স্কুলীয়া দিনতে 'আরাহনত' "কল্পকীৰ কাহিনী" পড়ো। লিখক শ্রীযুত হেমকান্ত বকরা, এম, এ। 'আৱাহনৰ' এজন গ্রাহক, তেওঁৰ পৰা 'আরাহন' নানান কৌশেলেৰে আৰু বাটেৰে আহি মোৰ হাতত পৰোতে তিনি মাহ লাগে। তেতিয়া গো-গ্রাসে গিলো। বমা দাস, কৃষ্ণ ভুঞা, মালিক, স্বর্গীয় মহীচন্দ্র বৰা, স্বর্গীয় হলীৰাম ডেকা আদিৰ গল্প পঢ়াৰ পিছত, ধাৰাবাহিক উপন্যাস পঢ়াৰ পিছতহে 'কাহিনী'লৈ যাওঁ। এই মানুহজনে গল্প বা উপন্যাস লিখা হ'লে! তথাপি এম এ,-সাহিত্যচর্চালৈ এম এ এজন আহিছে। সেই বয়সত মোৰ সেইটোৱে ডাঙৰ সান্ত্বনা- অসমীয়া সাহিত্যৰ ভৱিষ্যত উজ্জ্বল।
কাৰণ সেই সময়ত এম এ পাছ কৰা অসমীয়ানো কেইজন? বঙলা 'বহুমতী' আদিত কিমান ডিগ্রীধাবী, সংস্কৃতৰ উপাধিধাৰী ডাঙৰ পণ্ডিতে লিখে। আমাৰ যি দুই-এজন আছেও-তেওঁলোকে অসমীয়া সাহিত্যৰ চর্চা নকৰে।
সেই কাষণেই এই লিখকজনৰ প্রতি শ্রদ্ধা আহিল। ১৯৪৫ চনত গুরাহাটীত অসম ছাত্র কংগ্রেছৰ অধিবেশনত প্রতিনিধি স্বৰূপে গৈ প্রথম বৰুৱাদেৱক আঁডৰৰ পৰা দেখো। তেতিয়া মই কলেজৰ ছাত্র। হেম বৰুৱাযে 'আমাৰ' ফালে আছে [ছাত্র ফেডাৰেছনৰ ফালে নহয়!] সেয়ে আছিল মোৰ অন্তৰৰ গৌষর। তেতিয়াই জানিব পাৰিলো তেখেত বি, বকরা কলেজৰ অধ্যক্ষ, ইংৰাজীব এম এ।
১৯৪৭ চন। মই কটনৰ তৃতীয় বার্ষিকৰ ছাত্র। অসমৰ আকাশত সংকটৰ কৰাল ছ!। অসম গ্রপিত যাব, অসমক বলি দি ভাৰতে স্বাধীনতা লব। ইয়াৰ কাৰণেই আমাৰ হেজাৰ হেজাৰ ডেকা-গাভকরে, অগণন জনতাই বিয়াল্লিছৰ আন্দোলনত সৰ্ব্বস্ব ত্যাগ কৰিলেনে?
