shabd-logo

অসমীয়া ব্যাকৰণ

13 November 2023

2 দৰ্শন কৰা হৈছে 2

অসমীয়া ব্যাকৰণ

ব্যাকৰণ কি।

সকলো জন্তুতকৈ মানুহবিলাকৰ স্বভাৱ বেলেগ। সিবিলাকে ইটোৰ ওপৰত সিটোৱে ভাৰসা ৰাখি অনেক গোট খাই একে ঠাইত থাকে। এই দৰে থাকিব লাগিলে আপোনাৰ মনৰ ভাৱ জনাবৰ আৰু আনৰো মনৰ ভাৱ যুদ্ধেবৰ আৱশ্যক হব। এতেকে সেই ভাৱ প্ৰকাশ কৰিবৰ নিমিত্তে মানুহে কথা কবৰ শক্তি পাই মনেৰে ডবা আৰু চকুৰে দেখা বস্তুবিলাকৰ বেলেগ বেলেগ নাম দিলৈছে। সেই নামবোৰ বুজোৱা শব্দবিলাকক মাত বোলা যায়। মানুহৰ মাত আগত থকা মানুহে মাথোন শুনে, যি মানুহে দূৰৈত আছে বা আগলৈ হব, তেওঁ শুনিব নোৱাৰে। এই কাৰণ মানুহৰ মাত বুজোৱা শব্দবিলাকক লেখা আখৰেৰে প্ৰকাশ কৰিবৰ উপায় কৰা হৈছে। সেই আখৰৰ সঙ্কেত জানিলে মানুহে আৰু চায়েই শব্দবিলাক বুজিব পাৰে আৰু সেইবিলাক শব্দৰ দ্বাৰা মানুহৰ ভাৱ জনা যাব।

সেইবিলাক আখৰ আৰু শব্দক শুদ্ধৰূপে জোটাবৰ নিয়মবিলাক যি পুথিৰ পৰা শিকিব পাৰি, তাৰ নাম

ব্যাকৰণ।

বর্ণবিন্যাস- প্ৰকৰণ

ব্যাকৰণৰ যি ভাগত আখৰবিলাকৰ নাম, উচ্চাৰণ আৰু কত কি আখৰৰ ব্যৱহাৰ হয়, তাৰ নিয়ম থাকে, সেয়ে বর্ণবিন্যাস- প্ৰকৰণ ।

১) অসমীয়া ভাষাত সংস্কৃতৰ দৰে পঞ্চাশটা আখৰ আছে। যেনে- অ আ ই ঈ উ উ ঋ ৯ এ ঐ ও ঔ ংঃ

ক খ গ ঘ ঙ চ ছ জ ঝ ঞ ট ঠ ড ঢ ণ ত থ দ ধ ন প ফ ব ভ ম য ৰ ল ৱ শ ষ স হ ক্ষ ইয়াকে বর্ণমালা বোলে।

২) বৰ্ণমালাৰ “অ”ৰ পৰা “বিসর্গ” লৈকে চৈধ্যটাক স্বৰ আৰু আনবিলাকত ব্যঞ্জন বোলা যায়।

৩) স্বৰবিলাকৰ অ, ই, উ, ঋ, এ, এই কেইটাক হ্রস্ব (চুটি) আনবিলাকক দীর্ঘ (দীঘল) বোলে। ৪) দীর্ঘ আৰু এই তিনিটা আখৰৰ অসমীয়া ভাষাত একো সকাম নাই ।

আখৰবিলাকৰ উচ্চাৰণ।

৫) অসমীয়া ভাষাত 'অ' আৰু 'এ' এই দুই আখৰ ডিঙ্গি আৰু মূৰৰ পৰা ওলাই ওখ, চাপৰ, দুই প্ৰকাৰে উচ্চাৰিত হয়।

ডিঙ্গিৰ পৰা উচ্চাৰিত 'অ' যেনে অনিৰাম, মৰা (মৃত); মূৰৰ পৰা উচ্চাৰিত 'অ' যেনে- অস্থিৰাম, মৰা

(চৰাই)। ডিঙ্গিৰ পৰা উচ্চাৰিত 'এ' যেনে- এটা, বেয়া, মূৰৰ পৰা উচ্চাৰিত 'এ' যেনে- এই শেলুক। ৬) ও খঞড চপ ন ম য শ স হ, এই চৈধাটাত বাজে ব্যঞ্জন আখৰৰ উচ্চাৰণৰ কথা লিখাৰ প্ৰয়োজন

+ স্বপ্ন নথকা ব্যঞ্জনৰ উচ্চাৰণ নহয়, এই কারণ আমি - অকাৰ দি ডাকা যায়

:: এই দুটাক ব্যঞ্জন বোলাৱে উচিত, কিছু সিহঁত আগৰে পৰা স্বপ্ন বুলি ব্যৱহৃত কৈ থকা দেখি সিহঁতক স্বৰ লগত ি সংস্কৃত হন এই আখৰ কণ্ঠৰ পৰা উদ্ভাবিত হয়, এই কাৰণ সিহঁতক কণ্ঠা বোলো 

৭) ও, কোনো ওকাৰান্ত কথাৰ পিচত থাকিলে 'ৱ'ৰ দৰে উচ্চাৰিত হয়। যথা- কোঙৰপুৰ, ইত্যাদি ।

৮) ঝ, ইয়াৰ উচ্চাৰণ আগত 'ঞ্জ' থকা 'হু' নিচিনা; যেনে- ঝঞ্জা । ৯) ঞ, ইয়াৰ উচ্চাৰণ একেলগে মতা ‘ইয়’ৰ নিচিনা; যেনে- গঞা, ইত্যাদি। সিদ্ধ তাক চ ছ জ ঝ

এই চাৰি আখৰৰ আগত যোগ কৰিলে 'ন'ৰ নিচিনা উচ্চাৰণ হয়; যথা- পঞ্চম, পঞ্জৰ, ঝঞ্জা। সি 'জ'ৰ পিচত যুক্ত হলে 'গাঁ ৰ

দৰে ১০) ড়, কথাৰ শেষত থাকিলে প্ৰায় কঠিন ‘ৰ' ৰ নিচিনাকৈ উচ্চাৰিত হয়, আৰু এই উচ্চাৰণ বুজিবৰ কাৰণ

উচ্চাৰিত হয়; যথা- আজ্ঞা, ইত্যাদি।

তাৰ তলত এটা ফুট দিয়া যায়; যথা- গড়, ইত্যাদি ।

১১) ঢ়, কোনো আখৰৰ পিচত থাকিলে তাৰ 'হৰ' নিচিনা উচ্চাৰণ হয়, ইয়াতো সেই চিন থাকে; যেনে-

বুঢ়া, বাঢ়ৈ, ইত্যাদি। ১২) ণ, ইয়াক জিভাৰ আগটো পাচলৈ নি তালুত লগাই উচ্চাৰণ কৰা যায়। পূৰ্ব্বে সংস্কৃতত ইয়াৰ আৰু

“ন”ৰ উচ্চাৰণ বেলেগ আছিল অৰ্থাৎ “ল”ক দাঁতত জিভা লগাই মতা গৈছিল, এতিয়া তাৰো উচ্চাৰণ “ল”ৰ নিচিনা।

১৩) ষ, কোনো বাঞ্জনৰ পাচত লগ লাগিলে, সেই আখৰত ৱকাৰ দি নাকে মাতিলে তাৰ যেনে উচ্চাৰণ হয়, তেনে উচ্চাৰণ কৰায়; যেনে- ভস্ম, ভীষ্ম। ১৪) য়, শব্দৰ মাজত বা শেষত অকলৈ থাকিলে একেলগে চুটিকৈ মতা 'ইঅ'ৰ দৰে উচ্চাৰিত হয়, আৰু

সেই উচ্চাৰণ বুজিবৰ কাৰণ তাৰ তলত এটা ফুট দিয়া যায়; যথা- দয়া, ভয়, হয়, ইত্যাদি।

১৫) ৱ, বৰ্ণমালাৰ অকাৰৰ পাচত থকা 'ৱ'ৰ উচ্চাৰণ সিটো 'ব’তকৈ লঘু। কোনো ব্যঞ্জনৰ পাচত তাক

যোগ কৰিলে সি তাক দুটাৰ দৰে উচ্চাৰণ কৰায়; যথা- অন্বয়, ইত্যাদি।

১৬) শ ষ স, ইহঁতক আন কোনো বাঞ্জন আখৰে সৈতে যোগ কৰা হলে, কোমল হুকাৰৰ নিচিনাকৈ

উচ্চাৰিত হয়; যথা- অৱশ্যে, ঈশ্বৰ, আশ্ৰয়, মসৃণ, বৃষ্টি, ইত্যাদি। ১৭) কিন্তু ‘ৰ'ৰ বা 'ত'ৰ পাচত যুক্ত হলে সিহঁতে আপোনাৰ উচ্চাৰণ নেৰে, যেনে- হৰ্ষ, বৰ্ষ, সত্সঙ্গ,

ইত্যাদি। বৎস, বৎসৰ আৰু মৎসব শব্দ এই নিয়মৰ বাজ; সিহঁতৰ উচ্চাৰণ বচ, বচৰ, মচৰ ।

(১৮) হ, যকাৰে সৈতে লগ লাগিলে হকাৰ আগত থকা 'জা'ৰ নিচিনা হয়, যথা গ্রাহ্য, সহ্য, ইত্যাদি । ১৯) ক খ গ ঘ চ ছ জ ঝ ট ঠ ড ঢ ত থ দ ধ প ফ ব ড, এইবিলাক আখৰৰ প্ৰথমটোত হকাৰ দিলে দ্বিতীয়টোৰ উচ্চাৰণ পোৱা যায়; যথাক্ হ, খ, গৃহ, ঘ; ইত্যাদি।

20) *** এই চিন আখৰৰ ওপৰত স্থাপিত হলে, সি তাক নাকে দি উচ্চাৰণ কৰায়; ইয়াকে আনুনাসিক চিন বোলে। যথা- বাঁহ, হাঁহ, ভাঁহ, ইত্যাদি।

২১) · ' এই চিন আখৰৰ তলত থাকি তাক স্বৰ-নথকা ব্যঞ্জন বুজাব। ইয়াকে ব্যঞ্জন চিন বোলে; যথা- ক, কাক, ইত্যাদি।

২২) বঙ্গালী আৰু হিন্দি ভাষা অসমীয়াৰে একে, অর্থাৎ সংস্কৃত বৰ্ণমালাৰ আখৰেৰে লিখা যায়; এতেকে সেই দুই ভাষাৰ কোনো শব্দ অসমীয়া ভাষাত লিখিব লাগিলে, তাত যদি শ, ষ, বা স থাকে, তেন্তে আমাৰ ভাষাৰ দৰে তাৰ উচ্চাৰণ শুদ্ধকৈ লিখিবৰ নিমিত্তে সেই আখৰটোৰ সলনি চ বা ছ নিদি, সি যি ভাষাৰ শব্দ, সেই ভাষাত লিখাৰ দৰেই তাক লিখা আৰু মতাও উচিত। সেয়ে নহলে অকল শব্দৰ মূল হেৰায়, এনে নহয়, অনেক সময়ত তাৰ অৰ্থ বুজাও টান হয়; কিয়নো বঙ্গালী 'শেওড়া গাছ' এই শব্দক যদি অসমীয়াত “চেওড়া গাছ” লিখা যায়, তেন্তে সি নো কি গছ তাক কেৱে বুজিব নোৱাৰিব। সেই দৰেই সাত্ৰাগাছিলৈ লিখা কোনো চিঠিৰ ওপৰত 'চাৰাগাছি' লিখিলে, সেই চিঠি কলৈ যাব তাৰ নিশ্চয় নেথাকে।

২৩) অসমীয়া শব্দবিলাকৰ মূলবিলাক যি আখৰেৰে লিখা যায়, উচ্চাৰণ লৰচৰ নকৰাকৈ পৰা যায় মানে অসমীয়াত সেই আখৰ ৰাখিব লাগে; যেনে- সংকর্ণ, অং কাপ; সং অসম, অং অসমীয়া; সং হস্তী, অং ছাতী; সং ছত্র, অং ছাতি; সং যা, অং যাওঁ; ইত্যাদি। কিন্তু উচ্চাৰণ লৰিলে আখৰো লৰে; যেনে- (সং মসুৰ- এবি মাছ) অং মচুৰ ।

২৪) যি অসমীয়া শব্দ সংস্কৃত, বাঙ্গালী বা হিন্দী ভাষাৰ পৰা ওলোৱা নাই, উচ্চাৰণলৈ চাই তাৰ আখৰ ঠিক

কৰা যায়; যেনে- চাহাব, নিচাও। এই দুইৰ প্ৰথমটো ফাৰ্চী, দ্বিতীয়টো অইন ভাষাৰ শব্দ ।

ণত্ব বিধি।

২৫) র, ষ, এবং খ ইহঁতৰ পিচত 'ন'ৰ ঠাইত ণ হয়; যথা- কৃষাণ, বৰ্ণ, হৰণ, কৰণ, মৰাণ, ইত্যাদি।

২৬) ৰ, য, বা খ আৰু ন এই দুই আখৰৰ মাজত কবৰ্ণ বা পবৰ্গৰ কোনো আখৰ বা হু, য, ব নাইবা স্বৰ

থাকিলেও সেই নত ণ + হয়; যেনে- ক্ষেপণ, দর্পণ, কাৰ্যাপণ, গ্রহণ, কৃপণ, নাৰায়ণ, পৰায়ণ, ইত্যাদি। ২৭) টবৰ্গৰ কোনো আখৰে সৈতে যুক্ত হলেও 'ন' ণ হয়। যথাঃ- কণ্টক, পিণ্ড, চণ্ড, ইত্যাদি। আন আখৰ মাজত নথকাকৈ ‘ন’ ‘গ’ৰ পাচত থাকিলেও তাৰ ঠাইত ণ হয়; যথা- গণ, গণিত, বিগুণ ইত্যাদি। গান শব্দ ইয়াৰ

বাজ।

২৮) অসমীয়া ভাষাৰ স্ত্রীলিঙ্গ বুজোৱা নী 'শী' ন হয়; যেনে- কুমাৰনী, কমাৰনী । ২৯) 'চ' ‘ছ’ৰে সৈতে ‘শ'ৰ মাথোন যোগ হয়; যেনে- নিশ্চয়, শিৰশ্ছেদ, ইত্যাদি।

ষত্ব বিধি।

৩০) ‘ট” আৰু “ঠ’ৰে সৈতে 'ব’ক মাথোন যোগ কৰা নাই, আৰু 'স্ব’ৰে যোগ হলে 'ত' 'থ'ৰ ঠাইত ‘ট’ঠ’ হয়; যেনে-- স্পষ্+ত, স্পষ্ট; ষষ্+থ, ষষ্ঠ; আকৃষ্+ত, আকৃষ্ট; ইত্যাদি ।

সত্ব বিধি।

(৩১) ক, খ, , ইত্যাদি বৰ্ণত দন্ত্য 'স'ৰ যোগ হয়; যথা- বয়স্ক, স্খলিত, অন্ত, বন্ধু, স্থান, প্রস্থান, স্নান, স্ফটিক, ভস্ম, ইত্যাদি। কিন্তু ই, ঈ, বা উ, ঊ, আগত থাকিলে খ, প, ফ, আৰু ম, এই বিলাকে সৈতে ‘ষ’ৰ যোগ হয়; যেনে- নিষ্কৰ, নিষ্পাপ, যুগ্মদ, ইত্যাদি।

৩২) “ই' ‘ঞ্জ' আৰু ‘ঐ’ৰ পাচত 'এ'ৰ সলনি ‘য়ে', 'অ'ৰ সলনি 'র' আৰু আকাৰৰ সলনি 'রা' হয়; যেনে- হাতী+এ, হাতীয়ে; মাটি+এ, মাটিয়ে; দি+অ দিয়; দি+আঁ, দিয়া; ভাই+আ, ভাইয়া; পৈ+এ, পৈয়ে; পৈ+জ, পৈয়া; ইত্যাদি।

৩৩) একাৰত 'রে', আকাৰত 'র' বা আকাৰত 'য়াঁ' হলে শব্দৰ অন্তত অকলৈ থকা 'ই' '' বিকল্পে গুচে; যেনে- ডাই+এক, ভাইয়েক বা ভায়েক; ভাইয়া বা ভারা; ইত্যাদি।

৩৪) শব্দৰ অন্তত অকলৈ থকা, ই' ‘জ’ৰ পাচত 'ও' হলে বিকল্পে 'ই' 'ছ'ৰ ঠাইত 'ঘু' হয়; যেনে- দুইও বা দুয়ো; মইও বা ময়ো; ইত্যাদি। আন আখৰে সৈতে লগ লাগি থকা ই বা ই লৰচৰ নহয়; যেনে- তুমিও, নদীও। ৩৫) উ উ ও আৰু ঔ, এই কেইটা আখৰৰ পাচত অকাৰৰ ঠাইত 'ৱ', আকাৰৰ সলনি 'ৱা', একাৰৰ সলনি “য়ে’ হয়; যেনে- শো+অন, শোৱন; ফু+ আ, ফুৱা; শু + আ, শুৱা; ধো + আ, ধোৱা। সেই দৰেই ঔ+আ ঔৱা,

মৌ+ আ মৌৱা, ধো+এ ধোৱে, শো+এ শোৱে, পো+এ পোৱে, মৌ+ এ মৌরে, ইত্যাদি।

৩৬) শব্দৰ অন্তত অকলৈ থকা 'ও'ৰ পাচত 'ও' হলে আগৰটো 'ও' ৱ হয়; যেনে নাও+ও, নাৱো; তেওঁ+ও, তেৱোঁ; ইত্যাদি। আৰু তেনে 'ও'ৰ পাচত অ বা আ হলেও সেই 'ও' ৱ হয়; যেনে- নাও+অৰীয়া, নাৱৰীয়া; ভাও+ অৰীয়া, ভাৱৰীয়া; ইত্যাদি।

৩৭) শব্দৰ অন্তত অকলৈ থকা 'ৱ' পাচত 'ৱে' হলে বিকল্পে 'ও' গুচে; যেনে- তেওঁ + এই, তেওঁৱেই বা তেৱেঁই । সেই দৰেই দেওৱেই বা দেৱেই; ইত্যাদি।

সন্ধি প্ৰকৰণ।

সন্ধি + শব্দে জোৰাক বুজায়। দুটা পদক একে লগে জোৰা খুৱাব লাগিলে সিহঁতক অলপ লৰচৰ কৰিব লাগে। ব্যাকৰণৰ যি ভাগে সেই লৰচৰ কৰিবৰ নিয়মবিলাক শিকায়, তাকে সন্ধি-প্ৰকৰণ বোলা যায়।

সংজ্ঞা।

১। স্বৰবিলাকৰ 'অ'ৰ পৰা উলৈকে আখৰবোৰৰ একে বিধৰ দুটা আখৰক সবৰ্ণ বোলে যেনে- অ আ অ

অ, আ অ, আ আ; সেই দৰেই, ই, উ উ

২। হ্রস্ব স্বৰবিলাকৰ পিচত “বর্ণ” শব্দ যোগ কৰিলে, সি আপোন জাতিৰ হ্ৰস্ব দীর্ঘ দুইকো বুজায়; যথা-

অবৰ্ণ অৰ্থাৎ অকাৰ আৰু আকাৰ; ইত্যাদি ।

৩। ইবৰ্ণৰ ঠাইত “এ” উবৰ্ণৰ ঠাইত 'ও' আৰু ঘৰ ঠাইত হোৱা 'ন'ৰ ইহঁতক গুণ বোলে। অবৰ্ণৰ ঠাইত 'আ', ইবৰ্ণ আৰু এৰ ঠাইত ‘ঐ’, উবৰ্ণ আৰু নৰ ঠাইত 'ঔ' আৰু ঘৰ ঠাইত হোৱা ‘আৰ' এই বিলাকক বৃদ্ধি বোলে। ৪। ব্যঞ্জনবিলাকৰ ভিতৰৰ ‘ক'ৰ পৰা 'ম' পৰ্য্যন্ত পঁচিশটা আখৰৰ প্ৰতি পাঁচোটাক ক্ৰমে কবৰ্গ, চবর্গ, টবর্গ,

তবর্গ, আৰু পবৰ্গ বোলা যায় ।

৫। সংজ্ঞা বা সৰ্ব্বনাম শব্দ আৰু ধাতু, বিভক্তি বা আন কোনো প্রত্যয়েৰে যুক্ত হলে, সিহঁতক পদ বোলা যায়। আনবিলাক পদে বিভক্তি আদি নোহোৱাকৈয়ে পদ নাম পায়।

অর্থাৎ স্বৰক লৰচৰ কৰি দুই পদৰ জোৰ লগাবৰ নিয়ম ।

১ সূত্র। আগৰ স্বৰ পিচৰ সবৰ্ণ-স্বৰে সৈতে লগ লাগি এটা দীর্ঘ স্বৰ হয়; যথা- দণ্ড+ অগ্র, দণ্ডগ্র; ক্ষুধা+আৰ্ত্ত, ক্ষুধাৰ্ত্ত, গৌৰী+ঈশ, গৌৰীশ; ভানু+উত্তাপ, ভানুত্তাপ; ন+আছিল, নাছিল; ন+আহে, নাহে; ইত্যাদি । 

২ সূত্র। আগত অবর্ণ থাকিলে “ই”ৰ পৰা “খ”লৈকে স্বৰবিলাকৰ গুণ হয়; করে বিলাক স্বৰৰ আগত থকা “অ' বা 'আ’ৰ যোগ হয়; যথা- পৰম + ঈশ্বৰ, পৰমেশ্বৰ, পুৰুষ+ উত্তম, পুরুষোত্তম; ষষ্ঠ+ ঋতু, + ষষ্ঠতু; পৰম+ ঋত, পৰমৰ্ত্ত; মহা+ঋষি, মহর্ষি; ইত্যাদি ।

৩ সূত্র। আগত অবর্ণ থাকিলে এ ও এই দুটা স্বৰৰ বৃদ্ধি হয়; বৃদ্ধি হলে সিহঁতৰ আগত থকা অ বা আৰ লোপ হয়; যথা- প্র+এয়, প্রৈয়; মহা+ওষধি, মহৌষধি; মহা+ওতু, মহৌতু; তৰ+ ওঠ, তৰোঠ; ইত্যাদি। ৪ সূত্র। স্বৰ পাচত থাকিলে ওকাৰৰ ঠাইত 'অ' আৰু ঔকাৰৰ ঠাইত 'খ' হয়; যথা- গো+ঈশ, গভীন;

নৌ+ইক, নাৱিক।

৫ সূত্র। সবৰ্ণ নোহোৱা স্বৰ পাচত থাকিলে ইবৰ্ণৰ ঠাইত 'য', উবৰ্ণৰ ঠাইত 'ৱ' আৰু 'খ'ৰ ঠাইত 'ব্' হয়; যথা- ভূমি+আদি, ভূম্যাদি; ৰহু + আশী, ৰত্নাশী; পিতৃ + আলয়, পিত্রালয়; ইতি+আদি, ইত্যাদি । ৬ সূত্র। পাচত ঐ বা ও থাকিলে আগৰ স্ববৰ্ণৰ লোপ হয়; আৰু সেই ঐ বা ঔ আগৰ বাঞ্জনৰ লগ লাগে;

যেনেঃ মহা+ঐশ্বৰ্য্য, মহৈশ্বৰ্য্য; মহা ঔষধ, মহৌষধ; ইত্যাদি। ৭ সূত্র। অন্তত একাৰ বা ওকাৰ থকা শব্দৰ পিচত অকাৰৰ লোপ হয়; যেনে- বয়ো+ অধিক, বয়োধিক।

৮ সূত্র। আগৰ ব্যঞ্জন আৰ পিচৰ স্বৰ যুক্ত ব্যঞ্জন কিম্বা শুৱা স্বৰে সৈতেই লগ লাগে; যেনে- সম্+পত্তি, সম্পত্তি; সম্‌+বাদ, সম্বাদ; কিম্+ইতি, কিমিতি; ইত্যাদি। (তেকে সৈতে যোগ হলে শ ষ স হ এই চাৰি আখৰত বাজে আন আন ব্যঞ্জনবর্ণ বিকল্পে দুটা হয়)।

ব্যঞ্জন সন্ধি।

অর্থাৎ ব্যঞ্জন আখৰক লৰচৰ কৰি দুটা শব্দৰ জোৰা খুৱাবৰ নিয়ম ।

৯ সূত্র। চবর্গ বা টবৰ্গৰ কোনো আখৰ বা 'ল' পাচত থাকিলে স্বৰহীন 'ত' বা 'দ'ৰ ঠাইত চবৰ্গ বা টবৰ্গৰ সেই আখৰ বা 'ল' হয়, আৰু হোৱা 'ছ'ৰ ঠাইত চ্, 'ঠ'ৰ ঠাইত ট্‌ আৰু 'ট'ৰ ঠাইত ভূ হয়; যথা- শৰৎচন্দ্ৰ, পৰশ্চন্দ্ৰ; জগৎ + জন, জগজ্জন, সৎ+জন, সজ্জন; বৃহৎ+ ঢক্কা, বৃহঢক্কা; তৎ+লিপি, তল্লিপি; ইত্যাদি।

১০ সূত্র । স্বৰ পাচত থাকিলে স্বৰহীন ক, ট, ত, ইহঁতৰ ঠাইত ক্ৰমে গ, ছ, দ হয়; যথা- বাক্+টশ, বাগীশ; বাক্ + অধিপতি, বাগপতি, বট্ + ঋতু, বড়তু; ষট্ + আনন, ষড়ানন; তৎ+ আপি, তমপি; তৎ+অন্তৰ, তদন্ত । ১১ সূত্র। ‘ন’ ‘ম’ এই দুই আখৰৰ আগত থকা স্বৰহীন ‘ক’ ‘ত’ৰ ঠাইত ক্ৰমে 'ঙ' আৰু 'ন্’ হয়; যথা- বাক্+নিষ্পত্তি, বাঙনিষ্পত্তি; বাক্+ময়, বাঘয়; জগৎ+নাথ, জগন্নাথ; উৎ+নতি, উন্নতি; উৎ+মন, উম্মন; ইত্যাদি। ১২। সূত্র। 'হ'ৰ আগত থকা স্বৰহীন 'ত'ৰ ঠাইত দ্‌ আৰু সেই 'হ'ৰ ঠাইত ধ হয়; যেনে- তৎ+হিত,

তদ্ধিত; তৎ+ হেতু, তদ্ধেতু; ইত্যাদি।

অনুস্বাৰ আৰু বিসর্গ সন্ধি।

অর্থাৎ অনুশ্বাৰ বা বিসৰ্গক লৰচৰ কৰি দুই পদৰ জোৰা লগাবৰ নিয়ম।

১৩ সূত্র। পাচত যি বৰ্গৰ আখৰ থাকে, অনুস্বাৰৰ ঠাইত সেই বৰ্গৰ অন্তৰ আখৰটো অৰ্থাৎ ক্ৰমে ও এর পন - কিং+কৰ, কিঙ্কৰ; সং+চয়, সঞ্চয়; কং+টক, কণ্টক; সং+তৰণ, সম্ভাষণ; সং+পর্ক , সম্পর্ক; সেই

ম্ হয়; যথা + ষ্ট, পৰমৰ্ম্ম ইত্যাদিত পাচত লিখা ৮ সূত্ৰৰ দ্বাৰা 'ব'ৰ 'ত' প্রভৃতিৰে সৈতে যোগ হয়।

দৰেই, সংগতি, সঙ্গতি। শং+খ, শঙ্খ; ইত্যাদি

১৪ সূত্র। চ বা হু পাচত থাকিলে বিসৰ্গৰ ঠাইত শ, ট বা ঠ পাচত থাকিলে য্ আৰু ত বা থ পাচত থাকিলে স্ হয়; যেনে- নিঃ+ চন্দ্ৰ, নিশ্চন্দ্র নিঃ+চয়, নিশ্চয় নিঃ+ছ, নিচ্ছ; ধনুঃ + টঙ্কাৰ, ধনুষ্টঙ্কাৰ; শ্ৰেষ্ঠ+ঠকাৰঃ শ্ৰেষ্ঠষ্ঠকাৰ; মনঃ+তথা, মনস্তথা; উচ্চঃ+ব, উচ্চস্থ; ইত্যাদি।

১৫ সূত্র। ক খ প বা ফ পাচত থাকিলে বিসৰ্গৰ ঠাইত বিকল্পে 'স' হয়, আৰু সেই 'স’ৰ আগত ইবৰ্ণ বা উবৰ্ণৰ কোনো স্বৰ থাকিলে 'স'ৰ ঠাইত '' হয়; যেনে- অন্তঃ + কৰণ, অন্তন্তৰণ; মনঃ+খেদ, মনস্বেদ; অধঃ + পতন, অধস্পতন; বহুঃ + ফেৰু, বৰৰ্ম্মেক; নিঃ+পাপ, নিষ্পাপ; নিঃ+পদ্ম, নিষ্পন্ন; বিকল্পে, অন্তঃকৰণ, নিঃপাপ, মনঃ খেদ ইত্যাদি ।

১৬ সূত্র। শ ষ বা সৰ আগত থকা বিসৰ্গৰ ঠাইত ক্ৰমে শ্ব্ স্ হয়, বিকল্পে; যথা- মনঃ+শান্তি, মনশ্ শান্তি; পূৰঃ+সৰঃ, পূৰসৰ; ইত্যাদি। বিকল্পে মনঃশান্তি, পূৰঃসৰ, ইত্যাদি।

১৭ সূত্র। অকাৰ বা গ, জ, ড, দ, ষ, ঘ, ঝ, ট, ধ, ড, ঙ, ঞ, ণ, ন আৰু ম, ইহঁতৰ কোনো আখৰ পাচত থাকিলে আকাৰৰ পাচত থকা বিসৰ্গৰ ঠাইত ওকাৰ হয়, আৰু তাৰ পূৰ্ব্বৰ অকাৰৰ লোপ হৈ ব্যঞ্জনত সেই “ও”ৰ যোগ হয়। যথা- বয়ঃ + অধিক, বয়োধিক; তেজঃ+ময়, তেজোময়; অধঃ + গতি, অধোগতি; শিৰ: +ভূষণ, শিৰোভূষণ; ইত্যাদি ।

১৮ সূত্র। ওপৰত কোৱা আখৰ বিলাকৰ কোনো এটা পাচত থাকিলে ই’কে আদি কৰি “ওঁ”লৈকে, কোনো স্বৰৰ পাচত থকা বিসৰ্গৰ ঠাইত 'ব্’ হয়; যথা- বহিঃ + অঙ্গ, বহিবঙ্গ; বহিঃগত, বহির্গত। কদাচিত অবৰ্ণৰ পিচত থকা বিসর্গতো 'ব্' হয়; যথা- পুনঃ+জন্ম পুনর্জন্ম; অন্তঃ + অঙ্গ, অন্তৰঙ্গ; ইত্যাদি

শব্দ- প্ৰকৰণ।

বিভিন্ন প্ৰকাৰৰ শব্দবিলাকৰ নাম, সিহঁতৰ ৰূপ, সিহঁতে কি বুজায়, এটা শব্দ আন এটাৰে কিৰূপে লগ লাগে। আৰু এটাৰ পৰা আন এটা শব্দ কেনেকৈ ওলায়, ব্যাকৰণৰ যি ভাগৰ পৰা এই বিলাক কথা শিকা যায়, তাৰ নাম শা প্ৰকৰণ ।

১। মানুহৰ মাতৰ ঘাই ঠাল দুটা; ম্প আৰু ধাতু। শব্দে চকুৰে দেখা বা মনেৰে ডবা কোনো বস্তুক বা সেই বস্তুৰ গুণ আদিক বুজায়। ধাতুৱে সেই বস্তুবিলাকে কৰা কাৰ্য্যক বুজায়।

২। অসমীয়া ভাষাত এঘাৰ প্ৰকাৰ শব্দ আছে; যথা- সংজ্ঞা-শব্দ, সৰ্ব্বনাম শব্দ, বিশেষণ শব্দ, বিশেষণ শব্দ, সংখ্যাবাচক শব্দ, অব্যয় শব্দ, গুণবোধক শব্দ, অনুকাৰ শব্দ, উপ-শব্দ, অনুৰূপ-শব্দ, কৃদন্ত- শব্দ।

সংজ্ঞা-শব্দ।

৩। চকুৰে দেখা বা মনেৰে ভৰা কোনো বস্তুৰ নামকে সংজ্ঞা শব্দ বোলা যায়; যেনে- মানুহ, গৰু, আকাশ, মন, বুদ্ধি, অসম, ৰামহৰি, গোবিন্দাম, ইত্যাদি।

৪। সংজ্ঞা-শব্দ দুবিধ সামান্য সংজ্ঞা আৰু বিশেষ সংজ্ঞা। যি পদে কোনো জাতি বা অনেক বস্তুৰ নাম বুজায়, তাকে সামান্য সংজ্ঞা বোলা যায়, যেনে- হাতী, ঘোৰা, ঘৰ, নৈ, ইত্যাদি। কোনো এটা মানুহৰ ঠাইৰ বা নৈ আদিৰ নামক বিশেষ সংজ্ঞা বোলে; যেনে- কৃষ্ণৰাম, গুৱাহাটী, দিখৌ, ইত্যাদি। সংজ্ঞা-শব্দৰ দুই বচন আছে- একবচন আৰু বহুবচন। এটাক বুজালে একবচন, আৰু এটাতকৈ আইক

বুজালে বহুবচন হয়। ৫। সংজ্ঞাটো বিভক্তি দ্বাৰা সংজ্ঞা- শব্দবিলাকৰ ৰূপ বেলেগ হয়। সেই প্রত্যেক ৰূপে একোটা কাৰক নাম পায়। সেইবিলাক তলত লিখা গল ।

একবচন

বহুবচন

প্রথমা. এ

দ্বিতীয়া অক

বহুবচনত বিভক্তি বেলেগ নহয়, কেৱল শব্দৰ পাচত একবচনৰ বিভক্তিৰ আগত মানা লোকক বুজাবলৈ 'সকল' “বিলাক” আৰু তুচ্ছ মানুহক বুজাবলৈ ‘বোৰ’, ‘হঁত' আদি কথাৰ যোগ হয়। 'বোৰ' আৰু 'বিলাক' হঁতৰ জন্তু আৰু অচেতন বক্তৃতো খাটে।

তৃতীয়া-- এৰে

চতুৰ্থীলৈ

পঞ্চমী -- পৰা

ষষ্ঠী অৰ

সপ্তমী-- অত

জীয়া জন্তুৰ সমূহ বুজাবলৈ শব্দৰ পাচত 'মখা' এই কথা দিয়া যায়; যেনে- মানুহমখা, গৰুমখা। “হঁত” এইটো কথা মানুহ, গৰু, পহু, চৰাই, এনেবিলাক সাধাৰণ শ্ৰেণী বুজোৱা শব্দৰ লগত নেলাগে; কেৱল ব্যৱসায়, জাতি আৰু সম্বন্ধ বুজোৱা শব্দত হৈ সি যুক্ত হয়; যেনে- ছাতৰহঁত, কঁহাৰহঁত, ডোমহঁত, গাইহঁত, ৰামহঁত, মহহঁত, এনে নহয় । 'গৰু' শব্দে নিন্দাৰ্থত মানুহক বুজালে তাৰ বহুবচনত হঁত দিয়া যায়; যেনে- এই গৰুহঁতে একো নুবুজে

১ সূত্র। অকাৰ বা আকাৰ অন্তত থকা শব্দৰ একবচনৰ 'এ' বিভক্তিৰ ঠাইত 'ই' হয়। যেনে- গাধই, লতাই।

২ সূত্র। জীয়া জন্তু বুজোৱা আৰু অকাৰেৰে অন্ত হোৱা সংযোগী আখৰ শেষত থকা শব্দৰ পাচত বিভক্তি ই হয়, নহৈও থাকে; 'ই' নহলে 'এ' সেই শব্দেৰে সৈতে লগ লাগে; যেনে- কৃষ্ণই বা কৃষ্ণে, দক্ষই বা দক্ষে। নিৰ্জীৱ বস্তু বুজোৱা তেনে শব্দত “এ” বিভক্তিৰ যোগ হয়; যেনে- শঙ্খে, বৃক্ষে, শব্দে, ইত্যাদি।

৩ সূত্ৰ । ‘অক' ‘অৰ' আৰু 'অত' বিভক্তিৰ 'অ' বাঞ্ছনাস্ত শব্দৰ লগ লাগে; যেনে- (মানুহ) মানুহক,

মানুহৰ মানুহত।

(ক) স্বৰ অন্তত থকা শব্দৰ পাচত সেইবোৰ বিভক্তিৰ 'অ' গুচে; যেনে- দেৱতাক দেৱতাৰ, দেৱতাত ।

৪ সূত্র। লৈ আৰু পৰা বিভক্তি একবচনত বাঞ্জনান্ত শব্দ অকাৰান্ত হয় । আৰু সকলো শব্দৰ পাচত 'পৰা'

বিভক্তিৰ আগত 'ৰ' হয়; যেনে- ঘৰলৈ, ঘৰৰ পৰা, ইত্যাদি । ৫ সূত্র। ইকাৰকে আদি কৰি আন কোনো স্বৰ অন্তত থকা শব্দৰ পাচত 'এৰে' বিভক্তিৰ 'এ' গুচে, নুগুচিও

থাকে; যেনে -- কটাৰীৰে বা কটাৰীয়েৰে, হুদুৰে বা হুদুৱেৰে লোৰে বা লোৱেৰে, মৌৱেৰে বা মৌৰে, ইত্যাদি । +

৬ সূত্র। খকাৰান্ত শব্দ ইকাৰান্ত শব্দৰ তুলা; যেনে- পিতৃয়ে, পিতৃক, পিতৃয়েৰে বা পিতৃৰে, পিতৃলৈ, পিতৃৰ পৰা, পিতৃৰ, পিতৃত। 

৭ সূত্র। অনুস্বাৰান্ত শব্দৰ একবচনৰ সকলো বিভক্তিতে অনুস্বাৰত ‘ঙ্গ' হয়; যেনে- চাং, চাঙ্গে, চাক, চাঙ্গেৰে, চাঙ্গলৈ, চাঙ্গৰ পৰা, চাঙ্গত। (বহুবচন) চাংবিলাকে, চাংবিলাকক, চাংবিলাকেৰে ইত্যাদি। ৮। সম্বোধন অর্থাৎ কোনোক মতা অর্থ হলে সংস্কৃত শব্দৰ অন্তৰ ইকাৰ আৰু উকাৰৰ গুণ হয়, দীর্ঘ ঈকাৰ হ্রস্ব হয়, আকাৰত ‘এ’ আৰু থকাৰত 'অঃ' হয়; যেনে-- (হৰি) হে হৰে, (প্রভু) হে প্রভো, (সুন্দৰী) হে সুন্দৰি,

(

কন্যা) হে কনো, (পিতৃ) হে পিতঃ ইত্যাদি। এই নিয়ম কেৱল গধূৰ লেখাত হে খাটে, সামান্য কথা আৰু লেখাত সম্বোধনত শব্দৰ স্বৰূপ ব্যৱহাৰ কৰা যায়; যেনে- হে পিতা, হে পিতৃ, হে প্ৰভু, হে দেবী, ইত্যাদি।

৯ সূত্র। শুদা 'ও' অন্তত থকা শব্দৰ প্ৰথমাৰ একবচনত 'ও' সদায় 'ৱ' হয়; একবচনৰ আনবিলাক বিভক্তিত ও 'ৱ' হয়, নহৈও থাকে; যেনে- ( নাও) প্ৰথমাৰ 'এ' বিভক্তিত নাৱে, আনবিলাক বিভক্তিত নাওক বা নাৱক, নাওৰে বা নাৱেৰে, নাওঁলৈ বা নাৱলৈ, নাওৰ পৰা বা নাৱৰ পৰা, নাওত বা নাৱত। বহুবচনত নাওবিলাকে, নাওবোৰে; ইত্যাদি ।

