যিটো সময়ত হেম বৰুরাই কাপ হাতত লৈছিল, সেই সময়ত অসমীয়া সমাজৰ মাজত নতুন নতুন ভাবধাৰাৰ অনুপ্রবেশ ঘটিছে। দেশৰ মুক্তি-আন্দোলন বিযপি পৰি দেশবাসীৰ মাজত সঞ্চাৰ কৰিছে নর জাগৰণ; দ্বিতীয় মহাসমৰৰ দ্রুত বিস্তাবে দেশ-বিদেশত ঘটা ঘটনা-ৰাজিৰ প্ৰতি চিন্তাশীল লোকক আকৃষ্ট কৰিছে; যুদ্ধৰ ভয়াবহতা, নৃশংসতা আৰু পৈশাচিকতাই সহৃদয় জনৰ অন্তৰত জগাই তুলিছে মানবিকতাৰ আদর্শ; নিষিদ্ধ হৈ থকা মার্ক্সীয় চিন্তাধাৰা সহজলভ্য হোৱাৰ সুযোগতে এদল লোকে ইয়াৰ মাজত বিচাৰি পাইছে এটা নতুন দিগন্তৰ উজ্জ্বল আলোক।
আধুনিক যুগৰ প্রথমাৰ্দ্ধত অসমীয়া সাহিত্যৰ ভেটি যুগমীয়া কৰা লেখকসকলৰ চকুৰ আগত জীৱনৰ এইবোৰ দিশ উদ্ভাসিত হৈ উঠা নাছিল আৰু অর্থনৈতিক বৈষম্যৰ ফলত ভাৰাক্ৰান্ত হৈ পৰা এদল মেহনতী লোকৰ যাতনা-বেদনাৰ প্রতিও তেওঁলোকে সজাগতাৰ পৰিচয় দিয়া নাছিল। মানুহৰ গুণগান আৰু আনকি মানুহক দেরতা বুলি পুজা কৰা আদৰ্শৰ প্ৰতিও আধুনিক যুগৰ প্রথমাৰ্দ্ধৰ কোনো কোনো লেখক আকৃষ্ট হৈ পৰিছিল সন্দেহ নাই, কিন্তু এনেবোৰ কথা সূত্ৰৰ ৰূপতহে উপস্থাপিত হোৱাৰ কাৰণে লেখকৰ প্ৰাণৰ পৰশৰ উম যেন তাত নাই। ইয়াৰ কাৰণ, বৈষ্ণর যুগত প্ৰচাৰিত হোৱা আদর্শ এক পৰম পিতাৰ সন্তান হিচাপে মানুহ-মানুহৰ মাজত যি ভাই ভাই সম্বন্ধ সেই সম্বন্ধৰ ওপৰত থকা এইসকল লেখকৰ বিশ্বাসৰ মাজত সোমাই পৰিছিল সন্দেহব কীট এই যুগত বিশ্বাস আৰু যুক্তিৰ মাজত সংঘাত উপস্থিত হৈছিল আৰু ইয়াৰ ফল স্বৰূপে আধুনিক অসমীয়া সাহিত্যৰ প্রথমার্দ্ধত প্রকাশিত হৈছিল এক প্রকাব আপোছমুখী মনোভাব।
হেম বৰুরাই যেতিয়া সৃষ্টিধর্মী সাহিত্যত হাত দি লেখত লবলগীয়া বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিছিল, তেতিয়া জীৱনৰ নতুন নতুন প্রমূল্য গঢ়ি উঠিব ধৰিছিল আৰু নতুন যুগৰ লেখক- সকলেও যুক্তি-নিষ্ঠাৰ পৰিচয় দিছিল। আন লেখকসকলৰ তুলনাত হেম বৰুৱা আছিল বেছি ভাব-প্রবণ। গতিকে সহজতে তেওঁ নতুন প্ৰমূল্যবোৰৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। পৰম্পৰাগত আদর্শৰ ওপৰলৈ উঠি তেওঁ যেতিয়া সমসাময়িক