কেন্দ্রীয় কংগ্রেছী নেতা, জৱাহৰলাল নেহৰু সকলো অনমনীয। জংলী আচাম যাওক তেওঁলোক প্রত্যেকে একোজন চাহানছাহ হব। অসমৰ তৰুণদল ক্ষুব্ধ, হতাশ, ম্রিয়মান। ছাত্র কংগ্রেছৰ নেতা দুই-এজনৰ লগত কথাপা ত গম পালো তেওঁলোক কিংকর্তব্য বিমূঢ়। [শ্রীবিশ্ব গোস্বামী, শ্রীগোলোক বাজবংশী আৰু দুই-এজন- যাৰ লগত ব্যক্তিগত পৰিচয় মোৰ নাছিল!] অসমৰ সমস্যাৰ গভীৰতা কি, বাহিৰৰ কোনেও নাজানে। জনাওঁতাও কোনো নাই। ৰাইজৰ আশা একমাত্র গোপীনাথ বৰদলৈ দের, সকলোরে তেখেতৰ মুখলৈ চাই আছে। সেই সময়ত আমাক উদ্ধাৰৰ কাৰণে আগবাঢ়ি আহিল প্রকৃত মহামানর, মহাত্মা গান্ধী। বৰদলৈ দেৱক কৈ পঠিয়ালে অসম গ্রুপিঙত নবহিব। যদি গ্রুপিণ্ডৰ বিৰোধিতা নকৰে তেন্তে বুজিব লাগিব অসমত মানুহ নাই, মানুহ নামধাবী প্রাণী কিছুমানহে আছে- [Manikins]। কিন্তু তেতি- য়াও বাহিৰত জনমত গঠনৰ কাম থাকি গ'ল। কোনে এই দায়িত্ব ল'ব? ইংৰাজীত প্রবন্ধ লিখি বাহিৰৰ কাকতত প্রকাশ কৰিব লাগিব। তেতিয়াই সেই গুরু দায়িত্ব বহন কৰিবলৈ আগবাঢ়ি আহিল হেম বৰুৱা দের। এই মালুহজন মোৰ হিৰো হৈ উঠিল। দেশৰ এই সন্ধিক্ষণতে শুনিবলৈ পালো তেখেতর বিয়া। তেখেতক গুৱাহাটী বেলষ্টেচনত আগবঢ়াই দিবলৈ কেবাজনো তেখেতৰ লগত ঘনিষ্ঠতা থকা ছাত্র গৈছিল। তেনে এটা জ্বলৰ লগতে আলেঙে আলেঙে ময়ো গলো। বিয়াখন আড় এমাহমানৰ পিছত পতা হ'লে! বৰুরাদের গুরাহাটীত নথকা সময়খিনিতে যদি অসম কংগ্রেছে গ্রপিং মানি লয় !! তেতিয়া আমাক কোনে নেতৃত্ব দিব? সোনকালেই শুভকাম সমাধা কৰি তেখেত গুৱাহাটীলৈ আহক। এই কামনাৰে আঁতৰৰ পৰা ৰেলৰ ভিতৰত বহি থকা হেম বকরা দেৱক জুমৰ মাজেদি চালো। মন কৰিলো তেখেতৰ মুখত চিন্তাৰ ছাপ নাই। অন্তৰখন অলপ লঘু লাগিল। আমাব কিজানি বিপদৰ সম্ভাৱনা নাই।
তেতিয়াও তেখেতৰ ওচৰ চপাৰ, চিনাকি হোৱাৰ সাহস নহ'ল। সদায়ে আত্ম-বিশ্বাসহীন, নার্ভাছ, অথচ আনব প্রতি ঈর্ষাকাতৰ।
ঐ পিত্তৰ বিপদ গ'ল। হেম বৰুৱা মোৰ মানত হিৰো হৈ গ'ল। 'জয়ন্তী গ্রুপ'ৰ সাহিত্য মোৰ প্রিয় নাছিল। বৰুৱা দেৱৰ 'পূজা', 'বান্দৰ', 'গুৱাহাটী-৪৪' আদি কবিতা পঢ়িছিলো। বোধহয় কবিতা কেইটা ভাল পাইছিলো, কিন্তু কবিব প্রতি কৌতূহলৰ সৃষ্টি হোৱাকৈ ভাল পোরা নাছিলো- (বুজা নাছিলো)।
১৯৫১ চনত এম এ পঢ়ি থকা অৱস্থাত 'ৰামধেনু'ত ওলোরা 'বসন্তৰ বাট পথাৰৰ গান' কবিতাটোরে সকসুৰা কোড়াল এটাৰ সৃষ্টি কৰিলে। ফাগুনীক 'জাকরালী' বোলাৰ কাৰণে এই কোড়াল। এদিন গোলোক ৰাজবংশীয়ে সুখবৰটো দিলে-হেম বকরা চাৰে মোৰ কবিতাটো বৰ ভাল পাইছে। তেওঁ প্রায়ে তেখেতৰ ওচৰলৈ যায়,-মই তেওঁক লাগিলো, যেনে-তেনে মোক চিনাকি কৰি দিয়ে যেন। তেওঁ লোকৰ কামত সদায়ে আগৰণুৱা। ল-হোষ্টেলত মোক ছাঁট দিয়াৰ গুৰিতে তেওঁ। কিন্তু মোৰ নাই সময়-ৰেডিঅ' ষ্টেচনত সদায় মোৰ পার্ট টাইম কাম-গার লীয়া ৰাইজৰ পৰিচালনাৰ দায়িত্ব। সময় মিলাব নোয়াখাত সেই কাম হৈ মুঠিল। কেইমাহমানৰ পিছত অসমীয়া আধুনিক কবিতাৰ এটা সৰু আলোচনা আগ্রহেবে পড়িলো-রকরাণেরে লিখা। নাই, 'ইত্যাদি' বা 'অন্যান্য'-ক'তো মোৰ নাম নাই! তাহানিৰ প্ৰশংসা শুনি বেলুনৰ দৰে ফুলি উঠা অন্তৰখন ধূপ, কৰে ফাটি ছিটিকি গ'ল। হেম বৰুৱাদেৱৰ প্রতি খঙত, বেজাৰত মন ভৰি পৰিল। কি গৰজ পৰিছিল মোৰ কবিতা ভাল পোৱা বুলি আনক ক'বলৈ?