শব্দবিলাকৰ ৰূপ।

ব্যঞ্জনান্ত শব্দ।

একবচন

বহুবচন।

প্রথমা, (কৰ্ত্তা) মানুহে

দ্বিতীয়া, (কৰ্ম্ম) মানুহক

তৃতীয়া, (কৰণ) মানুহেৰে

চতুর্থী, (সম্প্রদান) মানুহলৈ

পঞ্চমী, (অপাদান) মানুহৰপৰা

ষষ্ঠী, (সম্বন্ধ) মানুহৰ

সপ্তমী, (অধিকৰণ) মানুহত

মানুহবিলাকে । মানুহবিলাকৰ ।

মানুহবিলাকক ।

মানুহবিলাকেৰে । মানুহবিলাকলৈ ৷

মানুহবিলাকৰপৰা

মানুহবিলাকত ।

অবর্ণান্ত শব্দ ।

একবচন।

বহুবচন ।

গাধবোৰে, লতাবোৰে ।

গাধবোৰক, লতাবোৰক ।

গাধবোৰেৰে, লতাবোৰেৰে।

গাধবোৰলৈ, লতাবোৰলৈ।

প্রঃ, গাধই, লতাই

দ্বিঃ, গাধক, লতাক

ভূঃ গাধৰে, লতাৰে 5, গাধলৈ, লতালৈ

পঃ, গাধৰপৰা, লতাৰপৰা

যঃ, গাধৰ, লতাৰ

সঃ, গাধত, লতাত

+ কৰ্ত্তা-কৰ্ম্ম আদি স্বৰ নিচিনা।

গাধবোৰৰপৰা, লতাবোৰৰপৰা

গাধবোৰৰ, লতাবোৰৰ ।

গায়বোৰত, লতাবোৰত । 

ইকাৰান্ত শব্দ

প্ৰঃ হাবিয়ে

হারিক

তৃঃ, হাবিৰে, হাবিয়েৰে

চঃ, হাবিলৈ

পঃ, হাবিৰপৰা

হাবিৰ

হাবিত সঃ,

হাবিবলাকে।

হাবিবিলাকক ।

হাবিবিলাকেৰে ।

হাবিবিলাকলৈ ।

হাবিবিলাকৰপৰা ।

হাবিবিলাকৰপৰা।

হাবিবিলাকত

উকাৰান্ত শব্দ ।

প্ৰঃ, ধেনুৰে

দ্বিঃ, ধেনুক ভূঃ, ধেনুৰে বা ধেনুৱেৰে

চঃ, ধেনুলৈ

পঃ, ধেনুৰপৰা

ষঃ, ধেনুৰ

সঃ, ধেনুত

ধেনুবোৰে ধেনুবোৰক

ধেনুবোৰেৰে ।

ধেনুবোৰলৈ।

ধেনুবোৰৰপৰা ।

ধেনুবোৰৰ।

ধেনুবোৰত ।

ঐকান্ত শব্দ।

একবচন ।

প্ৰঃ, খালৈয়ে

দ্বিঃ, খালৈকে

ভূঃ, খালৈয়েৰে বা খাঁলৈৰে

চঃ, খালৈলৈ

পঃ, খালৈৰপৰা

যঃ, খালৈৰ

সঃ, খালৈত

বহুবচন।

খাঁলৈবিলাকে।

খালৈবিলাকক ।

খালৈবিলাকেৰে ।

খাঁলৈবিলাকলৈ ।

খালৈবিলাকৰপৰা।

খালৈবিলাকৰ ।

খালৈবিলাকত ।

ওকাৰান্ত শব্দ।

প্ৰঃ, লোৱে

ছিঃ, লোক

তৃঃ, লোৰে, লোৱেৰে

চ, লোলৈ পঃ, লোৰপৰা

লোবিলাকে।

লোবিলাকক ।

লোবিলাকেৰে ।

লোবিলাকলৈ ।

লোবিলাকৰপৰা। 

ষ, লোৰ

সঃ, লোত

লোবিলাকৰ । লোবিলাকত ।

ঔকাৰান্ত শব্দ।

একবচন।

প্ৰঃ, কপৌৰে

ছিঃ, কপৌক

তৃঃ, কপৌৱেৰে, কপৌৰে

চঃ, কপৌৰপৰা

পঃ, কপৌলৈ

যঃ, কপৌৰ

কপৌত

বহুবচন।

কপৌবিলাকে ।

কপৌবিলাকক ।

কপৌবিলাকেৰে ।

কপৌবিলাকৰপৰা।

কপৌবিলাকলৈ ।

কপৌবিলাকৰ ।

কপৌবিলাকত ।

শব্দবিলাকৰ লিঙ্গৰ কথা ।

সংজ্ঞা-শব্দ-বিলাকৰ তিনি লিঙ্গ আছে,- পুংলিঙ্গ, স্ত্রীলিঙ্গ আৰু ক্লীবলিঙ্গ; যিবিলাক শব্দে পুৰুষক বুজায়, সেইবিলাক পুংলিঙ্গ; যেনে- মানুহ, সিংহ, গৰু, বাঘ ইত্যাদি।

স্ত্রীলিঙ্গে মাইকীক বুজায়; যথা- সিংহিনী, বাঘিনী, মুনিহ তিৰোতা

ক্লীৱলিঙ্গ তাক বোলে, যি স্ত্রীলিঙ্গ পুংলিঙ্গ বাজ, অর্থাৎ যাৰ জীৱ নাই; যথা- শাস্ত্ৰ, বস্ত্ৰ, পত্ৰ, গছ, ঘৰ, মাটি ইত্যাদি ।

অসমীয়া ভাষাত ক্লীবলিঙ্গ শব্দৰ ৰূপ বেলেগ নহয়; তাৰ পুংলিঙ্গৰ দৰেই ব্যৱহাৰ হয়। সেই ভাষাত অচেতন বস্তুৰ নাম মাত্ৰকেই ক্লীৱলিঙ্গ বুলি উক্ত কৰিব লাগে । আৰু লঘুত্ব আদি ভাৱ বা গুণ বুজোৱা শব্দো ক্লীবলিঙ্গ, আৰু যিবিলাক অদ্ভুৰ মতা, মাইকী চিনিব নোৱাৰি, সেই বিলাকৰ নামকো ক্লীৱলিঙ্গ বুলিব লাগে; যেনে-- পৰুৱা, ফৰিং, মাছ ইত্যাদি।

কোনো এক জাতিৰ স্ত্ৰী বা পুৰুষক বিশেষকৈ ন কৈ কেৱল জাতিক মাথোন বুজাব লাগিলে পুংলিঙ্গ শব্দ ব্যৱহৃত হয়; যথা-- বাঘে মানুহ খায়, গৰুৰ গাখীৰ মানুহৰ উপকাৰী, জীৱন কচুপাতৰ পানীৰ নিচিনা । ইয়াত তিৰোতা বা মতাক বিশেষ কৈ ন কৈ জাতিক মাথোন কোৱা অৰ্থ হল, এই কাৰণ পুংলিঙ্গ শব্দ ব্যৱহাৰ কৰা হল ।

৬। কিন্তু কাউৰী, ছাগলী, বিড়লী আৰু বগলী, চিলনী, এই বিলাক স্ত্রীলিঙ্গ শব্দ, তথাপি জাতি বুজোৱাত

প্ৰায়ে ইহঁতক ব্যৱহাৰ কৰা যায়; যেনে- কাউৰীৰ দৰে কলা, ছাগলীৰ বৰ ভোক । ৭। স্ত্রীলিঙ্গ শব্দ পুংলিঙ্গতকৈ বেলেগ হয়; সংস্কৃত ভাষাৰ স্ত্রীলিঙ্গ শব্দ পুংলিঙ্গৰ পৰা যেনেকৈ পৃথক হয়, তাক তলত দেখোৱা গৈছে।

১ সূত্র। জাতি বুজোৱা আৰু বিশেষণ শব্দৰ পিচত স্ত্রীলিঙ্গত ‘জ’ হয়; যথা--।

- (ব্রাহ্মণ) ব্রাহ্মণী, (শূদ্র) শূদ্রী,

(ব্যাঘ্র) ব্যাঘ্ৰী, (ময়ূৰ) ময়ূৰী, (সিংহ) সিংহী, (নদ) নদী, (সুন্দৰ সুন্দৰী।

২ সূত্র। কোনো কোনো অকাৰান্ত শব্দৰ, বিশেষকৈ শুরু কৃষ্ণ আদি বৰণ বুজোৱা শব্দৰ, পাচত স্ত্রীলিঙ্গত 'আ' হয়; যেনে- (শিৱ) শিৱা, (ভদ্র) ভদ্রা, (শুরু) শুক্লা, (কৃষ্ণ) কৃষ্ণা, (বক্ত) বক্তা, ইত্যাদি। 

৩য় সূত্র। “ইন” প্রত্যয়ান্ত শব্দৰ পাচত স্ত্রীলিঙ্গত 'ঈ' হয়, যেনে

(হস্তিন) হস্তিনী, (গৃহিন্) গৃহিণী,

ইত্যাদি।

৪ সূত্ৰ। ব্ৰহ্মা, ৰুদ্ৰ, শত্রু, মৃড়, ইন্দ্ৰ বৰুণ ইত্যাদি শব্দৰ পিচত "আনী" হয়; যথা- (ব্রহ্মা) ব্ৰহ্মা ( ৰুদ্ৰ ) ৰুদ্ৰাণী, (শত্রু) শত্রুাণী, ইত্যাদি।

৫ সূত্র । আচার্য, মাতুলাদি শব্দৰ পিচত “” বা আনী হয়; যথা আচার্য্যানী, আচার্যী, মাতুলানী,

মাতুলী।

৬ সূত্র। যিবিলাক শব্দ স্ত্রীলিঙ্গত আকাৰান্ত হয়, সেই বিলাকৰ অন্তত 'অক' থাকিলে 'অক'ৰ অ 'ই' হা

যেনে- (নায়ক) নায়িকা (বালক) বালিকা, (দায়ক) দায়িকা, (শিক্ষক) শিক্ষিকা, ইত্যাদি।

৭ সূত্র। 'রঙ' আৰু ‘মন্ত্ৰ' প্রত্যায়ান্ত শব্দবিলাকৰ স্ত্রীলিঙ্গর রঙ আৰু মন্ত্ৰৰ ঠাইত 'ৱতী' আৰু 'মতী' হয়; যেনে- (জ্ঞানবন্ত) জ্ঞানৱৰ্তী, (বুদ্ধিমন্ত) বুদ্ধিমতী, ইত্যাদি।

৮ সূত্ৰ। বহুব্রীহি সমাসৰ দ্বাৰা লগ লগা দুটা শব্দৰ পাচৰটোৱে গাৰ অঙ্গ বুজালে স্ত্রীলিঙ্গত সেই শব্দৰ পাচত

“ক্স” বা “আ” হয়; যেনে-- (দীর্ঘকেশ) দীর্ঘকেশী, দীর্ঘকেশা; (মৃগনয়ন) মৃগনয়নী, মৃগনয়না । ৯ সূত্র। কিছুমান অচেতন বস্তু বুজোৱা শব্দক সদায় স্ত্রীলিঙ্গত ব্যৱহাৰ কৰা যায়; যথা-গঙ্গা, যমুনা, সভা, ভাষা, লতা, সৰস্বতী, কথা, শক্তি, নদী, বিদ্যা, বুদ্ধি ইত্যাদি।

কিছুমান তেনে শব্দক সদায় পুংলিঙ্গত ব্যৱহাৰ কৰা যায়; যথা- নদ, ব্ৰহ্মপুত্ৰ ইত্যাদি।

কিন্তু আন অচেতন বস্তুৰ নাম সংস্কৃতত স্ত্রীলিঙ্গ হলেও অসমীয়াত তাক ক্লীবলিঙ্গ বোলা হে উচিত। আৰু

স্ত্রীলিঙ্গ অচেতন বস্তুৰ নামৰ সলনি ব্যৱহাৰ কৰা সৰ্বনাম শব্দ স্ত্রীলিঙ্গ নহয়; যেনে- বিদ্যা মানুহৰ ভূষণ, আৰু সি

মানুহৰ গৌৰৱ বঢ়ায়।

অসমীয়া ভাষাৰ লিঙ্গ ।

১০ সূত্র। অকাৰান্ত, আকাৰান্ত শব্দৰ পিচত স্ত্রীলিঙ্গত 'নী' হয়; + যথা- কলিতা, কলিতানী; মৰিয়া,

মৰিয়ানী; গৰীয়া, গৰীয়ানী; বৰিয়া, বৰিয়ানী; অসমীয়া, অসমীয়ানী; হজুরা, হজুৱানী । ১১ সূত্র। প্রায় বাঞ্জনান্ত শব্দৰ পিচত 'অনী' হয়; যথা- কেওট, কেওটনী; বঙ্গাল, বঙ্গালনী; কুমাৰ,

কুমাৰণী; নাপিত, নাপিতনী, মৰাণ, মৰাণনী; মান, মাননী; ইত্যাদি ।

১২ সূত্র। ইবৰ্ণান্ত শব্দৰ পিচত 'নী' বা 'য়নী' হয়, আৰু অকলৈ থকা শেষৰ ইকাৰৰ লোপ হয়; যেনে -- নাতি, নাতিনী; হাৰি, হাৰিনী; গোসাঁই, গোসাঁইনী; গোহাঁই, গোহাঁয়নী; ঘৰগিৰী ঘৰগিৰিয়নী; ভাঁৰালী, ভাঁৰালিয়নী; গৰাকী, গৰাকিয়ানী * । ঐকাৰ অন্তত থকা শব্দৰ পাচত 'য়নী' হয়; যেনে- বাঢ়ৈ, বাঢ়ৈয়নী ।

১৩ সূত্র। উকাৰ অন্তত থকা শব্দৰ পিচত 'ৱনী' হয়। অকলৈ থকা শেষৰ ‘উকাৰ'ৰ লোপ হয়; যেনে--

বন্ধুৱনী; হিন্দু, হিন্দুৱনী।

১৪ সূত্র। বাঘ আদি শব্দৰ পিচত 'ন' হয়, 'নী' হলে শব্দৰ অন্তৰ আখৰত 'ই' যোগ কৰা হয়; যেনে -- বাঘ, 

বাঘিনী; সিংহ, সিংহিনী; হাঁ, হাঁহিনী; ইত্যাদি।

১৫ সূত্র। মিতা শব্দৰ পিচত 'নী' হলে অন্তৰ আকাৰত ইকাৰ হয়; যেনে- মিতা, মিতিনী। ১৬ সূত্র। পুংলিঙ্গৰ হ্ৰস্ব ইকাৰান্ত শব্দ স্ত্রীলিঙ্গত দীর্ঘ ঈকাৰান্ত হয়; যেনে- ৰান্ধনী বামুণ, ৰান্ধনী তিৰোতা।

১৭ সূত্র। কিডাল শব্দৰ পিচত 'ঈ' হয়; 'ঈ' হলে 'ডা'ৰ আকাৰত অকাৰ হয়, ন হৈও থাকে; যথা--

বিড়াল, বিডলী বা বিড়ালী।

১৮ সূত্র। দোবা- আদি কিছুমান আকাৰান্ত শব্দৰ পিচত 'ঈ' হয়, আৰু শব্দৰ আদিত থকা ওকাৰত উকাৰ হয়; যেনো ঘোঁৰা, ঘূবী: বুঢ়া বুঢ়া; খোৱা, খুবী; খুৰা, খুৰী ।

১৯ সূত্র। শিয়ালাদি বাঞ্জনাহ্ শব্দৰ পিচত 'অনী' বা 'ঈ' হয়; যেনে- শিয়ালনী বা শিয়ালী, কুকুৰনী বা

কুকুৰী।

২০ সূত্র। কোচ- আদি শব্দৰ পিচত 'নী' হলে শব্দৰ প্রথম ওকাৰত উকাৰ হয়, আৰু অন্তৰ আখৰত “উ” যোগ কৰা হয়; যেনে ( কোচ) কচনী (চোর) চুকনী, (ডোম) ডুমুনী, (ধোবা) ধুধুনী, ধোবানীও কোনোৱে বোলে । ৮। ইয়াত বাজে কোনো সূত্ৰেৰে সিদ্ধ নোহোৱা স্বভাৱতে স্ত্রীলিঙ্গ বুজোৱা শব্দ আছে; সেই বিলাক তলত

লিখা গল

পুংলিঙ্গ

পুংলিঙ্গ

স্ত্রীলিঙ্গ।

তিৰোতা ।

বলদ বা গৰু দমৰা

মুনিহ

কালী।

শাহ।

কুৱৰী।

বোপাই

ৰজা

মোমতি

মাই।

মতা

মাইকী ।

কাউৰী ।

পো বা ভাই

বোৱাৰী।

ডেকা

মাখুন্দী।

কোৱা

দতাল, মখনা

গোহাঁই, গগে

ভাই

বেটী ।

ছাগ বা ছাগল

ছাগলা।

জী, জিয়াৰী ।

আইচু, গাভৰু (ভাৰ্য্যা)।

আইদেউ (ভাগিনী)।

আইটী।

পো

ককহি

বহি ।

বাপা

বগ

বগলী।

গৃহস্থ বা পৈ

অঞ্চলা

আন্ধালী।

ছোৱালী ।

ঘৈণী।

বৌ ।

ভেলেঙ্গী।

ককাই

নগা

নাগিনী ।

শৰ

৯। কিছুমান শব্দৰ আগত 'মতা' আৰু 'মাইকী' শব্দৰ যোগ কৰি পুংলিঙ্গ আৰু স্ত্রীলিঙ্গৰ প্ৰভেদ কৰা যায়;

যেনে-- মতা মৰা, মাইকী মৰা; মতা মহ, মাইকী মহ; মতা কুকুবা, মাইকী কুকুৰা; মতা হাতী, মাইকী হাতী; ইত্যাদি। ১০। সেই রূপেই জীয়া জন্তু বুজোৱা শব্দত ‘টো' আৰু ‘জনী” এই দুই উপশব্দ দি মতা মাইকী বেলেগ কৰা

যায়। যেনে- মহটো, মহজনী; গৰুটো, গৰুজনী । 

১১। যি বিলাক শব্দৰ স্ত্ৰীলিঙ্গত ৰূপ বেলেগ হয়, সেই বিলাকৰ আগতো 'মতা' 'মাইকী' আৰু 'টো’ শব্দ দি লিঙ্গৰ প্ৰভেদ কৰা যায়; যেনে মতা শিয়াল, মাইকী শিয়াল; শিয়ালটো, শিয়ালজনী; ইত্যাদি।

কानক।

১। সৰ্ব্বনাম আৰু সংজ্ঞা শব্দৰ প্ৰথমা আদি সাত বিভক্তিৰ শব্দবিলাকৰ কৰ্ত্তা আদি সাতেটা নাম হয়। সিহঁতকে কাৰক বোলা যায়; যেনে- কৰ্ত্তা, কৰ্ম্ম, কৰণ, সম্প্রদান, অপাদান, সম্বন্ধ, অধিকৰণ।

১। কৰ্ত্তাকাৰক।

১। যি ক্ৰিয়া কৰে, তাক কৰ্ত্তা বোলে। সেই কৰ্ত্তাত প্ৰথমা, অর্থাৎ প্রথমান্ত পদবিলাকেই কৰ্ত্তা হয়; যথা-- সূৰ্যো প্ৰকাশ কৰিছে, ঈশ্বৰ সৃষ্টি কৰিলে, তুমি ভোজন কৰিবা; ইত্যাদি। ইয়াত 'সূৰ্য্য' আদি ‘কৰিছে' আদি ক্ৰিয়াৰ কৰ্ত্তা।

২। কৰ্ত্তা কাৰকৰ যেতিয়া সাধ্যা অর্থাৎ সমাপিকা ক্রিয়া নেথাকে, তেতিয়া তাক কেৱলীয়া বা অক্ৰিয় কৰ্ত্তা বোলা যায়; যেনে-- মই যাব লাগে, তুমি ভাত খাওঁতে সি আহিল। ইয়াত 'মই' আৰু 'তুমি' এই দুটাৰ সাধ্যা ক্ৰিয়া নাই; এতেকে সিহঁত অক্ৰিয় কৰ্ত্তা।

২। কৰ্ম্মকাৰক ।

১। কৰ্ত্তাৰ ক্ৰিয়াই থাক ব্যাপে, অর্থাৎ যাৰ ওপৰত কাৰ্য্য কৰে, তাকে কৰ্ম্ম বোলে। সেই কৰ্ম্মত দ্বিতীয়া, অর্থাৎ দ্বিতীয়ান্ত পদবিলাকেই কৰ্ম্ম- কাৰক হয়; যথা- মই কাম কৰোঁ, ভাত খাওঁ, কাকত লিখোঁ; ইত্যাদি। ইয়াত 'মই' কৰ্ত্তাৰ 'কৰো' প্রভৃতি ক্ৰিয়াৰ 'কাম' আদি ফল হল, এই নিমিত্তে সিহঁতেই কৰ্ম্ম।

২। খা আদি কিছুমান ধাতুৰ পাঁচনী ক্ৰিয়াৰ প্ৰয়োগত কৰ্ম্মপদ দুটা হয়, অর্থাৎ পূৰ্ব্বে সাধাৰণী ক্ৰিয়াৰ যিটো কর্তা থাকে, কিন্তু কৰ্ম্ম হয়, যথা- মই তাক ভাত খুৱালোঁ, তেওঁক ঘৰ দেখালোঁ ।

৩। হাতে হাতে দান কৰা অৰ্থ হলে সম্প্ৰদানত কৰ্ম্মকাৰক হয়; এতেকে তাতো কৰ্ম্ম দুটা হয়; যেনে -- কৃষ্ণৰামে গোবিন্দামক ধন দিলে। ইয়াত “গোবিন্দাম” আৰু “ধন” এই দুটা কৰ্ম্মপদ। গোবিন্দলৈ ধন দিলে, এনেকৈ বুলিলে “ধন” মাথোন কৰ্ম্ম হয়, আৰু তেতিয়া ধন লোকৰ হাতত দিয়া অর্থ হয় ।

৩। কৰণকাৰক।

১। যি কৰ্ত্তাৰ অধীন হৈ ক্ৰিয়া কৰে অৰ্থাৎ কৰ্ত্তাই যাৰ দ্বাৰা ক্ৰিয়া কৰে, তাক কৰণ বোলে। সেই কৰণত তৃতীয়া, অর্থাৎ তৃতীয়ান্ত পদবিলাকেই কৰণ হয়; যথা- “হাতেৰে মাৰিলো ” ইত্যাদি। ইয়াত হাতৰ দ্বাৰা ক্ৰিয়া কৰা অর্থ হল, এই কাৰণ সি কৰণ।

৪। সম্প্রদানকাৰক ।

১। যাৰ উদ্দেশ্যে ক্ৰিয়া কৰা যায়, তাক সম্প্ৰদান কাৰক বোলা যায়; সেই সম্প্রদানত চতুর্থী, অর্থাৎ চতুর্থান্ত পদবোৰেই সম্প্রদান হয়; যথা ৰাম দেশলৈ গল, তুমি সূর্য্যলৈ চোৱা, বামুণলৈ ধন দিয়া, ইত্যাদি। ইয়াত দেশাদিৰ উদ্দেশ্যে গমনাদি ক্রিয়া কৰা অৰ্থ হল, এই কাৰণ সিহঁত সম্প্ৰদানকাৰক । 

। যাৰ পৰা কোনো বস্তু আন ঠাইলৈ যোৱা অৰ্থ হয় , তাক অপাদান কাৰক বোলো। সেই অপাদানত

পঞ্চমী, অর্থাৎ পঞ্চমান্ত পদবিলাকেই অপাদান হয়; যথা- গছৰ পৰা পাত সৰে, সি দেশৰ পৰা আহিল। ইয়াত গছ- আদিৰ পৰা পতনাদি ক্ৰিয়া হোৱা অর্থ হল, অতএব সিহঁতেই অপাদান।

২। “অৱধি” বা “অপেক্ষা" শব্দৰ যোগ হোৱা পদবিলাকো অপাদান কাৰক; যেনে অদ্যাৱধি, মূৰ্খ লৰা হোৱা অপেক্ষা, ইত্যাদি।

৩। তুলনা কৰা অৰ্থত সপ্তমী বিভক্তিৰ পদৰ পাচত “কে” যোগ কৰিলে সেই পদৰ অপাদান কাৰক হয়; যেনে-- ৰামতকৈ শ্যাম বলী, ধনতকৈ বিদ্যা ভাল ।

৬। সম্বন্ধকাৰক ।

১। যেতিয়া এটা শব্দে আন এটা শব্দেৰে সৈতে তাৰ সম্বন্ধ থকা, অর্থাৎ সি আনটোৰ অধিকাৰাদি হোৱা অর্থ বুজায়, তেতিয়া তাক সম্বন্ধ কাৰক বোলে, আৰু তাত ষষ্ঠী বিভক্তি হয়; যথা ৰজাৰ ঘৰ, মানুহৰ হাত, ঈশ্বৰৰ ইচ্ছা। ইয়াত ‘ৰজাৰ’ এই পদৰ ঘৰে সৈতে সম্বন্ধ থকা, অৰ্থাৎ ৰজা ঘৰৰ অধিকাৰ হোৱা অৰ্থ হৈছে, এই দেখি সি সমৃদ্ধকাৰক।

৭। অধিকৰণকাৰক ।

১। যি সাধাৰণৰূপে কোনো বস্তুক ধৰে, অৰ্থাৎ যাৰ ওপৰত কোনো এটা বস্তু থকা অৰ্থ হয়, তাক অধিকৰণ বোলে; সেই অধিকৰণত সপ্তমী, অর্থাৎ সপ্তমান্ত পদবিলাকেই অধিকৰণ হয়; যথা- ঘৰত মানুহ আৰু হাবিত বাঘ আছে, কঠত বহাঁ। ইয়াত ঘৰে মানুহক ধাৰণ কৰা অৰ্থ হল, এই কাৰণ সি অধিকৰণ ।

২। কদাচিত কোনো বস্তু স্বৰূপাৰ্থত কাৰো আধাৰ নোহোৱাতো তাক অধিকৰণ ৰূপে ব্যৱহাৰ কৰা যায়; যথা- বৰষুণত তিতিলোঁ, সি ৰদত শুকাল, “মেঘত যেনে বলাকা সাজে”; ইত্যাদি। ইয়াত বৰষুণে বা ৰদে কাকো ধাৰণ নকৰে, তথাপি সিহঁত অধিকৰণ হল ।

সৰ্ব্বনাম শব্দ।

১। যি শব্দক অন্য কোনো শব্দৰ সলনি ব্যৱহাৰ কৰা যায় তাক সৰ্ব্বনাম বোলে; যথা, “মানুহৰ জ্ঞান আছে, এই কাৰণ তেওঁ ঈশ্বৰক জানিব পাৰে।

২। সেই সৰ্ব্বনাম চাৰিবিধ; ব্যক্তিবোধক সৰ্ব্বনাম, বিশেষণ-সৰ্ব্বনাম, কালবোধক সৰ্ব্বনাম, আৰু

স্থান-বোধক সর্বনাম।

ব্যক্তিবোধক সৰ্ব্বনাম ।

৩। যিবিলাক শব্দ কোনো মানুহ নাইবা কোনো বস্তুৰ নামৰ সলনি ব্যৱহাৰ কৰা যায়, সেই বিলাকক ব্যক্তি- বোধক-সৰ্ব্বনাম বোলা যায়; যেনে- মই, তুমি, তই, তেওঁ, সি, এওঁ, ই, যি, কোন, কোনো, কোনোবা, আপোন, বিহু, কিন্তু, তেওঁ ।

৪। ব্যক্তিবোধক সর্ব্বনামবিলাকৰ বচন, লিঙ্গ আৰু পুৰুষ আছে; যথা- মই প্রথম, তুমি বা তই দ্বিতীয়

ইয়াত ৰাজে আন সৰ্ব্বনাম আৰু সংজ্ঞা পদবিলাক তৃতীয় পুৰুষ। সংজ্ঞাশব্দৰ বিভক্তিবিলাকেই ইহঁতৰ বিভক্তি আৰু তরুপেই কাৰকো হয় ।

৫। দ্বিতীয় পুৰুষৰ “তুমি” তৃতীয় পুৰুষৰ “তেওঁ, এওঁ আৰু আপোন, এইবিলাক সৰ্ব্বনামে মনা, আৰু তই, সি, ই, এই বিলাকে নীচ মানুহক বুজায়।

৬। “সি” আৰু “ই” শব্দৰ বহুবচনত "সকল” বা “বিলাক" শব্দৰ যোগ হলে সিহঁতে মানা লোকক, আ

“হঁত” কথাৰ যোগ হলে নীচ মানুহক বুজায়।

১ সূত্র। “মই” শব্দৰ প্ৰথমাৰ বহুবচনত “আমি”, দ্বিতীয়াদি বিভক্তির একবচনত "মো” আৰু বহুবচনত "আমা” হয়। “তুমি” শব্দৰ প্ৰথমাৰ একবচনত বাজে সকলো বিভক্তিত "তোমা” হয়। “তোমা” শব্দৰ বহুবচনৰ সকলো বিভক্তিত "লোক” কথাৰ যোগ হয়। "তেওঁ” শব্দৰ বহুবচনত “বিলাক” বা “লোক" কথা দিয়া যায়। “তই” শব্দৰ দ্বিতীয়াদি বিভক্তিৰ একবচনত “তো” হয় আৰু বহুবচনৰ সকলো বিভক্তিও “তই”ৰ 3” গুচি “হত” কথাৰ যোগ হয়। “বি” “সি” “দু” আৰু “কোন” শব্দৰ দ্বিতীয়াদি বিভক্তিৰ একবচনত ক্রমে “যা” “তা” “ইয়া” আৰু “কা” হয়। বহুবচনত "বোৰ” “বিলাক” বা “হঁত” কথাৰ যোগ হয়। "আপোন" শব্দৰ প্ৰথমাৰ একবচনত "আপুনি " বহুবচন আৰু অনা বিভক্তিত “আপোন" হয়, বহুবচনত “সকল” “লোক” বা “বিলাক" কথাৰ যোগ হয়।

“কোনোৱা” শব্দৰ ৰূপ সকলো বিভক্তিত আকাৰম্ভ সংজ্ঞা শব্দৰ নিচিনা।

“বিহু” “কিন্তু” শব্দৰ বহুবচন নহয়। "কোন" "কোনো" “যিহ” “কিন্তু” “কেওঁ” এই বিলাকত বাজে আন সৰ্ব্বনাম- শব্দৰ একবচনত আৰু 'মই'ৰ বহুবচনতো 'এ' বিভক্তি আৰু “এৰে” বিভক্তিৰ “এ” গুচে। ২ সূত্র। স্ত্রীলিঙ্গত “সি” আৰু “3" সৰ্ব্বনামৰ ঠাইত “তাই” আৰু “এই” হয়। আনবিলাক সৰ্ব্বনাম

সকলো দিশত সমান। "তাই" আৰু "এই" কেৱল তুচ্ছ লোকতেহে ব্যৱহাৰ কৰা হয়। এই কাৰণ সিহঁতৰ বহুবচনও

"হঁত” কথাৰ মাথোন যোগ হয়।

ব্যক্তিবোধক সৰ্ব্বনাম- শব্দবিলাকৰ ৰূপ। প্ৰথম পুৰুষ। ম‍ই শব্দ। (তিনিটা লিঙ্গত)

একবচন

বহুবচন

ম‍ই

আমি+

মোক

আমাক ।

প্রথমা, (কৰ্ত্তা)

দ্বিতীয়া, ( ক )

তৃতীয়া, (কৰণ)

চতুর্থী, (সম্প্রদান)

পঞ্চমী, (অপাদান)

মোৰে

মোলৈ

মোৰপৰা 

ষষ্ঠী, (সম্বন্ধ)

সপ্তমী, (অধিকৰণ)

মোত

আমাত ।

দ্বিতীয় পুৰুষ ।

তুমি শব্দ । একবচন

(তিনিও লিঙ্গত।)

বহুবচন

প্রথমা,

তুমি+

তোমালোকে।++

তোমাক

তোমালোকক ।

দ্বিতীয়া,

তৃতীয়া,

চতুর্থী, পঞ্চমী,

তোমালোকেৰে ।

তোমাৰে

তোমালৈ

তোমালোকলৈ ।

তোমাৰপৰা

তোমালোকৰপৰা।

তোমাৰ

তোমালোকৰ ।

সপ্তমী,

তোমাত

তোমালোকত।

তই শব্দ। (তিনিও লিঙ্গত।)

একবচন

তই

ভোক

প্রথমা,

দ্বিতীয়া,

তৃতীয়া,

চতুর্থী, পঞ্চামী,

তোৰে

বহুবচন

তহঁতে।

তহঁতক ।

তহঁতৰে।

তহঁতলৈ।

তহঁতৰপৰা ।

তহঁতৰ ।

তহঁতত।

তোলৈ

তোৰপৰা

ভোৰ

সপ্তমী,

তোত

তৃতীয় পুৰুষ। তেওঁ শব্দ। (তিনিও লিঙ্গত।)

একবচন

প্রথমা,

দ্বিতীয়া,

তৃতীয়া,

চতুর্থী, পঞ্চমী,

তেওঁ

তেওঁক

তেওঁৰে

তেওঁলৈ

তেওঁৰপৰা

তেওঁৰ

তেওঁত

বহুবচন।

তেওঁবিলাকে।

তেওঁবিলাকক ।

তেওঁবিলাকেৰে ৷

তেওঁবিলাকলৈ ।

তেওঁবিলাকৰপৰা ।

তেওঁবিলাকৰ ।

তেওঁবিলাকত। 

সি শব্দ। (পুংলিঙ্গত।)

সিহঁতে

সিহঁতক,

সিহঁতেৰে,

সিহঁতলৈ,

সিহঁতৰপৰা, ৰা

সিহঁতৰ,

সিহঁতত,

তালে

সিবিলাকে।

সিবিলাকক ।

সিবিলাকেৰে ।

সিবিলাকলৈ ।

সিবিলাকৰপৰা।

সিবিলাকত ।

ভাৰপৰা

তাৰ

সপ্তমী,

ভাত

প্রথমা,

দ্বিতীয়া,

তৃতীয়া,

চতুর্থী,

পঞ্চমী,

তাই শব্দ (শ্রীলিঙ্গত।)

একবচন

তাই

তাইক

তাইৰে

তাইলে

তাইৰপৰা

তাইৰ

তাইত

বহুবচন।

তাইহঁতে।

তাইহঁতক ।

তাইহঁতেৰে ।

তাইহঁতলৈ।

তাইহঁতৰপৰা ।

তাইহঁতৰ ।

তাইহঁতত।

সপ্তমী,

এওঁ শব্দ। (তিনিও লিত।)

একবচন

বহুবচন ।

এওঁবিলাকে।+

এওঁক

প্রথমা,

দ্বিতীয়া,

তৃতীয়া,

চতুর্থী, পঞ্চমী,

এওঁৰে

এওঁলৈ

এওঁৰপৰা

এওঁবিলাক।

এওঁবিলাকেৰে ।

এওঁবিলাকলৈ ।

এওঁবিলাকৰপৰা।

এওঁবিলাকৰ । এওঁবিলাকত।

ষষ্ঠী,

সপ্তমী, 

কোন শব্দ। (তিনিও লিঙ্গ।)

একবচন

বহুবচন।

প্রথমা,

কোনে

কাক

কাৰো কোনোৰে)

দ্বিতীয়া, তৃতীয়া,

চতুৰ্থী

পঞ্চমী,

কোনবিলাকে।

কোনবিলাকক ।

কোনবিলাকেৰে।

কোনবিলাকেৰে ।

কোনবিলাকৰপৰা।

কোনবিলাকৰ ।

কাৰপৰা

কাৰ

সপ্তমী,

কাত

কোনবিলাকত ।

কোনো শব্দ। (তিনিও লিক্ষত)

একবচন

বহুবচন।

প্রথমা,

কোনোৱে

কোনোক

তৃতীয়া,

কোনোৰে বা কোনোৱেৰে

কোনোলৈ

কোনোবিলাকে ।

কোনোবিলাকক ।

কোনোবিলাকেৰে ।

কোনবিলাকলৈ ।

কোনোলিাকৰপৰা

কোনোবিলাকৰ ।

পঞ্চমী,

কোনোৰপৰা

কোনোৰ

কোনোত

কোনোবিলাক ও।

আপোন শব্দ। (তিনিও লিঙ্কত।)

একবচন

প্রঃ অঃপুনি

খ্রিঃ আপোনাক

আপোনাসকলে

আপোনাসকলক

আপোনাসকলেৰে

ডঃ আপোনাৰে

চং আপোনলৈ

বহুবচন ।

বা বিলাকে।

বা বিলাকক ।

বা বিলাকেৰে ।

বা বিলাকলৈ।

বা বিলাকৰপৰা।

বা বিলাকৰ।

বা বিলাকত।

আপোনাসকললৈ

পঃ আপোনাৰপৰা

আপোনাসকল। পৰ!

