shabd-logo

ভাতৃ হিচাপে শ্রীপ্রফুল্ল কুমাৰ বৰুৱা

21 November 2023

0 দৰ্শন কৰা হৈছে 0

তেতিয়া ককিলামুখ আৰু গুৱাহাটীৰ মাজত আব. এছ. এন. আৰু আই জী. এন. কোম্পানীৰ জাহাজ চলিছিল। আৰ এছ এন- কোম্পানীৰ জাহাজবোৰ আছিল "কুকী", "ডফলা", "মিৰি", "মিচিমি", "লুচাই", "শিখ" আৰু আই. জী. এন. কোম্পানীৰ জাহাজ কেইখন আছিল "ঈগল", "কাইট" আৰু "পেৰীগ্রীণ"। জাহাজ চাবলৈ আমি প্রায়ে জাহাজ ঘাটলৈ আহো। আমাৰ জাহাজ ঘাটটোৰ নাম আছিল গমিৰি ঘাট। অৱশ্যে জাহাজ ঘাটলৈ অহাৰ আৰু এটা উদ্দেশ্য আছিল। ঘাটত জাহাজ লগোৱাৰ লগে লগে আমি জাহাজত উঠো আৰু বাবুক কৈ (আমি দেউতাক বাবু বুলি মাতিছিলো) বাটলাৰৰ তাৰপৰা লেম'নেড, জিজাৰ বীয়েৰ আদি খাইছিলো। আমাৰ আজিও ধাৰণা জাহাজৰ লেম'নেড চৌদা যি খোরা নাই সি যেন একোরেই খোৱা নাই; জাহাজৰ ঠাকুৰ আৰু বাটলাবৰ হাতৰ ভাত যি খোরা নাই সি যেন ভাতেই খোরা নাই। সেইদিনা ঘাটলৈ মই আৰু মোৰ দাদা চোনা (শ্রীজিতেন বৰুৱা, লাইফ ইনচিঅ'বেল কোম্পানীৰ ফিল্ড অফিচাৰ) গৈছিলো। সেইদিনা যোৱাৰ কাৰণটো আছিল অৱশ্যে বেলেগ। সেইদিনা দাদা আহিব। জাহাজ আহি পালেহি। ঘাটৰ কাষ চাপি আহি থকাৰ লগে লগে আমি জাহাজৰ তলৰ ডেকত দেখিলো মানুহৰ মাজত থিয় দি আছে ধুতি পাঞ্জারী পিন্ধা ওখ মানুহজন। সেইয়াই দাদা। ঘাটৰ কাষ পাই ষ্টীম বন্ধ কৰি দিয়াৰ লগে লগে জাহাজখনে খুব টলং-ভটং কৰিছে। চোনাৰে মোৰে খুব ভয় লাগিছিল। জাহাজখন ডুবি যাবনেকি! দাদাৰ কি হব! জাহাজখনৰ একো নহল। পিছতহে জানিলো নিজৰ সুৰত নিজেই মজাৰ দৰে জাহাজখনে নিজে সৃষ্টি কৰা ঢৌতে কেতিয়াবা তেনেকৈ টলং-ভটং কৰে।

দাদা আমাৰ লগত গমিৰিত থকা দিনকেইটা বৰ ভাল লাগে। আমি দাদাৰ লগত নদীৰ পাৰত ফুৰো, হেলেম বাগিচাৰ বাই- দেউৰ তালৈ যাওঁ আৰু বৰঙ্গাবাৰীত ইঘৰ-সিঘব ফুবো। আমি দাদাব বাকচ খুলি চাওঁ-পেষ্ট পেষ্ট গোন্ধায়। সেই গোন্ধটো আমাৰ বৰ ভাল লাগিছিল। বাকচত টুথপেষ্ট ভৰাই নিয়া সেই গোন্ধটো আজিকালি আমাৰ বাকচতো পাওঁ। তেতিয়া কিন্তু সেইটোৱেই আমাৰ কাৰণে বৰ ভাল লগা কথা এটা আছিল। এবাৰ চোনাই ময়ে দাদাৰ লগত জাহাজত গৈছিলো। সেইদিনা পেৰীগ্রীণ জাহাজ আছিল। জাহাজখন বৰ ধুনীয়া। আমি ঠাকুৰৰ তাত ভাত খাইছিলো। ঠাকুবজনে দেখিছো দাদাক আৰু লগতে আমাকো চিতল মাছৰ মস্ত মস্ত কুলঠীৰ টুকুৰা ভাজি ভাজি জোৰকৈ খাবলৈ দিছে। দাদাই কথাটো ভাল পোৱা নাছিল আৰু নালাগে বুলি বৰ আপত্তি কৰিছিল। চোনাই ময়ে কিন্তু বেছ তৃপ্তিত কুলঠীৰ দীঘল দীঘল কাঁইটবোৰ চুপি আছিলো। পিছত দাদাই কৈছিল-এবাৰ বোলে সেই ঠাকুৰজনৰ কিবা এটা অনুবিধা হোৱাত আৰু জাহাজতে পাই দাদাক কোরাত দাদাই ওপৰৱালালৈ এখন দৰখাস্ত তাক লিখি দিছিল। দরখাস্তমতে তাৰ কামটো হৈছিল। সেই কাৰণে সি দাদাক ইমান খাটিৰ কৰিছে। লোকৰ কাৰণে অলৈ তলৈ লিখি কাম কৰি দিয়া কথাটোৰ আৰম্ভণি যেন তেতিয়াৰ পৰাই হৈছিল। 

আমি তেতিয়া যোৰহাটত থাকি পড়ো। দাদাও আমাৰ লগত আছিল। দাদাৰ তেতিয়া চাকৰি নাছিল। দাদাক তেতিয়া আমি পাইছিলো এজন বৰ খঙাল মানুহ হিচাপে। চুলিবোৰো আছিল ঠৰঙাঠৰং। মায়ে সদায় কৈছিল- “ইয়াৰ খংটোরেই কেতিয়াবা সর্বনাশ কৰিব।" দাদাৰ খঙাল স্বভাৱৰ কাৰণে আমি, মানে চোনা আৰু মই প্ৰায়েই মাৰ খাইছিলো। মাজু দাদা (শ্রীনর বৰুৱা, বর্তমান বম্বেত থাকে) ভায়েক আছিল যদিও প্রায় দাদাৰ বন্ধুৰ নিচিনাই আছিল। আমাক পিটাত দাদা আৰু মাজু দাদাৰ মাজত যেন এটা মিত্রতা স্থাপন হৈছিল। অৱশ্যে আমি মাষ খাবলগীয়া কামো কৰিছিলো। চোনাই ময়ে বল খেলা লৈ প্রায়ে কাজিয়া কৰিছিলো। দাদাৰ মনটোও প্রায় অশান্তিত থাকে। কাৰণ তেতিয়ালৈকে দাদাৰ চাকৰি-বাকৰি হোৱা নাছিল। এবাৰ কাজিয়া কৰি থাকোতেই দাদাই খাপ মাৰি মোৰ চুলিত ধৰিলে। তেল বঁহা চুলি আছিল, মই পিছলি সাৰি গলো। তাৰ পিছত চোনাক ধৰিলে। চোনা সাৰিব নোৱাৰিলে। পিঠিত বহি লৈ নামঘৰত ডবা কোবোৱা দিলে। আমাক মাৰপিট কৰিছিল যদিও মৰমো কৰিছিল খুব। চোনা আৰু মই দাদাব লগত শুইছিলো। ভাত খাই উঠাৰ পিছত আমাক শুই থাকিবলৈ কৈ দাদা আগপিনে চকী পাৰি বহুত ৰাতিলৈকে বহি থাকে। চোনাৰে মোৰে অকলে শুই থাকিবলৈ বৰ ভয় লাগে। গতিকে মূৰ উলিয়ালেই ভূত দেখিম বুলি ভয়ত জুন মাহৰ গৰমতো চোনাই ময়ে লেপেৰে মূৰ ঢাকি সোমাই থাকো। ফলত গাৰ ঘাম ফিল্টাৰৰ পানী পৰাদি টপ টপ কৈ পৰিবলৈ আৰম্ভ কৰে। দাদাই সকলো কথাতে আমাৰ যত্নও লৈছিল খুব। সময়মতে নপড়িলে দাদাই খুব বেয়া পাইছিল; বাতিপুরা সোনকালে উঠি পঢ়া-শুনাত নবহিলে আমাক সদায় খং কৰিছিল। ভালকৈ গা পা ধুই, ধুনীয়াকৈ কানি-কাপোৰ পিন্ধি বেছ স্মার্ট হৈ স্কুললৈ ওলাই যোৱা দেখিলে দাদাই ভাল পাইছিল। ভনী কেইজনীকো (ভাঙ্গু, ভী, ননী) গা-পা ধুৱাই মুৰত ফিটা বান্ধি স্কুললৈ পঠিয়াই দিছিল। ৰিবনৰ ফুলটো বৰ ধুনীয়াকৈ মাৰিব জানিছিল। যোৰহাটত থকা দিন কেইটাত প্রায়ে দাদাক পঢ়া-শুনা কৰি থকা দেখিছিলো। পুরাবেলা কিবা কিবি লিখিছিল। মোক প্রায়ে আমাৰ স্কুলৰ প্ৰধান শিক্ষকৰ (বিমান বৰুৱা) ঘৰলৈ "এঙ্গলো এচেমীজ ডিচনেৰী" খন আনিবলৈ পঠিয়াইছিল। আবেলি ঈৰত দাদা ফুৰিবলৈ ওলাই গৈছিল আৰু বহুত পলমকৈ ঘৰলৈ উলটিছিল। ফুৰিবলৈ যাওঁতে সদায় দাদাই কান্ধত ছাতি এটা লৈ ফুৰিছিল। তেতিয়াই দাদাৰ চৰিত্ৰৰ এটা বৈশিষ্ট্যৰ সেইটো হৈছে প্রতিবাদ কৰিবলৈ দাদাই কথা ধৰা পৰিছিল। অকণো কুণ্ঠা বোধ কৰা নাছিল। আমাৰ ঘৰৰ কথা কোনো- বাই বেয়াকৈ কলে; হুচৰি গাবলৈ আহি হুচৰিৰ দলে অসৎ আচৰণ কৰিলে বিপক্ষত যিমান মানুহেই নাথাকক লাগিলে দাদাই অকলেই প্রতিবাদ কৰিছিল, প্রত্যাহবান জনাইছিল। সেইটো স্বভারেই পিছলৈ অকাট্য যুক্তিৰ অৱতাৰণা কৰি বিৰো- ধিতা কৰাৰ স্বভাৱলৈ পৰিণত হৈছিল। লোকসভাৰ মজিয়াৰ কথাই নাই বিশ্বৰ বিভিন্ন ঠাইত য'ত দাদাই বক্তৃতা দি ফুৰিছিল তাতো, ভাৰতৰ অন্যান্য ঠাইৰ সভা-সমিতিতো নির্ভীকভাৱে যিটো কব লাগে সেইটো দাদাই কৈছিল। এবাৰ দিল্লীত অনুষ্ঠিত সাহিত্য সম্মিলন এখনত প্রসিদ্ধ সাহিত্যিকসকলে অংশ গ্রহণ কৰিছিল। এজন সাহিত্যিকে বক্তৃতা প্রসঙ্গত এষাৰ মন্তব্য দিওঁতে দৰ্শকৰ মাজৰ পৰা এজনে চিঞৰি উঠিছিল-'That is wrong assesment of things'. ঘটনাটোৰ বিৱৰণী দি ডঃ ভূপেন হাজৰিকাই লিখিছিল-"উলটি চাওঁ-সেইয়া আমাৰ হেম বকরা।" 

