shabd-logo

অধ্যায় ১

6 November 2023

0 দৰ্শন কৰা হৈছে 0

তাম্ৰেশ্বৰীৰ বিবৰণ

আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্রায়, হাি ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছে, অর্থাৎ মা দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে প্ৰায় পৰ্ব্বতৰ কাষলৈকে আহোম আৰু চুতীয়াসকলৰ সুন্দৰ সুন্দৰ বসতি আছিল। নৈ খান উত্তৰৰ পৰা দক্ষিণলৈ বই শদিয়াত আহি ব্ৰহ্মপুত্ৰত পৰিছে ৷ দুয়োপাৰৰ বস্তিবিলাক নৈৰ ফাললৈ মুখ কৰা। বস্তিবিলাকৰ পিছ ফালে তামোল-পান, আম-কঠাল, বাহ আছিল । আৰু এই বাৰিবিলাক পিছফালে আহু, শালি, মাহ, সৰিয়হ ইত্যাদিৰ পথাৰ আছিল ব্ৰহ্মপুত্ৰত পৰা মুখৰপৰা প্ৰায় এক ৰিঙৰ আতৰত উজনিফালে নৈৰ খানৰ পচিমপাৰে এখান “বলিয়া বাবা” গান আৰু সাত কি আঠ ক্রোশ উজনিত নৈৰ পূব পাৰে প্ৰায় এক ক্রোশ আতৰত তাম্ৰেশ্বৰী মাতৃৰ মন্দিৰ। মন্দিৰৰ ওপৰৰ ছাল খান তামৰ, ে বিলাক শিলৰ । এই মন্দিৰৰ ভিতৰত এটি শিলৰ দেবী মূৰ্ত্তি চুতীয়া আৰু দেউৰীসকলে এই দেৱীক “তামাৰ মাই” বোলে । চুতীয়াসকলৰ মাজত প্ৰবাদ আছে যে তেওঁবিলাক আগৰ ভীষ্ম কৰ বংশৰ ক্ষত্ৰিয় জাতি আৰু এই “তামাৰ মাই" ভীষ্মক ৰজাৰ অধিষ্ঠাত্ৰী দেৱী আছিল। ভীষ্মকৰ পিছৰ ৰজা সকল ক্ৰমশঃ দুর্ব্বল হোৱাত ওপৰৰ পৰ্ব্বতৰপৰা নামি অহা মিচিমিসকলে চুতীয়া সকলক, বিশেষ দেৱী মূৰ্ত্তিৰ ওপৰত 'অত্যাচাৰ কৰাত, অর্থাৎ এই দেৱী মূৰ্ত্তি পৰ্ব্বতলৈ নি তেওঁবিলাকৰ মাজত থাপিৰ খোজাত, মূৰ্ত্তি খান হেনো ডিবং নৈৰ পানীত আপোনা-আপুনি ডুবি অন্তৰ্দ্ধান হৈছিল । প্রবাদ আছে যে মিচ মি সকলো আগৰ পৰশুৰামৰ লগত অহা যুঁজাৰু বীৰসকলৰ হে সতি-সন্তান ৷ তেওঁবিলাক হেনো আগৰ মিশ্র ব্রাহ্মণ, ক্ষত্রিয় ইত্যাদি জাতিৰ হে মানুহ আছিল । পৰশুৰামে তেওঁবিলাকক তেওঁৰ “কুণ্ড” ৰক্ষা কৰি থাকিবলৈ এৰি যোৱাত তেওঁবিলাক আৰ্য জাতিৰ সংমিশ্ৰণৰ পৰা অতৰ হোৱা বাবে হেনো এতিয়া এটা অসভ্য পৰ্ব্বতীয়া জাতিত পৰিগণিত হৈছে। এতিয়াও শৰশ্ৰম কুণ্ডলৈ যোৱা যাত্ৰীক মিচিদি নাৱৰীয়াইহে ব্ৰহ্মপুত্ৰ পাৰ কৰি দিয়ে । “কুণ্ডত” স্নান কৰা যাত্ৰীসকলৰ তিওৱা কাপোৰ মিচ মি, নিচ মিয়নীয়ে নিয়ে! আগেয়ে বাট-পথৰ সুচল নথকাত পৰশুৰাম কুণ্ডৰ যাত্ৰীয়ে মিচ মি ৰজাৰ তালৈ গৈ তেওঁক আফিং টকা, মদ, ইত্যাদিৰ ভাৰ-ভেটী দিলেহে জেনো পৰশুৰাম কুণ্ডলৈ ৰাব পাৰিছিল। মিচমি ৰজাই ভাৰ-ভেট৷ গ্ৰহণ কৰি যাত্ৰীৰ লগত মিচ মি মানুহ দিছিল। সেই মিচ মিসকলে হাবি জঙ্গল কাটি, বাট দেখুৱাই যাত্ৰীক পৰশুৰাম কৃঔলৈ নিছিল আৰু আকৌ মিচ মি ৰজাৰ ওচৰলৈ ওলটাই আনিছিল । এতিয়া সুগম বাট-পথ আমাৰ ইৰাজ ৰজাৰ বিষয়াই কৰাই দিয়াৰ কাৰণে পৰশুৰাম কুণ্ডলৈ যাবলৈ সুচল হৈছে যদিও মিচমি নাৱৰীয়াই লুইত পাৰ কৰি নিদিলে যাত্ৰায়ে পৰশুৰাম কুণ্ড নাপায়গৈ । লোহিত পাৰ হৈ ঠায়ে ঠায়ে শিলৰ ওপৰেদি, হাবিৰ মাজেদি সুৰ-সুৰীয়া বাটেৰে, ওপৰত সোঁ- সোকৈ • বতাহ বলি থকা দীঘল দীঘল গছৰ তলেদি প্রায় পাঁচ মাইল মান বাট খোজ কাঢ়ি যাব লাগে। ঠাই অতি মনোৰম, গহীন আৰু নিস্তব্ধ। মিচি মিসকল বৰ্ত্তমানে এটা পৰ্ব্বতীয়া জাতি হলে ও তেওঁলোকৰ অনেকৰে দীঘল আৰু টন্‌টনিয়া নাকে সুচায় যে তেওঁ বিলাকৰ সৰহ ভাগেই অতীত আর্য্য জাতিহে আছিল । এতিয়াও হেনো কেঘৰমান মিচিমিয়ে কৃষ্ণসাৰ পহুৰ ছালৰ লগুণ সাজি কিবা কিবি পূজা পাটল কৰি সেই লগুণ পিন্ধে আৰু এই কেইঘৰ মানুহে হে হেনো সকলো মিচ মিৰে ক্ৰিয়া কলাপ, দেওপূজা ইত্যাদি কৰে । যদিও মিচমিসকল আগৰ ব্ৰাহ্মণ আক ক্ষত্রিয়হে, তথাপি ভীষ্মকৰ অধিষ্ঠাত্ৰী দেৱী, মিচ মিসকলে লৈ যাব খোজাত, অন্তৰ্দ্ধান হৈছিল হেনো । পিছত চুতীয়াসকলৰ ভিতৰত ৰত্নপাল ৰজ পৰা ক্ৰমী হৈ উঠিলত এই শিলৰমূৰ্ত্তি (তামাৰ মাই ) হেনো এদিন চুতীয়া ৰজা আৰু প্ৰাক দেখা দিবলৈ পানীত ওপঙি উঠিছিল। পিছত এই মুৰ্ত্তিক হেনো হিন্দু আৰু আন জাতিৰ মানুহে নিব খোজাত মূৰ্ত্তিখান ইমান গদূৰ হৈছিল যে কৰি পঁচিশ জন মান মানুহেও মূৰ্ত্তি খান ঠাইৰপৰা লৰাবকে নোৱাৰিলে । পিছত যেতিয়া চাৰিজন চুতীয়া মানুহে গা ধুই দেৱীক কাকুতি মিনতি কৰিলে, তেতিয়া হেনো দেবী মূৰ্ত্তি হালি জালি পাতল হল, আৰু তেতিয়া সেই চাৰিজন চুতীয়ায়ে মাতৃমূৰ্ত্তিক পোলাত তুলি নি এই ঠাইত থাপিলে । যি ঠাইত থাপিলে সেই ঠাইত এই তাম্ৰেশ্বৰাৰ মন্দিৰ নিৰ্ম্মিত হল। তেতিয়াৰপৰা এই মূৰ্ত্তিক চুতীয়াসকলৰ পুৰোহিত দেউৰীসকলেহে সেৱা পূজা কৰে ৷ ব্ৰাহ্মণ কি আন কাৰো এই মন্দিৰত অধিকাৰ নাছিল । দেউৰীসকলেই পূজাৰী, আঠপৰীয়া পচাতোলা, বলিকটীয়া ইত্যাদি সকলো কাম কৰিছিল। এই তাম্ৰেশ্বৰী মাৰ মন্দিৰত বছৰি দুর্গোৎসবৰ সময়ত হাঁহ পাৰ, মই ছাগলি ইত্যাদিত বাজেও অষ্টমীৰ দিনা যেনে তেনে এটা হলেও নৰবলি হৈছিল ! আৰম্ভণতে নৰ - হত্যাকাৰী, বা ৰাজদ্ৰোহৰ অপৰাধী, যাৰ মৃত্যুদণ্ড বিহিত হৈছিল, তেনেকুৱা মানুহকহে, তাৰ জীউটোৱে মৰণ কালত শান্তিৰে যাৰৰ কাৰণে এনেকুৱা একোজন মাতৃ মূৰ্ত্তিৰ আগত বলিত পৰিছিল। পিছত দুর্গোৎসৱ বা কালীপূজা হলেই যে এটা মানুহক বলি দিই লাগিব। এনেকুৱা অনুষ্ঠানত পৰিছে দোষী হওক 'নির্দোষী হওক এটা মানুহক বলি দিবই লাগিব এনেকুৱা নিয়ম হৈছিল। সেই দেখি পিছলৈ বছৰি বলিৰ কাৰণে দোষী মানুহ নোপোৱা হলত দেউৰীসকলৰ নিবেদনত আহোম ৰজাই চুতীয়াসকলৰ এথেল মানুহক “ঘাডৰ খেল” নাম দি, সিহঁতক নিষ্কৰ মাটি-বৃত্তি দি. এই “যাডৰ খেলৰ” পৰাই একোটা নিখুণি বিয়া নকৰোৱা উঠন ডেকাক “তামাৰ মাইৰ’ আগত বলি দিয়া নিয়ম বিহিছিল ৷ শদিয়াৰ ১৫ মাইল আত্ৰত পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত চুনপোৰা নামে এখন বিতোপন মুকলি ঠাই আৰু সেই ঠাইতে সেই কালত শদিয়াৰ শাসনকৰ্ত্ত। আহোম ৰজাৰ প্ৰতিনিধি “শদিয়া খোৱা” গোঁহাই আছিল । চুন- পোৰাৰপৰা তামেশ্বৰী মন্দিৰলৈ যাবলৈ নাৱেৰেও সুবিধা আছিল আৰু বামেদিও এটা আলি আছিল। দুর্গোৎসৱৰ সময়ত এই তাম্রে- শ্বৰী মন্দিৰৰ নৰ-বলি চাবলৈ পশ্চিম ফালৰপৰা ৰাজগড আলিয়েদি অনেক পশ্চিমীয়া মানুহ বিশেষকৈ অঘোৰ, বামাচাৰী তান্ত্ৰিক – আহিছিল অাৰু ওপৰৰ ফালৰ পৰ্ব্বতবিলাকৰপৰাও মিচমি খাম্‌তি আৰ ইত্যাদি পৰ্ব্বতীয়া জাতি আহিছিল। তাম্ৰেশ্বৰী মন্দিৰৰ জেউৰী- সকলক আন মানুহে যে ভয় কৰিছিলেই আনকি আহোম ৰজাসকলেও বছৰি ৰজাক নিৰ্ম্মালি দি আশীৰ্ব্বাদ কৰিবলৈ অহাত ৰজাই থিয় হৈ দেউৰীসকলক অভ্যর্থনা জনাইছে নিজৰ আসন গ্রহণ কৰিছিল । পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ পাৰিলে কালী পূজাত দুর্গা পূজাত এই তাম্ৰেশ্বৰা মন্দিৰত নৰ ৰলি চাবলৈ সেই কালতো অনেক বঙালী, আৰু হিন্দুস্থানী সন্ন্যাসী, বৰাগী, বামাচাৰী তান্ত্রিক ইত্যাদি আহিছিল ।

১৮১৭ খৃষ্টাব্দৰ এদিন বহাগ মাহৰ শেষ পষত, বেলি ভাটী দিয়াত এজন উর্দ্ধবাহু সন্ন্যাসী, এজন সন্ন্যাসী, আৰু এজন! দেখোতে আদবয়সীয়া বৈষ্ণবী, শদিয়াৰ চূনপোৰা অঞ্চল পাই, মানুহক ধি- পুছি, শদিয়। খোৱা গোঁহাইৰ হাউলিলৈ আহিছিল । ওপৰলৈ ঠৰঙ্গা হাত এখন ডাঙি ৰখা, আগে পিছে নেদেখা, উর্দ্ধবাহুনক দেখি চুনপোৰাৰ প্ৰায় লৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, শদিয়া খোৱা গোঁহাইৰ ঘৰলৈকে এওঁলোকৰ পিছ ললে। ইমানবিলাক মানুহেৰে পৰিবেষ্টিত হৈ যোৱা সন্ন্যাসী, বৰাগী আৰু বৈষ্ণবীক দেখি শদিয়া খোৱা গোঁহাই, তেওঁৰ পৰিবাৰ আৰু তেওঁৰ জীয়াৰী জনাই সৈতে চৰাঘৰলৈ ওলাই আহি থিয় দিলেহি ; বৰাগী, বৈষ্ণবী, উর্দ্ধবাহু তিনিও ওপৰলৈ হাত তুলি গোঁহাইদেৱক আশীর্ব্বাদ দিলে। ইয়াৰ পিছত বৈষ্ণবীজনাই আগবাঢ়ি গৈ গোঁহাইদেৱৰ হাতত পত্ৰ এখানি দিলে । গোঁহাইদেৱে পত্ৰখন মেলি পঢ়ি আন্ত-আদৰকৈ ঢাৰি কঠ পৰাই তিনিউজনকে বহিবলৈ দি নিজেও এখন ফুলাম চকঢাৰিৰ ওপৰত এখন বানত পৰোৱাই বহিল, আৰু উপস্থিত দর্শকসকলক ঘৰাঘৰি যাবলৈ আদেশ দি বৈষ্ণবীজনাৰ লগত কথা-বতৰা আৰম্ভ কৰিলে –

শঃ খোঃ গোঁহাইদেৱ — “পিছত কোৱাটো বৈষ্ণৰি । স্বৰ্গদেৱ, পাত্র, মিত্র, মন্ত্রী সমন্বিতে ভালে আছে নে” । বৈষ্ণবী—“দেউতা ঈশ্বৰ ! স্বৰ্গদেৱ ঈশ্বৰ আৰু আন আন সফ 1 লোকে ভাল দেখিয়েই আহিছে।।”

গোঁহাইদেৱ – ( নিজ মনতে – স্বৰ্গদেৱে দেখোন মানৰপৰা এটা ভবিষ্যৎ অমঙ্গলৰ আশঙ্কা কৰিছে। কৰিবৰে কথা! বিদেশী মানতনো কি সজাত আছে ! ) ফুটাই—“পিছত বৈষ্ণবি ! এতিয়াতো তোমা- লোকে পৰশুৰাম কুণ্ডলৈ যাব নোৱাৰিব৷ । বাট-পথ দুৰ্গম হৈছে আৰু ৰাওঁতে যাওঁতে বৰষুণ পৰিলেই নৈ জান জুৰি এটাইবিলাক ভৰি পৰিব। সেইবিলাকত নাও ডুঙ্গিও নাই । বাটৰ মানুহ, বাটতে ৰবা ইকুলো নহৰা, সিকুলু নাপাবা । খাব নাপাই মৰিবা ।

বৈষ্ণবী “তেন্তে এতিয়া আমাৰ উপায় কি হব দেউতা ঈশ্বৰ ?" শঃ থোঃ গোঁঃ– “তোমালোকে পূজাৰ পিছলৈকে ইয়াত থাকিব লাগিব, পিছত আঘোণ মাহ পৰিলেহে যাব পাৰিবা । মোৰ হাউলিৰ বাহিৰে পূবত এটা বিষ্ণু মন্দিৰ আছে, তাৰ লগতে ভোগ ঘৰ, আলহী থকা ঘৰ আছে । তোমালোকে তাতে থাকাগৈ । মই সিধা ভূজা দি থাকিম

বৈষ্ণবী – “ভাল দেউতা ঈশ্বৰ । পিছত আমি সময়ে সময়ে, গাঁৱে- ভূয়ে নাম-গুণ গাই শুনাই ভিক্ষা কৰিবগৈ পাৰিমনে ?”

