shabd-logo

অধ্যায় ২

7 November 2023

3 দৰ্শন কৰা হৈছে 3

আঘণী — “আই! মই ধনেশ্বৰক বেছি ভাল পাওঁ কিয়নো সি ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই ! তাৰে সৈতে মোৰ বিয়াতে। হব নোৱাৰে ; সেই দেখি তাক মই ভাল পোৱা বা নোপোৱা সমান কথা ।”

বৈষ্ণবী—“আই ! সি ভোক বিয়া কৰাব পৰা নপৰাটো পিছ কথা; কিন্তু সি যদি কোনো প্ৰাণৰ সঙ্কটত পৰে তই তাক ৰক্ষা কৰিবলৈ চেষ্ট! কৰিবিনে !

আঘণী – ' আই ! আপোনাক জনাওঁ মই নিজৰ জীউটো দিও তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিম।”

বৈষ্ণবী – “তেনেহলে বাছা ! ভোক ম‍ই কথা এটা কৈ থওঁ । এইবেলি দুৰ্গা পূজাৰ দুমাহমানৰ আগৰেপৰা ধনেশ্বৰৰ এটা ঘাতুক ঋষ্ট আছে আনকি ভাৰ প্ৰণৰে। সংশয় আছে । আহিলে তই মোৰ বুদ্ধি লবি অংক শেক সহায় কৰিবি দেই” আঘণী—“আই ; সেই সময়ত আপোনাক কত পাম” । সেই সময়

বৈষ্ণবী—“আই। চিন্তা নকৰিবি। সময় উপস্থিত হলে মই নিজেই

তোৰ ওচৰলৈ আহিম। বাঃ! এতিয়া বিদায়হে ইং” ।

আঘণী – “ভাল আই। সেৱাহে জনা ।"

বৈষ্ণবীয়ে তেতিয়া ‘বাছা সুখা হ” এই বুলি আশীৰ্ব্বাদ দি মন্দিৰৰ ফাললৈ আহিল ।

তাম্ৰেশ্বনী মাতৃৰ মঠ থকা গৰটো দীঘে প্রায় একুৰি পাঁচ নল, পঠালীয়ে প্ৰায় পোন্ধৰ নল - এই ইটাৰ গড়ৰ সেঁ'-মাজতে মঠটো অছিল ৷ গড়টোৰ চাৰি উফালে চাৰিখন দুৱাৰ আছিল। মঠৰ বেবিলাক শিগৰ, সেই শিল বিলাবক জে ৷ লগাই ৰাখিছিল শিলৰ গজালেৰে। মঠটোৰ ওপৰৰ চালখান আছিল তামৰ । এই কাৰণেই মঠটোৰ নাম হৈছিল “তাম্ৰেশ্বৰীৰ মন্দিৰ” মঠটোৰ মুঠেই পচিম ফালে এ দুৱাৰ। মঠলৈ সোমোৱা দুৱাৰ মুখতে এখান সৰু শিলৰ পীৰা আছিল । অলপ আঁতৰতে এটা বৰ ডাঙৰ গাত আছিল । এই তামাৰ মাইক অকল চুতীয়া আৰু দেউৰী সকলেহে যে ভয় কৰিছিল এনে নহয় ; ওচৰৰ মিচ মি, চিংফৌ, আবৰ, থাম্‌তি ইত্যাদি পৰ্ব্বতীয়। জাতিবিলাকেও ভয় কৰিছিল। সুদূৰ তিব্বত, চিন্ আৰু হিন্দুস্থানৰ পৰাও অনেক তান্ত্ৰিক আৰু বামচাৰী শক্তিও আহি এই মন্দিৰত পূজা দিছিল! এই মন্দিৰৰ গড়ৰ ভিতৰত এটা শিলৰ বেৰাৰ ওপৰত ইটাৰ চালৰ ঘৰ আছিল। তাম্ৰেশ্বৰীৰ মন্দিৰত বছৰি এটা নৰবলি হৈছিল। যি মানুহক বলি দিব, সেই মানুহক এই গড়ৰ ভিতৰত সুমাই ৰাখি ভালকৈ খুৱাই বুৱাই শকত-আবত কৰা নিয়ম আছিল । শৌচ, পেচাব আদি লাগিলে লোৰ শিকলিত তিনিটামান শকত দেউৰীয়ে ধৰি নি বাহিৰত শৌচাচাৰ আদি কৰাই আনিছিল । ভোগ-ভাত ৰান্ধিবলৈ আন কাষে এটা খেৰি ঘৰ আছিল। যাত্রী থাকিবলৈ এটা দীঘলীয়া খোটালি খোটালি খেৰি ঘৰ আছিল । সেই ঘৰটোৰ ভিতৰত এজন বিদেশী বামাচাৰী তান্ত্ৰিক প্ৰায় ৪ চাৰি বছৰ আগৰে পৰা আছিল । এই বামাচাৰী তান্ত্রিকজন জাগৰ কৰ মানুহ কেৱে নেজানিছিল; কিন্তু তেওঁৰ কেতখিনি আশ্চর্য্য ক্ষমতা মানুহে দেখিছিল। তেওঁ মানুহক চকুৰে চায়ে সম্মোহিত কৰিব পাৰিছিল ; হাত অলপ বুলায়েই মানুহক তন্দ্ৰাত পেলাৰ পাৰিছিল। সকলোকে বশো কৰিব পাৰিছিল । আধ্যাত্মিকতাৰ ফালে তেওঁ কিমান উন্নত আছিল অৱশ্যে সেইটো কেরে নেজা- নিছিল। কিন্তু এইটো হলে সকলোৱে ঠিৰাংকৈ বুজিছিল যে তামাৰ হাইৰ আগত নৰবলি দিয়াত তেওঁ আগ ৰণৱ! আছিল ; আনকি একপ্ৰকাৰ উন্মত্তও আছিল। আহাৰৰ বিষয়ত তেওঁ নিতৌ এটে- কেলি দুটেকেলি মদ পিছিল, আৰু তাৰ লগে লগে ছাগলি, পা, হাঁহ ইত্যাদিৰ এফেৰা মঙ্গহ নহলে তেওঁ অন্নকে মুচুইছিল ! অৱশ্যে সেই কালত তামাৰ মাইৰ আগত ভোগ-ভাতৰ উপৰি ও নিতৌ এটা জন্তুৰ বলি হৈছিল, আৰু সেই জন্তুৰ মঙ্গহ সমানে আধা এই ভান্ত্রিকে লইছিল, বাকী আধাহে দেউৰী, পূজাৰী, বলিকটায়া এই সকলে পাইছিল ।

যদিও লাংফাই দেউৰী এই মন্দিৰৰ প্ৰধান পূজক আৰু পুৰোহিত আছিল তথাপি মন্দিৰৰ সেৱা-পূজা আৰু বলি বিধানৰ বিষয়ে লাফানে প্রায় সততে এই বামাচাৰী তান্ত্ৰিকৰ দিহা পৰামৰ্শ মতেছে চলিছিল। লাংফায়ে এই বামাচাৰী তান্ত্ৰিকৰ ক্ৰিয়া আৰু ক্ষমতা দেখি তেওঁক ভয় কৰিছিল ।

ভাদমাহৰ এক কি দুই তাৰিখে বামাচাৰী তান্ত্রিকে ভাটাবেলা: নিজৰ বহাত মদ পি পি বহি আছিল; এনেতে লাংফাই দেবা আহি তেওঁৰ আগত বহি কথা-বতৰা পাতিবলৈ ধৰিলে । তান্ত্রিকজনে কলেঃ—“পিছত পূজাৰি, এইবেলি তামাৰ মাইৰ পূজাত ডাঙৰ বলিনে

কেইটামান পৰিব।” 'লাংফাই — “এইবেলিও ৰজাঘৰীয়া দ্ৰোহী বা প্রাদও পাব

লগীয়া মানুহ নাই ।

তান্ত্রিক—“তেন্তে ষাঁড়ৰ খেলৰপৰা যি এজন পোৱা যাব সেয়েহে হব হবলা ।”

লাংাই—“এৰা অকল সেইটোৱেই হে হব। পিছত মোৰ এটা

নিবেদন আছে।" 

তান্ত্রিক – “কোৱা তোমাৰ নিবেদনটো ।”

লাংফাই —“বাবাজি ! এইবেলি ষাড় খেলৰ ডেকা এটাই মোক বৰ উপদ্ৰব কৰিলে । দেও পৰীক্ষাত সেই ডেকাটোকে বলিত পেলাব নোৱাৰিনে ?”

তান্ত্রিক – “নিশ্চয় পাৰি । তুমি যাকে বলিত পেলাব খোজা মই তাকে পেলাই দিব পাৰোঁ ৷ মাৰ কৃপাত এই নিঃকিণৰ গাত এই ফেৰা ক্ষমতা আছে । ডেকাটোৰ নাম কি ?”

লাংফাই –“তাৰ নাম ধনেশ্বৰ ।” তান্ত্রিক – “বাৰু দেও পৰীক্ষাৰ দিনা মোক তোমাৰ লগত নিবা।” লাংফাই – “ভাল নিম বাৰু।”

(59)

চাওঁতে চাওঁতে ভাদ মাহ প্ৰায় যাবলগীয়া হল । এই দুমাহে কমলেশ্বৰ গোঁহাইদেৱৰ তলত কনকেশ্বৰ গোহায়ে আৰু ইফালে ধনেশ্বৰ চুতীয়াই দুহেজাৰ আহোম, আৰু ২০০০ দুহেজাৰ চুতীয়া ডেকাক কাঁড় মৰা, হিলৈ মৰা, ঢাল বাৰু থেলা, জাঠি চলোৱা, কুচ কাৱাজ কৰা, ইত্যাদি যুদ্ধ-বিদ্যা শিকাই অর্পিত কৰিলে । দেবী পূজালৈ স্মাৰু এমাহ মাথোন আছে । তাম্ৰেশ্বৰীৰ মন্দিৰত দুর্গোৎস পূজাৰ আয়োজন হবলৈ ধৰিলে। হাঁহ, পাৰ, ছাগলি, মাহ, চাউল ইত্যাদি ভাবে ভাৰে আহিবলৈ ধৰিলে। ইফালে যাডৰ খেলৰ চুতীয়া গাঙখানত ব্ৰ উখল-মাখল লাগিল । এইবেলি বা কোন ডেকা বলিত পৰে এই চিত্ত৷ সকলোৰে হল । এইবেলি ধনেশ্বৰকে প্ৰমুখ্য কৰি ১৬ বছৰ বয়সৰপৰা ২৫ বছৰ বয়সলৈকে ষাড়ৰ খেলৰ ভিত- ৰত্‌ ৯ জন ডেকা আছিল । এই ৯ জনৰ ভিতৰত বা কোনজনক দৈৱ পৰীক্ষাই তামাৰ মাইৰ আগত বলিত পেলায় ! 