আমেৰিকালৈ গৈ আমেৰিকাৰ প্লেটফৰ্মৰ পৰাই বক্তৃতা দি আমে- বিকাৰ নীতি সমালোচনা কৰিছিল। যোৰহাটত থকা সময়খিনিত দাদাই জগন্নাথ বৰুরা কলেজত কাম কৰিছিল। তেতিয়া দৰমহা বৰ কম আছিল। খুব সম্ভর পঞ্চাশ টকামানহে পাইছিল। সেই কাৰণে টিউচনো কৰিবলগীয়া হৈছিল। যাক যাক দাদাই পঢ়- ৱাইছিল তাৰ ভিতৰত শ্রীব্রীজমোহন আগ্রৱালাৰ কথা আমাৰ বৰ মনত পৰে। সেই সময়ত বর্তমানব বহুত ডাঙৰ ডাঙৰ মানুহক তেনেই ওচৰৰ পৰা দেখিছিলো। ডঃ বিৰিঞ্চি কুমাৰ বকরা, শ্রীদেৱকান্ত বৰুৱা, শ্রীবিপিনপাল দাস প্রমুখ্যে বহুত মানুহ আমাৰ ঘবলৈ আহিছিল; কেতিয়াবা ৰাতি থকাকৈও আহিছিল। দেৱকান্ত বৰুরাকতো প্রায়েই পাইছিলো। তেনে ডাঙৰ লোক- সকলৰ আগত আমাৰ ওলাবলৈ ভয় লাগিছিল। জ্ঞানৰ পৰিসৰ কম হলে জ্ঞানী লোকৰ আগত ওলাবলৈ সাহস গোটাব নোৱাৰি। কিন্তু সেই বুলি তেওঁলোকে আমাক পড়া সোধা নাছিল। সেইটো বিপদ আমাৰ গমিৰিতহে হৈছিল। কেতিয়াবা জাহাজ দেৰি হৈ এইপিনৰ পৰা যোরা দুই এজন ব্যক্তি গমিৰিত আমাৰ ঘৰত থাকি যাবলগীয়া হৈছিল। তেওঁলোকে আমাক বৰ টান টান বানানবোৰ যেনে ধৃতৰাষ্ট্র, গজাঙ্ক ইত্যাদি শুধিছিল। এজোপা গছত ইমানটা চৰাই আছিল-এজন চিকাৰীয়ে গুলী কৰাৰ ফলত ৫ টা চৰাই মবিল, গছজোপাত বাকী কেইটা চৰাই থাকিল- এই মৌখিকটো বৰ সুধিছিল। যোৰহাটত এবাৰ দেৱ বৰুৱাৰ আগতে দাদাই চোনাক সুধি দিলে, "নেপলিয়নৰ জীৱনীখন পঢ়িবলৈ যে দিছিলো পড়া হ'ল নে তোৰ ?" আচলতে চোনাৰ পড়া হোৱা নাছিল। দাদাই তেতিয়া কিতাপখন পড়ি শেষ নকৰাৰ কাৰণে চোনাক খং কৰিছিল। তেতিয়া দের বকরাই দাদাক কৈছিল-"তাক খং কৰিছে কেলেই-নেপলিয়নৰ পিছৰ জীৱন ছোরা পড়ি আহোতে তাৰ মনটো ইমান দুখ লাগি আহিল যে সি কিতাপখন শেষেই কৰিব নোৱাৰিলে।” বিপিন পাল দাসক আমি থিয়েটাৰ কৰাও দেখিছিলো। মাজু দাদা, নকুল ককাইদেউ (যোৰহাটৰ শ্রীদের প্রসাদ বৰুৱা), শ্রীগোৱিন্দ শর্মা (যোৰহাটৰ চোলাধৰাব) আদিয়ে 'ফ্রেণ্ডচ থিয়েটাৰ' নামৰ এটা নাট্য গোষ্ঠী গঠন কৰিছিল। সেই নাট্য গোষ্ঠীয়ে অভিনয় কৰা "গতিপথ" নামৰ নাটক এখনত বিপিন পাল দাসে পার্ট কৰিছিল। ইয়াৰ পিছত পাইছিলো হবেশ্বৰ গোস্বামী, শ্রীলক্ষ্য চৌধুৰী, শ্রীকমল চৌধুৰী, শ্রীবিশ্ব গোস্বামী আদিক। এইসকল ব্যক্তিৰ এটা কথাই ভাল লাগে যে এওঁলোকক কৰবাত কেতিয়াবা লগ পালে তেওঁলোকৰ মানত আমি এতিয়াও এতিয়াও সকলোৰে খবব লয়। যেন সেই চোনা, চিকু, ভী, ভাই, ননী। দাদাৰ ওচৰলৈ অহা অন্যান্য ব্যক্তিসকলৰ ভিতৰত অমূল্য বৰুৱা আৰু আনন্দ ফুকনৰ কথা বৰকৈ মনত পৰে। অমূল্য বৰুৱাৰ লগতে সাম্প্রদায়িক সংঘৰ্ষত কলিকতাত আনন্দ ফুকনবো মৃত্যু হৈছিল। আনন্দ ফুকন আছিল এজন কৃতী ছাত্র। তেওঁ ফুটবল খুব ভাল খেলিছিল। কিন্তু দুখ লাগে আনন্দ ফুকনৰ কথা দেখোন কোনেও নকয়, আনকি বালিগাঁরতে তেওঁৰ স্মৃতি দিৱস নাপাতে। সেই হাঁহি থকা মুখৰ আনন্দ ফুকন দাদাৰ বৰ মৰমৰ আছিল। তদুপৰি কলেজৰ ছাত্ৰ বহুতো আহি দাদাব লগত কথা-বতৰা পাতি থকা দেখিছিলো। কিন্তু তেতিয়া যেন তেওঁলোক ছাত্র নহয়, দাদাৰ বন্ধুহে। কিন্তু তথাপি কোনো দিন শ্রেণীত দাদাৰ বিৰুদ্ধে ছাত্রই অসৎ আচৰণ কৰা শুনা নাছিলো। বৰঞ্চ দাদাক শ্রদ্ধা কৰাৰ কথাহে শুনিছিলো। অৱশ্যে এনে শিক্ষকৰ কথাও শুনিছো যি কাৰোবাৰ পিছত লৰাক লগাই দিয়ে। দাদাৰ শিক্ষক হিচাপে জনপ্রিয়তা বাঢ়ি অহা দেখি দাদাৰ পিছতো ল'ৰা লগাই দিছিল। এবাৰ দাদাৰ ক্লাছলৈ ল'বা নোসোমাই বাহিৰতে লৰাবোৰ বৈ আছিল। দাদাই শুদা কমটোতে পঢ় ৱাবলৈ আৰম্ভ কৰিছিল... পিছত এজন এজন কৈ ছাত্র ক্লাছত সোমাবলৈ আৰম্ভ কৰিছিল। এবাৰ আকৌ দাদাই পঢ় ৱাবলৈ আবস্ত কৰাৰ লগে লগে, উচটাই দিয়া মতে, ল'ৰা এটা এটাকৈ ক্লাছৰ পৰা ওলাবলৈ আবস্ত কৰিছিল। তেনেতে ছরাব মুখত থিয় হলহি এজন পলোরান ল'ৰা। তেওঁ ব্যায়াম কৰিছিল। সৰু ককাল, বহল বুকু। তেওঁ চেলেঞ্জ দি কলে-“কোনটো ক্লাছৰ পৰা ওলাই যার চাওঁ।" সেই ছাত্ৰজনৰ নামটো একেবাৰে পাহৰি গৈছো। তাব কাৰণে বৰ দুখ পাইছো। সেই ছাত্ৰজনৰ ওপৰত দাদাৰ ব্যক্তিত্বই নিশ্চয় প্রভার পেলাইছিল। ছাত্ৰৰ প্ৰতি দাদাই কৰা আচৰণৰ পৰা বি অভিজ্ঞতা লাভ কৰিছিলো, পিছতো প্রায় চব্বিশ বছৰ শিক্ষকতা কৰি যি বুজিছো যে বহুত শিক্ষকে ভবাৰ দৰে ছাত্ৰৰ প্রতি ভাল ব্যৱহাৰ কৰিলে ছাত্রই আসৈ নাপায়। বৰঞ্চ শ্রদ্ধাজনিত এটা মবম ভার এৰাব নোৱাৰাকৈ সোমাই পৰে। সেই কাৰণেই বোধকৰো ছাত্ৰৰ অনুশাসনহীনতাৰ বিষয়ে কবলৈ গৈ হুমায়ুন কবিবে ছাত্র আৰু শিক্ষকৰ মাজৰ মধুৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

সেইসময়ত স্বাধীনতা আন্দোলনৰ ভৰপক। আমি চেভেন- এইটৰ ছাত্ৰ হিচাপে আন্দোলনত লাগিছিলো। সর্বশ্রী যোগেন শইকীয়া, অজিত শর্মা, ভোলা ফুকন আদিয়ে আমাক নেতৃত্ব দিছিল। অজিত শর্মা বর্তমান ছলিয়াজানৰ চাকৰিয়াল, ভোলা ফুকন বৰপাত্র হাইস্কুলৰ শিক্ষক। আন্দোলনত লগাত দাদাই আমাক বাধা দিয়া নাছিল। কেরল ঘৰত নোকোৱাকৈয়ে এবাৰ দেৰগার'ত অনুষ্ঠিত ছাত্রসভা এখনলৈ মই গুছি গৈছিলো। ঘৰত কৈ নোযোৱাৰ কাৰণেহে সেইবাৰ দাদাই মোক গং কৰিছিল। আনকি এবাৰ কাছাৰী ঘৰত পিকেটিং কৰাৰ কাৰণে দিনটো আমাক আটক কৰি গৈ আবেলি পবত নি বহুত দূৰৈত চোনাকে মোকে পুলিচে এৰি থৈ আহিছিলগৈ। দাদাৰ মনত সংঘাত হৈছিল। বাতি দেখিছিলো দাদাই আমাক বিচাৰি গৈছিল। সৰু ভায়েক ছুটাই কষ্ট পাব সেই কথা দাদাই সহ্য কৰিব পৰা নাছিল। দাদাৰ কাৰণেই আমি সৰ্বভাৰতীয নেতা শ্রীমতী অৰুণা আচফ আলি, শ্রীজয়প্রকাশ নাৰায়ণ, ডঃ বামমনোহৰ লোহিয়া আদিক তেনেই কাষৰ পৰা দেখাৰ শুবিধা পাইছিলো। জয়প্রকাশ নাৰায়ণ আৰু প্রভারতী নাৰায়ণ আমাৰ ঘৰত ছদিনমান আছিল। ডঃ লোহিয়াও আছিল। ছয়োজন ইমান ডাঙৰ মানুহ যদিও তেনেই সহজ সবল মানুহ। একেবাবে নিজব ঘৰৰ মানুহ থকা দি তেওঁলোক আছিল। আলহী আছে বুলি বেলেগে বাস্ত হৈ থাকিবলগীয়া হোরা নাছিল। কাছাৰী ফিল্ডত এদিন এটা বক্তৃতা দিয়াৰ কাৰণে দাদাক বৃটিছ চৰকাৰে এবেষ্ট কৰি লৈ গুচি গৈছিল। আমি দাদা ঘৰখনত নথকা অৱস্থাটো অশুভর কৰিছিলো।

