক, যাদর নাৰায়ণ দাস, বনমালী শর্মা আদিৰ সহায়ত কলেজখনৰ প্রথম বার্ষিকৰ শ্রেণীবোৰ চলাই আছিল। বি. বকরা কলেজলৈ হেম বৰুৱাৰ আগমন বৰদলৈ ডাঙৰীয়াৰ দূৰদৃষ্টি আৰু দৃঢ় সিদ্ধান্তৰ ফলশ্রুতি। কেবাণী কলেজৰপৰা বুঢ়া-বুঢ়ীৰ কলেজৰ পৰিক্ৰমা পাৰ হৈ বি. বকর। কলেজ বর্তমানে নতুন পৰিবেশত কম সংখ্যক ঘৰ আৰু বেছি পৰিমাণৰ বাৰান্দাবে এখন প্রথম শ্রেণীৰ কলা-বিজ্ঞানব মহাবিদ্যালয় কৰাৰ পথত হেম বৰুৱা আৰু পুৰেন্দ্রমোহন দাসৰ কঠোৰ সাধনা পৰিশ্ৰমপটু হাতখনৰ ইপিঠি-সিপিঠি: এই কথা মোৰ নিজৰ নহয়-সকলো বি- বকরা কলেজ পৰিয়ালেই স্বীকাৰ কৰিব লাগিব।
"হোরাট ইজ, এ' ড্রামা? ড্রামা ইজ, এ' কনফ্লিক্ট, 'টিজ, এ' কক্লিষ্ট, বীট উইন গুড, এণ্ড, ইভিল্………………” ৰোকৰ পিছতে প্ৰথম শ্ৰেণীৰ বক্তৃতা দিবলৈ গৈ ইংৰাজীৰ প্রবক্তা অধ্যাপক হেম বৰুৱাই ১৯৪৪ চনৰ দ্বিতীয় বার্ষিক আই-এ (কম্) বি. বৰুৱা কলেজৰ ছাত্ৰ কুৰিজনমানৰ আগৰ ইংৰাজ- চাহাবৰ বক্তৃতাৰ লেখীয়া স্বাসাঘাত-ধ্বনিবে ৰূপকল্পৰ সৃষ্টি কৰে। স্থৰেন্দ্রমোহন দাসৰ পঢ়াশলীয়া ইংৰাজী শিক্ষা দানৰ লগত হেম বৰুৱাৰ শিক্ষাদানৰ পদ্ধতি, ৰীতি আৰু তুলনামূলক উদ্ধৃতি, অনুসঙ্গ-প্রসঙ্গ বিস্তাৰ-ক্ৰমৰ যথেষ্ট পার্থক্য আছে। প্রথম বক্তৃতা শুনি নতুনত্বৰ মাজেদি কঠোব, কষ্টসাধ্য লাগিছিল। দাস ছাবব তুলনাত বেয়া যেন লাগিছিল যদিও সেয়া লাহে লাহে সজ, সাধ্য, কাম্য আৰু ভোগ্য হৈ পৰিছিল। হেম বকরাই অকল ইংৰাজী ভাষা-সাহিত্যৰ শ্রেণী লৈয়ে ক্ষান্ত থকা নাছিল। শ্রীযাদর নাৰায়ণ দাস ধুবুৰীৰ ভোলানাথ কলেজৰ অধ্যাপনা-অধ্যক্ষতাৰ বাবে যাবলগীয়া হোৱা কাৰণে বৰুৱাই ইংৰাজীৰ উপৰিও অসমীয়াৰ শ্রেণীও লৈছিল: তেতিয়া কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া মাতৃভাষাৰ মূল্যাঙ্ক এশ: পাঠ্য-পুথিৰ ক্ৰম কবিতা-কুঞ্জ, কথা- সাহিত্য, আৰু ব্যাকৰণ-বচনা (আৱশ্যক-সুবিধামতে)। বকরাই কবিতা, নাটক পঢ়রাবলৈ বেছি ভাল পাইছিল: প্রবন্ধ-নিবন্ধ, ব্যাকৰণ, ছন্দ-অলঙ্কাৰ আদি পুবেন্দ্রমোহন দাসে সাধাৰণতে বেছিকৈ লৈছিল। বকরাব এটা গুণ আছিল-ছাত্রসকলে কোনো শিক্ষক নাহিলে, কাৰ্য্যালয়ত আহি কলে আৰু সেই কথা গম পালে, বকরাই নিজে গৈ সেই শ্রেণীত উপস্থিত হৈ সেই বিষয় নহলে অন্য এটি সুবিধাজনক প্রসঙ্গৰ ওপৰত আলোচনা কৰি সময়ৰ সদ্যৱহাৰ কৰিছিল। তেতিয়াৰ নৈশ শ্রেণীৰ প্ৰায় চাৰি ঘণ্টা- চাৰে চাৰি ঘণ্টা সময়ৰ বাহিৰে কলেজ কাৰ্য্যালয়তে পুৱাৰ পৰা ছপৰীয়ালৈকে (বন্ধত ব্যতিক্রম হব পাৰে) আৰু অন্যান্য সময়তো পুথি-আলোচনী পড়া, লেখা, তামোল-চিগাৰেট দুয়োটাকে প্রায় এৰা-ধৰাকৈ বা নেৰানেপেৰাকৈ ব্যৱহাৰ কৰা, লগে লগে বিবিধ বিষয়ৰ আলোচনা, তর্কজাল বিস্তাৰ কৰা, সভা-সমিতি পালে উদ্দীপ্ত প্রাণবস্তু শব্দৰ মোহিনী বাণেৰে বিদ্ধ কৰা ভাষণ দিয়া ......আৰু মানুহক ভাল পোরা, 'মানবেৰ মাজে আমি বাঁচিবাৰে চাই' মনোভাৱেৰে চলি থকা হেম বৰুৱাক পাহৰিব নোৱাৰি।...