যঃ আপোনাৰ

আপোনাসকলৰ

স: আপোনাত

আপোনাসকলত

কিহ বা যিহ শব্দ। (ক্লীবলিঙ্গত।)

কিে

প্রথমা,

দ্বিতীয়া,

কিক

যিহে।

যিহক।

যিহেৰে ।

বহুবচন নাই।

তৃতীয়া, 

চতুর্থী,

পঞ্চমী,

যিহলৈ।

যিহৰপৰা ।

কিছৰপৰা

কিহত

বহুবচন নাই।

যিহৰ

যিহত।

সপ্তমী,

৬। “কেওঁ” শব্দক প্ৰথমাৰ একবচনত মাথোন ব্যৱহাৰ কৰা যায়। যেনে- কেওঁৰে বা কেৱে। আন বিভক্তিত তাৰ সলনি “কোন” শব্দৰ ব্যৱহাৰ হয়।

বিশেষণ সর্ব্বনাম।

১। যিবিলাক সৰ্ব্বনাম- শব্দ অকলৈ নে থাকে, কিন্তু এটা সংজ্ঞা শব্দৰ আগত থাকি সেই শব্দে বুজোৱা বস্তুক আন বস্তুৰ পৰা বেলেগ কৰে, সেই বিলাকক বিশেষণ-সৰ্ব্বনাম বোলা যায়। সিহঁতৰ লিঙ্গ নাই আৰু আপোন এবং স্বয়ং শব্দত বাজে আন বিলাক সদায় তৃতীয় পুৰুষ। সেই দুই শব্দ যাৰ বিশেষণ হয়, তাৰ পুৰুষ লয় ।

সেই বিলাক তলত লিখা গল । -

২। বি, সি, ই, কোনো, কোন, কোনোবা, কি, এই, এইয়া, সেই, সেইয়া, সৌ, সৌৱা, যেই, কেই, এনে, তেনে, যেনে, কেনে, যেনো, কেনেবা এনেকুৱা, তেনেকুৱা, যেনেকুৱা, কেনেকুৱা, ইমান, সিমান, যিমান, কিমান, অকল, স্বয়ং, আপোন, অন্য, আন, সকলো, আটাই বা এটাই, এতেক, কেতেক, তেতেক, যেতেক, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান।

৩। “এইয়া” “সেইয়া” “সৌ” “সৌৱা” “যেই” “কেই” “যেনেবা” “অকল” “স্বয়ং” “আপোন" এইবিলাক শব্দত বাজে আনবিলাক বিশেষণ - সর্ব্বনাম দুয়ো বচনত ব্যৱহাৰ কৰা যায়; যেনে, যি মানুহে যিবিলাক মানুহে, তেনে কথা, তেনেবিলাক কথা।

৪। বিশেষণ - সৰ্ব্বনামৰ বহুবচন হলে তাৰ পাচত থকা সংজ্ঞা শব্দ একবচনত থাকে। যেনে- যিবিলাক মানুহে যিবোৰ কথাৰপৰা ।

৫। সি, ই, যি, কোন, কোনো, কোনোবা, আৰু সকলো এইবিলাক শব্দ অকলৈ থাকিলে ব্যক্তি-বোধক- সৰ্ব্বনাম, আৰু সংজ্ঞা শব্দৰ আগত থাকিলে বিশেষণ সর্ব্বনাম হয়। সি, ই, একবচনত থাকিলে অচেতন বস্তুত মাথোন খাটে; যেনে- সি কাল, সিবিলাক মানুহ, ইবিলাক গৰু, যি কথা, কোনো বস্তু, সকলো বস্তু, ইত্যাদি। ই কাল,

৬। “কেই” আৰু “কিছুমান" শব্দৰ বহুবচন নহয়, তেও সিহঁতে বহুবচনৰ ভাৱ বুজায়; যেনে-- কেই ঘৰ, কেইটা, কিছুমান বস্তু। সেই দৰেই “কিছু” আৰু “কিঞ্চিৎ” শব্দৰো বহুবচন নহয় ।

৭। আপোন শব্দৰ “স্বয়ং” অৰ্থত ব্যৱহাৰ হলে সি বিশেষণ সর্ব্বনাম হয়, আৰু দুয়ো বচনৰ সকলো

বিভক্তিত ব্যক্তি বোধক সৰ্ব্বনামৰ একবচনৰ পদৰ দৰে ৰূপ হয়; আৰু তাৰ আগত থকা সংজ্ঞা বা সৰ্ব্বনাম শব্দে সৈতে তাৰ একে কাৰক হয়; যেনে-- মই আপুনি কৰিলোঁ, মোৰ আপোনাৰ ঘৰ (ৰহুবচনূত যেনে) সিবিলাকে আপুনি কৰিলে, তোমালোকৰ আপোন দেশ। ৮। “কি” শব্দৰ বহুবচনত “ৰিলাঙ্ক” বা “বোৰ” শব্দ যোগ হয়, যেনে- কিবিলাক বা কিবোৰ।

৯। এইয়া, সেইয়া, সৌৱা, যেই, অঞ্চল, স্বয়ং, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান এইবিলাকত বাজে আনবিলাক বিশেষণ-সৰ্ব্বনামৰ পাচত একবচনত উপলব্দৰ যোগ কৰা যায়; যেনে- যিটো মানুহে, কোনটো ঘৰ; ইত্যাদি।

১০। এইয়া, সেইয়া, সৌৱা, এই কেইটা শব্দৰ পাচত সংজ্ঞা শব্দ নেথাকে।

১১। একটা বিশেষণ-সৰ্ব্বনাম দুবাৰ উত্ত হলে বহুবচনৰ অৰ্থ বুজায়; যেনে- কোনো-কোনো মানুহে,

যি যি কথা ইত্যাদি।

১২। এটা উপশব্দ বা সংজ্ঞা শব্দৰ আগত থকা যেতেক, তেতেক, কেতেক আৰু এতেক শব্দৰ “ক” গুচে;

যেনে- এতেটি, কেতেটি, যেতেখানি, তেতেডাল, এতে টকা, কেতে বেলি, যেতে দিন, ইত্যাদি ।

১৩। কেতেক শব্দ বহুবচনত “কেত” হয়; যেনে- কেবোৰ, কেতৃবিলাক ।

কালৰোধক- সৰ্ব্বনাম ।

১। যিবিলাক সৰ্ব্বনাম শব্দে সময় বুজায়, সেইবিলাকৰ নাম কালবোধক-সৰ্ব্বনাম। ইহঁতৰ সদায় ক্লীৱি আৰু তৃতীয় পুৰুষ। সেইবিলাক এই-- এতিয়া, তেতিয়া যেতিয়া, কেতিয়া, তাহানি, কাহানি, অর্থনি, বা অথনী, ইত্যাদি ।

২। এই এটাইবিলাকক দ্বিতীয়া, তৃতীয়া, চতুর্থী, পঞ্চমী আৰু ষষ্ঠী বিভক্তিৰ একবচনত ব্যৱহাৰ কৰা যায়; যেনে-- এতিয়াৰে সৈতে তেতিয়াক নি ৰিজাবা; সেই দৰেই এতিয়ালৈ, এতিয়াৰপৰা এতিয়াৰ, অথনিৰে, অথনিৰ পৰা, অথনিৰ ইত্যাদি।

৩। বিভক্তিৰে যোগ নহলে সিহঁতক ক্রিয়া-বিশেষণ বোলা যায়; যেনে- কেতিয়া আহিলা ।

স্থানৰোধক- সৰ্ব্বনাম ।

১। যিবিলাক সৰ্ব্বনাম শব্দক ঠাইৰ নামৰ সলনি ব্যৱহাৰ কৰা যায়, সেইবিলাক স্থানৰোধক-সৰ্ব্বনাম; যেনে- ইয়ালৈ, ইয়াৰপৰা, ইয়াৰ, ইয়াত, তালৈ, তাৰপৰা, তাৰ, তাত, তলৈ, তৰপৰা তৰ, তত, ৰুলৈ, কৰপৰা কৰ, কত, যলৈ, যৰপৰা, যৰ, যত, অলৈ, অৰপৰা, অৰ, অত, ইত্যাদি। ২। কাল আৰু স্থান বোধক সৰ্ব্বনামৰ চতুৰ্থীৰ “লৈ” বিভক্তি পাচত “কে” যোগ কৰিলে "পর্যন্ত" অর্থ হয়;

যেনে- এতিয়ালৈকে, অর্থাৎ এই সময় পর্যন্ত; তালৈকে, অর্থাৎ সেই ঠাই- পর্যন্ত; ইত্যাদি।

বিশেষণ শব্দ।

১। যিবিলাক শব্দে কোনো মানুহ বা বস্তুৰ গুণ দেখায়, অৰ্থাৎ এটাক আনৰপৰা বিশেষকৈ বুজায়, সেইবিলাকক বিশেষণ শব্দ আৰু বিশেষণ যাৰ গুণ দেখায়, তাৰ বিশেষ্য বোলা যায়। যেনে- জ্ঞানী মানুহে সকলোৰেপৰা মান পায়, অহঙ্কাৰী মানুহক কেৱে ভাল নেপায়। সিহঁতৰ বিভক্তি নাই, কেৱল লিঙ্গ আছে। আৰু বিশেষাৰ যি লিঙ্গ; সিহঁতৰো সেই লিঙ্গ হয়; যেনে- সুন্দৰ পুৰুষ, সুন্দৰী স্ত্রী, বগী বলদ, বগা গাই, ইত্যাদি।

২। কেতিয়াবা এটা বিশেষণ শব্দক আন এটা বিশেষণ ৰ গুণ দেখাৰৰ কাৰণে ব্যৱহাৰ কৰা যায়। তেতিয়া তাৰু বিশেষণীয় বিশেষণ বোলে; যেনে- বৰ দীঘল জৰী; ইয়াত দীঘল শব্দে জৰীৰ আৰু বৰ শব্দে দীঘলৰ গুণ দেখাইছে, এতেকে “বৰ” বিশেষণীর বিশেষণ।

৩। অচেতন ৰঙৰ নাম বুজোৱা সংস্কৃত গ্রীলিঙ্গ শব্দৰ বিশেষণৰ প্ৰায়ে স্ত্রীলিঙ্গ ন হয়; যেনে- মধুৰ ৰাণী, সকৰ্ম্মক ক্রিয়া, কঠিন ভাষা, ৰস যুক্ত কথা। পদাত হলে তেনে শব্দৰ বিশেষণৰ কদাচিত স্ত্রীলিঙ্গ হয়; যেনে- “সময়ী মাগোহে ভকতি।”

৪। কিন্তু ইন্‌, ‘ৱত' বা 'রক' ভাগান্ত বিশেষণ শব্দে তেনে কোনো বিশেষাৰ গুণ দেখালে প্রায় তার স্ত্রীলিঙ্গ হয়। যেনে- প্রীতিদায়িনী বাণী, বেগৱতী নদী। ঘাইকৈ গঙ্গা, যমুনা আৰু সভা এইবিলাক শব্দৰ বিশেষণৰ সদায় অলিঙ্গ হয়; যেনে- হিতৈষিণী সভা, মুক্তিদায়িনী গঙ্গা, উত্তৰবাহিনী যমুনা কিন্তু ইয়াৰ নিশ্চিত নিয়ম দিয়া টান । ৫। স্ত্রীলিঙ্গত অসমীয়া ভাষাৰ কোনো কোনো বিশেষণ শব্দৰ ৰূপ লৰে, সেই বিলাকৰ কিছুমান উদাহৰণ

তলত দিয়া গৈছে।

পুং

মুগা

কালৰী

উজলাদাতী

কলী

পলা

উজ্জ্বলাদতা

স্ত্রীং

মুন্সী

পালী

ৰাঙ্গলী

বগী

কাজলী

ৰা

কলা

আপোনপেটা

আঁকা

আপোনপেটা

আঁকৰী

বুঢ়া

ानকা

বুঢ়ামুই

বুঢ়ামুৰা

টেক্স

মেনা

খেলা

কোঁটা

নাক কটা

টেঙ্গৰী

কুঁটা

নাক কাটা

ভেলেঙ্গী

টেলেকী

মেনী

ধনী

মেচী

নাওপেটী

কুঁজী

মেচা

নাও পেটা

কুঁজা

ভেলেঙ্গা

টেলেকা

৬। কোনো কোনো বিশেষণ শব্দৰ ৰূপ দুয়ো লিঙ্গত একে; যেনে- সৰু লৰা, সৰু ছোৱালী, ডাঙ্গৰ

মুনিহ ডাঙ্গৰ তিৰোতা, বৰ পো, বৰ জী, ইত্যাদি। বিশেষ্যৰ লিঙ্গক এনেবিলাক বিশেষণৰো লিঙ্গ বুলিব লাগে । ৭। হ্রস্ব ইকাবাস্তু বিশেষণ শব্দবিলাকে স্ত্রীলিঙ্গত দীর্ঘ ঈকাৰান্ত হয়; যেনে শুৱনি লৰা, শুৱনী ছোৱালী;

ইত্যাদি ।

৮। আগত সংখ্যাবাচক বা বিশেষণ শব্দ থকা সংজ্ঞা-শব্দ বিশেষণ হয়; যেনে- এঘৰ মানুহ, তিনিটা গৰু,

মানুহ এঘৰ, গৰু তিনিটা, সৰহ ভাগ বস্তু, অধিকাংশ লোক ।

৯। ক্লীবলিঙ্গত বিশেষণ শব্দৰ ৰূপ পুংলিঙ্গৰ দৰে থাকে। যেনে- সুন্দৰ কাপোৰ, ৰজা ৰদ; ইত্যাদি।

১০। এটাকৈ গুণৰ বঢ়া বা টুটা বুজাবলৈ সংস্কৃত বিশেষণ শব্দৰ পাচত 'ত', আৰু অনেকৰ মাজত এটাৰ গুণৰ বঢ়া বা টুটা বুজাবলৈ “তম” হয়; যেনে- এটাকৈ যি মন্দ, , সি মন্দতৰ; অনেককৈ যি মন্দ, সি মন্দতম; সেই দৰেই, সুন্দৰতৰ, সুন্দতম; ক্ষুদ্ৰত, ক্ষুদ্রতম; ইত্যাদি ।

১১। সমান, সদৃশ, তুল্য আৰু নিচিনা এনেবিলাক শব্দৰ পাচৰ বিশেষ্য অৰ্থাৎ সংজ্ঞা-শব্দৰ লোপ হৈ সেই

বিশেষণবোৰেই সুন্দৰ কাৰকৰ সম্বন্ধী পদ হয়; যেনে- অৰ্জ্জুনৰ তুলা নাই, ইয়াত “বাৰ” শব্দ লুকাই আছে। সেই দৰেই, তোমাৰ সমান কোন আছে ? অর্থাৎ জ্ঞানী, পণ্ডিত বা ধনী, ইত্যাদি।

ক্রিয়াবিশেষণ-শব্দ।

১। যিবিলাক শব্দক কোনো ক্ৰিয়াৰ, কৃদন্ত শব্দৰ নাম ধাতুৰ বা এটা ক্রিয়াবিশেষণৰ গুণ দেখাবলৈ বা ক্ৰিয়াৰ কাল বা ঠাই বুজাবলৈ বা ক্ৰিয়াৰ সম্বন্ধে আন কোনো কথা প্রকাশ কৰিবৰ কাৰণ ব্যৱহাৰ কৰা যায়, সেই বিলাকৰ নাম ক্রিয়াবিশেষণ। সিহঁতৰ লিঙ্গ বা বিভক্তি নাই। ক্ৰিয়াৰ গুণ দেখোৱা ক্রিয়াবিশেষণ যেনে শীঘ্ৰে আহিবা, সোনকালে যাবা; ইয়াত 'শীঘ্ৰে' আৰু 'সোনকালে' এই দুই শব্দে 'আহিবা' আৰু 'বাবা' ক্ৰিয়াৰ গুণ দেখালে, এতেকে সিহঁত ক্রিয়াবিশেষণ; কৃদন্ত শব্দৰ গুণ দেখোৱা যেনে- দকৈ পোতা খুঁটা; ইয়াত 'দকে' এইটো শব্দে ‘পোতা' এইটো কৃদন্ত শব্দৰ গুণ দেখাইছে। ক্রিয়াবিশেষণৰ গুণ দেখোৱা যেনে- অতি সোনকালে; ইয়াত ““অতি” শব্দে 'সোনকালে' এইটো ক্রিয়াবিশেষণৰ গুণ দেখাইছে। ক্ৰিয়াৰ কাল দেখোৱা যেনে- নিতৌ আহিবা; ইয়াত “নিতৌ” শব্দে 'আহিবা' ক্ৰিয়াৰ কাল দেখালে। ক্ৰিয়াৰ ঠাই দেখোৱা যেনে- বামে যাবা; ইয়াত 'বামে' শব্দে 'যাবা’ ক্ৰিয়াৰ ঠাই দেখালে। ক্ৰিয়াৰ সম্বন্ধে আন কথা প্ৰকাশ কৰা যেনে লেখা নৌহয়; ইয়াত 'নৌ' শব্দে 'হয়' ক্ৰিয়াৰ সম্বন্ধে অভাৱ বুজালে। নামধাতুৰ গুণ দেখোৱা যেনে- তাক্ ভালকৈ যাবলৈ করা; ইয়াত "ভালকৈ” এইটো ক্রিয়াবিশেষণে “যাবলৈ" এইটো নাম ধাতুৰ গুণ দেখাইছে।

২। প্রচলিত ক্রিয়া-বিশেষণবিলাক তলত লিখা গল । পুনৰ পুনৰায়, আকৌ, ঘনে, দুনাই, বাৰম্বাৰ, দিনেও, অকস্মাৎ, হঠাৎ, গিৰিসাই, প্রতিক্ষণে, আগে, আগেয়ে পাচে, বেগতে, যাৱত, যাৱতে, তাৱত, তাৱতে, পর্যান্ত, অৱধি, লগতে, সোনকালে, এথোন, অর্থনিকৈ, তালে, হবলা, সমানে, অতি, অতিশয়, পূর্ব্বে, দৰে, প্ৰকাৰে, ৰূপে, বাৰু, এৰা, অৱশ্যে, বিকল্পে, কেৱল মাথোন, ন, নৌ, শীঘ্ৰে ধীৰে সদায়, প্রায়ে, একেবাৰে নিতো, নিতৌ, অকলৈ, অকলশৰে, কেলেই, কিয়, তেনে, এনে, যেনে, কেনে, কেনেবা যেনেবা, যেতেকে, তেতেকে, ইমান, যিমান, সমান, কিমান কতৃবা, যেনি, তেনি, কেনি, কেনিবা, ভালেতো, কদাচিত, কচিৎ, তেছে, বৰং, তৈসানি, যোনি ইত্যাদি।

৩। বিশেষণ শব্দৰ পাচত কৈ, ভাৱে বা ৰূপে কথাৰ যোগ কৰিলে সি ক্রিয়াবিশেষণ হয়; যেনে ভালকৈ,

সম্ভৰূপে, নম্ৰভাৱে।

৪। তেনে, এনে, যেনে, কেনে, কেনেরা, ইমান, যিমান, সিমান, এই বিলাক শব্দ সংজ্ঞা শব্দৰ আগত থাকিলে বিশেষণ- সৰ্ব্বনাম আৰু অন ঠাইত ক্রিয়াবিশেষণ হয়; যথা- তেনে মানুহ, “তেনে” ইয়াত বিশেষণ- সৰ্ব্বনাম; তেনে নকৰিবা, ইয়াত ক্রিয়াবিশেষণ।

৫। কোনো কোনো ক্রিয়াবিশেষণ শব্দৰ আগত এই, সেই, কি, এইবিলাক বিশেষণ- সৰ্ব্বনাম শব্দ দিয়া যায়; যেনে- এই দৰে, সেই প্ৰকাৰে কিৰূপে, এই ভাৱে, সেই বিষয়ে, ইত্যাদি।

৬। পৰিমিত শব্দ এই, সেই ইত্যাদি বিশেষণ সৰ্ব্বনামৰ পাচত থাকিলে ক্রিয়াবিশেষণ হয়; যেনে তেওঁ এই পৰিমিত নাছিল। আন ঠাইত বিশেষণ; যেনে পৰিমিত ভোজন। ৭ । “পতি” শব্দেৰে সৈতে যুক্ত হোৱা শব্দবিলাকে ক্রিয়াবিশেষণ হয়; যেনে- গাইপতি, ঘৰে পতি,

ইত্যাদি । ৮। সংখ্যাবাচক শব্দৰ পাচত থকা বাঞ্ছনাস্তু সংজ্ঞা শব্দে একাৰান্ত হৈ এটা ক্রিয়াবিশেষণ হয়। এক শব্দ হয়; যেনে একে দিনে আহিলোঁ, দু দিনে গলোঁ, তিনি কিনে বধিলোঁ । 

তেনেবিলাক শব্দ বলৱন্ত কৰিব লাগিলে পাচত “স্কু” দিয়া যায়; যেনে- একে দিনেই, একে চাবেই।

সংখ্যাবাচক শব্দ।

১। এক, দুই, তিনি, চাৰি, আৰু প্ৰথম, দ্বিতীয়, তৃতীয়, চতুর্থ ইত্যাদি লেখ বুজোৱা শব্দবিলাকক সংখ্যাবাচক-

শব্দ বোলা যায়।

২। সংখ্যা শব্দবিলাকে বিশেষণ শব্দৰ দৰে সংজ্ঞা শব্দৰ আগত থাকে। সিহঁতৰো লিঙ্গ বা বিভক্তি নাই ।

৩। আদিত ব্যঞ্জন-আখৰ থকা কোনো শব্দৰ আগত “এক,” “দুই,” “ছয়” এই কেইটা শব্দৰ যোগ হলে সিহঁতৰ শেষৰ আখৰ গুচে। যেনে-- এবাৰ দুবাৰ, ছবাৰ, এডাল, এটা, দুখান, দুটা। কিন্তু সিহঁতক স্বৰ আগত- থকা শব্দৰ আগত দিলে শেষৰ আখৰ নুগুচে; যেনে- এক আনা, দুই আনা, হয় আনা। সংস্কৃত বা বিদেশী শব্দৰ আগত থাকিলে এক, দুই, ছয় শব্দৰ অন্তৰ আখৰ প্ৰায়ে নুগুচে; যেনে- এক সময়, দুই কথা, ছয় মুখ; কিন্তু এবাৰ,

দুবাৰ, ছভাৰ, ইয়াত “বাৰ” আৰু “ডাৰ” শব্দ সংস্কৃত, তেও “এক” আদিৰ অন্তৰ আখৰ গুচে। ৪। ট, ড, বা দ আদিত থকা শব্দৰ আগত তিনি শব্দৰ ইকাৰৰ লোপ হয়; যেনে- তিন টকা, তিন ডাল, তিন দিন। ওকাৰৰ আগত দুইৰ উকাৰ “ও” হয়; যেনে- দোজোকা

, দোমোনা। ৫। এক, দুই, আৰু ছয় শব্দৰ পাচত 'হেজাৰ” শব্দ দিলে “এক” আদিৰ অন্তৰ আখৰ গুচে; যেনে- এ হেজাৰ, দু হেজাৰ, ছ হেজাৰ। কিন্তু “হাজাৰ” আৰু “লাখ” শব্দৰ আগত সেই আখৰ থাকে; যেনে-- এক হাজাৰ, দুই লাখ ।

৬। এক, ছয় আৰু দুই শব্দৰ পাচত “আষাৰ” শব্দ “এষাৰ” হয়, আৰু দুইৰ ই গুচে; যেনে-- একেষাৰ, দু এষাৰ, ছয় এষাৰ ।

৭। “টা,” “টী,” “জন” ইত্যাদি উপশব্দ- পাচত থকা সংখ্যাবাচক শব্দৰ পাচত যোজক অব্যয় “ও” দিব লাগিলে তাক সেই সংখ্যাশব্দৰ আৰু উপশব্দৰ মাজত দিয়া যায়; যেনে- তিনিওটাই, দুইওজনক, ইত্যাদি ।

৮। অকলৈ থকা “দুই” আৰু “তিনি” শব্দৰ পাচত “ও” দিব লাগিলে সি দ্বিতীয়াৰ “অক” বিভক্তিৰ পাচত, আৰু আনবিলাক বিভক্তিৰ আগত থাকে; যেনে-- - দুইকো, তিনিকো, দুই শব্দৰ পাচত “ও”ৰ পাচত সদায় এটা উপশব্দ দি তাৰ পাচত বিভক্তিৰ যোগ কৰা যায়; যেনে- চাৰিওজনক, পাঁচোওটালৈ, ইত্যাদি।

অব্যয় শব্দ।

১। যিবিলাক শব্দৰ কোনো বিভক্তি, লিঙ্গ আৰু বচনো নাই, সদায় স্বৰূপ মাত্ৰ থাকে, আৰু যিবিলাকক বেলেগ বেলেগ ভাৱ বুজাবৰ নিমিত্তে পদ বা বাক্যৰ মাজত দিয়া যায়, সেইবিলাকক অব্যয় শব্দ বোলে। সেই অব্যয়- শব্দ সাত বিধ, যেনে-- যোজক, পৃথক বোধক, সন্দেহ-বোধক, ভাব বোধক, আনুসঙ্গিক, সম্বোধনার্থক আৰু প্রশ্নার্থক।

(১) যোজক।

২। যিবিলাক শব্দে দুটা পদ বা দুফাঁকি কথাৰ মাজত থাকি সেই দুই পদ বা কথাৰ সিটোৰে সৈতে ইটোৰ সম্বন্ধ থকা বুজায় সেইবিলাকক যোজক অব্যয় বোলা যায়। সেইবিলাকক এ আৰু, এবং, অপৰ, অথচ, যথা, তথা, আৰু তেওঁ বৰ বুধিয়ক মানুহ; এতেকে তোমালোকে এই কাম কৰিব পাৰিবা, এবং তাৰ পৰা প্ৰশংসা পাবা। ৩। কাৰণ, কাৰণে, নিমিত্তে, হেতু, দেখি, এইবিলাক অব্যয় শব্দৰ আগত এই, সেই, কি, যি, এইবিলাক

বিশেষণ-সৰ্ব্বনাম দিয়া যায়; যেনে-- এই কাৰণ, সেই নিমিত্তে, কি হেতু যি কাৰণ, ইত্যাদি। কাৰণ আৰু হেতু সংজ্ঞা-শব্দো হয়; যেনে- এই কথাৰ কাৰণ নাই, ইয়াৰ হেতু কি ? ৪। “ও” শব্দ যোজক অব্যয়; কিন্তু সি পৃথকে নেথাকি যি পদক সি আনেৰে সৈতে লগ লগায়, তাৰে সৈতে একেটা হয়; যেনে-- মইও যাম অর্থাৎ আন কোনো যাব, তাৰ লগত ম‍ই যাম; শুনিম আৰু দেখিমো, ইত্যাদি ।

(২) পৃথক-বোধক ।

৫। যিবিলাক শব্দে দুই পদ বা দুফাঁকি কথাৰ মাজত থাকি, সেই দুইৰ অৰ্থক বেলেগ কৰে, সিহঁতক পৃথক বোধক অব্যয় বোলে। সেইবিলাকক এই;-- বা, নাইবা, অথবা, কিম্বা, নতুবা, কি, কিন্তু, তদপি, তথাপি, তেও, বিশেষ, ইতি ইত্যাদি। উদাহৰণ সি বা ম‍ই যাম, এটা কি দুটা, পানীত পৰা মানুহে সাঁতুৰিব পাৰিলে ৰক্ষা পায় নাইবা একেবাৰেই তললৈ যায়। --

(৩) সন্দেহ-বোধক।

৬। সন্দেহ বোধক, অর্থাৎ যিবিলাক শব্দে দুই পদ বা দুফাঁকি কথাৰ মাজত থাকি সেই দুইৰ অৰ্থত আশঙ্কা থকা দেখায়। সেই বিলাক এই; -- যদি, যদ্যপি, যুদিস্যাৎ ইত্যাদি। উদাহৰণ- যদি তেওঁ আহে, তেন্তে এই কাম হব।

(৪) ভাৱ-বোধক।

৭। যিবিলাক শব্দে মানুহৰ দুখ, বেজাৰ নাইবা আশ্চর্য- আদি ভাৱ বুজায়। সেই বিলাক এই;- হায়, হায়, আঃ, ই, ঈ, ইচ, উঃ, উত্স, উস ঔ, আই, ছিঃ, ছিছি ইত্যাদি। উদাহৰণ-- হায় হায়! কালৰ কি গতি ! ৮। কোনো কোনো সংজ্ঞা - শব্দকো ভাৱ বোধক শব্দৰ দৰে ব্যৱহাৰ কৰা যায়; যেনে- ৰাম ৰাম ! ই কেনে পাপী মানুহ !

(৫) আনুসঙ্গিক ।

৯। যিবিলাক অব্যয় শব্দে আপুনি একো সম্পূর্ণ অর্থ বুজাব নোৱাৰে, কিন্তু সংজ্ঞা বা সৰ্ব্বনাম- শব্দৰ পাচত লগ লাগি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে; যেনে- সৈতে, হতুৱাই, বাজে, বাহিৰে বাবে, দৰে, দি, কাৰণ, কাৰণে, নিমিত্তে, নিচিনা, আদি, অর্থে, প্রতি, বিনে, বিনা, হে, তো, সতে, হেন, যেন, হেতু, অনুসাৰে অনুসৰি ইত্যাদি।

১০। কাৰণ, কাৰণে, নিমিত্তে, দৰে বাবে, হেতু, এইবিলাক শব্দ "এই,” “সেই” আদি বিশেষণ- সৰ্ব্বনামৰ পাচত থাকিলে যোজক অব্যয় হয়। যেনে-- এই কাৰণ, সেই হেতু। সংজ্ঞা-শব্দ বা ব্যক্তি বোধক সৰ্ব্বনামৰ পাচত সিহঁত আনুষঙ্গিক অব্যয়। যেনে- মানুহৰ দৰে, তোমাৰ কাৰণ । ১১। “হে” আৰু “তো” শব্দৰ ব্যৱহাৰ এই দৰে হয়, যেনে- কৃষ্ণ হে যাব, তুমি তো থাকিবা, “যি তো

জনে ঐত হৰিনাম লৱে।” 

সংখ্যা- শব্দেৰে সৈতেও সি লগ লাগে; যেনে- হাজাৰটা, দহখান, ইত্যাদি । ৫। উপশব্দবিলাক "এই" 'সেই' আদি বিশেষণ- সববনাম শব্দেৰে সৈতে গোট খাই সংজ্ঞা শব্দৰ আগত

বা পাচত থাকে; যেনে এইটো মানুহ, এইখন নাও, সেইডাল জৰী, নাইবা মানুহ এইটো, নাও এই খান, ইত্যাদি। ৬। কেতিয়াবা সংজ্ঞা-শব্দ লুকাই থাকে, উপশব্দেই তাৰ ঠাই লয়; যেনে- এইটো, এইখান, এই দুটা, ঘৰৰটো; ইয়াত মানুহ বা আন শব্দ লুকাই আছে।

৭। কেতিয়াবা বিশেষ্য লুকাই থাকে, বিশেষণেৰে সৈতেই উপলব্দৰ যোগ হয়; যেনে ভালটো অর্থাৎ

ভাল মানুহ বা বস্তুটো, শোৱাটো অর্থাৎ শোৱা মানুহটো। ৮। উপশব্দ 'টো' কৃদন্ত ভাৱবাচক পদৰো লগ লাগে; যেনে- তেওঁৰ অহাটো নহয় ।

অনুৰূপ-শব্দ ।

১। কোনো সংজ্ঞা শব্দে বুজোৱা কোনো এটা বস্তুৰ তুলা আন এটা বস্তু বুজাবৰ নিমিত্তে য শব্দ ব্যৱহাৰ কৰা যায়, তাক অনুৰূপ শব্দ বোলে। সি সেই সংজ্ঞা শব্দৰে সৈতে একে পদ হয়; যেনে মাছ টাছ, ভাত টাত, ঘ টৰ ইত্যাদি । ইয়াত মাছ- আদি শব্দবিলাকৰ পাচৰ শব্দবিলাকে মাছ- আদিৰ নিচিনা আন কোনো বস্তুক বুজাইছে। ২। অনুৰূপ শব্দ কেতিয়াবা ঘাই শব্দৰ আগত থাকে; যেনে আকলি বাকলি; ইয়াত 'আকলি' অনুৰূপ

কৰণ, গমন, মৰণ কৰা,

১। ধাতুৰ পাচত কৃৎ প্রতায় হৈ হোৱা শব্দক কৃদন্ত শব্দ বোলা যায়; যেনে

কোৱা, মৰা, ইত্যাদি। ইয়াৰ বিশেষ বিৱৰণ ধাতু প্ৰকৰণত লিখা যাব ।

উপসর্গ।

১। যিবিলাক কথাই ধাতুৰপৰা হোৱা শব্দৰ আগত থাকি তাৰ অৰ্থক লৰ চৰ কৰে, সেই বিলাকক উপসর্গ বোলা যায়। উপসর্গ যি শব্দেৰে সৈতে গোট খায়, তাৰে সৈতে একেটা পদ হয়, আৰু উপসর্গযুক্ত শব্দবিলাক সংজ্ঞা শব্দ বা বিশেষণ শব্দ হয়। উপসর্গ ২০ টা; যেনে প্ৰ, পৰা, অপ, সং, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, সু, উৎ, পৰি, প্ৰতি, অভি, অপি, অতি, উপ, আ।

উপসর্গযুক্ত শব্দ ।

১। প্ৰণাম, পৰামৰ্শ, অপৰাধ, সংক্ৰান্তি, নিযুক্ত, অবধান, অনুমান, নির্ণয়, দুর্লভ, বিবাদ, অধিকাৰ, সুলভ, উৎপাত, পৰিষ্কাৰ, প্ৰতিজ্ঞা, অভিমান, অপিধাম, অতিসাৰ, উপকাৰ, আকাৰ, ইত্যাদি।

২। উপসর্গবিলাক সংস্কৃত, এতেকে সিহঁত সংস্কৃত শব্দেৰে সৈতে মাথোন লগ লাগে। কিন্তু 'নি' আৰু বি অসমীয়া শব্দৰ আগতো থাকে। আৰু 'অৱ' উপসৰ্গৰ অপভ্রংশ 'আস্ত' অনেক শব্দৰ লগত আছে; যেনে নিৰল নিলগ, বিলাপ, বিজোখ, আওবাট, আওবাৰ, ইত্যাদি। ১। অনেক পদ একে লগে হোৱাক সমাস বোলা যায়।

২। অসমীয়া ভাষাত সমাস ছয় প্ৰকাৰ; যেনে- দ্বন্দ্ব, বহুব্রীহি, কৰ্ম্মধারয়, তৎপুৰুষ, দ্বিগু, অবায়ীভাৱ। এইবিলাকত বাজে 'নঞ' নামেৰে এটা উপসমাস আছে।

৩। সমাস হলে সমাস হোৱা পদবিলাকৰ আগৰ পদবোৰৰ বিভক্তি লোপ হৈ শেষৰটোত মাথোন বিভক্তি থাকে, আৰু সেইবিলাক পদ পৃথকে নেথাকি একে লগে লিখা হয় বা মাজত এটা একদেশ-চিহ্ন [-] দি লগ লগোৱা যায়; যথা মানুহৰ, গৰুৰ, মানুহ গৰুৰ, মানুহক, গৰুক, মানুহ গৰুক; বিশেষণ স্বৰূপ সৰ্ব্বনাম, বিশেষণ- সৰ্ব্বনাম। মানুহগৰুক, বিশেষণসৰ্ব্বনাম, এইদৰেও লিখা যায়। সেই ৰূপেই কৰ্ত্তাকাৰক বা কৰ্ত্তাকাৰক, হাতী- দাঁত বা হাতীদাঁত, ইত্যাদি। কিন্তু দুই পদৰ সন্ধি হলে সিহঁতৰ মাজত একদেশ-চিহ্ন নেথাকে; যেনে- নীল অম্বৰ, নীলাম্বৰ

১। দ্বন্দ্ব সমাস ।

৪। বেলেগ অৰ্থ বুজোৱা দুই বা অধিক পদৰ মাজৰ বিভক্তি আৰু যোজক অব্যয়বিলাক গুচাই সিহঁতক একে

পদ কৰাক দ্বন্দ্ব সমাস বোলা যায়।

৫। সেই দ্বন্দ্ব সমাস তিনি প্ৰকাৰ ; - সমাহাৰ, ইতৰেতৰ, একশেষ ।

(১) সমাহাৰ দ্বন্দ্ব।

৬। যি সমাসৰ দ্বাৰা ওপৰত কোৱাৰ দৰে অনেক পদ একে লগ হৈ একবচনত থাকে, তাৰ নাম সমাহাৰ- দ্বন্দ্ব; যেনে (আমে আৰু কঁঠালে আৰু তামোলে আৰু নাৰিকলে) আম-কঁঠাল তামোল-নাৰিকল, (আমৰ আৰু কঁঠালৰ ) আম কঁঠালৰ, ইত্যাদি।

৭। “তা” বা “a” অদ্ভুত থকা দুই বা অধিক শব্দে সমাহাৰ দ্বন্দ্ব সমাসৰ দ্বাৰা লগ লাগিলে প্রথম পদ “তা” বা “ত্ব” গুচি শেষৰ পদত মাথোন থাকে; যেনে- লঘুতা আৰু গুৰুতা, লঘু-গুৰুতা; শীততা আৰু গ্ৰীষ্মতা, শীত-গ্রীষ্মতা; ইত্যাদি।

৮ । সেই দৰেই নামধাতুৰ দুই বা অধিক পদৰ সমাহাৰ- দ্বন্দ্ব সমাস হয়; যেনে- ( খাবলৈ আৰু লবলৈ ) খাব- লবলৈ, (খাবৰ আৰু পিন্ধিবৰ) খাব-পিন্ধিবৰ; ইত্যাদি।

(২) ইততে দ্বন্দ্ব।

৯। যি সমাসৰ দ্বাৰা ওপৰত কোৱাৰ দৰে অনেক পদ একেটা হৈ তাৰ বহুবচন হয়, তাক ইততে দু বোলা যায়; যেনে - - ( আমৰ আৰু কঁঠালৰ আৰু লেটেকুৰ আৰু পনীয়ালৰ ) আম-কঁঠাল লেটেকু পনীয়ালবিলাকৰ, (হাঁহে আৰু পাৰই) হাঁহ পাৰইবিলাকে, ইত্যাদি ।

(৩) একশেষ দ্বন্দ্ব।

১০। যি সমাসত প্রথম বহুবচন হৈ শেষৰ পদবিলাকৰ লোপ হয়, তাক একশেষ দ্বন্দ্ব বোলা যায়; যথা-- হলিৰামৰ আৰু কৃষ্ণৰামৰ আৰু বলৰামৰ ঘৰ, এই ঠাইত হলিৰাহঁতৰ ঘৰ; বাই আৰু তেওঁৰ লগৰ মানুহ, বাইহঁত। সেই দৰেই মই, তুমি আৰু তেওঁ, আমি; ইত্যাদি ।

২। বহুব্রীহি।

১১। যি দুই পদৰ সমাস হয়, সিহঁতে নিজ অর্থক ন কৈ অনা বস্তুক বুজালে তাক বহুব্রীহি সমাস বোলে;

১। অনেক পদ একে লগে হোৱাক সমাস বোলা যায়।

২। অসমীয়া ভাষাত সমাস ছয় প্ৰকাৰ; যেনে- দ্বন্দ্ব, বহুব্রীহি, কৰ্ম্মধারয়, তৎপুৰুষ, দ্বিগু, অবায়ীভাৱ। এইবিলাকত বাজে 'নঞ' নামেৰে এটা উপসমাস আছে।

৩। সমাস হলে সমাস হোৱা পদবিলাকৰ আগৰ পদবোৰৰ বিভক্তি লোপ হৈ শেষৰটোত মাথোন বিভক্তি থাকে, আৰু সেইবিলাক পদ পৃথকে নেথাকি একে লগে লিখা হয় বা মাজত এটা একদেশ-চিহ্ন [-] দি লগ লগোৱা যায়; যথা মানুহৰ, গৰুৰ, মানুহ গৰুৰ, মানুহক, গৰুক, মানুহ গৰুক; বিশেষণ স্বৰূপ সৰ্ব্বনাম, বিশেষণ- সৰ্ব্বনাম। মানুহগৰুক, বিশেষণসৰ্ব্বনাম, এইদৰেও লিখা যায়। সেই ৰূপেই কৰ্ত্তাকাৰক বা কৰ্ত্তাকাৰক, হাতী- দাঁত বা হাতীদাঁত, ইত্যাদি। কিন্তু দুই পদৰ সন্ধি হলে সিহঁতৰ মাজত একদেশ-চিহ্ন নেথাকে; যেনে- নীল অম্বৰ, নীলাম্বৰ

১। দ্বন্দ্ব সমাস ।

৪। বেলেগ অৰ্থ বুজোৱা দুই বা অধিক পদৰ মাজৰ বিভক্তি আৰু যোজক অব্যয়বিলাক গুচাই সিহঁতক একে

পদ কৰাক দ্বন্দ্ব সমাস বোলা যায়।

৫। সেই দ্বন্দ্ব সমাস তিনি প্ৰকাৰ ; - সমাহাৰ, ইতৰেতৰ, একশেষ ।

(১) সমাহাৰ দ্বন্দ্ব।

৬। যি সমাসৰ দ্বাৰা ওপৰত কোৱাৰ দৰে অনেক পদ একে লগ হৈ একবচনত থাকে, তাৰ নাম সমাহাৰ- দ্বন্দ্ব; যেনে (আমে আৰু কঁঠালে আৰু তামোলে আৰু নাৰিকলে) আম-কঁঠাল তামোল-নাৰিকল, (আমৰ আৰু কঁঠালৰ ) আম কঁঠালৰ, ইত্যাদি।

৭। “তা” বা “a” অদ্ভুত থকা দুই বা অধিক শব্দে সমাহাৰ দ্বন্দ্ব সমাসৰ দ্বাৰা লগ লাগিলে প্রথম পদ “তা” বা “ত্ব” গুচি শেষৰ পদত মাথোন থাকে; যেনে- লঘুতা আৰু গুৰুতা, লঘু-গুৰুতা; শীততা আৰু গ্ৰীষ্মতা, শীত-গ্রীষ্মতা; ইত্যাদি।