শঃ খো: গোঁঃ—“পাৰিবা । কিন্তু তোমালোকে আমাৰ ৰজা- ঘৰৰ বিষয়ে কাকো একো নকবা । কি পুৰন্দৰ সিংহ স্বৰ্গদেখ, কি চন্দ্রকান্ত সিংহ স্বৰ্গদেৱ কাৰো কথা লুলিয়াবা আৰু কোনো এজনকো নশলাগিবা । এইদৰে চলিলে তোমালোক ভালে থাকিব পাৰিব৷ কিন্তু ৰাজনীতি চর্চ্চা কৰিলে বিপদত পৰিব পাৰা, এই কাৰণে সাৱধান কৰিলো ।

বৈষ্ণবী – “ভাল দেউতা ঈশ্বৰ । আমি সেইদৰেই চলিম ।” শঃ খোঃ গোঃ— বৈষ্ণবি ! মাতে-কথাই তোমাক দেখোন অস- ! যীয়া মানুহ যেন লাগে ।”

বৈষ্ণবী—“দেউতা ঈশ্বৰ । মই আঙ্গিতে অসমৰে জীয়াৰী। মোৰ ঘৰ মাজুলিত আছিল । ম‍ই জাতিত কলিত৷ মানুহ ।” শঃ খো• গোঃ- ‘তেন্তেনো তুমি অসমীয়া জীয়াৰী হৈ বৈষ্ণবী

কেনেকৈ হলা ?”

বৈষ্ণবী – “সেইবিলাক ভালেমান কথা দেউতা ঈশ্বৰ আমি এই ঠাই এৰাৰ আগতে দেউতা ঈশ্বৰক সকলো কথা কম। পিছত এতিয়া আমাৰ ভাগৰ লাগিছে ৷ এতিয়া আলহী থকা ঘৰলৈ যাব খোজো।

শঃ থোঃ গোঃ— ‘বাৰু যোৱাগৈ । যেতিয়া যি লাগে তুমি মোক কৰাহি আন কি মই নথকাত তুমি মোৰ গাভৰুদেৱৰ ওচৰলৈকে। আহিব পাৰিবা।”

বৈষ্ণবী —“ভাল দেউতা ঈশ্বৰ। এতিয়া উঠে াহে।”

(0)

উৰ্দ্ধবাহ, বৈষ্ণবী, বৈৰাগী, মন্দিৰলৈ যাওঁতে বাটত আহি ৰই থকা লৰাছোৱালীবিলাকে৷ তেওঁলোকৰ পাছে পাছে গল । তেওঁ- বিলাক গৈ সেই আলহী ঘৰত সোমাই বহিৰলৈ নৌ পাওঁতেই এজন চুতীয়া ডেকাই মন্দিৰৰ বাহিৰত থকা নামঘৰটোৰ এচুকৰপৰা বাঢ়নি এটাৰ আনি আলহী ঘৰটো ততালিকে লাৰি-পুছি দিলে। তাৰ পিচত তিনিখন ঢাৰি-কঠ আনি পাৰি দিলে। তেওঁবিলাকে তেতিয়া ধৰৰ ভিতৰলৈ সোমাই গৈ সেই পাৰি দিয়া ঢাৰি-কঠত তিনিউজন বহিল আৰু চুতীয়া ডেকাজনক হাত তুলি আশীর্ব্বাদ দি কলে – “বাছা! দীর্ঘজীবি হোৱা।” ইয়াৰ পিছত সেই ডেকাজন ওলাই গট দুডাল ডাঙৰ ডাঙৰ কাঠ আনি ধুনীস্বৰূপে আৰু সৰু সৰু খৰি দি জ্বলাই দিলে। ইবিলাক লৰা-ছোৱালীয়ে তেওঁলোক তিনিওকে বেঢ়ি লই যেয়ে যিহকে পালে সুধিব ধৰিলে। তেওঁবিলাকে আমনি পালেও সেই আমনি নেদেখুৱাই মৰমেৰে যথাযোগ্য উত্তৰ দিলে। এনেতে আমাৰ সেই চুতীয়া ডেকাজনে দুটা মাটি কলহ আনি নৈৰপৰা পানী আনি দিলে আৰু এটা নে দুটা মাটিৰ ঘটো আনি দিলে । সাধু কেইজনে জুই আৰু পানী এই দুটা ৰতন পাই পৰম সন্তোষ পাই ডেকাজসক শলাগি আকৌ আশীর্ব্বাদ দিলে। তিনিউ এজন এজনকৈ ভৰি হাত ধুই ধুনীৰ ওচৰত বহিল । গধূলি হল, ইবিলাক লৰা-ছোৱালী ঘৰাঘৰি গল । শদিয়া খোৱা গোহাঁইদেৱৰ ঘৰৰপৰা মাহ, চাউল, ঘিউ, নিমখ, শাক-পাচলি প্রায় সাত দিনলৈ যাব পৰা জোখাৰে আহিল। তেতিয়া বৈষ্ণবীয়ে জোলোঙাৰপৰা এটা বটলাহ উলিয়ালে আৰু তাতে তিনি পোৱা চাউল, তিনি পোৱা ডালি দি তাতে এফেৰা ঘিউ দি ধুনীৰ ওপৰত তুলি দিলে । চুতীয়া ডেকা- জনে কেখিলামান কলাপাত কাটি আনি দিলে! বটলহিত যেতিয়া সেইবিলাক সিজিল, তেতিয়া সেই সমস্তকে ঢালি থৈ আকৌ তৰ্কাৰি এখান, শাকে-পাতে লাৱে বেঙেনাই একেলগে ৰান্ধি পেলালে । পিছত বৈষ্ণবাঁয়ে 'জোলোঙাৰপৰা এখান সৰু ঠাল আৰু এডোখৰ কৰ্পূৰ উলিয়াই কৰ্পূৰ ডোখৰ জ্বলাই আৰতি কৰিলে । ইয়াৰ পিছত সেই ভোগ বৈষ্ণবীয়ে এখন পাতত চুতীয়া ডেকাজনক দিলে । দুখান পাতত উৰ্দ্ধবাহু আৰু বৈৰাগীক দিলে, এখান পাতত নিজে অলপমান বাঢ়ি লৈ ঈশ্বৰক নিবেদন কৰি প্ৰসাদ ললে । বটলহিত যি থাকিল আৰু পাততো যি খিছিৰি প্ৰসাদ থাকিল, তাক আলহী, অভ্যাগত, পশু-পক্ষী, মাছ মগৰলৈ থই দিলে। তাৰ পিছত বৈৰা গাঁয়ে জোলোঙাৰপৰা এচিলিম ভাঙ উলিয়াই কাটি মলি হুপি মুহুদি কৰিলে ৷ গাইপতি নিজৰ নিজৰ চুৱা পাত পেলাই ঠাই চাফা কৰি তিনিউ সেই ধুনীৰ তিনি ফালে পৰি থাকিল। চুতীয়া ডেকাজনে তেওঁবিলাকৰপৰা বিদায় লৈ ঘৰ পালেগৈ । তেওঁৰ ঘৰ মন্দিৰৰপৰা প্রায় আধা মাইলমান বাটৰ আতৰত আছিল ।

চুনপোৰাত থিতাপি লৰেপৰা নিতৌ ওচৰৰ গাওঁবিলাক পৰা লৰা-ছোৱালী, বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, উৰ্দ্ধবাহু আৰু বৈষ্ণবীক চাবলৈ এই মন্দিৰলৈ আহিব ধৰিলে ; আৰু তেওঁবিলাকৰ কেৱে বা ঠিকনা চোৱাবলৈ, কেৱে বা ঔষধ পাবলৈ খোজানত কৰিব ধৰিলে। তেওঁ- বিলাকে অনেককে “আমি একো নেজানো” বুলি কই বিদায় দিছিল । এৰাব নোৱাৰা দুই এজনক বৈৰাগীয়ে ছায়েই হওক বা ভষ্মই হওক তাকে ঔষধ বুলি দিছিল। বৈষ্ণবী জনাই হলে সেইবিলাক একোতে নাছিল। তেওঁ সকলোকে ঈশ্বৰৰ নাম লবলৈ, বিশষকৈ কৃষ্ণৰ নাম লবলৈ, উপদেশ দিছিল আৰু ভক্তিমন্ত দুই এজন আহোম আৰু চুতীয়া বয়সীয়াল মানুহক, নামঘোষা, কীৰ্ত্তন ইত্যাদি গাইও শুনাই ছিল। অসমীয়া মানুহসকলে বৈষ্ণবী জনাক আগৰ এগৰাকী অসমীয়া মাইকী মানুহ বুলি জানি, আৰু তেওঁৰ সাম্য অথচ তেজো- ময় মূৰ্ত্তিটোত আকৃষ্ট আৰু বশ হৈ তেওঁক শ্ৰদ্ধা-ভক্তি কৰিছিল। তাৰ, লগে লগে অনেকে তেওঁৰ আতি-গুৰিও জানিব বিচাৰিছিল, কিন্তু তেওঁ “আমি পূৰ্ব্বৰ কথা নাপায়” এইদৰে কই সকলোকে বুজনি দি খেজালতৰ হাত সাৰিছিল ।

আন মানুহে এইদৰে এওঁ বিলাকক দিদাৰী কৰিলেও আমাৰ সেই চুতীয়া ডেকাজনে নিতৌ পুৱা গধূলি এওঁবিলাকক খৰি পানী যতনাই দিছিল। দিনৰ ভাগত নিজৰ ঘৰৰ৷ বন বাৰী, আহুতলী ৰখা ইত্যাদি কাম কৰিছিল । এই দৰে পোন্ধৰ দিন মান যোৱাৰ পিছত তাৰু সেৱা শুশ্রূষাত তুষ্ট হৈয়ে নেকি, নে তালৈ এনেয়ে মৰম লাগিয়েই নেকি এদিন বৈষ্ণবীয়ে ডেকাজনক কলে : - “বাৰা তই আজি এই পোন্ধৰ দিনে তোৰ ঘৰৰ বন বাৰি পেলাই থৈও আমাক সেবা শুশ্রূষা কৰিছ, খৰি পানী যতনাই দিছ বাৰু কচোন তোৰ নাম কি, জাতি কি, তোৰ কোন কোন আছে।” বৈষ্ণবীৰ এই কথাৰ উত্তৰত ডেকাজনে কলে : – “মাতৃ ! মোৰ নাম ধনেশ্বৰ, জাতিত মই চুতীয়া, মোৰ বোপাই আছে, আই মই সৰু হৈ থাকোঁতেই ঢুকাইছে। বোপায়ে পিছতুৱ৷ এগৰাকী মাহী মাতৃ আনিছে। মই ঘৰত সকলো বনবাৰী কৰোঁ । খেতি পথাৰ কৰোও আৰু ৰথোও ঘৰত হালোৱা গৰু এহাল আছে গাই গৰু দুজনী আছে। গাইৰ গাখীৰ পাওঁ দুলেমান। বাৰীত শাক পাঁচলি আছে। খেতিৰ ধানৰ ভাত খাওঁ। মাছ পুঠিটো এই নৈতে সময়ে সময়ে মাৰি খাওঁ।”

বৈষ্ণবী — “বাৰু বাৰু বাবা ধনেশ্বৰ ! তোক মাহীমাৰে ভাল ব্যৱহাৰ কৰেনে ?”

; ধনেশ্বৰ —‘মাতৃ ! তেওঁ বেয়া ব্যৱহাৰো নকৰে। কৰিবৰ কাৰণো নাই ; কিয়নো নৈপৰা পানী টুপি নি ভাত দুসজি ৰন্ধা আৰু ঠাই সৰাত বাজে বাদ বাকী কাম সকলো মই আৰু বোপায়ে দুয়ো কৰোঁ। মাহীমায়ে ৰন্ধা-বঢ়াৰ উপৰিও আমাক বই কাটিও পিন্ধার বৈষ্ণবী—‘তোৰ মাহীয়েৰাৰ লৰা ছোৱালী হৈছেনে ?”

ধনেশ্বৰ – “আই ! হৈছে। এজনী সাত বছৰীয়া ভণী-ছোৱালী আৰু এটা পাঁচ বছৰীয়া ভাই আছে। এই ভাইটো হবৰেপৰা মাহী আইৰ আৰু লৰা ছোৱালি হোৱা নাই ৷ বৈষ্ণবী— “বাবা! ভোক দেখোতে ডাঙৰৰ ঘৰৰ লৰা যেন দেখি । বাৰু তহঁতৰ মানুহ ঘৰৰ গুৰি গোষ্ঠী কেনেকুৱা ?” ধনেশ্বৰ—“আই ! বোপাইৰ মুখে শুনিছো ৷ আমি হেনো আগৰ ৰজা ৰত্নপালৰ জীয়াৰী বংশৰ।”

বৈষ্ণবাঁ – (মনে মনে) “অ সেই দেখিহে এনেকুৱা চিন চাব। (ফুটাই) বাৰু বাবা! কচোন ৰত্নপাল ৰজাৰ পুৰুষ বংশৰ কোনোবা আছেনে ? আৰু তহঁত বৰ্ত্তমানত নো কোন খেলৰ ।” ধনেশ্বৰ—“আই ! ৰত্নপাল ৰজাৰ পুৰুষ বংশত কেৱে নাই। আমি

এতিয়া কিবা বোলে ষাড়ৰ খেলৰ হেনো ।” বৈষ্ণবী—যাডৰ খেলনো কাক বোলে । কিয় বোলে জানানে ?

