shabd-logo

অধ্যায় ৩

8 November 2023

6 দৰ্শন কৰা হৈছে 6

ফুলেশ্বৰী ভাইদেৱৰ এই কথাত আঘণীয়ে চকুৰ আনন্দ আৰু কৃতজ্ঞতা অঙ্গৰে ফুলেশ্বৰী ভাইদেয়ৰ ভৰি তিয়াই সেৱা কৰি বৈষ্ণবী মাতৃৰ ওচৰ পালেগৈ ।

ধনেশ্বৰৰ নিবেদনমতে দেউৰীসকলে আঘণীক ধনেশ্বৰক তামাৰ মাইৰ প্ৰসাদ নিতৌ আনি দিবলৈ অনুমতি দিবলৈ বাধ্য হল। সেই অনুসৰি সেইদিনা ফুলেশ্বৰী আইন্নেত খাটনি কৰি আহিবৰ পিচ দিনাৰপৰা আঘণীয়ে ধনেশ্বৰক প্রসাদ পানী ইত্যাদি দিয়াত পৰিল। ভাত পানী দিয়াৰ লগে লগে আঘণীয়ে সৈতে ধনেশ্বৰে নানা ইষ্টআলাপ, প্রেম সম্ভাষণ। আদিও কৰিবলৈ পাইছিল। কেতি- য়াবা কেতিয়াবা দুয়ো গলত ধৰা-ধৰি কৰি কান্দিছিলোঁ।। ধনেশ্বৰে এদিন কলে : - আবণি ! মই মৰিবৰ সময়তো তোৰ নাম লই ঈশ্বৰ কৃষ্ণত জনাম যেন ইহ জনমত নহল নাই, সি জনমত দুয়ো লগ লাগিম। তাৰ এই কথাত আঘণীয়ে কান্দিলে। অষ্টমীলৈ পাঁচ দিনমান থাকোতে এদিন আঘণীয়ে কলে :- "ধনাই ! তই মোক ভাল নোপোৱা হলে তোৰ কিজানি এই দুর্দশা নহলহেতেন । তাই এটা কাম কৰ। মোৰ এই সাজ কাপোৰ যোৰ ওই পিন্ধি তোৰ যোৰ মোক দি তই ওলাই যা। কেৱে ধৰিব নোৱাৰিব। তোৰ সলনি এই বদি ঘৰত ময়ে থাকে৷, মোক বলি দিব নোৱাৰে কিয়নো মই মাইকী মানুহ । পূৰ্ব্বাপৰ ৰীতিমতে মাইকী মানুহক ৰক্ষাক, ব্ৰাহ্ম ণক, আহোমক, বয়সীয়াল মত। মানুহক বলি দিব নোৱাৰে।" ধানশ্বৰে কলেঃ – “কি কথা কওর ঐ মোৰ আঘণি । মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ। জীউটো গলেও মই নিজৰ গৌৰৱ, আত্ম সন্মান, সকলোকে লোপ কৰি, মাইকীৰ লাজ কাপোৰ পিন্ধি বেশ লই, আগলৈ সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈ পলাই ৰাৱ নোৱাৰোঁ। মই বীৰ জাতিৰ লৰা । দৈবৰ দুৰিপাৰত মই বৰ্ত্তমানে ষাঁড়ৰ খেলত পৰি খলিত যাবলৈ ওলালেও মই আগৰ ৰত্নধ্বজ ৰজাৰ জীৱাৰী বংশৰছে লৰা। গৌৰৱ হানি আৰু হাঁহিয়াৰ পাত্ৰ হোৱাতকৈ মৃত্যু মোৰ পক্ষে শতগুণে শ্রেষ্ঠ।

আঘণী— “যদি দৈবে, ভাষাৰ মায়ে ৰক্ষণ নকৰে তেন্তে দেখোন থাক উপায় নাই যদিও শদিয়াখোৱা গোঁহাইত খাটনি ধৰোৱা গৈছে তোৰ ৰক্ষাৰ নিমিত্তে ।"

ধনেশ্বৰ "প্ৰভু কৃষ্ণই যি কৰে সেয়ে হব আৰণি ! তই বেজাৰ নকৰিবি। উপজিছিলো যেতিয়াই তেতিয়াই এদিন মৰিবই লাগিব । তই মোলৈ পাৰি পেলা। এতিয়া ঘৰলৈ যাগৈ যা আণীতে চকু চলচলীয় কৰি ঘৰলৈ গল ।

... পঞ্চ আহোম, চুড়িয়া, দেউৰা ইত্যাদি লোকে লোকারণ্য। শচিনা খায়। গোঁহারে তাঁকে ফুলেশ্বৰী আইদেৱৰ খেচ খেচনীত তত নাপাই ৰাইজক থাৰু বৈষ্ণৱাঁক মতাই আনিছিল । শদিয়াগোয়া গোঁহাইদেৱে বৈষ্ণবীক কলে : - “বৈষ্ণবি! দেও পৰীক্ষাটোত যে কারসাজি হৈছিল তুমি প্ৰমাণ কৰিব পাৰিধানে

বৈষ্ণবী — "পৰা হব দেউতা ঈশ্বৰ ।"

শঃ খোঃ গোঃ—"তেনেহলে আৰম্ভ কৰা সকলো ৰাইজে লেখক। কি কি লাগিব কোৱা ।"

বৈষ্ণবী — থিলা ভূজপত্র অনওিক । কুছম গোৰোচনা থাক এটা খাগৰিৰ কাপ জনাওক। তিনিটা ৭/৮ বছৰীয়া লৰা আনক | ছচটা বাঁহৰ কামি জনাওক।" 

লই, আগলৈ সকলোৰে হাঁহিয়াতৰ পাত্ৰ হৈ পলাই ৰাৱ নোৱাৰোঁ। মই বীৰ জাতিৰ লৰা । দৈবৰ দুৰিপাৰত মই বৰ্ত্তমানে ষাঁড়ৰ খেলত পৰি খলিত যাবলৈ ওলালেও মই আগৰ ৰত্নধ্বজ ৰজাৰ জীৱাৰী বংশৰছে লৰা। গৌৰৱ হানি আৰু হাঁহিয়াৰ পাত্ৰ হোৱাতকৈ মৃত্যু মোৰ পক্ষে শতগুণে শ্রেষ্ঠ।

আঘণী— “যদি দৈবে, ভাষাৰ মায়ে ৰক্ষণ নকৰে তেন্তে দেখোন থাক উপায় নাই যদিও শদিয়াখোৱা গোঁহাইত খাটনি ধৰোৱা গৈছে তোৰ ৰক্ষাৰ নিমিত্তে ।"

ধনেশ্বৰ "প্ৰভু কৃষ্ণই যি কৰে সেয়ে হব আৰণি ! তই বেজাৰ নকৰিবি। উপজিছিলো যেতিয়াই তেতিয়াই এদিন মৰিবই লাগিব । তই মোলৈ পাৰি পেলা। এতিয়া ঘৰলৈ যাগৈ যা আণীতে চকু চলচলীয় কৰি ঘৰলৈ গল ।

... পঞ্চ আহোম, চুড়িয়া, দেউৰা ইত্যাদি লোকে লোকারণ্য। শচিনা খায়। গোঁহারে তাঁকে ফুলেশ্বৰী আইদেৱৰ খেচ খেচনীত তত নাপাই ৰাইজক থাৰু বৈষ্ণৱাঁক মতাই আনিছিল । শদিয়াগোয়া গোঁহাইদেৱে বৈষ্ণবীক কলে : - “বৈষ্ণবি! দেও পৰীক্ষাটোত যে কারসাজি হৈছিল তুমি প্ৰমাণ কৰিব পাৰিধানে

বৈষ্ণবী — "পৰা হব দেউতা ঈশ্বৰ ।"

শঃ খোঃ গোঃ—"তেনেহলে আৰম্ভ কৰা সকলো ৰাইজে লেখক। কি কি লাগিব কোৱা ।"

বৈষ্ণবী — থিলা ভূজপত্র অনওিক । কুছম গোৰোচনা থাক এটা খাগৰিৰ কাপ জনাওক। তিনিটা ৭/৮ বছৰীয়া লৰা আনক | ছচটা বাঁহৰ কামি জনাওক।" 

বৈষ্ণবীৰ কথামতে শদিয়াখোৱা গোঁহাইদেৱে ততালিকে চাs- ডাঙৰ হতুৱাই এইবিলাক অনোৱাই দিলে। তেতিয়া বৈষ্ণবীরে সেই খান ভূজপত্ৰত কমলেশ্বৰ গোঁহাইদেরকে আদি কৰি ৯ জন ডেকাৰ নাম কুঙ্কুম গোৰোচনাৰে লেখোৱালে । তাৰ পিছত কলে :- দেউতা ঈশ্বৰ ! বামাচাৰী তান্ত্রিকে কৰি দেখুৱা পৰীক্ষা দুটাকে এই কৰি দেখুৱাওঁ দেউতা ঈশ্বৰে আদেশ কৰক কাৰ নাম তোলাই "

শহিয়াখোৱা গোঁহাইদের "বাৰু আমাৰ কমলেশ্বৰ গৌতাই দেৱৰ নানকে তোলাই দিয়াচোন । শদিয়াখোৱা গোহাইদেৱৰ আদেশত এটাইবিলাক ৰাইজে মিচিকিয়া হাঁহি মাৰিলেও একবোৰে নিজম হল। বষ্ণবায়ে ৮ বছৰীয়া লৰা এটা অনাই তাৰ চকুত তৰপ কাপোৰ চান্ধিলে তাৰ পিছত তাৰ ৰৰপৰা ভৰিলৈকে তাৰ গা নোচোৱাকৈ 0 লাগে দেৱৰ কাছে পান শান- মিহলি কৰাই সেই জনতার হাতত দিয়াই বৈষ্ণবাঁয়ে কলে তই বাওহাতত সেইভূজপত্র কেইখিলা লই সাঁহাতেৰে তাৰে এখিলা লই দেউতা ঈশ্বৰৰ হাতত দে। আদেশ দয়া মাত্রেই সেই লৰাটোৱে এখিলা ভূজপত্র শদিয়াখোৱা গোঁহাই দৰ হাতত দিলে। শদিয়াখোৱা গোঁহাইদেৱে যে চায়, সেইখান কমলেশ্বৰ গোঁহাইৰ নামৰ ৰাইজক শদিয়াখোৱা গোঁহাইদেৱে জনালে ইিজ চাওকহি মই কমলেশ্বৰ গোহাইদেয়ৰ নামকে তুলিবলৈ কৈছিলো বঞ্চধীয়ে তেওঁৰে নাম তোলাই ছিলে" "ভূজপত্রখান মুখীয়া সকলে চাৱাঁহি”। গোঁহাইনেশ্বৰ আদেশ মতে ১০ ১২ জন বৃদ্ধ চুতীয়া, দেউৰী, ৰাহোমে আহি চালে চাই আচৰিত হল- সকলো ৰাইজে জানিলে যে বামাচাৰী তান্ত্রিকে কৰা পৰীক্ষাৰ দৰে বৈষ্ণবীয়েও যায় 