৮ । সেই দৰেই নামধাতুৰ দুই বা অধিক পদৰ সমাহাৰ- দ্বন্দ্ব সমাস হয়; যেনে- ( খাবলৈ আৰু লবলৈ ) খাব- লবলৈ, (খাবৰ আৰু পিন্ধিবৰ) খাব-পিন্ধিবৰ; ইত্যাদি।

(২) ইততে দ্বন্দ্ব।

৯। যি সমাসৰ দ্বাৰা ওপৰত কোৱাৰ দৰে অনেক পদ একেটা হৈ তাৰ বহুবচন হয়, তাক ইততে দু বোলা যায়; যেনে - - ( আমৰ আৰু কঁঠালৰ আৰু লেটেকুৰ আৰু পনীয়ালৰ ) আম-কঁঠাল লেটেকু পনীয়ালবিলাকৰ, (হাঁহে আৰু পাৰই) হাঁহ পাৰইবিলাকে, ইত্যাদি ।

(৩) একশেষ দ্বন্দ্ব।

১০। যি সমাসত প্রথম বহুবচন হৈ শেষৰ পদবিলাকৰ লোপ হয়, তাক একশেষ দ্বন্দ্ব বোলা যায়; যথা-- হলিৰামৰ আৰু কৃষ্ণৰামৰ আৰু বলৰামৰ ঘৰ, এই ঠাইত হলিৰাহঁতৰ ঘৰ; বাই আৰু তেওঁৰ লগৰ মানুহ, বাইহঁত। সেই দৰেই মই, তুমি আৰু তেওঁ, আমি; ইত্যাদি ।

২। বহুব্রীহি।

১১। যি দুই পদৰ সমাস হয়, সিহঁতে নিজ অর্থক ন কৈ অনা বস্তুক বুজালে তাক বহুব্রীহি সমাস বোলে;যথা- নীল (কলা) অশ্বৰ (কাপোৰ) যাৰ, সি নীলাম্বৰ। সেই দৰেই চন্দ্ৰশেখৰ, শূলপাণি। ইয়াত শূল শব্দে যাঠীক, পাণি হাতক বুজায়, সেই দুই পদৰ সমাস হৈ সিহঁতক ন কৈ, শূল যাৰ হাতত আছে, তেওঁক বুজালে। ইন্দ্ৰ আদি (প্রধান) যিবিলাকৰ, সেইবিলাক ইন্দ্ৰাদি, অর্থাৎ দেৱতাসকল; অকাৰ অন্তত আছে যাৰ, সি অকাৰান্ত। সেই দৰেই আকাৰান্ত, ইকাৰান্ত। আপুনি ভাল যি সি আপোনভাল।

১২। বহুব্রীহী সমাসৰ পদৰ 'অ'' আৰু 'উৰ' ঠাইত 'অ' 'ঙ' হয়; যথা- ক্ষুদ্র কায়া যাৰ, झिं বিদ্যাক যি সি কৃতবিদ্য। সেই দৰেই সুন্দৰ গুণ যাৰ, সি সুন্দৰতম, ইত্যাদি । ১৩। ধৰ্ম্ম শব্দ সেই সমাসৰ শেষ পদ হলে সি আকাৰান্ত হয়, যথা- বিগত হৈছে ধৰ্ম্ম- যাৰ, সি বিধৰ্ম্মা বা ক্ষুদ্রকায়; কৰিলে

বিগত ধৰ্ম্মা।

১৯। বহুরীহি সমাসৰ পাচৰ পদ যদি বাঞ্জনাক্ত বা থকাৰাম্ভ হয়, তেন্তে তাৰ পাচত 'ক' যোগ কৰা যায়; যেনে- প্রাপ্ত হৈছে বয়সক যি সি প্ৰাপ্তবয়স্ক; অধিক বয়স যাৰ, সি অধিক বয়স্ক; নদী মাতৃ যাৰ, সি নদীমাতৃক, সেই দৰেই দেৱ মাতৃক ইত্যদি

১৫। প্রথমান্তে পদ এটা এই সমাসৰ দ্বাৰা সকৰ্ম্মক ধাতুৰ কৃদন্ত ভাৱবাচক পদ এটাৰ আগত স্থাপিত হলে সেই প্রথমস্ত পদৰ 'এ' বিভাক্ত নুগুচে; যেনে মহে খোঁচে যাক, সি মহেখোচা; গৰুৱে খায় যাক, সি গৰুৱে খোৱা; সেই দৰেই, পানীয়ে মৰা ইত্যাদি। কিন্তু অককি ধাতুৰ ভাৱবাচক পদেৰে সৈতে প্ৰথমান্ত পদৰ এইৰূপে সমাস হলে প্ৰথমান্ত পদৰ "এ" ওঠে; যেনে- মানুহ যত থাকে, সি মানুহ থাকা; পাত সৰিছে যাৰ, সি পাত-সৰা; সেই দৰেই, মাক মৰা চকু নথকা, ইত্যাদি।

১৬। এটা সংজ্ঞা শব্দ আৰু এটা বিশেষণৰ বহুব্রীহি সমাস হলে বিশেষণ পদটো সংজ্ঞা শব্দৰ পাচলৈ যায়; ভাই মন যায়, সিমন ভাই; পাতল বুকু যাব, সি বুকু পাতল; বহল পাত যাৰ, সি পাত বহল। সেই দৰেই, মাজ খাল, হাত দীঘল, ইত্যাদি।

১৭। বহুব্রীহি সমাসৰ দুটা পদৰ এটাই গাৰ অঙ্গ বুজালে সেইটো পদ প্ৰায়ে সিটোৰ পাচত থাকে, আৰু তাৰ পাচত 'আ' দিয়া যায়; আৰু অন্তৰ স্বৰৰ আগত থকা 'আ' অ আৰু 'ও' উ হয়; মুখ শব্দৰ 'খ' গুচে; যেনে- উজলা দিতি যাৰ, সিউল দতা বা নাক যাৰ, সে খানকা এক আঠুৰ সমান যি সি একাৱা বৰ পেট যাৰ, পেটা; আপোনাৰ পেটলে চিন্তে যি সি আপোনপেটা: বঙ্গা চকু যাৰ, সি ৰঙ্গাচকুৱা, বৰ কাণ যাৰ, সি বৰ কণা, বেষ্টামূৰা । কিন্তু অঙ্গ বুক্তোরা হাত, পিঠি, চুলি, নখ, ভবি, ঠেং ইত্যাদি শব্দৰ পাচত 'ঈয়া' হয়, যেনে- দীঘল হাত যাব, সি উজ্জ্বল হইয়া; বঙ্গা চুলি যাৰ, সি বঙ্গাচুলীয়া; পাঁচোটা নখ যাব, সি পাঁচ নম্বীয়া হয় অঙ্গুলী যাৰ, সি ছয়াঙ্গুলীয়া: দীঘল সেং যাব, সে দীঘল ঠেঙ্গীয়া; ইত্যাদি। এই সমাস শেষ পদে হাত আদি গাৰ অক্ষত বাজে আন বস্তু বুজালে তাৰ পাচত 'ঈ' হয়; যেনে বাৰ নিচিনা পাত যাৰ, সি বা পতীয়া তাতাৰ ওচৰ নিচিনা যি সি হাতী ও দয়া; পাৰ বোলৰ নিচিনা 'য, 'অলাবুলিয়া, ইতাদি। সি বৰ

৬। কম্বা ধারয় সমাস ।

১৮। এই সমাসৰ দ্বাৰা বিশেষ্য আৰু বিশেষণৰ দৰে অগাপিচা হৈ থকা দুটা সংজ্ঞা শব্দ লগ লাগে, আৰু সেই দুটাৰ মাজত এটা একদেশ চিহ্ন থাকে; যেনে ৰংপুৰ নগৰ, ৰংপুৰ নগৰ ইয়াত "ৰংপুৰ" শব্দ “নগৰ”ৰ বিশেষণৰ নিচিনা আছিল, দুইও লগ লাগি একে পদ হল। সেই দৰেই সংজ্ঞা শব্দ, সংজ্ঞা-শব্দ; ইত্যাদি ।+

১৯। উপাধি বুজোৱা শব্দ এই সমাসৰ দ্বাৰা মানুহৰ নামৰ লগ লাগে; কিন্তু তেতিয়া সেই শব্দ আৰু নামৰ মাজত একদেশ-চিহ্ন দিয়া নে যায়; যেনে- শিৱৰাম বৰুৱাৰ ঘৰ, ৰাজা শিৱনাথ সিংহ; ইত্যাদি । ২০। যি বস্তুক আন কোনো বস্তুৰ সৈতে তুলনা কৰা যায়, সেই দুটা বস্তু বুজোৱা দুই পদৰ কৰ্ম্মধাৰয় সমাস হয় । সমাস হলে সেই দুই পদৰ মাজত বা অন্তত থকা আন কথাৰ লোপ হয়। (মাজৰ পদৰ লোপ হোৱা কৰ্ম্মধাৰয়)

যেনে -- চন্দ্ৰৰ তুলা বদন, চন্দ্ৰ-বদন; অগ্নিৰ তুল্য বাণ, অগ্নি-বাণ; ইত্যাদি। (অন্ত-পদৰ লোপ হোৱা) যথা- মুখ

চন্দ্ৰৰ তুলা, মুখ-চন্দ্ৰ; বাক্য অমৃততুল্য, বাক্যামৃত; বেজীৰ তুলা মুখ বেজী-মুখ; ঢোলৰ নিচিনা পেট, ঢোল-

পেট; সেই দৰেই নাও পেট ইত্যাদি। ২১। কৰ্ম্মধারয় সমাস হলে, অন্তত থকা ৰাজা শব্দৰ শেষ আকাৰ বিকল্পে গুচে; যথা- মহাৰাজা বাঁ

মহাৰাজ।

H। তৎপুরুষ ।

২২। যি সমাসৰ প্ৰথম পদ দ্বিতীয়াদি বিভক্তিত থাকে, তাক তৎপুরুষ সমাস বোলে । ২৩। সেই সমাস দ্বিতীয়া, তৃতীয়া, পঞ্চমী, ষষ্ঠী, আৰু সপ্তমী তৎপুরুষ নামেৰে পাঁচ প্ৰকাৰ। চতুর্থী

তৎপুৰুষ অসমীয়াত নাই ।

( ১ ) দ্বিতীয়া তৎপুরুষ

২৪। সমাস হোৱা দুই পদৰ আগৰটো দ্বিতীয়াঙ হলে, তাক দ্বিতীয়া-তৎপুৰুষ বোলে যথা বেদক অধ্যায়ী অধ্যয়ন করা(), বেদাধ্যায়ী; সুখক প্রাপ্ত, সুখ প্রাপ্ত; সেইৰূপেই দুঃখাপা; পহুক মৰা, পহু মৰা; পুথিক লেখা, পুথি লেখা; দুখক পোৱা দুখ পোৱা; ইত্যাদি ।

( 2 ) তৃতীয়া তৎপুরুষ ।

২৫। প্রথম পদ তৃতীয়াপ্ত হলে, তাক তৃতীয়া-তৎপুরুষ বোলা যায়; যেনে- সুবণেৰে নিৰ্ম্মিত, সুবর্ণনিৰ্ম্মিতঃ শীতেৰে আৰ্ত্ত, শীতাওঁ; ধনেৰে ক্ৰীত, ধনকুঁতি; অশ্বেৰে আগত, অশ্বাগত; হাতেৰে সজা, হাতে সজা; হাতেৰে বোৱা, হাতে-বোৱা, আপোন কাণেৰে শুনা, আপোন কাণে শুনা; ইত্যাদি।

(৩) পঞ্চমী তৎপুরুষ ।

২৬। প্রথম পদ পঞ্চমান্ত হলে, পঞ্চমী-তৎপুৰুষ বোলা যায়; যথা- বৃক্ষৰপৰা পতিত, বৃক্ষপতিত; গৃহৰপৰা আগত, গৃহাগত; গছৰপৰা সৰা, গছসৰা।

(8) ষঙ্গী তৎপুরুষ।

২৭। যি সমাসত আগৰ পদ ষষ্ঠ্যন্ত হয়, তাৰ নাম ষষ্ঠীতৎ-পুৰুষ; যথা- হস্তীৰ দন্ত, হস্তিদন্ত, মনুষাৰ আলয়, মনুষ্যালয়; সেই দৰেই গছৰ তল, গছ তল; হাতীৰ দাঁত, হাতী-দাঁত ইত্যাদি। খাগৰিৰ পোলা, খাগৰি পোলা; মহৰ জাক, মহ জাক; খৰিৰ বোজা, খৰি বোজা; গছৰ জোপা গছ জোপা: পাপৰ খিলা, পাণখিলা: এটকাৰ মান (পৰিমাণ), এটকা- মান; সেই দৰেই দুসাজমান; আপোনাৰ ঘৰ, আপোন ঘৰ; ইত্যাদি। ২৮। সংজ্ঞা - শব্দ বা সৰ্ব্বনামৰ সম্বন্ধ কাৰকৰ পাচত থকা বিশেষণ শব্দ এই সমাসৰ দ্বাৰা আগৰ পদৰ লগ লাগি এটা বিশেষণ হয়; যেনে- পুত্ৰৰ তুলা, পুত্ৰতুলা; দেৱৰ সদৃশ, দেৱসদৃশ; ইত্যাদি ।

(৫) সপ্তমী তৎপুরুষ।

২৯। প্রথম পদটো সপ্তমান্ত হলে সপ্তমী তৎপুরুষ হয়; যথা- কাশীত স্থিত, কাশীস্থিত; ধৰ্ম্মত ৰত, ধৰ্ম্মৰত। সেইদৰেই গছত পকা, গছ পকা; তলত সৰা, তলসৰা; কাণত বাগৰা, কান- বাগৰা; ইত্যাদি।

৫। দ্বিগু ।

৩০। যি সমাসৰ প্ৰথম শব্দটো সংখ্যাবাচক, তাৰ নাম শিশু যেনে- ত্রিলোচন, ত্রিনয়ন, চতুর্ভুজ, পঞ্চমুখ, ইত্যাদি। সংস্কৃত শব্দৰ মাথোন এই সমাস হয়। (ক)

৬। অব্যয়ীভাব সমাস ।

৩১। এটা অবায় শব্দেৰে সৈতে সংজ্ঞা শব্দৰ যি সমাস হয়, তাক অব্যয়ীভাব বোলা যায়। সংস্কৃত শব্দৰ ৩১। অব্যয়ীভাব সমাসত পিচৰ অব্যয় শব্দ আগলৈ যায় আৰু 'সহ' এবং 'সদৃশ' শব্দৰ ঠাইত 'স' হয়; যথাস্থানৰ বহিন ( বাহিৰে), বহিঃস্থান; বনৰ উপ (সমীপ), উপবন; তৃণেৰে সৈতে, সতৃণ: বংশেৰে সৈতে, বংশ; ৰূপৰ অনু, (সদৃশ) অনুৰূপ; অক্ষৰ প্ৰতি (সমুখ), প্রত্যক্ষ; কৃষ্ণত বিনা, বিনাকৃষ্ণ; জানুআ (পর্যন্ত),

মাথোন এই সমাস হয়।

আজ্ঞানু জীৱন যাবৎ (পর্যন্ত), যাবজ্জীরন; প্রতিদিন, অনুক্ষণ, প্রতিপদ ইত্যাদি ।

৭। নঞ সমাস।

৩৩। নিষেধ বুজোৱা ন-ৰে হোৱা সমাসক নঞ সমাস বোলে। এই সমাস হলে বাঞ্জনাদি পৰপদৰ আগত 'ন'ৰ ঠাইত 'অ' হয়; যথা ন সমাস, অসমাস, ন ব্রাহ্মণ, অব্রাহ্মণ; ন কাল, অকাল; সেই দৰেই ন মানুহ, অমানুহ; ন ঘিণ, অধিণ ন ভাল, অভাল; ইত্যাদি । পৰপদৰ আদিত স্বৰ থাকিলেন 'অন্' হয়; যেনে ন ঈশ্বৰ, অনীশ্বৰ; ন ইচ্ছা, অনিচ্ছা।

৩৪। অসমীয়া শব্দেৰে সৈতে 'ন' লগ লাগিলে তাৰ ঠাইত প্ৰায়ে ‘অ’“আ” আৰু কেতিয়াবা 'এ' হয়; যেনে- ন কাজী, অকাজী, একাজী বা আকাজী; ন বতৰ, আবতৰ বা অবত; ন শলাগ, আশলাগ বা অশলাগ । কদাচিৎ 'অ' হয়; যেনে- নদত্ত, উদত্ত; ইত্যাদি।

তদ্ধিত।

শব্দৰ পাচত কোনো কোনো আখৰৰ যোগ কৰি এটা সংজ্ঞা শব্দৰপৰা আন এটা সংজ্ঞা শব্দ, বিশেষণ বা ক্রিয়াবিশেষণ; বিশেষণ বা সংখ্যাবাচক শব্দৰপৰা গুণবাচক শব্দ; আৰু সৰ্ব্বনামৰ পৰা ব্যাকৰণৰ যি ভাগত থাকে, সেই ভাগৰ নাম 'তদ্ধিত' আৰু সেইৰূপে যোগ কৰা আখৰবিলাকক “তদ্ধিত প্রত্যয়” বোলা যায়।

সংস্কৃত প্রতায়।

১ সূত্র। পুত্ৰ বুজাবৰ নিমিত্তে বিশেষ সংজ্ঞাৰ পাচত 'আয়ন' আৰু 'এর' প্ৰতায় হৈ সংজ্ঞা-শব্দ হয়। সেই দুই প্রত্যয় হলে শব্দৰ আদি স্বৰৰ বৃদ্ধি হয়; যথা- দক্ষৰ পুত্ৰ, দাক্ষায়ণ; গঙ্গাৰ পুত্ৰ, গাঙ্গেয় । স্ত্রীলিঙ্গত লক্ষায়ণী, গাঙ্গেরী ইত্যাদি । 

২ সূত্ৰ । সম্বন্ধ আৰু পুত্ৰ বুজাবৰ নিমিত্তে সংজ্ঞা শব্দৰ পিচত 'অ' হৈ সংজ্ঞা-শব্দ হয়। সেই প্রত্যয় হলে শব্দৰ অন্তৰ ‘অ’ বা ‘ই’ৰ লোপ হয়, উবৰ্ণৰ ঠাইত 'অর্' হয় আৰু পূৰ্ব্ব স্বৰৰ বৃদ্ধি হয়; যথা- শক্তিৰ এওঁ (ভক্ত), শাক্ত, বিষ্ণুৰ এওঁ, (ভক্ত), বৈষ্ণৱ শিৱৰ এওঁ (ভক্ত), শৈৱ; যদুৰ সন্তান, যাদৱ; ইত্যাদি ।

৩ সূত্র। স্বভাৱ বা গুণ বুজাবৰ কাৰণ সংজ্ঞা-শব্দ, বিশেষণ আৰু সংখ্যাবাচক শব্দৰ পিচত 'তা' বা 'ত্ব' হয়; যথা- মনুষ্যৰ স্বভাৱ, মনুষ্যতা বা মনুষ্যত্ব; সাধুৰ স্বভাৱ, সাধুতা; বিচিত্ৰৰ স্বভাৱ, বিচিত্ৰতা; লঘুৰ গুণ, লঘুতা; প্ৰভুৰ ভাৱ, প্রভুত্ব; ভবাক; সেই দৰেই (পঞ্চ) পঞ্চম; ইত্যাদি।

৪ সূত্র। স্বভাৱ বা গুণ বুজাবৰ কাৰণ সংজ্ঞা-শব্দৰ পাচত “অ” ও হয়, আৰু সেই প্রতায় হলে শব্দৰ অন্তৰ অবৰ্ণ আৰু ইবৰ্ণৰ লোপ হয়, উবৰ্ণৰ ঠাইত 'অৱ' আৰু আগৰ স্বৰৰ বৃদ্ধি হয়; যেনে- পুৰুষৰ স্বভাৱ বা গুণ, পৌরুষ; গুৰুৰ স্বভাৱ বা গুণ, গৌৰৱ; ইত্যাদি ।

৫ সূত্র। গুণার্থত বিশেষণ শব্দৰ পিচত 'য' হয়; আৰু আগৰ স্বৰৰ বৃদ্ধি হয়; যেনে- ক্ৰুবস্ব গুণ প্ৰাচুৰ্যা; দৃঢ়ৰ

গুণ, দার্ঢ্যা; ইতাদি। ৬ সূত্র। সদৃশর্থিত সংজ্ঞা-শব্দৰ পিচত 'রং' প্রতায় হৈ বিশেষণ শব্দ হয়; যথা-- গোৰ সদৃশ, গোৱৎ; পশুৰ সদৃশ, পশুবৎ ইত্যাদি। ৭ সূত্র। (১) কোনো বস্তু বা গুণ থকা অৰ্থ বুজাবলৈ অবৰ্ণান্ত আৰু ব্যঞ্জনান্ত সংজ্ঞা- শব্দৰ পিচত পুংলিঙ্গত

‘ৱান' বা 'রক্ত', ইবৰ্ণ অদ্ভুত থকা শব্দৰ পিচত 'মান' বা 'মন্ত' প্রতায় হৈ বিশেষণ শব্দ হয়; যথা জ্ঞান আছে যাৰ, সি

জ্ঞানৱান বা জ্ঞানরঙ; বিদ্যা আছে যাৰ, সি বিদ্যারম্ভ। সেই দৰেই যশস্যা আছে যাৰ, সি যশম্মান বা যশস্বস্ত; শ্রীমান বা

শ্রীমন্ত; ইত্যাদি । (২) স্ত্রীলিঙ্গও সেই রঙ আৰু মন্ত্ৰৰ ঠাইত রতী, মতী, হয়; যথা- জ্ঞানৱতী, শ্ৰীমতী, বুদ্ধিমতী, গুণৱতী ।

৮ সূত্র। অবণ্যপ্ত সংজ্ঞা শব্দৰ পিচত পুংলিঙ্গত বিকল্পে রান বা রক্ত প্রত্যয়ক বাধা কৰি 'ঈ' প্রত্যয় হয়; যেনে- যাৰ বল আছে, সিবলী: জ্ঞানী, সুখী; বিকল্পে জ্ঞানৱন্ত বা জ্ঞানবান, সুখ-রঙ বা সুখৱান। স্ত্রীলিঙ্গত জ্ঞানিনী বা জ্ঞানৱতী ।

৯ সূত্র। যতার্থত নিদ্রা, দয়া, কৃপা, শ্রদ্ধা, ইত্যাদি সংজ্ঞা শব্দৰ পিচত 'আলু' হৈ বিশেষণ শব্দ হয়, তিনিও লিঙ্গত; যথা নিদ্রাযুক্ত যি সি নিদ্রালু, শ্রদ্ধালু ইত্যাদি।

১০ সূত্ৰ । পূৰ কৰা অৰ্থ বুজাবলৈ দ্বি, ত্ৰি শব্দৰ পিচত তীব্র, চতুৰ আৰু যয শব্দৰ পিচত ও প্রতায় হয়, ত্ৰিৰ ঠাইত ভূ হয়; যেনে- হি সংখ্যা যিটোৱে পূৰ কৰে সি দ্বিতীয়। সেই দৰেই তৃতীয়, চতুর্থ, ষষ্ঠ। ষত্ব বিধি চোৱা)। ১১ সূত্র। সেই অর্থত পঞ্চ আদি দশ পৰ্য্যন্ত (ষষ্ঠক এৰি) সংখ্যা শব্দৰ পিচত ম হয়; যথা- পঞ্চ সংখ্যা পূৰ কৰা

যি সি পঞ্চম। সেই দৰেই সপ্তম, অষ্টম, নবম, দশম। (স্ত্রী) সপ্তমী, অষ্টমী ইত্যাদি ।

১২ সূত্ৰ। প্ৰকাৰাৰ্থত সংখ্যা- শব্দৰ পিচত ধা, আৰু সৰ্ব্ব, অন্য, যদ, তদ্ শব্দৰ পিচত 'থা’হৈ বিশেষণ বা ক্রিয়াবিশেষণ হয়; যথা- এক প্ৰকাৰ, একধা; দুই প্ৰকাৰ দ্বিধা; বহু প্ৰকাৰ, বহুধা; সৰ্ব্ব প্ৰকাৰ, সৰ্ব্বথা; অন্য প্ৰকাৰ, অন্যথা; যদ আৰু ভদ শব্দৰ দ গুচে; যেনে যথা, তথা।

১৩ সূত্র। সপ্তমী অর্থাৎ অধিকৰণৰ অৰ্থত সংজ্ঞা আৰু সংখ্যাবাচক শব্দৰ পাচত 'ত' হয়; যেনে-- (প্রথমত্) প্রথমতঃ, (ধৰ্ম্মত্) ধতিঃ । এনেবিলাক পদ ক্রিয়াবিশেষণ। ১৪ সূত্র। কৃদন্ত বা সংজ্ঞা শব্দে স্বার্থ, অর্থাৎ আপোনাৰ নিজ অৰ্থ বুজাই থাকোঁতে তাৰ পাচত ক হৈ

সংজ্ঞা শব্দ হয়; যেনে- (অপুত্র) অপুত্রক, (মৃত) মৃতক, (দত্ত) দত্তক, ইত্যাদি। 

বনময়; ব্ৰহ্মস্বৰূপ, ব্ৰহ্মময়; স্ত্রীলিঙ্গত ব্ৰহ্মময়ী; সেই দৰেই পানীময়, বালিময়- আদিত অসমীয়া শব্দও সিদ্ধ হয়।

১৬ সূত্র। যুক্তার্থত সংজ্ঞা-শব্দৰ পাচত ইন্‌ হৈ সংজ্ঞা-শব্দ হয়; যেনে- হস্ত যুক্ত যি সি হস্তিন; দণ্ড আছে যাৰ, সি দণ্ডিন ইত্যাদি + 1 ১৭ সূত্র। সম্বন্ধার্থত সংজ্ঞা-শব্দৰ পিচত ঈয় প্রতায় বিশেষণ শব্দ হয়; যথা- বৰ্ষৰ যি, বর্ষীয়; দিবসীয়;

ইত্যাদি। (স্ত্রী) বৰীয়া; ইত্যাদি ।

১৮ সূত্র। বহুল অর্থ বুজাবৰ নিমিত্তে সংজ্ঞা - শব্দৰ পিচত শঃ হৈ ক্রিয়াবিশেষণ হয়; যথা- ক্রমশঃ, অর্থাৎ ক্রমে ক্রমে ইত্যাদি ।

অসমীয়া ভাষাৰ তদ্ধিত।

১৯ সূত্র। খোৱা, যুক্ত, সম্বন্ধ, সদৃশ, উত্তৰ ইত্যাদি অর্থ কোনো কোনো সংজ্ঞা - শব্দৰ পাচত ঈয়া প্ৰতায় হয়, আৰু শব্দৰ অন্তৰ আখৰৰ পূৰ্ব্বত থকা 'আকাৰত অকাৰ আৰু ওকাৰ ‘উকাৰ' হয়। যেনে, (যুক্তার্থত) গুটী যুত্ত • যি সি গুটীয়া; ( থকা অৰ্থত) শিৱসাগৰীয়া, গুৱাহটীয়া, তেজপুৰীয়া। (সদৃশ অৰ্থত মাটিৰ সদৃশ যি সি মটীয়া বা মাটি যুক্ত যি, সি মটীয়া। সেই দৰেই পনীয়া। (উদ্ভৱ অৰ্থত) উদীয়া, কতীয়া। সেই ৰূপেই ঢোল বায় যি সি ঢুলীয়া; খুলীয়া; গোচৰ কৰে যি সি গুচৰীয়া ইত্যাদি।

২০ সূত্র। সুখ আৰু দুখ শব্দৰ পাচত 'ঈয়া' বা 'ই' হয়; যেনে - - সুখীয়া বা সুখী; দুখীয়া বা দুখী । ২১ সূত্ৰ । ঐকাৰান্ত শব্দৰ পাচত ঈয়াৰ সলনি 'আ', ঔকাৰান্ত শব্দৰ পাচত 'ৱা হৈ বিশেষণ শব্দ হয়; যেনে- আখৈৰ নিচিনা যি, মি আখৈয়া; সেই দৰেই কৰ্দ্দৈয়া, মৌৰা, ঔৰ নিচিনা যি সি ঔৱা; ইত্যাদি।

২২ সূত্র। (১) সেইসকল অৰ্থ আৰু কৰ্ত্তা অৰ্থত কোনো কোনো বাঞ্জনান্ত আৰু অবৰ্ণান্ত সংজ্ঞা-শব্দৰ পিচত "উৱা' প্ৰতায় হয়; উকাৰান্ত শব্দৰ 'উ' গুচে। আন কাৰ্য্য ঈয়া প্ৰত্যয়ৰ দৰে; যথা- গাঁতত থাকে যি সি গঁতুৱা; পাত যুক্ত যি সি পতুৱা; ঘৰৰ যি সি ঘৰুৱা; সেই দৰেই পৰুৱা, মছৱা; ভাত খায় যি সি ভতুৱা; বন কৰে যি সি বনুৱা; হুজুৱা; বিহুৰ যি সি বিহুৱা ইত্যাদি। এইবিলাক শব্দ প্ৰায়ে বিশেষণ।

(২) হাল, জাল আদি কিছুমান শব্দৰ পাচত 'ওৱা হয়; যেনে- হাল বায় যি সি হালোৱা; সেই দৰেই জালোৱা। ২৩ সূত্র। তদ্ধিত প্রত্যয়ৰ আগত যি স্বৰ থাকে, তাৰ পূৰ্ব্বৰ শব্দত সেই স্বৰ থাকিলে সি গুচে; যেনে- গুটি

ঈয়া, গুটিয়া; ইয়াত গুটিৰ ই গুচি য়া' গুটিৰে লগ লাগিল। বিহু উৱা, বিহুৱা; ইয়াৰো সেইৰূপ ৷

২৪ সূত্র। (১) উৎপন্ন অৰ্থত বহাগ, জেঠ, আহাৰ, মাঘ আৰু চত শব্দৰ পাচত “উৱা" আৰু শাওণ, ভাদ, আহিন, কাতি, আঘোণ পুহ আৰু ফাগুণ শব্দৰ পাচত “ঈয়া” হয়; যেনে- জেঠত উৎপন্ন, জেঠুৱা; ভাদত উৎপন্ন, ভদীয়া ।

(২) কৰ্ম্মধাৰয় সমাসৰ দ্বাৰা আন এটা শব্দেৰে লগ লগা মাহ শব্দৰ পাচত “ইয়া”হৈ বিশেষণ হয়; যেনে-

চতমহীয়া ।

২৫ সূত্র। কানি, বালি, কাজ আদি শব্দৰ পাচত “ঈয়া” আৰু আহাৰ, সাৰ, হাড় আদি শব্দৰ পাচত “উৱা”হলে সেই বিলাক শব্দৰ অন্তত আবৰ্ণৰ আগৰ আ 'অ' নহয়; যেনে- কানীয়া, বালীয়া, কালীয়া, সাৰুৱা, আহাৰুৱা, হাডুৱা, লাড়ুৱা, কাজুৱা; ইত্যাদি।

২৬ সূত্র। গুণ বা স্বভাৱ অৰ্থত শব্দৰ পাচত 'আলি' হয়, যেনে- দুষ্টৰ যি গুণ বা স্বভাৱ, সি দুষ্টালি। সেই দৰেই বান্দৰালি, ছাগলালি, বলিয়ালি, গৰুৱালি; ইত্যাদি ।

২৭ সূত্র। সজা, জীৱিকা কৰা, বা সম্বন্ধ অৰ্থত সংজ্ঞা-শব্দ পাচত “ই” হৈ সংজ্ঞা শব্দ হয়; যেনে কাঁহেৰে

সজা বস্তু, সি কাহী, পিতলী, তামী; কাকত কৰি যি জীৱিকা কৰে, সি কাকতী; বিলাতৰ যি সি বিলাতী; ইত্যাদি।

২৮ সূত্ৰ। “ঈয়া” আৰু “উৱা” প্রত্যয়ান্ত শব্দ বিশেষণ হলে সি তিনিও লিঙ্গত সমান; যেনে - অসমীয়া মতা, অসমীয়া তিৰোতা, অসমীয়া কাপোৰ; বনুৱা মতা, বনুৱা তিৰোতা। কিন্তু সংজ্ঞা শব্দ হলে স্ত্রী-লিঙ্গত তাৰ পাচত 'নী’ হ; যেনে- - অসমীয়াৰ ঘৈণীয়েক বা স্ত্রী, অসমীয়ানী; ঢুলীয়াৰ ঘৈণীয়েক বা স্ত্রী, ঢুলীয়ানী, বনুৱানী; ইত্যাদি।

২৯ সূত্র। থকা আৰু যুক্তার্থত কোনো কোনো সংজ্ঞা-শব্দৰ পিচত “আল”হৈ বিশেষণ শব্দ হয়, যেনে- হাবিত থাকে যি, হাবিয়াল; চাপৰিয়াল; পেট (ডাঙ্গৰ পেট) যুক্ত যি, সি পেটাল, নোমাল, খঙ্গাল, বিষাল, ইত্যাদি । ৩০ সূত্র। থকা অৰ্থত ভিতৰ শব্দৰ পাচত “উৱাল হৈ বিশেষণ হয়; যেনে- ভিতৰত থাকে যি, সি ভিতৰুৱাল সেই অৰ্থত “গাওঁ” শব্দৰ “আও”ৰ ঠাইত 'অজ্ঞ' হয়; যেনে -- গাওঁত থাকে যি সি গঞা; কোনোৱে গাঁৱলীয়াও বোলে ৷

৩১ সূত্র। উদ্ভৱ হোৱা অৰ্থত আগ, পাচ, সেই ইত্যাদি বাঞ্জনাও শব্দৰ আৰু থকা অৰ্থত তল শব্দৰ পাচত ‘তীয়া' হয় আৰু 'তায়া'ৰ আগৰ আখৰ অকাৰ যুক্ত হয়; যেনে-- - আগতীয়া, পাচতীয়া, তলতীয়া, ইত্যাদি। এইবোৰ বিশেষণ শব্দ ।

৩২ সূত্র। অধিক অৰ্থত বন আদি শব্দৰ পাচত 'অনি”হৈ সংজ্ঞা-শব্দ হয়; যেনে- যত বন অধিক, সেই ঠাই বননি; সেই দৰেই কাঠনি, গছনি, বাতানি, হাবিয়নি, উলুৱনি, ঔৱনি, গোবৰনি, ইত্যাদি ।

৩৩ সূত্র। ‘বাপ্’ শব্দৰ পাচত অধিকাৰ অৰ্থ বুজাবলৈ 'অতী' বা 'অতীয়া হৈ বিশেষণ শব্দ হয়; যেনে-

বাপৰ যি বস্তুত অধিকাৰ আছিল, সি বাপতীয়া বা বাপতী ।

৩৪ সূত্ৰ। পাৰক অৰ্থত ‘কথা' শব্দৰ পিচত-পুংলিঙ্গত ‘কি”হৈ বিশেষণ আৰু সংজ্ঞা-শব্দ হয়, আৰু কথাৰ আকাৰত 'অ' হয়; যথা- ভাল কৈ যি কথা কব পাৰে, সি কথকি। (স্ত্রী) কথকী। কথকি মতা, কথকী তিৰোতা ; “অতি কথকিক কথাই খায়”।

৩৫ সূত্র। বিদ্যমান অর্থত (স্ত্রী, পুং, দুইও লিঙ্গত) বুধি শব্দৰ পিচত, আৰু পাৰক অৰ্থত খেতি শব্দৰ পিচত, 'য়ক' হয়; যেনে- বুদ্ধি যাৰ আছে, বুধিয়ক; খেতিত পাৰক যি সি খেতিয়ক। এইবিলাক শব্দ সংজ্ঞা-শব্দ আৰু বিশেষণ হয়।

৩৬ সূত্ৰ। বৰকৈ ৰত হোৱা অৰ্থত দন্দ শব্দৰ পিচত পুংলিঙ্গত ‘উৰা’, স্ত্রীলিঙ্গত 'উৰী' হৈ বিশেষণ শব্দ হয়;

যথা- যি মানুহে বৰকৈ দন্দ কৰে, সি দন্দুৰা, স্ত্রীলিঙ্গত দদুৰী। ৩৭ সূত্র। যুক্তাৰ্থত কোনো-কোনো বাঞ্জনান্ত সংজ্ঞা শব্দৰ পাচত “আ” হয়, আৰু অন্ত-আখৰৰ পূবব- আখৰৰ আগত থকা 'অ' হয়; যেনে- আপৰ যুক্ত যি সি অপৰা। সেই দৰেই জৰা, পৰা, ইত্যাদি। এইবিলাক

বিশেষণ শব্দ ।

৩৮ সূত্র। স্বভাৱ বা গুণার্থত বৰ শব্দৰ পিচত “আই” হয়, যেনে- বৰৰ স্বভাৱ বা গুণ, বৰাই। ৩৯ সূত্র। সম্প্রমার্থত দ্বিতীয় পুৰুষৰ কোনো লোকেৰে সম্বন্ধ থকা মানুহক বুজাবলৈ সম্বন্ধ-বোধক অসমীয়া আকাৰান্ত শব্দৰ পিচত 'ৱা হয়; বাঞ্ছলান্ত শব্দৰ পিচত 'এৰা আৰু আন স্বৰৰ অন্তত থকা শব্দৰ পাচত 'আ' বা 'এৰা' হয়; যেনে - - তোমাৰ (মা) মাৰা, তোমাৰ (পুত) পুতো, তোমাক (পো) পোৱা, তোমাৰ (জী) জীয়েৰা বা জীয়া, তোমাৰ (ভাই) ভায়েৰা, ভাইয়া, তোমাৰ (পৈ) পৈয়েৰা বা পৈয়া, (বৌ বৌৱা, বৌৱেৰা ।

১। তুচ্ছার্থত দ্বিতীয় পুৰুষৰ সম্বন্ধীয়া আকাৰান্ত শব্দৰ পিচত 'ৰ', আন শব্দৰ পাচত 'এৰ' হয়; যেনে: তোৰ মাৰ, পুতে, জীয়েৰ পৈয়েৰ, বৌৱেৰ।

৩। তৃতীয় পুৰুষত অকাৰান্ত শব্দৰ পাচত 'ক', আন শব্দৰ পাচত 'এক' হয়; যেনে তাৰ বা তেওঁৰ মাক, পতেক, বৌৱেক ইত্যাদি ।

৯। কোনো কোনো মূল সংস্কৃত শব্দতো এই নিয়ম খাটে; যেনে তোমাৰ পিতাৰা, তোৰ পিতাৰ, তেওঁৰ বা তাৰ পিতা। সেই দৰেই সখিয়েৰা বা সাথয়া, সখিয়ে, সখিয়েক, ইত্যাদি। “সখি” আৰু “পিতা” সংস্কৃত।

৪০ সূত্র। (১) ইটোৱে সিটোৰ প্ৰতি কোনো কাৰ্যা কৰা অৰ্থ বুজাব লাগিলে যি বস্তুৰ দ্বাৰা সেই কাৰ্যা কৰা হয়, সেই বস্তুৰ নামটো দুটা হয়, আৰু সেই দুইৰ প্ৰথমটোত 'আ' আৰু দ্বিতীয়টোত 'ই' যোগ কৰা যায়। দুয়োটাৰ অন্তৰ আখৰৰ আগত থকা 'আকাৰ'ত 'অ' হয়। আৰু সেই শব্দ স্বৰান্ত হলে পাচৰ টোৰ স্বৰ গুচি “” তাৰ লগ লাগে; যেনে, সি ইয়ালৈ, ই তালৈ হাত চলাইছে, এনে অর্থত হতাহতি; সেই দৰেই, চুলিয়াচুলি, গলিয়াগুলি, কিলাকিলি; সি ইয়াৰ ই তাৰ চকুলৈ চাইছে চকুৱাচকি ইত্যাদি।

