পশীলা
সেই নিশা সখীয়েকে সৈতে
কথা বতৰা পাতি তাৰ পাছদিনা দুপৰীয়া পমীলাই ভাত-পানী খাই বই উঠি মনোমতীৰ মূৰ-
শিতানত থকা চালপিৰাখনৰ জপা এটা মেলিলে আৰু এযোৰ ভাল নিকা মুগাৰ ৰিহামেখেলা
উলিয়ালে । এখন ফুলাম কাপোৰ উলিয়ালে আৰু সেইবিলাক উলিয়াই থৈ মনোমতীক কলে—“সখি !
চাওঁ তোমাৰ দাপণখন আৰু সেন্দুৰৰ টেমাটো দিয়াচোন । ”
মনোমতী—“সখি ! আজিনো
তোমাৰ ইমান সাজ পাৰ কেলেই ?”
পমীলা —“মোৰ দেখোন আজি
ভালকৈ কানি কাপোৰ পিন্ধিবলৈ মন গৈছে।” আজলী মনোমতীয়ে পমীলাৰ কথাৰ অৰ্থ ধৰিব
নোৱাৰি তেওঁৰ কাকৈ, ফণি, দাপণ এই
এটাইবিলাককে দিলে । পমীলাই তেতিয়া দাপণত চাই চাই ভালকৈ মূৰটো মেলালে । তাৰ পাছত
কাপোৰ যোৰ পিন্ধিলে তাৰ পাছত ভালকৈ চূণ দি তামোল এখন খাই ওঠ দুটা ৰঙা কৰিলে ।
কপালত এটা সেন্দুৰৰ ফোট ললে। এই দৰে সাজি কাচি উঠি পমীলা মনোমতীৰ কাষত বহিলগৈ আৰু
তেওঁক কবলৈ ধৰিলে— “সখি ! মই আজি কেলেই এনেকৈ সাজি কাচি ওলাইছোঁ কব পাৰা ?” মনোমতী— “জানো, কব নোৱাৰোঁ।
মনোমতী
- - তোমাৰ মহিমাই বুজা টান।” পমীলা – “বাৰু তেন্তে মই কওঁ
শুনা।” এই কথাকৈ পমীলাই ফুচ্ ফুচ্ কৰি মনোমতীৰ কাণৰ কাষত কিবাকিবি কেতখিনি কবলৈ
ধৰিলে। মনোমতীয়ে পমীলাৰ কথাত এবাৰ মিচিককৈ হাঁহি এটা মাৰিলে; তাৰ পাছত ফুটাই
বেজাৰ মনেৰে কলে – “যোৱা । সখি !” পমীলাই ইয়াৰ পাছতে মনোমতীৰ পৰা বিদায় ললে।
এনেতে কিবা এটা কথা মনত পৰি পমীলাই মনোমতীক কলে – “সখি ! মই আজি ৰাতিপুৱ৷ বেলি চাই
দাঁড়ৰ ভিতৰতে শুনিলোঁ মান হেনো ভটিয়াই আহিব লাগিছে । আৰু হলকান্ত বৰুৱাৰ হেনো
আমাৰ দেউতালৈ শত্রুভাৱ যোৱা নাই। আমাৰ দেউতাৰ নাম শুনিলে হেনো “ঢেকেৰি” বুলি
মাটিতে তিনি কিল মাৰে ৷ এনেস্থলত তেওঁৰ পুতেক ডেকা বৰুৱাইও যে আমাৰ পৰিয়ালক বেয়া
নাপাব ইয়াৰ একো কাৰণ নাই।” মনোমতীয়ে পমীলাৰ এই কথাত তললৈ মূৰ কৰিলে। এনেতে
পমীলাই আকৌ হাঁহি হাঁহি কবলৈ ধৰিলে— “বাৰু সখি! তুমি চিন্তা নকৰিবা। ডেকা বৰুৱাৰ
বাপেকে সৈতে আমাৰ দেউতাৰ বেয়া ভাব থাকিলেই যে ডেকা বৰুৱাৰো ভাব আমালৈ বেয়া হব
সেইটো হব নেপায়। বাৰু কুমাৰৰনো আমাৰ ঊষা সখীলৈ কি ভাব এইটোকে বুজিব লাগে। আৰু
আমাৰ তাত শান্তিৰাম আতৈনে৷ কিমান পানীৰ মাছ তাকো চাব লাগে। তেওঁনো লৰা ফুচুলিওৱাত
কিমান পকা সিউটো বুজি লব লাগে। চাওঁচোন কুমাৰনো ঊষা সখীৰ ৰূপ-গুণ শুনি ভোল যায়নে
নেযায়।”
পমীলা
মনোমতী—“সখি! কাবৌটি কৰিছোঁ তুমি মোৰ কথা কাৰো
আগত মুলিয়াবা।”
পমীলা—“ভাল ! তোমাৰ কথা নকওঁ। কেৱল মোৰ ঊষা
সখীৰহে বতৰা দি পঠাম। সখি! তেন্তে মই আহিলোঁ তুমি চিন্তা নকৰিবা । মই এটা নাম
গাওঁ শুনা—
“পার্টিতে বহিয়ে ঊষা
মূৰ্চ্ছা গলে সখীতে শোধে যুগুতি নাকান্দা সখিহে ! চিত্রলেখী বোলে আনি দিম গোবিন্দৰ
নাতি।”
পমীলাই এই নাম গাই উঠি ঘৰৰ ভিতৰৰ পৰা ওলাল ; আৰু এখোজ দুখোজ কৰি বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ভিতৰত থকা
শাস্তিৰাম নামেৰে এজন কেৱলীয়া ভকতৰ ঘৰলৈ বাট ললে।