তুলিবলৈ দিলে তাকে তোলালে । তাৰ পিছত বৈষ্ণবীরে তিনি ওটা লৰাকে আকৌ সেইৰে চকুত কাপোৰ বন্ধোৱাই সিহঁতৰ গাত মূৰৰপৰা ভৰিলৈকে হাত বুলনি দি দুটা লৰাক কামি দুডাল ছইও মুৰে ধৰি দিলে। তৃতীয় লৰাটোৰ হতুৱাৰ ভূজপত্র কেখিলা এখিলা এখিলাকৈ দুয়ো কামিৰ সোঁ যাতে দিয়াব ধৰিলে, ভাঙ খিল৷ মান সৰকি মাটিত পৰাৰ পিছত এখিলা ভূজপত্রক কামি দুয়োভাল ফেত খাই চেপা মাৰি ধৰিলে। শদিয়াখোৱা গোঁহাইদের আৰু ৰাইজেও চাই দেখে যে সেইখিলা কমলেশ্বৰ গোঁহাইয়েৰ নামৰ । তেতিয়া বৈষ্ণবী মাতৃয়ে হাত ধোৰ কৰি ৰাইজক জনালেঃ "লেখক ৰাইজ। দেউতা ঈশ্বৰে আদেশ দিয়া মতে ম‍ই কমলেশ্বৰ গোঁহাইৰ নাম তোলাই দিখালো । এই ঘৰেই লাফাই দেউৰীৰ অনুৰোধত বামাচাৰী তান্ত্রিকে ধনেশ্বৰ চুতীয়াৰ নাম এনেকুৱা যাদু বিদ্যাৰেই কাৰণাজি কৰি তোলাই দিছিল। দেখক ধনেশ্বৰ চুতীৰা নিৰ্দোষী। ৰাইজে আৰু দেউতা ঈশ্বৰে ধানশ্বৰ চুতীয়াক মুক্ত কৰি এৰি দিয়ক।" তেতিয়া গইজে চিয় ৰি চিয়াৰ কলে "এৰা দেউতা ঈশ্বৰ ধনেশ্বৰৰ চুতীয়াক এৰি দিয়ক গৈ । " 15 গোতাই দেে “বাৰু তাক মুক্ত কৰা হব এইদৰে কই ৰাইজক বিদায় দিে ৰাইজ ঘৰাঘৰি গলত বৈষ্ণধীক ওচৰলৈ মাতি নি সুধিলে - বৈষ্ণবি ! বাৰু কোৱাচো কি যান বা মন্ত্ৰৰ বলত বামাচাৰীয়ে কৰাৰ দৰে তুমিও ইমান আচাৰত কামটো কৰি দেখুৱাশ

বৈষ্ণবী – “দেউতা ঈশ্বর! ইয়াত মন্ত্রও নাই যাছও নাই। আছে মাথোন এটা প্রবল ইচ্ছা শক্তি। ম‍ই লৰা কেইটাৰ গাত হাত বুলাই মই সিহঁতৰ জীউ কেইটাক মোৰ বশ কৰি লইছিলো। তাৰ পিছত মই মোৰ নিজৰ মনত কমলেশ্বৰ গোঁতাইৰ নামটো জণ কৰিছিলো । সেই অনুসৰি লৰা কেইটাৰ জীয়ে কমলেশ্বৰৰ নামটোকে তুলি দিছিল”। 

শঃ খোঃ গোঃ- মইও যদি এটা মানুহৰ নাম সেইদৰে অপি তোমাৰ নিচিনাকৈ পৰীক্ষা কৰে। মইও পাৰিমনে ? বৈষ্ণব' 'দেউতা ঈশ্বৰ যেতিয়াই শতবিলাক প্ৰাণৰ ওপৰত

ৰ। তেতিয়াই মোৰ দেউতা ঈশ্বৰৰ মন বলাঁ । দেউতা ঈশ্বৰে

পাৰিলেও পাৰিব পাৰে । "

শঃ খোঃ গোঃ- সকলোৱে কৰিব পাৰিবনে ?

বৈষ্ণবী "সকলোৱে কৰিব নোৱাৰে যাৰে যাৰে মন বলী, ইচ্ছা শক্তি বৰ প্ৰবল সেই সকলেহে পাৰিব । ” শঃ থোঃ গোঃ—“বাৰু মননো কেনেকৈ বলী কৰা যায় ।"

বৈষ্ণবী – “দেউতা ঈশ্বৰ মনক একাগ্ৰ কৰিব পাৰিলে, অর্থাৎ সময়ত আন সকলো চিন্তা এৰি মনক এটা বিষয়ত গলালে মনে সেই বিষয়টো সিদ্ধি কৰিব পাৰে। সচৰাচৰ, আমাৰ সন্ন্যাসী ফকিৰসকলৰ মন আৰু ইচ্ছা শক্তি বৰ বলী। তেওঁলোকে সংসাৰৰ সকলো চিন্তা এৰি কেৱল একমনে ঈশ্বৰক ভাবে। তেওঁক সেইদৰে ভাবোতে ভাবোতে মন বলী হয়। যি সকল নৰৰ ভিতৰত শ্ৰেষ্ঠ তেওঁলোকৰে। মন বলী ।"

শঃ খোঃ গোঃ- “বাৰু বৈষ্ণৰি। মই তোমাৰ দৰে কৰিয়েই

যাবে ভাৰে নাম ভোলাব পাৰিমনে ? বৈষ্ণবী—“দেউত৷ ঈশ্বৰে পৰীক্ষা কৰি চাওক ।"

বৈষ্ণবীৰ এই কথাত শঃ খোঃ গোঁতাইদেৱে সেই লৰা তিনিটাৰ

হতুয়ায়ে কনকেশ্বৰ গোঁহাইৰ নামটো' ইচ্ছা কৰি প্ৰথম পৰীক্ষাটোত ভোলালে কিন্তু ২য় পৰীক্ষাটোত মোৱাৰিলে। যি কি নহওক বৈষ্ণবীৰ ওপৰত সন্তুষ্ট হৈ গোঁহাইদেৱে কলেঃ- “বৈষ্ণবি । मই চৌথা দিনা ধনেশ্বৰক মুক্ত কৰিম । পাৰিমনে মুক্ত কৰিব 

বৈষ্ণবী- "নিশ্চর পাৰিব দেউতা ঈশ্বৰ । "

থোঃ গোঃ- বাৰু বৈষ্ণবি ! হই যদি ধনেশ্বষক এৰাই দিওঁ তেন্তে এইবেলি তামাৰ মাইৰ পূজাৰ ৰিখিনি নহবনে" পুজাৰ বিধিনি হলে ভাষাৰ মাই কুপিত হৈ ৰজা আৰু ৰাইজৰ অ কৰিবনে ?

বৈষ্ণবী--"কেলেই বিধিনি হব দেউতা ঈশ্বৰ তামাৰ মায়ে কেতিয়াও কোনো কালেই কোৱা নাই “মোক মানুহ গুলি ে তেহে মই সন্তুষ্ট থাকিম"। এটা শিলৰ বা কাঠৰ বা আন ধাতুৰ মূৰ্ত্তিৰ আগত এটা নিৰপৰাধী মানুহক বলি দিয়াটো পাপছে পূণ্যৰ কাৰ্য্য নহয়” । -

শঃ খোঃ গোঃ- “ৰাজদণ্ডত প্রাণদণ্ড পাবলগীয়া মানুহকো গোসানীৰ আগত বলি দিলে পাপ হরনে"।

বৈষ্ণবী এনেকুৱা মানুহক বলি দিলে দোষ নহয়। কিন্তু প্রাণ- মণ্ডৰ ব্যৱস্থাটোৱে অন্তার । রাজদ্রোহীকো প্রাণে নামাৰি কোনো এঠাইত ৰদি কৰি থোৱাটোহে প্রশস্ত বিধি”

পঃ খোঃ গোঃ- "বাৰু! ধনেশ্বৰ দেবী নহয়নে ? সি লাংফাই দেউৰীৰ জীয়েকক অসৎ ব্যৱহাৰ কৰা বাবে হোষী নহয়নে"।

বৈষ্ণবী – “দেউতা ঈশ্বৰ সি কৰা কামটোতো ৰাজদ্রোহ নহয়। দেউতাসকলেই দেখোন এটা ষাড়ৰ খেল পাতি সেই খেলৰ ডেকাই পৰৰ ঘৈণী জীয়াৰী বোৱাৰীৰ ওপৰত অত্যাচাৰ কৰিলেও দোষনী আৰু Pole নহর বুলি নিয়ম কৰি থৈছে। এনেস্থলত ধনেশ্বকে আধণীক মৰম কৰি চুমা এটা খাওতেই হোয়ী হলনে? আি সৰুৰে পৰা মৰম কৰি আহিছে পাৰু আঘণীয়েও তাক মৰম কৰে । সিহঁতৰ প্ৰেম পৰিত্ৰ। তাত পাপৰ গোন্ধ ভালো নাই । সি পাৰিলে জায়ণীক বিয়াও কৰাব। বিয়া কৰাই সি যদি দেউৰী বা চুতীয়া এই দুয়ো খেলৰ এখনতো ঠাই নাপায় তেন্তে সি আহোম হব বুলি কই খইছে"।

শঃ থোঃ গোঃ- বাৰু বৈষ্ণবি। তোমাৰ যুক্তি ম‍ই মানিলোঁ । পিচত কোৱাটো তুমিমো এজনী গৃহস্থি এবং, ঘৰ-দুৱাৰ এৰা বৈষ্ণবী হৈ এটা চুতীয়া লৰাক ৰক্ষা কৰিবলৈ কিয় ইমানকৈ চেষ্টা কৰিছা ? বৈষ্ণবী “উত! ঈশ্বৰ মোৰ খৰমেই হৈছে আঙুৰ, দুৰ্ব্বণী,

নিৰপৰাধীক সহায় কৰা, দৰিদ্ৰ নাৰায়ণক সেৱা কৰা। নৰেই নাৰায় । শঃ খোঃ গোঃ যদি "নৰেই নাৰায়ণ তেনেহলেনো বামা- চাৰি তাজিকে কি সেই “নৰৰূপী নাৰায়ণক গোসানীৰ আগত বলি দিবলৈ ইমান উন্মত্ত” ?

বৈষ্ণবী - "দেউতা ঈশ্বৰ সেই বিষয়ে মইনো কি কম। তান্ত্রিকে সি কি নিজেহে জানে। সি বা আগৰ কৰ চোৰ ডকাইত বা নৰহত্যাকাৰী তাকনো কোনে জানে" ?

শঃ থোঃ গোঃ— “তুমিনো কি বুলি ভাষা” ?