(২) সেই ৰূপেই এজনে আন জনৰ প্ৰতি কোনো কাৰ্য্য কৰা অৰ্থত সেই কাৰ্য্য বুজোৱা কৃদন্তু ভাৱবাচক পদটো দুটা হয়, আৰু সেই পদ দুই স্বৰীয়া হলে, আৰু তাৰ অন্তত "ওৱা” থাকিলে পাচৰটোৰ ওৱা'ৰ ঠাইত “উই’ হয়; যেনে - - ( এজনে আন জনেৰে সৈতে খায়, এনে অৰ্থত খোৱা এই পদ দুটা হৈ ) খোৱাখুই। সেইদৰেই, লোৱালুই, ধোৱাধুই, ইত্যাদি। সেই ভাৱবাচক পদ 'ও'ৰে আবদ্ধ হৈ এটা বাঞ্জন আখৰেৰে শেষ হলে সেই শব্দও দুটা হয় আৰু পাচৰটোৰ ‘ও’ত ‘উ’ হয়; যেনে-- ( খোঁচ) এজনে আনজনক খোঁচে, এনে অৰ্থত খোঁচাখুঁচি; সেই দৰেই (বোল্ ) বোলাবুলি, তোলাতুলি, ইত্যাদি।

(৩) 'ওৱা' অন্তত থকা ভাৱ বাচক পদ দুইতকৈ অধিক স্বৰীয়া হলে প্ৰথমটোৰ ওৱা'ৰ 'ও' গুচে, পাচৰটোৰ শেষ সুৰ আৰু ওৱাত 'ই' হয়; যেনে- ( ভুকুওৱা) ভুকুৱাভুকি, ইত্যাদি ।

(৪) সেই অৰ্থত দুটা হোৱা আন ভাৱবাচক পদ দ্বিতীয়টোৰ অন্তৰ স্বৰত 'গু' হয়; যেনে- (মতা) মতামতি,

মৰামৰি, ধৰাধৰি, ঠেকাঠেকি। সেই শেষপদৰ অন্তত 'য়া থাকিলে সি গুচে যেনে (দিয়া) দিয়াদি। এই বিলাক

সংজ্ঞা শব্দ হয় ।

৪১ সূত্র। কোন কাৰ্য্য কৰোতাক বুজাবলৈ সংজ্ঞা বা কৃদন্ত শব্দৰ পাচত “ইয়াৰ হৈ সংজ্ঞা- শব্দ হয়, আৰু অন্তৰ আখৰৰ আগৰ 'আ' 'অ' হয়; যেনে- মাগন কৰে যি সি মগনিয়াৰ বাদ দিয়ে যি, সি বদিয়াৰ; সেইৰূপেই ভগনিয়াৰ, ইত্যাদি।

৪২ সূত্র। চলোৱা অৰ্থত 'নাও' শব্দৰ পিচত “অৰীয়া হৈ সেই শব্দ সংজ্ঞা-শব্দ আৰু বিশেষণ হয়; যেনে: নাও চলায় যি সি নাৱৰীয়া মানুহ, নাৱৰীয়াহঁত ।

৪৩ সূত্র। (১) অন্তত বাঞ্জন, ইবৰ্ণ, ট্ৰবৰ্ণ আৰু ওকাৰ বা অকাৰান্ত সংযোগী আখৰ থকা বিশেষণ, সংজ্ঞা বা সংখ্যা শব্দৰ পাচত 'এ' আৰু অন্তত শুদ' অকাৰ, আকাৰ বা একাৰ থকা তেনে শব্দৰ পাচত 'ই' হৈ, সেই শব্দ ক্রিয়াবিশেষণ হয়; যেনে (বিশেষণ শব্দ) ডালে আছোঁ, শীঘ্ৰে যোৱা, দুই নাও যায়, শুদরি খালে, তেনেই আছে; (সংজ্ঞা-শব্দ) বামে আহিলো, মাটিয়ে যায়, চকুৰে সোমাল, তুমি গাই শকত, ইত্যাদি। ২) তেনেবিলাক ক্রিয়াবিশেষণ কেতিয়াবা দুবাৰ উত্ত হয়, যেনে- ঘনে ঘনে, মনে-মনে, শুদাই- শুদাই, মাটিয়ে মাটিয়ে, চকুৱে চকুৱে, হাজাৰে- হাজাৰে, শই শই, কুৰিয়ে কুৰিয়ে, ইত্যাদি । ৪.৪ সূত্র। যুক্ত অৰ্থত “আলাহ” শব্দৰ পাচত উৱা” “আলান্ধু” শব্দৰ পাচত 'বা' হয়, আৰু শব্দৰ “আ” গুচি “এ” হয়; যেনে-- আলাহযুক্ত যি, সি এলেহুৱা; আলাহ্-যুক্ত, এলান্ধুরা। “আলান্ধুৱা” বা এলান্ধুৱা” এনেও হয়।

ধাতু-প্ৰকৰণ ৷

১। যি মাতে কোনো কাৰ্য্য কৰা বুজায়, তাকে ধাতু বোলে যেনে, হ, খা, যা, ইত্যাদি। ব্যাকৰণৰ যি ভাগত সেইবিলাকৰ ৰূপ আদিৰ কথা থাকে, সি ধাতু-প্ৰকৰণ ।

২। ধাতু দুবিধ ;- সকৰ্ম্মক আৰু অকৰ্ম্মক। যিবিলাক ধাতুৰ ক্ৰিয়াৰ এটা কৰ্ম্ম কাৰক থাকে, সেইবিলাকক সকৰ্ম্মক আৰু যিবিলাকৰ কৰ্ম্মকাৰক নাই, সেই বিলাকক অকৰ্ম্মক বোলা যায়। যেনে-- ( সকৰ্ম্মক) মাৰ, ধৰ্, খা; (অকৰ্ম্মক) শো, বহ, উঠ, ইত্যাদি।

৩। কোনো কোনো সকৰ্ম্মক ধাতুৰ দুটা কৰ্ম্ম - পদ থাকে; যেনে- হলিৰামে কৃষ্ণৰামক ধন দিলে; দোষীক

দণ্ড কৰা; ইত্যাদি ।

৪। অকৰ্ম্মক ধাতু পঁচা, অর্থাৎ নিয়োগ কৰা অৰ্থত সকৰ্ম্মক হয়; যেনে- মা লৰাক শুৱাইছে। আৰু সকৰ্ম্মক

ধাতু সেই অর্থত দ্বিকৰ্ম্মক হয়; যেনে- অধ্যাপকে ছাতক পুথি পঢ়ায়, ইত্যাদি । ৫। কোনো কোনো অকৰ্ম্মক ক্রিয়াও সকৰ্ম্মকৰ দৰে ব্যৱহৃত হয়; যেনে- এখোজ যাওঁ, এক ক্রোশ লৰিলোঁ, ইত্যাদি।

৬ । সংজ্ঞা-শব্দৰ পাচত যেনেকৈ অনুৰূপ-শব্দ থাকে, তেনেকৈ ধাতুৰ পাচতো কেতিয়াবা অনুৰূপ - ধাতু

থাকে; যেনে -- আঁজোৰ-পিজোৰ, আঁচোৰ পিচোৰ, লৰ চৰ, ইত্যাদি। ৭। ধাতুবিলাকে, বিভক্তিৰে বা তলত কোৱা কৃৎ-প্রতায়েৰে সৈতে যোগ হলে, ক্রিয়া নাম পায়; যেনে-

কৰোঁ, কৰা, কৰে, কৰি, ইত্যাদি ।

৮। ক্ৰিয়া দুবিধ; সাধ্যা আৰু সিন্ধা। যিবিলাক ক্রিয়াই বিভক্তিৰে যুক্ত হৈ সম্পূৰ্ণ অর্থ বুজায়, সেই বিলাকক সাখ্যা আৰু কৃৎপ্ৰতায় হৈ সিদ্ধ হোৱাবিলাকক সিদ্ধা বোলে, যেনে- (সাধ্যা) কৰিছোঁ, কৰোঁ, (সিদ্ধা) কৰি, কৰিলত, ইত্যাদি ।

৯। ক্ৰিয়াৰ বিভক্তিবিলাক কাল আৰু পুৰুষ অনুসৰি বেলেগ হয়। পুৰুষ তিনটা প্রথম পুৰুষ, দ্বিতীয় পুৰুষ, আৰু তৃতীয় পুৰুষ । কাল ছটা স্বৰূপ বৰ্ত্তমান, নিত্য বৰ্ত্তমান, স্বৰূপ ভূত, অপূর্ণ-ভূত, সম্ভাব্য ভূত আৰু ভৱিষ্যৎ। -

১০। সাধ্যা ক্ৰিয়াৰ বচন আছে; কিন্তু বহুবচনত তাৰ ৰূপ সলনি নহয়; কেৱল সকলো কালত প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বিভক্তিৰ পাচত 'ইক' কই কথাৰ যোগ হয়, নহৈও থাকে; যেনে কৰিছোঁহঁক বা কৰিছোঁ। সিদ্ধা ক্ৰিয়াৰ বচন আৰু পুৰুষ নাই; যেনে- মই কৰি, তুমি কৰি, সিবিলাকে কৰি, ইত্যাদি।

১। স্বৰূপ বৰ্ত্তমান ।

ক্ৰিয়াৰ শেষ নোহোৱা অৰ্থাৎ সম্প্ৰতি ক্ৰিয়া কৰি থকা কালকে স্বৰূপ বৰ্ত্তমান কাল বোলে, যথা- কৰিছোঁ, খাইছোঁ, দিছোঁ। স্বৰূপ বৰ্ত্তমান কালৰ ক্ৰিয়াৰ আন এটা ৰূপ আছে, তাক সৰল বৰ্ত্তমান বোলা যায়। 'লাগ' ধাতুৰ স্বৰূপ বৰ্ত্তমান কালৰ এটা ক্ৰিয়াৰ আগত এটা নামধাতু দিলে সেই কালৰ ক্ৰিয়া হয়; যেনে কৰিব লাগিছোঁ, কৰিব লাগিছা, কৰিব লাগিছে।

১ সূত্র। সেই কাল বুজাবলৈ প্ৰথম পুৰুষত 'ইছোঁ’, দ্বিতীয় পুৰুষৰ সম্ভ্ৰমাৰ্থত 'ইচ্ছা', তুচ্ছার্থত 'ইহু', তৃতীয়

পুৰুষত 'ইছে', বিভক্তি হয়। ২ সূত্র। ইবর্ণ অন্তত থকা ধাতুৰ পিচত বিভক্তিৰ আদি 'ছ' গুচে; যেনে- মই দিছোঁ, তুমি দিছা, সি দিছে,

আমি দিছোঁহঁক বা দিছোঁ, তোমালোকে দিছাহঁক বা দিছা, সিহঁতে দিছে। ৩ সূত্র। (১) অকাৰান্ত ধাতুৰ 'ই' আৰু বিভক্তিৰ আদি ই' গুচি 'ঐ' হয়; যেনে-- (ল ধাতু) ম‍ই লৈছোঁ, তুমি লৈছা ।

(২) একাৰান্ত ধাতুৰ ওকাৰত উকাৰ হয়; যেনে- (শো) ম‍ই শুইছোঁ, তুমি শুইছা, তেওঁ শুইছে। ৪ সূত্র। “যা” ধাতুৰ ঠাইত 'গ' হয়; যথা- ম‍ই গৈছোঁ, তুমি গৈছা, তেওঁ গৈছে। বহুবচনত আমি গৈছোঁহঁক, তোমালোকে গৈছাহঁক, ইত্যাদি।

২। নিত্য বৰ্ত্তমান কাল।

নিতা বর্তমান কালে (সম্প্ৰতি ক্ৰিয়া কৰি থকা নু বুজায়, কিন্তু) সদায় ক্ৰিয়া কৰা কাল বুজায়; যথা- মই ভাত ৰাওঁ, অর্থাৎ সদায় খাওঁ ।

৫ সূত্ৰ । সেই কাল বুজাবলৈ ধাতুৰ পিচত প্ৰথম পুৰুষত 'ও', দ্বিতীয় পুৰুষৰ সন্ত্ৰমাৰ্থত 'আঁ’, তুচ্ছার্থত ‘অ’,

তৃতীয় পুৰুষত ‘এ’ বিভক্তি হয়; যথা- মই কৰোঁ, তুমি কৰা, তই কৰ, তেওঁ বা সি কৰে, আমি কৰোহঁক, তোমালোকে

কৰাহঁক, সিবিলাকে কৰে, ইত্যাদি।

৬ সূত্র। অকাৰ বা আকাৰ থকা ধাতুৰ পাচত দ্বিতীয় পুৰুষৰ তুচ্ছার্থত 'অ' বিভক্তিৰ লোপ হয়; যথা- তই যা, খা, ল, ইত্যাদি । সম্ভ্রমার্থত 'আ' বিভক্তিত তেনে ধাতুৰ অন্তৰ স্বৰত 'ও' হয়, আৰু 'আ’ৰ ঠাইত 'ৱা” হয; যথা- হোৱা, খোৱা, যোৱা, ইত্যাদি।

‘ইয়া' অন্তত থকা ধাতুৰ পাচত 'আ'ৰ ঠাইত 'ওৱা' হয়, ধাতুৰ য়া' গুচে; যেনে- (পঠিয়া) পঠিওৱা, (হাচিয়া) হাচিওৱাঁ, (কৰিছা) কৰিছই; ইত্যাদি ।

৭ সূত্র । অবৰ্ণৰ ধাতুৰ পাচত তৃতীয় পুৰুষৰ 'এ' বিভক্তিত 'য়' হয়; যেনে- হয়, যায়, খায়, ইত্যাদি। ৮ সূত্র। (১) তুচ্ছার্থৰ ‘অ' বিভক্তিত 'হু' ধাতুৰ অকাৰত লেখকৰ ইচ্ছা অনুসৰি 'ওকাৰ' আৰু বিভত্তি

“ অ'ত 'ৱ' হয়, যথা- তই হোৱ বা হ

(২) কোনোৰ মতে অকাৰ বা আকাৰ অন্তত থকা অন্য ধাতুৰ পাচত তুচ্ছার্থৰ 'অ' বিভক্তিত 'ৱ' হয়; যেনে-

লব, খাৱ, পাৱ, যাৱ, ইত্যাদি। কিন্তু এনেবিলাক পদ ভদ্র লোকে ব্যৱহাৰ নকৰে ।

৯ সূত্র। ওকাৰান্ত ধাতুৰ প্ৰথম পুৰুষৰ ইচ্ছা অনুসৰি 'ও' গুচে বা থাকে; যেনে শোওঁ বা শোঁ ধোওঁ বা

ধোঁ, ইত্যাদি।

-

৩। স্বৰূপ ভূত কাল ।

যি ক্ৰিয়া একেবাৰেই সাজ হৈ গল, সেই ক্ৰিয়াৰ কালক স্বৰূপ ভূত-কাল বোলে; যেনে- কৰিলোঁ; ইত্যাদি। ১ম সূত্র। (১) সেইকাল বুজাবলৈ ধাতুৰ পিচত প্রথম পুৰুষত 'ইলো', দ্বিতীয় পুৰুষৰ সমাৰ্থত 'ইলা', কৰিলি, কৰিলে।

(২) স্বৰ অন্তত থকা ধাতুৰ পাচত বিভক্তিৰ 'ছ' গুচে; যেনে- খালোঁ, খালা, খালে।

১১ সূত্র। অকৰ্ম্মক ধাতুৰ পাচত 'লে' বিভক্তিৰ 'এ' গুচে; যেনে- হল, গল, মৰিল উঠিল, সৰিল,

ইত্যাদি।

১২ সূত্র। শো, ওমল, হাঁচিয়া, হাঁহ, কান্দ, ল, (বেগাই যা), আহ, নাচ, লুট, হাগ, বঁতিয়া, ইত্যাদি। কিছুমান ধাতু আৰু অনুকাৰ শব্দৰপৰা হোৱা ধাতুবোৰৰ পাচত ‘লে’ বিভক্তিৰ ‘এ’ গুচে; যেনে- শুলে, কান্দিলে, হাঁচিলে, নাচিলে, হু হুৰালে, গিৰ্‌ গিৰালে, ইত্যাদি।

৪। অপূর্ণ-ভূত।

যোৱা কালত কোনো এক কাৰ্য্য হৈ থাকোতে বা তাৰ আগেয়ে যি ক্ৰিয়া কৰি থকা হৈছিল, সেই ক্ৰিয়াৰ অপূর্ণ-ভূত-কাল হয়; যেনে- তুমি আহোতে মই ভাত খাইছিলোঁ, ইত্যাদি।

১৩ সূত্র। (১) সেই কাল বুজাবলৈ ধাতুৰ পিচত প্ৰথম পুৰুষত 'ইছিলোঁ, ' দ্বিতীয় পুৰুষৰ সমাৰ্থত 'ইছিলা', তুচ্ছার্থত ‘ইছিলি’, তৃতীয় পুৰুষত 'ইছিল', এইবিলাক বিভক্তি হয়। অন্য সমুদায় কাৰ্য্য স্বৰূপ বৰ্ত্তমানৰ তুল্য; যথা- কৰিছিলোঁ, কৰিছিলা, কৰিছিলি, কৰিছিল; কৰিছিলোঁহঁক বা কৰিছিলোঁ, কৰিছিলাহঁক বা কৰিছিলা, ইত্যাদি। (২) ইবৰ্ণ অন্তত থকা ধাতুৰ পাচত বিভক্তিৰ আদি 'ই' গুচে; যেনে- দিছিলোঁ, দিছিলা, দিছিল; সেই দৰেই

জীছিলোঁ, ইত্যাদি।

(৩) অকাৰান্ত ধাতুৰ 'অ' আৰু বিভক্তিৰ 'ছ' দুইও 'ঐ' হয়; যেনে- লৈছিল, লৈছিলো, ইত্যাদি।

৫। সম্ভাব্য ভূতকাল।

যি কালত ক্রিয়া হবৰ সম্ভাৱনা আছিল, কিন্তু ক্রিয়া নোহোৱাকৈ সি গত হল, তাকে সম্ভাব্য ভূত বোলে; যথা- কৰিলোঁহেঁতেন।

১৪ সূত্র। সেই কাল বুজাবলৈ স্বৰূপ ভূত-কাল-বোধক বিভক্তিৰ পিচত 'হেঁতেন' এই কথাৰ যোগ হয়। আন সকলো কাৰ্য্য স্বৰূপ-ভূত-কালৰ দৰে; যথা- কৰিলোহেঁতেন, কৰিলিহেঁতেন, কৰিলেহেঁতেন, ইত্যাদি ।

৬। ভবিষ্যৎ কাল।

আগলৈ যি ক্রিয়া হব, সেই ক্ৰিয়াৰ কালক ভবিষ্যৎ কাল বোলা যায়; যথা- হব, ইত্যাদি। ১৫ সূত্র। (১) সেই কাল বুজাবলৈ ধাতুৰ পিচত প্ৰথম পুৰুষত 'ইম' দ্বিতীয় পুৰুষৰ সন্ত্ৰমাৰ্থত 'ইবা’, তুচ্ছার্থত ‘ইবি’, তৃতীয় পুৰুষত 'ইব' বিভক্তি হয়; যেনে কৰিম কৰিবা, কৰিবি, কৰিব কৰিমহঁক বা কৰিম ;

ইত্যাদি।

(২) স্বৰ অন্তত থকা ধাতুৰ পাচত বিভক্তি 'ই' গুচে; যেনে- হুম, হবা, ছবি, হব, খাম, খাবা, খাবি, খাব। ১৬ সূত্র। (১) ওকাৰেৰে আৰদ্ধ বা প্ৰথম আখৰত ওকাৰ থকা ধাতুৰ নিতাবৰ্ত্তমানত বাজে আন সকলো কালত 'ও'ৰ ঠাইত “উ' হয়; যেনে- (নিত্যবৰ্ত্তমানত) মই ওমলোঁ, তুমি ওমলা, তেওঁ ওমলে; (আন কালত ) উমলিছোঁ, উমলিহা, উমলিছে; উমলিম, উমলিবা, উমলিব; মই শোওঁ, ধোওঁ, শুম, ঘুম। সেই দৰেই খোলোঁ, খুলিছোঁ, ইত্যাদি। (২) ‘সোমা’“ওলা' ‘ওলম' আৰু 'ওপং’ইত্যাদি ধাতু এই সূত্ৰৰ বাহিৰ; যেনে- সোমাইছোঁ, “সোমাওঁ”, সোমালোঁ, সোমাম। সেই দৰেই ওলাইছোঁ, ইত্যাদি।

১৭ সূত্র। একাৰান্ত ধাতুৰ পাচত নিতাবৰ্ত্তমান কালৰ দ্বিতীয় পুৰুষৰ সম্ভ্ৰমাৰ্থৰ 'আঁ' বিভক্তি' 'হাঁ' আৰু তুচ্ছার্থৰ 'অ' বিভক্তি 'এ' হয়। অন্য কাৰ্য্য অবর্ণান্ত ধাতুৰ দৰে; যেনে-- তুমি ডেৱা, এই ডের, ইত্যাদি। ১৮ সূত্র। (১) লোট অর্থাৎ ততালিকে ক্ৰিয়া কৰিবলৈ প্ৰাৰ্থনা বা আদেশ কৰা অৰ্থত বৰ্ত্তমান কালত দ্বিতীয় পুৰুষৰ দুইও বচনৰ ক্ৰিয়াৰ নিত্যবৰ্ত্তমান কালৰ নিচিনা ৰূপ হয়; যেনে- সন্ত্রমার্থত তুমি কৰা, যোৱা, লোৱা ইত্যাদি। তুচ্ছার্থত 'নি' আৰু 'দি' ধাতুৰ ইকাৰ 'একাৰ' হয়, আন ধাতুৰ স্বৰূপ থাকে; যেনে- তই নে, দে, যা, হ, ইত্যামি।

(২) তৃতীয় পুৰুষৰ দুইও বচনত ধাতুৰ পাচত 'ওক' হয়; যেনে-- আপুনি, তেওঁ বা সি কৰোক, যাওক;

ইত্যাদি।

(৩) ইকাৰান্ত ধাতুৰ পিচত 'ওক' বা 'রক' হয় আৰু ওকাৰান্ত ধাতুৰ পাচত 'ওক' বা 'ব্লক' হয়; যেনে-- নিয়ক বা নিওক, দিয়ক বা দিওক, শোৱক বা শোওক, ধোৱক বা ধোওক; ইত্যাদি ।

(৪) 'হ' ধাতুৰ দ্বিতীয় পুৰুষৰ তুচ্ছার্থত 'হ' আৰু তৃতীয় পুৰুষত 'হওক' বা 'হোক' হয়। 

ক্ৰিয়াৰ ৰাল।

১। ক্রিয়াবিলাকৰ তিনটা বাচ্য আছে; কর্তৃবাচ্য, কৰ্ম্মবাচ্য, ভাৱ-বাচ্য।

২। যেতিয়া অকৰ্ম্মক ধাতুৰ ক্ৰিয়াৰ কৰ্ত্তা প্ৰথমা বিভক্তিত থাকে, আৰু সকৰ্ম্মক ধাতুৰ ক্ৰিয়া হলে লুকাই বা দেখাই এটা কৰ্ম্ম-পদ থাকে আৰু ক্ৰিয়া পদ কৰ্ত্তাৰে মিলে, সেইয়ে কর্তৃবাচ্য; যেনে- (অকৰ্ম্মক ক্রিয়া) হলিৰামে শুইছে; ইয়াত ‘হলিৰামে’ এইটো কৰ্ত্তা পদ প্রথমা-বিভক্তিত আছে, 'শুইছে' এই অকৰ্ম্মক ক্রিয়া তাৰে মিলিছে। সেই দৰেই দেবদত্তে আছে, সোমদত্তে হাঁহিছে, ইত্যাদি। (সকৰ্ম্মক ক্রিয়া) বলৰামে পুথি লিখিছে, ইয়াত ‘বলৰামে এই কৰ্ত্তাৰ “লিখিছে” এইটো সকৰ্ম্মক ক্রিয়া, তাৰ কৰ্ম্মপদ 'পুথি'। কৃষ্ণৰামে পঢ়িছে; ইয়াত পুথি এই কৰ্ম্মপদ লুকাই আছে, ইত্যাদি।

৩। যেতিয়া কৰ্ম্মপদ প্রথমা-বিভক্তিলৈ গৈ 'হ' বা 'যা' ধাতুৰ ক্ৰিয়াৰ কৰ্ত্তা হয়, আৰু কর্তৃবাচাৰ কৰ্ত্তা পদ “দ্বাৰা' শব্দৰ যোগত সম্বন্ধ-কাৰক হৈ দেখাই বা লুকাই থাকে, আৰু কৰ্ম্ম-বাচ্যৰ কৃদন্ত পদ এটা 'হু' বা 'যা' ধাতুৰ সাধ্যা- 1- ক্ৰিয়াৰ আগত থাকে, সেইয়ে কৰ্ম্মবাচ্য, অর্থাৎ লোকে যি কাৰ্য্য কৰে সেই কাৰ্য্যক বুজোৱা পদটো কৰ্ত্তা হৈ উক্ত হলে কৰ্ম্মবাচ্য হয়। যেনে- হলিৰামৰ দ্বাৰা পুথি লেখা হৈছে; ইয়াত 'পুথি' এই কৰ্ম্মপদ “হৈছে” সাধ্যা- ক্ৰিয়াৰ কৰ্ত্তা হৈছে, হলিৰাম এই পদৰ “দ্বাৰা” শব্দৰ যোগত সম্বন্ধ-কাৰক হৈ সি অপ্ৰধান হৈছে, আৰু 'লেখা' এইটো কৰ্ম্মবাচ্যৰ পদ “হৈছে' ক্ৰিয়াৰ আগত আছে; অর্থাৎ হলিৰামে যি পুথি লিখিছে, সেই পুথিয়ে লেখা কাৰ্য্যটো আপুনি কৰাৰ দৰে উক্ত হৈছে। সেই দৰেই গীত গোৱা হৈছে, কাম কৰা হৈছে, ভাত খোৱা হব। এনেবিলাক ঠাইত “দ্বাৰা” শব্দৰ যোগত হোৱা সম্বন্ধ কাৰকটো লুকাই আছে। অকৰ্ম্মক ধাতুৰ কৰ্ম্মবাচ্যৰ ক্ৰিয়াৰ আন এটা ৰূপ আছে, তাত সি ইকাৰান্ত হয়; যেনে - ইয়াৰ পৰা তাৰ মাত শুনি, অৰ্থাৎ শুনা যায়; আন্ধাৰত একো নেদেখি, অর্থাৎ দেখা নেযায়; ইয়াত আন নে পাই, অর্থাৎ পোৱা নেযায়; ইত্যাদি।

৪। যেতিয়া কৰ্ম্মপদ আপোনাৰ বিভক্তিত থাকে আৰু ভাববাচ্যৰ পদ এটা 'হ' বা 'যা' ধাতুৰ সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হয়, সেয়ে ভাৱ বাচ্য; ইয়াতো কর্তৃবাচাৰ কৰ্ত্তা পদৰ “দ্বাৰা” শব্দৰ যোগত সম্বন্ধ-কাৰক হৈ সি দেখাই বা লুকাই থাকিব পাৰে; যেনে- কৃষ্ণৰামক ডোজলৈ মতা হৈছে: ইয়াত “কৃষ্ণৰামক” এই কৰ্ম্মপদ দ্বিতীয়াবিভক্তিত আছে, আৰু “হৈছে” এই ক্ৰিয়াৰ “মতা” এই ভাৱ-বাচ্যৰ পদ কৰ্ত্তা হৈছে। সেই দৰেই ৰামকৃষ্ণক দেখা গৈছে; ইত্যাদি।

৫। “হ” ধাতুৰ এটা সাধ্যা- ক্ৰিয়াৰ আগত ভাৱ-বাচাৰ পদ থাকিলে, সেই সংস্কৃত ভাৱবাচ্যৰ পাচত “কৰা” এই অসমীয়া ভাৱ -বাচ্যৰ পদ যোগ কৰা যায়, আৰু কৰ্ত্তা-পদৰ সম্বন্ধ-কাৰক হয়; যেনে- কৃষ্ণৰামৰ শয়ন কৰা হৈছে; ইত্যাদি। ইও ডাৱবাচ্য। 

কৃদন্ত ক্ৰিয়া আৰু শব্দ ।

ধাতুৰ পাচত ওপৰত কোৱা বিভক্তিত বাজে আন কোনো কোনো আখৰ যোগ কৰি পদ সিদ্ধ কৰা যায়; সেইবিলাকক “কৃৎ” প্রতায়, আৰু সেইবিলাক আখৰ যুক্ত হৈ হোৱা পদবিলাকক “কৃদন্ত” শব্দ বোলা যায়; যেনে- (হু) হোৱা, (খা) খোৱা; সেই দৰেই গমন, শয়ন ইত্যাদি। সেইবিলাক পদ সংজ্ঞা-শব্দ বিশেষণ বা সিদ্ধা- ক্রিয়া হয়

সংস্কৃত কৃৎপ্রত্যয়।

১ সূত্র। আৱশ্যকাৰ্থত ধাতুৰ পাচত “তব্য” হয়, আৰু ধাতুৰ অন্তাস্বৰৰ গুণ হয়, অন্তৰ ম'ৰ ঠাইত “ন” হয়। আৰু উবর্ণান্ত ধাতুৰ পাচত্ত “ভৱা”ৰ আগত 'ই' হয়, যেনে- কৃ তবা, কৰ্ত্তবা; মৃ তবা, মৰ্ত্তবা; স্মৃ তবা, স্মৰ্ত্তব্য; নী তব্যা, নেতব্যা; গম্ তবা, গন্তব্য; ভূ তবা, ডৱিতবা; ইত্যাদি।

২ সূত্র। সেই অৰ্থ বুজাবলৈ ধাতুৰ পাচত “অনীয়” হয়, আৰু ধাতুৰ অন্ত্য স্বৰৰ গুণ হয়; যেনে- কৃ অনীয়,

কৰণীয়; ধূ অনীয়, ধৰণীয়। পা অনীয়, পানীয়; ভূ অনীয়, ভৱনীয়। নাম্ অনীয় নমনীয়; ইত্যাদি।

৩ সূত্র। (১) ক্ৰিয়া কৰোতাক বুজাবলৈ পুংলিঙ্গৰ ধাতুৰ পাচত “অক” হয়; আৰু ধাতুৰ অন্ত্য স্বৰৰ বৃদ্ধি হয় । যথা- অক্ কাৰক কৃমৃ অক, মাৰক; ভূ অক্, ভাৱক; নী অক্, নায়ক + ইত্যাদি। (২) আকাৰান্ত ধাতুৰ পাচত অন্ধ্ৰ অকৰ ‘অ' 'য' হয়; যেনে- দা অক্ দায়ক; স্ত্রীলিঙ্গত কাৰিকা, দায়িল,

ইত্যাদি।

৪ সূত্র। লেখকৰ ইচ্ছা অনুসাৰে “অক”ৰ সলনি “ইন” হয়, অনা কাৰ্য্য “অক” প্রত্যয়ৰ তুলা যেনে--

ইন, কানি; ভূ ইন, ভাৱিন; নী ইন, নায়িন; দা ইন, দায়িন + স্ত্রীলিঙ্গত + কাৰিণী, ভাবিনী, দায়িনী, ইত্যাদি। ৫ সূত্র। (১) কৰ্ম্ম-বাচ্যত অৰ্থাৎ কৰা কাৰ্য্যক বুজাবলৈ পুংলঙ্গিত ধাতুৰ পাচত “ত” হয়; যেনে- কৃ ত, কৃত; নী ত, নীত; দৃশ্ ত, দৃষ্ট; “ত” হলে কোনো কোনো ধাতুৰ অন্ত৷ “ম্” ও “ন্” লুপ্ত হয়। যেনে- গম ত, গত মন্ ত মত ।

(২) কোনো কোনো আকাৰান্ত ধাতুৰ আকাৰত “ত” বা “३” হয়; যেনে- দাত, দত্ত বা দিত ইত্যাদি।

(৩) কোনো ধাতুৰ অন্তা “ন”ৰ ঠাইত “ৰ” হয়, আৰু তাৰ অন্তৰ আখৰৰ আগত থকা দ্বাৰ দীৰ্ঘ হয়; যেনে-

শ্রম ত, প্রাপ্ত; ভ্রম ত, ভ্রান্ত; ইত্যাদি।

(৪) কেতিয়াবা ধাতুৰ অন্ত্য “হ”ত “গ” হয়, আৰু প্ৰতায়ৰ “ত”ৰ ঠাইত “খ” হয়; যেনে- মূহ ত, মুগ্ধ। (৫) কদাচিত সেই “ছ” আৰু “ত” দুইও গুচি “ঢ়” হয়, আৰু আগৰ স্বৰ দীৰ্ঘ হয়; যেনে- মূহ ত, মূঢ়

(৬) কোনো কোনো দীর্ঘ অকাৰান্ত ধাতুৰ “হ”ৰ ঠাইত “ৰ” হয়, আৰু প্ৰতায়ৰ “ত” গুচি "" ; যেনে- কৃ ত, কীর্ণ; আকৃ ত, আকীর্ণ; উৎ তৃ ত, উত্তীর্ণ; ইত্যাদি ।

৬ সূত্র। ভাৱবাচাত অর্থাৎ ধাতুৰ অৰ্থ মাৰ বুজাবলৈ ধাতুৰ পাচত “অন” হয়, আৰু ধাতুৰ অন্ত্য স্বৰৰ গুণ হয়; যেনে- কৃ অন, কৰণ; মৃ অন, মৰণ; ভূ অন, ভবন,; + ী অন, শয়ন; নী অন, নয়ন ; ইত্যাদি। ৭ সূত্র। (১) ধাতুৰ পাচত আৱশ্যক বা যোগ্য অৰ্থত 'য' হয়, আৰু অন্তাম্বৰত বৃদ্ধি হয়; যেনে- কৃ ব, কাৰ্যা

খৃ য, ধার্য্য; গম্য, গমা; মন্ ম, মানা; বাধ য, বাধ্য; ইত্যাদি। (২) কদাচিত স্বৰৰ বৃদ্ধি ন হয়; যেনে- ব ধ, বধ্য; ইত্যাদি।

৮ সূত্র। ধাতুৰ পাচত ডাৱাৰ্থত 'মন্' হয়; যেনে- কৃ মন, কৰ্ম্মন, ধূ মন, ধৰ্ম্মন, মৃ মন, মৰ্ম্মন; ইত্যাদি + অসমীয়া ভাষাৰ কৃৎ প্রতায়।

কৃদন্ত ক্রিয়া ।

৯ সূত্র। (১) সকলো কালত ধাতুৰ পিচত 'ই' হয়। সেইটো ধাতুৰ ক্ৰিয়াৰ পিচত আন কোনো ক্ৰিয়া কৰা বা

(২) ইকাৰ বা ঈকাৰ অন্তত থকা ধাতুৰ পাচত সেই “ই” গুচে; যেনে- (দি ধাতু) ধন দি কিনিলোঁ। ইত্যাদি। অন্তত থকা ধাতুৰ পাচত সেই ই’ 'ঐ' হয়; যেনে- (হ) হৈ, (ল) লৈ।

অকাৰ (৩) ওলা, সোমা আদিত বাজে ওকাৰ আগত থকা আন ধাতুবিলাকৰ ওকাৰত উকাৰ হয়; যেনে- উমলি, উফৰি, শুই, ধুই, ওলাই, সোমাই, ইত্যাদি।

১০ সূত্র। (১) সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন কোনো এটা ক্ৰিয়া হোৱা অর্থ বুজাবলৈ ধাতুৰ পিচত ‘ওতে হয়; যেনে- তেওঁ ভাত খাওঁতে মই পালোঁগৈ, আহোঁতে দেখিলোঁ, যাওঁতে তাত থাকিম, ইত্যাদি ।

(২) ওকাৰান্ত ধাতুৰ পাচত 'তে' মাথোন হয়, আৰু তাৰ আগৰ আখৰত অনুনাসিক চিন দিয়া যায়; যেনে- শোঁতে, ষোঁতে, ইত্যাদি।

১১ সূত্র। এটা সিদ্ধ নোহোৱা ক্ৰিয়াৰ সিদ্ধিৰ পিচত আন কোনো এটা ক্ৰিয়া কৰিবৰ ইচ্ছা বা আগন্তুক থকা

অৰ্থত সেই নোহোৱা ক্ৰিয়া বুজোৱা ব্যঞ্জনান্ত ধাতুৰ পাচত 'ইলে', স্বৰাস্ত ধাতুৰ পিচত 'লে' হয়; অন্য কাৰ্য্য ভূত কালৰ ক্ৰিয়াৰ নিচিনা; যথা মই শুলে আহিবি, তেওঁ গলে, আজি গলে ভাল হয়, সি তাত গলে তাক মাতিবা, ইত্যাদি। ১২ সূত্র। ভূত-কালত কোনো এজনে এটা ক্ৰিয়া কৰাৰ পাচত আন এজনে আন এটা ক্ৰিয়া কৰা অর্থ হলে প্ৰথমটো ক্ৰিয়া বুজোৱা ব্যঞ্জনাও ধাতুৰ পাচত “ইলত”, স্বৰান্ত ধআতুৰ পাচত 'লত হয়; যেনে- ম‍ই শুলত তেওঁ আহিল, সি গলত তোমাক দেখিলোঁ, ইত্যাদি।

১৩ সূত্র। সঁচা অৰ্থত ধাতুৰ পিচত কৃৎ প্রত্যয় হলে ব্যঞ্জনান্ত ধাতুবিলাক আকাৰান্ত, আকাৰান্ত ধাতুবিলাক ওকাৰান্ত হয়। ইকাৰান্ত ধাতুৰ পাচত যা আৰু উকাৰান্ত ওকাৰান্ত ধাতুৰ পাচত 'ৱা” যোগ কৰা হয়; “খা” ধাতুৰ আকাৰত আৰু ওকাৰান্ত ধাতুৰ ওকাৰত উকাৰ হয়।

সিদ্ধা- ক্ৰিয়াৰ ৰূপ ।

সিদ্ধা সাধাৰণী ।

সিদ্ধা পাঁচনী।

কৰি

মাৰি কৰিলত

মৰাই ।

কৰালত।

ধৰিলত

কৰাই ।

ধৰালত।

খালত

খুৰালত। উলিয়াই ।

ওলাই

সোমাই

ধৰিলে

সুমাই ।

ধৰালে। 

শোঁতে

শুৱাওঁতে।

গলে

যোৱালে।

কৰোঁতে

কৰাওঁতে।

গাই

গোৱাই । দিয়াই ৷

কৰোৱাই, ধৰোৱাই, কৰোৱালে, কৰোৱালত কৰোৱাওঁতে, এনে বিলাক ৰূপো হয় ।

কৃদন্ত শব্দ।

১৪ সূত্র। কর্তৃবাচ্যত কৰ্ত্তাই স্বয়ং কৰ্ম্ম কৰা অৰ্থ বুজাবলৈ পুংলিঙ্গত ধাতুৰ পিচত 'ওঁতা' আৰু দুইও লিঙ্গত “আ' প্রত্যয় হয় । ‘আ’ প্রতায় হলে ধাতুৰ অন্তৰ আখৰৰ আগত থকা আকাৰত অকাৰ হয়; অকাৰ বা আকাৰ অন্তত থকা ধাতু ওকাৰান্ত হয়, আৰু ওকাৰ অন্তত থকা ধাতুৰ পাচত 'ওতা'ৰ সলনি 'তা' হয়। আৰু 'তা'ৰ আগৰ আখৰ অনুনাসিক হয়; যেনে- কৰে যি সি কৰোতা বা কৰা; খায় যি সি খাওঁতা বা খোৱা। সেই দৰেই শোঁতা, শোৱা; ধোঁতা, ধোৱা ৰাখোতা, ৰখা; মাৰোঁতা, মৰা; নিওঁতা, নিয়া; দিওঁতা, দিয়া; ইত্যাদি।