সেই দিনাখন ভাদ মাহৰ ৫মী নে ৬ষ্ঠী তিথি দেওবাৰ । লা- ফাই দেউৰী, বামাচাৰী তান্ত্রিক, আৰু ৩.৪ জন দেউৰী আহি বাড়ৰ খেলৰ চুতীয়া গাঁওখানত সোমাল ; আৰু বয়সীয়াল চুতীয়াসকলৰ পৰা জানিলে যে ধনেশ্বৰকে প্ৰমুখ্য কৰি ১জন নিঘুণি ডেকা আছে, এই নওজনকে মাতি বুলি আনি, এটাইবিলাকেই শদিয়াখোৱা গোঁহাই- দেৱৰ চৰাত উপস্থিত হলগৈ । আহোম আৰু চুতীয়া খেলৰ মাত- ব্বৰ সকলোবিলাক ৰাইজেই আহিছিল । তালৈ কমলেশ্বৰ গোঁহায়ো আহিছিল ।

যথা সময়ত' শদিয়াখোৱা গোঁহাইদেৱলৈ বাতৰি পঠোৱা হল । গোঁহাইদেৱে উপযুক্ত কাপোৰ-কানি পিন্ধি চৰাত আহি বহিল ৷ আৰু সকলোবিলাক মানুহেই নিজ নিজ উপযুক্ত আসনত বহা হলত ষাড়ৰ খেলৰ তিনি জন বয়সীয়াল মানুহে আৰু লাংফাই দেউৰীকে প্ৰমুখ্য কৰি দেউৰীসকলে সেই ৯ ডেকাক গোঁহাইড্ৰেৱৰ আগত ঠিয় কৰালে। সেই ১ জনৰ ভিতৰত ধনেশ্বৰকো দেখি গোঁহাইদেৱৰ আৰু কমলেশ্বৰ গোহাইৰে৷ মনটো বিষাদ যুক্ত হল । শদিয়াখোৱা গোঁহাইদেৱে দেৱ পৰীক্ষা আৰম্ভ কৰিবলৈ আদেশ দিলত লাংফাই দেউৰীয়ে তেওঁৰ ছোলাৰ মোনাৰপৰা ৯ থান সমান দীঘ- পুতলৰ ভূজ পত্ৰ উলিয়াই দিলে। বামাচাৰী তান্ত্রিকে সেই ৯ খান ভূজ পত্ৰৰ প্ৰত্যেক খনতে একো একোজন ডেকাৰ নাম দেৱনাগ- ৰিত লেখি দিলে। সেই ৯ খান ভূজ পত্ৰ শদিয়াখোৱা গোহাই দেৱক ডেকাবিলাকৰ নামবিলাক পঢ়ি চাবলৈ দিলে। শদিয়াখোৱা গোঁহাই দেৱে পঢ়ি চাই সেই ভূজ পত্ৰবিলাক লাংফাই দেউৰীক দিলে ৷ লাংফাই দেউৰীয়ে বামাচাৰী তান্ত্রিক ছিলে। তান্ত্রিকে সেই ভুজ পত্রবিলাক নামৰ ফালটো তল কৰি তাত ফু দি দি তাছিলে তাৰ পিছত সেই ষাড়ৰ গাঁওৰে ৯ বছৰীয়া ছোৱালী এজনি আনি তাইৰ চকুত ৭ তৰপ কাপোৰ বন্ধাই তাইৰ হাতত সেই ভূঙ্গ পত্ৰবিলাক দিলে । তাৰ পিছত তান্ত্রিকে তাইক মূৰৰেপৰা ভৰিলৈকে তাৰ হাত দুখানেৰে লইৰ গা চোও নোচোঙ কৰি এবেলি বুলাই কলে : -“মা ! তই সেই ভূজপত্ৰবিলাক তোৰ বাওঁ হাতত এই সোঁ হাতেবে এখান তোল” । তান্ত্ৰিকৰ আদেশযতে বশীভূত হোৱা সেই ছোৱালীজনীয়ে তপত্র এখন তুলিলে তান্ত্রিকে সেই ভূজপত্রখান শদিয়া খোৱা গোঁহা- ইৰ হাতত দিবলৈ কলে। ছোৱালী জনীয়ে আদেশ অনুসাৰে সেই খন শদিয়া খোৱা গোঁহাইদেৱৰ হাতত দিলে। গোঁহাইদেৱে পতি চাই দেখিলে সেইখান ধনেশ্বৰ চুতীয়াৰ ডেকাৰ নামৰ গোঁহাইয়ে অলপ বিমৰ্ষ হৈ ৰাইজক জনালে যে ধনেশ্বৰ চুতীয়াৰ নাম উঠিছে। এই কথা কোৱা মাত্ৰে ধনেশ্বৰ চুতীয়াৰ বাপেক হৰেশ্বৰে হাত ঘুৰি দণ্ডবৎ দি কলে : -“দেউতা ঈশ্বৰ ! মোৰ আৰু আগলৈ পাছলৈ ডাঙৰ লৰা নাই। এবেলিৰ পৰীক্ষাতে শেষ সিদ্ধান্ত নকৰে যেন আৰু আন ৰকমেও যেন দুই এটা পৰীক্ষা হয় ” | হৰেশ্বৰৰ এই কথাত বামাচাৰী তান্ত্রিকে আৰু লংাফাই দেউৰীয়ে কলে: "দেউতা ঈশ্বৰ ! দুচটা ডাঙৰ বাহৰ কামি আনিবলৈ দিয়ক আৰু ২ টা ১ বছ- ৰীয়া লৰা দিয়ক। গোঁহাইদেৱে আদেশ দিয়াত দুটা চাওডাঙে ২ চটা ৯ হাত দীঘল বাহৰ কামি আনি দিলে, ৰাইজৰ মাজৰপৰা ২ দুটা ৯ বছৰীয়া লৰা উলিয়াই দিলে। তেতিয়া তান্ত্রিকে সেই লৰা দুটাক সেইদৰে মূৰৰপৰা ভৰিলৈকে এবেলি এবেলি হাত ফুৰাই কামি দুচটাৰ দুরো মুৰে দুখান হাতেদি ধৰিবলৈ দিলে । সিহঁতে সেইদৰে ধৰাত ছোৱালী জনীৰ চকুত আকৌ ৭ তৰপ কাপোৰ বান্ধি ভূজপত্র ৯ খন দি কলে :- এখান এখানকৈ দুয়ো কামিৰ মাজত পেলাব ধৰা । ৭ খান ভূজ পত্র দুয়ো কামিৰ মাজত দিয়াত প্রত্যেক খানেই দুয়ো কামিৰ মাজেদি সৰকি মাটিত পৰিলগৈ। ৮ম খান ভুজ পত্র দিয়া মাত্রকে দুয়োডাল কামিয়ে ফেট, খাই ভুজ পত্ৰ খান চেপা মাৰি ধৰি ৰাখিলে –মাটিত নপৰিল। শদিয়া খোৱা গোঁহাইদেউ আৰু আন সকলেও চাই যে দেখে সেইখান ধনেশ্বৰৰ নামৰ । তেতিয়! লাংফাই আৰু তান্ত্রিকে “জয় তামৰ মাইৰ বুলি চিঞৰি ধনেশ্বৰক তৎক্ষণাৎ বলীষ্ট বলীষ্ট দেউৰী কেইজন মানৰ হতুৱাই দুয়ো হাত বন্ধালে । তাৰ পিছত কঁকালত এডাল জৰি লগাই তাকটানি নিলে। কমলেশ্বৰ গোঁহায়ে কলেঃ—“মই যুদ্ধ বিয়া শিকাই বুজাই অৰ্পিত কৰা চুতীয়া সেনাপতিজনক যেতিয়াই তামাৰ মাইৰ বলিৰ নিমিত্তে নিয়া হল তেতিয়াই তেওঁৰে৷ এফেৰা মস্কিল হল। ধনেশ্বৰৰ নিচিনা আন এজন চুতীয়া ডেকাক শিকাই বুজাই লওঁতে অন্ততঃ দুই তিনি মাহ লাগিব। ইয়াৰ ভিতৰতে যদি কেনেবাকৈ মানে আহি শদিয় আক্ৰমণ কৰে তেনেহলে মোৰ পক্ষে শদিয়া ৰক্ষা কৰা টান হব পাৰে।”

শদিয়া খোৱা গোঁহাইদেৱে কলে :- "কি কৰিবা বপা ! সি দেৱ পৰীক্ষাত পৰিল যেতিয়াই তাক কেনেকৈ ৰাখিম ।”

কমলেশ্বৰৰ — "কিয় দেউতা ঈশ্বৰ ! সি আহোম হৈছে নহয় সি যেতিয়াই “মই আজিৰপৰা আহোম হলু° এই বচন দেউতাৰ আগত দিছে তেতিয়াই সি এক প্ৰকাৰ আহোমেই হৈছে দেখোন । তাক বলীত দিব কেনেকৈ ?

শদিয়াখোৱা৷ গোঁহাইদেৱ - সি আহোম হলু বুলি কলেও তাক যেতিয়াই কোনো আহোম খেলতে থপা হোৱা নাই, তেতিয়াই সি চুতীয়া হৈয়ে আছে ৷ তাতে সি যেতিয়া দেও পৰীক্ষাত বলিত পৰিছে তেতিয়াই তাক ৰাখিবলৈ গলেও হুলস্থুল লাগিব, অ কি প্রজাও বিদ্ৰোহী হৈ উঠিব পাৰে”। 'সেই দেখি বপা | সদ্যহতে মই একো কৰিব নোৱাৰো।”

শদিয়াখোৱা গোঁহাইৰ উত্তৰত কমলেশ্বৰ সেনাপতি মনে মনে বল । পুতেকক সেইদৰে দেউৰীসকলে বলেৰে টানি লৈ যোৱা দেখি হৰেশ্বৰে কান্দি চিঞৰি চিঞৰি কলে :- "নিশ্চয় লাফাই আৰু বামাচাৰী সেই তান্ত্রিক বঙালটোৱে কিবা চালাকি কৰি কুট - মন্ত্ৰ আৰু যাছ কৰি মোৰ বাছাক অন্যায়কৈ বলিত পেলালে ঔ বুলি মুর্চ্চা গই পৰিল। তেওঁক আনবিলাক চুতীয়াই ধৰা-ধৰি কৰি ঘৰলৈ লই গল । ধনেশ্বৰে নিৰ্ভীক মনেৰে, এটা দৃঢ় প্রতিজ্ঞাৰ ভাবেৰে দেউৰীহঁতৰ লগত একো টনা আজোৰা, যুজ বাগৰ নকৰাকৈ গল । দেউৰীসকলে তেওঁক নি সেই শিলৰ ঘৰটোৰ ভিতৰত বন্দী কৰি । থলে।