ইয়াৰো কেইমাহমানৰ পিছত বছৰ চেৰেকৰ পিছতো হব পাৰে] সম্ভর যোগেশক বিচাৰি যাওঁতে বৰুৱা দেৱৰ লগত চিনাকি হ'লো। 'ছাৰ' বুলি সম্বোধন কৰি মোৰ কবিতাটোৰ কথা উন্নকিয়ালো আৰু বাকী কবিতা পঢ়িছেনে পুধিলো। ৰাজবংশীৰ আগত মোৰ কবিতা ভাল পোৱা বুলি কৈ কিয় আলোচনাত মোৰ নামটোকে উল্লেখ নকৰিলে তাৰ এটা ব্যাখ্যা (৭) দাবী কৰিলো!
তেখেতে স্বীকাৰ কৰিলে, সময়ত মোৰ নামটো বা কবিতাটোৰ কথা মনত নপৰিল। মোৰ কপালক দূষিলো মনতে। মই যদি চিনাকি হৈ থাকিলোহেঁতেন! ফুটাই কলো, "গল্পৰ আলোচনাতো কেবাজনেও মোৰ নাম উল্লেখ কৰা নাই, বেয়া লিখক বুলি কলেও এটা সান্ত্বনা থাকে, আমি কি প্রেৰণাত লিখিম?"
"সেই কাৰণে সংকলন লাগে। সংকলন এটা হ'লে উল্লেখ কৰাৰ সুবিধা হয়। আলোচনীৰ পাতত পড়িলে মনত নাথাকে। আপোনাৰ কবিতাটো ভাল পাইছিলোঁ, মনত পৰিছে।” মোৰ শিশুশুলভ অভিমানক আহত নকৰাকৈ ছাৰে উত্তৰ দিলে।
[পিছৰ কালত 'মডার্ণ আচামীজ পয়েটি ত' মোৰ ছটা কবিতাকো তেখেতে স্থান দিছে।]
মোৰ গল্পৰ প্ৰকাশক নাই। 'পপুলাৰ' নহয় বুলি কয়। উপন্যাস লাগে, আৰু গল্প হ'লেও খী ডায়মনচনেল প্রেমৰ কথা থাকিব লাগে। মনতে কলো।
১৯৫৫ চন। 'পুথিঘৰ'ৰ মালিক শ্রীকমলচন্দ্র বড়াদেরক কৈ মেলি "অৰুণাচল" নামৰ সাহিত্য-সংকলন প্রকাশ কৰিবলৈ মাস্তি কৰালো। নগাওঁ কলেজত সোমোৱাৰ বেছি দিন হোরা নাই। অকলেই প্রবন্ধ-পাতি সংগ্রহ কৰিছিলো। যোগেশৰ গল্প আৰু হেম বৰুৱা ছাৰৰ কবিতা আনিবলৈ নিজে গলো। কবিতাটোত এঠাইত 'শুক্র-কীট' শব্দটো আছে। মই শব্দটো কাটি দিবলৈ নাইবা আন প্ৰকাৰে ভাবটো প্রকাশ কৰিবলৈ টানি ধৰিলো। তেখেতে হাঁহি ক'লে, "কিয়? আপত্তিটো ক'ত? ইংৰাজী কবিতাতো পাব, মিলিয়ন মিলিয়ন স্পামটোজোৱা।"
"ইংৰাজ পাঠক আৰু অসমীয়া পাঠকৰ মনৰ পৰিধিৰ কথাও ভাবক ছাব।"
"বাৰু বৰাই কৈছে যেতিয়া-নে কি কোঁরা যোগেশ?"- ওচৰতে থকা যোগেশ দাসে তেওঁৰ পোহনীয়া হাঁহিটো মাৰিলে। হাঁহিটো কাৰো গাত নালাগে সঁচা, কিন্তু সেই মুহূর্তত মোক সামান্য ভারে সচেতন কৰিলে। মোৰ, এয়া আম্পদ্ধা নহয় জানো?