১৯৪৭ চনত দাদাব বিয়া হৈছিল। বিয়া লক্ষীমপুৰৰ পৰা হৈছিল। আমি গৈছিলো যোৰহাটৰ পৰা, বাবু আহিছিল গমিবিষ পৰা। দাদাৰ বিয়াৰ নিমন্ত্রণী চিঠিখন আজিও মনত আছে। চিঠিখনৰ ওপৰত আমি জাতীয় পতাকাৰ প্রতিচ্ছবিটো দিছিলো। বিয়াতো দাদাৰ সেই স্পষ্টবাদিতা স্বভারটো ভমককৈ এবাৰ জ্বলি উঠা দেখিবলৈ পাইছিলো। দৰা হিচাপে যথেষ্ট সংযত হৈ আছিল যদিও দৰা আগচাৰ সময়ত আগচা সকলে কিবা এটা অমূলক দাবী কৰাত দাদাই এটা বক্তৃতা আৰম্ভ কৰি দিছিল আৰু বুজাব খুজিছিল যে উঠি অহা ছাত্ৰসকলৰ আচৰণ যদি এনে হয় তেতিয়া হলে দেশৰ ভৱিষ্যত অন্ধকাৰ। অদৰকাৰী কথাবোৰে যাতে সমাজখন বিপথগামী নকৰে সেই বিষয়ে দাদা সকলো সময়তে সজাগ আছিল। তদুপৰি বিয়াৰ দিনা দৰা হৈও বেয়া কিবা এটা দেখি তাৰ বিৰুদ্ধে মাত মাতিবলৈ দ্বিধাবোধ কৰা নাছিল।...... তাৰ পিছত আমাৰ ঘৰলৈ আহিল নবৌ (অণু বকরা)। নবৌ আহিল যদিও আমাৰ প্ৰতি দাদাৰ সেই মৰম আগৰ দৰেই থাকিল। আগৰ দবেই, যি দুই-চাৰি পইচা উপার্জন কৰিছিল সেইয়া ঘৰখনতে খৰচ কৰিছিল। এবাৰ মনত আছে আগদিনা চল্লিশ টকা বেঙ্কত জমা থৈছিল-পইচা সাঁচিব। কিন্তু সঁচা নহল। কাৰণ মোৰ ফিজ দিবলৈ পিছ দিনাই উলিয়াই আনিব লগা হ'ল। দাদা যোৰহাটত থকা দিনকেইটাত কলেজৰ ছাত্র, অন্যান্য বিভিন্ন ধৰণৰ মানুহ আদিৰ সমাগমত আমাৰ ঘৰখন বেছ গৰম হৈ আছিল।

দাদা তাৰ পিছত গুৱাহাটীলৈ গ'ল। শিলপুখুৰী, উজানবজাৰ, নরগ্রহ, চেনিকুঠী কেইবাঠাইতো ধৰ ভাড়া লৈ থাকিল। দাদা মানুহজনবো পবিবর্তন হ'ল বহুত। আগৰ খঙাল মানুহজনৰ ঠাইত দাদা হৈ পৰিছিল এজন শান্ত, বুজন, ধীৰ-স্থিৰ, মৰমিয়াল অথচ দৃঢ় প্ৰকৃতিৰ মানুহ। কিবাকিবি ঘৰুরা কথাত কেতিয়াবা আমি দাদালৈ বেয়াকৈ চিঠি লিখি দিছিলো। তাৰ পিছত কেতিয়াবা গুরাহাটালৈ যাবলগা হলে আমাৰ বৰ ভয় লাগিছিল। কিজানিবা দাদাই খং কৰে। পিছে গৈ পালে হৈছিল তাৰ ওলটাটো। দাদাই কেতিয়া আহিলা, কেনেকৈ আহিলা, ইত্যাদি খবৰ লৈ এনেদৰে কথা পাতিছিল যেন একো হোরাই নাছিল। দাদাৰ এই গুণটো পিছতো দেখিছিলো। কিবা কথাত দাদাক বেয়া পোৱাই খোরা মানুহজন দোষী দোষী ভাবেৰে দাদাৰ ওচৰলৈ আহিলে দাদাই এনেকৈ কথা পাতিব যেন আগতে একো হোৱাই নাছিল। ইতিমধ্যে দাদাই গুৱাহাটীত প্রতিষ্ঠা লাভ কৰি আহিছিল। 

মই দাদাৰ লগত থাকি এম. এ. পঢ়িছিলো। আমাৰ ইউৰোপৰ ইতিহাস পঢ় ওরা সচিদানন্দ ভট্টাচার্য্য নামৰ এজন প্ৰফেচাৰ আছিল। মানুহজন বয়সীয়া। বৰ ভাল প্ৰফেচাৰ। এদিন তেওঁ আমাক ক্লাছত আগলৈ কোন কি হব সেইটো এপিনৰ পৰা শুধি গৈছিল। মোৰ পাল পৰিলত মই কলো "চিনেমা কৰিম।" তেতিয়া তেখেতে কলে, "চেহাৰাটা একটু ভাল কৰতে হবে।” বব লাজ পালো। তাৰ পিছত বুঢ়াই কি ভাবি জানো অলপ ৰৈ সুধিলে-"এখানে তুমি থাক কোথায়?" মই কলো, "বড় ভাইৰ সঙ্গে থাকি।" তেখেতে আকৌ সুধিলে-“কে তোমাৰ বড় ভাই?" মই কলো "হেম বৰুৱা।" বুঢ়াৰ মুখখন উজ্জ্বল হৈ উঠিল। তেখেতে কলে-"চিনেমা কৰতে লাগেনা। বড় ভাইয়েব মত কথা বলতে শিখ।" মনটো বেছ ভাল লাগিছিল। এম. এ. পড়ি থাকোতে কিন্তু কোনো দিন পড়াশুনা কিয় কৰা নাই এইযাৰ কথা দাদাই শুশুধিলে। দাদাই ভাবিছিল ডাঙৰ লবা, নিজৰ দায়িত্ব নিজেই বুজিব। সৰু থাকোতে কিন্তু পড়াশুনাৰ কাৰণে যত্ন লৈছিল আৰু লিখামেলাৰ প্ৰতি আগ্রহ জন্মাবলৈ আমাৰ হতুৱাই "৫ জন নেতা” নামৰ এখন কিতাপ লিখোরাইছিল। সেই সময়ত গোলাঘাটত এখন ছাত্র সম্মিলন হৈছিল। খুব সম্ভর তালৈ মাভালাঙ্কৰ আহিছিল। দাদাইতো গৈছিল যোৰহাটৰ পৰা। দিলে কিতাপ বেচিবলৈ। মই আগৰ কুচকারাজখিনি ঠিকেই কৰিলো। পায়জামা-পাঞ্জারী পিন্ধি কান্ধত ওলোমাই লোরা বেগত কিতাপ ভৰাই লৈ গলোগৈ। কিন্তু গোলাঘাটৰ মিটিঙত এখনো কিতাপ বেচিব নোৱাৰিলো। ছেলছমেনশ্বিপটো সকলোৰে আয়ত্ত নহয়। ঘূৰি আহিলত দাদাই কিমান কিতাপ বিক্রী হ'ল লুধিলে। মই কলো এখনো নহ'ল। দাদাই তেতিয়া কলে-“তোক মই দেখিছো নহয়, তই কিতাপ বেচিবলৈ যত্নই কৰা নাই।" 

তাৰ পিছত বুজাই দিলে এইবোৰ কাম কৰিবলৈ লাজ পাবলগীয়া একো নাই। এইবোৰ সমাজৰ কাম। দাদাৰ পৰা সেই যে জ্ঞান পাইছিলো সেই কাৰণেই বোধকৰো এতিয়া নির্মাণ কৰি থকা "ৰজনীগন্ধা" কথাছবিৰ কাৰণে অংশ বেচি ফুৰিবলৈ অলপো লাজ পোরা নাই।

গুৱাহাটীত এম. এ. পঢ়ি থাকোতেই ভাবিলো চেকেণ্ড পেপাৰ খনৰ (History of Political Thought) প্রশ্নবোৰৰ উত্তৰ টাইপ কৰি ন'ট হিচাপে বান্ধি পেলাম। টাইপৰাইটাৰত কাগজ আৰু কাৰবন সুমুৱাই এটা প্ৰশ্নৰ উত্তৰ এটাৰ এটা পেৰাগ্রাফ টাইপ কৰিলো। এনেতে কিবা এটা কথাত ভিতৰলৈ আহিব- লগীয়া হল। ইতিমধ্যে দাদা ফুৰি-চাকি আহি পালেহি। দাদা আহি পোরা গম পায়েই মই মোৰ টাইপৰ কাগজ-পত্ৰ সকলোবোৰ সামৰি থৈ দিলো। কাৰণ দাদাই আমাৰ লগত বন্ধুৰ লগত আলোচনা কৰা দি যেই কোনো কথা আলোচনা কৰিছিল যদিও ইংৰাজী শব্দ দাদাৰ আগত মুখত লবলৈকে ভয় লাগিছিল। অৱশ্যে ইতিমধ্যে সোমাই আহিয়েই মোৰ লিখাখিনি যে দাদাই চাই থৈছিল গমকে পোৱা নাছিলো। মোক সুধিছিল-"তুমি টাইপৰাইটাৰত দুদিন পিছত নবৌয়ে কিবা টাইপ কৰিছিলা নেকি? দাদাবে কৈছে তোমাৰ প্রথম বাক্যটোরেই ভুল।" জীরনত দুখ সেইটোৱেই থাকি গল। দাদাৰ ভায়েক হৈও দাদাৰ নিচিনাকৈ কথা কবলৈ নিশিকিলো, দাদাৰ দৰে ইংৰাজী লিখিবলৈকো নিশিকিলো। গুৱাহাটীত থাকোতে পঢ় বুলি যদিও দাদাই কোনোদিন কোরা নাছিল তথাপি আলেঙে আলেঙে দাদাই সকলো খবৰ ৰাখিছিল। কাৰ চাইকেলৰ আগত উঠি গলো, কোনটো ৰাস্তাইদি বৰ বেছিকৈ যাবলৈ লৈছো ইত্যাদি খৰৰ দাদাই ৰাখিছিল। দাদাহঁতৰ লগৰ দুই-একে দাদাক কৈছিলো। সেইবোৰ কথা মই পিছতহে জানিছিলো। বিজাল্ট ওলোৱাৰ পিছত দাদাই কৈছিল-"তোৰ ৰিজাল্ট চাবলৈ গৈ মই তলৰপিনেহে চাই আছিলোগৈ। তলৰপিনে নাম নেদেখি ফেলেই কৰিছ বুলি ভাবিছিলো।" চেকেণ্ড ক্লাছত মোৰ নাম আহিব পাৰে বুলি ভাবিবই পৰা নাছিল। অৱশ্যে ভালকৈয়ে বুজিছিলো যে দাদাই সেইষাৰ কথা এনেয়েহে কৈছিল। কাৰণ আমি ভাই-ভনী কেইটাই দাদাই বেয়া পোরা কাম অথবা দাদাৰ সম্মান হানি হোর। কাম একো নকৰো বুলি দাদাৰ দৃঢ় বিশ্বাস আছিল।