বৈষ্ণবী—"মই তেওঁক ভাল সাধক বা ঈশ্বৰ গুৰু বুলি নাভাবো। হয় তেওঁৰ মগজু বেয়া – নতুবা তেওঁ ভাৰ কৰবাৰ অপৰাধী মাছ নৰহত্যাকাৰী। দেউতাই ভালকৈ বিচাৰ কৰোৱালে তেওঁৰ জাতি- গুৰি পাব পাৰে ।

শঃ খোঃ গোঃ- "বৈষ্ণবি। মই চোৰাংচোৱা লগাই সেইটো বিচাৰ কৰি উলিয়াম। বাৰু এতিয়া তুমি যোৱাগৈ ।

বৈষ্ণবীক বিদায় দি পিছ দিনা পুৱাই শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাই, কমকেশ্বৰ গোঁহাই এই দুয়োজনাকে মতাই জানি কেতখিনি উপদেশ দিলে যাতে পিছদিনা তেওঁলোকে উভয়ে লগত ১০০ এশ চকুৰি কাড়ি আৰু ৰাস্তা-বাৰু ধৰা মানুহ পুৱাই তাম্ৰেশ্বৰীৰ মন্দিৰলৈ পঠায় ; আৰু দুয়ো ছটা ঘোৰাত উঠি যেন তেওঁৰ লগতে তাম্ৰেশ্বৰাৰ মন্দিৰলৈ যায়। শদিয়াখোৱা গোঁহাইৰ আদেশ অসুসৰি দুয়োজনা গোঁহায়ে নিশাৰ ভিতৰতে সকলো যতন কৰি থলে ।

[39]

মনত নানা চিন্তা ভাবনা লই ধনেশ্বৰ চুতীয়াই সপ্তমীৰ দিনা বন্দীশালত শুই আছে। বেচেৰাই বুজি থৈছিল যে পিছদিনা দুপৰীয়া তেওঁৰ হৈ জীৱনৰ অন্ত পৰিব। তেওঁৰ সৰুৰেপৰা বৰ্ত্তমানলৈকে সকলো কথা মনত পৰিল এই সোণাময় সংসাৰ কিজানি আৰু অহা কালিৰপৰা নেদেখে কৃষ্ণক ভাবি চিত্তি, কৃষ্ণনাম জপি শুই আছে। এনেতে পুৱতী নিশ৷ সামাজিক দেখিলে যেন ভাষাৰ মাইৰ মন্দিৰৰ ভিতৰৰপৰা তামাৰ মাই নিজে এজনা অতি বিপ- লিপ কন্যাৰ ৰূপ লই আহি তেওঁক কইছে। — ধনেশ্বৰ ! তই পৰম ভক্ত। তই কৃষ্ণ ভক্ত যেতিয়াই, তেতিয়াই তই মোৰ ভক্ত ৷ বাছা! মই সকলোৰে মাতৃহে। মই কেতিয়াও মানুহৰ তেজ মঙহ নাখাওঁ। এই দেউৰীবিলাকে আজি ৬. বছৰে মোৰ দেহটো কলুষিত কৰিছে মোক সকলোৰে মাতৃ গুচাই মোক এজনী ৰাক্ষসী কৰিছে। যি কি নহওঁক বাছা! মোৰ এই কলঙ্ক মুক্তিৰ দিম আহিল। বাছা | তই কৃষ্ণনাম লই থাক মই আহিলো”। এই বুলি কই ছিলিপ, কন্যাজনা যেন মন্দিৰৰপৰা গৰ পাৰ হৈ ওলাই গল। এনেতে যেন বাহিৰত সুন্দৰ স্বৰ্গীয় বাজনা বাজিছে। সাৰ পালে সাৰ পাই যে গুনে, মন্দিৰত সুন্দৰ আৰতিৰ ধ্বনি হৈছে বাজনা বাজিছে। চকু মুখ মোহাৰি বেছেৰা উঠি বহিল। এনেতে অলপ বেলিৰ পিছতে - সৰু দেউৰী হুজনে তামাৰ মাইৰ প্ৰসাদ আমি ধনেশ্বৰক খাবলৈ দিলে। ধনেশ্বৰে যথা সময়ত শৌচাচাৰ আদি কৰি গা-পা ধুই প্রসাদ খালে। এই শৌচাচাৰ আদি কৰোতে দীঘল দীঘল মোটা ৰসিৰে ককালত বান্ধি ও জন্য দেউৰীয়ে তেওঁক সৌচাচাৰ আৰু স্নান আদি কৰাইছিল। ধনেশ্বৰৰ খোৱা-বোৱা শেষ হলত আৰু দুজনা দেউৰীয়ে বন্দীশালৰ ভিতৰলৈ সোমাই আহি ধনেশ্বৰক সুন্দৰ কানি- কাপোৰ পিন্ধালে, স্বপালত ৰক্ত চন্দনৰ ফোট ৰেখা আদি দিলে, সোণ ৰূপৰ অলঙ্কাৰ পিন্ধালে। অলপ অলপকৈ বেলি উঠাৰ লগে লগে তামৰ মাইৰ মন্দিৰৰ সমুখত লোকে লোকারণ্য হলছি ! চুতীয়া, আহোম, আন জাতিৰ মানুহ, আনকি পৰ্ব্বতীরা মিচিমি আবৰ আমিও আছিল। ঢোল, খোল, মৃদঙ্গ ইত্যাদি নানা বাদ্য বাজিবলৈ ধৰিলে। 'দেউৰীসকলে পুৱাৰেপৰা মাতৃক ফল-ফুল, মল-ভাত, হাঁহ পাৰ-ছাগলি ইত্যাদিৰে পূজিছে। বেলি প্রায় দুপৰ হল । দেউৰী সৰুদেউৰী, বামাচাৰী তান্ত্রিক ইত্যাদি সকলে বন্দীশালৰ ভিতৰলৈ সোমাই গই সোণ-ৰূপ পিছোরা, কানি কাপোৰ আৰু ফুলেৰে জাক জমককৈ সজাই সজাই থোৱা ধনেশ্বৰক উলিয়াই আনিলে । ধনেশ্বৰৰ পিছে পিছে চকুলো টুকি টুকি অঘণীও ওলাই আহিল । দেউৰীসকলে ধনেশ্বৰক কঁকালত ৰছি লগাই, ঘেৰাও কৰি ধৰি আনি ৰাইজক দেখুৱালে । ৰাইজে “তামাৰ মাইৰ জয়” বুলি জয়ধ্বনি কৰিলে। এনেতে ধনেগৰে চিঞৰি চিঞৰি কলে ৰাইজসকল । মই নির্দোষী। কাৰণাজি কৰি মোক দেও পৰীক্ষাত পেলাইছে” । এই কথা কেইষাৰ কোৱা মাত্ৰেই দেউৰীসসকলে ইঙ্গিত দি ধুলীয়া খুলী - স্মাক বাজনা ৰজাৰ দিলে যাতে ধনেশ্বৰৰ কথা ৰাইজে শুনিবলৈ নাপায় । বাজনাৰ লগে লগে ধনেশ্বৰক গৰৰ ভিতৰলৈ টানি নিব ধৰিলে। এনেতে আঘণীয়ে চিঞৰি চিঞৰি কলে :- ৰাইজসকল! আপোনালোকে এই বলিক গৰৰ ভিতৰলৈ নিবলৈ নিদিব । কিয়নো আমাৰ ৰজা শদিয়া- খোৱা গোঁহাইদেৱে আহি চাই অনুমতি নিদিয়ে মানে বলিৰ গাৰ অলঙ্কাৰো সোলোকাব নোৱাৰে -বলিক বলি দিবও নোৱাৰে । আঘণীৰ এই কথা "হয় হয় বুলি ৰাইজে হাতেৰে কথাৰে দেউৰীসকলক ধনেশ্বৰক টানি নিবলৈ মন কৰিলে । অগত্যা ফেউৰীসকল আৰু বামাচাৰীয়েও ধনেশ্বৰক লই বাহিৰতে থাকিব লগাত পৰিল। আগেয়ে শিকাই থোৱামতে কমলেশ্বৰ গোঁহাইৰ এজাক সৈন্য, (প্রায় ২০/২৫ জন মান) গৰৰ দুৱাৰৰ মুখত, অর্থাৎ ধনেশ্বৰ দেউৰীসকলৰ পিছ ফালে থিয় হৈ ৰলগৈ ।

ইয়াৰ অলপ পিছতেই ধুলি উৰাই সিফালৰপৰা শদিয়াখোৱা গোঁহাই, তেওঁৰ একাষে কমলেশ্বৰ, আন কাৰে কণকেশ্বৰ নিতিউজনাই তিনিটা তেজী ঘোৰা চেকুৰাই সেই ঠাই পালেহি। লগতে কাঁড়- ধেই আৰু ঢাল-বাৰু লোৱা এশমান ৰণুৱাও পালেহি সেই ঠাই পায়েই ৰণুৱাসকল সিজিলমাত থিয় হল । ৰাইজে চিঞৰিলে জয় তামাৰ মাইৰ জয়" । "জয় স্বৰ্গৰে জয় জয় আমাৰ শদিয়াখোৱা গোঁহাইদেৱৰ জন্ম : জয়ধ্বনি থামিলত শদিয়াখোৱা গোঁহাইদেৱে কলে :– “দেউৰীসকল। বাঁডৰ বলিজনক মোৰ ওচৰলৈ আনা— এই তাক কেইষাৰমান কথা সোধো গোঁহাইদেউৰ এই আদেশত দেউৰীসকলে আৰু বামাচাৰী ভাগ্নিকে ৰছি লগোৱা ধনেশ্বৰক লই আহিল । গোঁহাইদেৱে সুধিলে :- “হেৰ ষাঁড় ! তই গোসানীৰ ভাগত বলি যাবলৈ সাজু আছনে? ধনেশ্বৰ " দেউতা ঈশ্বৰ ! মই সাজু নহওঁ। মই নিৰ্দোষী - ৰাইজলকল মই নির্দোষী, মই আহোম মোক এই তান্ত্রিকে আৰু লাংফায়ে অন্যায় কৰি, কুট চক্ৰান্ত কৰি বলিত পেলাইছে।" "এইদৰে ধনেশ্বৰে চিঞৰি চিঞৰি কোৱাৰ পিছতে শদিয়াখোৱা গোঁহাইৰ আদেশ অনুসৰি কমলেশ্বৰ গোঁহায়ে ৰাইজক কলে :- "াইজসফল | গল পৰ হিয়েই দেওপৰীক্ষাটোত যে কুট চক্ৰান্ত হৈছিল, কারসাজি হৈছিল এই কথাটো আমাৰ দেউতা ঈশ্বৰে প্ৰমাণ পাইছে । *

শঃ খোঃ গো:—“ছয় ৰাইজসকল । মই প্ৰমাণ পাইছো, পৰী-

কাটোত কারসাজি আছিল ।"

বামাচাৰী তান্ত্রিক "সেইটো কোনে প্ৰমাণ কৰিছিল। কমলেশ্বৰ- “হেৰ বন্দীকটা বঙাল ! এই দেউতা ঈশ্বৰৰ কথাত মুখে মুখে জবাব দিবলৈ লাহ পালিনে? সেইটো প্ৰমাণ অনেক ৰাইজৰ আগত বৈষ্ণবীয়ে কৰি দেখুৱাইছে।

বামাচাৰী-"কৰ বৈষ্ণবী সেইজনী ?

