যুগীৰ পাম
যুগীৰ পামৰ পৰা ডেকা-বৰুৱা
বৰনগৰলৈ যাবৰ দিনাই গধূলি
চেঙ্গা গাৱঁৰ হলকান্ত বৰুৱাই পঠোৱা সেই মানুহ কেইটা আহি “যুগীৰ পাম” পালে আৰু
বৰুৱানীৰ আগত মান যে ভটিয়াই আহিব লাগিছে এই কথাটো কলে ।
বৰুৱানীয়ে শুনি বিবুদ্ধি হ'ল। তেওঁৰ
গিৰিয়েক আৰু পুতেকলৈ চিন্তা হবলৈ ধৰিলে । শেষত একো উপায় নেপাই তেওঁ গাৱঁৰ তজোৰাম
নামেৰে গাওঁবুঢ়া এজনক মতাই আনি কলে—“তজোৰাম ! এতিয়া আমাৰ কি
উপায় হব ? ডাঙৰীয়াৰ বা কি
হ'ল; বোপা সৈন্য আনোগৈ বুলি ক'ত ৰল, ইয়াৰ একোকে
নেজানিলোঁ।” তজোৰাম—“আই ! কি উপায় কৰিব লাগে কওক । মোৰ মনেৰে হলে
আপোনালোকক ইয়াৰ পৰা লৈ গৈ বৰপেটাত নি এঠাইত থব লাগে।
আপোনালোকে যি অলপ-অচৰপ বস্তু নিব খোজে, তাক টালিটোপোলা বান্ধক।” বৰুৱানীয়ে কলে— “মোৰ বোপানো ক'ত থাকিল তাৰ ভূ
লব নোৱাৰানে?” তজোৰাম—“আই মানুহ
পঠাওঁ। আপোনালোকে খাই বই উঠক।” তজোৰামৰ এই কথাত বৰুৱানীয়ে জীয়েকে সৈতে খাই উঠিল।
এনেতে সিফালৰ পৰা ডেকা বৰুৱাক বিচাৰিবলৈ যোৱা মানুহ চাইটাও হাবাথুৰি
খাই গাৱলৈ লৰি আহিল আৰু বৰুৱানীক কলে— “আই! পলাওঁক । ইফালৰ পৰাও বামেদি
যুগীৰ পামত
মান আহিব লাগিছে!” এই বুলি কৈয়েই সিহঁত চাইটা
নিজ নিজ ঘৰলৈ গৈ সিহঁতৰ লৰা-তিকতাবিলাকক যেনে পালে তেনেই লৈ ঘৰৰ বয়-বস্তু ঘৰতে
এৰি বৰপেটাৰ মুখে বাট ললে। বৰুৱানীয়েও প্রায় কুৰি পঁচিশজন মানুহ লৈ খোজ
কাঢ়িয়েই বৰপেটা পালেগৈ । তেওঁ যাবৰ পৰত বাটে বাটে পুতেক আৰু গিৰিয়েকৰ নিমিত্তে
কান্দি গ'ল। মান অহা বাতৰি পাই
গাৱঁৰ আটাইবিলা লৰা তিৰুতা বৰপেটাৰ ফাললৈ লৰ ধৰিলে। চাই থাকোঁতে থাকোতে তিনি
দাড়মান সময়ৰ ভিতৰতেই যুগীৰ পামত এটিও মানুহ নোহোৱা হ'ল ।
বজালীৰ বাটেদি অহা
মানজাকে নিশা এপৰ মান হোৱাত আহি “যুগীৰ পাম” পালে। গাওঁ পাই সিহঁতে গাৱঁৰ শুদা
ঘৰদুৱাৰবিলাক দেখিলে । ৰাতি হোৱা দেখি সিহঁতে গাৱঁৰ সেই মানুহ নোহোৱা ঘৰ বিলাকত
সোমাল আৰু হাঁহি খিকিন্দালি কৰি যাৰে যতে যি খাবৰ বস্তু পালে সেইবিলাক লুটি পুটি
খাই —জুম বান্ধি বান্ধি সেই গাৱঁতে থাকিল ।
ইফালে হলকান্ত আৰু
মিঙ্গিমাহাও সেই নিশাই নিশা ছপৰ হোৱাত নাৱেৰে আহি যুগীৰ পাম পালে। তাতে হলকান্তই অলপ পৰ
নাও ৰাখিবলৈ দিলে, তাৰ পাছত “মই ঘৰৰ পৰা
আহোঁ” বুলি মিঙ্গিমাহাত অনুমতি খুজিলে। মিঙ্গিমাহাই তেওঁৰ লগত পাঁচোটা ৰণুৱাদি
ঘৰলৈ যাবলৈ দিলে । তেওঁ সেই ৰণুৱা লৈ লৰা তিৰুতাৰ মুখ দেখিম বুলি আশা কৰি গ'ল; কিন্তু তেওঁ গাওঁ পাই দেখিলে
গাৱত এটিও অসমীয়া মানুহ নাই । যি
মনোমতী
ঘৰলৈকে যায় সেই ঘৰতে মানহঁতকহে লগ পায়। তেওঁ
বৰ আচৰিত হ'ল। তাৰ পাছত তেওঁৰ গাৱঁৰ
মানুহবিলাকলৈ শোক এটা হ'ল। কিন্তু যেতিয়া
মানবিলাকৰ পৰা জানিলে সিহঁতে আহি শুদা গাওঁ পাইছে; তেতিয়া তেওঁ
জানিলে তেওঁৰ দিহা মতে পুতেক, ঘৈণীয়েক, জীয়েক গোৱালপাৰালৈ গ'ল। গাৱৰ মানুহবিলাকো
কৰবালৈ গ'ল। গাৱঁৰ কোনো মানুহৰে
হানি নোহোৱা শুনি তেওঁ সুস্থিৰ হ'ল। এইদৰে নিজৰ মনক প্রবোধ
দি তেওঁ মানৰ সেনাপতিক গাৱলৈ তুলিলে আৰু নিজৰ ঘৰ- ছৱাৰ দেখুৱাই অলপ পৰ সসৈন্যে
জিৰাবলৈ কলে । মিঙ্গিমাহাও তেওঁৰ কথামতে জিৰাল। তাৰ পাছত ৰাতি ছয়দাড় মান থাকোঁতে
হলকান্ত বৰুৱাৰ দিহা আৰু যুক্তিমতে দুইও জাক মান লগ হৈ সকলোটিয়েই হাতত মুকলি
তৰোৱাল লৈ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফাললৈ বাট ললে । সিহঁতৰ নাওঁবিলাক অসমীয়া
বন্দীহঁতে নৈৰে উজাই নিলে ।