ধনেশ্বৰ –“আই ! আপুনি শুনিব পায় যে তাম্ৰেশ্বৰীৰ মন্দিৰত বছৰি দূৰ্গাপূজাৰ সময়ত এটা নৰৰলি হয় । সেই বলিটো আজিকালি আমাৰ খেলৰ পৰা দিব লাগে। নিঘুণি, ডেকাবয়সৰ, অথচ অবি- বাহিত এজন বলি হব লাগে। পিছত কিবা বোলে এটা দেও পৰীক্ষা পাতি কাক বলি দিব থিৰাং কৰে। আমাৰ ষাড়ৰ সেইবাবে আহোম ৰজাঘৰে নিষ্কৰ মাটি বৃত্তি যে দিছেই তদুপৰি আমি কোনো দোষ কৰিলেও আমাক দণ্ড বিহিব নোৱাৰে ।”

বৈষ্ণবী - এৰা বাবা ! “এতিয়া সকলো কথা বুজিলো” এই বুলি কই বৈষ্ণবীরে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে ।

ধনেশ্বৰ –“আই ! আপুনি দেখোন দীঘলকৈ হুমুনিয়াহ কাঢ়িলে ইয়াৰ কিবা অৰ্থ আছেনে ?”

বৈষ্ণবী—“অর্থ আছে । যি কি নহওক তই বাবা কাগিলৈ পুৱা

অলপ সোনকালে আহিবি ৷ ম‍ই তোৰ হাতখান চাম । " ধনেশ্বৰ – “ভাল খাই। শাহিম বাৰু । এতিয়া সেৱাহে কৰিলো।” বৈষ্ণবী — "জীয়াই থাক বাৰা।”

আগদিনাৰ কথা মতে পিছদিনা কাউৰে “কা কা” কৰাৰ আগেরে ধনেশ্বৰ বৈষ্ণৰীৰ ওচৰলৈ আহি বৈষ্ণবীক সেৱা কৰিলে । বৈষ্ণবীয়ে সেই সময়ত তেওঁৰ প্ৰাতঃকৃত্যাদি কৰি ধুনীৰ ওচৰত বহি আছিল । উৰ্দ্ধবাহু আৰু বৰাগী নৈলৈ স্নান কৰিবলৈ আৰু নিত্য কৰ্ম্মাজি কৰিবলৈ গৈছিল। বৈষ্ণবী নীৰলে অকলে বহি আছিল । ধনেশ্বৰে সেৱা কৰি উঠিলত ষ্ণৈৰীয়ে তাক ওচৰলৈ নি তাৰ সোঁহাতৰ তলুৱাখান চাই কলেঃ- “বাবা ! তই যে আগৰ ৰত্নধ্বজ পালৰ জীয়া পৰ বংশৰ সেইটো তোৰ হাতৰ আৰু কপালৰ আকবোৰেই সূচাই থৈছে ৷ পিছত তোৰ যদিও এতিয়া কষ্ট আছে তথাপি মই দেখাত ভোৰ শেষ বয়সত সুন্দৰ সুখ আছে। কিন্তু বাবা ! তোৰ আজিৰপৰা ছমাহৰ ভিতৰত এটা বৰ ঘাতুক ঋষ্ট আছে। আনকি ভয় নাখাবি তোৰ মৃত্যু পৰ্য্যন্ত হব লগা আছে। তই আজিলৈকে এই কেইদিন যে আমাক সেৱা কৰিলি তাৰ ফলতে ঈশ্বৰে তোক ৰক্ষা কৰিলেও কৰিব পাৰে । "

ধনেশ্বৰ – “এৰা আই ! ম‍ই যেতিয়াই চুতীয়৷ জাতিৰ, বিশেষকৈ ষাড়ৰ খেলত উপজিটো, আৰু যেতিয়াই মই আগৰ ৰত্নধ্বজ ৰজাৰ জীয়াৰী ফালৰ লৰা তেতিয়াই আই! মোৰ একোলৈকে খানকি মৃত্যুলৈকে৷ ভয় নাই ৷ উপজিছোঁ যেতিয়াই এদিন মৰিবও লাগিব ৷ কিন্তু আই ! তথাপি কওকচোন এই ঋষ্টত ৰক্ষা পৰি জীয়াই থাকিবৰ ! কিবা উপায় আছেনে ?

বৈষ্ণবী – (ভালেখিনি পৰ চকু মুজি মনে মনে বহি থাকি) ফুটাই — ৰাবা ! ঈশ্বৰৰ কৃপা হলে উপায়ে৷ ওলাব । মই সেই উপায়টে। দেখিছে৷ দেখিছে। যেন লাগিেেছ ।

ধনেশ্বৰ –“আই ৷ তেন্তে কওকচোন সেই উপায়টোনে কি ? বৈষ্ণবী—“মই এইটে৷ দেখিছে৷ যে তোক এটা প্ৰাণীৰ পবিত্র, নিঃস্বার্থ প্ৰেমে ৰক্ষা কৰিব ! পিছত বাবা ! তই কচোন তই কোনো গাভৰুক এতিয়ালৈকে নিঃস্বার্থভাবে ভাল পাইছনে ?” ধনেশ্বৰ –( অলপ পৰ তললৈ মূৰ কৰি থাকে ) ।

বৈষ্ণবী — “ক বাবা ! লাজ কৰিব নালাগে ৷ মই তোৰ মাৰৰ সদৃশ। পবিত্র প্রেমে প্ৰেমিকক যমৰ ঘৰৰপৰাও ওলটাই মানিব পাৰে। সতী সাবিত্রীয়েই তাৰ প্ৰমাণ।”

ধনেশ্বৰ--“আই ! কওকচোন সতী সাবিত্ৰীৰ আখ্যানটো কি ?”

বৈষ্ণবী—“তই নাজান ? ”

ধনেশ্বৰ –“নাজানো আই। মই লিখা-পঢ়া নজনা পুথি ভাগৱত পঢ়িব নোৱাৰা এটা মূৰ্খ চুতীয়া লৰা ৷ জনাৰ ভিতৰত মই কাড় ধে মাৰিব জানো ৷ বাৰুৱে তৰোয়ালে, দায়ে, জাঠি-জোঙে যুঁজ কৰিব জানো ৷ আই কওকচোন সাবিত্ৰীৰ কথাটোনো কি ?”

ধনেশ্বৰৰ এই কথাত বৈষ্ণবীয়ে সাবিত্রী সত্যৰানৰ আখ্যানটো চমুকৈ কলে । তেতিয়া ধনেশ্বৰে কলে : -

“আই ! মই সৰুৰে পৰা এই তামাৰ মাইৰ ঘাই বৰদেউৰীজনাৰ জীয়েক আঘণী নামৰ গাভৰু জনীক ভাল পাই আহিছো। সম্ভবত: তাইও মোক ভাল পায়, কিন্তু তাইক বাপেকে এটা সিহঁতৰ জাতিৰে দেউৰী ডেকালৈ বিয়া দিব খুজিছে। কিন্তু তাই তাত অমাস্তি মইও দেখোন তাইক পাহৰিব নোৱাৰোঁ। এইটো যদি মোৰ পাপ হয় তেন্তে মোৰ আৰু আন উপায় নাই "

বৈষ্ণবী – (হুমুনীয়াহ এটা কাঢ়ি ) বাবা! তই যদি সেই গাভৰু অপট চিত্তেৰে ভাল পায়, আৰু তাইৰো প্ৰেম যদি পবিত্র, অর্থাৎ ভাই যদি সতী, তেত্তে তাইক তই ভাল পোৱাত পাপ হব নোৱাৰে । তোৰে৷ তাইলৈ প্ৰেম পৱিত্ৰ আৰু নিঃস্বার্থ বিধৰ হব লাগিব তেনেহলে সাবিত্ৰীৰ সতীত্বে সত্যবানক ৰক্ষা কৰাৰ দৰে, তাইৰ পৰিত্ৰ প্রেমেও তোক ৰক্ষা কৰাত সহায় কৰিব; কিন্তু আচলকৈ তই যদি ভক্তিভাবে ঈশ্বৰত খাট, ঈশ্বৰত বিশ্বাস ৰাখ, তেন্তে ঈশ্বৰেহে তোক ৰক্ষা কৰিব; কিয়নো শঙ্কটত তেওঁ সৰ্ব্ব বিঘ্নহাৰী মধুসুধন । * ধনেশ্বৰ—“বাৰু আই ! কওকচোন ঈশ্বৰ টোনো কেনেকুৱা "

বেষ্ণবী - “ বাবা! বেশি হল । আজিলৈ তই যাগৈ । উদ্ধ বাহু আৰু বৰাগীৰে৷ স্নান কৰি আহিবৰ সময় হৈছে তই কাইলৈ পুৱাও এইদৰে আহিবি। ম‍ই তেতিয়া তোৰ কথাৰ উত্তৰ দিম ।” বৈষ্ণবীৰ এই কথাত ধনেশ্বৰে বৈষ্ণবীক সেৱা এটা কৰি উঠিল আৰু খৰি-ঘ্ৰে গোটাই দি ঘৰলৈ গল ! জাৰু ভাত-পানী খাই গাছতলীলৈ টঙি ৰখিবলৈ গল ।

(9)

ধনেশ্বৰ হঁতৰ গাওঁখন চুনপোৰা নৈৰ পাৰত শদিয়াখোৱা গোহাঁইৰ নগৰৰ পৰা প্ৰায় আধ! মাইল উত্তৰত আছিল । সিহঁতৰ গাওঁখনৰ উজানিত গাতে লগাকৈ দেউৰী গাওঁ খন আছিল । এই দুখান গাৱঁৰ পূব ফালে এখান আহুতলী পথাৰ অ'ছিল। পথাৰৰ উত্তৰে অাৰু পূবে অটব্য অৰণ্য আছিল সেই পথাৰত তিনিখান চাৰি হাত মান ওখ চাঙ তিনি ঠাইত নাছিল। এখান চাঙৰ ওপৰত এজনী পোন্ধৰ কি ষোল্ল বছৰ বয়সীয়া গাভৰু আছিল ; আন এখানত প্রায় একুৰি দুৰছৰ ৰয়সীয়৷ দেউৰী ডেকা এজন আছিল ! তৃতীয় খান চাঙ - ধনেশ্বৰৰ আছিল। বৈষ্ণবীৰপৰা পুৱা বিদায় লই, ঘৰত ভাত-পানী খাই বৈ ধনেশ্বৰো আহি তৃতীয় চাঙখনত বহিল। গাভৰ- জনীৰ হাতত এটা বিহুত বজোৱা তকা আছিল । ডেকা দুয়ো জনৰ হাতত এটা এটা বিহু ঢোল ; আৰু দুয়োজন ডেকাৰ হাতত গায়পতি এখান ধেনু। পিঠিৰ ফালে এটা তূণত দহ-বাৰ পাতকৈ লোৱৰ মুখ লগোৱা আৰু ভোটা কাড়ো আছিল।

নদনবদনকৈ হোৱা৷ আহুধানত টুনি টোকোৰা আদি চৰাই পৰিলেই গাভৰুজনীয়ে তকা বজাই দিছিল আৰু তাৰ লগে লগে দুয়োজন ডেকাই ঢোল দুটা বজাই দিছিল । ঢোল আৰু তাৰ মাত শুনিলেই টুনি টোকোৰ। বিলাক উৰি পলাইছিল ।

বেলি লাহ দিলে, এনেতে হাৰি ফালৰপৰা একোলৈকে গল্প নকৰি এটা ডাঙৰ গুন্দা তাল গাহৰি ওলাই গাভৰুজনীৰ কাষতে হাবিৰ দাঁতিত ধান খাবলৈ ধৰিলে। গাভৰুজনীয়ে তকা কোবাই গাহৰিটোক খেদিব থোজাত গাহৰীটো নপলাই তাইৰ ফাললৈহে গোৰ-গোৰাই চোচা এটা ললে। ইয়াকে দেখি দেউৰী ডেকাটোৱে গাহৰিটোলৈ কাড় এপাত মাৰিলে ; সেই কাঁড় গাহৰিৰ সোঁ তপিনাত অলপ লাগি গাৰে চুচৰি গল । ঈষৎ আহত হোৱা গাহৰিটোৱে তেতিয়। খঙতে দেউৰী ডেকাৰ চাঙৰ ফাললৈ চোচা ললে । দেউৰী ডেকাজনে ধেনু ভিড়াই কাঁড লগাইমানে গাহৰি গৈ প্ৰায় তাৰ ওচৰ পালে । দেউৰী ডেকাৰ বিষম শঙ্কট যেন দেখি আমাৰ ধনেশ্বৰে চকুৰ পচাৰতে গাহৰিটোৰ সোঁ চকুটো কাঁড় এপাতেৰে বিন্ধিলে, সেই কাড়ে গাহৰিৰ মগজুলৈকে ভেদাত গাহৰিটো ধৰ-ফ কৰি পৰি গল । গাহৰিটো পৰা মাত্রকে দুয়োজন ডেকা আৰু তাৰ লগতে গাভৰুজনীও ওচৰ চাপি আহিল । দেউৰী ডেকাজন ধনেশ্বৰৰ শলাগ লওক চাৰি খঙেৰে কলে - মই মাৰিব খোজা গাহৰিটো তই কেলেই মাৰিলি ছোঁ।” ধনেশ্বৰে কাল—“ভাই মনেশ্বৰ | মই নমৰা হলে তোৰ ফালে আধ্যাই পৰ্লিহেঁতেন ওই কত মোৰ শলাগ লৰি নে তোৰ দেখোন খঙহে উঠিল । তই যদি ভাল কাঁড়িয়েই তেনেহলে আঘণীৰ ফালে চোচা লওঁতেই তই তাক কাঁড়েৰে পেলাব লাগিছিল । পিছত তোৰ কাছে তাৰ তপিনাত হে চুচৰি গল ! সি তোৰ ফালে চোচা লওঁতেই মই যদি তাক নামাৰিৰ্লোহেতেন তেনেহলে গাতৰিটোৱে একে খুন্দাই তোৰ চাঙখন ভাঙি তোক পেলাই লই দাঁতেৰে চিৰাচিৰ কৰি তোৰ প্রাণ ললেহেঁতেন । মই গাহৰিটো মাৰি তোৰ জীৱ ৰক্ষা কৰিলো, তই কত মোৰ শলাগ লবি নে তই মোক চকু ৰঙা কৰি খঙছে দেখুয়ালি ।

মনেশ্বৰ – “হেৰ নিলাজ ! তই বৰ ফুটনি নকৰিবি মই পাত কাঁডেদি গাহৰিটে। বগৰালোহেঁতেন ।

ধনেশ্বৰ – “হেৰ কটা । তোক ম‍ই ভাল কথা করতে তই মোক আকৌ গালিহে পাৰিলি । বাৰু ! আমাৰ আঘণী গাভৰুয়েই কওক কাৰ হাত কাঁড় মৰাত বেছি থিৰ” ।

মনেশ্বৰ-বাৰু আঘণীয়েই কওক । মই যে গাতৰিটো মোৰ কা ডৰে পেলোৱা নাছিলোঁ তাৰ কাৰণ ম‍ই গাভৰুৰ গাত কেনেবাবৈ কাঁড পৰে বুলিহে সাৱধানে কাঁড মাৰি গাহৰিৰ খঙ তুলি তাক ম‍ই মোৰ ফাললৈ ঢাল খুৱাইছিলো ৷ মই এইদৰে ঢালখুউৱাৰ কাৰণেহে আঘণা ৰক্ষ পৰিল ।