কমলেশ্বৰ যেনেকৈ তই কৰ বামাচাৰী কি জাতিৰ, আগৰ কৰ মানুহ নাজানো, সেইদৰে আমিও বৈষ্ণবীৰ সম্পূর্ণ আতি-গুৰি নাজানো যদিও আমি এইটো জানো যে তেওঁ ভাগৰ অসমৰে জীয়ৰী।” শঃ খোঃ গোঃ—মই এই বলিক মুক্ত কবিকে। দেউৰীসকল ! তাক এৰি দিয়া

শঃ খোঃ গোঁহাইদেৱৰ এই আদেশত বামাচাৰী ভাগ্নিকে গি চকু পকাই কলেঃ- “তামাৰ মাইৰ বলিক এৰি দিবলৈ কাৰ সাধ্য আছে। দেউৰীসকল ধৰা এওঁক বলেৰে লৈ যাওঁ তেতিয়া দেউৰীসকলে আৰু বামাচাৰীয়ে ধনেশ্বৰক টানি নিব ধৰিলে। হামাচাৰা উন্মত্ত আৰু ধনেশ্বৰৰো প্ৰাণৰ মায়া — ধনেশ্বৰ এফালে আৰু বামাচাৰী আন- ফালে দেউৰীসকল উভয় ফালৰ ভিতৰত ইমান জোতাপোতা লাগিল যে দেখি ৰাইজ স্তম্ভিত অবাক! অকল এটা চুতীয়াৰ লৰা ধনেশ্বৰক সেই ৮/১০ টা মানুতে বলে নোৱাৰা যেন দেখা গল । এৰেলি ধনেখাৰ চল চাই ৰামাচাৰীৰ বুকুত ভৰিৰে এনে এটা গোৰ সোধালে যে ধামাচাৰী ৫৪ হাত আঁতৰত গই উফৰি পৰিল ! তৎক্ষণাৎ উঠি তাৰ পিছফালে খুছি থোৱা ডাঙৰ চুৰী এখান যেই ধনেশ্বৰৰ ফালে চাচ ললে সেই শ থেt: গোহাইৰ ইঙ্গিত মতে কমলেশ্বৰ গোহারে খেদা মাৰি গই তৰোৱালেৰে বামাচাৰীৰ গলত খাপ বহালে মূৰটো গাৰিৰপৰা চিঙি মাটিত পৰিল, ৰাইজে চিঞৰিলে “জন্ম তামাৰ মাই” দেউৰীসকলে ধনেশ্বৰক এৰি যেয়ে বিপিনে পালে পলাল। টনা-আজোৰা লাগোতে লাংফাই দেউৰীৰ গতি কণকেশ্বৰৰ খাত্তাৰ অলপ যা বহিছিল। লাফাই দেউৰা সেই- খিনিতে পৰিল। জায়েকৰ মিনতিত ধনেশ্বৰৰ খেলবে চুতীয়া মানুহে লাফাইক গৰৰ ভিতৰৰপৰা একলছ পানী আনি সেই পানী খাত ঢালি দিলে তাৰ পিছত কাপোৰেৰে ঘা ডোখৰ বান্ধি তেওঁক ফাংদোল৷ কৰি ঘৰলৈ লই গল ।

ধনেশ্বৰে মুকলি হোৱা মাত্রেই আহি শদিয়া খোৱা গোহাইদেউৰ ভৰিত দণ্ডবত্ দি পৰি কলে :- “দেউতা ঈশ্বৰ! বন্দীৰ প্ৰাণ দাতা বন্দীয়ে দেউতা ঈশ্বৰৰ ধাৰ কোন জনমত সুজিম। নিজ গুণে এই পালক ভৃত্যৰো ভৃত্য কৰি লয় যেন।”

শঃ থোঃ গো: "ধনেশ্বৰ তোৰ জীৱন ৰক্ষাৰ কাৰণে তোৰ ঈশ্বৰ কৃষ্ণক ধন্যবাদ দে । লগতে এইটোও জানি লবি যে তোৰ জীৱন ৰক্ষাৰ গুৰিত তামাৰ মাইৰ প্ৰতিকৃতি বৈষ্ণবী - মোৰ জীৱাৰী ফুলেশ্বৰী আৰু লাংফাই দেউৰীৰ জায়েক আধণী।" ইয়াৰ পিছতে শদিয়াথোয়? গোঁহাই আৰু আন সকলোবিলাক ঘৰাঘৰি গল । এানতে শদিয়া অঞ্চলত এটা ডাঙৰ ভূইকপ হল। কু-সংস্কাৰ পূৰ্ণ প্ৰজাই কই- ছিল যে তামাৰ মাইৰ পূজাৰ বিধিনি হোৱাৰ কাৰণেহে সেই ভূঁই- কপটো হৈছিল। ভাংঙ্গোলাকৈ নিয়া বাপেকক নি, চাঙত তুলিলে - আঘণীয়ে ঘৰ পায়েই দেখে যে তেওঁৰ চোতালত বৈষ্ণবীয়ে কিছুমান বনৌষধি ঠেঠালি লই থিয় হৈ আছে ।

( 28 ) সেই হেন্দোলদোপ প্রজাৰ মাজত ধনেশ্বৰৰ বাপেকো আছিল। শঃ খোঃ গোঁহাইকে দণ্ডবৎ দি উঠাৰ পাছতে বাপেকে আহি ধনেশ্বৰক সাবোট মাৰি ধৰি চকুৰ পানীৰে তাৰ মূৰ তিয়াই কলে :- "বাছ!! তামাৰ মাইৰ পাত, দেউতা ঈশ্বৰৰ অনুগ্ৰহত ৰক্ষা পৰিলি । ইয়াৰ পিছতে ষাঁড়ৰ খেলৰ সমস্ত চুতীয়া মানুহেই ধনেশ্বৰক আগতী নই শঃ খোঃ গোহাঁইৰ ঘৰ পালেগৈ আৰু তাত গৈ শঃ খোঃ গোঁহাইৰ ভৰিত সকলোৱেই সাষ্টাঙ্গে দণ্ডবৎ দি কলে : - “দেউতা ঈশ্বৰে আমাৰ ধনেশ্বৰক ভাল ৰক্ষা কৰিলে। দেউতা উঈশ্বৰক ভগ- রস্তে ভালে-কুশলে ৰাখক, দেউতা ঈশ্বৰ অমৰ হওক।” ফুলে আইদেৱে ভিতৰৰপৰা ওলাই আহি দেউতাৰ গত সাবোট মাৰি ধৰি কলে : -“দেউতা আপুনি মোৰ গোহাৰিটো ৰাখিলে।” এই বুলি কই ঢেউতাকক চুমা এটা খালে। পঃ খোঃ গোহাইডেরে কলে :- 'বাছা! ধনেশ্বৰ ৰক্ষা পোৱাৰ গুৰিত আমাৰ কমলে বলাও আছে। বলেৰে টানি নিব নোৱাৰি সেই বাঘাচাৰী বঙালটোৱে ধনেশ্বৰক চুৰীৰে মাৰিব আহিছিল আৰু কমলেশ্বৰ বগাই মোৰ ইঙ্গিতত সেই বামাচাৰীটোক একে ঘারে একটাহেতেন ধনেশ্বৰৰ প্ৰাণৰ আশঙ্কা বাৰুকৈয়ে আছিল। কমলেশ্বৰ গোঁহারে তললৈ মূৰ কৰিলে। ধনেশ্বৰে ফুলেশ্বৰী আইদেউক, শদিয়া খোৱা গোহাইদেউক আকৌ সাষ্টাঙ্গে দণ্ড দি সেৱা কৰিলে - কমলেশ্বৰ আৰু কণকেশ্বৰ গোঁহাই উভয়ৰে জাগত আঠু লৈ সেৱা কৰিলে – উভয়ে ধনেবন্ধক সাবট মাৰি ধৰি তুলি কলেঃ- 'ভাই ধনেশ্বৰ ! তুমিতো এতিয়াৰেপৰা আমাৰ লগৰে আহোম এজন হল " এই বিলাক সাগৰ সম্ভাষণৰ পিছত শাঃ খোঃ গোঃ সকলোকে বিদায় দিলে, সকলোবিলাক ঘৰাঘৰি গम

এই ঘটনাৰ পিছদিনা অথাৎ নৰীৰ দিনা পুৱাই দুজন চোৰাং চোৱা দুটা ঘোৰ চেকুৰাই আহি পৰিয়া থোৱা গোঁহাইৰ চৰাত থিয় হৈ গোহাইদেৱক জনালে যে মান এজাক শদিয়াৰ ফালে আহি ডুমডুমা পাইছেহি। এই কথা শুনা মাত্রকে - খো: গো দেৱে সেই চোৰাংচোৱা দুজনৰ হতুৱায়ে কমলেশ্বৰ কণকেশ্বৰ, আৰু ধনেশ্বৰ তিনিউকো ততালিকে মতাই আনিলে আৰু চোৰাং চোৱা দুজনক বিদায় দি তেওঁৰ চাওডাওঁ তিনিজন মানক ঘোৰা দি সষ্টম কৰি এই সেনাপতিসকলক কলে:- বাচা কমলেশ্বৰ। মই এতিয়াই খবৰ পালো মান কেনো এই শদিয়াৰ ফালে আগবাঢ়ি আহি ডুমডুমা পাইছেরি ভালোকৰ দৈন। চা কালি পুৱাই যাত্ৰা কৰি নৈ পাৰ হৈ গই মানক ডাঙৰি মানতে অ ধৰিবা । সিহঁতক কোনো রকমেই নৈ পাৰ হব নিদিবা । মই আজিয়েই চাওডাঙৰ হতুৱাই ঢোল পিটি শুনাই দিও সকলোৱে দেন হুজলৈ সাজু হয়। আজিয়েই মোৰ পৰিধাৰ আৰু ফুলেশ্বৰী আইনের ছয়ে। লগ-লাগি ৰাতিটোৰ ভিতৰতে কমলেশ্বৰ গোঁহাইৰ নিমিত্তে এখান যুঁজৰ উঙালি কাপোৰ বই উলিয়াই কোন পুৱাল, কোন হুপুৱালতে কমলে গোঁহাইক দিব লাগে। সেইৰে কণকেশ্বৰ গোহাইকো ধনেকে। সিহঁতৰ ঘৰৰ তিৰোতাসকলে, আৰু যুজাৰু সকলো সৈন্তৰ নিমিত্তে সৈন্যসকলৰ ঘৰৰ তিৰোতা মানুহসকলে ৰাতিৰ ভিতৰতে যুঁজৰ কাপোৰ বই দিব লাগিব । যেয়ে ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিব নোৱাৰিব সেই গৰাকী তিৰোতাকে বৰা, শ‍ইকীয়া সকলে ও বিহিৰ। মোৰ আদেশ যেন অমান্ত নহয়। চাওডাঙহঁত যা তহঁতে গোটেই শদিয়৷ ৰাইজতে এই আদেশ শুনাই হেগৈ। *