চিৰস্তন ছাত্র-শিক্ষকৰ প্রতীক
হেম বৰুৱাক মই চিৰস্তন ছাত্র-শিক্ষকৰ যুগল প্রতীক বুলি গণ্য কৰোঁ। ইয়াৰ কাৰণ তেওঁ সদায়ে লিখা-পড়া কৰিছিল। মুখত তামোলৰ সেলেঙী লগাই কথাৰ জাউৰিৰ মাজতো বুদ্ধিদীপ্ত ছাত্ৰৰ দৰে জনাব ধাউতি, কেতিয়াবা প্রবীণ শিক্ষকৰ দৰে কঠোৰ মন্তব্য আৰু অনুশাসন। তেওঁ যিটো জানিছিল, উপলব্ধি কৰিছিল, সাহসেৰে-দৃঢ়তাৰে কব পাৰিছিল, কাৰ্য্যত পৰিণত কৰিছিল। সদায়ে ছাত্রৰ দৰে বিনয়ী আৰু নিয়মানুবত্তিতা তেওঁৰ চৰিত্র- আচৰণৰ উল্লেখযোগ্য বৈশিষ্ট্য। লাহ-বিলাহৰ গোন্ধ নোলোৱা মোটা খদ্দৰৰ হলৌ চোলা পিন্ধা নিজকে অগুরনি বুলি বর্ণোরা বৰুৱা ডাঙৰীয়াৰ সভা-শুৱনি ৰূপ আৰু বচন যিয়ে এবাৰ শুনিছে যে সেয়া ছাত্রই হওক, বাইজেই হওক-অন্তৰ ছুই যোৱা, পাহৰিব নোৱাৰা এটি ৰূপক চিত্রপট। অধ্যক্ষৰ আসনতে বহি ৰাজনীতি, সাহিত্য-চর্চা, সমাজ-বিশ্লেষণ, দৈনন্দিন মহাবিদ্যালয়ী প্রশাসন আদি চলোরা বিবিধ আৰু বহুমুখী চিন্তা-জ্ঞান-কৰ্মৰ ত্রিধাৰা বৰুৱাক প্রায় ত্রিশ বছৰ (১৯৪৪-১৯৭৪) কাল ধৰি বহুজনে ভাল পালেও, দুই-চাৰিজনে আগবয়সত আৰু বেছি সংখ্যকে ৰাজনৈতিক বিপৰ্য্যয়ৰ আগে আগে তেওঁৰ ব্যক্তিগত চাল-চলন, কলেজীয়া মর্যাদা আৰু পৰিয়াল আদিলৈ উচ্চ-নীচ বাক্য আৰু ৰাজনৈতিক ৰটনাৰে আঘাত দিছিল-সেয়া শেষত লক্ষ্মণব শক্তিশেল যেন হলেও বৰুৱা অসমৰ জৱাহৰলালৰ দৰেই উজ্জ্বল আৰু সংগ্রামী (এয়া এগৰাকী কামৰূপৰ হাইস্কুলীয়া ছাত্রীৰ উপমা) হৈ জন- মানসত জিলিকি আছে। চিৰস্তন ছাত্র-শিক্ষকৰ স্বাক্ষৰ বি. বৰুৱা কলেজেই নহয় জে-বি কলেজ, যোৰহাট, সন্দিকৈ কলেজ, গুরা- হাটীৰ মেজতো বক্ষিত হৈছে।
সাহিত্যিক-ৰাজনৈতিক-প্রশাসক
বৰুৱাৰ সাহিত্যিক জীৱন ইংৰাজী বিষয়ৰ এম-এ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত আরাহন কাকতত লিখা পদ্ধিমীয়া সাহিত্য- মূলক প্রবন্ধবোৰত আৰম্ভ হোৱা যেন লাগে। যোৰহটীয়া পৰি- বেশ, জেলখানাব ভিতৰ আৰু স্বর্গীয় লোকপ্রিয় গোপীনাথ বৰদলৈৰ সান্নিধ্য, গুরাহটীয়া বহল বাতাবৰণ আৰু ক্রমে