(১৮)

দেও পৰীক্ষা চোৱা মতা-মাইকী, ডেকা গাভৰু এই সকলৰ ভিত- ৰত আণীও আছিল। ভাই ধনেশ্বৰক দেউৰীসকলে টানি নিয়া দেখি দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ঘৰলৈ আহিল আৰু ঘৰ পায়ে চকু চলচলীয়া কৰি বিছনাত পৰিল গৈ । গধুলী হলত বাপেক লাংফাই দেউৰী মন্দিৰৰপৰা ঘৰলৈ, ভোগ ভাত লই আহি আঘণীক খাবলৈ দিলে, আঘণীয় “মোৰ গা বেয়া লাগিছে, ভোগ-ভাত খালে জ্বৰ উঠিব, মই একো নাথাও” এই বুলি কই বিছনাতে পৰি ৰল । লাংফায়ে নিশ্চিত্ত মনে সেই ভোগ-ভাত খাই ৰাতি শুই পুৱা চাৰি- পাটিৰপৰা উঠি মুখ হাত ধুই, গা পা তিয়াই মন্দিৰলৈ গল । আঘণীয়ে লাহে লাহে উঠি চাঙ ঘৰটোৰ চাৰিচুক মাৰি মাৰিলে, চোতালখন সৰিলে ; গাই গৰু দুজনীক ঘাৰ খাবলৈ এৰি দিলে ; গড়ালত থকা গাহৰি কেইটাক খাবলৈ ভাতবিলাক দিলে; আৰু এইদৰে কাম কাজ কৰি উদাস মনেৰে মনত শোকে সৈতে ঘৰৰ যি আৰু অলপ বন-বাৰি আছিল, তাকো কৰি এটাই যতৰত সুতা কাটিবলৈ ধৰিলে ।

তাই এইদৰে সূতা কাটি থাকোঁতেই গাঁৱৰ ফালৰপৰা মনেশ্বৰ ডেকা আহি সিহঁতৰ চোতালত বহি মাত লগালে : - "শাখণি । মই আহিছোঁ তোৰ লগত আধাৰচেৰেক কথা পাতিবলৈ ।”

আঘণী- “বাৰু কি কব খুজিছ ক ।”

মনেশ্বৰ –“বাৰু কচোন পাঘণি ! তইনো মোক কেলেই ভাল নাপায় । মই দেখোন তোক ভাল পাওঁ।”

আশী – “কিয় ভাল নাপাওঁ মই কব নোৱাৰোঁ।” মনেশ্বৰ – “তই সঁচাকৈয়ে মোক ভাল নাপাৱনে ?”

আঘণী - " সঁচাকৈয়ে ভাল নাপাওঁ।"

১ নেশ্বৰ –“ভই ধনেশ্বৰক ভাল পাৱ নহয়নে ? আঘণী—“এৰা মই ধনেশ্বৰক ভাল পাওঁ।"

মনেশ্বৰ – “তই জানে৷ আৰু ইহ জনমত ধনেশ্বৰক পাবি ?

সি তামাৰ মাইৰ আগত বলিত যাব।”

আঘণী—“মই জানো সি দেৱ পৰীক্ষাত পৰিছে । পিছত তাৰে মোৰে ভাল-পোৱা-পুইটো অকল ইহুজনমৰ নিমিত্তেই নহয় । ইপুৰি সিপুৰি দুয়ো পুৰিৰ নিমিত্তে। সি যদি তামাৰ মাইৰ আগত কটা যায় মই তাৰ ৰূপটো এই গোটেইটো জনমতে ধ্যান কৰিম । সি পুৰিত তাৰ লগ লাগিমগৈ ।”

মনেশ্বৰ—“তেস্তে তই গোটেইটে৷ জীৱন কুমাৰী হৈয়ে থাকিবিনে ?” অখণী – “গোটেইটো জীৱন কুমাৰী হৈয়ে থাকিম । ” 

মনেশ্বৰ – “বাপেৰে যদি বল কৰি তোক মোত বিয়া দিয়ে তেন্তেনে। ওই কি কৰিবি ?"

আঘণী – “বল কৰি বিয়া দিয়াৰ আগেয়ে এই ক্ষুৰেৰে (বুকৰ চোলাৰ জেপৰপৰা খুৰ এখন উলিয়াই দেখুৱাই, এই গলটো কাটি মৰিম । "

মনেশ্বৰ—“আও! তোৰ ইমান কখ্যানে ? আঘণি ! “মই ভালেৰেও কওঁ তই কেলেই তোৰ নাৰী জনমটো বৃথা কৰিবলৈ ওলাইছ ?'

আঘণী – “তই তিৰোতাৰ মৰ্ম্মকথা কি বুজিবি। তই নিজে তিৰুতা হোৱা হলে বুজিলিহেঁতেন। ম‍ই ধনেশ্বৰত বাজে আন কতো বিয়া নোসোমাওঁ । মোৰ এই দেহটো তামাৰ মাইৰ আৰু পিতাদেৱৰ সেৱা-পূজাত লগাম ।” তই এজনী হয় দুজনী হয় তিৰুতা বিয়া কৰাই নুখী হগৈ । এই বুলি কই আঘণী ঘৰৰ ভিতৰলৈ সোমাই গল । মনেশ্বৰে বেজাৰ মনেৰে নিজ ঘৰলৈ উলটিল ।

( ১৯ )

যিদিনাখন শদিয়াধোৱা গোঁহাইদেৱৰ চৰাত দেও পৰীক্ষা হৈছিল, সেইদিনা দৈবাৎ বৈষ্ণবী গাৱঁৰ ফালে গইছিল, তেওঁ দেও পৰীক্ষা চাবলৈ পোৱা নাছিল ! পিছত গধূলি মন্দিৰলৈ আহি শুনিলে কেনেকৈনো সেই পৰীক্ষাটো পাতিছিল আৰু কেনেকৈনো সেই পৰীক্ষাত ধনেশ্বৰ পৰিছিল । সকলো কথা শুনি-বুজি বৈষ্ণবী নিশাটো মনে মনে ৰল। পিছদিনা শুই উঠি তেওঁৰ নিত্য নৈমিত্তিক ক্রিয়াদি কৰি অলপ সন্ধ্যা আৰতি কৰি ওচৰৰ গোঁহাই গাৱঁৰ ফাললৈ গল, আৰু অলপ ইঘৰ সিঘৰ ফুৰি বেলি এপৰমান হোৱাত কমলেশ্বৰ গোঁহাইৰ চৰা পালেগৈ। কমলেশ্বৰ গোঁহাই এজন আহোম ডেকা ৷ তেওঁৰ মাক ৰাপেক উভয়েই বৰ্ত্তমান আৰু তেওঁৰ তলতীয়া দুজন ভায়েক আৰু এজনী ভনীয়েক আছিল। তেওঁৰ বয়স প্রায় ২৭ বছৰ হৈছিল। তেওঁ দেখিবলৈ শুনি আৰু নিপো- টল বাহুবলী আছিল। তেওঁ শদিয়াখোৱা গোঁহাইৰ সেনাপতি আৰু শাসন কাৰ্য্যত, ৰণত, তেওঁ ঃ খোঃ গোঁহাইৰ সোঁহাতৰ দৰে আছিল ; বংশ গৌৰৱত তেওঁ শদিয়াখোৱা গোঁহাইৰ প্ৰায় সমানে আছিল। তেওঁৰ পিতৃও শদিয়াখোৱা গোহাইদেৱৰ মেলৰ প্রধান মেলুৱৈ আছিল ।

শদিয়াখোৱা গোঁহাইদেৱৰ ফুলেশ্বৰী আইদেৱ নামৰ জীয়াৰী এজনীত বাজে আৰু আন সতি-সন্তান নাছিল । ফুলেশ্বৰীক কমলেশ্বৰ গোঁহাইদেৱে ভাল পাইছিল, আৰু ফুলেশ্বৰী আইদেৱেও কমলেশ্বৰক ভাল পাইছিল। ডেকা-গাভৰু দুজনাৰ উভয়ে উভয়ক ভাল পোৱা-পুইত, উভয়েৰ মাক বাপেকসকলে কোনো হকা-বধা নকৰিছিল ; আৰু তেওঁলোক উভয়ে মাজে সময়ে ফুলনিত বা চৰাঘৰত দেখা-দেখি হৈ কথা-বতৰা হোৱাতো একো নকইছিল। উভয়ৰে পিতৃ- মাতৃসকলে উভয়কে বিবাহ বন্ধনেৰে মিলিত কৰিব ইচ্ছা কৰিছিল।

যি সময়ত বৈষ্ণবী গই কমলেশ্বৰ গোঁহাইদেৱৰ আগ চোতালত থিয় দিছিল সেই সময়ত গোঁছায়ে অকলৈ একান্ত মনেৰে এখান পত্ৰ পঢ়ি আছিল। পত্রখান পঢ়ি উঠি মৰ ডাঙিয়েই বৈষ্ণুবীক দেখা পাই আথে-বেথে এখন চতিয়া ঢাৰি পতাই দি বৈষ্ণবীক বহুৱালে। বৈষ্ণবীয়ে “প্রভু প্রাণ কৃষ্ণ” বুলি ঢাৰিত বহি কলে :- দেউতা মই আজি আপোনাৰ ওচৰলৈ ভিক্ষা মাগিবলৈ আহিলো চ দুখুনীক এফেৰা ভিক্ষা দিবনে ?” 