গোঁতাইদেৱৰ এই আদেশ চাওডাঙসকলে ঢোল পিটি শুনাই দিলে। নৰমীৰ দিনৰেপৰা গোটেই শদিয়া অঞ্চল সজাগ হল। শদিয়াৰ আইসকল ওৰে নিশা উজাগৰে থাকি কপাহৰপৰা সুতা কটাৰেপৰা কাপোৰ তৈয়াৰ কৰালৈকে তাৰ নিশা চাকি লগাই কাপোৰ ৰই প্রত্যেক অসমীয়া সৈন্তকে যুঁজৰ কাপোৰ দিলে। প্রটোকটো সৈন্তাে মাতৃ, পন্থী, গুণী এই সকলৰ মৰমৰ চিন স্বৰূপে উঙালি কাপোৰ পাঠ হুজতৈ, দেশৰ শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ দহগুণ উৎসাহিত হল। অসমীয়া ৰাইজ ভাবি চাওক সেই স্বাধীন কালত অসমৰ এনেকুৱা ৰাতিৰ ভিতৰতে কাপোৰ বোৱা কাম যে কেনেকুৱা আছিল, গাঁে গাৱে, ঘৰে ঘৰে চাকিৰ পোহৰে কি যে দীপান্বিত৷ কৰি তুলিছিল ।

পরা শনিগাহে'র গোছাইয়ে গোৰা এটাৰ সৰ তোৰ মুখত আছিল। পোন প্রথমেই কমলেশ্বৰ গোহাইদেৱে তেওঁৰ ৰণুৱাসকলে সমন্বিতে মাটীত আঠু লই হাতৰ অস্ত্র ডাঙি লৈ শঃ খোঃ গোহাইদেৱত বিদায় ললে, তাৰ পিছতে সেইৰে কণকেশ্বৰ ধনেৰে ও সেৱা জনাই বিদায় বলে- সেই সময়ত গোঁহাইয়েৰ ঘৰত আৰু মন্দিৰত, আন কি ঘে ঘৰে গাৱে গাৱে শঙ্খ, ঘণ্টা, ডবা বৰকাঁহ ইত্যাদি ধ্বনিৰ লগে লগে মাতৃসকলেও উৰুলি দি এই বীৰসকলক মানৰ যুজলৈ যাবলৈ মাঙ্গলিক আচৰণ কৰি বিদায় দিছিল। ওপৰত উ

লাংফাইক মুচকচ, অৱস্থাতে চাঙতে তুলি দি চুতীয়াসকল গুচি গল। বৈষ্ণবীয়ে তৎক্ষণাৎ আঘণীক সুধি চাঙৰ ওপৰলৈ উঠি লাংফাই ফেউৰীৰ পাত বন্ধা কাপোৰখান খুলি তেওঁৰ হাতৰ সেই বনদৰৰ সোপা ঠেপঠেপীয়াকৈ ঘাৰ ওপৰত দি সেই কাপোৰেদিয়েই যা ডোখৰ বান্ধি ছিলে। তাৰ পিছত মাঘণীক খুজি ভাল পানী একাটি জানি, তেওঁ সেই পানীত জোলোঙাৰ যৎকিঞ্চিৎ ভগ্ন পেলাই দি লাংফাক্টৰ মুখত অলপ অলপকৈ সেই পানী দিবলৈ ধৰিলে । ভালেমান পৰৰ মূৰত লাংকারে চেতনা পাই চকুমেলি জীয়েকৰ লগতে বৈষ্ণবীকে। দেখা পাই এটা সেৱা জনালে। বৈষ্ণৰীয়ে লাংফাইৰ মনৰ ভাব বুজি কথা কবলৈ, আৰু হাত-ভৰি বলেৰে ডাঙিবলৈ মানা কৰি তেওঁক নিশাটো কি খুৱাব কেনেদৰে পতি- পাল কৰিব সমস্তকে আঘণীক পৰিপাটীকৈ বুজাই দি “আৰু মই কাইলৈ পুৱাই আহিম” এইবুলি কৈ মন্দিৰলৈ উলটিল ।

পিছদিনা পুৱাতে বৈষ্ণবীতে গা ধুই সন্ধ্যা আৰতি কৰি বিষ্ণু মূৰ্ত্তিত এফেৰা ভোগ লগাই, সেই ভোৰ এক অংশ লগতে লই গই লাফাইক আধা খুৱালে আধা ঘণীক খাবলৈ দিলে । তাৰ পিছত লাংফাইৰ মূৰত ধৰি হাত ফুৰাই কলে:- "বাধা। বৰ দুখ পালি নহয়নে ?"

লাংফাই—“হয় আই। পিছত গল নিশা মই এটা সমাজিক লিখিলো।” বৈষ্ণবী - "কি সমাজিক লাহে লাহে কোৱাটো শুনো।

লাংফাই – “যেন এজনা অতি ধুনীয়া ছোৱালী তামাৰ মাইৰ মন্দিৰৰ ভিতৰৰপৰা ওলাই আহি মোক কইছে-বাছা লাংকাই। তই ভয় নকৰিবি ! ওই ভাল হবি।" পিছত যেন মোক আকৌ মই নির্দোষী মানুহৰ তেজ আৰু মাংসৰ ভোগ লবলৈ কেতিয়াও কোৱা নাছিলো। প্রাণদণ্ড দণ্ডিত হব লगा মানুহক তাহানি যেতিয়া ৰাজ আজ্ঞাত মোৰ সমুখত বলি দিছিল তেতিয়াও মই সেই মানুহক নির্ভর দি মৃত্যুৰ পাছতে তাৰ জীউটে! কৈলাসলৈ নই গইছিলো কিয়নো যি মৰণ কালত মোক চকুৰে দেখি দেখি মৰিছিল। তাৰ পিছত যেতিয়া দোষী মানুহ নাপাই নির্দোষী মানুহক বলি দিবলৈ ধৰিলে, তেতিয়াৰেপৰা মোৰ প্ৰাণটো বৰ আকুল হ'ল। হায় মোৰ নামৰপৰা মাতৃত্ব কাচি নি নজনা মানুহে মোক নিজৰ সন্তান খাতী বাঘিনী বা ৰাক্ষসীতহে পেলাইছে। মোৰ মনৰ দুখত তহঁত ৰাইজৰ আৰু ৰজা ঘৰৰো দিন দিন হানি হৈছে। উজনি অঞ্চলত মৰাণৰ বিদ্ৰোহ, ভাটীত দদুৱাৰ বিদ্ৰোহ ইত্যাদি অগনি জ্বলিল, এতিয়া মানে আহি তহঁতৰ দেশ লণ্ড-ভণ্ড কৰিবলৈ ধৰিছে। যি কি নহওঁক এতিয়াৰপৰা আৰু মোৰ মন্দিৰত নৰবলি নহব। এই বেলি এই তান্ত্ৰিকৰ বলিয়েই শেষ হল”। “আই কওকচোন এইটো কি সপোন দেখিলো"।

বৈষ্ণবী—“বাবা ! এইটো উত্তম সপোন দেখিছা । মাতৃয়ে জানো কেতিয়াৰা সস্তানৰ বিশেষ পুত্ৰৰ তেজ মঙহ খার। অৱশ্যে পশুৰ ভিতৰত বিড়ালি, বাঘ আৰু কুকুৰ শিয়ালেও হেনো শেষত হোৱা পোৱালি এটা জাল স্বৰূপে থায় । আমাৰ মাইতো পশু নহয় তেওঁ গোঁসানীহে, জগতৰ মাতৃহে । তেওঁ ৰেলেই নৰবলি লব" । লাংফাই—“ তেনেহলেনো এই নৰ-বলি প্ৰথাটো কেনেকৈ আজি ইমান দিনে চলিল ।"

বৈষ্ণবী – “সেইটো মানুহৰ অজ্ঞানতা দোষৰপৰা উদ্ভব হল। যি কি নহওক মোৰ বিবেচনাৰে অজ্ঞান এজাৰৰ দিন গল। শঙ্কৰ সূৰ্য্যই ভাটা অসম ডোখৰ তেওঁৰ নিৰ্মল পৰিত্ৰ বৈষ্ণৱ ধৰ্ম্মেৰে পোহৰালে । আনকি কামৰূপত কেঁচাই খাতী গোসানীৰ আগত হোৱা নৰ-বলি প্ৰথাটোও ৰহিত হল। কিন্তু এই ঠাইত আৰু সিপিনে জৈন্তিয়াত শঙ্কৰ সূৰ্য্যৰ পোহৰ নপৰাৰ কাৰণেই এই ভয়ানক নৰ-বলি প্ৰথাটো আছিল। সুখৰ বিষয় এতিয়াৰপৰা ইয়াতো শঙ্কৰ সূৰ্য্যই এই দুখুনী বৈষ্ণবীৰ হতুধায়ে অলপ পোহৰ দিছে। সেই কাৰণে এতিয়াৰে- পৰা তামাৰ যাইৰ মন্দিৰতো আৰু নৰ-বলি নহব ।"

লাফাই- "বৈষ্ণবী আই। কালি তোমাৰ ঔষধত আৰু বিশেষ তুমি পিবলৈ দিয়া পানী টুপিত মই যেন নতুন জনম পালে।। আই। তোমাৰ ঋণ বই কেনেকৈ সুজিম”।

বৈষ্ণবী—"সেই বিলাক বিষয় বাধা! তুমি একো নাভাবিবা । তুমি সম্পূর্ণে আৰোগ্য নোহোৱা মানে মই আহি থাকিম। আজিলৈ আছে৷ছে"।

লাংফাই - “এৰা আই! আছি পাকিরা দেই। মোৰ তোমাক সুধিব লগীয়া বহু কথা আছে”। ইবাৰ পিছতে বৈষ্ণবী সেই দিনালৈ মন্দিৰলৈ উলটি আহিল ।

(00)

তাৰ পিছদিনাও বৈষ্ণবী সেইদৰে লাংফাইৰ ঘৰলৈ গল, আৰু সেই দিন দেখে লাংফাই প্ৰায় আৰোগ্য হৈছে । লাফায়ে সুধিলে— “বাৰু কোৱাটো আই। তুমি আগৰ কৰ

যাহ, মোকনো কেলেই ঈমান যতন কৰিছা” । বৈষ্ণবী — "দেউৰা বাবা ! মই আগৰ অসমীয়। মানুহ । মই দুখিত আত্মৰক সহায় কৰা, পিয়াহ লগাক পানী দিয়া এনেকুৱা ধৰম লই ঘৰ-দুৱাৰ এৰি এই দৰে দেশে দেশে ফুৰিছে৷” । লাংফাই—“আই! তোৰ কথাবিলাক বৰ ভাল লাগিছে । বাৰু কচোন ঈশ্বৰজানো কেনেকুৱা । তেওঁক কেনেকৈ সেৱিৰ আৰু

পূজিব লাগে ।"

বৈষ্ণবাঁ— “বাবা ! ঈশ্বৰজনানো কেনেকুৱা সেইটো দৰাচলতে কেৱে নাজানে। কেৱে তেওঁক কৃষ্ণ, কেরে সঙ্গাশির, বলিয়া বাবা, বুঢ়া বাবা, পিতৃ সখি, বান্ধৱ, প্রভু ইত্যাধিৰূপে ভাবে, কেৱে তেওঁক ৰাধা, লক্ষ্মী, দুর্গা, সতী, কালী' ভৈরবী ইত্যাদিৰূপে ভাবে। দৰা- চলতে ঈশ্বরজমানো কেনেবুরা কেরে কব নোৱাৰে। হিন্দু শাস্ত্ৰৰ ওথ খাপত ঈশ্বৰক পৰমাত্মা বোলে । সেই পৰমাত্মাৰ অংশ সকলো প্রাণীতে, জীৱতে আনকি তৰু-লতা, তৃণাদিতো আছে। সেইদেখি আমি বিশেষ বিষ্ণুপন্থীসকলে ঈশ্বৰক আয়েই বোলো বা বোপায়েই বোলো আমি কোনো জীৱ-জন্তু মাৰি হুপুজে। কেৱল ফুলে-ফলে চাউলে-মাহে, উপকণে-নৈবিঘ্নে গ্রুপে-ধুনাই পুজো। তেওঁক আমি কৰুণাময়, দয়াময়, গুণনিধি, শান্ত, শিল্প, সুন্দৰ বোলো। তেওঁৰ প্ৰীতিৰ অর্থে আমি প্ৰাণীক সেৱা কৰো, কোনো প্রাণীকে হিংসা নকৰো । আঙুৰ দুখী, ৰুগীয়া, ক্লিষ্ট এই সকলক সহায় কৰোঁ। বাবা ! পৰমাত্মাৰ ৰাম নাম, কৃষ্ণনাম, বৰ মধুৰ ।"

লাংফাই – “তেনেহলে আই! মইও ঈগ্ৰক ৰাম আৰু কৃষ্ণ বুজিব পাৰো, তামৰ মাইও বুলিব পাৰো নহয়নে ?