তেখেতে শব্দটো সলাই দিলে।
পিছত শ্রীনৱকান্ত বৰুৱাৰ ওচৰলৈ কবিতা বিচাৰি যাওঁতে এই কথা কোরাত মোলৈ অবাক হৈ চাই ক'লে, "তুমি হেম ককাইদেউৰ কবিতাতো কেঁচি চলালা? আমাৰ কা-কথা! ভয়ে লাগে তোমাক কবিতা দিবলৈ।" কিন্তু জানে মই এঁকৰা-মৈত- উঠা। কবিতা দিলে।
মোৰ কবিতা বা লিখাৰ ওপৰত যদি কোনোবাই তেনে আপত্তি জনালেহেঁতেন, তেতিয়াই তেওঁক বিদায় দি কবিতাটো ৰাখি গলোহেঁতেন! বকরা ছাৰ কি বিৰাট ব্যক্তিত্বৰ অধিকাৰী! মোৰ জীৱনৰ বহুত মূর্খামিৰ ভিতৰত ইয়ো এটা। আৰু সেই সময়টোত তেখেতৰ চাৰিওফালে জয় জয়কাৰ!
এই ঘটনাৰ পিছত আৰু এবাৰ লগ পাওঁ। সম্ভর "কাঠনি- যাৰীঘাট" সংকলনটোৰ প্ৰথম প্ৰকাশৰ এখন কিতাপ তেখেতক উপহাৰ দিবলৈ যাওঁতে। প্রকাশক নোলাল, বন্ধুবৰ অধ্যাপক (মোতকৈ জুনিয়ৰ), সাহিত্যিক শ্রীভদ্র বৰাৰ চেষ্টাত প্রকাশিত হ'ল। তেখেতক এটা অভিমত দিবলৈ ক'লো। তেতিয়া ১৯৬১ চন। মই সাহিত্যৰ প্রসঙ্গ ওলাওঁতে কলো, তেখেতৰ অসমীয়া লিখা মই বেয়া পাওঁ। সেয়া অসমীয়াই নহয়, ইংৰাজীৰ লিটাবেল ট্রেনপ্লেচন।
এনে এটা আকস্মিক আক্রমণৰ কাৰণে তেখেত প্রস্তুত নাছিল। কবিতাৰ আলোচনাত মোৰ নাম নিদিয়াৰ পোহনীয়া উন্মাৰেই মই খৰংখচ কৈ কৈছিলো।
তেখেতৰ হাঁহি থকা বা সদা প্রসন্ন মুখখন সামান্য ভাবে জয় পৰা যেন লাগিল। মাতটো সৰু কৰি ক'লে "সঁচা, বৰা। মই কষ্ট কৰি অসমীয়া লিখিবলৈ শিকিছিলো। কন্নকীৰ কাহিনীত বৰ কষ্ট হৈছিল।
মই সমান উন্মাৰেই কৈ গলো, "আপোনাৰ করিতা বেয়া পাওঁ। দুই-এটাহে তাহানি ভাল লাগিছিল। বহুতৰে তথাকথিত আধুনিক করিতা মই বেয়া পাওঁ।" [অর্থাৎ মোৰ করিতাহে ভাল!]