কমলেশ্বৰ—“ভিক্ষা দিম। কিন্তু আগেয়ে

বৈষ্ণবী—“ভাল দেউতা, গাওঁ বাৰু

ৰাগ গৌৰী—

“ওৰে সখি! পেখোৰে কুঞ্ছ লোচন চলনি নন্দ কুমাৰা ইন্দু বদন—কোটি মদন ৰূপে তুল নাহি চাৰা

পদ

মকৰ কুণ্ডল মঞ্জিত গন্দ গলে গজমতি লুলে। তৰিতাম্বৰ শ্যামসুন্দৰ শিৰে শিখণ্ডক ভুলে | কৰ কঙ্কন কিঙ্কিনী কণক বনকে চলে গোপালা । পঞ্চম পুৰে, লম্বিত উৰে কেলি কদম্বক মালা ৷ পদ-পঙ্কজ মঞ্জীব ঝ.ৰে হৃদয়চিত্ত হামাৰু। শঙ্কৰ কহ ছাৰ বিৰহ ওহিজন আধাৰ ৷ ”

গীত গোৱা হলত বৈষ্ণবীয়ে কলে :-

"এতিয়া ভিক্ষা দিয়ক দেউতা।”

কমলেশ্বৰ – “বাৰু ৰবা, ম‍ই ভিতৰৰপৰা আহোঁ ।” এই বুলি ভিতৰলৈ গই চিকা ৰূপ এটকা লই আহি কলে : - ' হোৱা এই চিকা ৰূপ টকিকে নিয়া।”

বৈষ্ণবী – “দেউতা ! মই চিকাৰূপৰ, ধন সোণৰ ভিখাৰিণী নহওঁ। মোক দেউতাৰপৰা আন এটা ভিক্ষা হে লাগে।” 

কমলেশ্বৰ – “কোৱা তেন্তে তোমাক কি ভিক্ষা লাগে। শত্তি থাকিলে দিয়া হব ।

বৈষ্ণবী –“দেউতা! এই বেটীয়ে জানো দেউতাই আমাৰ শদিয়া- খোৱা গোঁহাই দেউতাৰ জীয়াৰী ফুলেশ্বৰী আইদেৱক ভাল পায় । ” কমলেশ্বৰ –( মিচিক্‌কৈ হাঁহি ) তুমিনো কেনেকৈ জানিলা ম‍ই তেওঁক ভাল পাওঁ বুলি।”

বৈষ্ণবী – “দেউতা ! আমি স্ত্রীজাতি মানুহে যৎকিঞ্চিৎ কথাৰ আও ভাৱৰেপৰা বুজে৷ পানীৰ সোঁত কোনপিনে বয়।” কমলেশ্বৰ – “বাৰু জানিবা ভাল পাৱেঁই । পিছত কোৱা তোমাক

কি লাগে !” বৈষ্ণবী –“দেউতাই জানে যে দেউতাৰ এজন সেনাপতি ধনেশ্বৰ

চুতীয়াক সিহঁতে এই বেলি তামাৰ মাইৰ আগত বলি দিবলৈ ধৰি

1ন বন্দী কৰি থৈছে ।

কমলেশ্বৰ – “জানো । সি উচিতমতে কৰা দেও পৰীক্ষাত যেতি- য়াই পৰিছে তেতিয়াই তাক তো নি বলি দিবই।”

বৈষ্ণবী – “দেউতা ঈশ্বৰ ! উচিততে পৰীক্ষাত পৰিছেনে, নে সেই বামাচাৰী তাকি আৰু বৰ দেউৰীৰ ষড়যন্ত্ৰত অন্যাকৈ পৰীক্ষাত পৰিছে সেই বিষয়ে বেটায়ে সদ্যহতে একো নকওঁ । আৱশ্যক হলে এদিন কম । পিচত দেউতাই আমাৰ ফুলেশ্বৰী আইদেৱক খাটি আইদেৱৰ হতুৱাই শ; খোঃ গোঁহাই দেউতাক কোৱাই ধনেশ্বৰক মুক্ত কৰি দিব লাগে এয়ে মোৰ গোহাৰি – ভিক্ষা ।”

কমলেশ্বৰ –“আও ! তুমি এইটো বৰ অসন্তৱ ৰকমৰ, অর্থাৎ

দিব নোৱাৰা ভিক্ষা খুজিলা । ফুলেশ্বৰী গাভৰুৱে খাটিলেও আৰু শদিয়াথোৱা দেউতা ঈশ্বৰৰ তাক এৰি দিবলৈ প্ৰবল ইচ্ছা থাকিলেও দেও পৰীক্ষাত যেতিয়াই সি পৰিছে তেতিয়াই তাক এৰি দিব নোৱাৰে আন কি স্বৰ্গদেৱ ঈশ্বৰেও নোৱাৰে ।”

কমলেশ্বৰ – “ সইটো অবশ্যে হয় : কিন্তু সি যেতিয়াই কোনো

খেল আহোমত উঠিবলৈ নৌ পাওঁতেই বলিত পৰিল, তেতিয়াতো তাক এৰি দিব নোৱাৰে । এৰি দিলেও গোটেই প্রজা বিদ্রোহী হব । বৈষ্ণবী – “বাৰু যদি মই কওঁ আৰু প্ৰমাণ কৰো যে দেও পৰী- ক্ষাটোত ঘোৰ কাৰ্মাজি আৰু চক্ৰান্ত হৈছিল তেনেহলেতো শঃ খোঃ দেউতা ঈশ্বৰে তাক এৰি দিব পাৰিব ।

কমলেশ্বৰ—“যদি দেওপৰীক্ষাটোত অন্যায় অধৰম আৰু কাৰসাজি হৈছিল, আৰু সেইটো তুমি প্ৰমাণ কৰি দিব পাৰ। তেতিয়া হলে শঃ খোঃ গোহাইদেউতাই তাক এৰাই ওি পাৰে। তাক এৰাই দিলে । মইও . ভাল পাম ; কিয়নো সি এজন মোৰ প্ৰধান যুঁজাৰু সেনাপতি আৰু বীৰ । মানৰ মুজত সি মোক বৰ সহায় কৰিব পাৰিব । বাৰু কোৱাচোঁ বৈষ্ণবী ! তুমিনো তাক ৰক্ষা কৰিবলৈ কিয় ইমান চেষ্ট। কৰিছা ?”

বৈষ্ণবী—“দেউতা ! মোৰ ধৰ্ম্মই হৈছে নিৰপৰাধী মানুহক বিপদত পৰিলে ৰক্ষ । কাটে। । তাতে সি আমাক আমি আহিবৰেপৰা জুই পানী খেৰ-খাগৰি দি সহায় কৰিছে । তদুপৰি মই এইটোও জানো যে ৰাজ- দ্রোহত নপৰ', অথবা মৃত্যুদণ্ড দণ্ডিত হব লগা অপৰাধীত বাজে তামাৰ মাইৰ সন্তোষৰ অৰ্থেহে নিৰপৰাধী আগলৈ উঠি অহা ডেকা এজনক বলি দিয়া কাৰ্য্যটোৱেই নিষ্ঠুৰ, অন্যায় আৰু পাপপূর্ণ । যি যি কাৰসাজিত দেও-পৰীক্ষাত বলিত পৰিছে এই কথা মই শঃ খোঃ গেহাইদেউতাৰ আগত, সকলো ৰাইজৰ আগত প্ৰমাণ কৰিম । কিন্তু সম্বহতে দেউতাই গাভৰু দেৱক এইফেৰা খাটনি কৰি থব লাগে । ”

বৈষ্ণবী—“ভাল দেউতা! ঈশ্বৰ কৃষ্ণই আপোনাক ফুলেশ্বৰী আই- দেৱে সৈতে শুভ-পৰিণয় কৰাওক । আপোনাক মানৰ যুগত জিকাওক । আপোনাৰ ধনে-জনে পদে-মর্য্যাদাই উন্নতি বিধান কৰক । ম‍ই দুখুনী বৈষ্ণবীয়ে ইয়াত পৰ আৰু কি দিব পাৰে৷ ৷ দেউতা এতিয়া আহি- বহে খোজো |

কমলেশ্বর - মাতৃ ! যোৱাৰ আগেয়ে আৰু এটি সুমধুৰ গীত শুনাবনে ?

বৈষ্ণবী—“ভাল দেউতা !”

ৰাগ মাহুৰ ধনশ্ৰী

গোপিনী প্রাণ ; কাহেনু গয়োৰে গোবিন্দ হামু পাপিনী পুনু দেখব নাহি আৰু সোহি বদন অৰবিন্দ”

পদ

কেমন ভাগ্যস্বতী ভয়োৰে সুপৰভাত আজু ভেটব মুখ চান্দা । দূৰ গয়ে৷ গোবিন্দ ভয়ো গোপ গোপী আন্ধা ৷৷ 

আজু মথুৰাপুৰে

মিলয় মহোৎসৱ আজু যত নাগৰী কৰত নয়ন ভৰি হামাৰি বঙ্ক বিধি হাতে হৰল নিধি কৃষ্ণ কিঙ্কৰ ৰস ভানা ৷৷

মাধব সাধৱ মানা ।

গোকুলক মঙ্গল

দুৰ গয়ে৷ নাহি

বাজত বেনু বিধান |

মুখ পঙ্কজ মধুপানা ।

এই গীত গাই উঠি বৈষ্ণবীয়ে গোহাঁইত বিদায় লই মনিৰলৈ উলটিল ।

( 20 )

কমলেশ্বৰ গোঁহাইদেৱে সৈতে এই কথা বতৰা হোৱাৰ পিছদিন' ভাটিবেলীয়া বৈষ্ণবী আঘণীহঁতৰ ঘৰলৈ, আৰু চোতালত থিয় হৈ হৰি শুৰু বুলি মাত লগালেঃ—

"বাছা আঘণি! ঘৰত আছনে " আঘণীযে সেই সময়ত ঘৰৰ ভিতৰত কিবা-কিবি বন-বাৰী কৰি আছিল, এনেতে বৈষ্ণবীৰ মাত শুনি ততালিকে ওলাই আহি বৈষ্ণবীক হাত যুৰি দেৱা জনাই পীৰা এখান পাৰি দি কলে : "আই বহক ।” বৈষ্ণবী বহিল তাইও নিজে ঢাৰি এডোখৰত বহি কলে :- আই মোৰ পৰম সৌভাগ্য যে আজি আপুনি আকৌ মোৰ এই চোতালত ভৰিৰ ধূল৷ পেলালেহি হতভাগিনীৰ প্ৰতি আদেশ বা কি হয় ?”

বৈষ্ণবী – “বাছা ! তই দেখিছই ধনেশ্বৰক তামাৰ মাইৰ আগত বলি দিবলৈ লই গাইছে । তাক ৰক্ষাৰ কাৰণে কাম এটা কৰিব পাৰিবিনে ?” 