সমাজৰ পিনে দৃষ্টি নিক্ষেপ কৰিছিল, তেতিয়া তেওঁ দেখিবলৈ পাইছিল মানুহ- মানুহৰ মাজত বৈষম্য, অর্থনৈতিক অসাম্য আৰু সামাজিক অবিচাৰ। হেম বৰুৱাৰ আগতে সমাজৰ এই দিশটোৰ প্রতি আকৃষ্ট হৈছিল অমূল্য বৰুৱা, চক্রেশ্বর ভট্টাচার্য্য প্রভৃতি নবীন কবিসকল। কিন্তু এইসকল কবিৰ কবিতা জনপ্ৰিয় হৈ উঠাৰ আগতে হেম বৰুৱাৰ কবিতাৰ প্ৰতি পাঠক আকৃষ্ট হৈ পৰিছিল কাৰণ হেম বৰুৱাৰ বাক্পটুতা আৰু কথনভঙ্গীৰ সৰসতাই তেওঁক এজন জনপ্রিয় নেতা কৰি তুলিছিল। যদিও হেম বকরা ভাব- প্রবণ আছিল তথাপি ইয়ে তেওঁক অতিশয়োক্তি আৰু অত্যুক্তিৰ পিনে আগবঢ়াই নিব পৰা নাছিল কাৰণ তেওঁৰ চকুৰ আগত আছিল সমাজবাদী আদর্শ আৰু এই আদর্শই তেওঁক সদায় মাটিৰ পৃথিৱী আৰু জীয়া জীৱনৰ মাজলৈ টানি আনিছিল। গতিকে ভাব-প্রবণতাই তেওঁৰ ভঙ্গীৰ মাজলৈ আনিছিল সংলগ্নতা আৰু সৰসতাহে।
"কুকুৰ", "বেশ্যা" প্রভৃতি কবিতাৰ মাজেদি অমূল্য বৰুৱাই ফুটাই তুলিছিল এটা নতুন দৃষ্টিভঙ্গী। অকল বিষয়বস্তু নির্বাচনৰ ক্ষেত্রতে নহয়, প্রকাশভঙ্গীৰ দিশতো ইয়াত কিছু নতুনত্ব ফুটি উঠিছিল। তথাপি অমূল্য বৰুৱা নাইবা চক্ৰেশ্বৰ ভট্টাচায্যক নতুন কাব্য-ৰীতিৰ প্রতিষ্ঠাতা বোলা নাযাগ কাৰণ এওঁলোক প্রকৃততে নতুন কাব্য-আন্দোলনৰ অগ্রদূততে আছিল। প্রকৃতার্থত হেম বৰুৱা নতুন কাব্য-আন্দোলনৰ প্রতিষ্ঠাতা বুলি স্বীকৃত নহলেও এই আন্দোলন জনপ্রিয় কৰি তোলাৰ সন্মান তেওঁৰহে প্রাপ্য। প্রাচীন চিন্তা-ধাৰাৰ ঠাই নতুন চিন্তাধাৰাই অধিকাৰ কৰা নিয়ম মানৱ সভ্যতাৰ ইতিহাসৰ বিশেষত্ব আৰু এই বিশেষত্বৰ ওপৰতে নির্ভৰ কৰে মানৱ-সমাজৰ উন্নতি। কিন্তু প্রাচীন ৰীতি-নীতিৰ ঠাই নতুন ৰীতি-নীতিযে অধিকাৰ কৰাৰ বাবেও যেন লাগে এক প্রস্তুতি-পর্ব। মানর-জীৱন আৰু তাৰ ক্ৰম-বিকাশৰ মাজত থাকে এক অখণ্ড যোগসূত্র। সমাজৰ মাজত কেতিয়াবা কেতিয়াবা অৱশ্যে বৈপ্লবিক পৰিবৰ্তন উপস্থিত হোরা দেখা যায় কিন্তু এইটো এটা সূত্র নহয়, ব্যতিক্রমহে কাৰণ বৈপ্লবিক পৰিবৰ্তনৰ পিছৰ ইতিহাস ক্রম-বিকাশৰ ইতিহাস মাথোন। অসমীয়া কাব্য-সাহিত্যব মাজত যি ধৰণৰ নতুন চেতনাই