(২) স্ত্রীলিঙ্গ বুজাবৰ নিমিত্তে অকাৰ বা আকাৰান্ত ধাতুৰ পাচত ওতাৰ ঠাইত 'তী, ' আন ধাতুৰ পাচত অঁতী হয়। যেনে- নতী, স্বাতী, দিহঁতী, শোঁৱতী, কাঁতী, বোৱতী, ধোঁৱতী, ইত্যাদি ।

১৫ সূত্র। কর্তৃবাচ্যত অন্যক পাঁচি কোনো ক্ৰিয়া কৰোৱা অৰ্থ হলে ধাতুৰ পিচত 'আওঁতা' বা 'ওরা' হয়, আৰু ধাতুৰ অন্তৰ আখৰৰ আগত থকা আকাৰত অকাৰ আৰু অবর্ণান্ত ধাতুৰ অকাৰ আকাৰত ওকাৰ হয়; যথা- কৰাই যি সি কৰাওঁতা বা কৰোৱা; দিয়ায় যি, সি দিয়াওঁতা বা দিওৱা; গোৱায় যি সি গোৱাওঁতা বা গোওয়া। পঢ়ায় বি, সি

পঢ়াওঁতা বা পঢ়োৱা; মৰায় বি, সি মৰাওঁতা বা মৰোৱা; ইত্যাদি। স্ত্রীলিঙ্গত কৰাতী, পঁঢ়াতী, গুঁৱাতী ইত্যাদি।

(২) খা ধাতুৰ আকাৰত উকাৰ হয়; যেনে- খুৱাওঁতা, খুওৱা; পূর্বতী; ইত্যাদি ।

১৬ সূত্র। কৰ্ম্ম-বাচ্যত আপুনি ব্যৱহাৰ কৰা কোনো বস্তু বুজাবলৈ সকলো সকৰ্ম্মক ধাতুৰ পিচত “আ” হয়।

অন্য কাৰ্য্য কর্তৃবাচ্যৰ “আ” প্রত্যয়ৰ নিচিনা; যথা- যাক পিন্ধা যায়, সি পিছা, যাক দিয়া যায়, সি নিয়া; সেই দৰেই খোৱা, লোৱা, গোৱা, ইত্যাদি। ১৭ সূত্র। সেই বাচাত লোকৰ দ্বাৰা, বা লোকক ব্যৱহাৰ কৰোৱা কোনো বস্তু বুজাবলৈ সকৰ্ম্মক ধাতুৰ পিচত

“ওরা” প্রভায় হয়, অন্য কাৰ্য্য কর্তৃবাচ্যৰ “ওৱা” প্রত্যয়ৰ নিচিনা; যথা- যি বস্তু লোকৰ দ্বাৰা নিওৱা যায়, ञि

নিওৱা; যি বন্ধু লোকক খুওৱা যায়, সি খুওৱা; সেই দৰেই দিওৱা, গোওৱা ইত্যাদি ।

১৮ সূত্র। ভাৱ-বাচ্যত অৰ্থাৎ কৰ্ত্তা-কৰ্ম্মৰ সম্পৰ্ক নেৰাখি কেৱল ধাতুৰ অৰ্থ মাথোন বুজোৱা অৰ্থত সকৰ্ম্মক বা অকৰ্ম্মক ধাতুৰ পিচত আপুনি কৰা অৰ্থত 'আ', লোকক পাঁচি কৰোৱা অৰ্থত 'ওৱা হয়, অন্য কাৰ্য্য কর্তৃ বাচাৰ

নিচিনা; যথা কৰা, খোৱা, ছোৱা কৰোৱা, খুওৱা ইত্যাদি। ২। ভাৱ-বাচ্যত কেতিয়াবা ব্যঞ্জনান্ত ধাতুৰ পাচত “আ”ৰ সলনি “অন” হয়; যেনে- লবন, পৰন, ফাটন,

বান্ধান, বাঢ়ন ইত্যাদি । সেই দৰেই অফাৰ অন্তত থকা ধাতুৰ পাচত “ন” বা “উনি” হয়; যেনে- খায়ন, খাউনি, পাউনি, ছাউনি ইত্যাদি।

কন্ঠ - বাচক অর্থাৎ যিবিলাক কৃদন্ত পদৰ কৰ্ম্মপদ থাকে আৰু যিবিলাকে কৰ্ত্তা বা কৰ্ত্তাৰ বিশেষণ ৰূপে

ব্যৱহাৰ কৰা যায়; যেনে- (আপুনি কৰা অৰ্থত)

(লোকক পঁচা অৰ্থত)

কৰোতা বা কৰা।

কৰাওঁতা, কৰোৱা ।

খাওঁতা বা খোৱা ।

খুৱাওঁতা, খুওৱা ৷

গাওঁতা বা গোৱা ।

গোৱাওঁতা, গোওৱা ।

চাওঁতা বা চোৱা।

চোৱাওঁতা, চোওয়া।

নিওঁতা বা নিয়া ।

নিয়াওঁতা, নিওৱা ৷

+ লেখোতা বা লিখা যা লেখা।

লিখোওঁতা, লিখোৱাস লেখোৱা।

দেখোতা বা দেখা।

দেখাওঁতা, দেখোৱা।

ধৰাওঁতা, ধৰোৱা।

ধৰোতা বা ধৰা ।

বৰ্ত্ততা বা বোৱা ।

বোৱাওঁতা, বোওৱা ।

থওঁতা বা থোৱা ।

থোৱাওঁতা, খোওৱা।

বোলোতা বা বা বোলা ।

বোলাওঁতা, বোলোৱা।

মাতোতা বা মতা।

মতাওঁতা, মতোৱা।

বুজোঁতা বা বুজা । ঘঁহোতা বা ঘঁহা ।

বুজাওঁতা, বুজোৱা । ঘঁহাওঁতা, ঘঁহোৱা।

মৰোতা বা মৰা ।

মৰাওঁতা, মৰোৱা। ইত্যাদি।

কৰ্ম্ম-বাচক অর্থাৎ যিবিলাক কৃদন্ত পদ কৰ্ম্মপদৰ বিশেষণ ৰূপে বা কৰ্ম্মপদ কৰ্ত্তা হৈ উক্ত হলে ব্যৱহাৰ কৰা

যায়; যেনে--

(আপুনি কৰা অৰ্থত)

(লোকক পঁচা অৰ্থত)

কৰা

কৰোৱা ।

খোৱা

খুওৱা।

গোওৱা ।

গোৱা

হা

ঘঁহোৱা ।

চোওৱা ।

চোৱা

निया

নিওয়া।

লেখা

লিখা, লেখোৱা

দেখা

লেখোৱা।

লিখোৱা, লেখোৱা।

দেখোৱা।

কৰা

কৰোৱা ।

ধোওৱা।

ধোৱা

ৰোৱা

বোওৱা ৷

বোলা

বোলোৱা।

মতা

মুভোৰা।

বুজা

বুজোৱা । 

শুনা

ভাববাচক অর্থাৎ ধাতুৰ অৰ্থ মাথোন বুজোৱা কৃদন্ত পদ।

(আপুনি কৰা অৰ্থত)

(লোকক পঁচা অৰ্থত)

কৰোৱা ।

কৰা

লোৱা

ধোৱা

লোওৱা ।

ধোওৱা ।

গোৱা

গোওৱা ।

শোৱা

লিখা, লেখা

লিখা

শুওৱা ।

লিখোৱা বা লেখোৱা ।

লেখোৱা।

ধৰোৱা ।

কর্তৃবাচ্যৰ “ওঁতা” প্রত্যয়ান্ত পদবিলাক বিশেষ্য, আৰু “আ” প্রত্যয়াস্তুবিলাক প্রায়ে বিশেষণ হয়। কৰ্ম্ম- বাচাৰ পদবিলাক সদায় কৰ্ম্মৰ বিশেষণ হয়, আৰু কৰ্ম্মপদ কর্তা হলে “হু” বা “যা” ধাতুৰ সাধ্যাক্ৰিয়াৰ আগত ব্যৱহাৰ কৰা হয়। বাৱ-বাচক পদে ধাতুৰ অৰ্থক মাথোন বুজায়, আৰু কৰ্ম্মপদ আপোন বিভক্তিত থাকিলে আৰু আন কৰ্ত্তা নেথাকিলে তাক ক্ৰিয়াৰ কৰ্ত্তাৰূপে ব্যৱহাৰ কৰা যায়।

১৯ সূত্ৰ । যাৰ দ্বাৰা ক্ৰিয়া কৰা যায়, সেই বস্তু বুজাবলৈ ধাতুৰ পিচত “নী” হয়। “নী” হলে ব্যঞ্জনান্ত ধাতুবিলাক অকাৰান্ত হয়; যথা- যাৰ দ্বাৰা বিচে, সি বিচনী; যাৰ দ্বাৰা লিখে, সি লেখনী বা লিখনী; যাৰ দ্বাৰা পৰোৱা৷ যায়, সি লৰনী; যাৰ দ্বাৰা বঢ়োৱা যায়, সি বাঢ়নী; যাৰ দ্বাৰা জনোৱা যায়, সি জাননী; যাৰ দ্বাৰা কোনো বস্তু আগ বাঢ়ে, সি বাঢ়নী।

( > ) কদাচিত ক্ৰিয়া কৰোঁতাক বুজাবলৈ পুংলিঙ্গত “নি” আৰু স্ত্রীলিঙ্গত “নী” হয়; যথা- যি মানুহে ৰান্ধে, সি ৰান্ধনি; যি তিৰোতাই ৰান্ধে তাই ৰান্ধনী।

২০ সূত্র। ভাৱবাচ্যত অনুকাৰ শব্দৰপৰা হোৱা হুৰ্‌ হুৰা, গিৰ্‌ গিৰা আদি ধাতুৰ পাচত, আৰু আন কোনো- কোনো ব্যঞ্জনান্ত ধাতুৰ পাচতো “অনি” হয়, আৰু ধাতুৰ অন্তৰ আকাৰত “অ” হয়; যেনে- হু-হুৰনি, গিৰ্‌ -গিনি, ধুম্-ধুমনি, অর্থাৎ সেই সেই শব্দ; সেই দৰেই, পাতনি, মাননি ইত্যাদি ।

২১ সূত্র। এটা সংজ্ঞা শব্দৰ পাচত থকা “মা” ধাতুৰ পাচত “ঈয়া” হয়, আৰু তাৰ আকাৰ “অ” হয়; যেনে- চৰাই মাৰে যি সি চৰাই মৰীয়া; সেই দৰেই পহু-ঘৰীয়া, ইত্যাদি ।

নাম ধাতু।

১। ভাৱ-অৰ্থক ব্যঞ্জনান্ত ধাতুৰ পাচত “ইব” আৰু স্বৰান্ত ধাতুৰ পাচত “ৰ” দিলে বিপদ হয়, তাক অসমীয়াত

নাম-ধাতু বোলা যায়; যেনে- (ক) কৰিব, (খা) খাব, (দি) দিব, ইত্যাদি। ২। তেনেবিলাক শব্দ চতুর্থী, পঞ্চমী আৰু ষষ্ঠী বিভক্তিত ব্যৱহৃত হয়; যেনে-

(স্বার্থ)

(আনক পঁচা অৰ্থ )

কৰিবলৈ

কৰাবলৈ।

নোৱাৰপৰা।

বাক্য বিন্যাস- প্ৰকৰণ |

১। সম্পূৰ্ণৰূপে অৰ্থ বুজোৱা পদ সমূহকে বাক্য বোলা যায়; যেনে- কৃষ্ণৰামে হলিৰামক ধন দিলে ।

২। সেই বাক্যৰ এক অংশ বা সম্পূৰ্ণ ৰূপে অৰ্থ বুজাব নোৱাৰা কিছুমান পদৰ নাম খণ্ডবাক্য; যেনে- ধন দিয়া; ইয়াত কোন কাক দিলে নিশ্চয় নহল।

৩। কোনো কথা ৰচনা কৰোঁতে যিবিলাক পদ ব্যৱহাৰ কৰা যায়, সেই বিলাকৰ ৰূপ কেনে হয়, কাৰে সৈতে কোন মিলে, আৰু কোন পদ কত দিব লাগে, ব্যাকৰণৰ যি ভাগৰপৰা সেই নিয়মবিলাক শিকিব পাৰি, তাক বাক্য- বিন্যাস প্ৰকৰণ বোলে।

১ নিয়ম। কৰ্ত্তাৰ যি বচন আৰু পুৰুষ, সাধ্যা ক্ৰিয়াৰো সেই বচন আৰু পুৰুষ হয়; যেনে- মই আছোঁ, তুমি আছা, তেওঁ বা সি বা আপুনি আছে; আমি আছোঁহঁক বা আছোঁ; তোমালোক আছাহঁক বা আছা; দুৰ্গাৰাম আছে ; আপোনাসকল আছে; ইত্যাদি।

(২) প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰুষৰ তিনটা কৰ্ত্তাই একে ক্ৰিয়া কৰা অৰ্থ হলে ক্ৰিয়া প্ৰথম পুৰুষৰ, আৰু দ্বিতীয় আৰু তৃতীয় পুৰুষৰ দুটা কৰ্ত্তা হলে ক্রিয়া দ্বিতীয় পুৰুষৰ হয়। এনে ঠাইত প্রথম বা দ্বিতীয় পুৰুষৰ যি কৰ্ত্তা থাকে, তাক আন পুৰুষৰ কৰ্ত্তাৰ পাচত দিয়া যায়; যেনে- সেই ঠাইত কৃষ্ণৰাম, তুমি আৰু ম‍ই আছিলোঁ বা আছিলোঁহঁক; কৃষ্ণৰামে আৰু তুমি ভাত খাইছিলা বা খাইছিলাহঁক ।

(৩) বেলেগ পুৰুষৰ দুটা বা তিনটা কৰ্ত্তা পৃথক বোধক অব্যয়ৰ দ্বাৰা বেলেগ হলেও ক্রিয়া সেই দৰেই

মিলে৷ যেনে- তেওঁ তুমি বা মই থাকিম; সি বা তুমি আহিবা; ইত্যাদি।

(৪) একে পুৰুষৰ দুটা অধিক কৰ্ত্তাই একে কাৰ্য্য কৰা অৰ্থ হলে আগৰ কেইটা কৰ্ত্তাৰ ক্ৰিয়া গুচি শেষৰটোৰ ক্রিয়া মাথোন থাকে; যেনে- দেশৰ উপকাৰ আৰু আমাৰ লাভ হব, চকুৰে তৃপ্তি মুখে সোৱাদ পাব, ইত্যাদি । ২ নিয়ম। অকৰ্ম্মক ক্ৰিয়াৰ কৰ্ত্তা কাৰকৰ “এ” বিভক্তিৰ লোপ হয়; যেনে- ৰামকৃষ্ণ হয়, হলিৰাম আছে,

বিষ্ণুমিত্র শুইছে, ইত্যাদি। ৩ নিয়ম। একে ফাঁকি কথাতে এটা বা অধিক সকৰ্ম্মক সিদ্ধা-ক্রিয়া, আৰু এটা অথৰ্ম্মক সাধ্যা ক্ৰিয়া থাকিলে কৰ্ত্তাপদ যদি সেই সিদ্ধা- ক্ৰিয়াৰ আগত দিয়া হয়, ভেঙে তাৰ “এ” বিভক্তি কওঁতাৰ ইচ্ছা অনুসাৰে গুচে বা

থাকে; যেনে- হলিৰাম ভাত খাই আহিব বা হলিৰামে ভাত খাই আহিব। (২) কিন্তু কৰ্ত্তা পদ সিদ্ধা ক্ৰিয়াটোৰ পাচত থাকিলে তাৰ “এ” সদায় গুচে; যেনে- পাঠ পঢ়ি হাতবিলাক

ঘৰলৈ গল; ইত্যাদি ।

(৩) একে ফাঁকি কথাতে থকা দুটা ৰা অধিক সিদ্ধা-জিন্নাৰ এটা বা দুটা সকৰ্ম্মক, আনটো বা আনবিলাক অকৰ্ম্মক হলে, সিহঁতৰ কেৱলীয়া কৰ্ত্তাৰ 'এ' নুগুচে; যেনে- হলিৰামে আহি এই কাম কৰিলত; কৃষ্ণৰামে ভাত খাই উঠি ঘৰলৈ গলে তই আহিবি ।

(৪) কিন্তু বৈতিয়া একে ফাঁকি কথাতে এটা বা অধিক অকৰ্ম্মক সিদ্ধা- ক্ৰিয়া আৰু এটা সকৰ্ম্মক সাধ্যা-জিম্মা থাকে, তেতিয়া কৰ্ত্তা-কাৰকৰ “এ” বিভক্তি নুগুচে; যেনে- ইন্দ্ৰে, ওচৰলৈ গৈ, অমৃত বৰষিলে; এটা হৰিণাই, হাবিৰপৰা ওলাই আহি, ধান খাবলৈ ধৰিলে।

৪ নিয়ম। একেটা কৰ্ত্তাৰ এটা সকৰ্ম্মক, আৰু এটা অকৰ্ম্মক ক্রিয়া হলে কৰ্ত্তাৰ 'এ' বিভক্তি প্রথমে উত্ত হোৱাটো ক্ৰিয়াৰ অধীন হব, অৰ্থাৎ সেই ক্রিয়া অনুসৰি গুচে বা থাকে; যেনে- হলিৰাম কত আছে, কি কৰিছে? মানুহে খায়, আৰু শোৱে।

৫ নিয়ম। হাঁহ, কান্দ, ওমল, পহ, হাঁচিয়া, হাঁচ, নাচ্, পাদ, গাজ, লাদ, পাগ, উৰুখ, মৃত, ইত্যাদি, আৰু

অনুকাৰ শব্দৰপৰা হোৱা অকৰ্ম্মক ক্রিয়াবিলাকৰ কৰ্ত্তা পদৰ 'এ' নুগুচে; যেনে- লৰা-ছোৱালীয়ে কান্দে মেখে

গাজে, বুঢ়াই কাছে, নটীয়ে নাচে, ইত্যাদি।

৬ নিয়ম। সকৰ্ম্মক ক্ৰিয়াৰ দেখাই বা লুকাই এটা বা দুটা কৰ্ম্মপদ থাকে; যেনে- পুথি লিখো; ইয়াত “লিখো” ক্ৰিয়াৰ “পুথি” কৰ্ম্ম। ওজাই পঢ়ায়; ইয়াত “ছাতক” আৰু “পাঠ” এই দুই কৰ্ম্মপদ লুকাই আছে।

(২) সকৰ্ম্মক ধাতুৰপৰা হোৱা কৃদন্ত শব্দ, সিদ্ধা- ক্ৰিয়া আৰু নাম ধাতুৰো কৰ্ম্মপদ থাকে; যেনে- ভাত

খোৱাব, তাক দেখি, পূজা চাবলৈ। এই বিলাক ঠাইত 'ভাত', 'তাক', 'পূজা' এই বিলাক কৰ্ম্মপদ ।

৭ নিয়ম। কৰ, দেখ, শুন, মাত, চা, খা, জুৰা, বাঞ্ছ ইত্যাদি কিছুমান সকৰ্ম্মক ধাতুৰ কৰ্ম্মকাৰকৰ “অ” বিভক্তি প্রায়ে গুচে; যেনে- কাম কৰোঁ, বাট দেশ, মাত- মাতে, ভাত খা, ৰং চোৱা, ইত্যাদি।

(২) দেৱতা আৰু মানুহৰ নাম আৰু সৰ্ব্বনাম শব্দ এই নিয়মৰ বাজ; যেনে- (দেৱতাৰ নাম) সূৰ্য্যক দেখি পদুম ফুলে; (মানুহৰ নাম) হলিৰামক মাতৃ, (সৰ্ব্বনাম) তোমাক দেখিলোঁ।

(৩) তদ্ধিত-প্রত্যয় হৈ হোৱা শব্দৰো কৰ্ম্মকাৰকৰ “অক” নুগুচে; যেনে- ককায়েকক মাতিলে, অসমীয়াক

দেখি, বঙ্গালীক চাবা।

(৪) “দি” ধাতুৰ দুটা কৰ্ম্মপদ থাকে; এটাই ব্যক্তিক, আনটোৰে বৰক বুজায়; সেই দুইৰ ব্যক্তিক বুজোৱাটো কৰ্ম্মকাৰকৰ “অক” থাকে, বস্তুক বুজোৱাটোৰ “অক” গুচে; যেনে- বামুণক ধন দিলোঁ; গৰুক ঘাঁহ দিয়া।

(৫) কৰ্ম্মকাৰকক বিশেষ কৈ উক্ত কৰিবৰ কাৰণ যেতিয়া তাৰ পাচত 'এ' যোগ কৰা যায়, তেতিয়াও “অফ”

নুগুচে; যেনে - মাতকে নেমাতিলে; এটা কথাকে কোৱা; “পইতা ভাতকো জুৰাই খায়।”

(৬) বিশেষ গুণ-যুক্ত কৰা অৰ্থতো “অৰু” নুগুচে; যেনে- বিদ্যাই মানুহক নম্ৰ কৰে । (৭) যোজক অব্যয় “ও”ৰ যোগতো ‘অক” নুগুচে; যেনে- ধন নে পালে, প্রাণকো হেৰুৱালে ।

৮ নিয়ম। 'নিজ' শব্দ কৰ্ত্তা হলে তাৰ আগত ব্যক্তিবাচক সৰ্ব্বনামৰ এটা কৰ্ত্তা-কাৰক থাকে, আৰু তাৰ 'এ' বিভক্তি কেতিয়াও নুগুচে; যেনে- মই নিজে যাম, তুমি নিজে থাকিবা, ইত্যাদি।

(২) কদাচিত ব্যক্তি- *বাচক সৰ্ব্বনামৰ কৰ্ত্তাকাৰক লুকাই থাকে; যেনে- নিজে কৰিম, অর্থাৎ মই নিজে ।

৯ নিয়ম। 'দিন' শব্দত বাজে আন কাল বুজোৱা শব্দবিলাকৰ পাচত সপ্তমীৰ 'অত' বিভক্তি গুচে; যেনে- আজি আহিলোঁ, কালি গৈছিলোঁ, ৰাতি আছিলোঁ, দুবছৰ খাটিলোঁ, ইত্যাদি। + কোনো সময়ত এই নিয়ম লৰে; ৰেনে এবছৰত বাৰ মাহ, ইত্যাদি ।

(২) সংখ্যা-শব্দেৰে সৈতে গোট খালে 'দিন' আৰু 'বাৰ' শব্দৰ 'অত' বিভক্তি গুচে; যেনে- এদিন আছিলোঁ,

(৩) কিন্তু সময়ক বিশেষকৈ উত্তন কৰিবৰ নিমিত্তে কাল বুজোৱা শব্দৰ পাচত 'এ' যোগ কৰিলে ৰাতি, ৰাতিপুৱা, গধূলি, দিন আৰু সংখ্যা শব্দৰ পাচত থকা আনবিলাক কালবোধক শব্দৰ পাচত 'অত' বিভক্তি থাকে; যেনে- ৰাতিতে, গধূলিতে, দিনতে, এদিনতে, এবছৰতে, ইত্যাদি।

১০ নিয়ম। “হু” ধাতুৰ বেলেগ পুৰুষৰ দুটা কৰ্ত্তাকাৰক হলে, এটা যদি প্ৰথম পুৰুষৰ, আনটো দ্বিতীয় বা তৃতীয় পুৰুষৰ হয়, তেন্তে ক্ৰিয়া পদ আগেয়ে উক্ত হোৱাটো কৰ্ত্তাৰে সৈতে মিলে; যেনে- মই যদি তুমি হলোঁহেঁতেন; সেই দৰেই তুমি যদি মই হোৱা; তেওঁ ম‍ই হব; ম‍ই তেনে মানুহ ন হওঁ; ইত্যাদি।

১১ নিয়ম। আন ক্ৰিয়াৰ দুটা কৰ্ত্তা হলে সিহঁতৰ যদি এটা প্রথম বা দ্বিতীয় পুৰুষৰ, আৰু আনটো তৃতীয় পুৰুষৰ হয়, তেন্তে ক্ৰিয়াটো সেই প্রথম বা দ্বিতীয় পুৰুষৰ কৰ্ত্তাৰে মিলে; যেনে- মই গুচৰীয়াই জনাওঁ; তুমি, কৃষ্ণৰামে, কোৱা; ইত্যাদি ।

১২ নিয়ম । যেতিয়া কোন ক্ৰিয়াৰ কৰ্ত্তাক সকলোৱে স্বভাৱতে জানে বা যেতিয়া একে ফাঁকি কথাতে কৰ্ত্তা ওপৰত উক্ত হৈছে, তেতিয়া কৰ্ত্তা-পদ লুকাই থাকে আৰু ক্ৰিয়া পদৰ দ্বাৰা তাৰ নিশ্চয় কৰিব লাগে; যেনে- ( সকলোৱে স্বভাৱতে জনা কৰ্ত্তা) খং দমাব নোৱাৰা মানুহক জ্ঞানী নোবোলে (অর্থাৎ মানুহে নোবোলে) ৰদ দিছে (অর্থাৎ সূৰ্য্যে), বৰষুণ আনিছে (অর্থাৎ মেঘে) । ( ওপৰত উক্ত হোৱা কৰ্ত্তা); যেনে- পাপীয়ে ঈশ্বৰক ন ভজে, উদ্ধাৰো নেপায়; ইত্যাদি।

(২) “হ” ধাতুৰ ক্ৰিয়াৰ কৰ্ত্তা প্ৰায়ে লুকাই থাকে; যেনে- তেওঁ পণ্ডিত, অর্থাৎ পণ্ডিত হয়; সি মানুহ, অর্থাৎ মানুহ হয়।

১৩ নিয়ম। আজ্ঞা বা প্রার্থনা কৰা অৰ্থত 'আপোন' শব্দত বাজে আন তৃতীয় পুৰুষৰ কৰ্ত্তা হলে তাৰ ক্ৰিয়াৰ . দ্বিতীয় পুৰুষ হয়; যেনে- প্ৰভু ক্ষমা কৰা, হলিৰাম আহ্। ‘আপোন' শব্দৰ কৰ্ত্তা হলে ‘আপুনি আহোক', এনে হয়।+

১৪ নিয়ম। কেতিয়াবা দুটা শব্দৰ একে কাৰক হয়, তেতিয়া সিহঁতক সম-কাৰক বোলা যায়; যেনে- এশ টকা বঁটা দিম; ইয়াত ‘টকা' আৰু 'বটা' দুয়োটা ‘দিম' ক্ৰিয়াৰ কৰ্ম্মকাৰক। সেই দৰেই, আমি দুটা মানুহ ইয়াত আছোঁ। (২) দুটা সম-কাৰকৰ প্ৰথমটোৰ বিভক্তি গুচে; যেনে- পাণ্ডৱৰ গুৰু, দ্ৰোণৰ; অযোধ্যাৰ ৰজা, দশৰথে; মহাবীৰ

অৰ্জুনলৈ । সমকাৰক দুটাৰ প্ৰথমটোক দ্বিতীয়টোৰ বিশেষণ বুলিবও পৰা যায় । (৩) কিন্তু সম-কাৰকৰ প্ৰথম শব্দটো সৰ্ব্বনাম হলে তাৰ বিভক্তি নুগুচে, আৰু পাচৰ শব্দটোৰ আগ আৰু

পাচত দুটা লঘু্যুতি থাকে; যেনে- আমাৰ চাৰি ভাইৰ বস্তু; তোমাক ২ নং পদকীয়াক কওঁ । ১৫ নিয়ম। ইটোৰে সৈতে সিটোৰ সম্বন্ধ থকা দুটা শব্দ একে ঠাইত গোট খালে আগৰটোৰ সম্বন্ধ-কাৰক

আৰু পাচৰটোৰ আন কাৰক হয়; যেনে- মোৰ ঘৰত, তোমাৰ হাতলৈ, হলিৰামৰ ওচৰপৰা; ইত্যাদি।

(২) কেতিয়াবা এটা সম্বন্ধ-কাৰক আন এটা সম্বন্ধ - কাৰকৰ সম্বন্ধী পদ হয়; যেনে- তোমাৰ ঘৰৰ ওচৰৰ মানুহৰ ঘৰত, ইত্যাদি।

১৬ নিয়ম। কেতিয়াবা সম্বন্ধ কাৰকৰ সম্বন্ধী পদ হোৱা সংজ্ঞা শব্দৰ লোপ হৈ তাৰ পাচৰ উপশব্দটো মাথোন থাকে; যেনে- আগৰ মানুহটো পলালত পাচৰ-টোৱেও লৰ মাৰিলে, ইত্যাদি।

(২) কদাচিত সম্বন্ধ কাৰকৰ সম্বন্ধী পদৰ ঠাইত এটা ক্রিয়া বিশেষণ মাথোন থাকে; যেনে- হাবিৰ আঁৰে- আঁৰে, ঘৰৰ বাহিৰে, ইত্যাদি।

১৭ নিয়ম। প্রতি, নিমিত্তে, অৰ্থে, কাৰণে, দ্বাৰা, ইতাই, নিচিনা, দৰে বাহিৰে, এনেবিলাক আনুষঙ্গিক

অব্যয় পদ যি সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ পাচত থাকে, তাৰ সম্বন্ধ কাৰক হয়; যেনে- তোমাৰ প্ৰতি মোৰ নিমিত্তে, কুশলৰ অৰ্থে, মানুহৰ হতুৱাই, হাতৰ দ্বাৰা, গৰুৰ নিচিনা, ইত্যাদি।

(২) বিনা, বিনে, বাজে, এইবিলাক আনুষঙ্গিক অব্যয় শব্দৰ আগত থকা সংজ্ঞা বা সৰ্ব্বনাম -শব্দৰ সপ্তমী অর্থাৎ অধিকৰণ কাৰক হয়; যেনে- তোমাত বিনে, কৃষ্ণৰামত বাজে। পদাত প্ৰায়ে বিনা আৰু বিনে শব্দৰ আগৰ সংজ্ঞা আৰু সৰ্ব্বনাম শব্দৰ সপ্তমীৰ “অত” বিভক্তি গুচে; যেনে- কৃষ্ণ বিনে গতি নাহি আন; তোমা বিনা বন্ধু আছে কোন। কেতিয়াবা গদ্যতো সংজ্ঞা-শব্দৰ অৰ্থত বিভক্তি গুচে, যেনে- পৰীক্ষা বিনা, ইত্যাদি ।

(৩) 'হতুৱাই' শব্দ জীয়া জন্তুৰ নামৰ পাচত মাথোন যোগ কৰা হয়, আৰু তাৰ পাচত পাচনী ক্রিয়া দিয়া যায়;

যেনে- ৰামৰ হতুৱাই এই কাম কৰালোঁ, কুকুৰৰ হতুৱাই কামোৰালোঁ ।

(৪) দ্বাৰা' বা 'দ্বাৰায়' শব্দ যেতিয়া জীয়া জন্তুৰ নামৰ পাচত থাকে, তেতিয়া তাৰ পাচত পাঁচনী ক্রিয়া হয়; যেনে- শ্যামৰ দ্বাৰা লিখালোঁ। নিৰ্জীৱ জন্তুৰ নামেৰে তাৰ যোগ হলে সাধাৰণ ক্রিয়া হয়; যেনে- কটাৰীৰ দ্বাৰা কাটিলো।

(৫) “অনুসাৰে” শব্দৰ আগত থকা শব্দৰ সম্বন্ধ - কাঙ্কৰ “শব্দ” বিভক্তি গুচে; যেনে- (ইচ্ছাৰ অনুসাৰে) ইচ্ছা অনুসাৰে, বুদ্ধি অনুসাৰে অনুসৰি, অৱধি আৰু পৰ্য্যন্ত শব্দৰ আগত থকা শব্দৰ দ্বিতীয়াৰ 'অক' বিভক্তি গুচে; যেনে- (আজ্ঞাক অনুসৰি ) আজ্ঞা অনুসৰি, (আজিক পর্যান্ত) আজি পৰ্য্যন্ত, কালি অৱধি ।

( ৬ ) ‘মতো শব্দৰ আগত থকা সংজ্ঞা শব্দৰ সম্বন্ধকাৰকৰ বিভক্তি গুচে; যেনে- শাস্ত্রমতে। কিন্তু ব্যক্তিবোধক সৰ্ব্বনামৰ বিভক্তি থাকে; যেনে- তোমাৰ মতে। (৭) ‘নিমিত্তে' শব্দৰ পাচত কেতিয়াবা এটা ক্রিয়া-বিশেষণ থাকে; যেনে- 'ই' প্রত্যয়ে নিমিত্তে।

১৮ নিয়ম। “সৈতে’‘সহিতে' বা 'দি' শব্দৰ যোগত তাৰ আগত থকা সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ তৃতীয়া অর্থাৎ

কৰণকাৰক হয়। আৰু “দি' শব্দৰ যোগত সংজ্ঞা শব্দৰ তৃতীয়াৰ ‘এৰে' বিভক্তিৰ 'ৰে' আখৰ সদায়, আৰু 'সৈতে শব্দৰ

যোগত ইচ্ছা অনুসাৰে, গুচে; যেনে- হাতেৰে সৈতে বা হাতে সৈতে, মুখে দি কথা বাজ ওলায়, দুৱাৰে দি মানুহ

ঘৰলৈ সোমায়, চকুৰে দি পোহৰ সোমায় ।

(২) অকাৰ বা আকাৰ অন্তত থকা শব্দৰ পাচত সৈতে' আৰু 'সহিতে' শব্দৰ যোগ হলে 'ৰে আখৰ নুগুচে; যেনে- লৰাৰে সৈতে, গাধৰে সৈতে; সংযোগী আখৰ শেষত থকা অকাৰান্ত শব্দৰ পাচত হলে বিকল্পে 'ৰ' গুচে; যেনে- শব্দেৰে বা শব্দে সৈতে।

(৩) কদাচিত সৈতে' শব্দৰ লোপ হয়, আৰু তেনে ঠাইত আগৰ কৰণ কাৰকৰ 'ৰে' আখৰ নুগুচে; যেনে- শ্ৰদ্ধাৰে শুনিলে, অর্থাৎ শ্ৰদ্ধাৰে সৈতে।

(৪) কেতিয়াবা 'দি' শব্দৰ লোপ হয়; যেনে- ই কাণে সোমাই সি কাণে ওলাল, ইত্যাদি। (৫) ‘দি' শব্দৰ যোগত অকাৰ বা আকাৰান্ত শব্দৰ পাচত 'এৰে' বিভক্তিৰ ঠাইত 'ই' হয়; যেনে- বিন্ধাই দি পানী পৰে, ইত্যাদি ।

১৯ নিয়ম। ‘পৰ্‌’“কোৱা” আৰু আঘাত কৰা অৰ্থ বুজোৱা 'মা' ধাতুৰ ক্ৰিয়াই গাৰ কোনো অঙ্গত কাৰ্য্য কৰা অৰ্থ বুজালে, সেই অঙ্গৰ নামৰ সপ্তমী অর্থাৎ অধিকৰণ কাৰক হয়; যেনে- চুলিত ধৰিলোঁ, পিঠিত মাৰিলোঁ, টিকাত কোবালোঁ, ইত্যাদি ।

২০ নিয়ম। ‘পতি' শব্দ পাচত থাকিলে অৰ্ব্বাত শব্দবিলাকৰ পাচত “ই”, আৰু ব্যঞ্জনান্তৰ পাচত 'এ' উকাৰাজিৰ পাচত ‘য়ে’ আৰু ইবৰ্ণৰ পাচত 'য়ে' যোগ কৰা হয়; যেনে- গাইপতি, ঘৰেপতি, হাটায়ে পতি, ইত্যাদি ।

২১ নিয়ম। বেতিয়া দ্বন্দ্ব সমাসৰ সলনি 'আৰু' বা 'এবং' যোজক - অব্যয়ৰ দ্বাৰা বহুত পদ লগ লগোৱা যায়, তেতিয়া আগৰ যোজক অব্যয়বিলাক গুচি শেহৰ টো মাথোন থাকে, আৰু সেই লোপ পোৱা অব্যয় পদবিলাকৰ প্ৰত্যেকৰ ঠাইত একোটা লৰতি (,) দিয়া যায়, আৰু কাৰকৰ চিন অর্থাৎ বিভক্তিও অন্তৰ পদটোত মাথোন থাকে; - ৰামে আৰু কৃষ্ণ‍ই আৰু বলৰামে দেখিছিল; ইয়াত ৰাম, কৃষ্ণ আৰু বলৰামে দেখিছিল। সেই দৰেই হলিৰাম, দেউৰাম আৰু বিভূৰামক ধন দিয়া।

(২) পৃথক বোধক অব্যয়ৰ দ্বাৰা কেইবাটা পদ বেলেগ হলেও সেইৰূপে কাৰ্য্য হয়; যেনে- ৰামে বা কৃষ্ণ‍ই বা বলৰামে; ইয়াত ৰাম, কৃষ্ণ বা বলৰামে, এনে হব ।

(৩) কিন্তু সেই পদবিলাকৰ মাজত আন পদ থাকিলে বিভক্তি প্রতি-পদত থাকে; যেনে- মুখে সোৱাদ, চকুৰে তৃপ্তি আৰু মনে বং পাব; হলিৰামৰ ধন, কৃষ্ণৰামৰ ঘৰ, আৰু বিষ্ণুৰ ধান আছে।

২২ নিয়ম। কৃদন্ত ভাৱ-বাচক পদ কর্তা হলে (অর্থাৎ ভাৱ বাচ্যত) সেই পদৰ সম্বন্ধীয়া হৈ তাৰ আগত থকা সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ সম্বন্ধ-কাৰক হয়; যেনে- মোৰ যোৱা হৈছে, হলিৰামৰ থকা হব, মোৰ পঢ়া হৈছে, তেওঁৰ লেখা হোৱা নাই।

(২) কিন্তু যি শব্দ ভাৱবাচক পদৰ আগত তাৰ কৰ্ম্মপদৰ দৰে থাকি দ্বিতীয় তৎপুরুষ সমাসৰ দ্বাৰা তাৰে সৈতে একেপদ হয়, তাৰ সম্বন্ধ কাৰক নহৈ তাৰ আগত থকা শব্দৰ হে সেই কাৰক হয়; যেনে মোৰ ভাত খোৱা হল, কৃষ্ণৰামৰ পুথি লেখা হোৱা নাই ।

(৩) যেতিয়া কোনো ধাতুৰ পদ এটা অন্য এটা পদৰ বিশেষণ মাথোন হয়, তেতিয়া তাৰ আগত সংজ্ঞা বা সৰ্ব্বনাম শব্দ প্রায়ে প্রথমাস্ত হয়, আৰু তাক কেৱলীয়া বা প্রক্রিয়া কৰ্ত্তা বোলা যায়; যেনে- মই লেখা পুথি পঢ়িছা, হলিৰামে কোৱা কথা সঁচা ।

(৪) কৃদন্ত ভাৱ-বাচক পদৰ পাচত সকৰ্ম্মক ক্রিয়া থাকিলে তাৰ আগৰ সংজ্ঞা বা সৰ্ব্বনামৰ কৰ্ম্মকাৰক হয়;

যেনে- হলিৰামক যোৱা দেখিলোঁ, তেওঁক বহি থকা দেখিলোঁ ।

২৩ নিয়ম। 'নাই' বা “নাইকিয়া” এই অনিয়মিত ক্ৰিয়াৰ আগতো কৃদন্ত ভাববাচক পদ দিয়া যায়; যেনে-

হলিৰাম অহা নাই বা নাইকিয়া; সেই কাম হোৱা নাই বা নাইকিয়া । (২) কেতিয়াবা “নাই” এই ক্ৰিয়াৰ পাচত কৃদন্ত ভাৱ-বাচক পদ দুটা থাকে; যেনে- সেই কাম নাই হোৱা,

তুমি নাই থকা, ইত্যাদি।

২৪ নিয়ম। সংখ্যা-বাচক বা অধিক বুজোৱা শব্দ আগত থকা শব্দৰ বহুবচন নহয়; যেনে- দহোটা মহ, একুৰি গৰু সকলো মানুহে, বহুত জন্তুৱে। (২) সমূহ বুজোৱা শব্দবিলাকে, একবচনত থাকিও, বহুবচনৰ ভাৱ বুজায়, আৰু সিহঁতৰ সলনি দিয়া

সৰ্ব্বনাম বহুবচন হয়; যেনে- হিন্দু-জাতিৰ ভাগ্যৰ ঘিলা তলৰ ফাললৈ ঘূৰিছে; সিবিলাকৰ উদগতি হব কিয় ? ২৫ নিয়ম। সম্বোধনার্থক অব্যয় শব্দবিলাক, যাক মতা যায়, তাৰ নামৰ আগত দেখাই বা লুকাই থাকে, আৰু কোনো কথা সোধা অর্থ হলে সেই নামটোৱে লোপ পাই অব্যয় শব্দটো মাথোন থাকে, যেনে- মহাৰাজ, কি কৰিছা হে ?