মাঘণী—“আই । কওকচোন কি কাম কৰিব লাগিব । সি দেখোন দেও পৰীক্ষাত বলিত পৰিছে তাকনো কি উপায়ে ৰক্ষা কৰিব পাৰি ।”

বৈষ্ণবী—“উপায় আছে বাছা! যদি সেই দেও পৰীক্ষাৰ ভিত

ৰত অন্যায় কারসাজি আছে তেনেহলে সি ৰক্ষা পৰিব।” আঘণী – “দেও পৰীক্ষাত যে কাৰসাজি আছিল এইটোনো কোনে প্ৰমাণ কৰিব ”

বৈষ্ণবী – “বাছা! হৰি গুৰুৰ কৃপাত ময়েই সেই অন্যায় আৰু কাসাজিটে৷ ধৰি দিম । স্যহতে তোৰ সহায় এফেৰা মোক লাগে ।” আঘণী – “আই কওক মইনো কি সহায় কৰিব পাৰোঁ।”

বৈষ্ণবী –“তই কাইলৈ দুপৰীয়া সময়ত তোৰ পিতাদেৱেৰ মন্দিৰলৈ গলে শদিয়াখোৱা গোঁহাইৰ ঘৰলৈ আহিবি আৰু তোৰ মনৰ দুখৰ সকলো কথা ফুলেশ্বৰী আইদেৱক জনাবি । জনাবি যে দেও পৰীক্ষাটোত কাৰসাজি হৈছিল আৰু সেই কাৰসাজিটো বৈষ্ণবীরে দেখুৱাই প্ৰমাণ কৰি দিব।” ফুলেশ্বৰী আইদেওক খাটিবি তেওঁ যেন তেওঁৰ পিতৃ দেৱতাক খাটে ধনেশ্বৰক এৰি দিবলৈ । আৰু যেন মোক মতাই ৰাইজ চপাই আনি মোৰ হতুৱাই দেওপৰীক্ষাৰ কাসাজিটে৷ ৰাইজক দেখুৱায় ।”

আঘণী – “ভাল বাৰু আই ! মই আপুনি কোৱা মতে কৰিম । মই ধনেশ্বৰৰ নিমিত্তে কৰিব নোৱাৰা কাম একোৱেই নাই ।” বৈষ্ণবী – “এৰা মইও সেইটো জানো। তোৰ যে ধনেশ্বৰলৈ অকপট, পবিত্ৰ মৰম আছে সেইটোৱেই বিশেষ ফুলেশ্বৰী আইদেওৰ পাই তাক ৰক্ষা কৰিব পাৰে। কিন্তু সকলে৷ সঙ্কটত ৰক্ষা কৰোতা সেই মধুনুদন কৃষ্ণহে । তই সায় মধুসুদনৰ নাম লই তেওঁক খাটিৰি আঘণী- “আই কওকচোন প্রভৃ কৃষ্ণক নো কেনেকুৱা ৰচনেৰে খাটিম” । বৈষ্ণবী – তেওঁৰ মধুসুদন নাম মনে মনে ১০ বাৰ জপ কৰিবি ৷

তাৰ পিছত গাবি:-

“কৃষ্ণ এক দেৱ দুঃখহাৰী

কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্রেষ্ঠ দেৱ নাহি নাহি আৰ “দুঃখহাৰী কৃষ্ণই দুঃখ নিবাৰণ নকৰিলে আনে কৰোঁতা নাই ধুৰুপ জানিবি । সেই দেখি বাছা! তই কৃষ্ণক খাটবি ।

এই কথা বতৰা কৈ বৈষ্ণবী মন্দিৰৰ ফাললৈ গল । আঘণীয়ে গুণ গুণ কৰি গালে :- কৃষ্ণ এক দেৱ দুঃখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আৰ ৷

( 22 )

সেই কালত ষাড়ৰ খেলৰ কোনো মানুহকে ৰজা বা শদিয়াখোৱা গোঁহাইদেৱে দণ্ড বিহিব নোৱাৰাত বাজেও নিয়ম আছিল যে বিজন নিষুণি অবিয়ৈ ডেকা বলিত পৰিব সেই জনক বন্দীশালৰ ভিৰত থাকে মানে যেতিয়াই যি খাবলৈ খোজে, যি পিন্ধিবলৈ ইচ্ছা কৰে, সেই বিলাকতো দিবই লাগিব তদুপৰি তেওঁ যাক যেতিয়া দেখা কৰিব খোজে তাকে তেওঁৰ ওচৰলৈ আনি দিবই লাগিব । এই নিয়ম থকাৰ নিমিত্তে বন্দী হবৰ দিনৰেপৰা ধনেশ্বৰে ধৰ্ম্মৰ বিষয়ে, জনম মৰণৰ বিষয়ে কথা হবলৈ বৈষ্ণবাঁক নিতৌ ভাটিবেলা ভাটিবেল। আহিবলৈ অনুৰোধ কৰিছিল । মাজে সময়ে আঘণীকে। মতাই অনাই কথা-বতৰা হৈছিল । এই দুয়োজনাকে গৰৰ ভিতৰলৈ আহিবলৈ দিৰৰ ইচ্ছা নাথাকিলেও দেউৰীসকলে পূৰ্ব্বাপৰ ৰীতি অনুসৰি তেওঁ- লোকক আহিবলৈ দিবলৈ বাধ্য হৈছিল। এজন দেউৰী পূজাৰীয়ে ধনেশ্বৰক পুৱা-গধূলি বুজাবলৈ চেষ্টা কৰিছিল যে তেওঁ ( ধনেশ্বৰ ) বৰ ভাগ্যবান যেহেতু তামাৰ মায়ে তেওঁৰ ৰক্ত আৰু মাংস গ্ৰহণ কৰিব । বেমাৰ হৈ মৰাৰ পাচত এই নশ্বৰ দেহটো জুইত পুৰি অথবা মাটিত পুতি নষ্ট কৰাতকৈ জায়াই াকোহে এই দেহৰ ৰক্ত-মাংস তামাৰ মাইত লগোৱাটো বেছি সৌভাগ্যৰ কথা । ” ধনেশ্বৰে দে ট্ৰীজনৰ এই কথাৰ উত্তৰত সুধিছিল:- তামাৰ মাই যদি দেবী গোসানী বা মাতৃ হয় তেনেহলে সেই মাতৃরেনো পুত্ৰৰ তেজ মঙ্গহ কেনেকৈ খায় ” মাকে সন্তানক ম কৰি খুৱায়ছে ! সন্তানক জনম দিয়ে কেচুৱা অৱস্থাত সেই সন্তানক নিজৰ ৰক্তৰপৰা উৎপন্ন হোল বুকুৰ গাখীৰ খুৱাই আৰু সন্তান ডাঙৰ হলেও মাকে আগেয়ে সন্তানে কি খাইছে বা নাথাইছে তাৰ হে বিচাৰ লয় । মাকে দেখোন সন্তান ধার কেবল বাঘ, মেকুৰী ইত্যাদিয়েহে সন্তান প্রসব কৰি উঠিলে শেহৰ সস্তা-টো হেনো জাল খায়। কিন্তু সেইবিলাক জীৱ হিংসুক পশু । তামাৰ মাইতো পশু নহয়, তেওঁ তোমালোকৰ মতে ঈশ্বৰী হলেও এডোখৰ শিলহে তেওঁ কোনো কালতেই মানুহৰ দৰে কথা কই মোক “ নৰবলি দে” এনেকুৱা কথা কোৱা নাই । ঈশ্বৰীয়ে, মাতৃয়ে নৰৰ ৰক্ত-মাংস নাখায় ৷ শিল বা একোকে খাব নোৱাৰে ৷ যদি তামাৰ মায়ে এটা মানুহ খায় তেন্তে তেওঁ মাতৃ হয়। মানুহৰ তেজ-মঙ্গহ খোৱা এজনী ৰাক্ষসীহে । ৰাক্ষসীত তেওঁৰ দেহটো লাগিলেনো তেওঁ কেনেকৈ ভাগ্যবান হব ?” দেউৰীজনে ধনেশ্বৰক এইবিলাক কথাৰ যথা-যথ উত্তৰ দিব নোৱাৰি বুজাবলৈ চেষ্টা কৰিছিল যে তামাৰ মায়ে এই দৰে বছৰি এটা নৰবলি লৈ সন্তুষ্ট হৈ, দেশখানৰ সকলো প্ৰজাকে ভালে-কুশলে ৰাখে । যিজন ডেকাক মায়ে বলি লয় সেইজন ডেকাৰ জীৱটে৷ বৈকুণ্ঠলৈ ৰা কৈলাশলৈ ৰায় । ইয়াৰ উত্তৰত ধনেশ্বৰে কইছিল:-“যদি বলিত পৰোতাজনৰ জীৱ বৈকুণ্ঠলৈ বা কৈলাসলৈ যায় তেনেহলে বৈকুণ্ঠ বা কৈলাস কামনা কৰা ব্ৰাহ্মণ আৰু দেউৰীহে ৰলিত যাব লাগে, তাকে নকৰি বৈকুণ্ঠ বা কৈলাসলৈ যাব নোখোজা ৰীৰ চুতীয়া ডেকাক বলি কিয় দিয়ে ? এইটো ঘোৰ অন্যায় আৰু অবিচাৰ নহয়নে ?” ভাল উত্তৰ নেপাই দেউৰীজনে কইছিল “এইটে। পূৰ্ব্বাপৰ ৰীতি।” দেউৰীৰ এনেকুৱা বুজনিত ধনেশ্বৰে শান্তি যে নাপাইছিলেই তদুপৰি তেওঁৰ তাম্ৰেশ্বৰীলৈ দেউৰী পুৰোহিত সকললৈ, আৰু বিশেষকৈ সেই বামাচাৰী তান্ত্ৰিকলৈ বৰ স্বণাৰ ভ'ৱ হে উপজিছিল। এদিন ধনেশ্বৰে বৈষ্ণবীক স্থাধলে :—“অ'ই নিৰাকাৰ নিৰঞ্জন ঈশ্বৰক 'মাতৃ' ভাবে পূজা কৰাটো দুষীয় যেনহে পাওঁ “নহয়নে ?” বৈষ্ণবী :—“বাছা! ভকতৰ হিতৰ কাৰণে সাধনাৰ অৰ্থে, নিৰাকাৰ নিৰঞ্জন ঈশ্বৰক কেৱে মাতৃ ভাবে, কেরে পিতৃ ভাবে, কেৱে প্ৰভু ভাবে, কেৱে দাস ভাবে, নাই মূর্ত্তি সাজিও পূজা কৰে ৷ ঈশ্বৰক শুদ্ধ আচাৰে মাতৃ ভাবে পূজিলে আৰু ভক্তি কৰিলে দুষণীয় নহয়; কিন্তু মাতৃক নৰৰ ৰক্ত মাংস খাইতীৰূপে পূজা আৰু ভক্তি কৰাটোহে দুষণীয়।

ধনেশ্বৰ—“ঈশ্বৰক মাতৃ বুলি পূজোত৷ এই দেউৰীসকলে দেখোন মাতৃক নিজ সন্তানৰ তেজ-মঙ্গহ খোৱা এজনী ৰাক্ষসী স্বৰূপেহে পূজা কৰে। সেইদেখি মোৰ মনেৰে হলে ঈশ্বৰক মাতৃ বুলি পূজা কৰাই উচিত নহয় ।