ধনেশ্বৰ বাৰু অ কেনে গণ্ডপটো মাছি। তোৰ হাত থিক

নাই অথচ নিজৰ অক্ষমতাটোকে এইদৰে বখানিছ । মনেশ্বৰ – হেৰ ষাড়ত পৰি মৰা চুতিয়', তই মোৰ খং নুতুলিবি দেই : ধনেশ্বৰ – “খং উঠিলেনে৷ তই মোক কি কৰিবি ।

মনেশ্বৰ – 'তোক একেপাত কাডেদিয়েই শালি পম জানিছনে ?* ধনেশ্বৰ – “ থাকতে! অ! বাৰু মাৰচোন তোৰ কাড মোৰ গালৈ আগেয়ে ।”

এই কথাতে মনেশ্বৰে তাৰ কাঁডপাত দিলে মাৰি ধনেশ্বৰৰ গালৈ ৷ ধনেশ্বৰে চকুৰ পচাৰতে গাটো দিলে একতিয়া কৰি, ক'ড পাত ধনেশ্বৰৰ গাত নালাগিল । এনেতে ধনেশ্বৰে তাৰ পাত শড ধেনুত ঘুৰিবলৈ ধৰোতেই আঘণী গাভৰু আহি দুযোজন কোৰ মাজত ঠিয় হৈ দোহায় দিবলৈ ধৰিলে - বিনে' তাই বঢ়িয়াকৈ জানিছিল যে ধনেশ্বৰৰ সন্ধান অব্যর্থ ৷ হেৰ ধনেশ্বৰ । হেৰ মনেশ্বৰ । তহঁতে সামান্য কথা এটাতে যুজ কৰি মৰিব খুজিছ কেলেই ! বাৰু তহঁতৰ কাৰ হাত কিমান থিৰ ইযাৰ মই প্ৰ'ক্ষা এটা লমনে ”

মনেশ্বৰ – “বাক ল পৰীক্ষা ”

ধনেশ্বৰ বাৰু মযে! সম্মত আছো

দুষে' এইদৰে কোৱাত আঘণী গাভৰুৱে তাইৰ কাটো তাইৰ চাঙৰ এচুক্ত তললৈ মুখ কৰি ঠিয়কৈ বান্ধি তাই কলেঃ- তহঁত দুকুৰি নলব আঁৰলৈ গৈ পামে মনেশ্বৰে তাৰ বা মাৰি মোৰ তকাটো বগৰাই পেলা * মই পিচত তকাটো আকে সেইদৰে সেই ঠাইতে বান্ধি দিম । তেতিয়া ধনেৰে কাজ মাৰিব ৷ আঘণীৰ এই সিদ্ধান্ত ত হয়ে1 সন্মত হৈ দুয়ো দুকুৰি নলৰ আতৰ নিদ্দিষ্ট ঠাইলৈ গল । মনেশ্বৰে কাঁচ মাৰিলে তাটোৰ ছয় আঙ্গুলি আতৰে কাড গল । ত কাৰ গাত মুচুলেই । পিচত ধনেশ্বৰক মাৰিব দিয়াত ধনেশ্বৰে একেপাত কাডেৰেই তকাটোত মা'ৰ তকাটো বগৰাই পেলালে । আধণী ধনেশ্বৰ ওচৰলৈ চাপি গৈ ধনেশ্বৰৰ গাত থপৰিয়ালে ধনে

শ্বৰেও তাইক সাবটি ধৰি দুয়ো গালে দুটা চুমা খালে। সি সেইদৰে আঘণাক চুমা থোৱা দেখি মনেশ্বৰে খঙতে গৰ্জ্জি কলে – “কুকুৰ ! নিলাজ । তই কেলেই মোলৈ খুজি-বাঢ়ি থোৱা আঘণীক মোৰ আগতে তই এইদৰে চুমা খালি । নেজাননে মই বোপাইক এই কথা কই তোক দণ্ড কৰোৱাম ”

ধনেশ্বৰ – “মই কাড মৰা বিখ্যাত জিকি আঘণীক চুমা খাইছোঁ। ইয়ান যদি তই লাজ পালি তেন্তে ইচ্ছা হলে মোৰ হাতে হাতে অথবা টোকোনে-টোকোনে, অথবা কান্তে কাড়ে, অথবা ঢালে-বাৰুৱে এজন নমৰো মানে যুজি চাব পাৰ। যদি যুগিবলৈ ভয় কৰ তেন্তে ভালে ভালে আৰু কোনো কথা নকই, কোনো মাত নামাতি গুচি গৈ কোন বাপেৰ বা শহুৰেক গোচৰ দিয় দেগৈ । জাননে মোৰ ইচ্ছা হলে তোৰ মাৰ ভনীয়েৰহঁতকে৷ লব পাৰে। । মোক কোনে কি কৰিব পাৰে । ”

মনেশ্বৰ – “এৰা এই যেতিয়াই ষাডৰ খেলৰ তেতিয়াই তোক মই মাৰিবও নোৱাৰে৷ সেই দেখিহে ৰক্ষা পৰিলি ।”

ধনেশ্বৰ – “থইন বইন । এৰা সেইদেখিতে তই মোক এৰিলি ! বাৰুতে। অ! বাৰু যা ভালে ভালে গুচি যা । আৰু সৰহ কথা কৈ মে'ৰো ধৈৰ্য্যচ্যুত নকৰিবি ।” ধনেশ্বৰৰ এই কথা শুনি মনেশ্বৰ খঙতে ৰঙা-মঙা পৰি বেগাবেগিকৈ যাৰলৈ ধৰিলে, যাত্ৰ সময়ত গঞ্জি গৰ্জ্জি কৈ গল – “বাৰু ভৈয়াই তই ইয়াৰ প্ৰতিফল নিশ্চয় পাৰি

( বিদ্রুপ ভাবে ) বাক মোক যি কৰ কৰিবি শহুৰেক গোচৰ দি ।" ( আঘণীৰ ফালে চাই ) আঘণী ! আমিও ঘৰা-ধৰি যাওঁ বল গধূলিও হৈছে । পিচত আঘণি ! তই যদি মোক সঁচাকৈয়ে ভাল পাৱ তেন্তে ৰাবৰ পৰতো মোক এটা চুমা দে এইবুলি কৈয়েই ধনেশ্বৰে আঘণীৰ ওচৰ চাপি তাইক চুমা খালে, আঘণীয়ে কোনো ইকা-বা নকৰি তাই ঘৰ মুৱা হল । ধনেশ্বৰো তাৰ ঘৰ মূৱা হল । এৰা এৰি হবৰ সময়ত ধনেশ্বৰে কলে:- আখণি ! তই কাইলৈ ভূইতলীলৈ অলপ আগেয়ে আহিবি দেই । ভোক ম‍ই কিবা-কিবি কবলগীয়া আছে।” আঘণি – “ৰাৰু আহিম দেই । ”

ভূইতলীত এই ঘটনা হৈ ৰোৱাৰ পিছাদনা আগৰ দৰেই নিচেই পুৱাই ধনেশ্বৰ বৈষ্ণবীৰ ওচৰলৈ আহিল থাক আগদিনা পথাৰত হোৱা দন্‌-হাইৰ কথা সকলো বিবৰি কোৱাত বৈষ্ণবী অলপ পৰ তললৈ মূৰ কৰি ৰৈ পিচত কলে : - ‘ধনেশ্বৰ ! ম‍ই জানিলো তোৰ বিপদ আৰম্ভ হল । অৱশ্যে তই নিজে সেই বিপদ মাতি আনিছ বুলি মই কব নোৱাৰে৷ ; কিন্তু ম‍ই বিশ্বাস কৰে৷ তোৰ পূৰ্ব্বজন্মৰ কৰ্ম্মফলে এই ঘটনা ঘটালে । তই ভাল কৰিবলৈ যাওঁতে বেয়া হল কি কৰিবি। পিছত তোক মই কওঁ তই এতিয়াৰে পৰা ঈশ্বৰক চিত্তিৰলৈ ধৰ আৰু বিপদৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক প্ৰৰ্থনা কৰিবলৈ ধৰ বিশেষ বিপদ আহিলেও যেন ধৈৰ্য্য ধৰিব পাৰ এইটো ঈশ্বৰক খাট” ধনেশ্বর – “আই ঈশ্বৰ জননো কেনেকুৱা ম‍ই দেখোন একে। নাজানো

বৈষ্ণবী -"বাবা ! ঈশ্বৰ নিৰঞ্জন নিৰাকাৰ অৰ্থাৎ তেওঁ নিত্য কিন্তু কোনো আকাৰ নাই । তেওঁ শিৱ, সত্য, সুন্দৰ ।” ধনেশ্বৰ –“সেইবিলাকৰ অৰ্থ কি মই দেখোন নাজানে। । আমাৰ ইয়াত দেউৰীসকলে, আৰু আন আন মানুহেও কয় যে তামাৰ মাই জনাই ঈশ্বৰী আৰু বলিয়া বাবা জনেই হেনে ঈিশ্বৰ ।”

বৈষ্ণবী - " বাবা । আচল ঈশ্বৰ জনাৰ প্ৰকৃততে কোনো ৰূপ নাই । তেওঁক যেয়ে যিদৰে ভাবে সি সেই দৰেই, সেই ' ভাবেই তেওঁক পাৱ পাৰে ৷ তেওঁক কেৱে পিতৃস্বৰূপে, কেৱে মাতৃস্বৰূপে, কেৱে সখা, বন্ধু, স্বামী, প্রভু ইত্যাদি স্বৰূপে ভাবে । কেৱে তেওঁক ককালত বাঘ-ছাল পিন্ধা, মূৰত জটা ৰখা, গাত ভষ্ম সনা, গলত সাপৰ মালা ইত্যাদি পিন্ধা — মহাদেৱ বা বলিয়া বাবা বুলি ভাবে । কেৱে তেওঁক নবঘনশ্যাম স্বৰূপে— বনমালাধাৰী, বৃন্দাৱন-বিহাৰী কৃষ্ণস্বৰূপে ভাবে মাতৃভাবে কেৱে তেওঁক কালী, দুৰ্গা, ভৈৰবী ছিন্নমস্তা, তাৰা ইত্যাদি ৰূপে ভাবে। কেৱে তেওঁক কমলা, ৰাধা লক্ষী ইত্যাদি ৰূপে ভাবে । তহঁতৰ ইয়াত ঈশ্বৰৰ মাতৃ ভাবটোক “তামাৰ মাই” বুলি ভাবে।

ধনেশ্বৰ – “আই । ঈশ্বৰক বলিয়া বাবা ৰূপে ভবা সকলে দেখোন ভাঙঘোটা খাই বলিয়ালি কৰে। হাত পাৰ মোচাৰি মাৰে। মাতৃৰূপে ভবা সকলে, তামাৰ মাই বুলি ভবা সকলে – দেখোন তামাৰ মাইৰ আগত নৰবলিও দিয়ে

বৈষ্ণবী—“বাবা । তামাৰ মাইক মানুহৰ তেজখাইতা বুলি ভাবে অজ্ঞান অর্থাৎ নজনা মূর্থ মানুহ বিলাকেছে। ভাবি চাচোন মাকেনো কেতিয়াবা তেওঁৰ নিজৰ সন্তান মানুহক খায়নে ? জ্ঞানীসকলে ঈশ্বৰক প্ৰভু বুলি ভবা সকলে, ঈশ্বৰক মদন মোহন, ত্রিভঙ্গ হ্যাম কৃষ্ণ ৰূপে ভাবে। দৰাচলতে ঈশ্বৰক কৃষ্ণ বুলি ভবা সকলে কাৰো অনিষ্ট নকৰে, তেওঁবিলাকে কৃষ্ণৰ সুন্দৰ, মঙ্গলময় মধুময়, প্রেমময় ৰূপ ভাবি বৰ সন্তোষ পায়।”

ধনেশ্বৰ—“বাৰু আই ! মোক কৃষ্ণৰ সম্পূৰ্ণ ৰূপ কেনেকুৱা কওকচোন।”

বৈষ্ণবী – “বাবা ! তেওঁৰ প্ৰেমময়, মধুময়, শান্তিময়, মঙ্গলময়, সৌন্দৰ্য্যময় ৰূপ কেৱে বখানি অন্ত কৰিব নোৱাৰে। তেওঁৰ গুণৰ যে অন্তই নাই, তথাপি আমাৰ কীৰ্ত্তন, ভাগৱত ইত্যাদিত যিৰূপে কইছে তাকে অলপ তোক কওঁচোন শুন :-

“নীল আকুঞ্চিত যাৰ কেশ

শিৰে ৰত্ন কিৰিটি প্রবেশ ।

দৰ্শনে হৰে হৃদি তাপ

ভ্রুযুগ

মদনৰ

চাপ

ৰুচিকৰ কমল

লোচন

সুধা সম মধুৰ বচন

সুষম ললাট

গণ্ড স্থল

চাৰু কৰ্ণে ধকৰ কুণ্ডল ৷

নাসা তিল ফুল কুসুম সুন্দৰ

দশন দাড়িম্ব বীজ পাত্তি

কম্বুকণ্ঠে কৌস্তুভ প্রকাশে

শোভে অতি অৰুণ অধৰ ।

হাস্যে জিনে চন্দ্ৰমাৰ কান্তি

সূর্য্য যেন উদিত আকাশে

সিংহবন্ধ স্বন্ধ

সুপ্রসন্ন

ভূজযুগ ৰত্নৰ মোলান।

কেয়ৰ কঙ্কন তাতে জ্বলে

ৰত্নৰ গুণিয়া শোভে গলে

হিয়াত শ্ৰীবৎস কৰে কান্তি

যেন মেঘে বলাকাৰ পাত্তি

পাঁতবস্ত্রে শোভে তনু কলা

আপাদ লম্বিত বনমালা

তাতে পৰি অনেক নমৰে

মধু লোভে পৰিয়া গুঞ্জৰে

বক্ষস্থলে মুকুতাৰ হাৰ

ৰত্নৰ মেখেলা কটি মঙ্গে

কৰি কৰ উৰু নিৰুপম,

আকাশী গঙ্গাৰ যেন ধাৰ

সোণৰ কিঙ্কিণী তাতে বাজে

চৰণ পঙ্কজ মনোৰম

ধ্বজে বজ্ৰ অঙ্কুশে অঙ্কিত

ৰত্নময় নুপূৰে ৰঞ্জিত

ভকতৰ হৃদয় ৰঞ্জণ সেবিবো হেৰা আমি তান চৰণ ||” “বাবা! শাস্ত্ৰে ঈশ্বৰৰ ৰূপ এই দৰেই চিত্তিৰ দিছে”। ধনেশ্বৰ – “জাই কওকচোন তেওঁকনো কেনেকৈ প্ৰাৰ্থনা কৰিৰ লাগে ?”