প্রকাশ-লাভ কৰিলে তাৰ আগৰণুৱা হ'ল অমূল্য বকরা আৰু চক্ৰশ্বৰ ভট্টাচাৰ্য্যৰ দৰে তৰুণ কবিসকল। নতুন চেতনাৰ পম খেদি কোনো কোনো সমালোচক দেৱকান্ত বৰুৱাৰ ওচৰ পায়গৈ কিন্তু ভালকৈ বিচাৰ কৰি চালে দেৱকান্ত বকরাক নতুন কাব্য-আন্দোলনৰ লগত জড়িত কৰাৰ কোনো যুক্তি নাই কিয়নো বৰুৱাৰ দৃষ্টিভঙ্গী ৰোমান্টিক আৰু সৰহ ক্ষেত্রতে তেওঁৰ উক্তি আবেগিক। আধুনিক কোনো কোনো আলোচকে হেম বৰুৱাক কবি হিচাপে উচ্চ স্থান দিব নোখোজে কাৰণ এওঁলোকৰ মতে হেম বৰুৱাৰ কাব্যিক অনুভূতি অগভীৰ আৰু প্ৰকাশভঙ্গী গদ্য ধর্মী। এইটো সঁচা কথা যে হেম বৰুৱাৰ কবিতাত স্পন্দিত গদ্যৰে প্ৰয়োগ বেছি। তথাপি ঠায়ে ঠায়ে তেওঁ কাব্যিকতাৰ স্তৰ পোৱাগৈ নাই বুলি কব নোৱাৰি। তেওঁৰ কেইটামান কবিতাৰ আবেদন যে গভীৰ তাত সন্দেহ কৰাৰ থল নাই। "জাৰৰ দিনৰ সপোন”, "মমতাৰ চিঠি" আৰু "আইতা"ৰ সবল বর্ণনাৰ মাজত কবিৰ জাগ্রত সহানুভূতি প্রকাশিত হৈছে। মানবিকতাব আদৰ্শৰ দিশৰ পৰা এনে কবিতাৰ সমাদৰ থাকিব বুলি আশা কৰা যায।
হেম বকরাই নিজে উৎকৃষ্ট কাব্য-সৃষ্টি কৰিব নোৱাৰিব পাৰে; তথাপি আধুনিক কবিতাৰ প্ৰসাৰতাৰ কাৰণে তেওঁ যি পৰিবেশ সৃষ্টি কৰিছিল তাৰ ফলতে লাহে লাহে নতুন কাব্য-আন্দোলনে গা-কৰি উঠিছিল বুলি কোৱাৰ খল আছে। এই বাবে মই ভাবো যে আধুনিক কাব্য-আন্দোলনৰ গুৰি ধৰাৰ সন্মান হেম বৰুৱাৰ প্ৰাপ্য। মোৰ বিশ্বাস ইতিহাসে তেওঁক এই সম্মান নিদিয়াকৈ নাথাকে।
আন এটা দিশত হেম বৰুৱাৰ নাম উজ্জ্বল হৈ ৰব বুলি মোৰ ধাৰণা। এই দিশটো হ'ল ভ্রমণ কাহিনী বচনা কৰা তেওঁৰ কৌশল। হেম বৰুৱাৰ ভ্ৰমণ-কাহিনীবোৰ তথ্যগধুৰ সামাজিক, ৰাজনৈতিক প্রভৃতি দিশৰ বিশ্লেষণ নহয় কিন্তু এইবোৰ এক প্ৰকাৰ পৰ্য্যটকৰ ব্যক্তিগত গীতিধর্মী উপস্থাপন। গতিকে এইবোৰৰ মাজত আছে সৰসতা, হৃদ্ব্যতা আৰু লেখক আৰু পাঠকৰ মাজত স্থাপন কৰিব খোজা আত্মীয়তা। বিভিন্ন প্রসঙ্গৰ সমাবেশ ঘটিলেও গদ্য শৈলীৰ ৰমণীয়তা আৰু প্ৰসঙ্গ উত্থাপনৰ কৌশলৰ কাৰণে ভ্রমণ কাহিনীবোৰ সুখ-পাঠ্য। যেতিয়া তেওঁৰ প্রথম ভ্রমণ-কাহিনী "সাগৰ দেখিছা” প্রকাশিত হয় তেতিয়া পুথিখনৰ জনপ্রিয়তাই