তাৰ পিছত চাকৰি জীৱনত আমি ভাই-ককাই কেউটা ভাগ ভাগ হলো। মাজু দাদা গলগৈ বম্বেলৈ, চোনা থাকিল প্রথমে দেৰগাওঁ, গোলাঘাটত, তাৰ পিছত যোৰহাটত, মই আহিলো শিৱসাগৰলৈ, দাদা থাকিল গুৱাহাটীত,-তাৰ পিছত গলগৈ দিল্লীলৈ। বন্ধতহে যোৰহাটৰ ঘৰত আমি আকৌ গোট খাওঁ। দাদা বিশেষকৈ পূজাৰ বন্ধত যোৰহাটৰ ঘৰলৈ আহিবই। দাদা বন্ধত আহিলে আকৌ মানুহ আহিবলৈ আৰম্ভ কৰে। আমাৰ বৰ ভাল লাগে। বন্ধত আহিলে তৰাজানৰ পূজাৰ গোঁসানীঘৰ, শ্রীহেমন্ত বৰদলৈৰ কিতাপৰ দোকান, বাৰ লাইব্ৰেৰী আৰু মাষ্টৰ বাবুৰ দোকান এই কেইটুকুৰা ঠাইলৈ যাবই। মাষ্টৰ বাবুৰ নাম শ্রীৰাজেন বৰদলৈ। আমাক সকতে পঢ়রাইছিল। সেই কাৰণে নাম হল মাষ্টৰ বাবু। বৰ আচৰিত মানুহ। বজাৰত থৈলা পাৰি কুপি চাকি অলাই শাক-পাচলিৰ দোকান দি কলেজত পড়িলে। তাৰ পিছত কাপোৰৰ দোকান দিলে। থাকে দোকানত অথচ মহাজনৰ বুৰঞ্জীৰ কথা কয়, হিন্দী কব পাৰে, উর্দু কব পাৰে, অসমীয়া সাহিত্যৰ আলোচনাত ভাগ লব পাৰে, সঙ্গীতৰ কথা জানে আৰু জানে জ্যোতিষ বিদ্যা। দাদাব এম. পি. জীৱনৰ তেতিয়া ভৰপক। দুপৰীয়া, বাতি খোৱাৰ পাতত বহি আমি বহুত দেৰিলৈকে কথা পাতো। দাদা ঘূবি-পকি আহোতে আহোতে ৰাতি হয়। বোৱাৰী কেইজনী-কল্পনা আৰু অৰুণা ৰৈ থাকিবলগীয়া হয়। লগতে আমিও ৰৈ থাকো। আমি দাদাৰ পৰা দিল্লীৰ কথা, পালিয়ামেটৰ কথা, অন্যান্য ঠাইৰ কথা শুনিবলৈ বিচাৰো। কিন্তু দাদাই আমাৰ পৰাহে কথা শুনিবলৈ বিচাৰে-বিশেষকৈ চোনাৰ পৰা। ইন্সিঅ'বেঞ্চৰ কামত ঘুৰি ফুৰোতে চোনাৰ বহুতো ধেমেলীয়া অভিজ্ঞতা হৈছে। সেই কথা- বোৰ শুনি দাদাই খুব বং পাইছিল। দেশৰ কথাবোৰ পাভোতে কেতিয়াবা চোনাৰ লগত দাদাৰ তৰ্কও হৈছিল। সাধাৰণভারে কথা পাতোতে আমি যিবোৰ যুক্তি-তর্কৰ অৱতাৰণা কৰো সেইবোৰ যুক্তি-তর্কৰ অৱতাৰণা কৰিয়েই চোনাই তর্ক লগাই দিছিল। দাদাই বিৰক্তি পাই কেরল মাথোন কৈছিল-"ৰচোন কথাবোৰ তেনেকৈ নহয় নহয়।" চোনাৰমতে দাদাই বিশেষ একো কৰিব পৰা নাই। চোনাই কয়-“মোক যদি বিদেশলৈ বক্তৃতা দিবলৈ পঠিয়ায় মই প্রথম কম India is a land of thieves." এনেবোৰ কথা শুনি দাদাই বৰ স্ফূর্তি পাইছিল আৰু নিজেও বহুতো হাঁহি উঠা কথা কৈছিল। নিজৰ ক্ষেত্ৰত ঘটা কিছুমান হাঁহি উঠা কথাও দাদাই কৈছিল। নিজক লৈ হাঁহিব পৰাটো মানুহৰ ডাঙৰ গুণ। এবাৰ অসমীয়া মানুহৰ বিষয়ে কথা-বতৰা পাতি থাকোতে অসমীয়া জাতিৰ কথা-কাণ্ডবোৰ দেখি চোনা ইমান বিতৃষ্ট হৈ পৰিছিল যে চোনাই ঘোষণা কৰি দিছিল-"I am not an Assamese." দাদাই হাঁহি হাঁহি কৈছিল- "হেৰ তামোল-তুমুল খাই হাড়ে-হিমজুয়ে গোটেইটো অসমীয়া-তই অসমীয়া নহয় বুলি কলেই হব নে ?" -দাদাই দিল্লীৰ কথা কৈছিল, নেহেকষ কথা কৈছিল, অসমীয়া এম. পি. সকলৰ কথা কৈছিল, হীবেন  মুখার্জী, পিলু মোদি, নাথ পাই, কামাথ, মাসানী, গোৰে আদিৰ কথা কৈছিল। পিছত ইন্দিৰা গান্ধীৰ কথা কৈছিল, লোহিয়াৰ কথা কৈছিল; বাজ নাৰায়ণৰ কথা কৈছিল। আচার্য্য কুপলানিৰ লগত এবাৰ কেনেকৈ কথাৰ কটা-কটি হৈছিল সেই কথাও কৈছিল। গুৱাহাটীত Tea Market হোৱাৰ কথা লৈ হীবেন মুখার্জীৰ সৈতে কেনে ধৰণে তর্ক হৈছিল সেই কথাও কৈছিল। হেম বৰুৱাৰ ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰত এটা প্রবন্ধতে যিখিনি পাৰি কেরল সেইখিনিকে নিলিখি সেইটো বিষয়তে এখন কিতাপ যুগুত কৰাটো নিতান্ত প্রয়োজন। কাৰণ অসমৰ বুকুৰ ওপৰেদি আটাইকেইটা দুর্যোগপূর্ণ মুহূর্ত হেম বকরা এম. পি. হৈ থকা সময়ন্তে পাৰ হৈ গৈছিল। অসম দেশৰ সেই সঙ্কটপূর্ণ মুহূর্তত অসম মাতৃৰ মুখ উজ্জল কৰি ৰাখিবলৈ হেম বকরাই কি ভূমিকা গ্রহণ কৰিছিল তাৰ এটা ঐতিহাসিক মূল্য আছে। কিন্তু সংসদৰ মজিয়াৰ কথাবোৰ কওঁতে সদায় মন কৰিছিলো যে কিছুমান কথা দাদাই আমাক কোরা নাছিল। কথাৰ আঁত ধৰি কথাটো উলিয়াবলৈ যত্ন কৰিছিলো যদিও দাদাই ফালৰি কাটি গৈ অইন কথা উলিয়াইছিল। বৈদেশিক পৰিক্ৰমা দপ্তবৰ কমিটীৰ এজন সদস্য হিচাপে তেওঁ বহুত কথাই জানিছিল, নেহৰুৰ লগত বহুত কথাই আলোচনা কৰিছিল। কিন্তু কথাবোৰ কওঁতে চালি-জাবিহে কৈছিল। আমাৰ বহুতে ডাঙৰ মানুহৰ লগত গা ঘহাঁই গৌৰৱ অনুভৱ কৰে; কিবা খবৰ আনিব পাৰিলেতো কথাই নাই। গৌৰৱেৰে সংসাৰখনত কৈ ফুৰে। তদুপৰি মানুহজনৰ যদি মৃত্যু হয় তেতিয়াতো আৰু কথাই নাই। এই ক্ষেত্রত দাদা আছিল ব্যতিক্রম। দাদাৰ এইটো গুণৰ দ্বাৰা মোহিত হৈছিলো। ভাৰতৰ, বিশ্বষ, কিমান ডাঙৰ ডাঙৰ মানুহৰ সান্নিধ্যলৈ দাদা আহিল যাৰ কাৰণে দাদাই আনন্দ লাভ কৰিলে কিন্তু 'পাৰভাষটেড' আনন্দ কোনো দিন নললে। এই ক্ষেত্রত দাদা আছিল স্থিতপ্রজ্ঞ চৰিত্ৰৰ। পালিয়ামেটত কৰা আচৰণ সম্পর্কে লোহিয়া আৰু ৰাজ নাৰায়ণৰ ওপৰত দাদাৰ বৰ ভাল ধাৰণা নাছিল যেন লাগে। এবাৰ ৰাজ নাৰায়ণে দাদাক "কংগ্রেছৰ কুকুৰ" বুলি গালি পাৰি- ছিল, দাদাই ৰাজ নাৰায়ণক গাহৰি বুলি আক্রমণ কৰিছিল। বহুতো সদ্যই লোকসভাত খুব বেছি হুলস্থুল কৰি আছিল যদিও সেই সময়ত 'ইলাচট্রেটেড উইকলী'য়ে চিৰ জাগ্রত সদস্য হিচাপে তিনি- জনৰ নামহে দিছিল-কামাথ, নাথ পাই, হেম বক্করা। দাদাই বেছি ভাগ বৈদেশিক নীতিৰ ওপৰতে কৈছিল। তেতিয়া কেতি- য়াবা ভাবিছিলো যে দাদা অর্থনৈতিক বিষয়ত কেনেকুরা! পিছত যেতিয়া দেখিলো মালব্যক ভীব্রভারে আক্রমণ কৰি পদত্যাগ কৰিবলৈ বাধ্য কৰিছিল তেতিয়া বুজিছিলো অর্থনৈতিক বিষয়তো দাদা সমানে ভাল। মার্ক্স, এঙ্গেলচৰ অধ্যয়নে সেই জ্ঞান দাদাক দিছিল। ৰাজনীতি কৰিবলৈ গলে অর্থনীতিৰ সুস্থ জ্ঞানৰ অতি প্রয়োজন। নহলে উপৰুৱা জ্ঞান লাভ কৰিলে বিহুৰ লগত মাক্স'ৰ সাম্যবাদ ৰিজাবলগীয়া অৱস্থা হয়। কিন্তু সেই সময়ত আমাৰ সকলোৰে বৰ খং উঠিছিল-চোনা, মই, ভী, ভাহু সকলোরে কথা পাতো-বাহিৰৰ কাগজবোৰত দাদাৰ খবৰবোৰ ইমান সুন্দৰকৈ প্রকাশ কৰে অথচ আমাৰ অসমৰ কাগজবোৰত একোৱেই নোলায়।