বৈষ্ণবী—“বাবা! মনত যেনে ভাৱে প্ৰাৰ্থনা কৰিলে ভাল লাগে সেইদৰেই প্ৰাৰ্থনা কৰিব লাগে । পিছত আমাৰ নামঘোষা আদি

পুথি মতে ঈশ্বৰক এই দৰে প্ৰাৰ্থনা কৰে ৷ মোৰ সম পাপী লোক

নাহিকে ই তিনি লোক

তুমি সম নাহি পাপ হাৰি

ইজানি গোবিন্দ মোক যেন জুয়াই কৰিয়োক

তুৱা পদে কৰোহোঁ গোহাৰি ||

সহস্র সহস্ত অতি

অপৰাধ দিনে ৰাতি

কৰোঁ ম‍ই মহা মূঢ়জন ৷

আমি প্রভু তবু দাস

তাকে মানি জগৰাস

ক্ষমিয়োক শ্রীমধুসুদন |

নাজানোহোঁ আবাহন

নাজানোহোঁ বিসর্জ্জন

পূজা মন্ত্ৰ নাজানো কিঞ্চিত !

এতেকে পৰমেশ্বৰ

দাস ভৈলে। চৰণৰ

মোৰ গতি সাধিতে উচিত || ধনেশ্বৰ-“তেনেহলে আই। মই এইটো বুজিম নে যে ভগবস্তুৰ

কৃষ্ণ ৰূপটো অতি স্বন্দৰ আৰু তেওঁক প্ৰাৰ্থনা কৰাত, ভক্তি কৰাত হাঁহ, পাৰ, পঠা ছাগলি আমি একো জন্তুকে মাৰিব নালাগে” ।

বৈষ্ণবাঁ— ‘হয় বাবা! তই ভালকৈ বুজিছ । তই এই প্ৰেমৰ অৱতাৰ প্ৰভু কৃষ্ণক যেতিয়াই পাব তেতিয়াই কায়মনবাক্যে ভাবিবি আৰু প্ৰাৰ্থনা কৰিবি। তেওঁক তোৰ সুখ দুখ সকলো জনাবি ৷ তেওঁক আৰাধনা কৰিবি । তেওঁত আত্ম সমৰ্পন কৰিবি। তেওঁ ভক্ত ভয়হাৰী ভগৱন্ত । তেওঁ মধুসুদন । তেওঁক সঙ্কটত পৰি এই নামেৰে মাতিলে তেওঁ ভক্তক সুদর্শন চক্ৰেৰে ৰক্ষা কৰে ।

ধনেশ্বৰ—“তেন্তে আই ! মই আজিৰপৰা প্ৰভু কৃষ্ণত শৰণ

যাগৈ” ।

বৈষ্ণবীৰ এই কথাত ধনেশ্বৰে বৈষ্ণবীক সেৱা এটা কৰি ঘৰলৈ আহিল আৰু চাৰিটা খাই-বই উঠি ভূইলী - পালেগৈ ৷ (a)

ভূইতলী পায়েই ধনেশ্বৰে দেখিলে আঘণী আহি তাইৰ চাঙখনত বহি আছে। ধনেশ্বৰে আঘণীৰ ওচৰলৈ গই' কলে : - "আঘণী ! মই কালি কোৱামতে তই আহিছ। পিছত আঘণি! কথাটোনো কি মই তোক কওঁ শুন। কপাটো এই, ম‍ই তোক সৰুৰেপৰা, মোৰ আই ঢুকাবৰেপৰা তোৰ লগত উমলি-জালি ডাঙৰ হৈছো৷ মহ তোক সৰুৰেপৰা, ভাল পাইছো বিশেষকৈ আঘণি । তোৰে। আয়েৰ নাই ; মোৰো নাই, সেহ দেখিও মোৰ তোলৈ বৰ বৰম । পিছত কচোন আঘণি! ওইও মোক ভাল পাৱনে ?

আঘণী – “ভাল পাওঁতে। ”

ধনেশ্বৰ – তেন্তে তই মোৰ লগত সদাই একেলগে থাকিবলৈ মোৰ চিৰকালৰ লগৰী হবলৈ ইচ্ছা কৰনে ? আঘণী – মই ইচ্ছা কৰিলেইনো কেনেকৈ তোৰ লগৰী হ । পিতায়ে মোক মনেশ্বৰলৈ বিয়া দিব বুলি স্থিৰ কৰিছে নহয় ? ধনেশ্বৰ – তই তালৈ সন্তোষ মনেৰে যাৰিনে ? আশ্ৰণী – “সন্তোষ মনেৰে নহলেও পিতায়ে দিলেনো নেযায় পাৰিম কেনেকৈ?”

ধনেশ্বৰ – মই কওঁ গুন ৷ ম‍ই তোক মোৰ জীউটোতকৈও ৰেছি ভাল পাওঁ। তোক মই মোৰ চিৰকালৰ লগৰী কৰিব নোৱাৰিলে

মই মোৰ এই জীউটোকে নাৰাখোঁ ।

আধণী – “তই সঁচা কৈছনে ? ধনেশ্বৰ – “মিছা কথা ম‍ই কব ন জানো।”

আঘণী – ‘তই মোক তোৰ জীউটোতকৈও ভাল পালেও পিতায়ে মোক তোলৈ নিদিলেনো কেনেকৈ যাম।”

ধনেশ্বৰ – “তই মনেশ্বৰলৈ নেযাওঁ বুলি কলে পিতাৰে জানো বল কৰি ধৰি বান্ধি তোক তালৈ দিব পাৰিবনে ?

- ধনেশ্বৰ – মই যদি তোক পলুৱাই নিও তই মোৰ লগত যাবিনে ? আঘণী – পলুৱাই নিলেও তোৰ লগততো মোৰ বিয়া হব নোৱাৰিব । তই হলি চুতিয়া জাতিৰ, মই হলু দেউৰীৰ জীয়াৰী ৷

আঘণী- 'পাৰিবতো ।”

ধনেশ্বৰ – “আঘণি ! তই নেজাননে গুৰিত দেউৰী আৰু চুতিয়া তোৰ চুতীয়াসকলেই বা মোৰ দেউৰীসকলেই হওক আমাক জাতিৰ ভিতৰত ৰাখিবনে? জাতিৰ বাহিৰ হৈ আমি অকলৈ থাকি সুখী হব পাৰিমনে ?”

একে জাতিৰ মানুহ ৷ তোক ম‍ই বিয়া কৰালে নো কি হানি তব । ” আঘণী – “তোৰ মোৰ ভিতৰত একো হানিতো নাই। ছিত

ধনেশ্বৰ – “আমি যদি উভয়ে উভয়কে ভাল পাওঁ, তেন্তে আমি ছয়ে। আহোম জাতিত উঠিম । কিয়নো আমি “জাহোম” হুলু বুলি কলেই ' বদান্য আহোমসকলে আমাক তেওঁলোকৰ জাতিত তুলি লৰ ।”

আঘণী- “আমি জানো নিজ নিজ জাতি এৰি পৰৰ জাতি এটা ললে ভাল হব”?

ধনেশ্বৰ- বেয়ানো কিটো হব। আহোম, চুতীয়া দেউৰীসকলো একে মানুহ । গুৰিত একে জাতিৰ বুলিলেও হানি নাই । আমাৰ কত চুতিয়া জাতি কত দেউৰী জাতি আগেয়েই আহোম হৈ গৈছে । আমাৰ ৰজাৰ জাতি আহোমৰ নিয়ম এনে সুন্দৰ যে “ম‍ই আজিৰ পৰা আহোম হলু” বুলিয়েই আহোমৰ কুলত তুলিব, আৰু পূৰ্ব্বাপৰ মান-মর্য্যাদা বিবেচনা কৰি আমাক যেনে তেনে কোনো এখেল আহোমৰ লগত সামিল কৰি দিব। আমি অৱস্থাপন্ন হলে সেই আহোম খেলত এটা ভোজ-ভাত দিব পাৰিলেই হব। দুখীয়া হলে আনকি এথাহি তামোল পান দি সেই খেলটোক এটা সেৱা কৰিলেও আমাক আনন্দ চিত্তেৰে গ্ৰহণ কৰি নিজৰ খেলৰ ভিতৰত ঠাই দিব ।” আঘণী - ( চকু চলচলীয়া কৰি ) 'যদি পিতায়ে দেউৰী জাতিতে

থাকে তেন্তে মই সুখী হব নোৱাৰিম বোধ কৰে৷” ।

ধনেশ্বৰ বাৰু আঘণি । তই মোক ভাল পাবলৈ নেৰিবি, মইও তোক ভাল পাবলৈ নেৰো । তোক পাবলৈ দিনে নিশাই ঈশ্বৰক খাটিম । দেখোঁ প্ৰভুৱে কি কৰে। এই কথা-বতৰাৰ পিছতে মনেশ্বৰো আহি সেই ঠাই পালে। সেই দিনা আৰু কেৱে কাকে! মাত বোল নক- বাকৈ দিনটো টঙি ৰখি গধূলি পৰাঘৰি গল ।

(3)

ভূ ইতলীত খনাই, মনাই আৰু আঘণীৰ মাজত হৈ যোৱা ঘটনাৰ দুদিনৰ পিছত সত্ৰাম, লাংফাই, মনাই এই তিনিজন দেউৰী শদিয়া- খোৱা গোঁহাইৰ চৰাত থিয় হোৱা মাত্ৰকে, গোঁহাইদেৱ ভিতৰৰপৰা ওলাই আহি দেউৰী কেজনক ৰথাযোগ্য আসন বহিবলৈ দি নিজে ফুলাম বৰপিড়াত বহি সুধিলে : - “দেউৰীসকল! আজি কি সকামনো ইয়ালৈ অহা হৈছে ? * তামাৰ মাইৰ পূ-সেৱ৷ যথা নিয়া চিল আছেতো ?” লাংকাই বৰদেউৰায়ে কলে – “গোঁহাইদেৱ । তামাৰ মাইৰ পূজা-সেৱা৷ যথা নিয়মে চলি আছে। পিছত আমি এটা গোচৰ জনাবলৈ আহিছোঁ ।

শঃ খোঃ গোঃ- 'কি গোচৰ জনোৱা” 1

লাংফাই – গোঁহাইদেৱ ! এই হৰেশ্বৰ চুতীয়াৰ পুতেক ধনেশ্বৰ চুতীয়াৰ উৎপাতত আমি ৰব নোৱাৰাত পৰিছো। গল পৰহিদিনা ভূই- তলীত আহুধান ৰাখোঁতে ধনাই চুতীয়াই এই মনাই দেউৰীলৈ খুজি বাঢ়ি থোৱ৷ মোৰ আঘণী নামৰ ছোৱালীজনীক এই মনাইৰ আগতে নিলাঞ্জ ভাবে ধৰি চুমা খাই অসৎ অভিপ্ৰায়ে তাইৰ ককালত সাবোট মাৰি ধৰিছিল। সি জাতীত চুতীয়া হৈ তাম্ৰেশ্বৰীৰ মন্দিৰৰ মই তেন বৰদেউৰীৰ জীয়েকক মনাইলৈ খোজা বঢ়া কৰি থোৱা কথাটো জানিও এই দৰে নিলাজ ব্যৱহাৰ কৰিব নালাগিছিল। তাক ভালকৈ দণ্ড বিহিব লাগে, নহলে আগলৈ সকলোলৈকে কথা বেয়া হব । তাক দগা-পা কৰি সোঁকাৰে কোৰাব লাগে, চমটাৰে মাৰিব লাগে, গাত পানী চালি চোৰাত মেলিব লাগে ।"

শঃ খোঃ গোঃ-বাৰু হেৰ মনাই ! কচোন আচল কথাটো কি”? মনাই –“দেউতা ঈশ্বৰ ! বৰদেউৰীয়ে যি কইছে সেইটো সঁচা ।” মনেশ্বৰে এইদৰে কোৱাৰ পিছতে হৰেশ্বৰ পুতেক ধনেশ্বৰে সৈতে সেই ঠাই পালেহি। শদিয়াখোৱা গোঁহাই, দেৱে তেওঁলোককো ৰহি বলৈ দি সুধিলে :- হেৰ ধনেশ্বৰ ! লাংফাই দেউৰী আৰু তেওঁৰ হব খোজা জোয়ারেক মনেশ্বৰে কইছে তই হেনো বৰদেউৰ'ৰ জীয়েক আঘণীক মনেশ্বৰলৈ খোজা বঢ়া কৰি থোৱা কথাটে৷ জানিও তাইক তই নিলাজ ভাৰেৰে ভূই তলত চুমা খাইছিলি ; আৰু তাইক বলাৎকাৰ কৰিৰ অভিপ্ৰায়ে তাইৰ ককালত সাবোট মাৰি ধৰিছিল, এইবিলাক কথা সঁচানে ? ধনেশ্বৰ – “দেউতা ঈশ্বৰে যদি সুধি-পুছি কাটে, তেত্তে কটা

নযাওঁ ।”

শঃ খোঃ গোঃ- “বাৰু আচল কথা কি তই ক।” সাৱধান মিছা নকবি। মিছা কোৱা প্ৰমাণ হলে তোৰ জীভা কটাম আৰু আন উগ্ৰ শাস্তিও কৰাম

ধনেশ্বৰ –“দেউতা ঈশ্বৰ । আমি তিনিও আহুতলীত দুই ৰখি থাকোতে বেলি অলপ লাহ দিয়াত এটা বৰা গাহৰি ওলাই ধান খোৱাত আঘণীধে তকা কোবাই গাহৰিটো খেদিবলৈ ধৰোতে গাহৰি টোৱে তকাৰ কোবলৈ কেৰেৱা নকৰি আঘণীৰ পিনে চোচা এটা লইছিল : তেনেতে মনেশ্বৰে গাহৰিটোৰ গালৈ কাঁড এপাত মাৰিছিল সেই কাড গাহৰিৰ তপিনাত লগাত গাহৰিটোৱে মনেশ্বৰৰ ফালে চোঁচা লই মনেশ্বৰৰ চাঙত খুন্দা মাৰিব ধৰোতেই মই মনেশ্বৰ বিপদ দেখি এপাত কাঁত মাৰি গাহৰিটো বগৰাই লই আৰু এপাত কাডেৰে গাহৰিটো মাৰিলে।। মনেশ্বৰে মোৰ শলাগ লওক চাবি আঘণীৰ আগত লাগত পৰিয়েই বোধকৰো মোক গালিহে পাৰিছিল। “ময়ে গাতৰিটো মাৰিলোহেঁতেন তই কুকুৰে কেইে মই ঘাইল কৰা গাহৰিটো মাৰিলি”—এইদৰে কোৱাত, বিশেষকৈ মোক “কুকুৰ” বুলি কোৱাত মই ওখঙত দুষাৰ কৈছিলোঁ । পিচত দুইৰে৷ ভিতৰত কৰি হাত পোন, এই কথাৰ অৰিব৷ অৰি সাত আমি দুয়ো আঘণীক মধ্যস্থ সমজুৱা মানি লইছিলোঁ । আঘণীয়ে তাইৰ হাত তকাটো ভাইৰ চাঙৰ গাত লগাকৈ পুতি আমাক দুকুৰি নৰ আঁতিৰৰপৰা সেই তকাত কাড় লগাব দিলে । মনেশ্বৰে প্ৰথমেই কাড় মাৰিলে ; সেই কাড় তকাত নেলাগি এছাত মান আতৰেদি গল । মই কাঁড় মাৰি তাত লগোৱাত আঘণীয়ে মোক মোৰ পিঠিত চপৰিয়াই প্রশংসা কৰাত মইও তাইক চুমা এটা খাইছিলো ৷ মই তাইৰ কঁকালত ধৰা নাছিলো । মই কেতিয়াও অসঙ্গ অভিপ্রায়ে তাইক চুমা খোৱা নাছিলো, দেউতা ঈশ্বৰ ! এয়ে 'আচল কথা ।”