"সঁচাকৈয়ে বৰা"-অনুচ্চ, গহীন পুৰত তেখেতে উত্তৰ দিলে, "আমি লিখিহে গৈছো, পাঠকৰ বিএকচন কি জানিব পৰা নাই।"
ব্যক্তিগত সান্নিধ্যলৈ খুব কমই আহিছিলো, কিন্তু প্রত্যেক বাৰতে সৰু-সুৰা একোটা খাৰঘৰ অলিছিল। পিছত তেখেতৰ অসমীয়া ৰচনা উন্নত হৈছিল।
১৯৬০ চনত, ১৯৬২ চনত হেম বকরা মোৰ তাহানিৰ হিবো হৈ উঠিল। চীনা আক্রমণৰ পিছত সদনুত তেখেত গঞ্জি উঠিছিল সিংহ গর্জনেৰে নেহৰুৰ ওপৰত, "হিউবি'জ ভাদিক্ট উইল বি ষ্টার্ণ এগেনষ্ট ইউ।"
তেনে এটা সময়তে নগার লৈ আহোতে কেইমিনিটমানৰ কাৰণে লগ পাইছিলো। 'ভাৰতীয়' শাসনত আমাৰ অস্তিত্ব ৰক্ষা পৰিবনে, মোৰ এনে মনোভার। তেখেতে ক'লে, "চীনা যুদ্ধত নিহত-আহত- সন্ধানহীনৰ তালিকাত এটাও অসমীয়া মানুহ নাই, এই প্রশ্ন যেতিয়া মোক বাহিৰত সোধে উত্তৰ দিব নোরাবো।... আন এটা প্রসঙ্গত ক'লে, "জনসংখ্যাও প্রয়োজনীয়। আমাৰ জনসংখ্যা কম হোৱাটোও এটা ডুবেক। গুণগত উৎকর্ষও নাই।"
প্রথমবাৰ সদনলৈ নির্বাচিত হোয়াত মই ওলগ জনাই লগতে কৈছিলো, তেখেত বাজনীতিলৈ নমা ভাল পোরা নাই। আমাৰ সাহিত্যৰ ক্ষতি হ'ব। তাতে বিৰোধী পক্ষ। তেখেতে কি উত্তৰ দিলে মনত নাই। কিন্তু কার্য্যেৰে প্ৰমাণ কৰিলে মোৰ ধাৰণা ভুল। শেষ বয়সত সুৰুঙা পাই মই ১৯৪৬-৪৭ চনৰ তেখেতৰ বিয়াৰ সময়ৰ মোৰ মানসিক অৱস্থাৰ কথা জনালো। সংক্ষেপে। তেখেতে অলপ অভিভূত হোরা যেন ধৰিব পাৰিলো। মই জনালো, তেখেত তেতিয়াৰ পৰাই মোৰ কাৰণে হিৰো।
এতিয়া আমাৰ জনসংখ্যা বাড়িল। 'দেশী' আৰু বিদেশীৰ চৰণীয়া পথাৰ হৈ পৰিছে অসম। গোষ্ঠীগত বিভেদ, আত্ম কলহ, ব্যক্তিগত লোভত আমি আজি জুৰুলা। অসমৰ অঙ্গচ্ছেদ হ'ল। যদি চেতনা জাগে, তেন্তে আমাৰ অস্তিত্বৰ শেষ শৰাইঘাট আহিব লাগিছে। তেতিয়া কোন হ'ব আমাৰ নেতা, কোনে দিব আমাক প্রেষণা? নিশ্চয় হেম বৰুৱা দেৱৰ অমৰ দেশপ্রেমে:
'আকৌ এবাৰ ৰঙা কৰি মৰো আহ!
লুইতৰ বগা পানী।'
-[ যাত্ৰাৰ শেষ নাই।]
অম্বুস্থ অৱস্থাত তেখেতক চাবলৈ গৈ জানিলো তেখেত দিল্লীত চিকিৎসাৰ কাৰণে। আৰু এবাৰ তেখেত গ'ল ডিব্রুগড়লৈ। তেখেতৰ ৰোগ-পীড়িত দেহটো নেদেখি মই শান্তিত আছিলো। মোৰ কল্পনাত তেখেত তাহানিৰ ওখ-পাখ, দীঘল পাঞ্জাবীব, মোটোহা খজৰৰ, অযত্বত পিছলৈ পেলাই থোরা ধুনীয়া একোঁচা চুলিৰে, বুকুত সিংহৰ সাহস, চকুত স্বপ্ন আৰু মানৱতাৰ ভৱিষ্যতৰ প্রতি আশা লৈ খোজকাটলত স্বাভারিক গাম্ভীগ্য আৰু আভিজাত্য লৈ ব্যক্তিত্বৰ সন্মোহনী বায়ুমণ্ডল এটা লৈ বিচৰণ কৰি ফুৰা, ১৯৪৭ চনক সেই হেম বৰুৱা হৈয়ে বৈ গ'ল।