নিজৰ বুদ্ধি-বৃত্তি অলপ বাঢ়ি অহাৰ লগে লগে দাদাৰ লিখা-মেলাবিলাক অলপ সমালোচকৰ দৃষ্টিৰে চাবলৈ শিকিলো। কাৰণ অসমীয়া সাহিত্য সংস্কৃতিৰ কথা চাবলৈ যাওঁতে হেম বৰুৱাৰ সৃষ্টিৰ কথা বাদ দিব নোৱাৰি। দাদাৰ বক্তৃতাতো, লিখনিতো দেখিছিলো পুনৰাবৃত্তি হয়। কিন্তু দাদাৰ লিখাৰ এটা কথাই মোক খুব আকর্ষণ কৰিছিল। সেইটো হৈছে লিখি গৈ থাকোতে স্বপকৈ অলপ আঁতবি অন্য এটা কথা অলপ কৈ থয়। যেনে কুশল কোঁৱৰৰ বিষয়ে লিখোতে কুশল কোঁৱৰৰ সাহসৰ কথা কবলৈ অলপ ফালৰি কাটি কুকুৰ আৰু মেকুৰীৰ সাহসৰ কথা লিখিলে। এনে ধৰণে লিখিলে লিখাটো পড়ি আমনি নালাগে আৰু এটা কথা পড়োতেই লগতে আৰু এটা কথা শিকিব পাৰি। দাদাৰ লিখাত উদ্ধৃতি বেছি বুলি সমালোচনা কৰা দেখিছো। কিন্তু প্রয়োজনীয় অংশত উদ্ধ, তি দিধাত আপত্তিনো কি? লিখাৰ কথা লৈ দাদাই এবাৰ কৈছিল যে আধুনিক পদ্ধতিত বিবলিঅ'- গ্রাফী দিয়াৰ প্ৰয়োজন নাই; ইনটিগ্রেটেড কৰি লিখিব লাগে। বেলে-মটৰে অচিনাকি ভাবে বহি যাওঁতে দাদাব প্রশংসা শুনিলে যেনেকৈ ভাল লাগিছিল; এক্চকাবচনলৈ যোৱা লগৰ শিক্ষক- সকল ঘূৰি আহি সেইপিনেও হেম বৰুৱাৰ কথা যে কিমান ভালকৈ কয় সেইবোৰ যেতিযা কযহি তেতিয়া বৰ ভাল লাগে। আমি যিয়েই য'ত যি শুনো মাক গৈ কওঁগৈ। তেনেকৈ দাদাৰ বিষয়ে বেয়াকৈ কিবা লিখিলে বা বেযাকৈ কোনোবাই কলে বেয়া লাগিছিল। তেতিয়া সমালোচক মনটো হেৰাই গৈ ককাই, ভাই, ভনীৰ অনুভূতি আহি যায়। এবাৰ এখন সাহিত্য বুৰঞ্জীত পড়িলো হেম বৰুৱাই নিজৰ জ্ঞানব পৰিসৰ বৃদ্ধি কৰিবলৈ নৌপাওঁতেই জনপ্রিয়তা লাভ কৰিলে। তেওঁ লিখিবলৈ ললে। সেই কাৰণে তেওঁৰ লিখাত জ্ঞানৰ গভীৰতা নাই। কিন্তু অন্যান্য অসমীয়া সাহিত্যৰ বুৰঞ্জীবোৰতনো, যিবোৰৰ লিখকে ৰাজনীতি কৰিব নালাগে কেরল 'সাহিত্যই কৰিব' লাগে, কি জ্ঞানৰ গভীৰতা আছে? কেরল এটা যুগত লিখা সাহিত্যৰ তালিকা। পৰিস্থিতি পৰিবেশৰ বৈজ্ঞানিক ব্যাখ্যা (interpretation) বিশেষ একো নাই। সিদিনা এজন পুৰণি ছাত্রই পুধিলে, "শঙ্কৰদেৱব পিছৰ পৰা অৰুণোদয়ৰ সময়লৈকে আমাৰ ইয়াত সাহিত্য সৃষ্টি নহ'ল কিয়?" মই কলো "অসমীয়াৰ অধ্যাপক, মুৰব্বী অধ্যাপকক সোধা।" কিন্তু ভাবি চালো—এনে ধবণৰ বিশ্লেষণৰ আমাৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীত অভাৱ নিশ্চয় হৈছে। নহলে এইটো প্রশ্ন কিয় উঠিব! অরশ্যে লগতে ভাবি ভাল লাগে দাদাব "এচেমিজ লিটাৰেচাৰ" খন বাহিৰত সকলোৱে উচ্চ প্রশংসা কৰিছে। বৈজ্ঞানিক বিশ্লেষণ আমাৰ কাৰোরেই নাই। হেম বৰুৱাৰ সেইটো আছিল। আজিকালি ডঃ হীবেন গোঁহাইৰ লিখাবোৰ পঢ়ি সেই কাৰণেই ভাল লাগে। বিশ্লেষণ আছে। অসমীয়া নাট্য সাহিত্যতো কিছু বিশ্লেষণ আছে। সামাজিক আৰু অর্থনৈতিক পটভূমিত সাহিত্য বিচাৰ কৰা পড়ি খুব ভাল লাগে। সেইটো দাদাৰ লিখাত পাইছিলো। কবিতা আমি বাকীবোৰে একো বুজি নাপাওঁ। আমাৰ পৰিয়ালত দাদাইহে কবিতা লিখিছিল। মাজুদাদাই গান লিখিছিল। অপ্রাসঙ্গিক হলেও কৈছো তাহানি- খনেই যেতিয়া আমাৰ ইয়াত মার্ক্সীয় চিন্তাৰ নাম-গোন্ধেই নাছিল তেতিয়াই মাজদাদাই মেঘৰ দ্বাৰা প্রিয়তমাৰ বাতৰি কঢ়িয়াই নিনিয়াই মেঘক সম্বোধন কৰি লিখিছিল:

"তোমাৰ ভক্ত আজি মাথো সৌ শোষিত কিষাণ দল দেশক যোগাব ক্ষুধাৰ আহাৰ লাগে বৰষাৰ ঢল।"

দাদাৰ কবিতাবোৰৰ সমালোচনা হোৱা দেখিছিলো। কোনোরে ভালকৈ সমালোচনা কৰিছিল; কোনোরে বেয়াকৈ। কবিতা বুজি নাপাওঁ কাৰণেই মনত একো প্রতিক্রিয়া ছোরা নাছিল। কিন্তু দেশ পত্রিকাত এবাৰ এটা খবৰ পঢ়ি বৰ ভাল লাগিছিল। দিল্লীত সৰ্বভাৰতীয় কবি সম্মিলন হৈছিল। ভাৰতৰ বিভিন্ন প্রান্তৰ কবিয়ে সেই সম্মিলনত যোগদান কৰিছিল। 

অসমৰ পৰা দাদা আছিল। দেশত সেই সম্মিলনখনৰ পৰ্য্যালোচনা কৰি একেবাৰে শেষত লিখিছিল "সবচেয়ে সমুজ্জল ছিল আসামী কবি হেম বড়ুইয়া।" দাদাৰ লিখাত উদ্ধৃতি বেছি বুলি সমা- লোচনা কৰা হৈছিল যদিও আজিকালি দেখিছো, বিদেশী সাহিতৰ যাৰ যিমান জ্ঞান, সেই অনুযায়ী কম বেচি পৰিমাণে সকলোৱেই উদ্ধৃতি দিয়ে দেখোন। সেই কাৰণেই বোধকৰো কা না পুত্র- মনিয়মে লিখিছে- "Professors of literature, who when they can spare the time from politicking for jaunts abroad to teach literature and a love of it have only alien critical vocabularies. Words which defy defi- nition even in the Western context are bandied about among us without any reference at all to the Indian context..........Our Universities teach you every literature of the world except the Indian one."

তাৰ পিছত দাদা প্রায়ে অহা-যোৱা কৰি থাকে-দিল্লীৰ পৰা যোৰহাট। নিৰ্বাচনৰ সময়ত ছচিয়েলিষ্ট পাৰ্টিৰ সদস্য জনক লৈ সমষ্টিবোৰ ঘুৰে। ছচিয়েলিষ্ট পার্টিৰ প্রার্থীজনৰ কাৰণে কাম কৰি দিবলৈ কয়। তেতিয়া দাদাৰ লগত প্রায়ে দেখিছিলো বিশ্ব গোস্বামী, মহেশ বৰুৱা, অনিল বকরা, অৰুণ বৰুৱা আদিক। তেওঁলোকে আজিও আমাক নিজৰ ভাইৰ দৰেই মৰম কৰে। দাদাই আমাৰ ভবিদ্ব্যত সম্পর্কে কি ভাবিছিল একো ধৰিব পৰা নাছিলো। আমাক প্রায় মানুহে কৈছিল- "দাদাৰ থাকোতে ভাল চাকৰি-বাকৰি এটা নোলোৱা কিয়? দাদাবে দেখোন একলম লিখিলেই হয়।" দাদাই কলৈকো আখৰ এটাকে নিলিখিলে। বৰঞ্চ দাদাই কোরাহে শুনিছিলো -"মোষ ভাই-ভনী কেইটা বৰ ভাল। কোনো কথাতে সিহঁতে মোক আমনি নকৰে।"-হয়; আমি কোনো এটাই আনকি হেম বৰুৱাৰ ভাই-ভনী বুলি পৰিচয়েই নিদিছিলো। কিন্তু আমি নিজে নিজে যি চাকৰি কৰি আছো সেই চাকৰিতে পৰিশ্ৰম কৰি উন্নতিৰ পথত আগবাঢ়ি যাবলৈ দাদাই সদায় সঁকিয়াই আছিল। কামত অৱহেলা কৰা দেখিলে দাদাই অসম্ভর বেয়া পাইছিল। মই শিক্ষকতা কৰো-মোক সদায় কৈছিল, অধ্যয়ন কৰি মানসিক উন্নতি সাধন কৰিবলৈ। চোনাই ইনচিঅ'ৰেঞ্চত কাম কৰে- কেতিয়াবা এজেন্ট আহি উলটি যাবলগীয়া হলে দাদাই চোনাক খং কৰে। আইভীয়ে গান গাইছিল-সেইটোকে তাইক আন্তৰি- কতাৰে গ্ৰহণ কৰিবলৈ কৈছিল। ভানুক বাল্যভৱনৰ কামটোকে নিষ্ঠাৰে কৰি থাকিবলৈ উপদেশ দিছিল। সেইদবে ভাল কাম কৰিলে তৎক্ষণাৎ দাদাৰ পৰা প্ৰশংসা পাইছিলো। প্রবন্ধ-পাতি লিখিলে, কিতাপ প্রকাশ পালে দাদাই তৎক্ষণাৎ তাৰ সমালোচনা পঠিয়াইছিল। মই পৰিচালনা কৰা ৰশ্মিৰেখা" নামৰ কথাছবি খন চাই পৰিচালনা ভাল হৈছিল বুলি দাদাৰ পৰাই প্রথম চিঠি পাইছিলো। সেইদৰে দিল্লীৰ পৰা গুৱাহাটী হৈ যোৰহাটলৈ আহি অপ্রত্যাশিতভারে চোনাক কৈছিল- “এইবাৰ তোৰ বিজিনেচ ভাল হৈছে বুলি শুনিছো।" দাদাই হয়তো ভাবিছিল আন্তৰিক প্রচেষ্টা আৰু পৰিশ্ৰমৰ জৰিয়তে আমি কিবাকিবি কৰিবগৈ পাৰিম। আমি পিছে একো কৰিব নোৱাৰিলো।