শঃ খোঃ গোঃ – “বাৰু কচোন। চুমা খাওঁতে আঘণীয়ে একো আপত্তি কৰা নাছিলনে ! ”

ধনেশ্বৰ – “দেউতা ঈশ্বৰ ! আঘণীয়ে কোনো ওজৰ আপত্তি কৰা নাছিল।”

শঃ খোঃ গোঃ- কেলেই ওজৰ নকৰিছিল কচোন ।” ধনেশ্বৰ – ( তললৈ মুৰ কৰি ) দেউতা ঈশ্বৰ ! তাই মোক সৰুৰে পৰা ভাল পায় আৰু মইও তাইক সেইদৰে ভাল পাওঁ । তাইৰো মাক সৰুতে মৰিছে মোৰো আই সৰুতে ঢুকাইছে, সেই দেখি আমাৰ উভয়ৰে উভয়লৈ এটা 'মলা প্ৰীতিৰ ভাব আছে। তদুপৰি আমি হয়ে। সৰুৰেপৰা একেলগে উমলি জামলি, ৰং ধেমালি কৰি ডাঙৰ হৈছো ৷ মনেশ্বৰ – “হেৰ নিলাজ ! তাই আমাৰ দেউৰী জাতিৰ ছোৱালী হৈ তোৰ নিচিনা চুতিয়া এটাক ভাল পোৱা কথাটো তেনেই মিছা । ধনেশ্বৰ দেউত! ঈশ্বৰ দেখক । সি মোক এই ৰাইজৰ আগতে দেউতা ঈশ্বৰৰ আগতে আকৌ “নিলাজ” বুলি গালি পাৰিলে । আঘণীয়ে মোক ভাল পায়নে নাপায় এই কথা আঘণীক মতাই আনি সুধিলেই হয় । তাৰ পিছত দেউতা ঈশ্বৰে অনুমতি কৰক সিয়ে ময়ে এজন নমৰে। মানে কাড়ে কাড়ে, জাঠিয়ে জাঠিয়ে, অথবা ঢালে বাৰুৱে এই ৰাইজ আৰু দেউতা ঈশ্বৰৰ আগত যুদ্ধ কৰোঁ ৷ শঃ খোঃ গোঃ :—ধনেশ্বৰ । মই আঘণীক নামাতো । হেজাৰ হওক তাই জীয়াৰী ছোৱালী। ৰাইজৰ আগত তাই কথা কবলৈ লাজ কৰিব খুজিছে৷

ধনেশ্বৰ— 'ভাল দেউতা ঈশ্বৰ ! দেউতা ঈশ্বৰে যেনেকৈ পৰীক্ষা কৰে তেনেকৈ পৰীক্ষা দিবলৈ এই দাস সন্মত আছে৷ ৷ শঃ খোঃ গোঃ :—“হেৰ মনেশ্বৰ ! তই কি কৰ । "

মনেশ্বৰ – — মই ও পৰীক্ষা দিবলৈ সন্মত আছোঁ।”

দুয়ো এইদৰে কোৱাত শদিয়াখোৱা গোহাঁইদেৱে এট৷ সৰু কলপুলি অনাই পোতালে আৰু সেই কলপুলিৰ গাত সে৷ মাজতে এবেগেত দীঘৰ, ৬ আঙ্গুলী পুতলৰ চুনৰ দাগ এটা দিয়াই দুয়োকো এশ নলৰ আতৰৰপৰা সেই দাগত কাঁড মাৰি কাৰ লগাব দিলে৷ পোনেই মনেশ্বৰক মাৰিব দিলে। মনেশ্বৰে এবেলি দুবেলি তিনিবেলি কাঁড় মাৰিলে কাঁড় গৈ কলপুলিটো ঢুকিকে নাপালে ৷ কলপুলিৰপৰা ২’৩ নল আতৰতে কাঁড় ৰলগৈ। ইয়াৰ পিছত ধনেশ্বৰক কাঁড় মাৰিব দিলে । ধনেশ্বৰৰে৷ শৰীৰৰ গঠন আৰু ওখই বহুলে মনেশ্বৰৰ সমান দেখালেও যেতিয়া ধনেশ্বৰে ধেই ভিড়াই ধেনুত কাঁড় ফুৰিলে তেতিয়া ধনেশ্বৰৰ বুকু গা ফুলি পৰিল। শদিয়াখোৱা গোঁহাইক সেৱা জনাই কাড় এৰিলে—সেই কাড়ে বিজুলী চমকেৰে গই কলপুলীৰ সেই বগা দাগত সোমাই কলপুলী ভেদ কৰি ওলাই যাবলৈ কেৱল পাথী থকা সেই !৬ আঙুলিহে ইফালে থাকিল । ৰাইজে হৰিধ্বনি কৰিলে শদিয়াখোৱা গোঁহায়ে পিঠিত চপৰিয়ালে । ইয়াৰ পিছত শঃ খো° গোঁহাইদেৱে ঢাল-বাকৰ যুজ চাবলৈ ইচ্ছা কৰি ভিতৰৰপৰা দুযোৰ ঢাল-বাৰু আনি ধনেশ্বৰে সেই ধনেশ্বৰ –“দেউতা ঈশ্বৰ ! আগৰ কালত আমি চুতীয়া দেউৰী একে জাতিৰ মানুহ । যি সকলে তামাৰ মাইৰ সেৱা-পূজা লে সেইসকল দেউৰী হল; আনবিলাক চুতীয়া হৈ ৰল। পিছত আমাৰ সেই চুতিয়াৰ ভিতৰতে কেৱে কেৱে হিন্দু হৈ হিন্দু চুতিয়া নাম লৈছে, কেৱে দেউত৷ ঈশ্বৰসকলৰ জাতি লৈ আহোম চুতীয়া হৈছে - সেই দেখি মইও যদি দেউতাৰ জাতিৰ আহোম হওঁ আৰু আঘ- নীও বদি আহোম সমাজত ভুক্ত হয়; তেন্তে আমাৰ দুইৰে৷ ভিতৰত বিবাহ হব পাৰিব । দেউতা ঈশ্বৰৰ দেখোন এই নিয়ম বিদিত আছে

চাল-বাৰু বীৰৰ লৰাৰ দৰে তুলি ললে ; কিন্তু মনেশ্বৰে হাত যুৰি জনালে যে সি ঢাল-বাৰুৰ যুজ নাজানে । তেতিয়া শদিয়াখোৱা গোঁহারে মনেশ্বৰৰ ফাললৈ ঘৃণাৰ চকুৰে চালে। ধনেশ্বৰে ঢাল-বাৰু থই শদিয়াখোৱা গোঁহাই দেৱক দীঘল দি দণ্ডবৎ কৰিলে। শদিয়াখোৱা গোঁহাইদেৱে তাক উঠিবলৈ আদেশ দি কলে :- " বুজিলো ধনেশ্বৰ ! তই অতি উত্তম কাঁড়ি আৰু এটা বীৰ । মোৰ ৰাজ্যত তোৰ নিচিনা বিমান নিপুন কাঁড়ি আৰু যুজাৰু হয় সিমান ভাল । পিছত ধনেশ্বৰ ! তইতে৷ আঘণীক বিয়া কৰাব নোৱাৰ, কিয়নো তই হলি চুতীয়া আৰু আাঘণী হল দেউৰী জাতিৰ । তহঁতৰ ভিতৰততো বিযা হব নোৱাৰে ।” ধনেশ্বৰ—“দেউতা ঈশ্বৰ! এই দাসে এটা নিবেদন জনাব খোজে”। শঃ খোঃ গোঃ—“বাৰু কি কর ক।"

শঃ খোঃ গোঃ – ( মুখতে খঙ দেখুৱাই ) হেৰ কটা চুতীয়া ! ওই এতিয়া এটা জগৰ লগাই, পৰলৈ খুজি থোৱা ছোৱালীক চুমা খাই লণ্ডৰ ভয়ত আহোম হব খুজিছ নহয়নে ?

ধনেশ্বৰ – “দেউত! ঈশ্বৰে কাটক বা মাৰক মই আজিৰপৰা আহোম হলুয়েই। দেউতা ঈশ্বৰে কোন খেত থব আদেশ কৰিলেই সেই লাংফাই – “হেৰ কটা ধনেশ্বৰ ! তই যাৰে বংশৰ হৱ তই ৰে এতিয়া ষাড়ৰ খেলৰ সেইটো পাহৰিলিনে? তই হলি ছাগলিৰ দৰে আৰু মই হলু বাঘৰ পৰে— তহঁতৰ মানুহ তামাৰ মাইত বলি পৰে, মই সেই মানুহক তামাৰ মাইৰ আগত বলি দিওঁ । ছাগ হৈ ৰাঘৰ জীয়াৰীলৈ হেপাহ কৰা আলটোও তোৰ কম নহয় । হেৰ ! মৰিবলৈ অতপালি কৰিছ "

খেলৰ সকলক দাসে আন একো দি সেৱা কৰিব নোৱাৰিলেও এশ- ৰাই তামোল দি হলেও সেৱা কৰিবলৈ তৈয়াৰ আছে৷ ৷ শঃ থোঃ গোঃ- হেৰ । মই আজিয়েই তোক আহোম কৰিব নোৱাৰোঁ ৷ পিছত তই চুতীয়া হৈনো কোনটো সাহেৰে তামাৰ

মাইৰ বৰদেউৰীৰ জীয়েকক বিয়া কৰাব খোজ ।”

ধনেশ্বৰ – “যদিও মই জাতিত চুতীয়া আৰু লাংফাই তামাৰ মাইৰ বৰদেউৰী তথাপি ম‍ই যেতিয়াই আগৰ চুতীয়া ৰজা নীতিপালৰ জীয়াৰীফালৰ বংশধৰ তেতিয়াই ময়ে৷ মান-সম্ভ্ৰমত লাংফাই বৰদেউৰীতকৈ কোনো অংশে হীন নহওঁ।”

ধনেশ্বৰে দাঁত কামুৰি এই কথাৰ উত্তৰ দিবলৈ নৌপাওঁতেই শদিয়াখোৱা গোঁহাই দেৱে কলে : - বৰদেউৰী ! তুমি এতিয়া তাৰ লগত চুপতি নকৰাই ভাল । বাৰু ম‍ই তাক আৰু দুষাৰ সোধো।” শঃ খোঃ গোহাইদেয়ৰ আদেশত লাংফাই মনে মনে বল, তেতিয়া গোঁহাইদেৱে কলে – “হেৰ ধনেশ্বৰ । তই যি বংশৰ হব ভই যেতিয়াই পৰলৈ খোজাবঢ়া কৰি থোৱা ছোৱালীৰ মন ভঙাবলৈ তাইক নিলাজভাবে চুমা খালি তেতিয়াই তই নিয়মমতে দন্দ পাৰ লাগে । তোক চমটাৰে কোৰাই, গাত পানী ঢালি, চোৰাত মেলি নাকটো কাটিলেহে এই দোষৰ শাস্তি হয় । কি কর তই।" ধনেশ্বৰে শঃ খোঃ গোঁহাইদেৱৰ এই কথাৰ কোনো উত্তৰ দিবলৈ নৌপাওঁতেই ধনেশ্বৰৰ বাপেক হৰেশ্বৰে আগবাঢ়ি গই শদিয়াখোৱা গোঁহাইৰ ভৰিত পৰি জনালে – “দেউতা ঈশ্বৰ ! দাসে এটি নিবেদন জনাওঁ। আমি ষাঁড়ৰ খেলৰ মানুহ যেতিয়াই, পূৰ্ব্বাপৰ স্বৰ্গদেৱ ঈশ্বৰসকলে বিহি দিয়া নিয়ম অনুসৰি মোৰ পে' ধনেশ্বৰে লাংকাই দেউৰীৰ জীয়েককহে নালাগে মাক বা ঘৈণীয়েকক ললেও তাক কেৱে দণ্ড বিহিৰ নোৱাৰে । দেউতা ঈশ্বৰে এই কথা জানে ।”

হৰেশ্বৰৰ এই কথাত সকলো ৰাইজ নিমাত হল । শদিয়াখোৱা গোঁহাইদেৱে কলে – “অ হৰেশ্বৰ ! তুমি পূৰ্ব্বাপৰ নিয়মটো সোৱঁৰাই দি ভাল কৰিলা । অৱশ্যে মই ধনেশ্বৰক সেই নিয়ম অনুসৰি দণ্ড ৰিহিব নোৱাৰো সঁচা । কিন্তু তাৰ নাকটো কাটিব পৰা হলেহে তাৰ দোষৰ দণ্ড হলহেতেন । যি কি নহওক তাক ম‍ই এৰি দিলো বৰদেউৰী । মনেশ্বৰ ! ৰাইজ সকলো ঘৰাঘৰি যোৱাগৈ । গোঁহাই- দেৱৰ এই আদেশত সকলে৷ ঘৰাঘৰি গল । যাৰ সময়ত লাংফাই দেউৰীয়ে ধনেশ্বৰৰ ফালে বৰ কট্‌মট, মুখেৰে আৰু ৰঙা চকুৰে টেৰ টেৰ কৰি চাইছিল । ধনেশ্বৰেও প্ৰাৰম্ভৰে লাংফাইক বুঢ়া আঙ, লিটে দেখুৱাই বাপেকৰ পিছে পিছে ঘৰৰ ফাললৈ গল ।

(১১)

ঘৰত অলপ পৰ জিৰাই-সতাই ধনেশ্বৰ বৈষ্ণবীৰ চৰলৈ আহিল আৰু বৈষ্ণবীক, সাধু দুজনক সেৱা সৎকাৰ কৰি অলপ খৰি-খে গোটাই দি তেওঁলোকৰ ওচৰত পাৰি থোৱাঁ কঠ এখানত ৰহিল । বৈষ্ণবীয়ে সুধিলে "বাক ধনেশ্বৰ । আজিনো গোঁহাইয়েৰ চৰাত

কিহৰ মেল হৈছিল ধনেশ্বৰ- "আই। লাংফাই বৰফে উৰীয়ে সত্ৰাম আৰু নাই দেউৰীক লগত লই আহি শদিয়াখোৱা গোহাইদেৱৰ আগত সেঃ দিনা ভু' ইতলিত হোৱা নখনৰ বাবে মোৰ ওপৰত এটা গোছৰ দিছিল । বৈষ্ণবী- - “কি বুলি গোচৰ দিছিল কোনো কথা হুলুকুয়াকৈ মোক

কচোন ।” ধনেশ্বৰ – ! মই ভূঁইতলিত কাঁডৰ খেলত জিকি অাঘণী ক

- বৈষ্ণবী – “তই দৰাচলতে আঘণীক চুমা খাইছিলিনে ? তই দেখোন সিদিনা এইটো কথা কোৱা নাচিনি।”

দুটা চুমা খাইছিলো। মনায়ে সেই কথাকে দহখন কৰি বাপেক সত্ৰামক লগালে । সত্ৰামে লাংকাই ট্ৰেীক লগাই, মনেশ্বৰ আৰু লংফাইক লগত লৈ আহি মোক দণ্ড-বন্ধ কৰাবলৈ শদিযাখোৱা গোঁহাইদেৱত গোচৰ দিছিল ।”

