মোহিনী পছমী
সেই দিনা গধূলি হ'লত মিঙ্গিমাহা
সেনাপতিয়ে আকৌ তাৰ ঘৰৰ ভিতৰত শোৱা খোটালিতে আগদিনাৰ দৰে মদ এহাড়ি লৈ বহিল।
পদুমীয়ে আকৌ তাৰ কাষত বহিল— আৰু তাক মদ খুৱাবলৈ ধৰিলে। মিঙ্গিমাহাই মদ খাই খাই
পছমীক কলে— “পছমী! বুকৰ জীউ ! এটা গীত গা অ।” পদুমীয়ে কলে —“তোক আৰু সদায় গীত
গাই শুনাব লাগে। বাৰু মই গীত গোৱাৰ বাবে মোকনো কি দিবি কচোন।” মিঙ্গিমাহাই কলে—
“বুকৰ জীউ ! ময়ে তোৰ । তই যি খোজ তাকে দিম।” পছমী — “বাক। তেন্তে মই গাওঁ” এই
বুলি বীণখন লৈ গাবলৈ ধৰিলে—
“নুমুৱা অগনি জ্বালিলা,
কেলেই লাহৰি ! আহিলা,
আজি এতেদিনে পাহৰি আছিলোঁ শোক !
মনতে ভাবিলোঁ পাহৰোঁ,
শোকৰ অগনি সামৰে।,
তুইৰ জুইয়ে পুৰি ডেই মাৰে মোক ॥
মনোমতী
নেপাই তোমাক
লাহৰি,
শোকৰ অগনি সামৰি,
পেটতে ভাবিলোঁ
মনকে কৰিম থিৰ ।
কেলেই তোমাক
দেখিলোঁ,
শোকৰ জুইতে
পৰিলোঁ,
নেকান্দি
থাকোঁতেও চকুৱে বৈ গ'ল নীৰ ॥
তুমিহে আকাশে
জোনাই,
আছিলা মেঘতে
লুকাই,
নেদেখি থাকোঁতে
পাহৰিলোঁ সৰ্ব্ব দুখ।
কেলেই আকৌ জোনাই,
সুনীল আকাশে ওলাই,
জ্বালিলা লাহৰি !
অন্তৰেতে মোৰ শোক ৷” মিঙ্গিমাহাই একান্ত মনেৰে নামটো শুনিলে। একে ধৰে পদুনীলৈ
কিছুমান পৰ চাই ৰ'ল। তাৰ পাছত কলে – “বুকৰ
জীউ ! তোৰ মাতটো বৰ মিঠা অ। তই যেন অমৃতহে বৰ্ষ।” পদুমীয়ে কলে— “মিঙ্গিমাহা ! মোক
এটা বস্তু দে।” মিঙ্গিমাহা —“কি বস্তু বুকৰ জীউ।” পদুমী – “বাৰু তই দিম বুলি ক।”
মিঙ্গিমাহা— “বস্তুটো কি কচোন মইনা !” পহুমী—“বাৰু দিওঁ বোল।” মিঙ্গিমাহা— “বাৰু সতো সত্যে দিম।” পহুমীয়ে ক'লে—সোণ ! তোৰ বন্দীবিলাকৰ ভিতৰত মোৰ এটা মানুহ আছে। সেই মানুহটোক এৰি দে।” মিঙ্গিমাহা--“সেই মানুহটো নো
কোন ? সিনো তোৰ কি হয়।” পহুমী –
“সেই –
মোহিনী পহুমী
মানুহটো এটা ভকত।
সি মোৰ ভাইলগা হয়।” মিঙ্গিমাহা “তোৰ যদি ভাইলগা হয়, তেন্তে মই তাক
এটা বৰফুকন কৰিম । সি মোৰ এটা দোৱনীয়া হৈ থাকক।” পছমী— “নহয় সোণ! সি যুঁজবাজ
কৰিব নাজানে। বিশেষ সি তহঁতৰ লগত থাকিলে মোৰ লাজ লাগে অ।” মিঙ্গিমাহা— “বুকৰ জীউ !
তই বৰ বেয়া বস্তু এটা খুজিলি । বন্দী এৰি দিলে মোৰ লগৰ মানবিলাকে ভাল নাপায়; তেও তই যে ধৰিলি
বাৰু তাক এৰি দিলোঁ। এই আঙঠিটো লৈ যা। মনে মনে পৰীয়াটোক দেখুৱাই কবি । সি তাক এৰি
দিব।” এই বুলি আঙঠিটো দিলে। পদুমীয়ে তেতিয়া তাক আকৌ মদ খুৱাই অচেতন কৰি পেলাই থৈ
মনে মনে ৰাতি দুভাগ হোৱাত শান্তিৰাম ভকতৰ বহাৰ ফালে আহিল, আৰু পৰীয়া
মানটোক আঙঠিটো দেখুৱাই ঘৰৰ ভিতৰত সোমাল আৰু শাস্তিৰামক কাণৰ কাষত কেতখিনি কথা কৈ
উলিয়াই আনি এৰি দিলে। শান্তিৰাম ভকতে যাবৰ পৰত “যাওঁ পহুমী! বিদায় দিয়৷” এই
বুলি কলে। পদুমীয়ে এটা সেৱা কৰিলে । তাৰ পাছত শান্তিৰাম ভকত গৈ এডৰা হাবিত সোমাল
। পহুমী মিঙ্গিমাহাৰ ঘৰলৈ উলটিল ।