জঙ্কিয়েসেই কথা কবৰ দিনাৰেপৰা ডালিমীৰ হৃদয়ত এডাল শেল বাজিল।তাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে ভাইকএনেকুৱা মর্মভেদী কথা কব ।ভাই কেতিয়াও নাভাবিছিল যে জঙ্কিয়ে তাইকভাল নাপালেও তাই দেখিবলৈ বেয়াএনে এটা কথা বুজাব।যি ডালিমীয়ে আজি অত দিনেতাই নিজৰ মনতে মইদেখিবলৈ বাল আৰু মইভালকৈ নাচিব জানো বুলি অলপবালিকাসুলভ আত্ম-গৌৰৱ কৰিছিল,
সেই ডালিমীয়ে আজি জঙ্কিৰ এনেকুৱাচিধা কথাত তাই নিজকেসংসাৰৰ অতি নীচতকৈও নীচভাবিবলৈ ধৰিলে।
সেইদিনাৰে পাৰ ডালিমীয়ে জঙ্কিৰলগত বিহু নাচিবলৈ এৰিলে।সেইদিনাৰে পৰা ডালিমীয়ে অঙ্কিৰেসৈতে মন খুলি কথাবতৰা পাতিবলৈ এৰিলে।
অৱশ্যেডালিমীয়ে যে অঙ্কিলৈ প্ৰাণৰপৰা শত্রু ভাব কৰিলে এনেনহয়। বৰং ভাৰ চিধাকতাত তাক শত্রু ভাবনকৰি সি যে একখোলা চিত্তৰ মানুহ এইটোহে বুজিলে। আৰু যেতিয়াই ভাইজানিব পাৰিলে যে জঙ্কিৰ চিত্তকআন এজনে অধিকাৰ কৰিছে,
সেই ঠাই ভাই দখলকৰিবলৈ নোৱাৰে, তেতিয়াই তাই নিজৰ সমস্তআশা ভৰসা এৰিলে আৰুজঙ্কিৰ সৈতে কুটুম্বতা ভাবত্যাগ কৰি মুঠেই সচৰাচৰবন্ধুত্ব ভাব ৰাখিলে।
ভাইএইদৰে এদিন মনতে চিন্তাকৰি বহি আছে। ইফালৰপৰা জঙ্কি সিহঁতৰ ঘৰলৈকে গল। সেইদিনা কিন্তু ডালিমী ঘৰত অকলে আছিল। মাক-বাপেক ইত্যাদি সকলো
দিহা-দিহি কৰবালৈ গৈছেল। জঙ্কিয়ে লাহেকৈ সিহঁতৰ চোতালৰ আগতে বহিলগৈ। আৰু ডালিমীক দেখা
পাই সুধিলে- ”ডালিমী, বাপেৰ কলৈ গল ?”
ডালিমীয়ে উত্তৰ
কৰিলে- ”জঙ্কি সিহঁত আজি ঘৰত নাই। গধূলিহে আহিব; কেলেই বোপাই বিচাৰিছ জঙ্কি ?”
আছিল। কাইলৈ
মই মোৰ জঙ্কি ডালিমী ! এটা কথা সোৱণশিৰীলৈ যাওঁ বুলিছিলো।
ডালিমী-কিয়নো
যাव?
জঙ্কি ডালিমী!
তোক মই এনেকৈ মোৰ সকলো কথা কলো। তই
মোক এফেৰা উপকাৰ
কৰিবনে?
ডালিমী-কি উপকাৰ
ঙ্কি?
জঙ্কি তোৰ বাপেৰৰ
তিনি-চাৰিখন নাও আছে। কাইলৈ মই সোৱণশিৰীলৈ যাওঁ বুলিছিলো, এখন নাও লাগিছিল।
ডালিমী মোক
কচোন নাওনো কেলেই ?
জঙিকি তোক মই
ভনীৰ দৰে চেনেহ কৰো। তোৰ আগত মই
সকলো কথা ভাঙি
কওঁচোন শুন।
ডালিমী-কি বাৰু?
জঙ্কি পালেইক
মাক-বাপেকে বল কৰি কমুদলৈ দিব খুজিছে। তাই মোলৈ বাতৰি দিছে বোলে মই হেনো তাইক পলুৱাই
আনিব ডালিমী, যদি জীৱটোও যায় তথাপি তাইক নেৰোঁ। বাপেৰকো আহি মই কম, তইও দিবলৈ কবিনে?