ধনে ৰ –“আই ! মই আঘণীক চুমা খাইছিলো। সেই দিনাখন

আপোনাক কবলৈ লাজ লগাতহে কোৱা নাছিলো।”

বৈষ্ণবী – “মোৰ বিবেচনাৰে তই এই ফেৰা অন্যায় কৰিছিলি ।'

ধনেশ্বৰ – “আই ! তাই মোক কাঁড মৰাত জিক' দেখি মোৰ পিঠিত ! চপৰিয়াইছিল । মই ও তাইক যেতিয়াই ভাল পাওঁ অকপট চিত্তেৰে ভাল পাওঁ— তেতিয়াই মই তাই পিঠিত চপৰিয়াই প্ৰশংসা কৰাৰ বাবে চুমা খাইছিলো ৷ এইটো যদি অন্যায় হৈছে তেন্তে আই । মোৰ আৰু উপাই নাই ।”

বৈষ্ণবী—“বাৰু ! তই যে তাইক ভাল পায়, তই জানো। তাই ক বিয়া কৰাব পাৰিবি । তই হলি চুতীয়া জাতিৰ ডেকা, তাই হল, দেউৰী জাতিৰ গাভৰু, এনেস্থলত তাইক জানে৷ তাইৰ ধাপেকে তোলৈ বিয়া দিব ”

ধনেশ্বৰ –“আই । অৱশ্যে তাইৰ বাপেকে ভাইক মোলৈ কেতিয়াও বিয়া নিদিয়ে এইটো মই জানো তথাপি তাইক দেখোন ম‍ই ভাল নাপাই নোৱাৰো ৷ তাইক বিয়া কৰাবলৈ পাওঁয়েই বা নাপাওঁয়েই, মই এইটো জীৱনত তাইক পাহৰিবও নোৱাৰিম, ভাল নাপাই ও নোৱাৰিম । ৰদি সংসাৰত জীয়াই থাকোঁ তেনেহলে তাইক বিয়া কৰাবলৈ নাপালে এই গোটেইটো জীৱনতে আৰু কাকো নকৰিম এইটোও ধ্রুব নিশ্চয় ।”

বৈষ্ণবী –“তোৰ ইমান কখ্যানে !”

ধনে—“আই মোৰ ইমান কথা।। পিছত আৰু এটা কথা এই তাইও যদি সন্মত হয় তেন্তে তাইয়ে মইয়ে ওয়ে৷ যদি আহোম জাতিত সোমাওঁ তেনেহলে আমাৰ দুইৰো বিবাহে৷ হব আৰু আমি এই সুবৃহৎ আহোম জাতিৰ ভিতৰত ঠায়ো পাম : কিয়নো আমাৰ আহোম জাতি ইমান উদাৰ যে “আহোম হলু” বুলি কলেই সেই দিনৰেপৰা আহোম হমেই। পিছত যোগ্য অনুসৰি কোনো এখেল আহোম সমাজত আমাক শঃ খোঃ গোঁসাইদেৱেও ঠাই দিব আৰু সেই আহোম খেলে আমি তেখেতসকলক ভালকৈ ভোজ-ভাত দিব নোৱাৰিলেও এশৰাই তামোলপান দি উভয়ে সেৱা কৰিলেও আমাক তেওঁবিলাকৰ সমাজত লব ।”

বৈষ্ণবী – “এজনী তিৰুতাৰ কাৰণে নিজৰ জাতিটো এৰাটো জানো ভাল হব ?”

ধনে — “আই ! জাতি ঈশ্বৰে সর্জি পঠোৱা নাই। আমি মানুহেহে জাতি জাতি কৈ বেলেগ বেলেগ হৈছে।। পিছত আগৰ আমাৰ চুতীয়া জাতি আৰু আহোম জাতিৰ খোৱা-লোৱা, থকা মেলাত একো ভেদ নায়েই । ধৰ্ম্মতো আগৰ আহোম আৰু চুতীয়া প্রায় একেই । এতিয়া আমাৰ অনেক চুতীয়া মানুহ আহোম জাতিত সোমাই আহোম চুতীয়৷ নাম পাইছে আৰু কেতখিনি মানুহ হিন্দু হৈ অৰ্থাৎ গোঁসাই আৰু বামুণৰ শৰণীয়া হৈ হিন্দু চুতীয়া নাম লৈছে । এতিয়া আহোমসকলেও যেতিয়াই আগৰ গৰু, ম'হ ইত্যাদি খাবলৈ এৰি শুদ্ধাচাৰী হৈছে, তেতিয়াই হিন্দু আৰু আহোমৰেই বা প্রভেদ কি ? বিশেষকৈ মই এইটোও জানো যে আমি সকলোৱে ঈশ্বৰৰ সন্তান।”

বৈষ্ণবী – ( মিচিককৈ হাঁহি মাৰি ) "বাবা । মই তোৰ কথাত বৰ সন্তুষ্ট হলু ৷ তই যে “সকলো মানুহেই এক ঈশ্বৰৰ সন্তান, ভাই ভাই” এইটে৷ জ্ঞান পাছে ইয়াত বৰ সুখী আৰু আনন্দিত হলু ! প্ৰকৃততে এইটোৱেই ব্রহ্মজ্ঞান । এইটো জ্ঞানেই মানুহক ঈশ্বৰ উপলব্ধি কৰায়। পিছত বাবা! কথা এটা আছে ম‍ই কওঁ শুন । ধনেশ্বৰ – “কওক অ'ই ।”

বৈষ্ণবী — বাবা ! তাইক বিয়া কৰোৱাৰ আগেয়ে এনেকুৱা এটা বিপদ আছে যে তোৰ প্ৰাণ নাশে৷ হব পাৰে ৷

ধনেশ্বৰ আই ! উপজিছোঁ যেতিয়াই এদিন মৰিবও লাগিব । মই যেতিযাই বীৰ জাতিৰ সন্তান তেতিয়াই ম‍ই মৰণলৈকো ভয় নকৰো কিন্তু তথাপি ৰদি ৰক্ষা পাবৰ কিবা উপায় আছে কওক ৷

বৈষ্ণবী — বাবা ! ৰক্ষা পাবৰ উপায় হৈছে কৃষ্ণৰ মধুসুদন নাম জপ কৰাটো। তই আজিৰপৰা আহৰি সময়ত, ৰাতি শুবৰ সময়ত, পুৱা টোপনি ভাঙি ঢাৰি পাটিৰপৰা উঠাৰ আগেয়ে নমো মধুসুদ নায় এই মাত্র যিমান বাৰ পাৰ জপ কৰিবি। মধুসুদনে নানা পাক চক্ৰ লগাই তোক ৰক্ষা কৰিব ।

ধনেশ্বৰ – বাৰু নাই ! তাকে কৰিব । এতিয়া যাওঁহে ৷ বৈষ্ণবী – বাৰু ৰাগৈ যা বাৰা।

লাংফাই দেট্ৰীৰ গোচৰৰ তিনিদিন মান পাছত পদিবাখোৱা গোঁহাইৰ ত্ৰত আকৌ লোকে লোকাৰণ্য হল । ৺চন্দ্রকান্ত সিংহ স্বৰ্গদেৱে পত্র সন্দেশ দি এজন কটকা পঠাইছে। সেই পত্ৰত স্বৰ্গদেৱে শদিয়াখোৱা গোঁহাই দেৱলৈ লেখিছিল যে বদন বৰফুকনক ৰাজমাৱে ৰূপসিং বঙালৰ হতুৱাই হত্যা কৰোৱাৰ বাবে বৰফুকনৰ পুতেকহঁতে মান দেশলৈ গই মান আনি অসমদেশ আক্রমণ কৰি ভপুৰন্দৰ সিংহ স্বৰ্গদেৱক খেদিছে । মানৰ সেনাপতি মিঙ্গিমাহাই যদিও তেওঁক ৰজা পাতিছে, তথাপি তেওঁ মানত সজাত নাপায় । মিঙ্গিমাহাহে প্রকৃত ৰজা হৈছে প্ৰজাৰ দূৰ্গতিৰ সীমা নোহোৱা হৈছে । এইবিলাক কাৰণতে তেৱেঁ। অতি শীঘ্ৰে মানৰ লগ এৰি মানৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ মনে মনে পাঙিছে । গোঁহাইদেৱে যেন শদিয়া ৰাজ্যখন মানৰ পৰা ৰক্ষা কৰি ৰাখে; যেন শদিয়াত মানক সোমাব নিদিয়ে ; তেওঁ যেন সৈন্য সামন্ত এদল সাজু কৰি লই মানক ব্ৰহ্মপুত্ৰৰ ইপাৰতে ধৰেহি। ' চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ পৰা এই চিঠি পাই শদিয়াখোৱা গোঁহাইদেৱে তেওঁৰ প্ৰধান ােপতি কমলেশ্বৰ গোঁহাইৰ নামৰ ডেকা এজনক মতাই অনালে ; লগতে তেওঁৰ চৰাৰ মেলৰ বুঢ়া মেথা সকলোকে মাতিলে । চুতীয়া সকলোৰো প্ৰত্যেক খেলৰ মানুহ মতাই আনিলে । সকলোকে চৰাত যথা-যোগ্য আসনত বহুৱাই চন্দ্রকান্ত সিংহ স্বৰ্গদেৱে লিখা পত্র পাঠ কৰি শুনাই কলে :- "বাৰু সমজুৱাসকল ! আৰু কমলেশ্বৰ বাপা । কোৱাচোন আমি এতিয়া কি কৰা উচিত : সমজুৱাসকলৰ ভিতৰত বয়োবৃদ্ধ এজনে কলে : " দেউতা ঈশ্বৰ ! আমাৰ সকলো খেলৰ আৰু জাতিৰ পৰা শ শ ডেকা লৰা পাৰু মানুহ গোটাই লই সেই সকলক অলপ যুদ্ধ বিদ্যা শিকাই ৰণলৈ' আগ বঢ়োৱা যাওক । ” কমলেশ্বৰ — ‘দেউতা ঈশ্বৰ ! মইও সেই কথাকে কওঁ। সৈা

গোটাই লই সেই সৈন্যক দহবাৰদিনমান কুচ-কাবাজ শিকাব লাগে :-

সৈন্যৰ নিমিত্তে খোৱামেলা বস্তুও গোটাব লাগে।”

কমলেশ্বৰৰ এই কথা সকলোৱে সমৰ্থন কৰিলে । তেতিয়া শদিয়াখোৱা গোঁহাইদেৱে কমলেশ্বৰ গোঁহাইক এই সকলোবিলাক যে-জা কৰিবলৈ আদেশ দিলে। মেল নৌভাঙোতেই ধনেশ্বৰ চুতা- য়াইও আগবাঢ়ি আহি শদিয়াখোৱা গোঁহাইদেৱক সেৱা জনাই কলে :— “দেউতা ঈশ্বৰ ! মই বন্দিও যুজলৈ সাজু হব খোজে।— আৰু যদি উপযুক্ত দেখে তেন্তে আপোনাৰ সেনাপতি ডাঙ্গৰীয়া গোঁহাযে মোক তেওঁৰ অনুগত সহকাৰী ৰূপে লয় যেন। ধনে- শ্বৰৰ এই নিবেদনত শদিয়াখোৱ। গোঁহাইদের সন্তুষ্ট হৈ কলে : - “কমলেশ্বৰ বাপা ! এই ধনেশ্বৰক যদি যুদ্ধ বিদ্যাত উপযুক্ত দেখা তেন্তে তাক তোমাৰ তলতীয়া সহকাৰী ৰূপে লব পাৰা । কাজ মৰা বিদ্যাত মই তাক চোকা পাইছোঁ। বোধ কৰে৷ হিলৈ মৰাতে চোকা হব। চাই চিন্তি পৰীক্ষা কৰি যেনে ভাল দেখা কৰিবা "

শদিয়াখোৱা গোঁহাইদেৱৰ এই কথাত কমলেশ্বৰ গোঁহায়ে ধনে- কলে :— “বাৰু ধনেশ্বৰ ! কাইলৈ তুমি পুৱাই, তোমাৰ ধেনু কাড় ঢাল-বাৰু যি আছে মানে লই মোৰ ঘৰলৈ আহিবা । শ্বৰক

ধনেশ্বৰ –“ভাল দেউতা আহিম” এই বুলি সেৱা জনালে । শদিয়াখোৱা গোঁহারে মেল ভাঙিলে, তেতিয়া সকলোবিলাক ঘৰ- ঘৰি গল ।

এই বিলাক ঘটনা হৈ যাবৰ তিনিদিনমান পিছত এদিন ভাটী বেলীয়া সত্ৰাম দেউৰীয়ে দুখান ভাৰ ভেটী লই লাংফাই বৰদেউ - ৰীৰ ঘৰলৈ আহিল । ভাৰ ভেটী গ্ৰহণ কৰি লাংফায়ে সত্ৰামক আষ্ট-আদৰ কৰি চাঙলৈ তুলি নি টুপত বহুৱালে ; আৰু ভিতৰৰ পৰা এটেকেলি মদ আৰু বটাত তামোলপান উলিয়াই আনিলে । তেতিয়া সেই টেকেলিৰপৰা বাকি বাকি চাৰিউজন মানুহে মদ খালে ; তাৰ লগে লগে তামোল চালি ও ফালে। তাৰ পিছত লাংফায়ে সুধিলে : -“পিছত বিয়ৈ! আজিনো কি সকামে অং‍ হৈছে কওকচোন ।"

সত্ৰাম – “মোৰ ইচ্ছা এই আষাৰ মাহতে লৰা-ছোৱালী হালৰ বিয়াখন পাতোঁ ৷ নেদেখিছে কেনেকৈ সি কটা চুতীয়াই আপোনাৰ জীয়েকৰ মন বেয়া কৰিব লাগিছে । ”

লাংফাই—“এৰা ! আপুনি যি কৈছে সজকে কৈছে। পিছত সাহতে বিয়া পাতিবলৈ মই কোনো যোজাকে কৰিব পৰা নাই ৷ দেখিছেই মোৰ ঘৰত অকল মই আৰু আঘণীহে । আহুধান কেডালো চপাবলৈ আছে। তদুপৰি এই বেলি তামৰ মাইৰ পূজা হোৱাৰ আগতে মই ছোৱালীজনীক বিয়া দিব নোৱাৰিম পূজা হৈ গলেই সাদিন মানৰ পিছতহে বিয়া দিব পাৰিম । ”

সত্ৰাম – “ইয়াৰ ভিতৰতে যদি কেনেবাকৈ সেই চুতীয়া লৰা- টোৱে তাইক পলুৱাই লই যায় তেন্তে সকলো কথা মিছা নহবনে ?”

