এইবাৰ দুৰ্ব্বল অসমীয়া জাতিৰ কৰুণ আৰাও ঈশ্বৰে যেন কাণ পাতিহে শুনিলে । নিচলা অসমীয়া জাতিক উদ্ধাৰ কৰিবলৈ কৰুণাময় পৰমেশ্বৰে এইবাৰ তেওঁৰ অনুগৃহীত বৃটিশ সিংহৰ হৃদয়ত খুন্দিয়ালে। বহু ছথ যাতনাৰ শেষত পিশাচ মানৰ হাতৰ পৰা অসমীয়া জাতিৰ উদ্ধাৰৰ আয়োজন হ'ল ।
ডেভিড় চন্ ছাহাবে মুঠেই পাঁচশ সৈন্য লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ বিজনীৰে পৰা মানহঁতক বন্দুকৰ গুলিৰে জাকে জাকে বগৰাই খেদিবলৈ ধৰিলে। এইবাৰ মানে বুজিলে যে সিহঁততকৈও পৃথিবীত বিক্রমশালী জাতি আছে। ইংৰাজৰ লগত মানহঁতে মাজে মাজে অলপ অচৰপ লুকুৱা-লুকি কৰি হতাহতি যুঁজ কৰিলে ; কিন্তু সুশিক্ষিত ইংৰাজ সৈন্যৰ আগত ঠাৰিৰ নোৱাৰি যেয়ে যিপিনেদি পালে ফৰিং ওফৰা দি উফৰি পলাবলৈ ধৰিলে। সিহঁতে চিৰিলি-বিৰিলি হৈ পলাওঁতেই সমুখতে যাক য'তে পালে তাকে ত'তে কাটি মাৰি উজাবলৈ ধৰিলে । সিহঁত যি যি পিনেদি গ’ল সেই সেই পিনেদি গাওঁভূ ই বিলাকত জুই লগাই লগাই গ'ল৷ কামৰূপীয়া মানুহেও এইবাৰ চেগ বুজি ঠায়ে ঠায়ে লগ লাগি মানক হোলোঙা-বাৰিৰে পহু টঙনিওয়া দি টঙনিয়াবলৈ ধৰিলে । এইদৰে গোটাইখন দেশত আকৌ মহা হুলস্থুল লাগি পৰিল ।
ডেভিড চন্ ছাহাবে উত্তৰ পাৰেদি, ৰিচাৰ্ডচন্ ছাহাবে দক্ষিণ পাৰেদি আৰু মেকমৰাণ, ছাহাবে ব্ৰহ্মপুত্ৰই দি মানক পিচে পিচে খেদিলে ।
হলকান্ত বৰুৱাই সেই দিন অনাথ চৌধাৰীৰ ঘৰব পৰা ওলাই নদী পাৰ হৈ ৰূপসী মৌজাৰ জৈনা গাৱঁত আহি এখৰ মানুহৰ তাত আশ্ৰয় লৈছিল। পাছ দিনা ৰাতি পুৱা তেওঁ সেই গাৱঁৰ কুড়ি পঁচিশজন মানুহে সৈতে কথা বতৰা পাতি আছিল; এনেতে সিফালৰ পৰা কুৰিজন পলৰীয়া মান আহি সেই গাৱঁত সোমাল ৷ মান অহা বুজি পায়েই গাৱঁৰ লৰা তিৰুতা এটাইবিলাকেই ঘৰ-দুৱাৰ এৰি বৰপেটাৰ ফাললৈ লৰ ধৰিলে । হলকান্ত বৰুৱাই মুঠতে কুৰিজন মান দেখি গাৱঁৰ মানুহবিলাকক উছাই দি ক’লে—“ভাইহঁত ! মুঠেই কুৰিটা মান । আমাৰ ইমান সৰহ মানুহ থাকোঁতে কুৰিটা মানৰ ভয়ত কেলেই পলাব লাগিছে। লৰা তিৰুতাবিলাক গ'ল ভালেই হ'ল। আমি মতাবিলাকে লগ লাগি ইহঁতক এটাও নোহোৱা কৰি মৰিয়াই মাৰোহক আহ”, এই বুলি গাৱঁলীয়া মানুহবিলাকক লগ কৰি লৈ গৈ হোলোঙা বাৰিৰেই সেই কুৰিটা মানৰ আঠাৰটাক মৰিয়াই মৰালে । নিজ হাতে দুটা মান মাৰিলে । বাকী দুটা মান পলাই গ'ল ৷ মানহঁতক মৰাই উঠিয়েই তেওঁ গাৱঁৰ সমস্ত মানুহকে লগ কৰি লৈ বৰপেটাৰ ফালে আহিল। তেওঁ সেই মানুহবিলাকক আগবঢ়াই দি অলপ পিছ পৰি বাট হেৰুৱাই হাবিৰ মাজতে ৰ'ল । ইবিলাক মানুহে ভাটিবেলীয়া গৈ বৰপেটা পালে । পলাই যোৱা সেই মানুহহুটাই গৈ ডেভিড চন্ ছাহাবৰ আগে আগে পলাই অহা মানজাকক মইনবৰিতে লগ পাই সিহঁতৰ অসমীয়া মানুহৰ হাতত বিলই-বিপত্তিৰ কথা ক'লে। “আঠাটা মান অসমীয়া মানুহে মাৰিলে”, এই কথা শুনি সকলোবিলাক মানেই বলিয়া কুকুৰৰ দৰে জকি উঠিল। আৰু সিহঁতৰ সেই একেলগে থকা বাশ মান হুজাক হৈ এজাক চাউলখোৱা পাৰ হৈ জৈনা চাপৰিৰ ফালেদি বৰপেটালৈ আহিবলৈ ধৰিলে। এজাক ব্ৰহ্মপুত্ৰৰ দাতিৰে কনবা গাৱেঁদি আহিবলৈ ধৰিলে ।
মান কনৰা গাওঁ আহি পোৱাৰ আগেয়ে গাৱঁৰ মানুহ- বিলাকে সেই কথা বুজি পালে । সকলোৱে লৰি গৈ অনাথ চৌধাৰীক জনালে। অনাথ চৌধাৰীয়েও সেই কথা শুনি মানৰ উপদ্ৰৱৰ পৰা লৰা তিকতাক সৰুৱাবলৈ মন কৰি ততালিকে দোলা আৰু পাল্কীৰে তিকতাবিলাকক লৈ আৰু নিজে হাতী বন্ধাই শান্তিৰাম ভকত আৰু লক্ষ্মীকান্ত ডেকা বৰুৱাক লগত লৈ বৰপেটাৰ ফালে খোজ ললে । গাৱঁৰ আন আন মানুহেও লৰা তিৰুতা লৈ ঘৰৰ য'ৰে বস্তু ত'তে পেলাই থৈ অনাথ চৌধাৰীৰ পাছে পাছে বৰপেটালৈ লৰ ধৰিলে ; আৰু গধূলি হোৱাৰ অলপ আগখিনিতে বৰপেটা পাই তেওঁ সপৰিবাৰে তেওঁৰ ভালে দিনৰ চিনাকি বন্ধু বদন চৌধাৰীৰ ঘৰত আশ্ৰয় ললে। গাৱৰ আন আন মানুহেও যেয়ে য'তে পালে সেয়ে ত'তে এমুঠি এমুঠি খাই পৰি থাকিল ।