২৬ নিয়ম। আৱশ্যক হোৱা অৰ্থ বুজোৱা “লাগ” ধাতুৰ ক্ৰিয়াৰ দুটা কৰ্ম্মকাৰক থাকে; এটাই যি লোকৰ আৱশ্যক হয় তেওঁক, আৰু আনটোৱে তেওঁ যি বস্তু আদি পাবৰ ইচ্ছা কৰে, তাক বুজায়, আৰু প্ৰয়োজন হোৱা বস্তু আদিৰ নামটো সংজ্ঞা-শব্দ হলে তাৰ “অক” ৰিভৰ্ত্তিৰ পো । সেই ক্রিয়া তৃতীয় পুৰুষৰ হৰ, আৰু তাৰ কৰা -

কাৰক নেথাকে; যেনে- তোমাক যদি মোক লাগে; মোক্ষ সেই বস্তু লাগিব; ইত্যাদি। (২) নাম-ধাতুৰ পাচত আৱশ্যক বুজোৱা 'লাগ' ধাতুৰ ক্ৰিয়া থাকিলে, সেই ক্ৰিয়াৰ কৰ্ত্তা নেথাকে, নাম- ধাতুটোৱেই তাৰ কৰ্ত্তাৰ তুল্য হয়; কিন্তু নাম ধাতুৰ আগত এটা কেৱলীয়া কৰ্ত্তা থাকে; যেনে- মই কৰিব লাগে, তুমি যাব লাগে, সি খাব লাগে, তেওঁ থাকিব লাগিব, ইত্যাদি। ইয়াত “মই” “সি” “তুমি” “তেওঁ” এই কেইটাৰ ক্ৰিয়া আৰু “লাগে” “লাগিব” ইহঁতৰ কৰ্ত্তা নাই ।

(৩) নিযুক্ত হোৱা অৰ্থৰ “লাগ” ধাতুৰ ক্ৰিয়া নাম-ধাতুৰ পাচত থাকিলে তাৰ কৰ্ত্তা থাকে; যেনে- মই

কৰিব লাগিছোঁ, অর্থাৎ কৰাত নিযুক্ত আছোঁ। ২৭ নিয়ম। “উঠ” ধাতুৰ ক্ৰিয়াৰে সৈতে যি সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ সম্পৰ্ক থাকে, তাৰ অধিকৰণকাৰক

হয়; যেনে- হাতীত উঠো, ঘোঁৰাত উঠ, গছত বা গছৰ ওপৰত উঠা।

২৮ নিয়ম। সকৰ্ম্মক ধাতুৰ কৃদন্ত শব্দৰ আৰু সকৰ্ম্মক নামধাতু বিলাকৰো সদায় এটা কৰ্ম্মকাৰক থাকে; যেনে- মই তেওঁক এই পুথি লিখা দেখিছিলোঁ। ইয়াত “পুথি” এই পদ “লিখা” পদৰ কৰ্ম্ম, তেওঁক এই পদ “দেখিছিলোঁ” ক্ৰিয়াৰ কৰ্ম্ম, আৰু লিখা, এই পদ তেওঁ পদৰ বিশেষণ হৈছে। সেই দৰেই, এই কাম কৰোঁতা নাই, ৰামক মৰাৰ পাচত হৰি পলাল, সি তাক মাৰিবলৈ হাত দাজিছিল, ইত্যাদি।

২৯ নিয়ম। যি ক্ৰিয়াৰ হোৱাৰ বিষয়ত আশঙ্কা থাকে, তাৰ ভবিষ্যৎ কালত নিত্য বৰ্ত্তমান কাল হয়; যেনে- যদি ঈশ্বৰে দিয়ে পাম, যদি ভালে থাকো আহিম, যদি তেওঁ নাহে মই যাম ।

+ (২) যদি শব্দৰ পাচত “ইলে” অন্তত থকা সিদ্ধা-ক্রিয়া নহয়; এতেকে 'যদি তেওঁ নাহিলে, মই যাম', এই বাক্য অশুদ্ধ, 'যদি তেওঁ নাহে, মই যাম' নাইবা 'তেওঁ নাহিলে মই যাম' এনে হব লাগে ।

(৩) 'যেতিয়া’ এইটো কালবাচক- সৰ্ব্বনামশব্দৰ যোগতো ভবিষ্যৎ কালৰ নিতা-বৰ্ত্তমান কাল হয়; যেনে-

তেওঁ যেতিয়া আহে, মোক মাতিবা ।

(৪) আজ্ঞা বা প্ৰাৰ্থনা কৰা অৰ্থ ন হলে নিষেধ বা অভাৱ বুজোৱা 'ন'ৰ যোগতো ভবিষ্যৎ কালত নিতা- বর্তমান কাল হয়; যেনে- ম‍ই আৰু কেতিয়াও এনে কাম নকৰোঁ, আজিৰ পৰা ইয়ালৈ নাহোঁ, (আজ্ঞা বা প্রার্থনা কৰা অর্থ হলে যেনে) তই নকৰিবি, আপুনি নকৰিব, ইত্যাদি।

৩০ নিয়ম। সদায় ক্ৰিয়া কৰি থকা অৰ্থ হলে, ভূত-কালত নিত্য-বর্তমান হয়; যেনে- আন কাল সি ৰাতি - পুৱা ইয়ালৈ আহে।

(২) অতি অলপ কালৰ আগেয়েই ক্ৰিয়া হৈ গৈছে, এনে অর্থত প্রায় ভূত-কালত স্বৰূপ বৰ্ত্তমান হয়; যেনে- তেওঁ কালি আহিছে।

(৩) কোনো ক্রিয়া অতি অলপতে হব, এনে অর্থ হলে ভবিষ্যৎ কালত নিত্য বৰ্ত্তমান কাল হয়; যেনে-

কার্নিলৈ তেওঁ কলিকতালৈ যায়।

(৪) গত কালৰ কোনো ঘটনাৰ বৰ্ণনা কৰাত প্ৰায়ে নিত্য-বর্তমান-কাল দিয়া যায়; যেনে- ইং ১৮২৫ শকত

ইংৰাজবিলাকে আসাম লয়, তেতিয়াৰপৰা তাৰ ডাল দশা হয়। ৩১ নিয়ম । ভূত-কালত কোনো এক কাৰ্য্য হোৱাৰ পাচত আন এটা কাৰ্য্য হবৰ সম্ভাৱনা আছিল, কিন্তু

প্ৰথমটো কাৰ্য্য নোহোৱা হেতু আনটোও নহল, এনে ভাৱ বুজাব লাগিলে সেই দুই কার্যবোধক ক্ৰিয়া দুটাৰ সম্ভাব্য- ভূতকাল হয়, আৰু যিটো কাৰ্য্যৰ সিদ্ধিৰ নিমিত্তে আনটোৰ অপেক্ষা আছিল, সেই কাৰ্য্য বুজোৱা ক্ৰিয়াটো সিটো ক্ৰিয়াৰ আগত থাকে, আৰু তাৰ পূৰ্ব্বত 'যদি' এই সন্দেহ-ৰোধক-অৰায় আৰু পাচত 'তেৱে এই অব্যয়পদ দিয়া যায়; যেনে- যদি তুমি সৰু কালত পঢ়িলাহেঁতেন, তেন্তে অৱশ্যে পণ্ডিত হলাহেঁতেন; যদি তেওঁ কালি আহিলহেঁতেন, তেন্তে তেওঁৰ বন্ধুক দেখা পালেহেঁতেন ।

(২) কেতিয়াবা 'তেন্তে এই পদ দিয়া নেযায়; যেনে- যদি সকলো মানুহ সমান হলহেঁডেন, ফাৰ কোনে উপাসা কৰিলেহেঁতেন ।

(৩) যি কাৰ্য্যৰ সিদ্ধিৰ নিমিত্তে আন কোনো কাৰ্য্যৰ অপেক্ষা আছিল, সেই কাৰ্য্য-বোধক ধাতুৰ কৃদন্ত ভাৱবাচক পদটো 'হলে' এই সিদ্ধা- ক্ৰিয়াৰ আগত স্থাপিত কৰি তাৰ পাচত আন কাৰ্যটো বুজোৱা ধাতুৰ সম্ভাব্য ভূত- কালৰ ক্ৰিয়া দিলে ঠিক ওপৰত কোৱা ভাৱ ওলায়, আৰু 'হলে' এই সিদ্ধা ক্ৰিয়ায়ে আশঙ্কা বুজায়, এতেকে “যদি” আৰু ‘তেন্তে” শব্দৰ প্ৰয়োজন নাই; যেনে- সৰু কালত পঢ়া হলে, তুমি অৱশ্যে পণ্ডিত হলাহেঁতেন; তেওঁ কালি অহা হলে, তেওঁৰ বন্ধুৰ সাক্ষাত পালেহেঁতেন।

৩২ নিয়ম। কোনো কাৰ্য্য কৰিবৰ ইচ্ছা বা প্রয়োজন আছিল, কিন্তু কোনো এক ঘটনা হোৱাৰ কাৰণে, এতিয়া সেই কাৰ্য্য কৰিব পৰা নেযায় বা কৰিবৰ আৱশ্যক নাই, এনে অৰ্থত বস্তুৰ মান বা ভবিষ্যৎ কালতো ওপৰত কোৱাৰ দৰে সম্ভাব্যভূত-কালৰ দুটা ক্ৰিয়া ব্যৱহাৰ কৰা যায়; নাইবা এটা কৃদন্ত ভাৱবাচক পদৰ পাচত স্থাপিত হোৱা 'হলে', এই ক্ৰিয়াৰ দ্বাৰা প্ৰথমটো ক্ৰিয়াৰ অৰ্থ বুজাই তাৰ পাচত সম্ভাব্য ভূত-কালৰ ক্ৰিয়া দিয়া যায়; যেনে- তুমি ভাল সময়তে পাইছাহি, তুমি যদি নাহিলাহেঁতেন, তেন্তে ম‍ই এতিয়াই গলোঁহেঁতেন । আজি ঘৰৰ চিঠি নোপোৱা হলে, কালিলৈ মই ঘৰলৈ গলোঁহেঁতেন; ইত্যাদি।

৩৩ নিয়ম। ভূত-কালৰ কোনো এক সময়ত যি ক্ৰিয়াৰ স্বৰূপ বৰ্ত্তমান, নিত্য-বর্তমান বা ভবিষ্যৎ কাল আছিল, সেই ক্ৰিয়াৰ কথা কওঁতে এতিয়াও সেই কাল ব্যৱহাৰ কৰা যায়; যেনে- সেই ছাতৰে ভাবিলে যে, যদি সি মন দি পঢ়ে, তেন্তে সি জ্ঞানী হব; তেতিয়া সকলোৱে ভাবিলে যে, সি উন্মত্ত হৈছে; তোমাৰ এনে দশা হব বুলি নেভাবিছিলো; হলিৰামে কৃষ্ণ আজি আহিব বুলি কৈছিল।

৩৪ নিয়ম। অনেক কালৰ আগেয়ে কৰা ক্ৰিয়াৰ ফল এতিয়ালৈকে থকা অৰ্থত ক্ৰিয়াৰ স্বৰূপ বৰ্ত্তমান কাল হয়; যেনে- ব্যাসে লিখিছে। ইয়াত, ব্যাসে বহু দিনৰ পূৰ্ব্বে লিখিলে, তথাপি তেওঁৰ লেখা এতিয়ালৈকে আছে, এতেকে স্বৰূপ বৰ্ত্তমান কাল ব্যৱহাৰ কৰা যায়।

৩৫ নিয়ম। অনেক বাৰ ক্ৰিয়া কৰা অৰ্থ হলে ভূত-কালত স্বৰূপ বৰ্ত্তমান কাল হয়; যেনে- মই তাক অনেক বাৰ দেখিছোঁ; মই সেই ঠাইলৈ তিনি বাৰ গৈছোঁ ।

(২) কোন ঠাইত ক্রিয়া হৈছিল তাক নিশ্চয়কৈ নকলেও ভূত-কালত স্বৰূপ বৰ্ত্তমান হয়; যেনে- তাক ম‍ই আগেয়ে দেখিছোঁ। ৩৬ নিয়ম। 'ই' অন্তত থকা সিদ্ধা- ক্ৰিয়াৰ পাচত সকলো কালৰ সাধ্যা ক্রিয়া থাকে; যেনে- সি ভাত খাই

শোৱে, শুই ভাবিছে চামাৰি ধৰিলে, গা ধুই ভাত খাবা, ইত্যাদি।

(২) “ইলত” অন্তত থকা সিদ্ধা ক্ৰিয়াৰ পাচত কেৱল স্বৰূপ বৰ্ত্তমান, স্বৰূপ ভূত বা অপূর্ণ-ভূত কালৰ সাধ্যা ক্রিয়া হয়; যেনে- মই গলত তুমি আহিলা, মই মাতিলত আহিলা, গধূলি হলত শুইছিলা।

(৩) “ইলে” অন্তত থকা সিদ্ধা- ক্ৰিয়াৰ পাচত স্বৰূপ ভূত আৰু স্বৰূপ বৰ্ত্তমানত বাজে সকলো কালৰ সাধ্যা ক্রিয়া দিয়া যায়; যেনে- ৰাতি হলে আন্ধাৰ হয়, মই আহিলে যাবা, মেলানি পালে আহিলাহেঁতেন, ৰাতি পুৱালে যাবা।

৩৭ নিয়ম। নিতা বর্তমান আৰু ভবিষ্যৎ কালৰ ক্ৰিয়াৰ পাচত 'চোন' এই কথাৰ যোগ হয়, সেই ক্রিয়া মাত্র

কৰা অৰ্থত; যেনে- চাওঁচোন, অর্থাৎ চাওঁ মাথোন। সেই দৰেই যাবাচোন, ৰবাচোন, ইত্যাদি। ৩৮ নিয়ম। ক্রিয়াবিশেষণ 'ন' ক্ৰিয়াৰ আগত থাকিলে পাচৰ ব্যঞ্জন আখৰত যি স্বৰ থাকে, 'ন'ও সেই স্বৰ

যুক্ত হয়, কিন্তু পাচৰ আখৰত অকাৰ থাকিলে 'ন'ত বিকল্পে একাৰ দিয়া যায়; যেনে- ন হয়; নিদিওঁ, নেখাওঁ বা নাখাওঁ; ইত্যাদি। পাচৰ আখৰত 'ঐ' থাকিলে 'ন' তেনেই থাকে; যেনে- নহৈছিল, নহৈছিল। (২) সেই 'ন' পাচৰ আখৰ ব্যঞ্জন নথকা স্বৰ হলে 'ন' ভাবে সৈতে লগ লাগে; যেনে- (ন আহিল) নাহিল,

(ন এৰো) নেৰোঁ। 'ন'ৰ পাচৰ আখৰত দীর্ঘ ঈ বা উ থাকিলে 'ন'ত হ্ৰস্ব স্বৰহে দিয়া যায়; যেনে- নি জীয়ে । (৩) সেই ‘ন’ৰ ‘পাৰ' ধাতুৰে সৈতে যোগ হলে 'ন'ৰ ঠাইত 'নো', 'পাৰ্‌' ধাতুৰ ‘পা'ৰ ঠাইত ‘ৱা” হয়;

যেনে- নোৱাৰোঁ, নোৱাৰোঁ, ইত্যাদি। (৪) আগেয়ে অলপ জানি থকা কথা সুধিলে 'ন' ক্ৰিয়াৰ আগত থাকে; যেনে- তেওঁ নগল? অর্থাৎ ম‍ই

জানো তেওঁ গল ।

৩৯ নিয়ম। অনুমতি দিয়া অৰ্থৰ “দি” সম্ভৱ বা উচিত হোৱা অৰ্থৰ “পা”, শক্তিমন্ত হোৱা অৰ্থৰ “পাৰ” আৰু “খোজ,” এইবিলাক ধাতুৰ ক্ৰিয়াৰ আগত এটা নাম ধাতু থাকে; যেনে- যাব দিয়া; কৰিব নেপায়; ৰাতি পুৱাব পায়; যাব পাৰোঁ; শুব খুজিছে; ইত্যাদি ।

৪০ নিয়ম। আপোনাৰ বা মানা মানুহৰ কথা কোৱাত এটাক বুজাওঁতেও বহুবচনৰ পদ ব্যৱহাৰ কৰা যায়, আৰু আপোনাৰ কথা কোৱাত একবচনৰ সলনি বহুবচন দিলে অধিক নম্রতা প্রকাশ হয়; যেনে- আপোনা সকলৰ

আজ্ঞা পেলাব নোৱাৰোঁ, আমি দেউতা সকলৰ আঁঠুৱাৰ তলৰ মহ, ইত্যাদি । ৪১ নিয়ম। অকৰ্ম্মক ধাতুৰ ক্ৰিয়াৰে সম্বন্ধ থকা সংজ্ঞা বা সৰ্ব্বনাম- শব্দবিলাকৰ অধিকৰণ কাৰক হয়; যেনে- ঘৰত থাকো, শয্যাত শোঁ, বাটত লৰোঁ, কঠত বহোঁ, ইত্যাদি।

(২) যিবিলাক ধাতু সকৰ্ম্মক আৰু অকৰ্ম্মক, দুইও ৰূপে ব্যৱহৃত, সেইবিলাকৰ ক্ৰিয়াৰ সম্বন্ধী শব্দৰ কৰ্ম্ম বা

অধিকৰণ কাৰক হয়; যেনে- ঈশ্বৰক খাটা বা ঈশ্বৰত খাটা, ইত্যাদি। ৪২ নিয়ম । দুই বা অধিক সংজ্ঞা শব্দৰ পাচত সিহঁতক বুজাবলৈ যি সংখ্যাবাচক শব্দ দিয়া যায়, সংজ্ঞা- শব্দবিলাকেৰে সৈতে তাৰ একে কাৰক হয়; আৰু সংজ্ঞা-শব্দবিলাকৰ বিভক্তি গুচে, আৰু সংখ্যা শব্দৰ পাচত 'ও' থাকে; যেনে- কৃষ্ণ আৰু হলি দুইও মাছ ধৰিছে; কৃষ্ণ হৰি আৰু বলো, তিনিকো দেখিলোঁ; ৰাম আৰু হৰি, দুইৰো ঘৰ।

(২) সেই দৰেই দুই বা অধিক সৰ্ব্বনাম শব্দৰ পাচতো সংখ্যাবাচক শব্দ দিয়া যায়; কিন্তু তেতিয়া সৰ্ব্বনামবিলাকৰ বিভক্তি নুগুচে; যেনে-- তোমাক, তেওঁক আৰু মোক, তিনিওক মাতিছে; তোমাৰ, তেওঁৰ আৰু মোৰ, তিনিওৰ ঘৰ।

৪৩ নিয়ম। যেতিয়া ভালেমান সংজ্ঞা শব্দৰ পাচত “এইবিলাক” বা “এই সকলো” বিশেষণ- সৰ্ব্বনাম দিয়া যায়, তেতিয়া সংজ্ঞা-শব্দবিলাকেৰে সৈতে তাৰ একে কাৰক হয় আৰু সিহঁতৰ বিভক্তি গুচি সেই বিশেষণ - সৰ্ব্বনামৰ বিভক্তি মাথোন থাকে; যেনে- ঘৰ, বাৰী, ধন, ধান, এই সকলোকে এৰিব পাৰি; লৰা, তিৰোতা, ককাই, ভাই, এইবিলাকৰ চেনেহ এৰা টান ।

৪৪ নিয়ম। সিদ্ধা-ক্রিয়াই সম্পূৰ্ণ অৰ্থ বুজাব নোৱাৰে, এতেকে তাৰ পাচত এটা সাধ্যা ক্রিয়া দিব লাগে, আৰু সেই সিদ্ধা আৰু সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা বেলেগ হলে দুইওটা কর্তা উক্ত হয়, আৰু তেতিয়া সিদ্ধা- ক্ৰিয়াৰ কৰ্ত্তাক ৱেলীয়া-কৰ্ত্তা বোলা যায়; যেনে- মই গলেই তেওঁ আহিব; তুমি বহি থাকোতে তেওঁ পালেহি; মই শুই থাকোতেই তেওঁ গল; ইত্যাদি।

+ মা হলে 'এ' বিভক্তি গুচে; যেনে- নখেৰে যুক্ত,(২) সেই দুইওটা ক্ৰিয়াৰ একেটা কৰ্ত্তা হলে সি দুবাৰ উক্ত মহয়, আৰু সেই কৰ্ত্তা সুচল মতে সিদ্ধা বা সাধ্যা ক্ৰিয়াৰ আগত দিয়া যায়; যেনে- সৰু কালত পঢ়া হলে তুমি পণ্ডিত হলাহেঁতেন, মই বাটত যাওঁতে তেওঁক দেখিলোঁ। (৩) ‘ওঁতে’ অন্তত থকা সিদ্ধা ক্ৰিয়াৰ আৰু তাৰ পাচত সাধ্যা ক্ৰিয়াৰ একেটা কর্তা

হলে তাক সেই সিদ্ধা ক্ৰিয়াৰ আগত দিয়া উচিত; কিয়নো তাকে নকৰিলে কেতিয়াবা সেই ক্ৰিয়াৰ কৰ্ত্তা পৃথক যেন বোধ হৈ সন্দেহ হ পাৰে; যেনে- বাটত যাওঁতে মই তেওঁক দেখিলোঁ, এনেকৈ বুলিলে তেওঁ তেতিয়া বাটত গৈছিল তেতিয়া মই তেওঁক দেখিছিলোঁ, এনে হব পাৰে; কিন্তু ম‍ই বাটত যাওঁতে তেওঁক দেখিলোঁ, বুলিলে ভ্ৰমৰ সম্ভাৱনা নেথাকে।

৪৫ নিয়ম । বহুত বুজালে সংখ্যা ( লেখ) নথকা শব্দৰো বহুবচন হয়; যেনে- পানীবোৰ, তেলবিলাক,

ইত্যাদি। ৪৬ নিয়ম। যাৰে সৈতে আন এটা বস্তুৰ তুলনা কৰা যায়, তাৰ নামৰ সপ্তমীৰ পদৰ পাচত 'কৈ’ৰ যোগ হয়; যেনে- এঙাৰতকৈ কলা, গাখীৰতকৈ বগা, হৰিতকৈ কৃষ্ণ ধনী, ইত্যাদি।

(২) যেতিয়া কোনো এজনৰ বস্তু এটাক অন্য কোনো এজনৰ বস্তুৰে সৈতে তুলনা কৰিব লাগে, তেতিয়া প্ৰায়ে আগৰ বস্তুটো বুজোৱা পদৰ লোপ হৈ বস্তুৰ গৰাকীক বুজোৱা পদটো মাথোন থাকে, আৰু তাৰ পাচত 'কৈ' হয়; যথা মোতকৈ তোমাৰ ঘৰ ভাল, অর্থাৎ মোৰ ঘৰতকৈ ।

(৩) তুলনা কৰা দুইও বস্তু পূর্ব্বে উক্ত হলে কদাচিত সেই দুইও পদৰ লোপ হৈ গৰাকীক বুজোৱা পদ দুটা মাথোন থাকে, আৰু আগৰটোত কৈ' যোগ কৰা যায়, যেনে- মোতকৈ তোমাৰ ভাল, অর্থাৎ মোৰ কোনো পূৰ্ব্বে উক্ত হোৱা বস্তুতকৈ তোমাৰ বস্তু ভাল ৷

(৪) এনে ঠাইত কেতিয়াবা তুলনা কৰা বস্তু দুটাৰ নাম লুপ্ত হৈ সিহঁতৰ পাচৰ উপশব্দ দুটা মাথোন থাকে ; যেনে- মোৰ ঘোঁৰা আছে, তোমাৰো ঘোঁৰা আছে, কিন্তু তোমাৰটোতকৈ মোৰটো ভাল ।

৪৭ নিয়ম। সংজ্ঞা-শব্দৰ যি লিঙ্গ আৰু বচন, তাৰ সলনি দিয়া ব্যাক্তিবোধক সৰ্ব্বনামৰো সেই লিঙ্গ আৰু বচন হয়; যেনে- সেইটো মানুহক মই দেখিছোঁ, কিন্তু সি কোন নেজানো; মানুহবিলাকৰ যিমান জ্ঞান থাকে, সিবিলাক সিমান সুখীয়া হয়; সেই তিৰোতাজনী বৰ বেয়া, তাইক ভাল কথা কলে নুশুনে; চৰাই বিলাকৰ পাখি গজিলেই সিহঁত

উৰি যায়।

(২) সমাহাৰ দ্বন্দ্ব সমাসৰ দ্বাৰা লগ লাগি একবচন হোৱা দুই বা অধিক শব্দৰ সলনি দিয়া, সৰ্ব্বনামৰ একবচন হয়; যেনে- হাঁহ পাৰই ঘৰ গুচায়, এতেকে তাক পোহা ভাল নহয় !

৪৮ নিয়ম। জীৱন নথকা বস্তু বুজোৱা কোনো স্ত্রীলিঙ্গ শব্দৰ নিমিত্তে যি সৰ্ব্বনাম শব্দ ব্যৱহাৰ কৰা যায়, তাৰ পুংলিঙ্গ হয়; যথা- এতিয়া অসমীয়া ভাষাৰ ইমান দুৰ্দ্দশা হৈছে যে, বহুত লোকে তাক মাতৃ-ভাষা বুলিবলৈও বেয়াহে পায়, কিন্তু তাৰ এই অৱস্থা সদায় নেথাকে; ইয়াত ‘ভাষা” এই শব্দ স্ত্রীলিঙ্গ হোৱাতো “তাৰ” এইটো পুলিঙ্গ সৰ্ব্বনাম দিয়া হৈছে।

৪৯ নিয়ম। কেতিয়াবা এফাকি কথাৰ বা এটা খণ্ড বাক্যৰ সলনি এটা ব্যক্তি-বোধক সৰ্ব্বনাম দিয়া যায়, আৰু তেতিয়া সৰ্ব্বনামটোৰে কথা ফাঁকিৰ ভাৱ বা তাত উক্ত হোৱা কাৰ্য্যটো বুজায়; যেনে- “ভৰতে ৰামক এইবিলাক কথা কলে, তাৰ দ্বাৰা তেওঁৰ ৰামলৈ বৰ ভক্তি থকা বুজা যায়,” “তাৰ” অর্থাৎ সেই কাৰ্য্যৰ; সেই দৰেই, এবাৰ মৰিব লাগিব, ইয়াক মানুহে জানে, এতেকে তাৰ নিমিত্তে সষ্টম হৈ থাকিব লাগে। “ইয়াক” অর্থাৎ এই কথাক; নিয়ে” অর্থাৎ মৰিবৰ নিমিত্তে; সেই দৰেই, ধনে অহঙ্কাৰ বঢ়াই, ই মিছা । ৫০ নিয়ম। যুক্ত হোৱা অৰ্থত বি যুক্ত হয়, তাৰ তৃতীয়া বিভক্তি অর্থাৎ কৰণ কাৰক হয়; যেনে- মখেৰে

যুক্ত বাঘ, চুলিৰে যুক্ত মানুহ, ইত্যাদি । +

(২) সেই কৰণকাৰকৰ আগত যেতিয়া কোনো বিশেষণ থাকে, তেতিয়া প্ৰায়ে 'যুক্ত' পদ গুচি কৰণকাৰকটো মাথোন থাকে; যেনে দীঘল চুলিৰে যুক্ত যি মানুহ, সি দীঘল চুলিৰে মানুহ; সেই দৰেই, চোকা নখেৰে; বগা কাপোৰেৰে; ইত্যাদি।

৫১ নিয়ম। ক্রিয়াবিশেষণ “ন” অনুকাৰ শব্দৰপৰা হোৱা ক্ৰিয়াৰ মাজত থাকে; যেনে- ভুল পানীয়ে খন খলায়, টপ্ ন টপাৰি, ইত্যাদি।

৫২ নিয়ম। আগত থকা কোনো ডাঙ্গৰ লোকৰ কথা অতিশয়ৰূপে মানা কৰি কোৱাত ব্যক্তিবাচক সৰ্ব্বনামৰ ‘এওঁ’, এওঁৰে’, ‘এওঁলৈ,' 'এওঁৰপৰা, ‘এওঁৰ’ এইবিলাক পদৰ সলনি ক্ৰমে স্থানবোধক সৰ্ব্বনামৰ এখেত', এখেৰে,’“এখেলৈ’, ‘এখেৰপৰা,' 'এখেৰ' এইবিলাক পদ ব্যৱহাৰ কৰা যায়; যেনে- এখেত যি আজ্ঞা কৰিছে তাক অমান্য কৰিব নোৱাৰি; এখেৰে সৈতে আমাৰ গুৰু-শিষ্য সম্বন্ধ; এখেলৈ আমি কেনেকৈ হেলা কৰিম ।

(২) সেই দৰেই দূৰৈত থকা অতিশয় মান্য লোকৰ কথা কোৱাত ‘তেওঁ, “তেওঁৰে, ‘তেওঁলৈ, '‘তেওঁৰপৰা আৰু ‘তেওঁৰ’ এইবিলাকৰ ঠাইত ক্ৰমে, 'তত, ' 'তৰে, ‘তলৈ,' 'তৰপৰা,' আৰু 'ত' হয়।+

৫৩ নিয়ম। 'মাত্র' শব্দ বিশেষণ আৰু ক্রিয়াবিশেষণ দুইও ব্যৱহৃত হয়। বিশেষণ হলে সি 'আটাইবিলাক ' এনে অৰ্থ বুজায় আৰু বিশেষাৰ পাচত যুক্ত হৈ তাৰে একে পদ হয়; আৰু সেইটো পদ অকৰ্ম্মক ক্ৰিয়াৰ কৰ্ত্তা হলেও তাৰ ‘এ’ বিভক্তি নুগুচে; যেনে- প্রাণী মাত্ৰে মৰিব, বাঘে জন্ম-মাত্ৰতে হিংসা কৰে; অর্থাৎ সকলো প্ৰাণী মৰিব, বাঘে সকলো জীৱকে হিংসা কৰে।

(২) সি ক্রিয়াবিশেষণ হলে 'মাথোন' 'মুঠে' এনে অর্থ হয়, আৰু সি আন পদৰ পৰা পৃথক হৈ থাকে; যেনে- মনুষ্যৰ মাত্ৰ জ্ঞান আছে, ঈশ্বৰ মাত্ৰ সৰ্ব্বজ্ঞ; বাঘেজত্ত্বক মাত্ৰ হিংসা কৰে, অৰ্থাৎ বৃক্ষাদিক নকৰে ।

৫৪ নিয়ম। কেতিয়াবা এফাঁকি কথা বা এটা খণ্ড-বাক্য এটা সকৰ্ম্মক ক্ৰিয়াৰ কৰ্ম্ম কাৰক হয়; যেনে- সি নো কেনেকৈ এই দেশত থাকে মই চাম; ইয়াত 'সি নো কেনেকৈ এই দেশত থাকে ফাঁকি কথা 'চাম' ক্ৰিয়াৰ কৰ্ম্ম হৈছে। সেই দৰেই, তুমি নে ভাবিবা যে মই তোমাৰ কাৰ্য্যত হেলা কৰোঁ; তেওঁ কলে বোলে আজি নাহোঁ; তুমি কৰা বুলি মই তাক মাতিছোঁ; ইত্যাদি।

(২) যেতিয়া কেইবাটা কথা গোট খাই এটা কৰ্ম্ম- কাৰক হয়, , তেতিয়া সেইবিলাক কথাৰ আগত প্ৰায়ে ‘যে’ ‘বোলে” “বোলা” বা “বোলে' পদ থাকে; যেনে- মই তেওঁক কলোঁ যে বা বোলোঁ, তুমি মন দি পাঠ পঢ়া; তুমি কলা বোলা; সি কলে বোলে।

৫৫ নিয়ম । কেতিয়াবা তেওঁৰ এটা পদ বা এটা খণ্ড-বাক্য এটা ক্ৰিয়াৰ কৰ্ত্তা হয়; যেনে- সন্তু লোকক নিদা কৰা উচিত নহয়; ইয়াত ‘সন্তু লোকক নিন্দা কৰা', এই খণ্ডবাক্য 'হয়' ক্ৰিয়াৰ কৰ্ত্তা; 'ভাত খাবলৈ নহল', ইয়াত ভাত খাবলৈ' এই দুই পদ 'হল' ক্ৰিয়াৰ কৰ্ত্তা, 'ন' ক্রিয়াবিশেষণ; ইত্যাদি।

৫৬ নিয়ম। দুটা নঞৰ এটাই আনটোক নষ্ট কৰে, এতেকে একাকি কথাত দুটা 'ন' থাকিলে, 'ন' নথকাৰ দৰে অৰ্থ হয়; যেনে- এই কথা অযুগুত নহয়, অর্থাৎ যুগুত হয়; তুমি আহি নে থাকিবা, অর্থাৎ আহিবা; মই নাছো মানে বাবা, অর্থাৎ আহিলে যাব পাৰা; ইত্যাদি। ৫৭ নিয়ম। বিশেষণ শব্দ তাৰ বিশেষ্য পদৰ আগত থাকে; যেনে- ৰঙ্গা ফুল, বগা কাপোৰ, ডাঙ্গৰ হাতী,

দীঘল ডাঁৰ ।

(৩) কেতিয়াবা কেইবাটা পদ গোট খাই এটা বিশেষণৰ দৰে ব্যৱহৃত হয়; যেনে- আন স্বৰ অন্তত থকা শব্দ, ম‍ই ঘৰত থৈ অহা মানুহ; ইয়াত “আন স্বৰ অন্তত থকা” এইবিলাক পদ “শব্দৰ” বিশেষণ।

৫৮ নিয়ম। যেতিয়া কেইবাটা বিশেষণে কেৱল এটা মানুহৰ বা বস্তুৰ গুণ দেখায়, তেতিয়া ‘এজন, ‘এটা,’ ‘এডাল,’ এনেবিলাক বিশেষণ পদ কেৱল প্ৰথমটো বিশেষণৰ আগত থাকে; আৰু যেতিয়া বেলেগ বেলেগ বিশেষণ বেলেগ বেলেগ মানুহৰ বা বস্তুৰ গুণ দেখায়, তেতিয়া ‘এজন, ” “এটা' ইত্যাদি পদ প্ৰতিবিশেষণৰ আগত দিয়া যায়; যেনে- এজন জ্ঞানী আৰু এজন ধৰ্মী বুলিলে দুজন লোক হয় ।

৫৯ নিয়ম। ‘যি' শব্দৰ কোনো এটা পদৰ পাচত 'যি' বা ‘তেওঁ' শব্দৰ এটা পদ লাগে; যেনে- যাক চাউল দিছা, তাক ভাত খোজা; যি জনে এই কথা কৈছিল, তেওঁ এতিয়া ইয়াত নাই; ভোগ যাৰ, ৰোগ তাৰ; যি যিমানলৈ নামে, সি সিমানলৈ তিতে।

(২) বিশেষণ-সৰ্ব্বনাম 'যেনে' শব্দৰ পাচত 'তেনে’ লাগে; যেনে- যেনে চোৰ, তেনে টাঙ্গোন।

(৩) ‘যেনে' শব্দৰ পাচত কদাচিত ব্যক্তিবাচক সর্ব্বনাম 'সি' শব্দৰ এটা কৰ্ম্ম-পদ থাকে; যেনে- তোমাক দেখি যেনে সন্তোষ পাইছোঁ, তাক কি কম; মই যেনে দুঃখ পাইছোঁ, তাক কব নোৱাৰি।

(৪) 'যিমানৰ পাচত ‘সিমান' লাগে; যেনে- যিমান দান, সিমান পুণ্য; যিমানলৈ গৈছা, সিমানতে থাকা;

বস্তু যিমানলৈ কিনা যায়, বেচিলে সিমান পোৱা টান; ইত্যাদি।

৬০ নিয়ম। অনেক সময়ত “ক” ধাতুৰ ক্ৰিয়াৰ দুটা কৰ্ম্ম কাৰক থাকে, পাচৰ টোৱে সেই ক্ৰিয়াৰ কাৰ্য্যক আৰু আগৰটোৱে যাৰ ওপৰত সেই কাৰ্য্য হয়, তাক বুজায়; যেনে- লোকক হিংসা ন কৰিবা, মানুহক মৰম কৰিবা, মোক ক্ষমা কৰা, ইত্যাদি। কিন্তু যাৰ ওপৰত সেই কাৰ্য্য হয়, তাতকৈ কাৰ্য্যটো প্ৰধানৰূপে উক্ত হলে সেই দুয়োটা পদ দ্বিতীয়া-তৎপুৰুষ সমাসৰ দ্বাৰা লগ লাগে; যেনে- (গোক বধ) গো-বধ মহাপাপ, সুৰাপান নকৰিবা। এনেবিলাক ঠাইত কাৰ্য্যটো প্রধান ।

৬১ নিয়ম। কেতিয়াবা ইমান, কিমান, যিমান, সিমান, কিছুমান আৰু কিঞ্চিৎমান, অনা, আন, এই, সেই, যি, কি, এইবিলাক বিশেষণ সৰ্ব্বনামৰ পাচত সংজ্ঞা-শব্দ লুপ্ত হৈ থাকে, আৰু সেই বিশেষণ-সৰ্ব্বনাম বিলাক বিভক্তি যুক্ত হৈ সংজ্ঞা-শব্দৰ দৰে ব ত হয়; যেনে- এই হাতীটো কিমান দি কিনিলা? ইয়াত ‘ধন' শব্দ লুপ্ত হৈ আছে; সি কিমানৰ মানুহ জানো, অর্থাৎ কিমান সম্ভ্ৰমৰ । সেই দৰেই, আনৰ ঘৰ, অৰ্থাৎ আন মানুহৰ; অন্যলৈ, অৰ্থাৎ অন্য মানুহ বা বস্তুলৈ; যি দিবা, অর্থাৎ যি বস্তু দিবা; কি কলা, অর্থাৎ কি কথা।

(২) সেই দৰেই অলপমান, ভালেমান ইত্যাদি কোনো কোনো বিশেষণ শব্দৰ পাচতো সংজ্ঞা-শব্দ লুকাই

থাকে; যেনে- ভালেমান আছে, অর্থাৎ ভালেমান ধন বা বস্তু; কিছুমান তোমাক দিম, অলপমান ম‍ই ৰাখিম; ইত্যাদি।

৬২ নিয়ম । প্ৰচুৰ অৰ্থত বিশেষণ শব্দ দুবাৰ উক্ত হলে তাৰ বিশেষাৰ প্ৰায়ে বহুবচন হয়; যেনে- সৰু-সৰু ঘৰবিলাক বতাহত পৰিল, বৰ বৰ লোক সকলে সামানা লোকক তুচ্ছ দেখে। ২) কদাচিত বিশেষা একবচনতো থাকে; তথাপি সি বহুবচনৰ ভাব বুজায়; যেনে- সৰু সৰু আখৰে লেখা পুথি ৰাতি পঢ়া টান; বৰ বৰ লোকৰ বৰ বৰ কথা; আন মানুহ তেওঁবিলাকৰ সমান কেনেকৈ হব ?