হেম বকরা-প্রেমী লোকসকলক অভিভূত কৰা কথা আমি নিজ চকুৰে দেখিছো। কিন্তু জনপ্রিয়তাৰ মানদণ্ডেৰে সাহিত্য-কৃতিৰ মূল্যায়ন সম্ভর নহয় যদিও জনপ্রিয় হোৱাৰ কাৰণে তাৰ মূল্য নিশ্চয় কমি নাযায়। হেম বৰুৱাৰ ভ্ৰমণ কাহিনীয়ে যে এদল পাঠকক সাহিত্য-অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিছে, এই কথা শুই কৰা টান। আমাৰ সাহিত্যত ভ্রমণ-কাহিনী লেখক হিচাপে হেম বৰুৱাৰ নাম উজ্জ্বল হৈ ৰব বুলি কব পাৰি।
কবিতা আৰু ভ্ৰমণ কাহিনী ৰচনাৰ মাজতে হেম বৰুৱাৰ প্রতিভা সীমিত হোৱা নাই। "কিউপিড, আৰু ছাইকী" আৰু "কন্নকী"ৰ দৰে বম্য কাহিনীৰ পুথিও তেওঁ লিখিছে। পুথি দুখনৰ মাজত থকা গদ্যশৈলীৰ লালিত্যৰ সোৱাদ পাঠক মাত্রেই পাব। ইয়াৰ উপৰিও তেওঁ লিখিছে সাহিত্য আৰু সংস্কৃতি বিষয়ক ভালেমান প্রবন্ধ। সমালোচনামূলক প্রবন্ধৰ সংখ্যাও তাকৰ নহয়।
হেম বৰুৱাৰ ইংৰাজী সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰ বহল। তেওঁ এজন ইংৰাজীৰ অধ্যাপক কিন্তু এইটোরেই তেওঁৰ ইংৰাজী সাহিত্যৰ জ্ঞানৰ পৰিচয়াত্মক দিশ নহয়। ইংৰাজী ভাষা-সাহিত্যৰ প্রতি তেওঁৰ আছিল প্রবল অনুৰাগ কাবণ এই ভাষাৰ যোগেদিয়ে তেওঁ বহুল পৃথিৱীত তোলপাৰ লগোরা নতুন নতুন ভাবনাৰ লগত আত্মীয় সম্পর্ক স্থাপন কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু ইংৰাজী ভাষাৰ ওপৰত দখল থকা সত্বেও তেওঁ নিজৰ মাতৃভাষাৰ প্রতি আছিল গভীৰভারে শ্রদ্ধাশীল। অসমীয়া ভাষা-সাহিত্যৰ উন্নতি- সাধন তেওঁৰ আছিল জীৱনৰ আদর্শ। এইবাবেই অসমীয়া সাহিত্যৰ বিভিন্ন দিশত সাধ্যানুসাৰে বৰঙণি যোগোৱাৰ কাৰণে তেওঁ সদায় সচেষ্ট আছিল। তেওঁৰ লেখাই কোনো কোনো দিশত অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে বুলি কলে নিশ্চয় অত্যুক্তি কৰা নহয়। "আধুনিক সাহিত্য"ই ইংৰাজী সাহিত্যব প্রতি থকা হেম বৰুৱাৰ অনুৰাগৰ স্বাক্ষৰ বহন কৰিছে। কিন্তু "আধুনিক সাহিত্য"ত সন্নিবিষ্ট সমালোচনাৰ ওপৰত ইংৰাজ সমালোচকসকলৰ গধুৰ প্রভার দেখিবলৈ পোরা যায়। পিছলৈ তেওঁ কিছুমান তত্ত্বমূলক আৰু ব্যৱহাৰিক