সেইবাৰ দাদা নির্বাচনত হাবিল। নির্বাচন হৈ যোৱাৰ পিছৰ পৰাই দাদাৰ এটা মানসিক অস্থিবতা দেখা পাইছিলে।। যোৰ- হাটৰ ঘৰত উদাস মনেৰে চকীত বহি থাকে যেন ভীষণ মনত কষ্ট পাইছে। পোৱাটো স্বাভারিক। কিয়নো অতি ঘনিষ্ঠ মানুহেই নির্বাচনৰ সময়ত দাদাৰ বিৰুদ্ধে বহুত অপপ্ৰচাৰ কৰিলে। 'ঘুমতী' দোকানত বহি থাকোতে দাদাই শুনিলে-বিৰোধী দলব এজন নেতাই নির্বাচনী বক্তৃতা দিছে-"হেম বকরা সেই কাপষে খোৱা বুঢ়া কুকুৰটোক ভোট দিলে কি হব!" মঙ্গলদৈত্ত এবাৰ এজন ডেকা ল'ৰাই মুখৰ আগত আঙুলি জোকাৰি কলে- "আপুনি-আপুনি এইবাৰ হাবিব লাগিব।"-তহুপৰি আৰু বহুত অপপ্ৰচাৰ। সেইবোবৰ কাৰণেহে দাদাই মনত বেছি কষ্ট পালে। দাদাই মাজে মাজে আমাক কয়-"এইবাৰ মই হাৰিম।" আমি কওঁ-"হাৰিলে হাৰিব—পোন্ধৰ বছৰ দুখ্যাতিৰে লোকসভাৰ সদস্য হিচাপে কাম কৰি গ'ল। আৰু কি লাগিছে।"-কিন্তু সেইটো কেনেকৈ হব! যিজন মানুহৰ গোটেই জীৱনটোরেই আছিল কর্মময়, যি গোটেই জীৱনটো জনতাৰ মাজতেই পাৰ কৰি দিছিল তেওঁ জনতাৰ পৰা আঁতৰি থাকি অলস জীৱন এটা কেনেকৈ কটাব!আমাৰ মাই শিৱপূজা কৰিছিল। দাদাৰ নিৰ্বাচনত ভাল হবলৈ মায়ে শিরপূজা এভাগ পাতিছিল। মাতৃস্নেহ কি বস্তু সেইদিনা বুজিছিলো। আৰু এদিন বুজিছিলো। এবাব তেজপুৰৰপৰা দাদাহত অহা জীপখনৰ বেয়াকৈ দুর্ঘটনা হৈছিল। ৰেডিঅ'ত খবৰটো শুনি মাক কৈছিলো আৰু কৈছিলো যে দাদাৰ একো হোৱা নাই। তাৰ পিছত দাদ। আহি ঘৰ পোরাত দেখি- ছিলো-মায়ে কথা কব পৰা নাছিল। কেরল কান্দিছিল। দাদাকো দেখিছিলো-দেউতা ঢুকাবৰ দিনা ভৰিৰ পিনে বহি সৰু লৰাই কন্দা দি কান্দিছিল। দাদাৰ হৈ নির্বাচনত ভাল হবলৈ পতা সেই পুজা ভাগত দাদাই দীঘল দি পৰি সেৱা কৰিছিল। বিশ্বাস যে কি বস্তু ভাবি আচৰিত লাগিছিল। মোৰ কিন্তু মনত বৰ ছখ লাগিছিল। দাদাৰ যেন সেইদিনাই মৃত্যু হৈছিল। সমাজৰ প্রয়োজনত ভগবান মানুহে সৃষ্টি কৰিছিল-এনে ধৰণৰ বিশ্লেষণাত্মক। মন্তব্য দাদায়েই প্রবন্ধত লিখিছিল। অথচ সেইদিনা দাদাই ভগবানক প্রার্থনা জনাইছিল। সম্পূর্ণ অসহায় অন্নস্থাতেইতো মানুহে ভগবানৰ ওচৰত আত্ম সমর্পণ কৰে। দাদাৰ অসহায় ভাৱটো আৰম্ভ হৈ আহিছিল। সাহিত্য, ৰাজনীতি, সমাজনীতি -প্রতিখন ছৱাৰেই যেন এখন এখনকৈ বন্ধ হৈ আহিছিল।

গণনা চলি থকা অৱস্থাতেই দাদা নবৌ গুৱাহাটীলৈ গুচি আহিল। নির্বাচনব খবৰ ওলাল। দাদা হাবিল। তাৰ পিছত দাদা নবৌ গ'লগৈ, দিল্লীৰপৰা বস্তু-বাহানিবোৰ লৈ উলটি আহিব। পোন্ধৰ বছৰ এঠাইত থকাৰ পিছত সেই ঠাইখন এৰি আহিবৰ সময়ত দাদা নবৌৰ মনটো কেনে লাগিছিল সেইটো দুৰৈৰপৰাই আমি উপলব্ধি কৰিছিলো। কথা পাতিছিলো-"নবৌইত আজি কিজানি গুরাহাটী পালেহি।" তাৰ পিছত বহুত আশা- দাদাই লিখিব, পঢ়িব ইত্যাদি। কিন্তু বিশেষ একো কৰিব নোৱাৰিলে। দুই-এটা প্রবন্ধ "আসাম ত্রিবিউন", "হিন্দুস্থান ষ্টেণ্ডার্ড", "অমৃত বাজাৰত" প্রকাশ পালে। সাহিত্য সভাৰ সভাপতি হিচাপে সাহিত্যৰ বুৰঞ্জী নিলিখি সংক্ষিপ্তভারে প্রয়োজনীয় কথাখিনি লিখি সাহিত্য সভাৰ সভাপতিৰ অভিভাষণৰ ক্ষেত্ৰত এটা নতুন ইঙ্গিত দিলে। সিমানেই। আদুল মালিকেও তেখেতৰ মিঠা ভাষাৰে তেনে এখন অভিভাষণেই লিখিছিল। বহুতে তাত ৰাজনীতিৰ গোন্ধ পাইছিল। অৱশ্যে ইন্দিৰা গান্ধীৰ কথা তেতিয়া আমাৰ মনত বৰ বেচিকৈ সোমাই আছিল কাৰণেই বোধকৰো তেনে লাগিছিল। নহলে সাহিত্য সম্পর্কে মালিকে প্রয়োজনীয় কথাই কৈছিল। দাদাই অভিভাষণখন কিন্তু পঢ়িব পৰা নাছিল। তেতিয়াৰপৰাই দাদাৰ শাৰীৰিক অৱস্থা ক্ৰমাৎ বেয়াৰ পিনে ঢাল লৈছিল। কথা কব নোৱাৰা হল, উঠি ফুৰিব নোৱাৰা হল, পাৰিপার্শ্বিকতাৰ প্ৰতি হ'ল নির্লিপ্ত। মাজে মাজে আমি বন্ধত যাওঁ। আগপিনৰ চকীখনত বহি থাকে, নৰেন, হবেনে টানি- টুনি লৈ জুবার। আমি গলে বৰ ভাল পায়। ধেমেলীয়া কথাবোৰ কব লাগে যোৰহাটত কোরাদি। শ্রীপ্রফুল্ল লেখাৰু আছে, ঘৰৰ আগৰ জোনাব চাহাব (শ্রীহজৰত আলি) আছে-আমি বহি কথা পাতো। দাদাই শুনি থাকে। মাজতে কেতিয়াবা হ-হকৈ হাঁহি দিয়ে। অস্পষ্টতাৰ কাৰণে হাঁহিটো চিঞৰ হৈ ওলায়। আমাৰ চকুপানী ওলাই আহে-যিজন মানুহে মুখখনৰ বলতেই গোটেই পৃথিবী ঘূৰিলে সেইজন মানুহেই আজি মুখেৰে কথা কব নোৱাৰি উত্তৰ শৰণীয়াৰ ঘৰৰ এটা ঢুকত চকী এখনত বহি আছে। সৎ পথত থাকিলে, সৎ চিন্তা কৰিলে ভগবানে বোলে চকু মেলি চায়। কিন্তু দাদাই কি ইমান বেয়া কাম কৰিছিল যাৰ কাৰণে তিল- তিল কৈ মৃত্যুৰ ক্ষণ গণি অলস হৈ বিছনাত পৰি থাকিবলগীয়া হ'ল!--যি গৰাকী নবৌয়ে দাদাক শুশ্রূষা কৰিছিল সেই গৰাকী নবৌও কিয় খোজকাঢ়িব নোৱাৰা হৈ বিছনাত পৰি থাকিব- এপিনৰ এখন বিছনাত লগীয়া হ'ল! ঘৰটোৰ এটা কোঠাত দাদা, এপিনৰ এখন বিছনাত নবৌ। ঘৰৰ মূৰব্বী নৰেন, হবেন। ঘৰ এটা সাজি যদি থাকিবই নোৱাৰি তেন্তে ঘৰ সজাত তৃপ্তি ক'ত! লাহে লাহে গৈ দাদা এডাল কাঠ চলিৰ দৰে হ'ল। "সবচেয়ে সমুজ্জল আসামী কবি হেম বড় ইয়াৰ" হাত জঠৰ, দৃষ্টি ক্ষীণ, কণ্ঠ ৰুদ্ধ। অন্তৰৰ ভাষা হয়তো আছিল। কেতিয়াবা কেতিয়াবা অন্তৰৰ সেই ভাষা চকুপানী হৈ ওলাইছিল। চকীখনত বহি থাকোতে দেখিছিলো কেতিয়াবা দাদাৰ চকু ছটাইদি পানী বাগৰি পৰিছিল। আমি সদায় ভাবিছিলো ভগবান অন্ধ হ'ল কিয়? কেতিয়াবা দুর্বল মুহূর্তত ভাবিছিলো কোনোবাই কিবা কৰিলেনেকি? কোনেনো কি কৰিব! দাদাকতো সকলোরে ভাল পাইছিল। দাদাৰ শেষৰ জীৱনটো দেখি উপলব্ধি কৰিছিলো নিঃসঙ্গতা কি বস্তু। যিজন দাদাৰ কাষত প্রতি মুহূর্তত কমেও দহজন মানুহ আছিল সেইজন দাদাৰ কাষত আজি কোনো নাই। যোগেশ দাস থাকে দূৰৈত, ঘনাই আহিব নোৱাৰে। কিন্তু আচৰিত লাগে নন্দ তালুকদাৰক দেখি। তেজ-মঙহৰ সম্বন্ধ নাথাকিলেও যে মানুহে মানুহক নিজৰ আপোনজনক ভাল পোরাদি ভাল পাব পাব পাৰে সেই কথা দেখিলে আচৰিত লাগে। নন্দ তালুকদাৰে দাদাক অসম্ভর ভাল পাইছিল। আৰু এজন মানুহ দেখিছিলো। সেইজন হ'ল শ্রীকে-কে চৌধুৰী। বন্ধুয়ে যে বন্ধুক এনেকৈ ভাল পাব পাৰে ভাবিলে আচৰিত লাগে। আৰু আমি বেলওরে কর্মচাৰী শ্ৰীমুনীন মহন্তকো জানো কেতিয়াবা পাহৰিব পাৰিম!

