আৰম্ভণ
আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখন পৱিত্ৰ ঠাই। ইয়াত এখন ডাঙৰ
মহাপুৰুষীয়া সত্র আছে। এই সত্ৰ শঙ্কৰদেৱৰ প্ৰিয়শিষ্য মাধৱদেৱে থাপনা কৰা। ইয়াৰ
শিষ্য আৰু ভকতৰ সংখ্যাও অনেক। ইয়াৰ কীৰ্ত্তনঘৰটোৰ নিচিনা ডাঙৰ কীৰ্ত্তনঘৰ অসমৰ আন
কোনো ঠাইতে নাই । যি সময়ত বঙ্গদেশত মহাপ্রভু ঐচৈত্যই পৱিত্ৰ বৈষ্ণবধৰ্ম্ম প্ৰচাৰ
কৰে, পঞ্জাৱত মহাপুৰুষ
নানকে শিখবিলাকক একতাৰ জৰীৰে বান্ধিবলৈ শিখধৰ্ম্ম প্ৰচাৰ কৰে, প্ৰায় ঠিক সেই
সময়ৰে অলপ আগৰে পৰা শঙ্কৰদেৱকে প্ৰমুখ্য কৰি ৺দামোদৰ দেৱ, মাধৱদেৱ এই
মহাপুৰুষ সকলেও আমাৰ এই দুখীয়া অসম দেশত চাৰিউফালে শত্ৰুৰ মাজত থাকিও পৰম
নিৰ্ম্মল ভাগৱতী বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰে। যেনেকৈ শ্ৰীকৃষ্ণৰ যোহন মুকলিৰ ধ্বনিত
বৃন্দাবনবাসিনী গোপিনীসকল চলি ঢলি পৰিছিল, সেই দৰে এই মহাপুৰুষ- সকলৰ মধুৰ মনমোহা ধৰ্ম্ম আলাপত
অসমীয়া মানুহ মুগ্ধ হৈছিল;
আৰু হেজাৰ হেজাৰ
অসমীয়া মানুহে তেওঁবিলাকৰ কাম, ক্রোধ, লোভ,
মোহ দলিয়াই
পেলাই এই মহাপুৰুষসকলৰ ওচৰলৈ আহি পৱিত্ৰ বৈষ্ণৱধৰ্ম্মত আশ্ৰয় লৈ তেওঁবিলাকৰ ইহ
জনম সাৰ্থক কৰিছিল ।
আমি আমাৰ এই কাহিনীত যেতিয়াৰ কথা লিখিবলৈ ওলাইছো তেতিয়া
মহাপুৰুষসকল আবিৰ্ভাৱ হৈ যোৱাৰ আঢ়ৈশমান বছৰ হৈছিল। সেই সময়ত বৈষ্ণৱ ধৰ্ম্মৰ
ভাববিলাক গোটেইখন দেশত বিয়পি পৰিলেও প্রকৃত ধাৰ্ম্মিক মানুহৰ অভাৱত পৱিত্ৰ
বৈষ্ণবধৰ্ম্মৰ হাড়-ছালহে ৰৈছিলগৈ ৷ প্ৰায় সকলো মানুহৰ মনৰ পৰা ধৰ্ম্মৰ আচল
ভাববিলাক দূৰ হৈ সেই বিলাকৰ ঠাই কাম, ক্রোধ, লোভ,
ঈর্ষা, পৰশ্ৰকাতৰতা
ইত্যাদি ৰিপুৱে অধিকাৰ কৰিছিল। মুঠতে কবলৈ গলে সেই সময়ত অসমীয়া জাতিৰ বিলাই
বিপত্তিৰ ঠাই নোহোৱা হৈছিল ।
এইটো প্রায় সততে দেখা যায় যে যেতিয়া কোনো এটা জাতিৰ নাশন
কাল উপস্থিত হয়, অর্থাৎ যেতিয়া
কোনো এটা জাতি পৰিবলগীয়া হয়, তেতিয়া সেই জাতিৰ মানুহবিলাক হীনবীৰ্য্য হয়। সেই জাতিৰ
মানুহ বিলাকৰ মনত সকলোবিলাক কুরত্তিয়ে ঠাই লয়ছি, নিজে নিজৰ ভিতৰত খোৱা কামোৰা কৰিবলৈ ধৰে আৰু
তেনেকুর। হলেই সেই জাতিক আন কোনো বলৱান বিদেশী জাতিয়ে আহি কাটিমাৰি নাশ কৰে আৰু
দাসত্বৰ শিকলিৰে নিগাজীকৈ বান্ধে। এইদৰে ৰোমৰাজ্যক ডেণ্ডাল আৰু গথবিলাকে ধ্বংস কৰে, ভাৰতবৰ্ষক মুচলমানে
নাশ কৰে। আমাৰ অসমকে। এই দৰে “মান” নামধাৰী কেতখিনি মানুহে কাটি-চিঙি জুৰুলাজুপুল।
কৰে। আমাৰ এই কাহিনীত এই মানৰ শেষ আক্ৰমণৰ সময়ৰ এটি চিত্র বৰ্ণনা কৰিবলৈ ওলালোঁ ।