বৈষ্ণবী --“বাছ! ধনেশ্বৰ ওই সেইদৰে নাভািিব । মাতৃয়ে কেতিয়াও সস্তানৰ ৰক্ত মাংস খাবলৈ নিবিচাৰে। সন্তানক খুৱাবলৈহে বিচাৰে । পিছত আগৰ কালত মাতৃৰ আগত বলি দিছিল ৰাজদ্রোহী বা প্ৰাণ দণ্ডত দণ্ডিত হব লগা মানুহকেহে – যাতে হিন্দুৱে মৰণ ককলিতে ঈশ্বৰক মাতৃভাবে দেখি শান্তি লাভ কৰিব পাৰে । পিছত মুৰ্খ আৰু অজ্ঞান মানুহে এ নিয়মটো এটা অনুস্থানৰ ভিতৰত পেলাই দোষী মানুহ বছৰি নাপাই নির্দোষীকে বর্ণিত দিবলৈ ধৰিলে ! ঈশ্বৰক মাতৃ ভাবে পূজা কৰাটো বেয়া নহয় । ধুপ দীপ নৈবিদ্যেৰে পূজা কৰাটো প্ৰশাস্ত নৰবলিৰ তো কথাই নাই; পশুবলি দিও গোসানীক পূজাটো উচিত নহয় ! তহঁতৰ এই অসম দেশত মহাপুৰুষ শঙ্কৰ দামোদৰ মাধব হৰিদেব এইসকল গুৰুৱেতো গোসানী পূজা কৰা নাছিলেই । আন কি দামোদৰদেৱেও নিজে গোসানী পূজা কৰা নাছিল । এৰাব নোৱাৰি দেৱ দামোদৰে লক্ষ্মী সিংহ ৰজাক গোসানী পুজিবলৈ অনুমতি দিছিল যদিও পশুবলি অৰ্থাৎ হাঁহ পাৰ ছাগলি ইত্যাদি বলি দিবলৈ দঢ়াই দটাই মানা কৰিছিল । কইছিল “ধুপ দীপ নৈবিদ্যহে শোভন।” পিছত মাতৃভাবৰ পূজাত এইবিলাক জীৱহত্যা হৈ থকা দেখিয়েই অসমৰ মহাপুৰুষসকলে হিংসা দ্বেষ শূন্য পৰম পৱিত্ৰ, প্ৰেম পৰিপূৰ্ণ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি গৈছে । আমাৰ বৈষ্ণৱ ধৰ্ম্ম অতি পৰিত্ৰ । ইয়াত ৰাধা প্ৰেমৰ ভাব প্রবল নহয়, সেই দেখি আমাৰ বৈষ্ণব ধৰ্ম্মত কামুকতা ব্যভিচাৰাদি নাই । অসমৰ বৈষ্ণৱ ধৰ্ম্ম গীতাৰ ধৰ্ম “মামেক শৰণং ব্রজ” অকল মোতে শৰণ লোৱা, মোকে ভক্তি কৰা এই কৃষ্ণ বাক্যৰ ওপৰত স্থাপিত । মহাপুৰুষসকলে প্ৰভূ কৃষ্ণক ঈশ্বৰ ভাবে, প্ৰভু ভাবে নিজক ভৃত্য ভাবে ভক্তি কৰিবলৈ শিকাই থৈ গৈছে । কেনে সুন্দৰ সুন্দৰ প্ৰাৰ্থনা, তুতি, নমস্কাৰ শিকাই দিছে । শুনাচো নাম- ঘোষাত কি কৈছে ।

ম‍ই দুৰাচাৰ

কেবলে তোমাৰ

অপৰাধী নাৰায়ণ 

ক্ষমিয়োক হৰি লৈয়ো দাস কৰি পশিলো হেৰা শৰণ ||

বৈষ্ণবীয়ে এনেকুৱা বিলাক উপদেশে ধনেশ্বৰ চুতীয়াৰ মনত শাস্তি ধৈর্য্য ইত্যাদি দিছিল ।

আহিন মাহ শৰৎ ঋতু । এদিন ভাটিবেল! শদিযাখোৱা গোঁহাইৰ জীয়াৰী ফুলেশ্বৰীৰ আইদেৱে তেওঁৰ হাতধৰী লিগিৰী দুজনীৰে সৈতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত বহি একাত্ত মনে নৈৰ ফ শলৈ চাই কথা-বতৰা পাতি আছিল ; এনেতে সিফালৰপৰা কমলেশ্বৰ গোঁহাইদেৱে ফুলেশ্বৰী আইদেৱক বিচাৰি নৈৰ পাৰ পালেহি । তেওঁক অহা দেখি লিগ্ৰিী দুজনী অলপ আতৰত গৈ বহিল । গোঁহাইদেৱে আইদেখেৰ চৰতে বহি কলে :- “ গাভৰুদেৱ । ইয়াতে বহি তোমালোকেনো কি চাইছিলা কি ভাবিছিলা ?

ফুলেশ্বৰী – “কি চাম, কি ভাবিম গোঁহাইদের চা-কচোন নৈ খানৰ পানী কেনে নিৰ্ম্মল হৈছে, নৈ খনেইবা কেনে এটা বিতোপন সৌন্দৰ্য্য ধৰিছে। বাৰু কব পাৰনে নৈ খানে বাগৰি বাগৰি সোত ৰই এই কলৈ গইড়ে"।

কমলেশ্বৰ – ' বুঢ়া, বুৰঞ্জীৰ মুখে শুনিছে। নৈখান সাগৰত পৰিছে " হেনো গই

ফুলেশ্বৰী – “কব পাৰানে সাগৰখাননো কেনেকুৱা, কিমান দূৰ”। কমলেশ্বৰ “সাগৰখনতো মই নিজে দেখা নাই মানুহৰ মুখে শুনিছে৷ । সাগৰখন হেনো অপাৰ, ইপাৰৰ পৰা সিপাৰ নেদেখি । শেহত হেনো ওপৰৰ সৰগে আৰু সাগৰে লগ লগা যেন দেখি”। ফুলেশ্বৰী - "বাৰু কওকচোন নৈখাননে। কৰ পৰা ওলাইছে কমলেশ্বৰ—“আমাৰ এই ব্রহ্মপুত্র নদীটো হোনা সৌ পৰ্ব্বতৰপৰা ওলাই বাগৰি বই বই সাগৰ পাইছেগৈ ।” ফুলেশ্বৰী—“বাৰু কওকচোন নদুটোনো কিয় পৰ্ব্বতৰ পৰা ওলাল

হিমালয়

আৰু কেলেইবা সাগৰত পৰিছেগৈ । ” কমলেশ্বৰ – “নদটো ওলাইছে সৃষ্টিৰ, আমাৰ এই

প্ৰাণীবৰ্গৰ উপকাৰৰ অৰ্থে ! এই নদটো নোহোৱা হলে ইয়াৰ দুয়ো পাৰে থকা গছ, বৃক্ষ, মানুহ, গৰু, পশু পক্ষী এই সকলে পানী কৰপৰা পালেহেতেন ৷ এই নদে সকলোকে পানী দি, ঠাহ ঊৰ্ধ্বৰা কৰি সুশীতল বতাহ দি সমস্তকে সজীৱ ৰাখি সুখী কৰিছে।”

ফুলেশ্বৰী - "বুজিলে। নদটোৱে জানিবা সকলোকে পানী দি, বতাহ দি সুখী কৰিছে; কিন্তু নদটোৰনো নিজৰ কি উপকাৰ গৈছে।” কমলেশ্বৰ –“বাৰু গাভৰুদেৱ কোৱাঁচো তুমি জানিবা মোক ভাল পাই সুখী কৰিছা মোৰ সেইটো লাভ হৈছে ; তোমাৰনো কি লাভ হৈছে ।”

ফুলেশ্বৰী—“তুমি সুখী হৈছা বুলি জানি মইও সুখী হৈছে৷ ।” কমলেশ্বৰ -“নদটোৱেও সেই দাৰ সকলোকে পানী দি, বতাহ দি, আনক সুখী কৰাৰ লগে লগে নিজেও ৰোধ কৰোঁ সুখী হৈছে ।” ফুলেশ্বৰী — “যা এক আপুনি কিহৰ লগত কিহক ৰিজাইছে ।” কমলেশ্বৰ — “মই বিশেষকৈ একো ৰিজোৱা নাই । তুমি শোধা দেখিছে ময়ো কইছে' ৷ পিছত গাভৰুদেৱ মই আজি তোমাৰ চৰত এটা ভিক্ষা বিচাৰিহে আহিছোঁ ৷ 1

ফুলেশ্বরী - "আও ! মোৰ কি সাধা আছে আপোনাক ভিক্ষা দিবলৈ । বাক কি ভিক্ষা লাগে । পাৰিলে দিম, নোৱাৰিলে সমিধান।” 

কমলেশ্বৰ – “তুমি সহজে ভিক্ষা দিব পাৰিবা। তুমি শুনিছ। নহয় মোৰ সেই ধনেশ্বৰ নামৰ চুতীয়৷ সেনাপতিটো বলিত পৰিছে ৷ তাক তুমি তোমাৰ• পিতৃদেবতাত খাটনি ধৰি তাক মোকোলাই দিব পাৰিলে তাৰ উপকাৰ হোৱাৰ লগে লগে মোৰো এটা উপকাৰ হয । তাক ম‍ই শিকাই বুজাই চুতীয়া সৈন্যসকলৰ ওপৰত সেনাপতি পাতি লৈছিলোঁ ৷ মানৰ লগত যুজ লাগিলে সি মোৰ এখান শক্তিশালী বাহুৰদৰে হলহেঁতেন । এতিয়া সি যদি বলিত পৰে তেন্তে মই আকৌ এটাক শিকাই বুজাই লব পাৰিলেহে মানৰ লগত ভালকৈ বুজিবলৈ সাজু হব পাৰিম ৷ আন এজনক শিকাই বুজাই লও মানে, যদি মান আগবাঢ়ি আহে তেন্তে অলপ লেঠাত পৰিম । থাকৌ তাৰ নিচিন৷ সাহসী, বাহুবলী, ৰণ-নিপুণ, যুজাৰু বীৰ এজন পামনে নাপাম তাৰো সঠিক নাই ।”

ফুলেশ্বৰী - "সি যেতিয়াই দেও পৰীক্ষাত বলিত পৰিছে তাক আমাৰ দেউতাইহে নালাগে স্বৰ্গদেৱেও হেনো এৰি দিব নোৱাৰে ” কমলেশ্বৰ –“সিতে৷ এক প্ৰকাৰ আহোমেই হৈছে ৷ তাতে যদি দেও পৰীক্ষাটোত কারসাজি অৰ্থাৎ চল চক্ৰান্ত হৈছিল, তেন্তে দেউ- তাই বোধ কৰে। এৰি দিব পাৰিব।”

ফুলেশ্বৰী – “দেও পৰীক্ষাটোত যে কাৰ সাজি হৈছিল এইটো প্ৰমাণ কৰিব পাৰিলেহে হব । প্ৰমাণনো কোনে কৰিব ?”