মানুহজন ভীষণ ভয়াতুৰ ইতিমধ্যে আমাৰ মা ঢুকাল। মাক চাবলৈ দাদা আহিব পৰা অৱস্থাত নাছিল। মাক লৈ গৈও গুৱাহাটীত ডাঙৰ পুতেকক দেখুৱাই আনিব পৰা অৱস্থা নাছিল। কাৰণ মাৰো অনুখ আছিল। কিন্তু ছয়োজনে ছয়োজনক চাবলৈ বৰ ইচ্ছা কৰিছিল। মাৰ মৃত্যুৰ পিছত গুৱাহাটীলৈ এবাৰ গৈছিলো। সেইবাৰ দাদাৰ আকৌ এটা নতুন কথা দেখিলো। হৈ পৰিল। সৰু ল'ৰাৰ নিচিনা ভয়। ভূত আহিছে বুলি ভয় খুৱালে কুচি মুচি গৈ বিছনাত উঠি সৰু ল'ৰাৰ দৰে শুই থাকেগৈ। ইমান সাহসী মানুহজন-যাৰ লোকসভাৰ উত্তপ্ত বক্তৃতা কিছুমান মানুহৰ মুখে মুখে সেই মানুহজন ইমান ভয়াতুৰ হৈ গ'ল কিয়! এবাৰ যোৰহাটৰ বাছ ষ্টেণ্ডত এজন সাধাৰণ কেলে- ণ্ডাৰ বেচি ফুৰা মানুহ পাইছিলো। তেওঁৰ লগত কথা পাতি বাছ নোযোৱালৈকে সময়কণ কটাবলগীয়া হৈছিল। তেওঁ কথা প্রসঙ্গত হেম বৰুৱাৰ কথা উলিয়াই লৈ দাদাৰ লোকসভাৰ বক্তৃতা মুখস্থ মাতিছিল। 'ৰশ্মিৰেখা'ৰ দৃশ্য গ্ৰহণৰ কাৰণে ব্রহ্ম সীমান্তৰ জয়পুৰত কেইদিনমান আছিলো। গোটেই দিনটোৰ দৃশ্য গ্রহণৰ পিছত মিলিটেৰী কেম্প এটাত গধূলি মিলিটেৰী বিষয়াসকলৰ লগত বহিছিলো। কথাই কথাই হেম বৰুৱাৰ ভায়েক বুলি জানি দাদাৰ পালিয়ামেন্টৰ বক্তৃতা তেওঁলোকৰ তুই এজনে মুখস্থ মাতিছিল। 'ৰজনীগন্ধাৰ' কামত কলিকতালৈ এবাৰ যাওঁতে লেবৰেটেবীত দাদাৰ কথ। ওলাইছিল। তাতে ভোলা বকরা কলেজত পঢ়ি যোরা শ্রীঘোষকো পাইছিলো। শিল্প জগতৰ অন্যান্য মানুহো পাইছিলো। তেওঁলোকে কৈছিল-"আপোনাৰ দাদাক বঙ্গদেশত খুব ভাল পায়। কিবা সমস্যা হলে আমাৰ ইয়াত সকলোরে আগ্রহেৰে বাট চাই থাকে-হেম বৰুৱাই কি কৈছে।" সেই হেম বৰুৱা যাৰ সাহসী আৰু ওজস্বী বক্তৃতাই মানুহৰ মনত তেনে ভাবে সাঁচ বহুরাইছিল সেই হেম বকরা শেষলৈ ভীষণ ভয়াতুৰ হৈ পবিছিল কিয়! নার্ভৰ অসুখৰ পৰাই যদি তেনে হৈছিল দিল্লীলৈ গৈ দুবাৰকৈ দেখোন অস্ত্রোপচাৰ কৰাইছিল। তথাপি ভাল নহল কিয়। কিন্তু আচৰিত লাগিছিল প্রায় মৃত অৱস্থাত পৰি থকা দাদাই গৈ পালতেই অস্পষ্ট ভাষাত কিবা এটা শুধি আছিল। একো বুজা নাছিলো। নবৌয়ে ভালকৈ শুনি কলে, "শুধিছে মা মৰাৰ পিছত ঘৰখন ভালমতেই চলি আছে নে?" দুদিনমান থাকি আহিবলৈ ওলাইছিলো। আহিবৰ দিনা দাদাক মাত লগাওঁতে হাতখনত খামোচ মাৰি দাদাই ধৰি আছিল। এৰিও নিদিয়ে, একো কবও নোৱাৰে। হয়তো মন- টোরে কব খুজিছিল "চিকু, এইয়াই হয়তো শেষ দেখা। আৰু দেখা নাপাম। সকলোবোৰ মিলি জুলি ভালমতে থাকিবা।" -সেই চারনিটো কি যে বেদনাদায়ক। নেদেখিলে বর্ণনা কৰিব নোৱাৰি। দাদাৰ শেষৰ অৱস্থাটো বৰ অন্তৰস্পর্শী হিচাপে বর্ণনা কৰিছিল চাক মহন্তই "গুৱাহাটীৰ ডায়েৰীত" আৰু মালিক চাহাবে "এখন ছবিৰ কথাত"।

১৯৭৭ চনৰ ৯ এপ্রিলভ দাদাৰ মৃত্যু হল। আমি সকলো- বোৰ নৈশ বাছত গুরাহাটীলৈ গলো। বেডিঅ'ত শুনিছিলো কোন কোন পথেদি দাদাৰ মৃতদেহ ট্রাকত তুলি শ্মশানলৈ লৈ ঘোরা হ'ব। গৈ পাই অভিজ্ঞতা হ'ল শোভাযাত্রাটো নোহোরা হ'লেই ভাল আছিল। আগত ট্রাকখন, পিছত এমুঠি মানুহ। শ্মশানত অৱশ্যে মানুহ হৈছিল। সতীর্থ জনতা দলৰ সকলোৰে বিপুল জয়লাভৰ কথা দাদাই মৃত্যুৰ আগ মুহুর্তত জানিব পাৰি- ছিল হয়তো। ক্ষীণ স্বৰেৰে নবৌক বোলে কৈছিল, "এইবাৰ নির্বাচনত নামিম।" কিন্তু নিৰ্বাচনত নমাৰ আগতে চিতাৰ জুইয়ে দাদাব দেহা পুৰি ছাই কৰি পেলাইছিল।কাগজে-পত্রই মৃত্যুৰ বাতৰি প্ৰকাশ পাইছিল। আমাৰ সেই একে অভিজ্ঞতাই হৈছিল- আমাৰ কাগজবোৰতকৈ বাহিৰৰ কাগজবোৰত বেছি ভালকৈ বাতৰি ওলাইছিল। ৰেডিঅ'ই বিশেষ একো কৰা নাছিল। ৰেডিঅ'ত যি কণ হৈছিল সেই কণো নেকিব নথকা হলে হ'লহেঁতন নে নাই-সন্দেহ মোৰ থাকি গ'ল। "আপোনাৰ দাদাক বঙ্গদেশত খুব ভাল পায়"--সঁচা কথা-দাদাৰ বিষয়ে অল ইণ্ডিয়া ৰেডিঅ'ৰ কলিকতা কেন্দ্রই আঞ্চলিক বাতৰিত যেনে ধৰণে প্ৰচাৰ কৰিলে ভাবিলে আচৰিত লাগে। মৃত্যুৰ পিছত দাদাব বিষয়ে বহুত নতুন খবৰ লিখিলে বীৰেন ভট্টই, মুনীন বৰকটকীয়ে, আৰু লিখিলে ত্রৈলোক্য শর্মাই, পৰব শর্মাই। মৃত্যুৰ আগে আগে কবিতা দত্তই "মোৰ দেশ"ৰ হেম বক্করা সংখ্যা এটা উলিয়াই আমাক কৃতজ্ঞ কৰিলে।

শ্রাদ্ধ শেষ কৰি আমি গুছি আহিলো। আমাৰ পৰিয়ালৰ সকলোৰে মনত এটাই দুখ-দাদা ইমান কম বয়সতে মৰিল কিয়? -মৃত্যুটো স্বাভারিক কথা। কিন্তু দাদা ইমান কষ্ট খাই মৰিল কিয় !......... সিদিনা ২৭ অক্টোবৰ তাৰিখে দাদাৰ এজন অতি প্রিয় বন্ধু চন্দ্র ফুকনৰ স্মৃতি দিৱসত সভাপতিত্ব কৰিছিলো। 

নাট্য সম্মিলনৰ নগাওঁ শাখাৰ উপসভাপতি শ্রীজিতেন শর্মাই চিনাকি কৰি দিছিল হেম বৰুৱাৰ ভায়েক বুলি। তাৰ ছদিন পিছত অসম নাট্য সম্মিলনৰ চতুদশ বার্ষিক অধিবেশনত স্মৃতি গ্রন্থখন উদ্বোধন কৰিছিলো। অভ্যর্থনা সমিতিৰ সম্পাদক জিতেন শর্মাই চিনাকি কৰি দিছিল হেম বৰুৱাৰ ভায়েক বুলি। মোক পিছত কৈছিল, "আপুনি বেয়া নাপাব। হেম বৰুৱাৰ ভায়েক বুলি চিনাকি কৰি দিমেই। কাৰণ আপুনিতো চোৰৰ ভায়েক নহয়।" ভাবিছিলো-সঁচাই আমি সেইজন হেম বৰুৱাৰ ভাই-ভনী যিজন হেম বৰুৱাই অসমক ভাল পাইছিল, যিজন হেম বৰুৱাই অসমৰ মানুহক ভাল পাইছিল, ইংৰাজী সাহিত্যৰ এজন কৃতী ছাত্র হৈও অসমীয়া ভাষাক ভাল পাইছিল, অসমীয়া ভাষাক প্রকৃত মৰ্য্যদা প্রদান কৰিবলৈ উঠি-পৰি লাগিছিল, যিজন হেম বৰুৱাই নিজৰ প্রতিভাৰ বলেৰে সমগ্ৰ ভাৰতৰ মানচিত্রত অসমক এখন স্থান দিছিল, যিজন হেম বৰুৱাই ভাৰতক বিশ্বত প্রতিনিধিত্ব কৰিছিল, যিজন হেম বৰুৱাই বিশ্বৰ বিভিন্ন ঠাইত ইংৰাজীত বক্তৃতা দি ভূয়সী প্রশংসা লাভ কৰিছিল, যিজন হেম বৰুরাই সাহিত্য সংস্কৃতিৰ ক্ষেত্রত অসমক এটা নতুন পথৰ ইঙ্গিত দিছিল, যিজন হেম বকরাই দেশৰ কাৰণে জীৱন উছর্গা কৰি শেষত নিঃসঙ্গতাক সারটি লৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। সভা-সমিতি শেষ কৰি এটা ফৰকাল বতৰত নগাঁৱৰ পৰা উলটি আহিছিলো। আহোতে বাটত আমি পঢ়ি থকা অৱস্থাতে শুনা গান এটালৈ বৰকৈ মনত পৰিছিল-

"আকাশৰ নিজা ৰঙ নাই পুৰুষৰ নীলা লৈ নিজকে সজাই গানটো কাৰ ৰচনা পাহৰিলো।

[যোগেশ দাসৰ নির্দেশ মতে কথাখিনি লিখিলো। "স্মৃতি ৭গ্রন্থখন"ৰ কেইখিলামান পাত আরবি লৈ দাদাক আজি দু'রৰিছো। সোঁৱৰণিৰ সময়ত দাদাক আজি দুৰৈৰ পৰা চিঞৰি চিঞৰি কৈছে। -'দাদা, আপুনি অসমৰ কাৰণে, ভাৰতৰ কাৰণে বহুতখিনি কৰিলে। আপুনি যিখিনি কৰিলে সেইখিনি আপোনাতেই শেষ হৈ গ'ল। আমি আপোনাৰ ভাই-ভনী হৈ একো কৰিব নোৱাৰিলো। তাৰ কাৰণে আপুনি যেন 'আমাক-মইনা, ভী, ভালু, চোনা, চিকুক-ক্ষমা কৰে।']

18
প্ৰবন্ধ
হেম বৰুৱা এড. ১ম
0.0
হেম বৰুৱা অসমৰ ৰাজহুৱা জীৱনত এটি অতি জনপ্রিয় নাম । কাব্য-সাহিত্য চৰ্চাৰে পৰা দিল্লীৰ ৰাজনৈতিক মহললৈকে চাঞ্চল্য সৃষ্টিকাৰী হেম বৰুৱাৰ প্ৰতিভা বহুমুখী আৰু বৰঙনিও প্রভূত । ১৯৭৭ চনৰ এপ্ৰিল মাহৰ ৯ তাৰিখে হেম বৰুৱাই ইহ জগতৰ পৰা মেলানি মাগিলে। অসম সাহিত্য সভাৰ এগৰাকী বিশিষ্ট প্রাক্তন সভাপত্তি ৺বৰুৱাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত কৰা হৈছিল। 'হেম বৰুৱা' উক্ত সিদ্ধান্তৰে ফল । পুথিখনৰ সম্পাদক অধ্যাপক যোগেশ দাস আৰু অসম সাহিত্য সভাৰ কৰ্মকৰ্তাসকললৈ আন্তৰিক কৃতজ্ঞতা জনাইছো ।
1