বৈষ্ণবী- "পাৰ বাধা। যি তোমাৰ মাই সেয়ে ৰাম, সেয়ে কৃষ্ণ । পাচল তাহার মারে বলিও মাথায়, ৰাম আৰু কৃষ্ণইও বীখায় । সেইদেখি ভাষাৰ মাইৰ আগত প্ৰাণী বলি, নৰ বলি নিদিয়াকৈ পুজি- লেহে মাতৃ সন্তুষ্ট হয় । " লাংফাই- "ভাল আই। মই আৰু কেতিয়াও তামাৰ মাইও

বৈষ্ণবাঁ— “পিছত দেউৰী বাবা। তোমাক ম‍ই কথা এটা খাটো। লাংকাই—'কি কব খোজা আই। কোৱা" ।

বৈষ্ণবী - "দেউৰী বাবা ! ই তোৰ জীয়েক ধনেশ্বৰলৈ বিন্না দে । ধনেশ্বৰ আৰু আঘণী দুয়ো দুয়োকে। বৰ ভাল পায়। সিহঁতৰ বিচ্ছেদ নঘটাবি । সিহঁতক সুখী কৰিলে ঈশ্বৰে তোকো সুখী কৰিব ।

লাংফাই— ( দীঘলকৈ হুমুনিয়াহ কাছি) "আই! মই আঘণীৰ বিষয়ে সপ্তহতে একো কব নোৱাৰে। মনেশ্বৰৰ বাপেকে মোক লাবণীৰ নিমিত্তে ভাৰ-ভেটী খুৱাই গৈছে থাৰু ধনেশ্বৰ দেখোন জাতিটো চুতীয়া ?”

বৈষ্ণবী- “বাবা। মনেশ্বৰৰ বাপেকে তোৰ ওপৰত কোনো গোচৰ কৰিব নোৱাৰে যদি অঘণী “মাযা" বোলে। তাইতো আগৰে পৰা মনেশ্বৰলৈ নাযাওঁ বুলি কইরে থৈছে। ধনেশ্বৰ বীৰ আগৰ তহঁতৰ ৰজা ৰত্নধ্বজৰ জীয়াৰীৰ বংশৰ। এতিয়াও সি তাৰ নিজ গুণত নিজ বিস্তাত শদিয়াধোৱা গোঁহাইদেশ্বৰ এজন সেনাপতি হৈ মানৰ খুজলৈ গইছে। সি সেই যুদ্ধত যেনেহলেও নাম কৰি কমলেশ্বৰ গোঁহাই- দেয়, শদিয়াখোৱা গোহাইদেৱৰ প্ৰিয় পাত্ৰ হৈ সি ৰজাৰ জাতিত উঠিব। অর্থাত দি পৰিত্ৰ আহোম স্কুলত উঠিব। এনেকুর: বিলাক হুলত জীকে যদি ধনেশ্বৰলৈ দিয় তেন্তে সিহঁত উভয়ে সুখী হোৱাৰ লগে লগে তুমিও সুখী হবা যাবা। 

লাংফাই—“বাৰু আই। মই আঘণীকে। সুধি পুচি চাওঁ- নিজেও অলপ ভাবো চিন্তো।

বৈষ্ণবী—“ভাল বাবা মই এতিয়া আহিলোহে"।

শদিয়াখোৱা গোঁহাইত বিদায় লই কমলেশ্বৰ গোঁহাই প্রধান সেনাপতিৰ সহকাৰী হৈ শদিয়াত তেওঁবিলাকে শিকোৱা ২০০. দুহেজাৰ সৈন্য ৰাখি বাকী Ble হেজাৰ সৈন্য প্রায় ২০. ছশখন নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ কৰাই প্ৰথমতে চৈখোৱাত গ্রুপ হৈ সেই নিশা তাতে কটাই পিছদিনা মান, কিমান দূৰত আছে এই খবৰা খৰৰ লই, ডাঙ্গৰীলৈ যাত্ৰা কৰি আহিল আৰু তাতে প্রত্যেকজন ৰণুৱায় নিজ হাতে ল-কুঠাৰ ধৰি গছ-গছনি কাটি, গছৰ খুটা কৰি এটা ডাঙৰকৈ কোঠ সাজিলে আৰু নেই কোঠৰ ভিতৰত সসৈন্যে সেই নিশা সেনাপতিসকল ৰল। এই কোঠ মৰাৰ দুৰিনৰ পিছত বহুলা মানৰ সেনাপতি এজনৰ লগত প্ৰায় ৪০০০ চাৰি হেজাৰ মান সৈন্য আহি ডাঙ্গৰী পালে। বগা ঘোৰা এটাৰ ওপৰত কমলেশ্বৰ গোঁহাই- দেৱ উঠি সৈন্যৰ পৰিচালনা কৰিবলৈ সহকাৰী সেনাপতি দুজনক আদেশ দিলে । দুজন আহোম ৰণুৱা দুজোপা ওখ গছৰ ওপৰত উঠি মান সৈন্যৰ গতি-বিধি চাই কাপোৰৰ সৰু সৰু নিচানেৰে ইঙ্গিত দিবলৈ বুলি ৰাখিছিল। মান প্রায় আধামাইলমান জাতৰত থাকোতেই গছত উঠা ৰণুৱা দুজনৰ নিচাৰ ইঙ্গিত মতে কমলেশ্বৰ গোহাইদেৱে আদেশ দিয়াত তেওঁৰ লোহাতে সসৈন্যে ধনেশ্বৰ, বাওঁহাতে সসৈন্যে কণকেশ্বৰ ঠিয় হল, গৰৰ ভিতৰত প্ৰায় এহেজাৰ সৈন্য এৰি, উভয় সেনাপতিত্বে সসৈন্যে গড়ৰ বাহিৰ হল আৰু ধনেশ্বৰে সোঁহাতে এটা অৰ্দ্ধবেহুৰ আকাৰ, অৰ্থাৎ যেগু এখনৰ আধা ভাগৰ দৰে সৈন্য বিলাকক শাৰী কৰি আগুৱাব ধৰিলে, কণকেশ্বৰেও সেইদৰে বাওঁহাত ৰক্ষা ক'ৰ সসৈন্যে আগুৱালে— কমলেশ্বৰ গোহাঁইৰ সুকৌশলৰ ফলত মানৰ সোঁহাতে বাওঁহাতে সমুখে অসমীয়া সৈন্য শাৰী শাৰীকৈ ঠিয় হল আৰু এই দৰে অন্তৰেই আকাৰে সিজিল হৈ অসমীয়া সৈন্যে প্ৰথমতে মানক কাড়ে সৈতে যুগ ধৰি আগুৱাই আাগুৱাই গল আৰু শেহত লৰি খেদি গৈ মানে সৈতে হস্তা-হতি ৰণ লগালেগৈ। সেই কালত অসমীয়া মানুহ, বিশেষ আহোম আৰু চুতীয়া সকল শাৰিৰীক বলত কম বলী নাছিল। মামা বল, জাতি জোঙ ইত্যাদিৰে উভয় দলেই কটা-কটি হানা-হানি লগালে সিফালে গৰৰ ভিতৰৰপৰা সুন্দৰ লক্ষ্য কৰি অসমীয়াই মানলৈ ৰ-হিলৈ মাৰিবলৈ ধৰিলে। ধনেশ্বৰ, কণশ্বেৰৰ অসীম বিক্রম, উৎসাহত, অসমীয়া সৈন্য পিছ মুহুহকিল। দুয়োজনা সেনপতিয়েই নিজহাতে তৰোৱাল লই যিমান পাৰে মানক কাটিবলৈ ধৰিলে, তেওঁলোকক কোনো মানেই জাঠি জোঙেৰে বা তৰোৱালেৰে ঘাইল কৰিব নোৱাৰিলে তেওঁলোকৰ ঢাল-বাৰুৰ শিক্ষা ইমান সুন্দৰ আছিল। এই দুয়োজনা বাঁধ, যুদ্ধ নিপুণভাত বীৰত্বত, মান সৈন্য টিকিব নোৱাৰিলে মানে “আও এই ফালৰ অসমীয়া কেনে মন্ত্রক অর্থাৎ বলী" এই কথা চিঞৰি চিঞৰি লৰি পলা- বলৈ ধৰিলে – অসমীয়া সৈন্যই পিছে পিছে খেদি নি একেবাৰে তালাপত থলে । মান ছেদেলি ভেদেলি হল। সিহঁত ছত্রভঙ্গ হল বন্দুলাই কোনে৷ কমে প্রাণে নমৰি হাত শমান মান লগত লই কোনো ৰকমে ৰংপুৰলৈ গই মিঙ্গিমাহা তিলোৱাৰ লগ লাগি ভাটীয়াই ৰাবলৈ ধৰিলে । এই ৰণত অসমীয়া জিকিল। অসমীয়াৰ মাত্ৰ দুহেজাৰ ৰণুৱা ৰণত পৰিল, মানৰ অতি কমেও চাৰিহেজাৰ ৰণুৱা মৰিল, অনেক ঘাইল হল । অসমীয়া সৈন্ত কোঠৰ ভিতৰ সোমাল। সেই নিশা আহত হোৱা ৰণুৱাসকলক সেৱা যতন কৰিলে – পিছদিনা কমলেশ্বৰ গোঁহাইদেৱে 6 টা কটকি পঠিয়াই বুদ্ধ জন্য বাতৰি শদিয়াখোৱা- গোঁহাইদেৱলৈ পঠিয়ালে। জয়ৰ বাতৰি পাই শদিয়াখোৱা গোহাইদেৱে গোটেই শদিয়া অঞ্চলতে অসমীয়াই মানক কাটি মাৰি বুদ্ৰামাৰ কৰি একেবাৰে তালাপলৈকে খেদি থোৱা বাতৰি প্ৰকাশ কৰি গোটেই শদিয়াতে সকলোকে উৎসৱ কৰিবলৈ দিলে আৰু দুজন কটকি হাতত চিঠি দি কোঠত দিহামতে সৈন্য-সামন্ত এৰি আৰু ডাঙ্গৰীৰে পৰা প্ৰায় শিৱসাগৰলৈকে ঠায়ে ঠায়ে ঘোৰাত উঠা ৰণুৱা চোৰাং- চোৱা ৰাখি সেনাপতি তিনিজনক সসৈন্তে উলটি যাবলৈ মাতি পঠিয়ালে ।