কমলেশ্বৰ –“বৈষ্ণবীযে মোক কইছে যে যদি দেউতাই ৰাইজ চপাই প্রমাণটো চাঙ বোলে তেন্তে তেওঁ প্ৰমাণ কৰি দিব যে দেও পৰীক্ষাটোত বামাচাৰী তাত্ত্বিক বঙালটোৱে কাৰসাজি কৰিছে ধনেশ্বৰক বলিত পেলাইছে ।"

ফুলেশ্বৰী —“সেইটো প্ৰমাণ কৰিব পাৰিলে দেউতাই তেতিয়া ৰাইজৰ সন্মতি লই এৰি দিব পাৰিব । বাৰু ম‍ই দেউতাক কম এই কথা বতৰাৰ পিছত কমলেশ্বৰ গোঁহাই তাৰ পৰা গল । ফুলেশ্বৰী আইদেৱো গধূলি হোৱা যেন দেখি সখীয়েকসকলে সৈতে ঘৰলৈ গল ।

কৰিলে । ভোগ বন্দীশালত থাকি ধনেশ্বৰে ধৰ্ম্মত মতি স্থিৰ কৰি দিলে নিশাই কৃষ্ণৰ ৰূপ চিত্তি, কৃষ্ণ নাম জপিবলৈ ধৰিলে। কৃষ্ণত মন-প্রাণ পূজালৈ ১৫ দিন মান থাকোঁতেই ধনেশ্বৰে পৰীয়া আৰু পূজাৰী সকলক কলে :- যে নিতৌ দুপৰীয়া আঘণীয়ে আহি তেওঁক তামাৰ মাইৰ ভোগ আনি দিব লাগে । আঘণীয়ে আনি নিদিলে তেওঁ আন কাৰে৷ হাতে গ্ৰহণ নকৰে । বৰং শুয়ে মৰিব । ভাটীবেলা ভাটিবেলা তেওঁৰ 'ওচৰলৈ বৈষ্ণবীক আনি দিব লাগে। তেওঁৰ অনুৰোধ পাখিবলৈ পেটে সমন্বিতে ইচ্ছা নাথাকিলেও, আৰু এইবিলাক অনুৰোধত বামা- চাৰী তান্ত্রিক বঙালে আপত্তি কৰিলেও দেউৰীসকলে পূৰ্ব্বাপৰ ৰীতি অনুসাৰে, ধনেশ্বৰক দুয়েটে। অনুৰোধ ৰক্ষা কৰিবলৈ বাধ্য হল, কিয়নো বলিয়ে যদি 'নাখাই মৰে, অথবা নাখাই খিনাই শুকায়ো যায় তোনহলে সেই বলিক গোসানীত লগাবই নোৱাৰিব, আৰু গোসানীত বলি লগাব নোৱাৰিলে হেনো দেশত ঘেৰি অমঙ্গল হব । সেইদেখি দেউৰাসকলে আঘণীক আৰু বৈষ্ণবীক সেই সেই সময়ত নিতৌ আহিবলৈ দিলে ।- বৈষ্ণবীয়ে নিতৌ ভাটীবেলিয়া আহি বেছাৰি ধনেশ্বৰৰ আগত ধৰ্মৰ কথা কবলৈ ধৰিলে । বসুদেব দৈবকীৰ তপস্যাৰে পৰা কৃষ্ণৰ জন্ম কৰ্ম্ম সকলোবিলাক কবলৈ ধৰিলে আৰু তাৰ লগে লগে নিতৌ এটি কীৰ্ত্তন, এটি গীত গাই ধনেশ্বৰক এজন পৰম কৃষ্ণভক্ত কৰিলে । এইদৰে পাচ দিন মান যাওঁতে ষষ্ঠ দিনৰ দিনা ধনেশ্বৰে বৈষ্ণ বাঁক কলে :—“আই ! আৰু হু দিনৰ মূৰত এই হতভগীয়াৰ জীৱনৰ অস্ত পৰিব । এই দেহৰপৰা মূৰটো সুলকি। “আাই! মোক কওকচোন ঈশ্বৰ জনানো কৃষ্ণইনে ? আপুনি কৈছিল ঈশ্বৰজনা নিৰাকাৰ নিৰ্গুণ । যদি তেওঁ নিৰাকাৰ নিগুনেই হল, তেনেহলেনো আকৌ সগুণ, আকাৰ বিশিষ্ট মনুষ্যৰূপী কৃষ্ণ কেনেকৈ হল। মোৰ এই খুছখনিটো মাৰি দিবনে ?"

বৈষ্ণবী – “এৰা বাছা। তই উত্তম প্রশ্ন কৰিছ। ঈশ্বৰজনা আচ- লতে নির্গুণ নিৰাকাৰহে । কেৱল সাধকৰ ভক্তৰ হিতৰ অৰ্থে পুৰণি হিন্দুৰ ঋষি-মুনিসকলে পৰমব্ৰহ্ম ঈশ্বৰক নিৰ্গুণ নিৰাকাৰ বুলি জানিও, তেওঁক সেৱা পূজা কৰিবলৈ, তুতি কৰিবলৈ, তেওঁক ভাল পাবলৈ, তেওঁৰ নাম-কীৰ্ত্তন কৰিবলৈ, তেওঁক ৰামৰূপে বা কৃষ্ণৰূপে বা গোসানীৰূপে ব৷ মহাদেৱৰূপে কল্পনা কৰি লৈছে মই এই কথা তোম ক আগেয়ে এবেলি কইছোঁ এতিবা তুমি মনৰ খুদয়নি মাৰি- বলৈ শুধিলা যেতিয়া মই আকৌ তোমাক কওঁ দৰাচলতে কৃষ্ণ মনুষ্যৰূপা হকেই বা নহওকেই দৈবকী বসুদেবৰ পুত্ৰ ই কেই বা নহওকেই তেওঁ একপক্ষে জামাৰ হিন্দু ঋষিমুনিসক এটি অতি মনমোহা, অতি সৌন্দৰ্য্য পৰিপুষিত হৃদ্য মন হৰণ কৰোতা আনন্দ- ময় মূৰ্ত্তি অথবা কল্পনা। যি কল্পনা বা মূৰ্ত্তিত ধ্যান, ধাৰণা, নাম কীৰ্ত্তন কৰি হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰি ভাবি চোৱাচোন তেওঁ সকলোৰে আপোন ৷ তেওঁ দৈবকী বসুৰে সুত। নন্দ যশোদাৰ তোলনীয়া পুত্র হলেও তেওঁলোকৰ দুলাল ৰাখাল বালকসকলৰ লগৰীয়৷ গৰু ৰখোতা আৰু ৰং-ধেমালিৰ বন্ধু । গোপাসকলৰ ক্ষীৰ লব চোৰ আৰু তাৰ লগে লগে মনোৰঞ্জন। কৈশেৰত গোপীসকলৰ হৃদয়ৰঞ্জনকাৰী দেবতা। অৰ্জ্জুনৰ সখি, উদ্ধব বিছৰৰ প্রভু। শিশুপাল, জাসন্ধ, দন্তবক্র, কংস এনেকুৱা অধাৰ্থিকসকলৰ শত্ৰু ৰস্বৰূপ । পূণ্যবত্ত পাণ্ডৱসকলৰ হৃদ-বন্ধু- দ্বাৰকাৰ ৰজা ৰাণীৰ বল্লভ, ভক্তৰ ভগৱন্ত। জীৱৰ জীৱন। আত্মাৰ পৰমাত্মা । তেওঁৰ ৰূপ অতুলনীয়, গুলো অনন্ত। আচল ঈশ্বৰ জন৷ প্রকৃতে অনন্ত! নিৰ্গুণ, অথচ গুণ নিয়ন্তা হিন্দুৰ ঋষি-মুণিসকলে অনেক সাধানাৰ পিছত, তপস্থাৰ পিছত ভগৱন্তৰ এনেকুৱা এটা সৰ্ব্ব গুণী, সৰ্ব্বসৌন্দৰ্যৰে ভৰা, ৰূপ কল্পনা কৰি লৈছে । তেওঁলোকে ইয়াকে। কই গইছে যে এই গোটেই ব্ৰহ্মাণ্ডখান স্থাৱৰ জীব- জঙ্গম সকলো সেই পৰমব্ৰহ্মা ঈশ্বৰৰ হে অংশ। তেওঁক এৰিলে আন একোৰেই অস্তিত্ব নাই। মনিবিলাক যেনেকৈ একেডাল সূতাতে গঠা থাকে সেইদৰে এই কৌটী কোটী ব্ৰহ্মাণ্ড ঈশ্বৰতেই সংলগ্ন হৈ অাছে । জীৱমাতেই ঈশ্বৰৰ অংশ “ যত্ৰ জীৱ তত্ৰ শিল্প! এই পৰমব্ৰহ্মে সন্তান ৰূপ জন্ম লই পিতৃ, মাতৃ, ভাই, ভনা ইত্যাদি সকলোকে সন্তোষ দিয়ে আৰু কেচুৱা কালত এটাইৰে সেৱা পূজা লয়। আন পক্ষে ঈশ্বৰেই পিতৃ তেৱেঁই মাতৃ, তেৱঁই পুত্ৰ, তেৱেঁই কন্যা তেৱেই স্ত্রী, তেৱেই স্বামী, তেৱেঁই ভাই, তেৱেঁই ভনী, তেৱেঁই ইষ্ট, তেৱেঁই কুটুম্ব, তেৱেঁই সখি, তেৱেঁই সুহৃৎ, তেৱেঁই গ্ৰন্থ তেৱেঁই বৰ্য, গুণৰূপেও তেৱেঁই গুনীৰূপেও তেৱেঁই, তেৱেঁই জ্ঞান, তেৱেঁই জ্ঞানী, তেৱেঁই শিৱ, তেৱেঁই কালা, দুর্গা, তেৱেঁই, আত্মা, তেৱেঁই পৰমাত্মা । তেৱেঁই জীৱ, তেৱেঁই সুন্দৰ, তেৱেঁই একমেবাদ্বিতীয়‍ ! আমাৰ অসমৰ মহাপুৰুষ মাধবদেৱে নামঘোষাত কেনে সুন্দৰকৈ কইছে চাচোন বাছা! “নমো নিত্য নিৰঞ্জন নাৰায়ণ

আমিও অংশ তোমাৰ

তযু সেৱাচুৰ পায়া মহামায়া মুহিলে মন আমাৰ”। 

দৰাচলতে আমি সকলোৱে সেই পৰমাত্মাৰহে অংশ, কিন্তু আমি তেওঁক নজনা বাবে, তেওঁক ভক্তি নকৰা বাবে, তেওঁক সেৱা নকৰা বাবে আমি নিজক নিজে পাহৰা বাবে, তেওঁৰে মায়ায় আমাৰ মন মোহিত কৰি আমি যে তেওঁৰে অৰ্থাৎ অমৃতৰ সন্তান এই ভাব পহৰাই ৰাখিছে শাস্ত্রই কইছে “পাশযুক্তো ভবেৎ জীৱ, পাশ মুক্তো সদাশিল্প” বাছা! এই মানব জীৱনটো বৰ পবিত্র বস্তু। এই মানব জীৱনতেহে হৰিৰ আৰাধনা, হৰিৰ সেৱা হব পাৰে ৷ আন জনমত নহয় মহাপুৰুষ মাধবদেৱে কৈছে:—

ইন্দ্রিয় জনিত সুখ সমস্ত যনীতে পায় ৷

হৰিসেৱা কোনো স্থানে নাই ।

হৰিৰ সেৱাৰ যোগ্য এই মনুষ্য তনুমাত্র !