হেম বৰুৱা এটি জীৱনালেখ্য শ্রীমন্দ তালুকদাৰ

17 November 2023
0
0
0

হেম বৰুৱা একেৰাহে সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতি- বিদ। অসমীয়া সাহিত্যৰ ভৰাল টনকিয়াল কৰিবলৈ ইংৰাজী আৰু অসমীয়া ভাষাত বিধে বিধে কবিতা, ভ্রমণ কাহিনী, আলোচনা গ্ৰন্থ ৰচনা কৰা এইজনা সাহিত্যিকৰ ৰচনাৰ সংখ

2

প্ৰীতিৰ হেমহাৰ হেম বৰুৱা শ্ৰীকমল নাৰায়ণ চৌধুৰী

18 November 2023
0
0
0

নানাবিধ ৰঙৰ সমাবেশত শুনিপুণ চিত্ৰকৰে 'কেন্‌ভাচত' বিভিন্ন বিষয়-বস্তুৰ চিত্র আঁকে। সেই একেই চিন্তাৰ বশৱৰ্তী হৈ ফটোগ্ৰাফাৰে ৰঙীন আৰু ক'লা-বগা ফিল্মৰ সহায়ত নানা তৰহৰ ছবি তোলে। চিত্ৰকৰে ছবি আঁকে, ফটোগ্ৰা

3

ব্যক্তিত্বৰ মোহ শ্রীমহিম বৰা

20 November 2023
0
0
0

স্কুলীয়া দিনতে 'আরাহনত' "কল্পকীৰ কাহিনী" পড়ো। লিখক শ্রীযুত হেমকান্ত বকরা, এম, এ। 'আৱাহনৰ' এজন গ্রাহক, তেওঁৰ পৰা 'আরাহন' নানান কৌশেলেৰে আৰু বাটেৰে আহি মোৰ হাতত পৰোতে তিনি মাহ লাগে। তেতিয়া গো-গ্রাসে গিল

4

পত্নীৰ দৃষ্টিৰে শ্রীমতী অণু বৰুৱা

20 November 2023
0
0
0

এজন ৰাজনীতিজ্ঞ, এজন সাহিত্যিকৰ স্ত্রী হবলৈ পোৱাটো যেনেকৈ সৌভাগ্যৰ কথা সেইদৰে কষ্টকবও। বুটিছৰ দিনৰ চৰকাৰী চাকৰিয়ালৰ জীয়ৰী হৈ এটা সম্পূর্ণ বেলেগ পৰিৱেশত ডাঙৰ হৈ, এজন ৰাজনীতিজ্ঞৰ জীৱন সঙ্গিনী হবলৈ আগবাঢ়ি

5

হেম বৰুৱা ছাৰৰ স্মৃতি শ্রীপবনাথ শর্মা

20 November 2023
0
0
0

স্বর্গীয় হেম বকরা ছাৰ এসময়ত আমাৰ শিক্ষক আছিল আৰু আছিল বাজনীতিৰ ক্ষেত্ৰত আমাৰ বৰেণ্য নেতা। ছাৰক লগ পোৱাৰ পিছত এখন মনোৰম আৰু মহৎ গ্রন্থ অধ্যয়ন কৰাৰ দবে লাগিছিল। তেখেতৰ বসাল, খোলা অন্তৰৰপৰা কোৱা কথাবোৰলৈ

6

ছাত্ৰ আৰু সতীৰ্থৰ দৃষ্টিৰে ডঃ প্রমোদচন্দ্র ভট্টাচার্য

21 November 2023
0
0
0

হেম বৰুণা, অসম গৌৰৱ শিক্ষাবিদ, শিক্ষাব্রতী সাহিত্যিক আৰু সংসদী ৰাজনীতি বিশাৰদ এজন আগশাৰীৰ অসমীয়া লোক বুলি বৰেণ্য আৰু স্বীকৃত হৈছে। হেম বৰুৱাৰ গুৱাহাটীয়া কাৰ্য্যকালৰ বিদ্যায়তনিক পৰিবেশৰ ১৯৪৪ চনৰ প্ৰথম

7

মই জনা মানুহজন ডঃ নিৰ্মলপ্রভা বৰদলৈ

21 November 2023
0
0
0

সম্বন্ধত মোৰ হয় মামা। আমাৰ শিৱসাগৰৰ ঘৰত প্ৰায়েই গৈ থাকেগৈ। বিশেষকৈ সক্রিয় ৰাজনীতিত দেশৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰা সময়খিনিত। দেউতা ৰাজনীতিৰ মানুহ নাছিল। কিন্তু দেউতাই গুণী, ব্যক্তিত্বপূর্ণ, পুৰুষাৰ্থ

8

ভাতৃ হিচাপে শ্রীপ্রফুল্ল কুমাৰ বৰুৱা

21 November 2023
0
0
0

তেতিয়া ককিলামুখ আৰু গুৱাহাটীৰ মাজত আব. এছ. এন. আৰু আই জী. এন. কোম্পানীৰ জাহাজ চলিছিল। আৰ এছ এন- কোম্পানীৰ জাহাজবোৰ আছিল "কুকী", "ডফলা", "মিৰি", "মিচিমি", "লুচাই", "শিখ" আৰু আই. জী. এন. কোম্পানীৰ জাহাজ

9

জনতাদৰদী হেম বৰুৱা শ্রীঅতুলচন্দ্র হাজৰিকা

22 November 2023
1
0
0

আভিধানিক হেম বৰুৱাকে প্রমুখ্য কৰি কেবাজনো হেম বক্করাক অসমীয়া সাহিত্যই লগ পাইছে। সেইসকলৰ মাজত দুজন হেম বৰুৱাৰ ভালেখিনি সাদৃশ্য আমাৰ চকুত পৰে। এজন ত্যাগবীৰ হেম বকরা, আনজন এম-পি হেম বক্করা বা অধ্যক্ষ হে

10

সংসদত হেম বৰুৱা শ্রীবিজয়চন্দ্র ভাগৱতী

22 November 2023
0
0
0

১৯৪২ চনৰ গণ-বিপ্লর। ভাৰতৰ স্বাধীনতাৰ চূড়ান্ত সংগ্রাম। 'হয় মুক্তি নহয় মৃত্যু'-এই পণ লৈ বীৰ-বীবাজনায়কলে স্বাধী- নতাৰ বেদীমূলত নিজৰ জীৱন উৎসর্গা কৰিলে। অসমত সেই বিপ্লৱৰ ঢৌৱে প্রচণ্ড ৰূপ ললে। উদীয়মান ডেক।

11

জনজীৱনৰ দৃষ্টিত শ্রীশশী শর্মা

22 November 2023
0
0
0

অসম বিখ্যাত হেম বৰুরা কেবাজনো। কিন্তু সম্প্রতি হেম বৰুৱা বুলিলে প্রাক্তন সংসদী সদস্য, সু-সাহিত্যিক হেম বৰুৱা বুলিহে জনা যায়। হেম-কোষৰ হেম বৰুৱা আৰু যুক্তি-সংগ্ৰামৰ অন্যতম শ্রেষ্ঠ গুৰীয়াল হেম বৰুৱাৰ কথ

12

ৰাজনৈতিক সহকর্মীৰূপে চুজাউদ্দীন আহমদ

22 November 2023
0
0
0

হেম বকরা এটি সৰু নাম। তাৰ মাজতেই লুকাই আছিল এটি অগ্নিফুলিঙ্গ প্রচণ্ড বিস্ফোৰণৰ জুইশলা কাঠি। বিৰাট ব্যক্তিত্ব-সম্পন্ন, মহা-মহীৰূহ সদৃশ এই প্রতিভাধব মহান পুৰুষজনৰ কথা মনলৈ আহিলেই চকুৰ আগত ভাহি উঠে এখন ব

13

আধুনিক অসমীয়া সাহিত্যত হেম বৰুৱাৰ স্থান শ্রীত্রৈলোক্য নাথ গোস্বামী

23 November 2023
0
0
0

যিটো সময়ত হেম বৰুরাই কাপ হাতত লৈছিল, সেই সময়ত অসমীয়া সমাজৰ মাজত নতুন নতুন ভাবধাৰাৰ অনুপ্রবেশ ঘটিছে। দেশৰ মুক্তি-আন্দোলন বিযপি পৰি দেশবাসীৰ মাজত সঞ্চাৰ কৰিছে নর জাগৰণ; দ্বিতীয় মহাসমৰৰ দ্রুত বিস্তাবে দে

14

হেম বৰুৱাৰ জীৱন দৰ্শন আৰু সাহিত্য শ্রীঅতুলচন্দ্র বৰুৱা

23 November 2023
0
0
0

মানুহৰ জীৱন কামৰ সমষ্টি মাথোন। এই কৃতি বা কাম আৰু ৰচনা বা সাহিত্যৰ মাজেদি বাগ্মীনেতা হেম বৰুৱাৰ জীৱন দর্শনৰ মূল সূত্র কি আছিল তাকে অলপ বিশ্লেষণ কৰি চাব খুজিছো। ১৯৩৭ চনতে 'আরাহন'ত 'হিয়াৰ মিলন' গল্প প্

15

হেম বৰুৱা আৰু তৎকালীন কবি-গোষ্ঠী শ্রীনৱকান্ত বৰুরা

23 November 2023
0
0
0

'আরাহন'ত ওলাইছিল কন্নকী আৰু কভালানৰ কাহিনী- লেখকৰ নাম পাইছিলোঁ, শ্রীযুত হেমকান্ত বৰুরা এম. এ.। খবৰ পাইছিলো, জে. বি. কলেজত ইংৰাজী পঢ়ায়। তেওঁৰ শ্রেণীবোৰ হেনো ইংৰাজীৰ শ্রেণী হৈ নাথাকে-অসমীয়াকে ধৰি বিশ্ব-

16

হেম বৰুৱাৰ ইংৰাজী ৰচনা শ্রীউপেন্দ্রনাথ শর্মা

23 November 2023
0
0
0

হেম বৰুৱাই অসমীয়া সাহিত্যত অবিস্মৰণীয় অৱদান দি থৈ গৈছে। তেখেত আধুনিক অসমীয়া কবিতাৰ আন্দোলনৰ গুৰি ধৰোঁতা। জনমুখী ৰাজনীতি আৰু ভাৰতীয় পৰম্পৰাৰ প্রতি থকা আনুগত্যৰ বাবে তেখেতে অসমীয়া কবিতাৰ সন্ধিক্ষণত এই ক

17

হেম বৰুৱাৰ ভ্ৰমণ-সাহিত্য ডঃ হেমন্তকুমাৰ শৰ্মা

24 November 2023
1
0
0

একেধাৰে কবি, সমালোচক, সাংবাদিক, বক্তা, শিক্ষাবিদ আৰু বাজনীতিজ্ঞ পুৰুষ হেম বৰুৱা অসমীয়া সাহিত্যত ভ্রমণ-কাহিনী- ৰচয়িতা হিচাপেও বিশেষভাৱে পৰিচিত। এতিয়ালৈকে হেম বৰুরাকেই শ্রেষ্ঠ ভ্রমণ-কাহিনীকাৰ বুলি ক'ব প

18

এছাটি পছোৱা শ্রীযোগেশ দাস

24 November 2023
0
0
0

"আজি এই আগলি বতাহে কই গ'ল আহিছে পছোরা সারধান ধনীৰ দুলাল; ধন ঢালি মিছা সভ্যতাৰ মিছাৰেই সঁচা বন্দী কৰা সজা ভাঙ্গি পখীটি ওলাল।" -ভরপ্রসাদ মুলকৰাজ আনন্দৰ "কুলী" উপন্যাসৰ বঙলা ভাঙনিখন কিনি মই প্রথম পাতটোত

---

এখন কিতাপ পড়ক