লাংফাই—“সদ্যহতে সি তাইক পলুৱাই নিব নোৱাৰে ; আৰু যোৰ জীয়াৰীয়েও তাৰ লগত পলাই নাযায়; সি এতিয়৷ কমলেশ্বৰ গোঁহাইৰ লগত যুদ্ধ বিদ্যা শিকিবলৈ কুচকাৱাজ শিক্ষাত লাগিছে ; সেই দেখি সি সপ্তহতে পলাবও নোৱাৰে। ম‍ই তাৰ অন্যায় হেপাহৰ মুধা মাৰিবলৈ মই বেষ্টিত আছো ৷ আশা কৰো তামাৰ মাইয়ে মোৰ মনোবাঞ্চা পূৰ্ণ কৰিব ।”

এইদৰে কথা-বতৰা হোৱাৰ পিছত সৰাম উভতি গল । দৈবাৎ সেই সময়ত আঘণী নৈৰ ঘাটলৈ গইছিল আৰু তাত চাউল-পাত ধুই জগতে পিতলৰ কলহত পানী একলহে সৈতে সত্ৰাম ৰোৱাৰ পিছত ঘৰ পাইছিলহি ।

( 18 )

আদেশ অনুসৰি ধনেশ্বৰ চুতীয়া পিছদিনা ৰাতিপুৱাই কমলেশ্বৰ গোঁহাই সেনাপতিৰ ঘৰলৈ আহিল। গোঁহায়ে দহজনমান আহোম ডেকা আৰু চুতীয়া ডেকা মতাই আনি প্রায় নল মান তিৰত এটা কলপুলি পোতাই তাত এটা চিন দি প্ৰথমতে আহোম ডেকা সকলক সেই চিনত কাঁড মাৰি দিলে । আহোম ডেকাসকলৰ ভিতৰত কনকেশ্বৰ গোঁহাই নামৰ এজনে সেই চিন কাঁড লগ'লে, আৰু চুতীয়া ডেকাসকলৰ ভিতৰত ধনেশ্বেৰ সেই চিনত কাড় লগালে । তেতিয়া কমলেশ্বৰ গোঁহাযে, কনকে- শ্বৰ গোঁহাইক ঢাল বাক লই আহোম ডেকা কেইজনমানে সৈতে যুঁজিব দিলে। কনকেশ্বৰ গোঁহায়ে সুন্দৰকৈ যুজিলে - তেওঁক কেৱে এই ঢাল-বাৰ যুগত ঘটুৱাব নোৱাৰিলে; সেইদৰে ধনে শ্বৰেও কেইজনমান চুতীয়৷ ডেকাৰ সৈতে ঢাল-বাৰুৰে বুজিলে ধনেশ্বৰকে, কেরে ঘটুৱাৰ নোৱাৰিলে। তেতিয়া কমলেশ্বৰ সেনাপতি গোঁহায়ে কনকেশ্বৰ ক আহোম ৰণ ৱাসকলৰ ওপৰত কাপ্তান পাতিলে আৰু ধনেশ্বৰক চুতীয়া ৰণৱাসকলৰ ওপৰত সেই দৰে কাপ্তান পাতি দুইকে। যিমান পাৰে নিজ নিজ জাতিৰ ৰণৱা গোটাবলৈ আৰু শিকাবলৈ আদেশ দিলে। তিনি চাৰি দিনৰ ভিত- ৰঙে উভয়ে ২০০০ দুহাজাৰকৈ ৪০০০ চাৰি হাজাৰ ডেকা গোটালে অাৰু সেই ডেকাসকলক নিতৌ পুৱা কুচ-কাজ কৰিবলৈ, ঢাল- ভৰোৱালেৰে যুদ্ধ কৰিবলৈ, কাঁড় মাৰিবলৈ, হিলৈ মাৰিবলৈ শিকালে । কমলেশ্বৰ গোঁহাইদেৱে নিতৌ এটা ৰঙা ঘোৰাত উঠি আহি সেই কুচকাৱাজ শিক্ষা আদি চাইছিলহি, মাজে মাজে শদিয়াখোৱা৷ গোঁহাইদেৱেও বগা ঘোৰা এটাত উঠি সেই শিক্ষাবিলাক চাইছিল। আৰু সৈন্য বিলাকক উদগনি দিছিল। এইদৰে শদিয়াত ৰণুৱা সকলৰ শিক্ষা প্ৰায় এমাহ মান হল ।

( ১৫ )

চাওঁতে চাওঁতে আষাঢ় মাহ গৈ শাওণত পৰিল। কনকেশ্বৰ গোঁহায়ে আৰু ধনেশ্বৰ চুতীয়াই ৰণুৱাবিলাকক সদায় পুৱাই যুদ্ধ বিস্ত৷ শিকাই অর্পিত কৰিলে। এই মাহটো ধনেশ্বৰ ৰাতিপুৱা৷ বেল! বৈষ্ণবীৰ তালৈ যাব পৰা নাছিল যদিও গধূলি গধূলি সদাই গৈছিল আৰু বৈষ্ণবী আৰু সাধু দুজনক খৰি-থেৰ ইত্যাদি দুয়ো বেলাৰ নিমিত্তে গোটাই দিছিল ।

শাওণ মাহ পৰিবৰেপৰা বৈষ্ণবী ওচৰৰ গাৱেঁ-ভূয়ে, আহোম, দেউৰী, চুতীয়া এই সকলৰ প্ৰায় ঘৰে ঘৰে ফুৰিছিল, আৰু ঠামে ঠায়ে দুই এটি কীৰ্ত্তন, বৰগীত গাই মানুহক শুনাইছিল। তেওঁৰ মুৱলা মাতত আৰু সুন্দৰ জীত লগাই গোৱা * গীত, ৰাগ, পদত সকলোৱেই মোহিত হৈছিল, আৰু তেওঁক সন্মান আৰু ভক্তি কৰিছিল । ভেবে৷ ভিক্ষা কৰাৰ লগে লগে মানুহৰ মনত পৰম পৰিত্ৰ বৈষ্ণৱ ধৰ্ম্মৰ গুটি সিঁচি ফুৰিছিল। উৰ্দ্ধাবাহু আৰু ডেকা সন্ন্যাসীজনে মাজে মাজে গাৱেঁ গাৱেঁ ফুৰি ভগৱতীৰ শাক্ত ধৰ্ম্ম আৰু বেদান্তৰ বাখ্যা দি ফুৰিচিল ; কিন্তু দুখৰ বিষয়েই হওক বা সুখৰ বিষয়েই হওক গাৱঁলীয়া হোজা অসমীয়া প্ৰজাই বেদান্তৰ বাখ্যাতকৈ প্ৰভু কৃষ্ণৰ লীলা, নাম, গীত, ৰাগ, পদ ইত্যাদি শুনিবলৈহে বেছি ভাল পাইছিল ।

এদিন গাও ফুৰি ফুৰি বৈষ্ণবীজন। হঠাৎ লাংফাই দেউৰীৰ ঘৰৰ চোতালত ঠিয় হলগৈ । সেই সময়ত লাংফাই দেউৰী তামাৰ মাইৰ মন্দিৰলৈ গইছিল ! ঘৰত অকল আঘণীহে আছিল । বৈষ্ণবী ঠিয় হোৱা মাত্রেই আঘণীয়ে নিজৰ চাঙৰপৰা নামি আহি বৈষ্ণবীক বহিবলৈ পীৰা এখান দিলে । তাৰ পিছত তামোলপান এজোৰ বটাত আনি আগবঢ়াই দিলে! বৈষ্ণবীয়ে সেই তামোলপান আঘণীক কাটিব দিলে । আঘণীয়ে আচৰিত হৈ সুধিলে :– আই ! মই দেখোন দেউৰী জাতিৰ মানুহ । মোৰ হাতেনো আপুনি কটা তামোল লবনে ! আনবিলাক হিন্দুৱে দেখোন আমাৰ হাতৰ গুৱা নলয় । "

বৈষ্ণবী—“মা আঘণি ! আমি প্রভৃ কৃষ্ণৰ সেৱক সকলে কাকো কোনো জাতিৰ মানুহকে হীন বুলি নাভাবোঁ। আমাৰ মনৰ সকলো মানুহেই সমান- আমাৰ মনত ডাঙৰ জাতি, সৰু জাতি ইত্যাদিৰ বাচ বিচাৰ নাই অৱশ্যে আমি নোখোৱা বস্তুটো কাৰো হাতে নাখাওঁ । আৰু কোনো বস্তুকেই ঈশ্বৰত অৰ্পণ নকৰাকৈ নাখাওঁ । যদি মানুহ জন সৎ আৰু নিকা হয়, আৰু তেওঁ আমাক খাবলৈ দিয়া বস্তু ঈশ্বৰত লগাই প্ৰসাদ কৰে তেন্তে আমি সেই বস্তু সেই জনৰ হাতৰপৰা খাম । পাপীক আমি ঘিণ নকৰো, কিন্তু পাপক হলে ঘিণো কৰে৷ ভয়ো কৰে। । তুমি যেতিয়াই কোনো পাপে • স্পৰ্শ নকৰা৷ সৎমনৰ ছোৱালী, তেতিয়াই তোমাৰ হাতে তামোল-চালি খোৱাত দোষ নাই ; সেই দেখি আই গুৱা তুমিয়েই কাটা!” বৈষ্ণবীৰ এই আদেশ পাই আঘণীয়ে পানী এলোটা জানি ভালকৈ হাত দুখান ধুই ঠাইখন चতাই তাৰ ওপৰত বঁটাতো থৈ গুৱা কাটিলে । কাটি বৈষ্ণবীক সেৱা কৰি বঁটাটো আগ বঢ়াই দিলে। বৈষ্ণবীয়ে দুখান গুৱা হাতত লই এখান নিজে খালে ; আন খন আঘণীক খাব দিলে! অঘ- ণীয়ে তামোল খাই হাত যোৰ কৰি বৈষ্ণবীক সুধিলেঃ-আই 1 কওকচোন আপোনাৰ কৃষ্ণৰ সেৱক সকলে কি খায় কি নাথায়।” বৈষ্ণবী—“আই আঘণি । আমি আমিষ অর্থাৎ মাছ মাংস এই বিশক নাখাওঁ, আমি আতা, আতপ চাউল, গৰুৰ ঘিউ, মণ্ড মাহ শাক-পাচলি ইত্যাদি খাওঁ।” আঘণী – “আই বুজিলো – আপোনালোকে পেটৰ নিমিত্তে কোনো প্রাণী হিংসা নকৰে । “পিছত আই ! দুখীয়াৰ ঘৰলৈ আহিল আপোনাকনো কি দি শুশ্রূষা কৰিম দুখানীৰ দেখোন একো নাই ।

चতাই তাৰ ওপৰত বঁটাতো থৈ গুৱা কাটিলে । কাটি বৈষ্ণবীক সেৱা কৰি বঁটাটো আগ বঢ়াই দিলে। বৈষ্ণবীয়ে দুখান গুৱা হাতত লই এখান নিজে খালে ; আন খন আঘণীক খাব দিলে! অঘ- ণীয়ে তামোল খাই হাত যোৰ কৰি বৈষ্ণবীক সুধিলেঃ-আই 1 কওকচোন আপোনাৰ কৃষ্ণৰ সেৱক সকলে কি খায় কি নাথায়।” বৈষ্ণবী—“আই আঘণি । আমি আমিষ অর্থাৎ মাছ মাংস এই বিশক নাখাওঁ, আমি আতা, আতপ চাউল, গৰুৰ ঘিউ, মণ্ড মাহ শাক-পাচলি ইত্যাদি খাওঁ।”

বৈষ্ণবী – “বাছা ! তই মোক একো দিব নালাগে। এই যে পিৰা আৰু গুৱা দিলি আৰু ভক্তিভৰে বচন দিলি এয়ে যথেষ্ট হৈছে । বাছা! আমি আদৰ আৰু বচনৰ হে ভিখাৰিণী, ধন সোনৰ নহওঁ ৷ আশৰ ঘৰ নাই, দুৱাৰ নাই, যতে পাও ততে থাকে৷ মানুহৰ ঘৰে-দুৱাৰে গৈ ভিক্ষা মাগি, ঈশ্বৰ কৃষ্ণৰ দুই এটি নাম, গীত পদ গাই, চাউল পাত এমুঠি নি খাও । বাছা! মোক মৰম কৰি আষ্ট-আদৰ কৰিলি তোকনো মই কি দিম । মুঠতে ইয়াকে ক ঈশ্বৰ কৃষ্ণত তোৰ ভকতি বাঢ়ক । ঈশ্বৰ কৃষ্ণই তোক সুখী কৰক । পিছত মই তোক কথা এটা সোধো, তই মোক একে। লাজ নকৰি অকপট চিত্তেৰে কৰিনে ?”

আঘণী –“আই সোধক । মই অকপট চিত্তেৰে কম।” বৈষ্ণবী — তেনেহলে আই কচোন, মনেশ্বৰ আৰু ধনেশ্বৰৰ ভিতৰত তই কাক বেছি ভাল পাওঁ ।"

3
প্ৰবন্ধ
তাম্ৰেশ্বৰীৰ মন্দিৰ
0.0
ৰাজনীকান্ত বৰদলৈ (১৮৮৭–১৯৫০) অসমীয়া সাহিত্য, ৰাজনীতি, ভাৰতীয় স্বাধীনতা আন্দোলনৰ বহুমুখী ব্যক্তি আছিল। অসমৰ বটাদ্ৰৱাত জন্মগ্ৰহণ কৰা তেখেতৰ সাংস্কৃতিক লালন-পালন আৰু কলিকতাৰ কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত শিক্ষা গ্ৰহণ কৰে। বৰদলৈয়ে অসমীয়া সাহিত্যলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে ঐতিহাসিক নাট "ৰামনাৱমী", উপন্যাস "মনোমোটি", আৰু চুটিগল্প সংকলন "বকুল"। তেওঁৰ লেখাত প্ৰায়ে সামাজিক বিষয় আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধান কৰা হৈছিল।
1

অধ্যায় ১

6 November 2023
0
0
0

তাম্ৰেশ্বৰীৰ বিবৰণ আমাৰ শদিয়াত কুণ্ডিলপানী নামেৰে এখন নৈ আছে। এই নৈৰ দুয়োপাৰ ওপৰৰ উজনিৰ ফালে আজি কালি প্রায়, হাি ভৰা, কিন্তু আমি যি সময়ৰ কথা লেখিবলৈ ওলাইছে, অর্থাৎ মা দিনৰ আগলৈকে এই নৈৰ দুয়োপাৰে

2

অধ্যায় ২

7 November 2023
1
0
0

আঘণী — “আই! মই ধনেশ্বৰক বেছি ভাল পাওঁ কিয়নো সি ভিন জাতিৰ হলেও তাৰ চিত্ত সৰল, আৰু সি বীৰ। কিন্তু আই ! তাৰে সৈতে মোৰ বিয়াতে। হব নোৱাৰে ; সেই দেখি তাক মই ভাল পোৱা বা নোপোৱা সমান কথা ।” বৈষ্ণবী—“আই ! স

3

অধ্যায় ৩

8 November 2023
1
0
0

ফুলেশ্বৰী ভাইদেৱৰ এই কথাত আঘণীয়ে চকুৰ আনন্দ আৰু কৃতজ্ঞতা অঙ্গৰে ফুলেশ্বৰী ভাইদেয়ৰ ভৰি তিয়াই সেৱা কৰি বৈষ্ণবী মাতৃৰ ওচৰ পালেগৈ । ধনেশ্বৰৰ নিবেদনমতে দেউৰীসকলে আঘণীক ধনেশ্বৰক তামাৰ মাইৰ প্ৰসাদ নিতৌ আ

---

এখন কিতাপ পড়ক