এতেকেতে ফুৰা হৰিগুণ গাই” ।।

বাছা! সেই দেখি তই দিবাৰাত্ৰি হৰিৰ গুণ গা : হৰিক স্মৰণ কৰ । শঙ্কটত হৰিৰ নাম মধুসুদন । এই মধুসুদন নাম জপ কৰি থাকিবি ৷ এই মৃত্যুৰ হাত সাৰিব পাৰিমনে ।”

ধনেখ—“আই ! মধুসুদনৰ নাম লই থাকিলে মই এইবেলি

বৈষ্ণবী—“মধুসুদনে বল কৰিব পাৰে। ৰক্ষা নকৰিলেও হানি নাই, কিয়নো নাম বস্তুটো ইপুৰি সিপুৰি দুয়োৰে লগৰীয়া ।”

ধনে — “বাৰু আই ! মানবী জনমটো যদি এনেকুৱা পবিত্র বস্তুয়েই তেনেহলেনো আমাৰ আহোম ৰজাই - আৰু দেউৰীসকলে এনেকুৱা এটা নির্দোষী পবিত্ৰ জীৱন অকালতে গোপানাৰ খুলি দি নষ্ট কৰে কেগেই '? অগত

বৈষ্ণবী - "বাছা! এই নৰবলি অনুস্থানটোৱেই এটা মোহ৷ বা অজ্ঞানৰ, অথবা অন্ধ-বিগসৰপৰা ওপজা এটা অনুষ্ঠান গোসানীয়ে কস্মিনকালেও ৰজা বা দেউৰীসকলক কোৱা নাই “মোক, মানুহ বলি দে।” আগেয়ে প্রাণদণ্ডত দণ্ডিত হব লগা মানুহকহে গোসানীক বা জগন্মাতৃক সাক্ষী কৰি, তাৰ জীৱটো তৰি যাবলৈ, গোসানীৰ আগত কাটিছিল। পিছত অজ্ঞান মানুহে, মোহত অন্ধ হোৱা মানুহে, ভাবি ললে যে গোসানীক বছৰি অন্ততঃ এটা নৰবলি দিলেহে গেসোনী সন্তুষ্ট থাকিব। সেই দেখি বছৰি দোষী মানুহ নাপালেও নিদোষী মানুহৰ খেল এটাকে আহোম ৰজাত জনাই, ৰজাক বুজাই বঢ়াই বলিত যাবলৈ চুতীয়াসকলৰ ভিতৰত ষাড়ৰ খেল পাতি ললে এই দেউৰীসকলে । ইয়াৰ দ্বাৰাই যে আমাৰ অসমৰ কিবা এটা ভ'ল হৈছে ম‍ই কব নোৱাৰে। বৰং এনেকুৱাবিলাক পাপৰ কাৰণত আমাৰ অসম ধ্বংসৰ মুখত এই হতভাগিণীয়েও অসীম দুখ, কষ্ট আৰু অত্যাচাৰ ভুঞ্জি সংসাৰ এৰি এই বেশ ললো । ভাবিছিলো এই বেশকে লই সুখী হুম কিন্তু পৰিতাপৰ বিষয় এই বেশ লই ও সুখী হব নোৱাৰিলে৷ ; কিয়নো যলৈকে গাওঁ ততে অন্যায়, অধম, অত্যাচাৰহে দেখি ফুৰিব লাগিছো আমাৰ শঙ্কৰ সূৰ্য্যৰ নিৰ্ম্মল, পবিত্র, কৰুণা পূর্ণ, প্রেম পৰিপূৰ্ণ, জীৱ হিংসা নোহোৱা বৈষ্ণৱ ধৰ্ম্ম স্থাপিত কৰি এই অঞ্চলত বাজে আন সকলো ঠাইতে বীৰাচাৰী তান্ত্রিক মত খণ্ডন কৰি গোসানীৰ আগত বলি বিধান দিয়া অনুষ্ঠানটো গুচালে । কিন্তু দুখৰ বিষয় লগাতা মানুহৰ ঈৰ্ষাত, ৰজাৰ অত্যাচাৰত তেওঁ এই ফাললৈ আহিবলৈ নাপালে আৰু তেওঁৰ ধৰ্ম্ম ও এইফাললৈ প্ৰচাৰ নহল, ফলত আজিও তাম্ৰেশ্বৰীৰ মন্দিৰত, সিফালে জৈন্তিয়াৰ ফাল ছৰ মঠত নৰবলি চালব লাগিছে। মই সদ্যহতে সকলে৷ এন্ধাৰ এন্ধাৰ দেখিছো, কিন্তু এই এন্ধাৰৰ মাজতো এফেৰা পোহৰ দেখিবলৈ পাইছো । ভালেমান শতিকা দুখ কষ্ট ভোগৰ পিছত অসমীয়া মানুহ সাগৰৰ সিপাৰৰ এজাতি সুসভ্য মানুহৰ শাসনৰ তলতীয়। হৈ কিছুকাল সুখেৰে থাকিব। এই নৰবলি অনুষ্ঠানটোও এইবেলিৰ পৰা এই শদিয়া অঞ্চলতো লুপ্ত হব। বাছা! মই দুখুনীয়ে তোক এইবিলাক কথা কলু। তই নিৰ্ভয় মনেৰে থাকি কৃষ্ণৰ নাম লই তেওঁৰ ৰূপ চিত্তি থাকিবি দুর্গাপুজাৰ অষ্টমীৰ দিনা ৰতিয়া তোক সুন্দৰ কানি কাপোৰ পিন্ধাই ৰাইজক দেখুৱাৰ তেতিয়া তই চিঞৰি চিঞৰি ৰাইজক কবি “ৰাইজ ! ম‍ই নিদোষী, মই নির্দোষী” এই বামাচাৰী তান্ত্রিকে কাসাজি কৰিহে মোক বলিত পেলাইছে। তেতিয়া দেখিবি কি এটা হুলস্থূল লাগে ।

কমলেশ্বৰ গোঁহাইদেৱে সৈতে কথা-বতৰা হৰৰ পিছদনা ফুলেশ্বৰী আইদেৱে দুপৰীয়া থাই-বই উঠি জিৰোৱাৰ পিছতে ভাটী- বেলা আঘণী আহি আইদেৱৰ আগত আঠু লই সেৱা জনাই কলে : - “আাইদেউ ! ঈশ্বৰী ! এই বেটীয়ে এটা গোহাৰি কৰিবলৈ আহিলে ।।”

ফুলেশ্বৰী—কি গোহাৰি কচোন আখনি !

আঘণী - আহদেৱ ঈশ্বৰী | নিৰলেহে গোহাৰীটো জনাব খোজে।। ফুলেশ্বৰী—“ভেত্তে বাৰু মোৰ খোটালিলৈ বল” এই বুলি কই আইদেৱে আঘণীক নিজৰ খোটালিলৈ লই গল আৰু তাত যথা- যোগ্য আসনত বহুৱাই, আৰু নিজেও বহি কলে : "এতিয়া বাৰু কচোন তোৰ কি গোহাৰি ।”

আঘণী – “কি কম আইদেউ ! ম‍ই আপোনালোকৰ সেনাপতি ধনেশ্বৰ চুতীয়াই ৰলিৰপৰা ৰক্ষা পাৰলৈ আইদেৱ খাটিবলৈ 


3
প্ৰবন্ধ
তাম্ৰেশ্বৰীৰ মন্দিৰ
0.0
ৰাজনীকান্ত বৰদলৈ (১৮৮৭–১৯৫০) অসমীয়া সাহিত্য, ৰাজনীতি, ভাৰতীয় স্বাধীনতা আন্দোলনৰ বহুমুখী ব্যক্তি আছিল। অসমৰ বটাদ্ৰৱাত জন্মগ্ৰহণ কৰা তেখেতৰ সাংস্কৃতিক লালন-পালন আৰু কলিকতাৰ কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত শিক্ষা গ্ৰহণ কৰে। বৰদলৈয়ে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে ঐতিহাসিক নাট "ৰামনাৱমী", উপন্যাস "মনোমোটি", আৰু চুটিগল্প সংকলন "বকুল"। তেওঁৰ লেখাত প্ৰায়ে সামাজিক বিষয় আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধান কৰা হৈছিল।
1

অধ্যায় ১

6 November 2023
0
0
0

তাম্ৰেশ্বৰীৰ বিবৰণ আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্রায়, হাি ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছে, অর্থাৎ মা দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে

2

অধ্যায় ২

7 November 2023
1
0
0

আঘণী — “আই! মই ধনেশ্বৰক বেছি ভাল পাওঁ কিয়নো সি ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই ! তাৰে সৈতে মোৰ বিয়াতে। হব নোৱাৰে ; সেই দেখি তাক মই ভাল পোৱা বা নোপোৱা সমান কথা ।” বৈষ্ণবী—“আই ! স

3

অধ্যায় ৩

8 November 2023
1
0
0

ফুলেশ্বৰী ভাইদেৱৰ এই কথাত আঘণীয়ে চকুৰ আনন্দ আৰু কৃতজ্ঞতা অঙ্গৰে ফুলেশ্বৰী ভাইদেয়ৰ ভৰি তিয়াই সেৱা কৰি বৈষ্ণবী মাতৃৰ ওচৰ পালেগৈ । ধনেশ্বৰৰ নিবেদনমতে দেউৰীসকলে আঘণীক ধনেশ্বৰক তামাৰ মাইৰ প্ৰসাদ নিতৌ আ

---

এখন কিতাপ পড়ক