৬৩ নিয়ম। কোনো মানুহ বা বন্ধক বিশেষকৈ উক্ত কৰিব লাগিলে তাৰ নামটোত মাতৰ ঠেলা পৰে; এতেকে সেই নাম বুজোৱা শব্দ একাষেৰে অন্ত হোৱা কৰ্ত্তাকাৰক হলে পাচত 'ই' যোগ কৰা যায়; যেনে- (মানুহে ) মানুহেই এনে কথা কয়, (হাতীয়ে) হাতীয়েই ভয় পায়, (গৰুৱে গৰুৱেই ধান খায়। কৰ্ত্তাকাৰক ব্যঞ্জন বা অন্য স্বৰেৰে অন্ত হলে তাৰ পাচত ‘এই” যোগ কৰা যায়; যেনে- (ধন হয়) ধনেই হয়, (মন যায়) মনেই যায়; (হাতী শোৱে ) হাতীয়েই শোৱে; (গৰু মৰে) গৰুৱেই মৰে, (কপৌ উৰে) কপৌৱেই উৰে, (পালে ভৰে) পালৈয়েই ভৰে। সেই দৰেই হাতীবিলাকেই, ইত্যাদি ।

(২) কৰ্ত্তাকাৰক অকাৰ বা আকাৰান্ত হলে তাৰ পাচত 'ই' দিয়া যায়; যেনে- ( গাধ লৰে) গাধই লৰে, (লতা ছিগে) লতাই ছিগে, ইত্যাদি। কৰ্ত্তাকাৰকৰ পাচত অকলৈ থকা 'ই' ‘য়ে' হয়; যেনে- ( গাধই খায়) গায়ে খায়, (লতাই মেৰাই)

লতায়ে

মেৰায়, ইত্যাদি ।

(৩) কৰ্ম্ম কাৰকৰ পাচত 'এ' যোগ কৰা যায়; যেনে- মানুহকে, গৰুকে, হাতীকে ইত্যাদি।

(৪) কৰণকাৰকৰ পাচত 'ই' হয়; যেনে- হাতেৰেই, হাতীৰেই ইত্যাদি।

(৫) সম্প্রদান কাৰকৰ পাচত 'কে' বা 'য়ে' হয়; যেনে- মানুহলৈকে বা মানুহলৈয়ে ইত্যাদি ।

(৬) অপাদান কাৰকৰ পাচত 'ই' যোগ কৰা যায়; যেনে- মানুহৰপৰাই আহিবৰপৰাই ইত্যাদি। কদাচিত অপাদান কাৰকৰ 'পৰা' বিভক্তিৰ আগত 'এ' দিয়া যায়; যেনে- মানুহৰেপৰা আহিবৰেপৰা, তাৰেপৰা ইত্যাদি । (৭) সম্বন্ধ আৰু অধিকৰণকাৰকৰ পাচত ‘এ’ হয়; যেনে- মানুহৰে ঘৰ, ইত্যাদি। ঘৰতে, হাতীতে, বান্ধতে

ইত্যাদি।

(৮) সৰ্ব্বনামৰ কৰ্ত্তা-কাৰকৰ পাচত 'এ' বা ‘এই’ হয়; যেনে- ময়ে কৈছোঁ বা ময়েই কৈছোঁ, তেৱেঁ খাইছে বা তেৱেঁই খাইছে, আপুনিয়ে শুইছে বা আপুনিয়েই শুইছে।

(৯) অন্য কাৰকত সংজ্ঞা-শব্দৰ নিয়ম খাটে; যেনে- মোকে, মোৰেই, মোলৈকে, মোৰপৰাই বা মোৰপৰা, মোৰে, মোতে ।

(১০) অকাৰ, আকাৰ বা একাৰান্ত ক্ৰিয়াৰ পাচত 'ই' আৰু অন্য স্বৰ বা ব্যঞ্জন অন্তত থকা ক্ৰিয়াৰ পাচত *এই' হয়; যেনে- সি যাবই, তুমি থাকিবাই, লৰা শুনেই, মই যামেই (যাওঁ), যাবই, ইত্যাদি। বর্ণবিন্যাস প্ৰকৰণৰ নিয়মমতে 'ই' ‘এ’ ‘এ’ইত্যাদি আখৰ ‘য়’, ‘2 হৈছে।

৬৪ নিয়ম। “শুন” ধাতুৰ ক্ৰিয়াৰে “মুখ” আৰু “পা” ধাতুৰ ক্ৰিয়াৰে “হাত” শব্দৰ সম্পৰ্ক হলে পঞ্চমীৰ “পৰা” বিভক্তিৰ ঠাইত “এ” হয়; যেনে- তোমাৰ (মুখৰপৰা) মুখে শুনিলোঁ, তেওঁৰ (হাতৰপৰা) হাতে ধন পালোঁ। ৬৫ নিয়ম। সকৰ্ম্মক “এ” আৰু 'পাহৰ' ধাতুৰ ক্ৰিয়াৰ কৰ্ম্মপদ নাম ধাতু হলে সেই কৰ্ম্মৰ চতুৰ্থী (অর্থাৎ

'লৈ) বিভক্তি হয়; যেনে- যাবলৈ পাহৰিলোঁ, পঢ়িবলৈ এৰিলা। যাবক পাহৰিলোঁ, পঢ়িবক এৰিলা, এনে নহয়। ৬৬ নিয়ম। ষষ্ঠী তৎপুরুষ সমাসৰ দ্বাৰা এটা শব্দৰ পাচত লগ লগা গাধ অঙ্গ বুজোৱা কোনো শব্দৰ পাচত তৃতীয়াৰ ‘এৰে’ বিভক্তিৰ ‘বে' লিখোতাৰ ইচ্ছা অনুসৰি গুচে বা থাকে; যেনে- মই আপোন-কাণে শুনিলোঁ, নিজ মুখে কলোঁ; আপোন হাতে দিছোঁ; নাইবা আপোন কাণেৰে শুনিছোঁ, নিজ মুখেৰে কৈছোঁ, ইত্যাদি।+হাতে”; প্রবন্ধে ঘোঁৰাৰ সিতো খোজক নিহালি; অর্থাৎ হাতেৰে, প্রবন্ধেৰে ইত্যাদি ।

লক্ষণা।

কথা কওঁতে ব্যৱহৃত শব্দবিলাকৰ পোন অৰ্থতকৈ বেলেগ ভাৱ বুজোৱাক বা মনৰ ভাৱবিলাকৰু আকৃতি

থকা আৰু জীয়া জন্তুৰ দৰে বাক্ত কৰাক লক্ষণা বোলা যায়। অসমীয়া ভাষাত চলিত লক্ষণাবিলাক তলত লিখা গল ।

১। উপলক্ষণা- যি শব্দ আমি শুনো, তাৰ অৰ্থ নেৰি তাৰ লগত তাৰে সৈতে সম্বন্ধ থকা আন ভাৱ বুজালে তাকে উপলক্ষণা বোলে; যথা- এজনে চকুৰে নেদেখা ঠাইত বৰ হাই শুনি আন এজনক সুধিলে বোলে, এইটো কিহৰ শব্দ, তাতে সিজনে কলে বোলে, ‘ৰজা আহিছে, ইয়াতে সোধা গৰাকীয়ে বুজিলে, ৰজা আহিছে, তেওঁৰ লগৰ ঠাট- কটকৰ কোলাহল। কিন্তু ৰজা আহিছে, এই বাক্যে তেওঁৰ লগৰ মানুহবিলাকৰ কোলাহল নুবুজায়, তথাপি ভাৱৰ দ্বাৰা বুজা গল ।

২। তটস্থ-লক্ষণা ওচৰত থকা কোনো বস্তুক, যি বস্তুৰ সি ওচৰত থাকে, তাকে বুলি কোৱাকে তটস্থ-লক্ষণা বোলে। কোনো এক মানুহে আন এজনক সুধিলে "নৈ কত আছে,” তাতে সি এনে উত্তৰ কৰিলে বোলে “সেই গছেই নৈ ।” ইয়াতে সোধা গৰাকীয়ে বুজিলে যে, সেই গছৰ গুৰিতে নৈ আছে। সেই দৰেই “এওঁ গঙ্গাবাসী” এনেকৈ বুলিলে গঙ্গাৰ তীৰত থকা বুজা যায় ।

৩। ঔপচাৰিক-লক্ষণা-অচেতন বস্তুক চেতন থকা বস্তুৰ দৰে কোৱাকে ঔপচাৰিক লক্ষণা বোলা যায়;

যেনে- সেই দলটোৱে গন-গন কৰিছে, বিস্তৰ দিন মেঘে বৰষুণ নিদিয়াত পিয়াহক পৃথিবীৰ মুখ শুকাইছে।

৪। বিপৰীত-লক্ষণা- কোনো মানুহক নিন্দা কৰিবৰ মনেৰে প্ৰশংসা কৰিলে, আৰু প্ৰশংসাৰ ছলেৰে নিন্দা কৰিলে তাকে বিপৰীত-লক্ষণা বোলা যায়; যেনে- কোন মানুহে তাৰ শত্ৰুক কৈছে যে, মোৰ কুটুম তুমি মোক যেনে উপকাৰ কৰিছা, তাক কি কম? আশীৰ্ব্বাদ কৰোঁ ঈশ্বৰে তোমাক এশ বছৰ পৰমায়ুস দি ৰক্ষা কৰোক। অৰ্থাৎ হে শত্ৰু, তই মোক যিমান অপকাৰ কৰিছ, তাক কি কম? শাও দিছোঁ, ঈশ্বৰে তোক বেগতে মাৰোক; ইত্যাদি।

৫। স্বৰূপ-লক্ষণা- যি বস্তুত আন কোনো এটা বস্তুৰ গুণ থাকে, তাক সেই আন বস্তুটো বুলি কোৱাকে স্বৰূপ-লক্ষণা বোলে, যেনে- সি বাঘ, অর্থাৎ বাঘৰ নিচিনা খঙ্গাল আৰু নিষ্ঠুৰ; অমুকৰ গাটো লো, অৰ্থাৎ লোৰ দৰে টান; সৰু লৰাৰ কথাবিলাক অমৃত, অর্থাৎ অমৃতৰ নিচিনা সোৱাদ ।

৬। প্রশ্ন-লক্ষণা- যি কথা আমি অৱশ্যে হব বুলি কব খোজোঁ, তাক এটা নঞেৰে সৈতে যোগ কৰি, নাইবা যি কথা কেতিয়াও নহয় বুলি বুজাব খোজোঁ, তাক পোনেই সোধা কথাৰ দৰে কওঁহঁক, তাকে প্রশ্ন-লক্ষণা বোলা যায়; যেনে- এনে নহয় নে? অর্থাৎ অৱশ্যে হয়; এই কথা হব পাৰে নে? অৰ্থাৎ কেতিয়াও নোৱাৰে; ইত্যাদি ।

৭ । অত্যুক্তি--লক্ষণা- কোনো কথাৰ অতিশয় প্রবলতা বুজাবৰ কাৰণ সি যিমান তাতকৈ অধিককৈ বৰ্ণন কৰিলে, তাকে এই নাম দিয়া যায়, যথা- সেই সিংহৰ গোঁজৰণিত মাটি কঁপি গৈছিল, আৰু তাৰ চকুৰে জুই বৰষিছিল; তেওঁৰ শোক ইমান প্ৰবল হৈছিল যে, চকুৰ লোৰে এখান নৈ হৈছিল। 

পদ্য।

পদ্য শব্দে তাকে বুজায়, যাক পঢ়োতে পদবিলাকৰ লঘু বা গুৰু উচ্চাৰণ অনুসৰি মাতৰ ঠেলা পৰি বেলেগ-

বেলেগ ছন্দত বেলেগ বেলেগৰূপে স্বৰৰ মিল হয়।

পদ্য দুবিধ; মিলিত্যন্ত আৰু অমিনিতান্ত। যি পদ্যই এফাঁকিৰ অন্তৰ আগৰ আন ফাঁকিৰ শেষ আখৰে সৈতে নিলে, তাক মিলিত্যন্ত বোলে; যাৰ সেইৰূপে মিল নহয়; তাৰ নাম অমিলিত্যন্ত । আমাৰ ভাষাত অমিনিতান্ত পদাৰ অধিক চলন নাই, এই কাৰণ ইয়াত তাৰ কপা লিখা নেযায়।

অসমীয়া ভাষাত পদ্য-ৰচনাত গদাতকৈ পদবিলাক প্ৰায়ে লৰে; আৰু অনেক সময়ত ধ্বন্যাঘাত, অর্থাৎ মাতৰ ঠেলাও না হয়, অৰ্থাৎ দীর্ঘ স্বৰ হ্ৰত্ব আৰু হ্ৰস্ব স্বৰ দীৰ্ঘ হৈ উচ্চাৰিত হয়। প্ৰচলিত পদ্যবিলাক তলত লিখা গল । পদ্যত স্বৰহীন ব্যঞ্জন আৰু ব্যঞ্জনৰ পাচত অকলৈ থকা 'ই' প্রায়ে, আখৰ ৰূপে নহয় ।

পদ ।

পদৰ দুফাঁকি, প্রত্যেক ফাঁকিত চৈধ্যটা আখৰ থাকে, আৰু দুইও ফাঁকিৰ শেষ আখৰ মিলে। উদাহৰণ- বলিৰাম দেখে সবে দেৱতাৰ জয়। দানবৰ সেনা মানে যায় যমালয়। নসহে শৰীৰ অতি ফোপত কঁপিলা । ৰথে চৰি ধেনু ইন্দ্ৰক বুলিলা ।।

দুলৰী।

দুলৰীৰ দুফাঁকি আখৰ; সেই দুফাকিয়েই ছ ভাগ হয়; প্রত্যেক ফাঁকিৰ প্ৰথম দুভাগত ছটা আখৰ থাকে, আৰু দুইৰো শেষ আখৰ মিলে। আৰু শেষ ভাগত আঠোটা আখৰ থাকে, এবং প্রথম ফাঁকিৰ শেষ ভাগৰ অন্তৰ আখৰ দ্বিতীয় ফাঁকিৰ শেষ ভাগৰ সেই আখৰে সৈতে মিলে। উদাহৰণ ৰুক্মিণীৰ, কুঞ্জৰ গমনী, লীলাগতি চলি মনীয়ান্ত। অতি হৰ্ষমনে, গৈয়া তেতিক্ষণে, ৰাজসভা দেখিলপ্ত ৷ কৃষ্ণকেসে চিন্তি, ইডিতি সিভিতি, বলাই যাস্ত নেত্র দুটি। কটাক্ষ নয়নে, চায় যাৰ পানে, মৰে কামবাণে ফুঁটি।

ছবি ।

ছবিৰো দুফাকি; প্ৰত্যেক ফাঁকি তিনি ভাগ হয়; সিহঁতৰ প্ৰথম দুভাগত প্ৰতিভাগে আঠোটা, শেষ ভাগত দহোটা আখৰ থাকে; দুলৰীৰ যেনেকৈ মিল হয়, ইয়াৰো সেইৰূপ; উদাহৰণ- ক্ষণেকে চেতন পাই, কিৰাতৰ ভিতি চাই, দুনাই চকু মুদি মনে-মনে। টিমিকি টিমিকি মাত্র, প্রাণ-খানি আছে গাত, পৰিশোক কৰন্ত অৰ্জ্জুনে ৷

লেছাৰী ।

লেছাৰীৰো দুই চৰণ; প্ৰত্যেক চৰণ তিনি ভাগ হয়, সিহঁতৰ প্ৰথম দুভাগত দহোটা-দহোটা আখৰ, শেষৰ ভাগত চৈধাটা । ইও দুলৰীৰ দৰে মিলে; বিশেষ এই যে, দুইও চৰণৰ শেষ ভাগৰ অন্তৰ শব্দটোৰ উপাস্ত্য (অন্তৰ স্বৰৰ আগৰ) স্কটো দীর্ঘ হলে, শুনিবলৈ শুৱলা হয়। উদাহৰণ- দ্ৰুপদ-নন্দিনী মনে গুণি, স্বামী সকলৰ বাক্য শুনি, ৰাজহুংসগতি চলি যায় ধীৰে ধীৰে। যথাত আছম্ভ দেৱ হৰি, নৃপতিসকলে মধ্যে কৰি, তথাকে চলিলা তিতি নয়নৰ নীৰে ।

ঝুমুৰি ।

ঝুমুৰি ছন্দৰ দুফাঁকি; প্ৰত্যেক ফাঁকিত আঠোটা আখৰ, ইয়াৰ মিল পদৰ দৰে হয়। উদাহৰণ- হেন শুনি ভাস্বতন্ত। বাইলা মহাবলৱন্ত ৷ নিচিনি স্বামীক পাচে। বৰিলন্ত যুদ্ধ-কাচে ।। দুইতো দুই নাহি তুষ্টি। হানে বজ্রসম মুষ্টি । মাংসৰ কাৰণে যেন। যুদ্ধ দো-গোটা শেন ।। 

কুসুম মালা ছন্দ।

কুসুম-মালা-ছন্দৰ একচৰণ, সেই চৰণেই চাৰি ভাগ হয়, প্রত্যেক ভাগত ছটা আখৰ থাকে, আৰু প্ৰতিভাগৰ শেষ আখৰ অন্য ভাগৰ শেষ আখৰে সৈতে মিলে; যথা- নমো নিৰঞ্জন, পাতক-ভজন, গোপিকা-ৰঞ্জন, দানৱ- গঞ্জন। দৈত্য-অন্তকাৰী, গোবৰ্দ্ধন-ধাৰী, ভৱ ভয়-হাৰী, তুমি সে মুৰাৰি ।

কুট কথা ।

পঢ়া কথা ভাল শুনা, আৰু ভালকৈ বুজিব পৰা, হবৰ নিমিত্তে পঢ়োতে কোনো কোনো ঠাইত ৰব লাগে, আৰু সেই ৰব লগা ঠাই বুজাবৰ কাৰণে কিছুমান কুট, অৰ্থাৎ চিনৰ আৱশ্যক, আৰু আন আন কোনো কথা বুজাবলৈও কিছুমান চিন লাগে। পূর্ব্বে অসমীয়াত ছেদ আৰু উৰ্দ্ধৰেখাত বাজে আন একো চিন নাছিল, এতেকে যতি (কমা) আদি কিছুমান লাগতিয়াল কুট ইংৰাজীৰ পৰা লোৱা গৈছে। সেইবিলাক তলত লিখা গল ।

লঘু যতি (,) - পঢ়োতে যত এটি হ্রস্ব স্বৰ উচ্চাৰিবৰ সমান কাল ৰব লাগে, তাতে এই চিন দিয়া যায়; যেনে- ৰাম, কৃষ্ণ আৰু হৰ কত আছে, কি কৰিছে ?

গুৰু যতি; দুফাঁকি কথাৰ পৰস্পৰ ওচৰ সম্পৰ্ক থকা দেখাবলৈ এই চিন দিয়া যায় ; যথা- ঈশ্বৰ সৰ্ব্ব- শক্তিমান, সৰ্ব্বকৰ্ত্তা আৰু সৰ্ব্বজ্ঞ; এতেকে তেওঁক ভক্তি কৰা উচিত। তোমাৰ জীৱন সোনকালে নষ্ট হব; এই কাৰণে

তাক ভাল কামত লগাবা ৷

ছেদ (1) - এই চিন কোনো এক বাক্যৰ অর্থ সম্পূর্ণ হলে, তাৰ পাচত ব্যৱহাৰ কৰা হয়; যথা- ‘তেওঁ ইয়াত থকা কালত আমাৰে সৈতে বৰ আত্মীয়তা হৈছিল; কিন্তু এতিয়া তেওঁৰ তেনে ভাৱ নাই । পদ্যৰ শেষৰ ফাঁকিৰ অন্তত এই চিন দুটা হয়; যেনে- 'কৃষ্ণৰ কিঙ্কৰে ভণিলা শঙ্কৰে হৰি হৰি বোলা সমস্ত

নৰে ৷”

প্রশ্ন-কুট (?) সোধা কথাৰ পাচত এই চিন দিয়া যায়; যথা- এই পুথিখনিৰ নাম কি? কেৱল পেট পোহাই মানুহৰ কাম নে?

ভাৱবোধক কুট (!) এই চিন মনৰ দুঃখ আদি ভাৱ, নাইবা সম্বোধন বুজোৱা কথাৰ শেষত দিয়া যায়;

যথা- হায় হায়! হে জগদীশ্বৰ! উঃ কি ভয়ঙ্কৰ কথা!

প্রক্ষেপ-চিহ্ন (“ ”)- এই চিন আপুনি লেখা বাকাৰ ভিতৰত অন্য মানুহে কোৱা বা লিখা কথা সুমালে সেই কথাৰ আগ-পাচত দিয়া যায়; যথা- পাহৰণত কৰা দোষ ক্ষেমিব লাগে; কাৰণ জ্ঞানী সকলে কৈছে “ভ্ৰম কৰা মানুহৰ, আৰু ক্ষমা কৰা ঈশ্বৰৰ, গুণ।” বিদ্যা শিকা অতি উচিত, কাৰণ শাস্ত্ৰে কৈহে “অজ্ঞানী মানুহ আৰু সামানা জন্তুৰ মাজত একো প্রভেদ নাই।”

বেষ্টন ৰেখা [ ] - এই চিন কোনো শব্দৰ অৰ্থ, নাইবা আগত লিখা বাক্যৰ কোনো বিশেষ বিবৰণ লিখিলে সেই অর্থ অথবা বিবৰণ বুজোৱা কথাৰ আগ-পাচত ব্যৱহাৰ কৰা যায়; যেনে- তদ্ধিত প্রত্যয়ে নিমিত্তে উপাত্ত [শেষ আখৰৰ আগত থকা ] আকাৰত অকাৰ হয়, ঈশ্বৰৰ সমীপত (গুৰিত) প্ৰাৰ্থনা কৰোঁ ।

উৰ্দ্ধৰেখা ( * ) - এই চিন অকলৈ থাকিলে ওপৰত থকা অর্থাৎ ঈশ্বৰক বুজায় আৰু মানুহৰ নামৰ আগত

দিলে মৰা বুজায়; যথা- শ্ৰীশ্ৰী সমীপত, অর্থাৎ ঈশ্বৰৰ আগত। ৰুদ্ৰেশ্বৰ সিংহ অৰ্থাৎ মৃত ৰুদ্ৰেশ্বৰ সিংহ, শঙ্কৰ দেউ ইত্যাদি।

একদেশ চিন (-) - সমাসৰ দ্বাৰা লগ লগা দুটা পদৰ মাজত, নাইবা এটা শব্দৰ এডোখৰ এশাৰীত, আন তোখৰ আন শাৰীত, লিখা হলে প্রথম শাৰীৰ অন্তত এই চিন দিয়া যায়; যথা- মাতৃভাষা; কৰ্ম্ম কৰ্ত্তা ইত্যাদি। ধনু-ৰেখা (1) বাও ফালে ভালেমান নাম- আদি লিখি সোঁফালে লিখা সংক্ষেপ বিবৰণ সেই সকলোতে খটা বুজাবলৈ এই চিন দিয়া যায়; যেনে-

কৃষ্ণৰাম,

ৰামকৃষ্ণ, থকা ঠাই শিৱসাগৰ।

অনুক্তি-চিহ্ন (-) - কোনো কথাৰ মাজত কোনো মানুহৰ নাম- আদি প্ৰকাশকৈ কবৰ ইচ্ছা নহলে এই চিন দিয়া যায়; যথা- শ্ৰীযুত যেনে কাম কৰিছে তাক কি কম ? লোপ চিহ্ন (°°°°)-কোনো কথা এৰি দিয়া বুজাবলৈ এই চিন দিয়া যায় ।

উপসর্গবিলাকৰ অৰ্থ ।

লক্ষ-প্ৰকৰণত যিবিলাক উপসর্গ দিয়া হৈছে, সেই বিলাকৰ অৰ্থ তলত লিখা গল। উপসর্গবিলাক যি ধাতুৰে লগ লাগে, কেতিয়াবা তাৰ অৰ্থ গোটেই ওলোটা হয়, কেতিয়াবা অলপ লৰে, কেতিয়াবা আক্টে একে দৰেই থাকে, আৰু উপসৰ্গৰ আপোনাৰ অৰ্থো সদায় একেদৰে নেথাকে; যেনে- প্র (উত্তম ৰূপে), হৃ (হৰণ কৰ), প্ৰহাৰ, [অর্থ)

আঘাত; প্রতি (সমুখে), হৃ (হৰণ কৰ) প্ৰতিহাৰ, [অর্থ] দুৱৰী; ইত্যাদি । এ উত্তম, আগ বাঢ়ি যোৱা, অতিশয় ইত্যাদি।

পৰা ভঙ্গ, অতিশয়, শ্ৰেষ্ঠ হোৱা, অপমান দিয়া ইত্যাদি ।

অপ- মন্দ, সামানা, বিৰুদ্ধ, বিভিন্ন ইত্যাদি।

সং- উত্তম, একে-লগ, সমুদায় ইত্যাদি।

নি- নিশ্চয়, ভিতৰ ওপৰ, নথকা, বাধা ইত্যাদি ।

অৱ দূৰ, মন্দ, হ্ৰাস, তললৈ নমা ইত্যাদি।

অনু- পাচ, তুলা, নীচ ইত্যাদি।

নি- দুখ, বাধা, মন্দ ইত্যাদি।

দুৰ- নথকা, নিশ্চয়, বাহিৰ ৰিনা ইত্যাদি । ৱি বিশিষ্ট, হীন, বেয়া, বিকাৰ, অন্য ইত্যাদি।

অধি ওপৰ, প্ৰধান ইত্যাদি।

সু- সুন্দৰ, উজু, অতিশয় ইত্যাদি।

উৎ- উর্দ্ধ, শ্রেষ্ঠ ইত্যাদি । 

পৰি সকলো ফালে, সকলো প্ৰকাৰে, অতিশয় ইত্যাদি। প্রতি- তুলা, গাইগাই, ওলটোৱা, সমুখ, বিৰুদ্ধে ইত্যাদি।

অপি- সন্দেহ, ওপৰ ইত্যাদি।

অভি- সমুখ, প্রধান, ওচৰ ইত্যাদি । অতি অধিক, প্রধান ইত্যাদি।

উপ- সামান্য, প্রায় তুলা, ওচৰ ইত্যাদি। আ- অলপ, ক্ষুদ্র, পর্য্যন্ত, অৱধি, পুনৰ ইত্যাদি ।

অসমীয়া ভাষা ৷

অনেকে ভাবিব পাৰে যে, আহম-জাতিৰ ভাষাক বা আহম জাতিৰ ভাষাৰপৰা ওলোৱা এটা ভাষাক অসমীয়া ভাষা বোলা যায়; কিন্তু সেই কথা নহয়; এই আসাম (অসম) দেশ পূৰ্ব্বে চুটিয়া, বাৰভূঞা আৰু কছাৰীৰ অধীন আছিল; আৰু সেই সময়ত এই দেশত থকা হিন্দুবিলাকৰ কোনো এক বেলেগ ভাষা আছিল; পাচত শ্যাম দেশী আহম- জাতি ইয়ালৈ আহি এক হয়। সিবিলাকৰ সেই কালৰ ভাষা আৰু ধৰ্ম যে বেলেগ আছিল, ইয়াক সকলোৱে জানে। যদিও আহমজাতিয়ে এই দেশৰ ৰাজত্ব পোৱাত সিবিলাকৰ ভাষা ইয়াত চলা সম্ভৱ আছিল, তথাপি বোধ হয়, সেই সময়ত তেওঁবিলাকৰ লগত ইয়ালৈ অহা মানুহৰ সংখ্যা অতি অলপ হেতু আপোনাৰ ভাষাতকৈ এই দেশৰ ভাষা কবৰ অধিক প্রয়োজন হৈছিল; আৰু, অনুমান হয়, এই কাৰণেই নিজা ভাষালৈ আওহেলা হৈ ক্ৰমে অসমীয়া ভাষাই তেওঁবিলাকৰ আপোন-ভাষা যেন হল । তেনে সময়তে ৰজাই হিন্দু ধৰ্ম্ম লোৱাত আহমবিলাকে ধৰমৰ লগতে তেওঁবিলাকৰ ভাষাকো এৰি একেবাৰেই হিন্দুজাতিত সোমাল। তেতিয়াৰেপৰা আহমভাষা ক্ৰমে অচলিত হৈ আহিবলৈ ধৰিলে । আজি কালি দেওঁধাই, বাইলুক্ষত বাজে আন আহমে সেই ভাষা নেজানে, কেৱল সম্বন্ধ বুজোৱা পুলিন, পুথাও ইত্যাদি গোটা চারেক কথা মাথোন আহম জাতিৰ মাজত চলিত আছে। ইয়াত বাজে অসমীয়া ভাষাৰ লগত মিহলি হোৱা মূল বা অপভ্রংশ আহম-শব্দ নিচেই অলপ । ৰজাই হিন্দুধৰ্ম্ম লোৱাৰ পাচত, ভাটীৰ নানা ঠাইৰপৰা মানুহ অনাই এই দেশত পাতিলে। তাতে সেই সেই দেশৰ কোনো কোনো কথাত অসমীয়া ভাষাৰ লগত মিহলি হৈ সি আগতকৈ চহকী হল, এই দেখি উড়িয়া, হিন্দুস্থানী আৰু বঙ্গালী ভাষাৰো শব্দ অসমীয়া ভাষাৰ লগত পোৱা যায়। অতি পূৰ্ব্বকালত প্ৰায় গোটেই ভাৰতবৰ্ষতে সংস্কৃত মাথোন প্ৰচলিত আছিল। কালক্ৰমত উচ্চাৰণ লৰ চৰ হৈ সেই সংস্কৃতৰপৰা প্ৰাকৃত ভাষা ওলায়; পাচত সেই ভাষাৰ পৰা হিন্দী-আদি অনেক ভাষাৰ সৃষ্টি হয়; আৰু বোধ হয়, পুৰণি অসমীয়া ভাষাও তাৰে এটা ঠাল আছিল; পাচত হিন্দী-বাঙ্গালী আদি আন আন ভাষাৰ অনেক শব্দ তাৰ লগত মিহুলি হৈ সি এতিয়াৰ অৱস্থা পাইছে; এই ৰূপে মিহলি হোৱা বিদেশী শব্দত এনে অনেক মূল সংস্কৃত শব্দ অসমীয়া ভাষাৰ লগত এনেহে মিহলি হৈ আছে যে, সেইবিলাক মাতক অনেকে সংস্কৃত বুলি নেজানে; চাল, চালনী, শাক, সৰু ইত্যাদি শব্দবিলাক এই উত্তিৰ প্ৰমাণ ।

যদিও অসমীয়া ভাষাৰ সংস্কৃতেই গুৰি আৰু সংস্কৃত অতি উত্তম ভাষা, তেও অসমীয়া ভাষা লিখোঁতে যেতিয়ালৈকে আমাৰ মনৰ ভাৱ বুজাবৰ কাৰণ অসমীয়া ভাষাত চলি থকা কোনো এটা শব্দ পোৱা যায়, তেতিয়ালৈকে অচলিত সংস্কৃত শব্দ লিখা অযুগুত; কিন্তু যেতিয়া দেখা যায় যে, কোনো এটা ভাৱ প্ৰকাশ কৰিৰ পৰা শব্দ আমাৰ ভাষাত নাই, তেতিয়া মতে সংস্কৃতৰপৰা, তাত নহলে আন ভাষাৰপৰা শব্দ ধাৰ কৰাত একো দোষ দেখা নেযায়, আৰু তেনে কৰাৰপৰা ভাষা ভাল আৰু চহকী হে হয়। কিন্তু এই কথালৈ মন নকৰি এতিয়া অনেক ন লেখাৰুৱে পণ্ডিতালি দেখাবৰ ইচ্ছাৰে অসমীয়া লিখাত পাচিয়ে পাচিয়ে সংস্কৃত শব্দ সুমাই মনেৰে ভাবে যে, তেওঁবিলাকৰ লেখা বৰ শুৱলা হৈছে; কিন্তু সিবিলাকে ভাবি চাব লাগে যে, হীৰা মুকুতাবিলাক যদিও বৰ ভাল আৰু বহুমূলীয়া বস্তু, তেও সেইবিলাকক কিৰূপে পিন্ধিব লাগে তালৈ নেচাই নাক, কান, চুলি ইত্যাদি সকলো ঠাইত আঁৰি ললে, যি জনে সেই কাৰ্য কৰে, তেওঁ ধুনীয়া নহৈ আপনাক বীভচ মাথোন দেখাব; আৰু সকলোৱে তেওঁক চহকী বোলাব খোজা চহা বুজি হাঁহিব।

বিশেষ, শব্দবিলাক আমাৰ মনৰ ভাৱবিলাকৰ বাহন মাথোন। তেনে এটি বাহন নহলে কোনো ভাৱ মনৰপৰা বাহিৰ হব নোৱাৰে, এই কাৰণেই শব্দৰ আৱশ্যক হয়। তাতে যেনেকৈ আমি উঠি ফুৰিব পৰা কোনো এটা আমাৰ সুকীয়া বাহন থাকোঁতে আনক বাহন মগা অযুগুত, তেনেকৈ মনৰ ভাৱ প্ৰকাশ কৰিব পৰা আমাৰ আপোনাৰ শব্দ থাকোঁতে লোকৰ শব্দ ধাৰ কৰাও অনুচিত, ডেকা লেখাৰুসকলে এইটি কথা মনত ৰাখিব লাগে, ইতি । 

7
প্ৰবন্ধ
ৰাচনৱলী সম্পাদক। ১ম
0.0
"হেমচন্দ্ৰ বৰুৱা ৰচনাৱলী সম্পাদক ১ম" প্ৰখ্যাত হেমচন্দ্ৰ বৰুৱাৰ প্ৰচুৰ ৰচনাৰাজি উন্মোচন কৰা সাহিত্যিক ভঁৰাল। এই উদ্বোধনী সংস্কৰণত তেওঁৰ মৰ্মস্পৰ্শী কবিতাৰ পৰা আৰম্ভ কৰি অন্তৰ্দৃষ্টিসম্পন্ন ৰচনা আৰু আকৰ্ষণীয় চুটিগল্পলৈকে বিভিন্ন লেখাৰ সংকলন কৰা হৈছে। বৰুৱাৰ কথাৰ চশমাৰে পাঠকে তেওঁৰ সাহিত্যিক শক্তিৰ বিৱৰ্তনৰ সাক্ষী হৈ তেওঁৰ সময়ৰ সাংস্কৃতিক আৰু সামাজিক পৰিৱেশৰ মাজেৰে যাত্ৰাত নামি পৰে। বৰুৱাৰ গল্প কোৱাৰ সমৃদ্ধি আৰু সাহিত্যলৈ তেওঁৰ অৱদানৰ চিৰস্থায়ী প্ৰাসংগিকতা অনুভৱ কৰিবলৈ এই সংকলনত নিজকে বিলীন কৰক।
1

কানীয়াৰ কীৰ্ত্তন

9 November 2023
0
0
0

প্রথম অঙ্ক প্রথম দর্শন ভদ্ৰেশ্বৰ বৰুৱাৰ চৰাঘৰ (যোৰ পাটী-ঢাত বৰ গাঁৰু আৰু আগত তামোলৰ বটা লৈ ভদ্ৰেশ্বৰ উপবিষ্ট ) পদ্মপাণি মহন্তৰ প্ৰবেশ ভদ্ৰেশ্বৰ- গোসাঁইদেউ বহোক, ভালেমান দিন দেখো দেখা নাই, কলৈ নো

2

পাঠ-মালা ।

10 November 2023
0
0
0

বালকবিলাকর প্রতি সম্বোধন । হে প্রিয় লরাবিলাক ! তোমালোকে দেখিছা, যে আমার দেশাধিকারসকলে তোমালোকর হিতর নিমিত্তে ধন ভাঙ্গি পঢ়াশালি পাতি দিছে৷ এনে সুচল পাইও যদি তোমালোকে বিদ্যা আৰ্হি জ্ঞানী নোহোৱাঁ, তেন

3

অসমীয়া ভাষাৰ ব্যাকৰণ

11 November 2023
0
0
0

অথ ণত্ববিধি । ১। ব ব এবং ঋ ঋ ইহঁতৰ পিছত নৰ ঠাইত ণ হয়, আৰু কবৰ্গ, পবর্গ এবং হ য ব এই সকল বর্ণে মাধ্যত ব্যবধান কৰিলেও হয়। যথা কৃষাণ, বৰ্ণ, হৰণ, কৰণ, কাৰণ ইত্যাদি। ব্যবধান হলে যেগে, ক্ষেপন, দর্পণ, কার

4

অসমীয়া ব্যাকৰণ

13 November 2023
0
0
0

অসমীয়া ব্যাকৰণ ব্যাকৰণ কি। সকলো জন্তুতকৈ মানুহবিলাকৰ স্বভাৱ বেলেগ। সিবিলাকে ইটোৰ ওপৰত সিটোৱে ভাৰসা ৰাখি অনেক গোট খাই একে ঠাইত থাকে। এই দৰে থাকিব লাগিলে আপোনাৰ মনৰ ভাৱ জনাবৰ আৰু আনৰো মনৰ ভাৱ যুদ্ধেব

5

অসমীয়া লৰাৰ ব্যাকৰণ ৷

14 November 2023
0
0
0

ব্যাকরণ কি? যিবিলাক নিয়ম জানিলে কোনো এক ভাষা শুদ্ধকৈ লিখিব আৰু কব পারি, সেইবিলাক থকা পুথিক সেই ভাষার ব্যাকরণ বোলা যায়। এই পুথিত অসমীয়া ভাষা শুদ্ধরূপে কবর আৰু লিখিবর কিছুমান নিয়ম আছে, এতেকে ই অসমী

6

গা ভালে ৰাখিবৰ উপায় আৰোগ্যৰক্ষাবিধানৰ আদি-পাঠ

15 November 2023
1
0
0

১। বিশুদ্ধ বায়ু (১) বায়ু আৰু কিহৰ দ্বাৰা সি নিৰ্ম্মিত। ৪। আহাৰ বা পানী নোখোৱাকৈ আমি কেইবা দিনো জীয়াই থাকিব পাৰোঁ; কিন্তু বায়ু নহলে আমি খন্তেকতে মৰোঁ। এই জগতলৈ আহি প্ৰথমতে আমি দেহৰ ভিতৰলৈ বায়ু স

7

শ্রীহেমচন্দ্র দেবশর্ম্মার দ্বারা লিখা হৈ।

16 November 2023
1
0
0

আদি পাঠ। মাজ চোৱা। আলচ। হে মোৰ মৰমৰ লৰা বিলাক তোমালোকে কঁঠালৰ এঠা দেখিছা। — সি কেঁছাই থাকোতে সকলো বস্তুকে কামোৰ মাৰি ধৰে, কিন্তু শুকালে একোতে নেলাগে। মানুহৰ বুদ্ধিও তেনে। লৰা কালৰ বুদ্ধিএ কেঁছা এঠা

---

এখন কিতাপ পড়ক