শদিয়াখোৱা গোঁহাইদেৱৰ পত্ৰ অনুসৰি কমলেশ্বৰ গোঁহায়ে কোঠত ৫০০ মান ভাল বচা বা সৈন্ত রাখি নইত ৩০/৪০ খান মান নাও এৰি আৰু ডাঙ্গৰীৰেপৰা সিাগৰলৈকে অশ্বারোহী চোৰাংচোৱা ৰাখি সসৈন্তে বীৰ তিনি উত্তনে থাকীবিলাক নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ জয়ঢোল কোবাই ডাঙ্গৰ তালবাই শিঙা মুক্তি শরিয়া পালেগৈ ।

তিনিওজনা বীৰে সলৈয়ে যেতিয়া ৩০০০ তিনি হাজাৰ সৈে সৈতে নৈ পাৰহৈ পৰিয়াৰ ঘাট পালেগৈ তেতিয়া দিয়াখোৱা গোঁহাইয়েৰ আদেশ অনুসৰি প্ৰায় সকলোবিলাক শদিয়াবাসীয়েই নানা মাঙ্গলিক উৎসৱ কৰি সসৈন্যে তিনিউজনা ৰীৰকে নৈৰ ঘাটৰে পৰা ঢোলে-খোলে আগ বঢ়াই পাহৰি নিলে পাক বিধান ঠাইত সৈন্তবিলাকক শদিয়াখোৱা গোঁহাইদেৱে পৰিদৰ্শন কৰিব ভাত নি ঠিয় কৰালে। শদিয়াখোৱা গোঁহাইদেৱে ঘোৰাৰ ওপৰত উঠি ৰই আছিল । তিনিউজনা বীৰে শদিয়াখোৱা গোঁহাইদেৱক আঠু কাঢ়ি সন্মান জনালে। তিতাসকলে, উৰুলি দিবলৈ ধৰিলে – মন্দিৰত আৰু গোঁহাইদেৱৰ ঘৰতো শঙ্খ, ঘণ্টা, ভবা, কাঁহ ইত্যাদি মাঙ্গলিক বা ৰাজিল। ইয়াৰ পিছত শদিয়াখোৱা গোঁহাইদেৱে বীৰ তিনিজনক সসৈন্যে নি তৰি থোৱা ডাঙৰ ৰভাখনৰ তলত বহুবানে নিজেও চালপিৰা এখানত বনাত আৰু কিংখাপৰ ওপৰত বহিল । ইয়াৰ পিছত কমলেশ্বৰ গোঁহাইদেরকে প্রমুখ্য কৰি বীৰ তিনি উজনকে ৰাইজক শুনাই শুনাই কৰলৈ দিলে, মান কিমান সাহিছিল, কেনেকৈ যুঁজ কৰিলে, বুজত কিমান মান মৰিল, অসমৰ ৰণুৱা কিমান মৰিল, কিমান ঘাইল হল, ইত্যাদি। তিনিউজনে শরিয়া এৰি গই মানৰ লগত যুঁজি মানক কেনৌক কাটি মাৰি খেদি নি একেবাৰে তালাপত থৈ আহিল এই সকলোবিলাক কথা যথাযথ কবলৈ দিয়াত বীৰ তিনিউজনে যুঁজৰ বাতৰি অসমীয়াৰ জ, মানৰ পলায়ন সমস্ত বর্ণালে। মানে যে এইফালৰ অসমীয়াক মন্ত্ৰক অর্থাৎ বৰ বলী বীৰ বুলি শলাগি গল ইয়াকে। জাে যুদ্ধৰ কথা কওঁতে কমলেশ্বৰ ধনেশ্বৰৰ বীৰত্বৰ বিশেষ প্ৰশংসা কৰি কইচিল যে ধনেশ্বৰ চুতীয়া হলেও তেওঁ কোনো অংশে এসম যুজাক আহোম গোঁহাইতকৈ কম নহয়। কমলেশ্বৰৰ এই প্ৰশংসাত ধনেশ্বৰে তললৈ মূৰ কৰিলে তেতিয়া শদিয়াখোৱা গোঁহারে ঠিয় হৈ ৰাইজক অনালে যে শদিয়া ৰাইজে এই তিনিজনা সেনাপতি পাই কিমান সৌভাগ্যবান। সমস্ত শদিয়া ৰাইজেই উলাহ কৰক যি eleশ অসমীয়া • ৰণৱা মৰিছে সেই সকলৰ অৰ্থে ইষ্ট-কুটুমে তেওঁলোকৰ আত্মাৰ সদগতি কাৰণে ভগৱন্ত তুতি কৰি নামগুণ কৰক। আহত সকল আহি পালে সেই সকলক সুজযা কৰক। বুদ্ধত পৰা বীৰসকলৰ অনাথ পৰিয়ালসকলৰ কাৰণে তেওঁ এটা বিচাৰ কৰি, দিহা কৰিব । এই কথা প্ৰসঙ্গতে ৰাইজক ইয়াকো জনালে যে এতিয়াৰপৰা আৰু তামাৰ মাইত নৰবলি নহব আৰু ধনেশ্বৰ চুতীয়াক তেওঁ নিজ জাতত তুলিব আৰু এখেলত তেওঁক গোঁহাই বাৰ দি পাতিব। শদিয়াখোৱা গোঁহাইদেৱৰ কথাৰ সামৰণিত ৰাইজে জন্ম স্বৰ্গদেৱৰ জয়, জয় আমাৰ শদিয়াখোৱা গোঁহাই ৰঙ্গাদেৱৰ জয়” এই রকমে জয়ধ্বনি দি ঘৰা- ঘৰি গল । যুক্ত মৰাসকলৰ ঘৰত সেই নিশা অলপ অচৰপ কান্দোন কাটন হলেও এই ধীসকলে নিজ দেশৰ হকে যুদ্ধত প্ৰাণ দি এই গৌৰৱত সেইসকলৰ পৰিয়ালসকলে শোক পাতলাইছিল । ধন্য সেই কালৰ শদিয়াবাসী অসমীয়াৰ বিশেষ আহোম আৰু চুতীয়া সকলৰ বীৰত্ব ।

আজি কালি কৰি মানৰ যুঁজ হৈ যাবৰ তিনি মাছ হল। শহিষাখোয়া গোঁহাইদেৱে চোৰাংচোৱাৰ মুখে শুনিলে যে চন্দ্রকান্ত সিংহ " পুৰন্দৰ সিংহ দুয়োজনা ৰজা আৰু ডাঙৰীয়া সকলো উজনি অসম এৰি ভাটাৰ ফালে গল । তেতিয়া ডাগৰীৰ কোঠত মুঠেই জন মান সৈন এৰি আৰু কেইজন মান ভাল চোৰাংচোৱা এৰি বাকী সকলোবিলাক ৰণুৱাকে শদিয়ালৈ লই গল। ডাক্তৰীৰ কোঠত পাল বদলি কৰি দুবছৰলৈকে ২০ টা ২০ টা ৰণুৱা ৰথা আৰু 815 জন চোৰাংচোৱা ৰখা ব্যৱস্থা কৰিলে। পরিখাতে। কমলেশ্বৰ গোঁহাইদেৱে যুঁজৰ পিছৰেপৰা সৈন্যসকলক গধূলি গধূলি কুচ কাৱাজত ৰাখিলে ৩ মাহলৈকে তাৰ পিছত সকলোকে নিজ নিজ খেতি-বাতি কৰি খাবলৈ বিদায় দিলে। প্রায় নিতৌ ভাটীৰেলীয়া এই তিনি মাহে কম- লেখৰ গোঁহাই শদিয়াখোৱা গোঁহাইদেৱৰ ঘৰলৈ আহিছিল আৰু সৈন্তৰ কুচকাৱাজ করা সময় নপৰালৈকে ফুলেশ্বৰী আইদেৱে সৈতে গোঁহাই- দেৱনীয়ে সৈতে কথা-বতৰা পাতিছিল। গোঁহাইদেৱনীয়ে কমলেশ্বৰক মাজে মাজে জা-জলপানো খুৱাইছিল। পিছত ৰণুৱাৰিলাকক খেতি-বাতি কৰি খাবলৈ বিদায় দিয়াৰ পিছ দিনাও শঃ খোঃ গোঁহাইদেৱৰ ঘৰলৈ যাওঁতে সেইদিনা গোঁহাইদেৱনীয়ে কমলেশ্বৰক জা-জলপান খুৱাই কাষতে বহুৱাই লই কলে - "গোহাইদের বোপাটি! মই কথা এটা কওঁ ! কমলেশ্বৰ-"কওক আই দেউতা ।"

শঃ খোঃ গোঃ দেৱনী - "মই দেখিছে৷ মোৰ ফুলেশ্বৰী আই- দেখে তোমাক ভাল পায়। তুমিও বোধ তেওঁক ভাল পোৱা সেই দেখি মই মোৰ আইদেরক তোমালৈ বিয়া দিব খোজো - তুমি কি কোথা। শদিযাখোৱা গোঁহাইদে পৰিবাৰে এই কথা কলত কমলেশ্বৰ গোঁহারে সেৱা এটা কৰি কলে - “দেউত! ঈশ্বৰীয়ে যেনে ভাল দেখে কৰক। কমলেশ্বৰৰ এই কথাত গোঁহাইদেরনীয়ে তৎক্ষণাৎ গই শক্তিয়া খোৱা গোঁহাইদেরত জনালে —শদিয়াখোৱা গোঁহাইয়ে নিজৰ খোটালিৰপৰা ওলাই আহি পিৰালিত থিয় হোৱা মাত্রেই কমলেশ্বৰে সেৱা কৰিলে শদিয়াখোৱা গোঁহাইদেৱে মুৰত ধৰি আশীৰ্ব্বাদ দিলে। বিয়াৰ নিবাৰ স্থিৰ হল। বিয়ালৈ কণকেশ্বৰ, ধনেশ্বৰ দেউৰীসকল, চুতীয়াসকল' আহোমসকল নিমন্ত্রিত হল। বিয়াৰ ধুম-ধামে শদিয়া খলক লাগি পৰিল। ঢোল- খোল, ভগৰ, পেপা, কালি, তাল সকলো বাজনা বাজি উঠিল। শহিরা- খোৱা গোঁহাইদেৱে সকলো নিমন্ত্রিত মানুষকে যথাযোগ্য আ-অভর্থনা জনাই জা-জলপান খুৱালে, নিশা আয়তীসকলৰ নামৰ জাউৰী আৰু উৰুলীৰ মাজত, ঢোল-খোল পেপাৰ মধুৰ বাজনাৰ মাজত কমলেশ্বৰ গোঁহাইদেৱৰ লগত ফুলেশ্বৰী আইদেৱৰ চকলং বিধি মতে বিয়া হৈ গল । ডেকা-গাভৰু উদ্ভবে সুখী হল। কোৱা নিস্প্রয়োজন এই বিয়াত বৈষ্ণবী, সাফাই আঘণীও আছিল ।

এই বিয়াৰ প্ৰায় এমাহ মানৰ মুৰত ফুলেশ্বৰী গাভৰুৱে এদিন আঘণীক মতাই আনি সুধিলে - "আখনি ! তোৰ ধনেশ্বৰে সৈতে বিয়া হোৱাত কিবা আপত্তি আছেনে ?