ডালিমী- (মুখ
ফিৰাই) বাৰু কম দে। জঙ্কি (ডালিমীৰ হাতত ধৰি) ডালিমী। তই প্ৰকৃততে মোক ভনীৰ দৰে চেনেহ
কৰ। ডালিমী যাওঁ দেই।
ডালিমী- (মুখ
ফিৰাই) যাগৈনা জঙ্কি জঙ্কি ডালিমী। তই দেখোন কান্দিছ। কিয় কান্দিছ ডালিমী? ডালিমী
পানেইৰ দুখৰ কথা শুনি।
এই কথা কোৱাৰ
পিছতে জঙ্কি উঠি গল। কিন্তু তাৰ হৃদয়ত আজি ডালিমীৰ চকুলো দেখি অলপ সন্দেহৰ ভাবে খেলিবলৈ
ধৰিলে। কিন্তু যি কি নহওক সি মনে মনে এইটোকে ভাবিলে যে ডালিমী প্ৰকৃততে বৰ সহৃদয়া।
ডালিমী প্ৰকৃততে তাৰ বৰ উপকাৰী ভনীয়েকৰ দৰে।
আৰু ডালিমী।
পাঠক! ডালিমীৰ প্ৰকৃত অৱস্থা কি বুজিব পাৰিছেনে? ভাইনো কেলেই কান্দিছে? তাই বুজিব পাৰিছে
যে জঙ্কিৰ চেনেহ দৃঢ় ৰূপে পানেইলৈহে বহিছে। সেই চেনেহৰ সোঁত আন কোনো ফালে নবয়। সেইদেখি
ভাই হৃদয়ত মর্মান্তক বেদনা পালে। সেই বেদনা তাই চেষ্টা কৰিও দমাব নোৱাৰিলে; আপোনা-আপুনি
ভাইৰ হৃদয়ৰ নিজৰা ফুটি এবাৰ বেগেৰে পানী গুলাল- ডালিমীয়ে কান্দি পেলালে। কিন্তু তাই
এনেকুৱা মর্মান্তিক বেদনা পালেও ভাইৰ প্ৰণয়ত স্বাৰ্থ নোসোমান। তাই মনে মনে চিন্তা
কৰিলে যে যদি নাওখন দিয়াব পাৰিলেই জঙ্কি সুখী হয় তেনেহলেনো তাই জঙ্কিৰ এই এফেৰা উপকাৰ
কৰি বাল পোৱাৰ বাজন নহব কেলেই? অন্ততঃ জঙ্কিযেতো ভাই উপকাৰী বুলি ভাবিব।
আৰু পানেই-পানেইৰ
নো কি হল! বাপেকে তাইক বল কৰি দিওঁ বুলিছিল; কিন্তু ঈশ্বৰৰ ইচ্ছাত যিদিনা সেই কাম কৰোঁ
বুলি প্রতিজ্ঞা কৰিছিল, সেই কাম সিদ্ধি নহল। কমুদ সেইদিনা পথালিপামৰ ফালে এটা সকামত
যাবলগীয়াত পৰিছিল। এই দুদিনৰ ভিতৰত পানেয়ে মনতে থিৰ কৰিলে যে তাই মাক- বাপেককো এৰিব।
ভাই লগ সমনীয়াৰ নিন্দাৰ ভাজন হৈয়ো তাই তাইৰ ভাল পোৱা বস্তুৰ লগ লাগিব। হাতী, মহ,
বাঘ ইত্যাদিকো ভয় নকৰি তাই পলাব।
সেই সুযোগ মিলিল।
ৰকমীৰ সহায়ত জঙ্কিলৈ খবৰ পঠিয়ালে। জঙ্কিয়ে এন্ধাৰ নিশা নাও এখন লৈ ঘাটত উপস্থিত
হল। পানেয়ে শৌচ কৰিবলৈ যাওঁ বুলি ফাঁকি দি নাৱত উঠিলগৈ। তেতিয়াই সেই নাও দ্রুত বেগেৰে
আই সোৱণশিৰীৰ ধাৰত আৰু বলিষ্ঠ জঙ্কিৰ বঠাৰ চাবত ৰাতা-ৰাতি ভটিয়াব ধৰিলে। তাইৰ অহাত
পলম হোৱা দেখি বুঢ়া তামেদে আৰু বুঢ়ী নিৰমায়ে বিচাৰি গল। গাঁৱত তেনেই তোলপাৰ লাগিল।
দিহা-দিহি মানুহে বিচাৰিব ধৰিলে। কিন্তু পানেইক নাপালে।