দিল্লী মহানগৰী তথা দেশ-বিদেশৰ চিত্র-বিচিত্র অভিজ্ঞতাই তেওঁৰ সাহিত্য বিষয়- গন্ধী আৰু উদ্ধৃতিবিপুল অৱস্থাৰপৰা ক্ৰমে বিশ্লেষণমূলক আৰু অভিমতন্ডুলভ কৰি তুলিছে। বৰুৱাৰ সম-সাময়িক প্রিয় কবি কলংপৰীয়া দেৱকান্ত বৰুৱাৰ লগত 'ৰামগিৰি' নিবাসৰ ফলত 'পছোরা' আলোচনীৰ উন্মেষ, মার্কিণ যুক্তৰাজ্যলৈ বক্তৃতাদানৰ আমন্ত্রণৰ পটভূমিত 'সাগৰ দেখিছা' আৰু পৰবৰ্ত্তী ৰঙা কৰবীৰ ফুল, ইজৰাইল, মেকং নৈ দেখিলোঁ, বহাগতে পাতি যাওঁ বিয়া, মন-ময়ুৰী, ছিন্নমূল আদি অসমীয়া পুথি, ৰেডৰীভাব এণ্ড ডিব্লু হীল্ড, এছামিজ পিটাৰেশ্যাব, লক্ষ্মীনাথ বেজবৰুৱা, আইডল আরাবছ, আদিয়ে সাহিত্যিক ৰূপে ছাত্র-শিক্ষক জীৱনৰ সমুচিত আৰু ৰাজনৈতিক প্রশাসক জীৱনৰ ওপৰঞ্চি ফল বুলিব পাৰি ৰাজনৈতিক-প্রশাসকৰূপে তেওঁৰ নিষ্ঠা, দুর্নীতিহীনতা আদর্শ ছৈ বব।
বৰুরা ডাঙৰীয়াই বি. বকরা কলেজত অধ্যাপনা কৰা কালডে ৰাজনৈতিক জীৱন আৰম্ভ কৰে আৰু পৰাজয়-জয়ৰ মাজেদি দিল্লীত লোকসভাৰ সদস্য পদ লাভ কৰে। প্রশাসকৰূপে অধ্যক্ষতাৰ (বি. বকরা কলেজ) উপৰিও 'পছোৱা'ৰ সম্পাদনা, অসম কলেজ শিক্ষক সন্থাৰ সভাপতি, বহুত অনুষ্ঠান-সংসদী সমিতিৰ সদস্য- সভাপতি আৰু মৰণৰ আগলৈকে বি. বৰুরা কলেজ পৰিচালক সভাৰ সভাপতিৰূপে বিশুদ্ধ ৰাজনীতি-প্ৰশাসনৰ আহি দেখুৱাইছে। তেওঁৰ কূটনীতি আৰু ছলে-বলে-কলে-কৌশলে কার্য সাধনৰ পদ্ধতি নথকা বাবেই সংসদী নির্বাচনত শেষ পৰাজয় ঘটা বুলি বহুতে কয়। ডক্টৰ বাণীকান্ত কাকতিয়ে বোলে কৈছিল যে বকরাই হয় ৰাজনীতি এৰিব লাগে, নহলে সাহিত্য-গবেষণা সিদ্ধি হব নোৱাৰে।
দোষে-গুণে ভাল পাওঁ
বৰুৱা ছাৰক মই ছাত্র আৰু সতীর্থ হিচাপে দোষে-গুণে ভাল পাওঁঃ তেওঁৰ পৰাজয় আৰু বিফলতাবোৰক মই অভিনন্দন জনাওঁ। বহুতো কথা, বহুতো চিন্তা, বহুতো কাম আমাৰ বাকী ৰৈ গ'ল: কল্যাণীয় ছাত্র শ্রীনন্দ তালুকদাবে নিলিখা বৰুৱাৰ ৰোমান্টিক জীৱন-ধাৰা মুখেৰে কব পাৰি; কিন্তু লিখিব নোৱাৰি। ছাত্র আৰু সতীর্থৰূপে মনত পৰে-বৰুরা ছাবে এইবোৰ কৈ গৈছিল: ভাগ্যে টেপ ৰেকৰ্ড কৰা নহ'ল।