আঘণী "আইদেৱে দেখোন এই ৰেটিৰ সকলো কথা জানে

ফুলেশ্বৰী — “মই আকৌ ভাবিছিলো এই কিজানি মত পলাইছ- সেই দেখিহে তই নিজে হোক ইমান দিনে খাটনি ধৰা নাই । আঘণী – “দেউতাই যদি গোঁতাইদেৱক পাহৰিব নোৱাৰিলে দেউতাৰ বেটিয়েনো কেনেকৈ দেউতাৰ সেনাপতিজনক পাহৰিম । পিছত বোপায়ে এতিয়ালৈকে সন্মতি দিয়া নাই। সেই দেখিতে বেটী মনে - মনে ঘৰতে বহি আছিলো ।

ফুলেশ্বৰী - "বাৰু মই আজিয়েই দেউতাক কই তোৰ পিতাৰক মতাই আনিম আৰু দেউতাৰ হতুৱাই কোৱাইমেলি যেনেহলেও মই তোৰ পিতাৰক তোৰ বিয়াৰ সৰ্ম্মত কৰাম । " ফুলেশ্বৰী আইদেৱৰ এই কথাত আঘণী আনন্দিত হৈ সেৱা এটা কৰি ঘৰলৈ গল । পিছদিনা শফিয়াখোৱা গোঁহায়ে লাংফাই দেউৰীৰক মতাই আনি আঘণীক ধনেশ্বৰলৈ দিবলৈ সন্মত কৰোৱাই, ধনেশ্বৰ আৰু ধনেশ্বৰৰ বাপেকলৈ খৰৰ পঠিয়াই সিহঁতকো জনাই আধণী আৰু এনেশ্বৰৰ বিয়াখন পতালে। দুদিনৰ ভিতৰতে আঘণী আৰু ধনেশ্বৰৰ বিয়া- খানো চকলং মতে হই গল। অনেক দুখৰ পিছত ধনেশ্বৰ আঘ সুখী হল। লাংকারে চকলং মতে বিয়া হোৱাত কোনো আপত্তি নকৰিলে। বিয়া হোৱাৰ আগেয়ে ধনেশ্বৰ আৰু আঘণীয়ে আহোম ৰাইজক জনাইছিল যে তেওঁলোক আহোম জাতিত উঠিব । ৰাইজে সন্মত দিলে, তেতিয়া ধনেশ্বৰে আহোম ৰাইজক অলপ জা-জলপান খুৱাই সেৱা কৰিলে । আহোম ৰাইজে তেওঁবিলাকক আহোম সমাজত ঠাই দিলে। ধনেশ্বৰৰ লগে লগে ধনেশ্বৰৰ বাপেককে প্ৰমুখ্য কৰি গোটেইটো ষাড়ৰ খেলৰ তুতীয়াসকল আহোম হল । লাংফারে তামাৰ মাইক প্রকৃত মাতৃ বুলি ভাবিবলৈ ধৰিলে নৰবলি কলঙ্কটো মাতৃৰ গাৰপৰা তেওঁৰ মনৰপৰা অতৰালে । প্ৰভু কৃষ্ণত বিশিষ্ট ভক্তি আৰু প্রীতি জন্মাত লাংফারে বৈষ্ণবীৰ পৰাই বৈষ্ণৱ ধৰ্মত শৰণ ললে । দেউৰী গাৱঁৰপৰা উঠি আহি, শহিয়াখোৱা গোঁহাইৰ হাউলিৰ ওচৰতে লাংফাই আৰু ষাঁড়ৰ খেলৰ চুতীয়াসকল, ধনেশ্বৰ এই সকলে ঘৰ বান্ধি ললে । এটাইবিলাকেই মদ মঞ্চই এৰি বৈষ্ণব হল । আৰু সকলোৰে সুখেৰে কাল নিয়াব ধৰিলে । ধনেশ্বৰক শদিয়াখোৱা গোঁহায়ে চুতীয়া আহোমসকলৰ ওপৰত গোঁহাই-বৰুৱা পাতিলে ।

বিয়া দুখান হৈ যোৱাৰ পিছত খৰালি কাল ভালকৈ পৰাত এদিন বৈষ্ণবীরে শদিয়াখোৱা গোঁহাইদেরক কাকুতি মিনতি কৰি জনালে যে তেওঁবিলাকক পৰশুৰাম কুণ্ডলৈ যাবলৈ বিদায় দিব লাগে। বৈষ্ণবীৰ অনুৰোধত শদিয়াখোৱা গোঁহাইদেৱে তেওঁলোকৰ লগত কেইজনমান মানুহ দি তেওঁলোকক খামতি ৰজাৰ ভালৈ পঠিয়ালে । খামতি ৰজাই লগত ধামতি মানুহ দি বৈষ্ণবী থা সন্ন্যাসী ছজনাক পৰশুৰাম কুণ্ডত স্নান কৰাই অনালে। তা १ সানিমান তেওঁলোকক নি এটা সুকীয়া ঘৰত ৰাখি খুৱাই খুৱাই বিদায় দিলে। প্রায় এমাহৰ মুৰত তিনিউজনা আকে) উলটি আহি শদিয়াখোৱা গোঁহাইড্ৰেশ্বৰ সেই মন্দিৰত আশ্ৰয় ললেছি। মন্দিৰত বৈষ্ণবী ১৫ দিনমান থাকিল । এই সময়ৰ ভিতৰত তেওঁ ধনেশ্বৰ, আঘণী, সাংফাই আৰু ধনেশ্বৰৰ গোটেইটো খেলৰ মানুহকে বৈষ্ণব ধৰ্মৰ বিশেষ মহাপুৰুষীয়া ধৰ্মৰ সকলো তথ্য কথাৰে নামেৰে গীত পদ ৰাগেৰে বুজালে। শদিয়াহোৱা গোহাইদেৱে এদিন ঘৰকৈ ধৰাত বৈষ্ণবীয়ে তেওঁৰ পূৰ্ব্বৰ সকলোবিলাক কথা কলে আৰু গোঁহাইদেৱৰ অনুৰোধ এৰাব নোৱাৰি অকলশৰীয়াকৈ এদিন মহুৰ্ত্তৰ ভিতৰতে গোঁহাইদেৱক তেওঁৰ আগৰ সেই ভুবন মোহিনী ৰহলৈ লিগিৰীৰ ৰূপটো রেখুৱালে। শদিয়াখোৱা গোঁহাইদের আচৰিত আৰু স্তম্ভিত হৈ বৈষ্ণবীক এক প্ৰকাৰ গোসানীৰে অৱতাৰ বুলি মানি তেওঁক আৰু কিছুকাল শদিয়াত থাকিবলৈ বৰকৈ ধৰিলে । এৰাব নোৱাৰি বৈষ্ণবী আৰু ১ এসপ্তাহমান থাকিল । তাৰ পিছত শদিয়াখোৱা গোঁহাইদেৱক কাকুতি মিনতি কৰি বিদায় ললে ইয়াৰ পিছত বৈষ্ণবীরে কি কি কৰিছিল সেই বিলাক কথা পাঠক পাঠিক। সকলে ৰহদৈ লিগিৰী" উপন্যাসত পাব ।

বৈষ্ণবীৰ সেই আচৰিত ভূবনমোহিনী রূপ দেখিবৰেপৰা শদিয়া- খোৱা গোহাইদেৱ হিন্দুৰ যোগবলত বৰ আস্থাবান হৈ হিন্দু ধৰ্ম্মৰ সৌন্দৰ্য্য, শ্রেষ্টতা ইত্যাদি শাস্ত্ৰ, ভাগৱতৰ মাজেদি বিচৰাত তৎপৰ হৈছিল; আৰু তেওঁ ভাটা বসত বঢ়িয়াকৈ বুজি লইছিল যে ধৰ্ম্ম বুলিলে কি বৌদ্ধ ধৰ্ম্ম কি হিন্দু ধৰ্ম্ম সকলো ধৰ্ম্ম ই একে একে ঈশ্বৰক বিচৰা চেষ্টা মাধোন 

ওঁ কৃষ্ণা পর্ণস্তু

3
প্ৰবন্ধ
তাম্ৰেশ্বৰীৰ মন্দিৰ
0.0
ৰাজনীকান্ত বৰদলৈ (১৮৮৭–১৯৫০) অসমীয়া সাহিত্য, ৰাজনীতি, ভাৰতীয় স্বাধীনতা আন্দোলনৰ বহুমুখী ব্যক্তি আছিল। অসমৰ বটাদ্ৰৱাত জন্মগ্ৰহণ কৰা তেখেতৰ সাংস্কৃতিক লালন-পালন আৰু কলিকতাৰ কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত শিক্ষা গ্ৰহণ কৰে। বৰদলৈয়ে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে ঐতিহাসিক নাট "ৰামনাৱমী", উপন্যাস "মনোমোটি", আৰু চুটিগল্প সংকলন "বকুল"। তেওঁৰ লেখাত প্ৰায়ে সামাজিক বিষয় আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধান কৰা হৈছিল।
1

অধ্যায় ১

6 November 2023
0
0
0

তাম্ৰেশ্বৰীৰ বিবৰণ আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্রায়, হাি ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছে, অর্থাৎ মা দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে

2

অধ্যায় ২

7 November 2023
1
0
0

আঘণী — “আই! মই ধনেশ্বৰক বেছি ভাল পাওঁ কিয়নো সি ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই ! তাৰে সৈতে মোৰ বিয়াতে। হব নোৱাৰে ; সেই দেখি তাক মই ভাল পোৱা বা নোপোৱা সমান কথা ।” বৈষ্ণবী—“আই ! স

3

অধ্যায় ৩

8 November 2023
1
0
0

ফুলেশ্বৰী ভাইদেৱৰ এই কথাত আঘণীয়ে চকুৰ আনন্দ আৰু কৃতজ্ঞতা অঙ্গৰে ফুলেশ্বৰী ভাইদেয়ৰ ভৰি তিয়াই সেৱা কৰি বৈষ্ণবী মাতৃৰ ওচৰ পালেগৈ । ধনেশ্বৰৰ নিবেদনমতে দেউৰীসকলে আঘণীক ধনেশ্বৰক তামাৰ মাইৰ প্ৰসাদ নিতৌ আ

---

এখন কিতাপ পড়ক