সমালোচনাত্মক প্রবন্ধ লিখিছে। এইবোৰ প্রবন্ধত মননশীলতাৰ পৰিচয় কতো কতো নিশ্চয় আছে, কিন্তু ভালেমান ৰচনাতে লেখকৰ বিশ্লেষণ বিক্ষিপ্ত ধৰণৰ। তাৰোপৰি এনে কিছুমান প্রবন্ধ আছে যিবোৰ অনাবশ্যকীয় তবল ভাৰাক্রান্ত। কাব্য-বিচাৰৰ দিশতে হওক নাইবা আন কোনো আলোচনাৰ দিশতে হওক বিষয়ৰ গভীৰতম শুবলৈ অনুপ্রবেশ কৰি তাৰ বৈশিষ্ট্য বিচাৰৰ চেষ্টা হেম বৰুৱাৰ ভালেমান প্ৰবন্ধৰ মাজতে পোরা নাযায়। বস্তুৰ উপৰিভাগৰ সৌন্দৰ্য্য-বিচাৰৰ মাজতে যেন সৰহ ক্ষেত্ৰতে তেওঁৰ মন অবাদ্ধ হৈ থাকে। তাৰোপৰি, আলোচনাৰ সময়ত সঘনে ইংৰাজ বা আন ইউৰোপীয় লেখকব উক্তি মনলৈ অনা অভ্যাসে আলোচনাৰ কেন্দ্রীয় বস্তুটো সমুজ্জল কৰাৰ সলনি অনুজ্জ্বল কৰিহে তোলে। হেম বৰুৱাৰ মানত টি. এছ। ইলিয়ট আছিল আদর্শস্থানীয় কবি আৰু সমালোচক। ইলিয়টৰ প্রভাৱ তেওঁ ৰচনা কৰা কেইটামান কবিতাৰ ওপৰত অৱশ্যে আছে কিন্তু ইলিয়টা সমালোচনাৰ ঢঙ, তেওঁৰ সমালোচনাত দেখা পোৱা নাযায়। সমালোচনাৰ ক্ষেত্ৰত সাহিত্য-তত্ত্ব সম্বন্ধীয় আলোচনাৰ অবগতি কিছু পৰিমাণে অপৰিহাৰ্য্য কিন্তু তাত্ত্বিক দিশৰ প্রতি তেওঁৰ গভীৰ অনুৰাগ থকাৰ পৰিচয় ক'তো পোৱা নাযায়। সংস্কৃত আলঙ্কাৰিক সকলৰ সাহিত্য-তত্ত্ব বিষয়ক বিশ্লেষণ আৰু বিচাৰৰ লগতো হেম বৰুৱাৰ সম্বন্ধ নাছিল বুলিয়েই কব পাৰি। দার্শনিক বিচাৰ-বিশ্লেষণেও তেওঁক সেই দিশলৈ আকৃষ্ট কৰিব পৰা নাছিল। হেম বকরা নিজেই এনেবোৰ ত্রুটিৰ প্ৰতি অবহিত আছিল আৰু কেতিয়াবা কেতিয়াবা এইবোৰ ত্রুটি-বিচ্যুতিৰ কথা তেওঁ নিজেই আমাৰ আগত স্বীকাৰ কৰিছিল। দর্শন-শাস্ত্রত সোমাই পৰাৰ আগ্রহো তেওঁৰ আছিল কিন্তু তেওঁৰ অকাল বিয়োগে জীৱনৰ এটা অলিখিত মূল্যবান অধ্যায় সমাপ্ত হবলৈ নিদিলে। তথাপি হেম বৰুৱাৰ স্মৃতি প্ৰেৰণাদায়ক আৰু উৎসাহব্যঞ্জক। প্ৰেৰণাদায়ক এই বুলিয়েই যে সক্রিয়ভারে বাজ- নীতিৰ মাজত সোমাই পৰা এগৰাকী ব্যক্তিয়ে পোন্ধৰমান বছৰৰ ভিতৰতে যিখিনি সাহিত্যৰ সৃষ্টি কৰিলে তালৈ চকু দিলে তেওঁৰ দৃঢ়তা আৰু কর্মনিষ্ঠাত মুগ্ধ নহৈ নোৱাৰি। হেম বৰুৱাৰ কৰ্ম- নিষ্ঠা আমাৰ কাৰণে এটা প্ৰেৰণা।